সংঘাত জীৱনৰ

সংঘাত জীৱনৰ

আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ
-চুকাপা মাৰা যা!
তাৰ চিঞৰ আওকাণ কৰি প্ৰথমটো ঘৰত  সোঁভৰি দি দ্বিতীয়টোলৈ জাপ মাৰিব লৈছোঁ আৰু৷
-গ’ল গ’ল……এই মৰা গ’ল৷
অতপৰে সোঁভৰিখনৰ ওপৰত দেহৰ ভৰ দি থিয় হৈ থকাৰ পৰা ভাইটিৰ চিঞৰত চকখাই বাগৰি পৰিলোঁ৷
তাক মাৰিবলৈ খেদি যাবলৈ উঠিবলৈ লৈ পুনৰ বাগৰি পৰিলোঁ৷
-মোৰ ভৰি……ভৰি খন …মোৰ সোঁভৰিখন
মুখেৰে চিঞৰ এটা ওলাই আহিল৷
-হেল্ল ব্ৰেভ লেডী!হাউ ডু ইউ ফিল টুডে?
হঠাৎ ডাক্তৰ খাজাঞ্চীৰ মাতত সাৰ পাই বাস্তৱলৈ আহিলোঁ৷
হাঁহি এটি মাৰি কলোঁ
-গুড মৰ্নিং ডাক্তৰ৷বেটাৰ ডেন বিফৰ৷
-কল ডিচাৰ্জ হ’গা মিচেছ বৰুৱা৷আপ অভি আপনা ঘৰ জা সকতী হ’৷
কবনোৱাৰাকৈয়ে চকুৰে পানী বৈ আহিল৷
-আৰে ভাই আপ ৰো ৰহী হো ক্যা বাট হে ?

ডেৰ মাহত মেডান্টা হাস্পতালখন নিজৰ ঘৰৰ দৰে হৈ পৰিছিল৷লাহেলাহে ডিমাণ্ড কৰিব পৰা হৈছিলোঁ ডাক্তৰৰ ওচৰত৷
"মোঝে ইয়ে নেহী ৱ চাহীয়ে,ইয়ে এন্টিবায়টিক মোঝে নেহী চাহীয়ে,ইয়ে মোঝে নেহী খানা ইত্যাদি ইত্যাদি"
সকলোৰে মুখত এটাই উত্তৰ আছিল৷
"হু যায়েগা য়াৰ৷ফিকৰ মত কৰ,দু তিন দিন থুৰা সবৰ কৰ"
মোৰ আমনিবোৰ হেলাৰঙে সহিছিল ডেৰমাহে৷
শেষত ডাক্তৰ "হৰদীপ সিং"ক ফুচফুচাই সুধিছিলোঁ
-ইয়ে ল’গ মেৰে পেৰকো চহি চলামত ভেজেগেং না আচাম?"
কপালত আঁচ কেইডালমানেৰে মুখখন খুব চিৰিয়াছ কৰি কৈছিল৷
"তু পেহলে ইয়ে বতা তুঝে কৌন চা ৱালীকো পেৰ চাহীয়ে?মনৰৌ জেচী হ’গা টু?"
মই বুজি নাপাই পুনৰ সুধিলোঁ৷
-মনৰৌ মতলব?মেনে কভী দিখাই নেহী৷
-মতলব মেলৰীন মনৰৌ৷
কাষত হেমাঙ্গই মিচিকিয়াই থকা দেখি বুজিলোঁ ডাক্তৰ হৰদীপে মোৰ লগত ধেমালি কৰি আছে৷
মুখখন ফুলাই বহি থাকিলোঁ একো নকলো উত্তৰত৷
মোৰ মুৰত হাতখনেৰে লাহেকৈ টুকুৰিয়াই
-ক্যা হোগা বৰুৱা জী ইচকা?
কৈ হাঁহি হাঁহি ওলাই গ’ল হৰদীপ সিং

স্কুটি চলাই গাড়ীৰ কাষেৰে পাৰহৈ যোৱা ছোৱালীজনীক দেখি বৰ ভাল লাগিছিল৷
-চাওঁকনা ইমান স্মাৰ্ট ন?ইমান ধুনীয়া লাগিছেন?
-হু!
উৎসাহজনক মন্তব্য নিদিয়ে তেখেতে৷মই তথাপি নিৰুৎসাহিত নহওঁ৷গ্লাচৰ মাজেৰে জুমিজুমি চাই আহোঁ৷ চুলি উৰাই গাড়ীৰ কাষেৰে পাৰহৈ যোৱা ছোৱালীবোৰক চাই সপোন দেখোঁ৷বয়সটো কম থাকোঁতেেই শিকি লোৱা হলে৷
   পূজাৰ বতৰ৷দেবীমা মৰ্ত্যলৈ ভক্তৰ অৰ্চনা লবলৈ,ভক্তক আৰ্শীবাদ দিবলৈ আহিছে৷গুৱাহাটীৰ পূজাৰ ভীৰত ৰাষ্টাত গাড়ীলৈ এবাৰ ওলাই আহিলে গাড়ী চলোৱাটোৱে দ্বিতীয় দিনা ওলাই যোৱাৰ কথা উলিয়ালেই পলায়৷আমাৰজনক বুজাই বঢ়াই মাত্ৰ এদিন বুলি গোটেই কেইদিনে পূজালৈ ওলালোঁ ৷মোৰ উৎসাহত চাগে এখেতৰ চেচাঁ পানী ধালিবলৈ মন নগল৷দশমীৰ দিনা দেবীমাক সেৱা কৰি ঘুৰি আহোতে স্কুটাৰৰ ডিলাৰ এখনত তেওঁ লাহেকৈ গাড়ীখন ৰখালে৷আচৰিত হৈ কলোঁ
-ইয়াত ৰখালে যে?
-ৰহ কিবা এটা চাই যাওঁ৷তই নামি আহ৷
মই একান্ত বাধ্যৰ দৰে নামি আহিলোঁ৷তেওঁ স্বৰুমৰ ফালে আগবাঢ়ি গ’ল৷মই বুজিলো ৷বাধা দি লাভ নাই বুলিও বুজিলোঁ৷ইমানখিনিলৈ আহি তেওঁ উভতি নাযায় নোলোৱাকৈ৷
"পাৰিম জানো?" মনৰ ভিতৰত শংকা এটাই খুপনি পুতিছে
কব লাগিলে কি হব তাকো জানো৷মৌন হৈ ৰলোঁ৷
নগদ টকা দি ঠিক কৰি আহিল ৷পিচদিনা ডেলীভাৰী দিবগৈ৷
  তিনিটা। মাহ পাৰ হ’ল৷ গেটৰ ভিতৰতে এবাৰ আগলৈ এবাৰ পিচলৈ৷মনটো টান কৰি লৈছোঁ৷পাৰিম মই পাৰিব লাগিব৷এদিন লাহেকৈ গেটৰ বাহিৰলৈ ওলিয়াই নিলোঁ৷কোনেও গম নোপোৱাকৈ দুই তিনিদিন ভিতৰৰ ৰাস্তাবোৰত চলালোঁ৷
-স্কুটিখন পেলাই থবি নে কি?
-চলাইছোটো৷
-ক’ত চলালি?সপোনত?
জিদ বাঢ়িল৷তাক চলাই দেখুৱালোঁ৷
-অ পাৰিছচোন৷ মেইন ৰাষ্টাত ওলালে অটমেটিকেলি সাহসটো আহি যাব৷
দুদিনৰ পিছত তেওঁৰ গাড়ীৰ পিছেপিছে ওলাই গলোঁ৷তেওঁ বেক ভিউ ফাইণ্ডাৰত চাই মিচিকিয়াই হাঁহি অফিচৰ ফালে গুচি গ’ল৷মইও স্কুটিখন তাৰ পৰাই ঘুৰালোঁ৷ঘৰত এসোপা কাম৷কাপোৰবোৰ ধুবলৈ আছে৷
   মনত এতিয়া আৰু শংকা নাই৷ৰুক্মিণী গাঁৱৰ ৰাস্তাৰে চুলি উৰুৱাই ফিৰফিৰকৈ গৈ থকাটো কম আনন্দনে!আহি আহি ৱাইৰলেছ পালোহি৷৷ঠিক হাইৱেটোত উঠি বাওঁহাতৰ ৰাস্তাটো লৈছোঁ৷কৰ পৰা যে ছোৱালী এজনী অগাভেঁটা কৰিলে হঠাৎ৷তাইক বচোৱাৰ কথা ভাবোঁতে এক্সেলেটৰত হাত লাগিল৷ভাৰসাম্য ৰাখিব নোৱাৰি বাগৰি পৰিলোঁ ৰখি থকা বাচ এখনৰ কাষত৷ৰাতিপুৱা স্কুল বাচখনে ল’ৰাছোৱালী নিবলৈ তাতে ৰখিছিলহি৷বাছখনে মোৰ কাষেৰে পাৰহৈ যাওঁতে স্কুটিৰ পৰা ওলাই থকা সোঁভৰিখনেৰে পাৰ হৈ গ’ল৷মই অসহায় হৈ পৰি ৰলোঁ৷কৰ পৰা যে মানুহবোৰ সেইখিনিত গোট খালে আহি কব নোৱাৰোঁ৷দুজনমানে পানী খাবলৈ দিলে৷দুজনমানে মই বেলেণ্স নেহেৰুৱাকৈ ধৰি ৰাখিলে,এজনে মুৰত পানী ধালিলে কিজানি মই জ্ঞান হেৰুৱাও৷তেতিয়ালৈকে মই নিজৰ ভৰিটোকে দেখা নাই৷দেখিছোঁ মাথোঁ এপাত জোটা চিটিকি কৰবাত পৰি আছে৷এজনক স্কুটিখন ক’ত ৰাখি আহিব ঘৰটো বুজাই দিলোঁ৷এজনক ডিকিত থকা ফোনটো দিব কলোঁ৷ইতিমধ্যে মানুহজনক মোৰ পৰা নম্বৰটো লৈ ফোন কৰি মাতিলে৷আৰু কোনে যে এম্বুলেন্স মাতিলে কব নোৱাৰোঁ৷এম্বুলেন্স আহিল ৷ ষ্ট্ৰেচাৰ আৰু ল’ৰা দুজন আগবাঢ়ি আহিল৷তেতিয়াহে মন কৰিলোঁ ভৰিটো প্ৰায় চিঙোচিঙোহৈ তেজৰ ডোঙাৰ মাজত লেটিলৈ আছে৷ল’ৰাজনে উঠাবলৈ ভয় কৰিছে৷আচৰিত কথা মই কিন্ত বিষ অনুভৱ কৰা নাছিলোঁ৷মাত্ৰ চিঞৰিছিলো "ভৰিটো চিঙি গলে মোক লৈ মানুহটোৰ কি অৱস্থা হব?"
    নিজেই হাতেৰে ভৰিখন ধৰি ষ্ট্ৰেচাৰত উঠালোঁ৷মানুহবোৰক এম্বুলেন্সৰ মানুহ কেইজনে সুধিলে ক’ত লৈ যাম৷সকলোৱে জি এন আৰ চি ৰ কথা কলে৷তেনেকুৱাতে মানুহজন লগৰ এজনৰ সৈতে পালেহি৷মই ইফালেসিফালে কৰি চালোঁ তেওঁক দেখোঁ বুলি৷ইফালে গাড়ীয়ে গতি লোৱাত বাগৰি পৰিম যেন লাগিল ৷বহিযোৱা ল’ৰাজনৰ হাতখনতে খামুচি ধৰি ডাউন টাউন হাস্পতাল পালোগৈ৷ইমাৰজেন্সীত কেইবাজনো গোট খালে৷নিজৰনিজৰ ভাগে কথা পাতি পিন্ধি থকা পেন্টটোৰ ভৰিখন কাটি বেণ্ডেজ কৰি দিলে৷তাত লিফ্ট বেয়া হোৱাৰ বাবে ষ্ট্ৰেচাৰখন চাৰিজনে কান্ধতলৈ আই চি ইউ পোৱালেগৈ৷ইমাৰজেন্সীৰ পেচেণ্ট যিহেতু এটা অপাৰেচনৰ পিছতে মোক কৰাৰ কথা৷আই চি ইউৰ বাহিৰত ষ্ট্ৰেচাৰত শুই আছোঁ৷কাষত মানুহজন থিয় হৈ আছে৷ইটোৱেসিটোৰ চকুলৈ চাব পৰা নাই৷চালেই দুইটাই ধৈৰ্য্য হেৰুৱাম বুলি জানো৷পৰিপৰি ভাবিছোঁ ভৰি এখন নহলে কাঠৰ ভৰিটো লগাই দিব৷তেতিয়া বাৰু কেনেকুৱা লাগিব?পাৰিম নাই আগৰদৰে খোজ কাঢ়িব?নিজকে কলোঁ "ইছ!নাচ ময়ুৰীয়ে নাচিব পাৰিছে,মই খোজহে কাঢ়িব লাগিছে৷সেইটোনো কি কথা!" আবোলতাবোল কিবাকিবি ভাবি থাকোঁতে এজন অ টিৰ ড্ৰেছেৰে সৈতে চাপৰকৈ হেণ্ডচাম মানুহ এজন আহি ভৰিটো চাই বেণ্ডেজ কৰা কেইজনক কিবাকিবি সুধিলে৷তাৰ পিছত মোৰ ওচৰলৈ আহি কলেহি৷
-মই ডাক্তৰ ইৰান ভৰালী৷আপোনাৰ ভৰিটো চাওঁ কি কৰিব পাৰোঁ৷হ’প কিন্ত ৭৫% ৷নহলে আঠুৰ ওচৰতে কাটিব লাগিব৷
নীৰৱে তেওঁৰ মুখলৈ চাই থাকিলোঁ৷
ভাবিলোঁ ভাগ্যত যি আছে দেখা যাওক৷বেছি একো নাভাবোঁ৷কাৰণ মানুহটো কাষত আছে যেতিয়া মোক মৰিবলৈ অন্তত নিদিয়ে৷হয়তো তেওঁ মোৰ ভৰিটোও কাটিব নিদিব৷
অলপ পিচতে তেওঁৰ মাতটো শুনিলোঁ ৷কাৰোবাক কৈছে "মই ইয়াত ভৰি কটা চাই থাকিব নোৱাৰোঁ৷জি এমলৈ ফোন কৰি কৈছোঁ৷লাগিলে এম ডিলৈ মেছেজ পঠিয়াবলৈ কৈছোঁ৷তেওঁ দায়িত্ব লৈছে৷ৰেফাৰ নকৰে যদি নিজৰ পইচা ভৰিম তথাপি তাইৰ ভৰিটো কাটিব নিদিওঁ৷" শেষৰ কথাখিনি থুকাথুকি হৈ ওলাল৷
   অলপ পিছত মোক অ টিৰ ভিতৰলৈ লৈ গ’ল৷গাত লাগি থকা অৱশিষ্ট পেন্টৰ টুকুৰাটো কাটি গাৰ পৰা এৰোৱাই পেলোৱা হ’ল৷এনাষ্ঠেচিচ আহি মোক পঠালিকে শুবলৈ কলে৷ইতিমধ্যে হাস্পতালৰ এপ্ৰনটো পিন্ধাই দিছিল৷পিঠিটোৰ মাজত ৰাজহাড় ডালত আমৰলী পৰুৱা এটাই কামোৰা যেন লাগিল৷তাৰ পিছত আৰু কব নোৱাৰোঁ৷যেতিয়া সাৰ পালোঁ৷মানুহৰ সোঁত বৈছে৷চিনাকি অচিনাকি মানুহেৰে হাস্পতাল ভৰি পৰিছে৷সকলোকে হাঁহি মাৰি বুজালোঁ মই ভালে আছোঁ৷ইফালে মাৰপৰা অহৰ্নিশে ফোন আহিব ধৰিছে৷আচৰিত কথা যে মাকবোৰে সন্তান বিপদত পৰা গোন্ধ বতাহতে পায়৷দাদাহঁতে মাৰ ফোনটো ধৰি কিবা কবলৈও সাহস গোটাব পৰা নাই৷মই সবৰে আগত ঘোষণা কৰি দিছোঁ কথাবোৰ যেন মাৰ কাণত নপৰে৷অৱশেষত ধন ককাইদেৱ মোৰ হুচ অহা দেখি ফোনটো আগবঢ়াই ক’লে
-হু!খুড়ীদেউৱে ফোন কৰিছে ধৰ৷
মইও গলহেকাৰি মাৰি যিমান পাৰো সহজহৈ ললোঁ
-অ মা কওক৷
-তোক মই কৈছিলোঁ নাই সেইখন নচলাবি হেৰৌ নচলাবি৷
-অ হয়তো৷নুশুনিলো মই৷
মা অলপ থমকিল মোৰ কথা শুনি৷
-ক’ত দুখ পালি?ঠেং হাত ঠিকেই আছে নে?
-এহ আপুনি বেছি ভাবে৷মই একেবাৰে ঠিক আছোঁ৷অলপমান চেলচেলালে ভৰিত৷ঠিক হৈ যাব৷
মা আস্বস্ত হোৱা যেন লাগিল৷ইফালে মোৰ ভৰিটোত লাহেলাহে বিষ অনুভৱ হবলৈ ধৰিছে৷বেকাহৈ ভৰিটোলৈ চালোঁ৷লোহা অথালিপথালিকৈ চাৰিডালমান সোমোৱাই থোৱা আছে৷ঠিক ভীষ্মৰ শৰশয্যাৰ দৰে লোহাৰ মাজত ভৰিটো উলমি আছে৷সেইটো সময়তহে ভৰিটো দেখি ভয় লাগিছিল৷
ভাব হৈছিল এইসোপালৈ খোজ কাঢ়িব লগা হলে মোৰ কি হব?ইংৰাজী চিনেমাৰ লোহা সোমোৱা  ভুতবোৰৰ দৰে লাগিল নিজকে৷চিনাকি মুখবোৰ এখন এখনকৈ মোক ভুমূকি মাৰি চাই গলহি৷মৰমৰ ধমকো খালোঁ৷যি কি নহওক সেই সময়ত ভৰিটোতকৈও মানুহবোৰে মোক কিমান ভাল পাই তাকে ভাবিহে আবেগিক হলোঁ৷পিছতহে এখেতৰ মুখেৰে গম পালোঁ কিছুৱে হেনো বিকলাংগ মানুহজনী আমাৰ মুনে গোটেইজীৱনৰ বাবে হাৰমাল হব বুলি চিন্তাটো পৰিছিল৷মই এখেতক কৈছিলোঁ
-ইছ !সেইটো কিনো কথাটো ৷মইও ৰাস্তাত বহি ইনাইবিনাই সেইটো কথাকেটো কলোঁ৷ হিন্দী চিনেমাৰ দৰে কান্দিলো৷বোলো হে ভগৱান মোঝে ক্যোও উঠাকে নেহী লেকে গিয়া৷মেৰে পতীকা ক্যা হোগা ৷মেৰী জেছি অপাহিজকো……পিচৰ খিনি টেনচনত হিন্দী পাহৰি কলোঁ……লৈ ক’ত যাব কি কৰিব?কাষৰ মানুহবোৰে মোৰ কাণ্ড দেখি অবাক লাগি যোৱা দেখি ভাবিলোঁ বোলো অভাৰ এক্টিং কৰিলোঁ নেকি?সেইবুলিহে মনেমনে থাকিলোঁ৷
মানুহটোৱে মোলৈ পেন্দোৱাকৈ চাই কলে
-তই বৰ ফাল্টু দেই৷
মই ধেকধেকাই হাঁহিলো৷
দুদিন ৰাখি তৃতীয় দিনা মোক মেদান্তালৈ পঠিওৱা হব৷এম্বুলেন্স ঠিক কৰা হ’ল৷ফৰ্মেলিটিখিনি কৰোঁতে যথেষ্ট সময় লাগিল৷ইফালে ফ্লাইট সময়ত ধৰিবগৈ লাগে৷মোক পিন্ধাই দিলে এখেতে আনি দিয়া গাউন এটা৷ভৰিত লগোৱা লোহাবোৰৰ প্ৰতাপত তললৈ গাউন নাযায়৷তললৈ চাই দেখো ইনাৰ যি ডোখৰহে গোটেই আঠুৰ তলৰ পৰা জিলিকি আছে৷মানুহবোৰ আশেপাশে পিয়াপি দি ফুৰিছিল আৰু মই ভৰিটোতকৈও গাউনৰ চিন্তাত মুখৰ ভিতৰতে মানুহটোক বকি আছিলোঁ৷গাড়ী ডাউনটাউনৰ পৰা ওলাইয়ে বায়ুবেগেৰে আগবাঢ়িল৷ইমাৰজেন্সী হৰ্ণ বজাই চিকিউৰিটি গাড়ী আগত আৰু এম্বুলেন্স তিৰ পিচেপিচে৷সময়ত আমি এয়াৰপৰ্ট পালোগৈ৷তাত ৰখি থাকোঁতে গম পালোঁ মোৰ ভৰিৰ পৰা এটা গোন্ধ ওলাব ধৰিছে৷মই ভালকৈয়ে বুজিলোঁ৷ভৰিৰ মাংসবোৰ বেয়া হবলৈ আৰম্ভ কৰিছে৷বুজিলো খৰগতিত চিকিৎসা আৰম্ভ নকৰিলে ভৰি কাটি দিবই লাগিব৷
-হেৰি!পাৰফিউমটো দিব নেকি?
তেওঁ হাতৰ বেগটো খুলি মোলৈ পাৰফিউমটো আগবঢ়াই দিলে৷
-হু ল৷
বেন্দেজৰ ওপৰত মাৰি ললোঁ৷যাতে কাষৰ মানুহে গেলা মাংসৰ গোন্ধত অস্বস্তিত নপৰে৷
 
   দিল্লী এয়াৰপৰ্টত আমাৰ বাবে মেদান্তাৰ এম্বুলেন্সখন ৰৈ আছিল৷মোৰ বাবে এয়াৰপৰ্টত প্ৰতিমুহূৰ্ততে হুইল চেয়াৰ এখনৰ ব্যৱস্থা কৰি দিছিল৷মেদান্তাৰ এম্বুলেন্সখন ইমান অত্যাধুনিক আছিল যে মোক অকনো কষ্ট নোহোৱাকৈ হুইচেয়াৰৰ পৰা এম্বুলেন্স আৰু এম্বুলেন্সৰ পৰা হুইচেয়াৰ কৰিব পৰা গৈছিল৷আমি দিল্লী পাওঁতে আন্ধাৰ৷ইমাৰজেন্সীত সোমোৱাওতে পুৱাৰ তিনিটা বাজিছিল ৷ইমাৰজেন্সী ৱাৰ্ডটো দেখি মই হতবাক৷তাত অসংখ্য ৰোগী৷ডাক্তৰ সকল তাত পিয়াপি দি ফুৰিছে৷যেন বজাৰৰ কিনাবেচাহে চলিছে৷কোনজন ৰোগীয়ে কোনজন ডাক্তৰৰ ওচৰলৈ যোৱ উচিত তাত কৈ দিয়ে৷সেইমতে ডাক্তৰ আহি সুধপুচ কৰে৷আমাৰ ওচৰলৈ ভৰিৰ বেণ্ডেজ দেখি এজন অৰ্থপেদিক্স ডাক্তৰ আহিল৷ইফালসিফাল কৰি গ’লগৈ৷কলে হাড়ৰ কাম নাই৷অলৰেডি ফিচাৰ্চ লগোৱা আছে৷
  আমাৰ লগতে গৈছিল বিয়া হোৱাৰ পৰা বিপদেআপদে ছাঁটোৰ দৰে থকা আমাৰ ভাতৃ প্ৰতিম ববী(অঞ্জন চেতিয়া) ৷মোক  ইমাৰজেঞ্চী ৱাৰ্ডৰ বিচনাত পেলাই ববীক কৈ গ’ল মোক চাবলৈ৷ফৰ্মেলিটি বহুত৷মানুহটো ইফালেসিফালে দৌৰাদৌৰি কৰি থাকিল ৷অলপ সময় অপেক্ষাৰ পিছতে এজন ওখ পাখ এপ্ৰন পিন্ধি মানুহ
এজন আগবাঢ়ি আহিল৷
-ফিলিংচ হে ?
মোৰ সন্মুখত থিয় হৈ সুধিলে৷
কি বুজাব বিচাৰিছে বুজিকে নাপাই মানুহটোৰ মুখলৈ চালোঁ৷
মানুহজন খুব চাপত থকা যেন লাগিল৷
বুজিলো সেইজন এজন সহকাৰী প্লাষ্টিক চাৰ্জন৷আলপিন এটা আনি ভৰিটোৰ আঙুলি কেইটাত খুচিলে৷
-আহ!
চাৰ্জন জনৰ মুখেৰে হাঁহি এটা বিৰিঙি আহিল৷
-উই কেন প্ৰচিদ৷
এইবুলি তেওঁ কাউন্টাৰৰ ওচৰলৈ লৈ গ’ল মানুহজনক৷অলপ পিছতে খৰধৰকৈ মোক এটা অন্ধকাৰ পোহৰৰ মাজেৰে কৰিডৰ এটাত লৈ গ’ল৷ইফালেসিফালে চালোঁ৷নাই মানুহটোৰ দেখা সাক্ষাৎ নাই৷ভয় ভয় লাগিল৷তাতে মোক যিটো ৰুমলৈ লৈ গল তাত এখন দীঘলীয়া বিচনা ৷পিচৰ ফালে গোলাকাৰ সুৰংগৰ দৰে৷মোক লাহেকৈ বিচনাখনলৈ লৈ যোৱা হ’ল৷


এটা কথাত আচৰিত হলোঁ বিচনাৰ পৰা ষ্ট্ৰেচাৰলৈ নিওঁতে ইমান কৌশলপূৰ্ণ ভাবে অনা নিয়া কৰা হৈছিল যে মই একোৱেই অসুবিধা অনুভৱ নকৰিলোঁ৷নাৰ্ছ দুগৰাকী মোক বিচনাখনত আলসুৱাকৈ বান্ধি দিলে আৰু কিছু আঁতৰত থিয় হৈ থাকিল৷লাহেলাহে বিচনাখনে গতি লাভ কৰি মুৰৰ ফালে থকা গোলাকাৰ সুৰংগটোৰ ফালে যাব ধৰা দেখি ভয় খাই চকু মুদি দিলোঁ৷
-হু গীয়া ৷
চকু কেইটা মেলি চালোঁ৷মই সুৰংগৰ পৰা ওলাই তল পালোহি৷পাহৰি উঠিবলৈ লৈহে গম পালোঁ অহ! মোৰটো এখন ভৰিত বেণ্ডেজ৷ভয়তে এক্সিডেণ্ট হোৱা দিন ধৰি ভৰিটো নিজে লৰচৰ কৰিবলৈ চেষ্টা কৰা নাই৷মনটো সামৰি নিৰাশ মনেৰে পৰি ৰলোঁ৷তাৰ অলপ পিছতে মোক এটা আহলবহল হলঘৰলৈ লৈ গ’ল৷তাত একোখন স্ক্ৰীণেৰে বিচনাবোৰ ভাগ কৰি দিয়া আছে,ইফালৰ পেচেণ্টে সিফালৰ জনক দেখা নোপোৱাকৈ৷তাৰে এখন বিচনালৈ মোক অতি সহজে আৰু কৌশলেৰে লৈ গ’ল৷এগৰাকীয়ে ইতিমধ্যে মোক তেওঁলোকৰ চোলাটো পিন্ধাই দিলেহি৷এগৰাকীয়ে দৌৰাদৌৰিকৈ মোৰ ওচৰলৈ আহি মোৰ নাম ক’ৰ পৰা আহিছোঁ সুধি হাতৰ বহীখনত দাগ দি ললে৷ইতিমধ্যে ইমাৰজেন্সীত  থাকোঁতেই মোৰ তেজ পৰীক্ষাৰ বাবে লৈ গৈছিল৷এপ্ৰন আৰু টুপী পিন্ধি  এজন লোক আগবাঢ়ি আহিল ৷বগাচুলিৰে সৈতে শ্ৰদ্ধা কৰিব মনযোৱা ব্যক্তিত্বৰে লোকজনে মোৰ কাষত থিয়হৈ কলে 
-আই এম ইয়ৰ ডাক্তৰ৷ডাক্তৰ ৰাকেশ খাজাঞ্চী৷
মইও হাঁহি দেখুৱালোঁ৷
দুগৰাকী নাৰ্ছে আহি মোৰ বিচনাখন ঠেলি অপাৰেচন থিয়েটাৰলৈ সোমোৱাই নিলে৷অপাৰেচন থিয়েটাৰৰ দুৱাৰখন দেখাত সৰু চন্দুকবোৰৰ দুৱাৰবোৰৰ দৰে৷বুটাম দুটামান টিপি দিলত ঘৰঘৰ শব্দ কৰি সন্মুখৰ দুৱাৰখন খুল খাই গ’ল৷মুৰটো উঠাই ভালকৈ চালোঁ দুৱাৰখন৷দেখাত এনে লাগিল 'আলীবাবা চাল্লিছ চুৰৰ' গুহাৰ দুৱাৰখনো এনেকুৱাই আছিল চাগে৷ মই বুজিলোঁ আজি এই মুহূৰ্তৰ পৰাই ভাগ্য পৰীক্ষা আৰম্ভ হ’ল৷ৰুমটো বৰ ডাঙৰ নহয়৷মাজত বিচনা এখন৷চিনেমাবোৰত দেখুৱাৰ দৰে ভয় লগি নহয়৷লাইট এটাই মাত্ৰ তললৈ আছে৷চাৰিওপিনে দৰৱবোৰ আলমাৰীত থৰেথৰে সজোৱা আছে৷ইফালেসিফালে চালোঁ মোৰ ডাক্তৰ বুলি পৰিচয় দিয়া খাজাঞ্চী আছে নে নাই৷তেওঁক দেখা নাপালোঁ৷মনতে ভাবিলোঁ
-ছেহ তেওঁক দেখা হলে মনটো শান্তি লাগিল হয়৷এই কিজনে বা তেওঁৰ অনুপস্থিতিত কি কৰি পেলায়!
তাত উপস্থিত ডাক্তৰ নাৰ্ছে লগ লাগি মোক অ টিৰ বিচনালৈ স্থানান্তৰ কৰিলে৷এজন ডাক্তৰে আলফুলে মোক একাটি কৰি দিলেহি ৷তাৰ পিছত অক্সিজেনৰ মাস্কটো পিন্ধাই দি সুধি থাকিল
-আপকা নাম বলিয়ে মেম৷
-বৰ্ণালী ৷বৰ্ণালী ফুকন৷
-ঠিক হে না?সব ঠিক হে?
মানুহটোৰ মুখখনলৈ মনত পৰিল৷ল’ৰাটোক অহাৰ দিনাও নেদেখিলোঁ৷অ টিলৈ মোক আনিবলৈ লওঁতে তেওঁও লিফ্টত উঠিবলৈ আহিছিল৷নাৰ্ছ কেইগৰাকীয়ে বাধা দিলে৷তেওঁ মোৰ মুৰে গায়ে হাত ফুৰাই কৰুণ হাঁহি এটি মাৰিছিল৷আৰু মোৰ এনে লাগিছিল এইয়াই যদি শেষ দেখা হয়৷আৰু মোৰ ল’ৰাটো?তাক নেদেখিম নেকি?
লাহেলাহে কলোঁ
-হা সব…,…
আৰু মনত নাছিল কি বা কলোঁ৷
যেতিয়া সাৰপালোঁ তেতিয়া মই আহলবহল হলঘৰটোত নিজকে আৱিষ্কাৰ কৰিলোঁ৷এনেকুৱা লাগিল ইমান শান্তিত শুই আছিলোঁ কিয় সাৰপাই গলোঁ৷আকৌ চকু কেইটা মুদি শুবলৈ যত্ন কৰিলোঁ৷
-আপ বুলাইয়ে৷
কোনোবাই কাৰোবাক কৈছে৷মই চকু নেমেলিলোঁ৷ভাবিলো কৈছে চাগে ওচৰৰ কোনোবা পেচেণ্টক৷চকুমুদি পৰি থাকিলোঁ৷
-হেৰা !ঐ !ঐ 
মই তেতিয়াও ভাবি আছোঁ ওচৰৰ কোনোবাই কৈছে চাগৈ৷কিন্ত অসমীয়া?অলপ সন্দেহ হ’লত চকু কেইটা সৰুকৈ মেলি চাবলৈ যত্ন কৰি বিফল হলোঁ৷আহ কি প্ৰশান্তি!আকৌ নিজেনিজে চকু কেইটা মুদ খাবলৈ লওঁতেই আকৌ শুনিলো৷
-বু !বু!
হয় হয়৷এইটো মাত যেন মোৰ বহু আকাংক্ষিত মনৰ পুৰুষজনৰ মাত৷মোৰ ভালপোৱা মোৰ প্ৰেম৷
লাহেলাহে চকু কেইটা মেলিলোঁ৷সন্মুখত হাস্পতালৰ চোলা আৰু মুৰত চাৱাৰ কেপৰ দৰে এটা টুপী পিন্ধি মোৰ সন্মুখত মানুহটো৷মুখখনত ম্লান হাঁহিটো আৰু কৰুণ চকুহাল৷মোৰ তেওঁক দেখি ইমানেই দুখ লাগিল যে চিঞৰি কান্দিবৰ মন গ’ল৷নিজকে সম্বৰণ কৰিলোঁ৷তেওঁৰ হাতখন খেপিয়াই মোৰ দুইহাতেৰ সাৱটি ধৰিলোঁ৷
-কিবা খাবা?
তেতিয়াহে অনুভৱ কৰিলোঁ মোৰ পিয়াহ লাগিছে৷
-পিয়াহ লাগিছে৷বহুত পিয়াহ লাগিছে৷
ওচৰত থকা চিষ্টাৰ গৰাকীক তেওঁ পানী দিব পাৰিব নেকি সুধিলে৷
-না না অভি নহী৷ৰুমমে চিফ্ট হনেকা বাদ৷
এইবাৰহে মোৰ হুচ আহিল ভালকৈ
সেহাই সুধিলোঁ 
-কিবা খালে নে?
-নাই ,নাইখোৱা
-কেইটা বাজিলে?
-তিনিটা বাজিব আৰু৷
-আপুনি যাওক খাই আহিব৷ববীকো লৈ যাব৷
ওচৰতে লজ এটাত অসমীয়া মেনেজাৰ এজন থাকে৷তেওঁৱে ঘৰুৱাভাবে খোৱাটো তেওঁক বনাই দিয়ে বাবে মইও নিচিন্ত হলোঁ৷
এঘন্টামান অ টিৰ বাহিৰত হলঘৰটোত ৰখাৰ পিছত মোক এটা কোঠালৈ লৈ যোৱা হ’ল৷বহল আহল ৰুমটো দুটা ভাগত বিভক্ত৷মাজত এখন ডাঠ স্ক্ৰীণেৰে  ভাগ কৰি দিয়া হৈছে৷মোক বিচনাখনত আলফুলে ধুনীয়াকৈ ৰাখিলে৷বিচনাচাদৰখন দেখি এনে লাগিল যেন এইমাত্ৰ দোকানৰ পৰা আনিছে৷ৰুগীৰ বিচনাখন অত্যাধুনিক৷বিচনাখনতে চুইচ আছে৷চুইছটোৰ দ্বাৰা বিচনাখন মনগলে উঠাব বহাব  পৰা৷মুৰটো হাওলাই দিব পাৰি, মাজৰ পৰা তললৈ ভৰি কেইটা কৰি দিব পাৰি৷বা চকীখনৰ দৰে বহাও কৰি লব পাৰি৷নাৰ্ছ কেইগৰাকীক পুনৰ পানীৰ কথা কলোঁ৷
-অভি আপকো ফ্ৰুইট জুচ দেগা৷পানী জাদা পিনা হা মেম৷লাইট খানা দেগা৷
কালচে কুচ নেহি খায়া না?
তেতিয়াহে মনত পৰিল ঠিকেইটো এক্সিডেণ্ট হোৱা দিন ধৰি ভালকৈ খুৱাই নাই৷আৰু দিল্লী সোমোৱাৰ পৰা তেতিয়ালৈকে পানীৰ বাদে একোৱেই খোৱা নাই৷
মনটো নাচি উঠিল পানী খুজিলোঁ জুুচ পাম খাবলৈ৷অলপ পিছতে হোটেলৰ ৱেটাৰ টাইপৰ ল’ৰা এজন আহি এখন ট্ৰেত ব্ৰাউন ব্ৰেড,জেম আৰু ৰিয়েলৰ  ফ্ৰুইট জুচ দিলেহি৷একে সোহাই জুচৰ পেকেট খালী কৰি ব্ৰেডখনত কামোৰ দিবলৈ লৈ নিমিষতে ভোক নাইকিয়া হ"ল৷য’ৰ ব্ৰেড তাতে থৈ আকৌ চকু মুদিলোঁ৷লাহে লাহে ৰিমৰিমকৈ বিষাব ধৰিছিল ভৰিটো৷নাৰ্ছগৰাকী আহোতে কথাটো কলোঁ৷অলপ পিছতে ডাক্তৰ খাজাঞ্চী আৰু কেইজনমান জুনিয়ৰ সোমাই আহিল৷নাৰ্ছ গৰাকীয়ে আগবঢ়াই দিয়া ফাইলটো লৈ কিবাকিবি লগৰ কেইজনৰ সৈতে আলোচনা কৰিলে৷মোৰ ওচৰলৈ আহি ভৰিটো বেণ্ডেজৰ ওপৰতে কিবাকিবি পৰীক্ষা কৰিলে৷মোৰ সন্মুখত থিয়হৈ মাতিলে
-হেল্ল বৰ্ণালী!কেইচি হু?
-ঠিক হু ডাক্তৰ৷
-আজ ৱাচ কৰ দিয়া৷আই ওইচ ক’ল হুগা প্লাষ্টিক চাৰ্জাৰী৷মিঃ বৰুৱা কাহা হে?
তেনেকুৱাতে মানুহজনৰ মাতটো শুনিলোঁ৷ডাক্তৰ খাজাঞ্চীয়ে পুনৰ কলে
-কল প্লাষ্টিক চাৰ্জাৰী হুগা৷
তেওঁ মুৰটো হলাই সহাৰি দিলে৷
সেইদিনা গধুলী প্ৰায় আঠ বজাতে খোৱাটো অলপ হেভী দিলে৷ৰুটি দুখনৰ লগতে এটা সৰু বাটিত এবাটি ভাত ৷কণী তিনিটা মান কুহুম এৰাই দি,অলপ মিক্সড ভাজি,মাডাৰ ডায়েৰীৰ দৈৰ  বাটি এটা,মগু ডাইল অলপ,পনীৰ কাৰি৷
ক’তনো খাব পাৰোঁ ইমানসোপা৷জোৰকৈ মানুহটোকো খোৱালোঁ ৰুটি এখন৷খাই উঠাৰ পিছত নাৰ্ছ এগৰাকী আহি কৈ থৈ গ’ল ৷পিচদিনা যিহেতু মোৰ অপাৰেচন আছে গতিকে মই যেন ৰাতি ৮টাৰ  পৰা একো নাখাওঁ৷
পিচদিনা পুনৰ অ টিত সোমোৱাৰ কথা৷ওৰে ৰাতিটো মেডিচিন (এন্টিবায়টিক) চলি থাকিল৷ইমান সাৱধানে আৰু আলসুৱাকৈ নাৰ্ছ কেইগৰাকীয়ে চেলাইনৰ বটলবোৰ বদলাই বা টেষ্টৰ বাবে তেজ লৈ যায় যে  মোৰ টোপনিত বিশেষ ব্যাঘাত নঘটিল৷আনকি লাইটটোৱে যাতে মোক বা কাষৰ ৰোগীক অস্বস্তি নিদিয়ে সেইলৈও বৰ সাৱধান তেওঁলোক৷
  আন্ধাৰতে নাৰ্ছ দুগৰাকী আহি মোৰ চুলিখিনি ফনিয়াই বান্ধি দিলেহি৷এটা পেকেট ভিজা টিচু পেপাৰ আনি মোৰ গা মুখ হাত ভৰি পৰ্যন্ত (সোঁ ভৰি বাদ দি)মুহাৰি নতুন পোচাক এযোৰ পিন্ধাই দিলে৷ভৰিটো উঠাই ৰাখিবলৈ মোৰ বিচনাত প্ৰায় পাঁচ ছয়টা গাৰু৷বিচনা চাদৰখন মোক কষ্ট নোহোৱাকৈ ইকাতিসিকাতি কৰাই আকৌ এখন নতুন ধকধকীয়া বিচনা চাদৰ পাৰি দিলে৷থেলি থেলি এটা মুখ ধুৱাবলৈ বেচিন আনি মই বহিথকা বিচনাত দিলেহি  মানুহজনে টুথব্ৰাছ ডাল টুথপেষ্টেৰে সৈতে আগবঢ়াই দিলে মোলৈ৷অকনো কষ্ট নোহোৱাকৈ মই মুখখন ধুই হোৱাৰ পিছত নাৰ্ছ কেইগৰাকীয়ে মোক সাজু থাকিবলৈ কৈ গ’ল৷আগদিনাই ৰাতি ডাক্তৰৰ টিমটো আহি মোক কৈ থৈয়েই গৈছে গতিকে মই তেতিয়াৰ পৰাই সাজু আছিলোঁ৷মোৰ প্ৰকৃততে ভৰিটোৰ গ্ৰাফ্টিং কৰা কাম আজিৰ পৰাহে আৰম্ভ হব৷মানুহজন পুৱাই ওলাই গ’ল ওচৰতে থকা মন্দিৰটোত চাকি দিবলৈ৷জীৱনত ভগৱানৰ ওচৰত একো আকাংক্ষা কৰি নোযোৱা মানুহটোৱে আজি মোৰ ভৰিটোৰ ভিক্ষা বিচাৰিব৷খুব কষ্ট হ’ল তেওঁক দেখি৷এইটো মানুহেই সদায় মই মন্দিৰত সোমাবৰ সময়ত কয় ভগৱানক কিবা বিচাৰি প্ৰাৰ্থনা কৰিব নাপায়৷তেওঁ আহি পোৱাৰ আগতেই মোক অ টিলৈ দুগৰাকী নাৰ্ছে মই শুইথকা বিচনাখনেই থেলি লৈ গ’ল৷আগদিনাৰ দৰে পুনৰ অ টি টোলৈ লৈ যোৱা হ’ল ৷অপাৰেচন হোৱাৰ পিছতে মোক হলঘৰটোলৈ লৈ গ’ল৷ বিষ এটা ৰিমৰিমকৈ আৰম্ভ হৈছিল ৷তেওঁক  সন্মুখত দেখি কেকাই কেকাই কথাটো কলোঁ৷নাৰ্ছ গৰাকীক বুজাই ক’লত তেওঁ বিষ কমাবলৈ দি থোৱা মেছিনটো আঙুলিয়াই দেখুৱালে ৷সৰু চকা এটা লাহেলাহে ঘুৰি আছে৷খুব সম্ভৱ তাৰ পৰাই দৰৱ এটা পাইপেৰে গৈ মোৰ ৰাজহাড়ত লগাই থোৱা বেজীটোৰে শৰীৰৰলৈ যাব ধৰিছে৷কিছু সময়ৰ পিছত বিষটো একেবাৰে অনুভৱ নকৰা হলোঁ৷আধা ঘন্টা ৰাখি মোক পুনৰ মোৰ কোঠাটোলৈ লৈ অনা হ’ল৷কোঠাটোলৈ আহিহে মই মন কৰিলোঁ মোৰ চাৰিওফালে পাইপ লগোৱা হৈ আছে লৰচৰ কৰিব নোৱাৰাকৈ৷ভৰিৰ ফিচাৰ্চ কেইডাল আছেই,কেথেটাৰ,পিঠিৰ পৰা যিহেতু মাংস কাটিছে গতিকে বেয়া বস্তুখিনি গৈ থাকিবলৈ তাত এভাল পাইপ লগাই দিয়া হৈছে৷আনহাতে অপাৰেচন কৰা ভৰিটোৰ পৰা বেয়া বস্তু ওলাই গৈ থাকিবলৈ তাতো এটা পাইপ সংলগ্ন কৰা হৈছে৷বিষ নহবলৈ ৰাজহাড়ত অহৰ্নিশে মেডিচিন দি থকা হৈছে৷হাতত এটা চেলাইন চলি আছে৷ভৰিটোৰ ওপৰৰ অংশৰ পৰা স্কিন গ্ৰাফ্টিংৰ বাবেও ছালখন বখলিয়াই নিয়া হৈছে গতিকে ভৰিটোৰ আঙুলি কেইটা বাদদি কৰঙনৰ ওচৰলৈকে বেণ্ডেজ৷মোক দেখি তেওঁ এৰি যাব নিবিচাৰিলে ৷মই জোৰকৈ মানুহজনক খাবলৈ পঠিয়ালোঁ৷সন্ধিয়া হবলৈ হৈছিল আৰু মই চিলমিলকৈ টোপনি গৈছিলোঁ৷মোৰ বিচনাখন মোৰ সুবিধাৰ বাবে ঠিক চকিখনৰ দৰে কৰি দিয়া হৈছিল৷পিচফালৰ পৰা কোনোবাই সাৱটি ধৰি হুকহুকাই কন্দা দেখি টোপনিৰ পৰা উচাপ খাই উঠিলোঁ৷মানুহটোৱে মোক সাৱটি সৰু লৰাছোৱালীৰ দৰে কান্দিব ধৰিছে৷তেওঁ চাগে পাইপৰ মাজত মই তেনেদৰে নিচিন্তে টোপনি যোৱা দেখি শোকে ধৰিলে৷তেওঁ মোৰ কাষেকাষে থকাৰ বাবে মই কিন্ত ইমানেই নিচিন্ত আছিলো যে এক মুহূৰ্তৰ বাবেও ভবা নাই যে মই খোজ কাঢ়িব নোৱাৰোঁ বা মোৰ ভৰিখন ঠিক হব নে নহয় এইবোৰ কথা৷আৰু এটা কথাৰ বাবে মনটো সকলো সময়তে আনন্দ লাগি আছিল যে তেওঁ অনবৰতে মোৰ কাষকাষে আছে৷জীৱনৰ চাগে আটাইতকৈ স্মৰণীয় দিন আৰু আটাইতকৈ ভাল লগা দিন বুলি কলে মেডান্টাত থকা ডেৰমাহৰ কথাই কম৷কেতিয়াবা এদিন কেতিয়াবা দুদিনৰ মূৰেমূৰে মুঠ সাতটা অস্ত্ৰোপচাৰ কৰা হ’ল ভৰিটোত৷সাতবাৰ এনাষ্ঠেচিয়াৰ আৱেশ,কেনুলাৰ বিষ,এন্টিবায়টিকৰ থকা সৰকা ,তেজৰ বেগেও মোক এক মুহূৰ্তৰ বাবেও বিচলিত কৰা নাছিল৷লাহেলাহে ভাললৈ অহা দেখি কেথেটাৰ খুলি দিয়া হ’ল৷তেতিয়াহে আচল অসুবিধা আৰম্ভ হ’ল৷বহু চেষ্টা কৰিও প্ৰস্ৰাৱ নোলোৱা হ’ল৷গাইনকলজিষ্ট আহিল৷কিবাকিবি এন্টিবায়টিক বন্ধ কৰাই বেলেগ লিখি দিলে৷পুনৰ কেথেটাৰ পিন্ধাই দিয়া হ’ল৷কিয় জানো চেন্ট্ৰেল এ চিৰ পিছতো হাতত লৈ যোৱা ডাউনটাউনৰ ফাইলটোৰে বিচনীৰ দৰে বা লৈ থকাটো অভ্যাস হবলৈ ধৰিছিল৷ডাক্তৰ হৰজিৎ সিং আহি বিচি থকা দেখি কৈছিল
-ইয়ে ডাউনটাউন ৱালে তোমক এদভাৰটাইজ কে লিয়ে ভেজ ৰাহা হে ক্যা৷
মইও হাঁহি হাঁহি কওঁ
-ইয়াহা ভি ডাউনটাউন বনেগা ৷
সময়ে সময়ে  কয়৷
-আচাম কা হাৱা চল ৰাহা হে ক্যা৷
মইও হাঁহি মাৰি কওঁ
-হা জী!কৌচিচ জাৰি হে৷
মুঠতে না কেতিয়াবা মোক তাহাঁতে মন মাৰি থকা দেখিলে না কেতিয়াবা কন্দা৷
 ডেৰটা মাহত নাৰ্ছ কেইগৰাকীৰ লগতো আত্মীয়তা গঢ় লবলৈ আৰম্ভ কৰিছিল৷মোৰ আন এটা অভ্যাসে লগ লৈছিল সেইয়া হৈছে হোৱাই নোহোৱাই পানী খাই থকা ৷ফলত প্ৰস্ৰাৱ অনবৰতে কৰি থাকিব লাগে৷প্ৰায় মানুহটোৱে বেডপেনত মোক প্ৰস্ৰাৱ কৰোৱাই দিছিল৷সেইটোৱেই মোক বৰ বিচলিত কৰিছিল৷ বাপেকৰ আলসুৱা লৰাটোক শাস্তি দিয়াৰ বাবে মনেমনে প্ৰয়াত তেওঁৰ পিতৃৰ ওচৰত ক্ষমা বিচাৰিছিলোঁ৷অৱশেষত ভৰিৰ বেণ্ডেজ খোলাৰ দিনটো আহিল৷মানুহটোৱে ফটো ভিডিঅ কৰাত লাগিল৷ডাক্তৰৰ টিমটোৱেও ভৰিটোৰ বিভিন্ন এংগোলৰ পৰা ফটো ললে৷এখন ডাঙৰ ট্ৰলিত বিভিন্ন দৰৱেৰে সৈতে৷ড্ৰেছিংত বিশেষজ্ঞ লোকজনে বেণ্ডেজ খুলি গ’ল৷মোৰ কিন্ত চাবলৈ সাহসে নুকুলালে৷
কাষত হৰদীপ সিং ৰ চিঞৰ শুনি থাকিলোঁ
-বাহঃ বহুত বঢ়িয়া৷দেখৌ বৰ্ণালী জী৷
-নেহী মোঝে নেহী দেখনা৷
চকু কেইটা মুদি দিলোঁ৷
ডাক্তৰে জনালে এটুকুৰা স্ক্ৰীণ গ্ৰাফ্ট আকৌ কৰিব লাগিব৷গতিকে মোৰ বাওঁ ভৰিৰ উৰুৰ পৰা ছাল বখলিয়াই লব৷

#মোৰ জীৱনৰ অনুভৱৰ মাত্ৰ এটা পৃষ্ঠাৰ অন্ত পৰিছিল৷তাৰ পিছতো গুৱাহাটীৰ হাস্পতালত হাড়ৰ অস্ত্ৰোপচাৰ হৈছিল৷মানুহৰ জীৱনত জানো সংগ্ৰামৰ শেষ হয়৷জীৱন সংগ্ৰাম চলি থাকিব জীৱন থাকে মানে৷

   
মোৰ মনটো সেমেকিল কাৰণ বাকী অপাৰেচনতকৈ স্ক্ৰীণ গ্ৰাফ্টত ছাল এৰোৱা ঠাইখিনিৰ বৰ ভকভকনি উঠে পিছত৷বেণ্ডজটো এৰুৱাওতে বিশেষকৈ৷পিচদিনা পুনৰ স্ক্ৰীণ গ্ৰাফ্ট কৰোৱা হ’ল৷এইবাৰ মোৰ অৱস্থা চাব লগিয়া হ’ল৷দুই ভৰিত দুটা প্ৰকাণ্ড বেন্দেজৰ মাজত অসহায় হৈ পৰি থাকো মই দিনটো৷
কিবা কৰিবলৈ কাৰোবাৰ সহায় নললে নহয়৷সেই অৱস্থাত বেডপেন লোৱাটো আছিল আটাইতকৈ কষ্টকৰ৷যিমান পাৰোঁ প্ৰস্ৰাৱ পাইখানা টিপি থোৱা হলোঁ৷এনেয়ো প্ৰথমৰ পৰাই বেডপেন ব্যৱহাৰ কৰাৰ পিছত কোনোদিনে নাৰ্ছক চাফা কৰিবলৈ অনুমতি দিয়া নাছিলো৷যিকোনো উপায়ে নিজেই নিজক চাফা কৰি ৰাখিছিলোঁ৷দুই ভৰিত বেন্দেজলৈও তাহাঁতক কোনো দিন সেইখিনি কষ্ট কৰিবলৈ নিদিলোঁ৷তাহাঁতে মোৰ বিচনাত পৰিপৰি আমনি লগা অৱস্থাৰ কথা উপলব্ধি কৰি হাস্পতালৰ বহুতো কাহিনী কৈছিলহি৷যিবোৰ আছিল মোৰ বাবে অতি উৎসাহজনক৷তাহাঁতৰ মুখত শুনিছিলো ২৫ বছৰীয়া ডেকা ল’ৰাটোৰ কেনেকৈ দুইখন ভৰি কাটি পেলাব লগা হ’ল৷তথাপি ল’ৰাটো কিমান উৎসাহী৷মোৰ লগত তুলনা কৰি কৈছিল৷
-আপকী জেইছা ভাইয়া ৷কভি পটি কৰকে চাফ কৰনে নেহী দেগা৷
এবাৰ চাব বিচাৰিছিলোঁ  ল’ৰাটোক৷কিন্ত তাহাঁতৰ পৰা গম পাইছিলোঁ মোক কাহিনীটো কোৱাৰ আগদিনাই সি হাস্পতাল এৰি গুচি গ’ল৷হাঁহিটো বোলে যাবৰ সময়তো মুখৰ পৰা আঁতৰা নাছিল৷সকলোকে যাবৰ পৰত মাত লগাই গৈছিল৷মই বাৰেবাৰে কিমান অস্ত্ৰোপচাৰ কৰিম বুলি নিৰাশ হোৱা দেখি মোৰ কাষৰ কোঠাৰ মানুহজনৰ কেনেকৈ অকণমান জেগা এটুকুৰা স্ক্ৰীণ গ্ৰাফ্ট কৰোঁতে বাৰেবাৰে বেয়া হৈছে সেই কথা কলে৷
-আপকা ভাগ বহুত আচ্ছা হে দিদি৷আপ জলদি ঠিক হো যাৱগি৷ক্যোকি আপকা ৱ ভাইয়া বহুত আচ্ছা হে ঔৰ আপ ভি৷ফিকৰ মত কৰো দিদি ৷ওপৰ ভগৱান হে ন!
পৰিপৰি উদাস হৈ এদিন কান্দি পেলাওঁতে মোৰ সৈতে থকা নাৰ্ছ গৰাকীয়ে সৰু ছোৱালীৰ দৰে মোক নিচুকাইছিল৷
 
    মুঠতে ডাক্তৰ খাজাঞ্চীৰ হাঁহি মুখ তেওঁৰ কথাই মোক আস্বস্ত কৰিছিল৷হৰদীপ সিংৰ ধেমেলীয়া কথাবোৰে মোক দুখ কৰিবলৈ নিদিছিল আৰু বাকী গোটেই টিমটোৰ অক্লান্ত প্ৰচেষ্টা আৰু নাৰ্ছ কেইগৰাকীৰ শুশ্ৰূষা আৰু মৰমে মোক ঘৰখনলৈ সচাই পাহৰাই পেলাইছিল৷মাজেমাজে ল’ৰাটো দুৰৈত আছে মই ইয়াত পৰি আছোঁ কথাষাৰ ভাবিলে আবেগিক হৈ উঠোঁ৷মানুহটোৱে কথা পতাই দিয়ে তেতিয়া৷মনটো ভৰি পৰে৷ডেৰমাহ পোৰাপোৰি ডেৰমাহৰ পিছত মোৰ জীৱনৰ স্মৰণীয় আৰু এটা দিন আহিছিল সেইটো হৈছে 
-আপ বাথৰুম খুদ জা চকতী হু৷চিৰ্ফ ইয়ে বেন্দেজ জৰা চম্ভলকে৷ওচমে পানী গিৰনা নেহী চাহিয়ে৷
মোক উঠি বহিবলৈ দিয়া হ’ল৷বাহিৰৰ পৃথিৱীখন ইমান দিনৰ পিচত প্ৰথম দেখিলোঁ৷ইমান ধুনীয়া পৃথিৱীখনৰ পৰা ইমান দিন বঞ্চিত হৈ আছিলোঁ৷এই যেন চাইয়ে থাকিম৷হেপাঁহেই নপলাব৷বাথৰুমলৈ যাবলৈ হুইলচেয়াৰখন দিলে৷নাৰ্ছ গৰাকীয়ে লৈ গ’ল৷বাথৰুমৰ বাহিৰত হুইলচেয়াৰখন থৈ মই লাহেলাহে অততত  ধৰি বাথৰুম সোমালোগৈ৷যিমান পাৰোঁ লিকুইড চাবোন এলেপা লৈ মুখখনকে ধুলোঁ৷বাহিৰৰ পৰা মানুহটোৰ মাত শুনিলোঁ
-হেৰা বাথৰুমতে সোমাই থাকিবা নে কি?
-ৰব আজি মই ওলোৱাত নাই দেই৷ইমানদিনৰ পিছত পানী চুবলৈ পাইছোঁ৷
প্ৰাণভৰি খেলিলোঁ৷ইমানদিনৰ পিছত ক’মোডত বহিবলৈ পাই পেট খোলোচা কৰি ললোঁ৷বাওঁ ভৰিখন যিমান পাৰোঁ ঘহিপিহি ধুলোঁ৷ডিঙি -পিঠি -ককাল -চুলি যিমানলৈকে ধুকি পালোঁ ধুই হাস্পতালৰ পৰা দিয়া নতুন সাজযোৰ পিন্ধি আকৌ অততত ধৰি ওলাই আহি হুইলচেয়াৰখনত বহিলোঁ৷মানুহটোৱে মোক আনি বিচনাৰ কাষত আনি থলে৷মই আকৌ বিচনাত উঠি বহিলোঁ৷তাৰ পিছত দুদিন ৰাখিলে ৷সেই কেইদিন অকল ড্ৰেছিং কৰি থাকিল৷ইতিমধ্যে বাওঁ ভৰিৰ বেণ্ডেজ খুলি দিয়া হৈছিল৷সেইদিনাই খাজাঞ্চীয়ে আমি ঘৰলৈ ঘুৰিব পাৰিম বুলি জনালে৷মানুহজনৰ মুখখন উজ্বলি উঠিল৷কিন্ত মোৰ ৷মোৰ কিয় যে আনন্দ নালাগিল কব নোৱাৰোঁ৷আৰু কিবা দুৰ্ঘটনাৰ বাবে যেন আত্মাটোৱে বাৰেবাৰে সাজু হবলৈ সকিয়াই দিছিল৷অথচ কি গম নাপালোঁ৷কৰবাত দুখ এটাই মনৰ নিভৃত কোণত ক্ৰিয়া কৰি থাকিল৷
  ডেৰমাহে একাত্ম হোৱা হাস্পতালখনৰ প্ৰতি মোহ এটা সোমাইছিল ৷ তাৰ লোক সকলৰ আতিথ্য নমৰা পৰ্যন্ত মনত ৰব৷আৰু ডাক্তৰ খাজাঞ্চী আৰু তেওঁলোকৰ টিমৰ সকলোৱে মোক দিয়া নতুন জীৱনৰ কাহিনী আমৰণ হৃদয়ত কঢ়িয়াই লৈ ফুৰিম৷বাহিৰৰ পৰ্টিকত হুইলচেয়াৰখন ৰাখি উভতি চালোঁ মেডান্টালৈ৷মুখেৰে বিৰবিৰাই কলোঁ " এনেকৈয়ে সগৌৰৱে থিয়হৈ ৰোৱা আৰ্তজনৰ বাবে"

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...