অনুভৱ

অনুভৱ

সূৰ্য্য উদয় হয়
আৰু মাৰ যায়
লগতে জীৱনটো আগুৱাই৷
জীৱন সূৰ্য্য উদয় হৈছিল পূবত
লাহেলাহে খুপিখুপি আগবাঢ়িবলৈ লওঁতেই
 আকাশ ডাৱৰীয়া
মেঘ আৰু গাজনি৷
তেওঁও সূৰ্য্যটো জীৱনহৈ জ্বলি আছিল৷
 সূৰ্য্যটো লহিয়াৰ পৰত
জীৱনক থমকি ৰবলৈ ৰিঙিয়াই মাতিছিল৷
মাতত আছিল গভীৰ আস্থা
থমকি ৰৈছিল সূৰ্য্য
 উভতি চাই মিচিকিয়াই হাঁহিছিল৷
জীৱনেও স্মৃতি  বুটলি যাবলৈ লৈ উভতি চাইছিল৷
ইয়াৰ পৰাই উভতনিৰ যাত্ৰা আৰম্ভ হৈছিল৷
ৰিঙিয়াই মতা মাতটোৰ গভীৰতা কমি আহিছিল
আৰু জীৱনে হাত ডাঙি বিদায় লৈছিল৷
ৰিঙিয়াই মতা মাতটো প্ৰতিদ্ধনিত হৈছিল৷
জীৱন আগবাঢ়িছিল সূৰ্য্যটোৰ সৈতে
সপোন হেপাঁহবোৰ পৰি ৰৈছিল মাতটোৰে সৈতে স্মৃতি হৈ৷

কলমটো থৈ তাই বাহিৰলৈ চালে ৷বেলিটো লহিয়াবলৈ লৈছে৷পশ্চিমত ৰঙীন আভা৷ইমান ধুনীয়া তাই ৰহ লাগি চাই থাকিল৷
   তাইৰ জীৱনটো সৌ বেলিটোৰ দৰেই৷লহিয়াবলৈ লওঁতেহে জীৱনটো বাৰু ইমান ধুনীয়া লাগে নেকি৷
সূৰ্য্যটো উদয় হবৰ সময়তটো তাইৰ চকু আৱেশত জাপ খাই আছিল৷লাহেলাহে সূৰ্য্যটো সন্মুখলৈ আহিছিল৷তেতিয়াও ধুনীয়া আছিলটো সূৰ্য্যটো ৷তাইৰনো ক’ত আহৰি তেতিয়া৷দৌৰাদৌৰি লৰালৰিত জীৱনটো আগবাঢ়িছিল৷ঘৰ সংসাৰ স্কুল অফিচ৷সূৰ্য্যটোক মাত্ৰ পুৱা আৰু আবেলিৰ গধুলীৰ উমানৰ বাদে কেতিয়াবা তাই সৌন্দৰ্য উপভোগৰ আহিলা বুলি ভাবিছিল জানো!সূৰ্য্যটো তেতিয়াও ধুনীয়া আছিল কিন্ত তাইৰ সময় নাছিল উপভোগ কৰিবলৈ৷সন্মুখৰ পৰা আঁতৰি মূৰৰ ওপৰত থমকি ৰৈ তাইলৈ চাইছিল সূৰ্য্যটোৱে৷তাই বাৰু এবাৰলৈ কিয় নাভাবিলে পশ্চিমলৈ যোৱাৰ পিছত সি ঘুৰি নাহে ৷যদি আহে সেইয়া নতুন হৈ আহিব৷বৈ যোৱা নদীৰ পানীখিনি যেনেকৈ উভতি নাহে৷জীৱনটোক উপভোগ কৰিবলৈ হাতৰ মুঠিত একো নাছিল৷
ৰিং হৈ থকা ফোনটোলৈ  চালে৷নাম নোহোৱা নম্বৰ৷নিশ্চয় আজিৰ  কোনোবা কাকতত তাইৰ কবিতা ওলাইছে৷তাই সদায় জীৱনক উৎসাহিত কৰা কবিতা লিখে৷সূৰ্য্যটো মূৰৰ ওপৰত থাকোঁতেই সৌন্দৰ্য্য উপভোগ কৰিবলৈ উৎসাহিত কৰে৷তাই যিটো ভুল কৰিলে সেইটো যাতে আনে নকৰে৷স্মৃতিবোৰ বুকুত সামৰি কোঠাটোৰ মাজতে এদম কাগজ আৰু কলমৰ মাজতে আবদ্ধ কৰি ৰাখে তাই৷আজিকালি বৰকৈ ওলাই সোমাই ফুৰিব নোৱাৰে৷কেতিয়াবা হুইল চেয়াৰখনতে বহাই বাহিৰলৈ উলিয়াই নিয়ে বিদ্যাৱতীয়ে৷তাইয়ে কেতিয়াবা ওলাই যাব নিবিচাৰে৷হাতত সময় কম অথচ মনত শব্দৰ হেন্দোলনি৷শব্দবোৰে প্ৰসৱ বেদনাত ভাৰাক্ৰান্ত হয়৷সেইবোৰে তাইকো কষ্ট দিয়ে হৃদয় খনত খুন্দিয়াই খুন্দিয়াই৷কাগজবোৰ ভৰাই পেলাব লাগিব৷
ফোনটো লাউদত দি দুৰ্বল মাতটোৰে কলে
-হেল্ল
সিফালৰ পৰা ভাহি অহা মাতটো চিনাকি
-পংকজৰ মাতটোৰে সৈতে মিলে৷
তাই আকৌ কলে
-মই পংকজেই কৈছোঁ৷তোৰ পংকজ শইকীয়া৷
ঠিক ঠিক জীৱনমুখী কবিতা ভালপোৱা ল’ৰাটো৷তাইৰ কবিতা পঢ়ি পঢ়িয়েই তাইৰ প্ৰেমত পৰিবলৈ লোৱা ল’ৰাটো৷
-পোৱালি ভালে আছ?
-মই ভালে আছোঁ৷তইহে ভালে থাকিম বুলিও থকা নাই৷দুখ পাইছোঁ৷
-ৰহচোন ৰহ কথা এটা মনত পৰিছে৷তই বাৰু ফ্ৰী আছ নে?
-ক ৷তোৰ কাৰণে গোটেই জীৱনটোৱে ফ্ৰী কৰি থলোঁ৷ক’তা সহাৰিটো নিদিলি৷ফোন নম্বৰটো বদলাই পেলাওঁতেও মোক দিব লাগে বুলিও নাভাবিলি৷ইমানেই গভীৰ আছিল ন বন্ধুত্ব৷আৰু লগ নেৰাৰ চুক্তিটো তোৰেই নাছিলনে?
তাই খিলখিলাই হাঁহিলে ৷
ঠিক আজিৰ পৰা ত্ৰিশ বছৰৰ আগৰ দৰে৷
-এনেকৈয়ে হাঁহি থাকিম বুলি প্ৰতিশ্ৰুতি দি তই আঁতৰি যাবলৈ মোক বাধ্য কৰাইছিলি৷মনত আছে?কিন্ত মই জানো তই আগৰদৰে থকা নাই৷কিয় তেনেকুৱা কৰিলি তই৷জীৱনটো আৰুনো কেইটা দিন?
একো কব পৰা নাই তাই৷বুকুখনত তাৰ শব্দবোৰে একোপাট শেলহৈ বিন্ধিছে৷সোঁতোৰাসোঁতোৰ হাত খনেৰে গালেৰে বৈ অহা চকুপানীখিনি মোঁহাৰি ললে তাই৷উভতি গ’ল আজিৰ পৰা ত্ৰিশ বছৰৰ আগৰ দিনলৈ৷
পঞ্চাশটা যৌৱন পাৰ কৰি অহা এগৰাকী বিধৱা তাই৷যিখিনিৰ পৰা তাইৰ হাতত ধৰি আগুৱাই যোৱাৰ প্ৰতিশ্ৰুতি দিছিল সেই প্ৰেমিকজনে৷ জীৱনটোত থাউনি ধৰিবলৈ নৌ পাওঁতে এদিনৰ নৰীয়াত তাইৰ অধিকাৰ বুলিবলৈ থকা ৰঙাহৈ তাইৰ কপালত আৰু শিৰত জিলিকি থকা সেন্দুৰকণৰ অধিকাৰক ধূলিসাৎ কৰি গুচি গৈছিল ঠিকনাবিহীন পথেৰে৷তাই দিকবিদিক হেৰুৱাই পেলাইছিল৷তেতিয়া তাই পঞ্চলিশ৷মানুহবোৰৰ মাজৰ পৰা তাক বিচাৰি উলিয়াবলৈ পিটপিটাই চাইছিল৷বাৰেবাৰে বিফল হৈছিল৷মানি লবলৈ চেষ্টা কৰিছিল ঠিকনাবিহীন  দেশৰ মানুহ আকৌ ঘুৰি নাহে৷উকা কাগজখনত কলমটোলৈ তাক আঁকিবলৈ যত্ন কৰিছিল৷ইখনৰ পিছত সিখন কাগজ ফালিছিল৷নিজৰ কথা ভাবি আচৰিত হৈছিল৷কেতিয়াৰ পৰা এই মানুহটোৱে তাইৰ হৃদয়ত এনেকৈ এটা ঘৰ সাজি লৈছিল?তাই উমানেই পোৱা নাছিল৷মানুহবোৰ কাষত থাকিলে বোলে তাৰ অভাৱ অনুভূত নহয়৷কিন্তু আঁতৰি গলে সোঁৱৰাই থাকে প্ৰতি মূহূৰ্ততে৷সিটো ঘুৰি আহিবলৈ যোৱা নাই৷কি অসহনীয় যন্ত্ৰণা৷পুৱা বিচনাৰ পৰা উঠিবলৈ লোৱাৰ পৰা বুকুৰ সেই নিৰ্দিষ্ট ঠাইটুকুৰাত বিষ আৰম্ভ হয়৷গোটেই দিনটো বিষটো বুকুৰ পৰা সৰ্বশৰীৰলৈ বিয়পি যায়৷
তেতিয়াই তাই কাগজ আৰু কলম উলিয়াইলৈ আঁকিবলৈ লয়৷এদিন এনেকৈ আঁকি থাকোঁতে কিছুমান শব্দ কলমেৰে নিগৰি আহিল৷যন্ত্ৰণাবোৰেৰে সৃষ্টি হ’ল একোটা একোটা লগৰী হেৰুৱাৰ বেদনা৷কষ্টবোৰ বাতৰিৰ কাকতৰ খালী পৃষ্ঠাত কবিতাৰ আকাৰ ললে৷দিন বাগৰিলে তাই নিজক শান্ত কৰিবলৈ লিখিলে৷দহজনে শান্তনা লভিলে তাইৰ কবিতা পঢ়ি৷এতিয়া তাই নিজকে পৰমাত্মাৰ ওচৰত বিলিন কৰি দিয়াৰ কবিতা লিখে৷
    ত্ৰিশ বছৰৰ আগত যেতিয়া পংকজৰ সৈতে তাইৰ চিনাকি,তেতিয়া পংকজে নতুনকৈ সংসাৰ কৰা ল’ৰা৷এটি কণমানিৰ বাপেক৷সেইবাৰ  জীৱন সম্পৰ্কে লেখা তাইৰ এটা প্ৰবন্ধ বাতৰি কাগজত প্ৰকাশ পাইছিল৷আৰু পংকজে আৰ্টিক’লটো পঢ়াৰ পৰা মনত কিছুমান ভাবৰ বুৰবুৰণি উঠিবলৈ আৰম্ভ কৰিছিল৷প্ৰবন্ধটোৰ তলত দিয়া ফোন নম্বৰটো কিয় বা টুকি লৈছিল মোবাইলত সেইয়া তাৰ ওচৰতে সাঁথৰ হৈ ৰৈ গ’ল৷আকৌ এবাৰ তাইক পংকজে আৱিষ্কাৰ কৰিছিল জীৱনমুখী চিনেমা এখনৰ ওপৰত এক আলোকপাত বুলি এটা প্ৰৱন্ধত৷দুৰ্বাৰ বাসনা জাগিছিল মানুহজনীৰ সৈতে এষাৰ কথা পাতিবলৈ৷জীৱনত ক’ত মানুহ লগ পাইছে সি৷ক’ত লেখিকাৰ কিতাপ পঢ়িছে৷দিনে ছয় সাতখন কাকতৰ প্ৰৱন্ধ পঢ়িছে সি কিন্ত এনেকুৱাকৈ গভীৰ ভাবে কেতিয়াও সোমাই পৰা নাই সি৷সি ফেচবুকত বিচাৰি  ফুৰিছিল কোন এই হিমাশ্ৰী বৰুৱা৷আৰু এদিন তাৰ বন্ধু এজনৰ মিউচুৱেল ফ্ৰেণ্ড লিষ্টত পাই গৈছিল হিমাশ্ৰী বৰুৱাক৷প্ৰফাইলটো খুছৰাৰ বিশেষ প্ৰয়োজন নহল পংকজৰ৷তাৰ হাতৰ বাতৰি কাগজৰ প্ৰৱন্ধটো প্ৰফাইলৰ ওপৰতে ট টকৈ জিলিকি আছে৷সি তৎক্ষণাত ফোন লগালে হিমাশ্ৰীলৈ৷সেইয়াই আৰম্ভণি৷হিমাশ্ৰীৰ সন্মুখত আঁকি ৰখা লক্ষণ ৰেখা পাৰহৈ ভিতৰলৈ আহিবলৈ কাকো নাইদিয়া৷পংকজকো নিদিয়ে তাই সোমাবলৈ৷বুকুত শিল বান্ধি লৈছে তাই৷তাইৰ কাষ চাপিব বিচাৰিছিল সি ৷তাইক আশ্বস্ত কৰিব বিচাৰিছিল সি৷বাৰেবাৰে সি হিমাশ্ৰীক  বুজাব বিচাৰিছিল কেৱল মাত্ৰ শাৰীৰিক তাৰণাত মানুহ কাষ নাচাপে৷লাগে মানুহক জীৱনত আগবাঢ়িবলৈ সাহস আৰু অনুপ্ৰেৰণা৷ৰেল লাইনৰ চিৰিটোৰ দৰে কাষে কাষে থাকিব বিচাৰিছিল৷
-মইটো তোক বান্ধি ৰাখিব বিচৰা নাই৷মাত্ৰ অনুভৱৰ মাজত ৰাখিব বিচাৰিছো৷অনুভৱেৰে জিপাল কৰি ৰাখিব বিচিৰোঁ৷তই বাৰেবাৰে বয়সৰ ইছুটো কিয় আন?মই কি তোৰ সৈতে কিবা সমন্ধ কৰিব বিচাৰিছোঁ নেকি?
তাইতকৈ বহুত সৰু হলেও তাৰ অসীম ধৰ্য্য আছিল৷হিমাতকৈ বহুত বেছি পৈনত আছিল সি৷
কিন্ত হিমা ৷বিভিন্ন অজুহাতত আঁতৰি আহিছিল৷পংকজৰ অসাধাৰণ ব্যক্তিত্বৰ সন্মুখত তাই থিয় হৈ থাকিব পৰা নাছিল ৷নিজৰ ওপৰতে বিশ্বাস কমি আহিছিল৷কোন সময়ত তাৰ সন্মুখত তাইৰ দুৰ্বলতা ধৰা পৰি যাব ঠিক নাই৷
লাহেলাহে কঠুৱা হবলৈ যত্ন কৰিছিল হিমা৷নিজৰ ব্যক্তিত্বৰ জোৰকৈ পৰিৱৰ্তন কৰি পেলাইছিল৷কঠোৰ হৈ পৰিছিল তাই৷পংকজৰ তাইৰ প্ৰতি থকা চেনেহ,যত্ন তাৰ ওপৰি তাইক আগুৱাই নিবলৈ তাৰ হাবিয়াসৰ আগত তাৰ প্ৰতি আকৰ্ষণ বঢ়াইছিল যদিও সংযমী হৈ আছিল৷দুৰ্বলতা তিলমানো পংকজৰ ওচৰত ধৰা পৰিবলৈ দিয়া নাছিল তাই৷নিজৰ আবেগখিনিক ঢকিবলৈ যত্ন কৰি বিফল হোৱাৰ সময়তে হিমাশ্ৰী গুচি আহিছিল কলকতালৈ৷অসমৰ পৰা এক প্ৰকাৰৰ পলায়ন কৰিছিল তাই৷যোৱাৰ আগতে পংকজলৈ এখন সকলো জনাই চিঠি লিখিছিল৷প্ৰতি শাৰীতে তাই তাৰ ওচৰত ক্ষমা খুজিছিল৷তাই কলৈ যাব তাত উল্লেখ নাছিল ৷বাৰেবাৰে কৈছিল তোৰ ভালপোৱা খিনি মোৰ জীৱনৰ চালিকাশক্তি হিচাপে কঢ়িয়াই লৈ যাম৷মই তোক একো দিব নোৱাৰিলো৷আনকি অকণমান মৰমো৷একো দি যাব নোৱাৰা আক্ষেপ থাকি যাব৷মই অপাৰগ তই জান৷তই মোতকৈ বহুত বুজি পাৱ৷মোৰ প্ৰাৰ্থনাত তই সদায় ৰবি৷তই মোক মুক্ত কৰি দে সকলো বন্ধনৰ পৰা৷তইয়েই কৈছিলি মোক "তই মুক্ত" তোক বান্ধিবলৈ যত্ন নকৰোঁ৷গতিকে তই মোক বিচাৰখোচাৰ নকৰিবি৷মোক মোৰ দৰে জীবলৈ দে৷জীৱনৰ কোনোবা ক্ষণত ভাগ্যই কৰিলে দেখা হব৷মই জানো তই এজন দায়িত্বশীল স্বামী ৷এজন মৰমীয়াল দেউতাক৷তোৰ মনৰ প্ৰবল শক্তি৷মই বিচাৰোঁ তই সমাজৰ উজ্জ্বল নক্ষত্ৰ হ৷মোৰ বিশ্বাস আছে৷সমাজৰ কামবোৰ নেৰিবি৷মই লোৱাৰ দৰে বহুলোকে তোৰ প্ৰেৰণাৰ বাবে আকাংক্ষা কৰি আছে৷তোৰ কৰ্মৰে ঠাইখনৰ নাম উজ্জ্বলি ৰওক৷মই বাতৰি কাকতত সুখবৰবোৰ লৈ থাকিম৷ভালে থাকিবি৷
ইতি
তোৰ ৰাধা৷
যিটো নামেৰে সদায় তাইক সি মাতিছিল৷
মূক হৈ গৈছিল পংকজ৷দায়িত্বশীল সি৷সি তাৰ দায়িত্ব নেহেৰুৱাই৷হিমাৰ তাৰ ওপৰত অটল বিশ্বাস৷সেই বিশ্বাসক সি অথলে যাবলৈ নিদিয়ে৷

-জানো তই চকুপানী মোহাৰিছ৷নোমোহাৰিবি৷বৈ যাবলৈ দে৷অতদিনে ধৰি ৰখা আবেগ খিনি৷তই যেনেকৈ বিচাৰিছিলি ঠিক তেনেকৈয়ে জীয়াই আছোঁ৷এজন মৰমীয়াল পিতৃ এজন দায়িত্বশীল স্বামীহৈ৷সমাজ সেৱা আগৰদৰে চলি আছে৷মাথোঁ বুকুৰ খালীহৈ থকা ঠাইকণ খালী হৈ ৰ’ল৷কাকো থাপিব নোৱাৰিলোঁ তাত৷এতিয়া ক তোক কেতিয়া আৰু কেনেকৈ লগ পাম?
-হব হব৷মই অসমলৈ গৈ আছোঁ অহাটো সপ্তাহত৷
-সচাকৈ তই আহিবি৷নহলে মইয়ে গৈ ওলামগৈ পাবি৷এটা কাম কৰচোন ভাল ছোৱালীৰ নিচিনাকৈ তোৰ চেল্ফি এখন দেচোন৷
হাঁ হাঁ হাঁ দুইটাই বহুত দিনৰ পিছত প্ৰাণখুলি হাঁহিলে
-তোৰ স্বভাৱ সলনি নহল আৰু ন?দেখা হম৷ৰাখোঁ দে৷
হিমাশ্ৰীয়ে ফোনটো থৈ বহি থকা হুইলছেয়াৰখন ঠেলি আইনাখনৰ সন্মুখলৈ নিলে৷আইনাখনে মিছা নকয় তাইক ৷বৈ পৰা চকুৰ পানীখিনি মোহাৰি তাই শুকুলা বৰণৰ চুলি কোচাত হাত বুলাই ভাবিলে পংকজৰ বাৰু তাইক দেখিলে আগৰ দৰে অনুভৱ হবনে?


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...