হেৰুৱা হৃদয়ৰ ঠিকনা
পুৱা আঠ বজাতে আহি তাই আগফালে পাৰি থোৱা বেঞ্চ খনত বহি আছেহি৷
ওচৰত চকীদাৰৰ ঘৰৰপৰা ভাহি আহিছে
"জোন গলা জোনাকী ৰাতি দুচকুতে সপোন আঁকি"৷
মনটো খুপিখুপি উলটি গ’ল সপোন সপোন লগা দিনবোৰলৈ৷ঠিক ঠিক এইটোকোৰাৰ পৰা সি তাইৰ হাতখন তাৰ সবল হাতখনৰ মুঠিৰ মাজত সোমোৱাই আগুৱাই নিছিল৷তাই কাষেকাষে খোজ কাঢ়ি গৈছিল তাৰ ৷তাৰ খোজৰ সৈতে তাল মিলাইছিল তাইও৷সি খৰকৈ খোজ কাঢ়িলেও তাইৰ হাতখন এৰি দিয়া নাছিল৷মাজেমাজে তাই ভাগৰি তাইৰ খোজবোৰ ধিৰ হবলৈ ধৰোঁতেই সি তাৰ কাষলৈ তাইক টানি লৈছিল৷একপ্ৰকাৰৰ সি যেন তাৰ কোলাত তোলি লব তাইক৷পয়ত্ৰিশটা বসন্ত ৰব লগা হৈছিল কাৰোবাৰ ইমান সোপা মৰম পাবলৈ মানুহজনীয়ে৷গহীনহৈ আহিবলৈ ধৰা মানুহজনীৰ দেহত ফাগুন লাগিছিল৷হৃদয়খনৰ পাতল হব ধৰা ৰঙটো গাঢ় হবলৈ লৈছিল৷মনটোত সাতৰঙী বৰ্ণালীয়ে ৰঙ সিচি দিছিল৷মানুহটোৱে আগলৈ বাটটোলৈ চাই আগবাঢ়িছিল আৰু তাই আগলৈ চাবলৈ এৰি দিছিল৷ইমানেই বিশ্বাস আছিল তাৰ প্ৰতি তাইৰ৷ একে ধ্যানে তাই তালৈ চকু নপচৰোৱাকৈ চাই ৰয়৷নিচিন্তে সপি দিয়ে নিজকে তাৰ সবল দুবাহুত৷তাইৰ কলিজাৰ কপনিটোও কেতিয়া যে তাৰ কপনিৰ সৈতে মিলি গৈছিল কব নোৱাৰাকৈ৷জাৰ-জহ কেতিয়ানো তাইৰ কাষেৰে পাৰ হৈ গৈছিল কব নোৱাৰাকৈ৷গৰমত শীতল কৰি ৰখা ,শীতত উমেৰে ৰখাৰ যাদু জানিছিল সি৷নহলে নো নটা বছৰ তাই পাৰহৈ যোৱা কেনেকৈ গম নেপালে৷ভালপোৱাৰ নিচা কি কোনোবাই তাইক সুধিলে তাই মাত্ৰ এটা শব্দই কয় "অৰ্ণৱ"৷এসাগৰ মৰম ,এসাগৰ হেপাঁহ,এসাগৰ ভালপোৱা মানেইটো অৰ্ণৱ৷বুকুখনত তাৰ জীৱনৰ সৈতে জড়িত প্ৰতিটো মানুহলৈ আছিল এসাগৰ মৰম ও শুভকামনা৷নটা বছৰে শত্ৰুৰ সৈতেও শত্ৰুতা কৰা দেখা নাছিল তাই৷শত্ৰুতা কৰা মানুহৰ সৈতেও অমাৰ্জিত ব্যৱহাৰ কৰা দেখা নাছিল ৷তাই আশা নকৰাকৈয়ে ভগৱানে তাইৰ আঁচলত এসাগৰ মৰম আৰু ভালপোৱা বান্ধি দিছিল৷এইখন ঠাইলৈ আকৌ তাক এৰি ঘুৰি অহাৰ কথাটো নাছিল৷এৰি যাওঁতে মনৰ কোনোবা কোণত শোক এটাই আমনি দিছিলহি যদিও সি নিচুকনি গীত গাইছিল নেকি বাৰু৷তাইৰ তন্দ্ৰা লাগিছিল৷ভালপোৱাৰে শোকখিনিক আৱৰি পেলাইছিল সি৷
ইমানবোৰ হেপাঁহ,মৰম,ভালপোৱাৰ পিছত তাইটো আহিব নালাগিছিল পুনৰ পুৰণা ঠিকনালৈ ঘুৰি৷সময়বোৰ বৰ নিষ্ঠুৰ লগতে নিয়তি৷সেইকণ ভালপোৱা সহিব নোৱাৰিলে ৷অভিন্ন হৃদয় দুইটুকুৰা হৈছিল৷তাইৰ ভিতৰখন ভাগি হাজাৰ টুকুৰাত সিচৰিত হ'ল৷টুকুৰাবোৰ গোটাই তাই শূন্যহৈ পৰা আঁচলখনত বান্ধি পুৰণি ঠিকনালৈ ঘুৰি আহিছে৷
-বাইদেউ,আপোনাক হেডচাৰে মাতিছে৷
তাই খকমকাই উঠি থিয় হ'ল৷কি কি যে ভাবি আছিল তাই৷তেতিয়াহে তাই মন কৰিলে তাইৰ সন্মুখেৰে ল’ৰা ছোৱালীবোৰ পাৰ হৈ গৈ আছে৷পাঁচটা বছৰত যে কিমান পৰিৱৰ্তন হ'ল স্কুলখনৰ৷আৰু তাইৰ?পুৰঠ হব নুখুজা মনটোক অৰ্ণৱৰ মৰমে আৰু আলসুৱা কৰি পেলাইছিল৷হঠাৎ অৰ্ণৱে একে ৰাতিতে তাইক বহুত কিবাকিবি শিকাই থৈ গুচি গৈছিল৷সিটো যোৱাৰ কথা নাছিল৷প্ৰতিশ্ৰুতি দিছিল তাইক জীৱনে মৰনে কাষত থকাৰ৷
-বাইদেউ বহুত দিনৰ মুৰত দেখিলোঁ৷দিপাঞ্জলীক পাঁচটা বছৰৰ পিছত লগ পালে৷ক্ষীণালে তাই৷এইজনী দিপাঞ্জলীয়ে তাইক তাৰ সৈতে পঠিওৱাৰ দিনা কমখন উৰুলি দিছিল নে মনৰ আনন্দত৷
-আহি আছোঁ বুলি তাই হেডৰ কোঠালিটোলৈ আগবাঢ়িল৷
পিচফালৰ পৰা তাই কোৱা শুনিলে তাই
-ভালনে বুলি কি সুধিম আৰু বাইক৷এইয়ানো ভগৱানে কি অবিচাৰ কৰিলে৷
পৰ্দাখন ঠেলি তাই ভিতৰলৈ সোমাই গ’ল৷
-বহা বৰ্ণা৷
চাৰৰ সন্মুখৰ চকিখনত তাই বহিল৷তাই লগতলৈ অনা কাগজখন আগবঢ়াই দিলে৷লগতে জইনিং লেটাৰখন৷
-জইন কৰিলা যেতিয়া তোমাক ক্লাছ কেইটামান দিম কৰিবা৷
-হব চাৰ৷
-ব্যস্ত হৈ গলে পাহৰি থাকিব পাৰিবা দুখবোৰ৷যোৱা কমনৰূমলৈ মানুহখিনিৰ সৈতে চিনাকি হোৱাগৈ৷নতুন কেইবাগৰাকীও আহিল নহয়৷
তাই তল মুৰ কৰি কিবাকিবি ভাবি আছিল৷
-বাইদেউক কমনৰূমটো দেখাই দে বাহাদুৰ৷আৰু তুমি ষ্টেট বেংকত একাউণ্ট এটা খুলি লবা বৰ্ণা৷দৰমহাবোৰ তাতেই সোমাই৷
তাই এইবাৰ শুনা পালে ৷লাহেকে উঠি ওলাই আহিল কোঠালিটোৰ পৰা৷
বেংকৰ চিৰিটোত উঠি গৈ থাকোঁতে তাইৰ মনত পৰিল এইটো বেংকতো অৰ্ণৱৰ একাউণ্ট আছিল৷খোলোতে তাইও আহিছিল৷তাইক চোফাখনতে বহাই সি যাৱতীয় কামবোৰ কৰি লৈছিল৷তাৰ পিছতো বহুবাৰ আহিছে ইয়ালৈ৷
-তুমি ভীৰখনত সোমাব নালাগে ইয়াতে বহা৷
তাই ভীৰখনত কষ্ট পাই বুলিয়েই বহোৱাই থৈ গৈছিল সি৷আজিও তাই চোফাখনত বহিল অলপ সময় তাৰ পিছত লাহেলাহে ভীৰফালি আগবাঢ়ি গ’ল৷চিনাকি ল’ৰাজনৰ ওচৰলৈ তাই আগবাঢ়ি গ’ল৷আগতে অৰ্ণৱে তাইৰ সৈতে চিনাকি কৰাই দিছিল৷
-আৰে বৌ৷আহক আহক৷একাউণ্ট খুলিব নেকি?
-অ৷একাউণ্ট এটা খুলিব লাগিব৷এইটো বেংকত নাই নহয় মোৰ একাউণ্ট৷
কাগজখন আগবঢ়াই দিলে তাইলৈ
-ফৰ্মখন আপুনি ফিলাপ কৰি দিয়ক৷মই বাকী কৰি দিম বৌ৷
এফালৰ পৰা পুৰ কৰি আহি আহি এঠাইত ৰৈ গ’ল তাই৷Home address,C/O- ৰৈ গ’ল তাই৷কাৰ C/O লিখিব তাই?ইমান দিনে সেইঠাই অৰ্ণৱে পূৰাই আছিল৷আজি তাই তাত লিখিলে শ্ৰী বৰ্ণা বৰুৱা
"হাজবেণ্ড/ফাডাৰচ নেম"
ৰৈ গ’ল তাই আকৌ৷ লিখিব কি তাত?কি যে ভাগ্যৰ বিৰম্বনা ৷আজি কি বুলি লিখিব তাই!জীৱনৰ ওপৰেৰে পাৰহৈ যোৱা ধুমুহাই তাই আটাইতকৈ ভালপোৱা মানুহটো,জীৱনে মৰনে এক হৈ থকাৰ কথা থকা মানুহটোৰ নাম লিখিবলৈগৈ আৱেগিক কৰি পেলাইছে৷বব খোজা চকুপানী খিনি সন্মুখৰ লৰাটোৱে নেদেখাকৈ মুহাৰি পেলালে৷নিজকে আজি নিজে নিচুকালে তাই৷অৰ্ণৱটো নাহিল তাইৰ লগত ,নিচুকাবলৈ৷তাইৰ আৱেগবোৰ লাহেলাহে অভিমান হবলৈ ধৰিলে৷কিন্ত কাৰ ওচৰত এই অভিমান এতিয়া?তাইৰ বিষাদ হৃদয় খনেই এতিয়া তাইৰ ঠিকনা৷
কলমটোৰে লাহেকৈ লিখিলে তাই "LATE ARNAB BARUAH."
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
No comments:
Post a Comment