সেই বিশেষ পেকেট দুটা
ড্ৰয়াৰটো আজি বহুতবছৰৰ পিচত চাফা কৰিবলৈ সময় পাইছে ঝৰ্ণাই৷পুতেকৰ ঘৰ এইখন ঘৰ কৰি থাকোঁতে ড্ৰেচিং ৰুমটোৰ চুকত যে ড্ৰয়াৰ এটা আছিল পাহৰিছিলেই৷
-কি বিশৃংখল ঔ ভিতৰখন৷হেৰৌ ৰেণু বহিবলৈ কিবা এটা আনি দে৷
ভিতৰলৈ চাই কাম কৰা জনীক চিঞৰি মাতিলে৷গোটেই ড্ৰয়াৰটো কাপোৰেৰে ঠাহ খাই আছে৷ৰেণুয়ে আনি দিয়া টোলখনতে বহি এফালৰ পৰা কাপোৰবোৰ আজুৰি আজুৰি মাটিত পেলাই গ'ল৷
-ছেহঃ!কিছুমান কাপোৰ যে আছে বুলি পাহৰিছিলোঁৱে৷ইছ!এই পখৰা চিখৰা সোপা আৰু পিন্ধা নাযাব৷এই বয়সত এই সোপা পিন্ধিব লাগিলে বাটৰ কুকুৰেই খেদিব হেৰৌ ৷হাঁ হাঁ হাঁ
নিজৰ ৰসিকতাত নিজেই হাঁহিলে তাই৷বডী হাগিং জিনছটো ওলিয়াই ককালটো টানি চালে৷সেইটো এসময়ত তাইৰ আটাইতকৈ ফেভাৰিট আছিল৷আৰু টপবোৰ কোনোবা এটা অফ চলজাৰ ,বিচপ চলজাৰ,বাটাৰফ্লাই চলজাৰ,কোনোবা এটা স্লিবলেছ,কোনোবাটোৰ হাত দীঘল মুঠতে কিচিমেকিচিমে৷মনতে ভাবিলে ৰেণুৰ জীয়েক আছে যদি তাইকে দি দিব লাগিব৷আকৌ হাঁহি উঠিল তাইৰ৷ৰেণুৰ জীয়েকে তেওঁৰ একালৰ ডিজাইন পুৰণা হোৱা কাপোৰবোৰ বাৰু কিয় পিন্ধিব৷আৰু ৰেণু দেখোন তেওঁৰ বয়সৰে তাইয়ো এইবোৰ কেতিয়াও পিন্ধি বহুৱা হবলৈ নাযায়৷মনত পেলাবলৈ যত্ন কৰিলে ঝৰ্ণাই,এতিয়া বা কাপোৰৰ কি ফেচন চলি আছে৷
-বুজিছ ৰেণু মই পঞ্চাশ বছৰ বয়সলৈকে বজাৰত নতুন যিয়েই ফেচনৰ কাপোৰ ওলায় তাকে পিন্ধো৷তহঁতৰ চাৰেও মোক মললৈ লৈ যায় তেতিয়া৷ট্ৰায়েল ৰুমত মোক সোমোৱাই দি এফালৰ পৰা মোলৈ কাপোৰ কঢ়িয়াব৷ইটো পিন্ধাই চাব সিটো পিন্ধাই চাব৷তাৰ পিচত তেওঁৰ মন যি কেইটাত লাগিব আটাইকেইটা উঠাই আনিব৷কম চৌখিন আছিল নে ৷চাৰ গুচি যোৱাৰ পিছত বহুত দিনলৈ মলবোৰ দেখিলেই শোক এটাই খুন্দা মাৰি ধৰিছিল৷নেযাওঁৱে আৰু বুলি ভাবিছিলো৷কিন্ত আগৰ কাপোৰবোৰ যেতিয়া গাত নটা হ'ল তেতিয়া বাধ্য হৈ যোৱা আৰম্ভ কৰিলোঁ৷আকৌ শুকাই যোৱা মনটো সজীৱ হৈ উঠিল৷চাৰৰ দৰে নিকিনিলেওঁ কিনা হলোঁ দুই এটা৷ট্ৰায়েল ৰুমত সোমাই আইনাত নিজেই নিজক চাই আন্দাজ কৰি লওঁ ,এনেকুৱা ডিজাইনৰ কাপোৰ তহঁতৰ চাৰে বাৰু মই পিন্ধিলে ভাল পালে হেতেন নে নাই৷সেইমতে কিনি আনো৷এতিয়াও কিছুমান কাপোৰ তোৰ চাৰে দিয়াও আছে৷পেলাই দিবলৈ বা লোকক দি দিবলৈ কষ্ট হয় কাৰণে থৈ দিওঁতে দিওঁতে এই অৱস্থা৷
কাপোৰবোৰ মাটিত থৈ থৈ যাওঁতে প্ৰকাণ্ড পাহাৰ এটাৰ দৰে হ'ল৷মুখৰ ভিতৰতে ভোৰভোৰালে
-এইবোৰৰ মুহ এৰিব লাগিব আৰু ৷দিয়েই দিব লাগিব দুখীয়া নিচলা কাৰোবাক৷এতিয়ানো এইবোৰ ৰাখি কি কৰিম৷
কাপোৰবোৰ ওলিয়াই প্ৰায় শেষ হৈছিল হঠাৎ ড্ৰয়াৰটোৰ চুকটোলৈ চকু গ'ল৷দুটা নুখুলাকৈ থোৱা পেকেট৷নতুন হৈ আছে একেবাৰে৷লিৰিকিবিদাৰি চাই,মুৰৰ ওপৰত থকা চচমাযোৰ নাকলৈ আনি ভালদৰে আখৰ কেইটা পঢ়ি চালে তাই৷এসময়ৰ আটাইতকৈ দৰকাৰী বস্তু আছিল৷নতুন কাপোৰ পিন্ধিবলৈ থাকক নাথাকক সময়ত এই পেকেট নহলে কমখন হাহাঁকাৰ লাগে নে৷মানুহটো থকালৈকে তেওঁৱে আনি দিছিল৷কিমানবাৰ তাই সেই বিশেষ পেকেটটো আনিবলৈ গৈ লাজতে বেলেগ কিবাকিবি কিনি আনিছিল৷ঘুৰি আহি মানুহটোক পেৰিছিলহি৷
-হেৰি আপুনিয়েই সদায় আনি থাকে আপুনিয়েই আনকগৈ প্লিজ৷ধনটো হেৰৌ আমাৰ পোণাকনৰ সমান ল’ৰাটোক এইবোৰ দিবলৈ কব নোৱাৰো দেই৷
-সেই! তোৰ লাজ আছে মোৰ নাই হবলা৷গোটেই মানুহখনৰ আগত যেতিয়া এক্সট্ৰা লাৰ্জ দিয়া বুলি কব লগা হয় তাত ৰৈ থকা গোটেই সোপাই মুৰ তোলি মোলৈকে চাই৷ভাবে চাগে বেচেৰাক ঘৈণীয়েকে এইটোৰ ভাৰো কঢ়িৱালে৷
-একো নহয় কি হব নো?মোক যে ফিচিঙা ফিচিঙ কৰিব৷
শেষত ঝৰ্ণাই জিকিছিল৷পিচলৈ মানুহটোৱে প্ৰয়োজন হোৱাৰ আগতেই আনি ঘৰ ভৰাই দিয়ে হি৷কেতিয়াৰ পৰা যে এই পেকেটটোৰ প্ৰয়োজন শেষ হ'ল পাহৰিয়েই পেলাইছিল তাই৷ছোৱালীৰ পৰা যেতিয়া গাভৰু হৈছিল ঠিক তেতিয়াৰ পৰা দেখোন জীৱনৰ এৰাব নোৱাৰা বস্তু আছিল৷ফুৰিবলৈ যোৱাৰ সময়তো দেখোন আন বস্তু বন্ধাৰ আগতেই সেই নিৰ্দিষ্ট পেকেটটোৱে কোনেও নেদেখাকৈ বাকচৰ চুকটোত ঠাই পাইছিল৷কেতিয়াবা তাই বান্ধি থোৱা বাকচটোৰ কাপোৰবোৰ দেউতাকে ইফালেসিফালে কৰিলে দেখে বুলি ভয়ে লাজে একাকাৰ হৈছিল৷আৰু আজি সেই বস্তুটোৰ বিষয়ে একেবাৰেই পাহৰি গৈছিল তাই৷সেইটোৰ অবিহনেও যে কেতিয়াবা পাৰ হব ভবাই নাছিল৷বৰ গাত লগোৱা নাছিল যদিও এটা ঘটনাই তাইক শেষৰ দিন কেইটাত বৰ বিব্ৰতবোধ কৰাইছিল৷ৰেগুলাৰ হোৱা চাইক’লটো ইৰেগুলাৰ হবলৈ লৈছিল তেতিয়া৷সকলোবোৰ জানিলেও কেতিয়াবা সম বয়সীয়া লগৰীয়াৰ সৈতে কিছুমান কথা আলোচনা কৰা যায়৷বিশেষকৈ শৰীৰ ৰ পৰিৱৰ্তন সম্পৰ্কে ৷তাইও কৰিছিল বান্ধৱী বুলি এগৰাকীৰ সৈতে৷সেইটোকে লৈ এসময়ত তাইক চৰ্চাৰ কাৰণ বনোৱা কথাষাৰে তাইক সেই সময়তে মনোকষ্ট বাৰুকৈয়ে দিছিল৷বিশেষকৈ যেতিয়া মেন’পজৰ বাবে তাইক উন্মাদ হোৱা বুলি ইটোৱেসিটোৱে আলোচনা কৰা হ'ল৷সেই কেইদিনত তাই বন্ধুবৰ্গৰ মাজত এক ৰসাল আলোচনাৰ বিষয় হৈ পৰিল৷কিন্ত সেইয়াটো আলোচনাৰ বিষয় হব নালাগিছিল ৷সেইটো দেখোন এক স্বাভাৱিক প্ৰক্ৰিয়া আছিল৷প্ৰতিজনী স্বাভাৱিক মহিলাই এই প্ৰক্ৰিয়াৰ মাজেৰে পাৰ হব লাগিব৷এৰি থৈ আহিব লাগিব অতীত বুলি শৰীৰৰ কিছুমান পৰিৱৰ্তন৷মানি লব লাগিব শৰীৰৰ এই পৰিৱৰ্তন৷তাইৰনো কি ভুল আছিল তাকে আজি মনত পৰি ভাবিলে ঝৰ্ণাই৷যিজনী বান্ধৱীয়ে কথাটো এক চৰ্চাৰ বিষয় হিচাপে লৈ টিটকাৰি টিপ্পনী দিলে তাই বাৰু একেই আছে নে?তাইৰ শৰীৰৰ পৰিৱৰ্তন নোহোৱাকৈ আছে নে হ'ল?ঝৰ্ণাই দেখোন শৰীৰৰ পৰিৱৰ্তন খিনি স্বাভাৱিক ভাবেই গ্ৰহণ কৰিছিল৷তথাপি তাইক কিয় চাইক’ বুলি কলে নুবুজিলে৷পিচৰ খিনি কাৰ কি হ'ল তাই গম নাপালে৷কাৰণ পুতেকৰ চাকৰি সুত্ৰে তাই আন এখন ঠাইলৈ গুচি যাব লগা হৈছিল৷আৰু বন্ধু বান্ধৱীৰ সৈতে যোগসূত্ৰ নোহোৱা হৈছিল৷আচলতে সেই ঘটনাৰ পিছত তাই ইচ্ছা কৰিয়েই আঁতৰি আহিছিল সকলোৰে সৈতে যোগাযোগ বিছিন্ন কৰি৷পেকেট কেইটাই তাইক আকৌ পাহৰিবলৈ লোৱা অতীতলৈ লৈ গ'ল৷তাই পেকেটকেইটা লিৰিকিবিদাৰি অতীতত বিচৰণ কৰি থাকিল৷
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
No comments:
Post a Comment