নিসংগতাৰ অভিশাপ

হঠাৎ বিভুতিয়ে চিৰিৰে তললৈ নামি আহোঁতে মানুহগৰাকীৰ সৈতে ভেটাভেটি হ'ল৷সি লৰালৰিকৈ তললৈ খৰ খোজেৰে নামি গৈ আছিল৷মাকৰ প্ৰেচাৰৰ দৰৱটো সোনকালে আনি দিবহি লাগে৷গধুলীৰ আগে আগে আনি দিবই লাগিব৷মাকৰ দৰৱৰ ইফালসিফাল হলেই ঘৰ তল ওপৰ কৰিব৷মানুহগৰাকীৰ বয়স সত্তৰৰ কাছাকাছি হ’ব৷হাতত দুমোনা বজাৰ৷এই বয়সত তেওঁৰ নিজৰে শৰীৰটো টানিব পৰাৰে শক্তি নাই যেন লাগিলে৷নোৱাৰাত হে বজাৰৰ মোনা কঢ়িয়াই আনিছে৷সি চিৰিৰে দুধাপ তললৈ নামি সি উলটি মানুহগৰাকীলৈ চালে
-জেঠী,মই মোনা কেইটা থৈ আহোঁ ৰব৷
এইবুলি সি উলটি মানুহগৰাকীৰ সন্মুখত থিয় হ'ল৷মানুহগৰাকীয়ে কিবা কোৱাৰ আগতে সি থাপ মাৰি মোনা কেইখন তাৰ হাতলৈ ল’লে৷তাৰ পিছত দুপদুপাই ওপৰলৈ উঠি গৈ থাকিল৷পাঁচটা মান ধাপ পাৰ হোৱাৰ পিছতে সি উলটি চালে ৷মানুহগৰাকীয়ে তেতিয়ালৈ দুটা ধাপ পাৰ কৰিছেহে৷
-আপোনাৰ কোনটো ঘৰ জেঠী?
-ফাৰ্ষ্ট ফ্লৰ ৷ৰাইট ৱান৷
হাঁহিলে মনেমনে "বাহ!মানে চাহাবী চাহাবী "
আকৌ দুধাপ মান গৈ বেকা হৈ পুনৰ উঠিবলৈ লৈ পিচলৈ ঘুৰি চালে৷ইমান সময়ে সি মানুহগৰাকীৰ শুকুলা চুলিখিনিৰ ফালেহে লক্ষ্য কৰিছিল৷এতিয়া দেখিলে মানুহগৰাকীয়ে দীঘল গাউন এটা পিন্ধিছে ওপৰত এটা দীঘল চ্ৰাগ জাতীয়৷শুকুলা চুলিখিনি কান্ধলৈকে বৈ পৰা৷পাতলকৈ গোলপীয়া লিপষ্টিকো লগাইছে৷ভালকৈ লক্ষ্য নকৰিলে ধৰিব নোৱাৰি৷
ইতিমধ্যে সি দুৱাৰৰ মুখত থিয়হৈ মানুহগৰাকীলৈ বাট চালে৷অলপ সময়ৰ পিচতে মানুহগৰাকী আহি তাৰ ওচৰত থিয় হ'ল৷দুৱাৰখন চাবিটো লগাই দুপাক ঘুৰালে৷এইবাৰ নব পকাইয়ে তাৰ ফালে ঘুৰিলে
-ঠেংকচ আ লট৷
হাত দুখন মেলি বজাৰৰ মোনা দুটা তাৰ হাতৰ পৰা লব বিচাৰিলে৷সিও এৰি নিদি ঘৰটোৰ ভিতৰত থমগৈ বুলি সোমাব বিচাৰোতেই মানুহগৰাকীয়ে দুৱাৰখনৰ মুখত বাট ভেটি ধৰিলে৷
-হব দিয়া৷ইমানখিনি কৰিলা ৷সেইয়াই যথেষ্ট৷
আচহুৱা লাগিল অলপ তথাপিও ভাবিলে হয়তো ঘৰ দুৱাৰ অপৰিপাটি হৈ আছে৷সেইবাবে বিচৰা নাই সি ভিতৰলৈ যোৱাটো৷ভিতৰৰ পৰা অহা ভেকেটা গোন্ধটোৰ পৰাই সি অনুমান এটা কৰি লৈছিল৷
সি কিবা এটা সুধিবলৈ পোৱাৰ আগতেই দুৱাৰখন বন্ধ কৰি দিছিল মানুহগৰাকীয়ে৷হাতৰ ঘড়ীটোলৈ চালে সি৷আৰু দেৰি কৰি থাকিলে ফাৰ্মাচী বন্ধ হব৷লৰালৰিকৈ সি তললৈ নামি আহিল৷ফাৰ্মাচীৰ পৰা মাকৰ মেডিচিনটো লৈ কাষৰ  পাণ ঘুমটিখনলৈ সোমাই গ’ল
-গোপালদা পান এখন বনাওক৷তাৰ আগতে চিগাৰেট এটা দিয়ক৷
-হাতত কি?
-দৰৱ ললোঁ মালৈ৷গোপালদা অলপ আগত যে মানুহ এগৰাকী তোমাৰ দোকানৰ আগেদি গ’ল মন কৰিলা নে?
-কোন মানুহগৰাকীৰ কথা কলা বা?ক’ত মানুহ পাৰহৈ যায়৷
বিভুতিয়ে জানে ভালকৈ এই গোপালদাৰ দোকানতে দেশ বিদেশৰ বাতৰিৰ পৰা আৰম্ভ কৰি ওচৰৰ কাৰ ঘৰত কি ঘটিছে ? কোন বিদেশত আছে গৈ৷কাৰ ঘৰত গিৰিয়েক ঘৈণীয়েকৰ কাজিয়া হৈছে আনকি কাৰ গিৰিয়েকে কোন ছোৱালীৰ সৈতে অবৈধ প্ৰেম কৰিছে তালৈকে৷গতিকে এই মানুহগৰাকীৰ বিষয়ে গোপালতকৈ কোনে ভালকৈ জানিব?সেইযে আমাৰ ফ্লেটত থাকে৷গাউন পিন্ধি গ’ল অলপ আগতে বজাৰৰ মোনা দুখন লৈ৷
-অহ এৰিকৰ মাকৰ কথা কৈছা?অলপ মানুহজনী কেৰেক যেন লাগে৷
-কোন এৰিক?মই কোনো দিন দেখা নাই কিন্ত৷
-ক’ত দেখিবা ! সেইয়া মানুহজনীৰ মনে সজা কাহিনী যেনহে লাগে৷তোমালোকৰ এইটো ফ্লেটত কিমানদিন হ'ল?
-এই ধৰা অহা মাহত এবছৰ হব৷
-আজি বিশ বছৰেই হ'ল চাগৈ এই মানুহগৰাকীয়ে এই ঘৰটো লোৱা৷মই তেতিয়া দোকান বহুৱাই নাই৷পঢ়ি আছিলোঁ স্কুল৷বুঢ়া আৰু বুঢ়ী দুটামান ফাৰ্নিচাৰ লৈ ঘৰটোত সোমোৱা দেখিছিলো৷বুঢ়ী তেতিয়া অলপ তজবজীয়া আছিল ৷বুঢ়া তেতিয়াই ষাঠি পাৰ হৈছিল চাগে৷চাকৰিৰ পৰা অৱসৰ লোৱাৰ পিছত ফ্লেটটো কিনি লৈছিল৷সেই তেতিয়াৰ পৰা আজি লৈকে মানুহজনীকে বজাৰ সমাৰ কৰা দেখি আহিছোঁ৷এবাৰ নে দুবাৰ মোৰ দোকানলৈ আহিছিল ৷কেতিয়াবা জুইশলা বিচাৰি বা মমবাতি বিচাৰি৷কিবা অন্যমনস্ক হৈ থকা দি থাকে৷দহটা প্ৰশ্ন সুধিলে জুখিমাখি এটা মানৰ উত্তৰ দিয়ে৷তেতিয়াই সুধাত কৈছিল এৰিক নামৰ পুতেক এটা আছে৷ক’ত থাকে সুধাত কিন্ত উত্তৰ নিদিলে৷লাহেলাহে এইফালে আহিবলৈ বাদেই দিলে৷বুঢ়াইনো ভিতৰত সোমাই সোমাই কি কৰে নাজানো৷আগতে বাৰাণ্ডাখনতে বহি ৰ’দ পোৱাই৷আজি এবছৰ মানৰ পৰা বাৰাণ্ডাৰ কাষৰ দুৱাৰখন বন্ধ হৈয়ে থাকে৷কোনো কাম কৰা মানুহ ,জামাদাৰ,প্লাম্বাৰ অহা শুনাও নাই দেখাও নাই৷
আমিয়েই একো গম নাপালোঁ বিশ বছৰে তুমি এবছৰত কি গম পাবা৷অহ মাজতে মানে প্ৰায় ছয় মাহ মান হব চাগৈ এটা প্ৰকাণ্ড পেকিং বক্সৰ ভিতৰত বস্তু এটা আহিছিল৷কোম্পানীৰ মানুহো লগত অহা দেখিলো৷চাৰি পাঁচটা মানুহে বাকচটো ওপৰলৈ উঠাই থৈ গ’ল৷মনতে সন্দেহ হৈছিল ইমান ডাঙৰ পেকিং কৰি অনা বস্তু অকলশৰীয়া মানুহহালক কিয় প্ৰয়োজন হৈছিল বুলি ৷কিন্ত উত্তৰ বিচাৰি পোৱাৰ কোনো উপায় নাছিল৷ভাবিলোঁ পুতেক আহিব চাগৈ কিবা আগতিয়াকৈ পঠিয়াইছে৷ এটা সময়ত সেইবোৰ কথা পাহৰাৰ দৰে হলোঁ৷আজি তুমি কলত কথাটো মনত পৰিল৷
-মাকে সুধিম ৰব৷আচৰিত পালোঁ আজি গোপালদা ৷বজাৰৰ মোনাখন চিৰিতে মানুহগৰাকীক পাই কঢ়িয়াই নি ঘৰত সোমোৱাবলৈ ললোঁ৷তেওঁ মোক দুৱাৰখনৰ মুখতে ৰখাই দি বেগটো কাঢ়ি লোৱাদি লৈ দুৱাৰখন জপাই দিলে জানেনে৷
-মানুহ ঘৰেই অদ্ভুত দিয়া৷তুমি পিছে ডাক্তৰ হৈ কেতিয়া ওলাবা?
-অহা বছৰ গোপাল দা এম ডি কমপ্লিট৷ তাৰ পিছত কোনোবা গাৱঁত গৈ প্ৰেকটিচ৷তাৰ পিছতহে মাৰ ওচৰ পামহি বুলি আশা এটা কৰি আছোঁ৷
-কিহৰ ডাক্তৰহে বিভুতি?অপাৰেচন চপাৰেচন কৰাবোৰ নে?
-নহয় অ গোপাল দা৷এই যে মনবোৰ ঠিক নাথাকিলে অস্বাভাৱিক ব্যৱহাৰ কৰিলে দৰৱ দিয়া ডাক্তৰ আক’
-এহ তেনে মোৰ মানুহজনীৰ কাৰণে দৰৱ এপালি দিবা অ৷
-কি যে কোৱা গোপাল দা!
-এই মানুহজনীৰ বয়স হৈছে মানে অনবৰতে মোক সন্দেহ কৰি থকা হৈছে৷কথা নাই কাণ্ড  নাই কেতিয়াবা মন বেয়া হৈছে বুলি ইনাই বিনাই কান্দি গোটেই ঘৰখনত অশান্তি কৰি থাকে৷ৰাতি ৰাতি টোপনি নাহে চটফটাই থাকে৷কেতিয়াবা কব গৰম লাগিছে কেতিয়াবা আক’ কাৰো ঠাণ্ডা নালাগেই তেওঁ ঠাণ্ডাত কপি থাকে৷
-কিমান মান বয়স হৈছে বৌৰ৷
-হব পঞ্চাশ পচপন্ন মান৷
-এইটো বয়সত মহিলাৰ মেনচুৰেল ইৰেগুলাৰটিৰ বাবে কিছুমান অস্বাভাৱিক ব্যৱহাৰ কৰিবলৈ লয়৷একো নাই দাদা এইটো পিৰিয়ড পাৰ হৈ গলে সকলো ঠিক হৈ যাব৷আপোনাৰ হে কৰিব লগা আছে৷আচলতে ইনচিকিউৰটি বাঢ়ে মেনচ বন্ধ হোৱাৰ বাবে৷নিজকে বুঢ়ীহোৱাৰ ফিল এটা আহে ৷প্ৰতিপদত মানুহজনে নেগলেকট্ কৰা যেন পায়৷
-ঠিক ঠিক ৷একেবাৰে হুবহু মিলি পৰিছে আমাৰ এইৰ লগত৷কি কৰা যায় এতিয়া সেইটো কোৱা৷
-আপুনি বৌক দেখুৱাই হলেও মৰম কৰিব৷যিমান পাৰে সহচাৰ্য দিব৷মন যোগাই চলিব৷মাজেমাজে ইফালেসিফালে ফুৰাবলৈ নিব৷টোপনিটোৰ কাৰণে এলজোলাম দিব পাৰি কিন্ত সেইবোৰৰ প্ৰয়োজন নহব যেন পাইছোঁ৷অযথা দৰৱ নেলাগে খাব দিয়া৷মই আহো দেই গোপাল দা৷

তাৰ পিছত বিভুতি ঘৰলৈ ঘুৰি আহিল৷চিৰিটোত বগাই যাওঁতে অথনিৰ মানুহগৰাকীৰ ঘৰটোৰ সন্মুখত অলপ সময় থমকি ৰ'ল৷কোনো সাৰিশব্দ নাই৷কোনোবা যে ঘৰখনত আছে সেইয়াটো ইমানদিনে সি গমেই পোৱা নাছিল৷কি আচৰিত মানুহগৰাকী৷আৰু চাৱনিটো ধেলা চকুহালৰ ,বৰফৰ দৰে শীতল৷মৰা মাছৰ দৰে৷চকু মুখ ভাবলেশহীন,সন্মোহন যেন হৈ থকা মানুহ এগৰাকী৷"ঠেংকচ এ লট" বুলি কওঁতেও মুখত কোনো কৃতজ্ঞতাৰ ভাব নেদেখিল সি৷ভাবলেশহীন এটা পুতলা তাৰ চকুৰ সন্মুখেৰে ঘৰটোত সোমাই তাৰ মুখৰ ওপৰতে দুৱাৰখন মাৰি দিলে৷নে এইয়া তাৰ ভ্ৰম নেকি?চাইক’পেথিক পঢ়ি পঢ়ি সি কি সবকে তাৰ পেচেণ্ট বুলি ভাবি পেলাইছে নেকি৷সুহুৰি এটা মাৰিবলৈ মন গ’ল তাৰ৷গান এটা গুনগুনাই সুহুৰি বজাই বজাই ঠিক নিজৰ দুৱাৰখনৰ মুখ পাইছে আৰু দুৱাৰখন খোল খাই গ’ল৷সন্মুখত মাক৷
আচৰিত হ'ল সি 
-মই আহিছোঁ বুলি কেনেকৈ জানিলা?
-মনৰ সংযোগ আক’৷বুলি হাঁহি দিলে মাকে আকৌ কলে
-মই তই দেৰি কৰা দেখি দুৱাৰখন খুলাৰ লগে লগে তোৰ সুহুৰি শুনিলো৷জানিলোঁ তোৰ বাদে ফ্লেটত শান্তি বিনষ্ট কৰা কোনো নাই৷
-অহ কথা সেইটো৷এতিয়া মোক মলাই মাৰি কফি একাপ দিয়া ৷মই ফটকৈ গাটো ধুই আহি আছোঁ কথা আছে৷
মাকে তাৰ হাতৰ পৰা দৰৱখিনি লৈ নিজৰ শোৱনী কোঠালৈ সোমাই গ’ল৷আৰু সি নিজৰ৷সি যেতিয়া ফ্ৰেচহৈ ৰুমৰ পৰা ওলাই আহিছিল মাকৰ কফি বনোৱা হৈ গৈছিল৷মাক পুতেক কফি দুকাপলৈ সন্মুখা সন্মুখিকৈ বহি ললে ৷পিৰিচত বাদাম আৰু তাৰ প্ৰিয় পটাটা বিস্কুট৷বাদাম দুটামান মুখতলৈ বিভুতিয়ে আৰম্ভ কৰিলে৷
-মা,আমাৰ ফাৰ্ষ্ট ফ্লৰৰ মানুহক কেতিয়াবা দেখা পাইছা নে?
-দেখিছো মানুহগৰাকীক৷কেতিয়াবা শাকপাচলিৰ বজাৰত কেতিয়াবা চিৰিত উঠোতে৷কিয় কি হ'ল?
-মাতি পাইছা নে কেতিয়াবা?
-চকুৱে চকুৱে পৰিলে তেওঁ মুখখন ঘুৰাই দিয়ে যেন মোক দেখাই পোৱা নাই৷যেন মই তেওঁৰ বহুত পুৰণা শত্ৰু৷মোক দেখি যেন তেওঁ বিৰক্ত হৈছে৷
-তেওঁৰ সৈতে কাৰোবাক ওলাই যোৱা বা কথা পতা শুনিছা নে কেতিয়াবা?
-নাহ !মনতটো নপৰে৷কিন্ত কেতিয়াবা আমাৰ বাৰাণ্ডাৰ পৰা তলেতলে থকা তেওঁলোকৰ বাৰাণ্ডাত কাৰোবাক মানুহগৰাকীয়ে অনৰ্গল কথা কৈ থকা শুনোঁ৷তাৰ পিছত এটা সময়ত দুৱাৰ বন্ধ হৈ যায় তাৰপিছত আৰু সাৰিশব্দ নুশুনা হৈ পৰোঁ৷তলত যে এঘৰ মানুহ আছে সেইকণ সময়তহে গম পোৱা যায়৷কিন্ত আজি কেইবা মাহো তাকো শুনা নাই৷খিৰিকী দুৱাৰবোৰো খুন্দিখুন্দি বন্ধ কৰি থয়৷গতিকে ভিতৰত কি হৈ আছে জনাৰ উপায়ো নাই৷কিন্ত ইমানকৈ কিয় জানিব বিচাৰিছ সেইটো ক আগতে৷
-কম কম ৰবা৷এই মানুহ গৰাকী কৰ, কি কথা ওলিয়াব পৰা যাব নে?
-যাব পাৰে৷এই ফ্লেটৰ বিল্ডাৰজনৰ পৰা৷কি নো ৰহস্য কৰি আছ ?কচোন মোক বাৰু৷
-মই অথনি মেডিচিন আনিবলৈ যাওঁতে তলৰ মানুহগৰাকীক লগ পাইছিলোঁ৷বজাৰৰ মোনাখন উঠাবলৈ কষ্ট হোৱা দেখি মই ঘৰৰ মুখলৈকে নি দিলোঁ৷
-কি?আমি চাৰিঘৰ মানুহে আজিলৈকে সেই মানুহগৰাকীক মাতি পোৱা নাই৷তই কেনেকৈ? আচৰিত হ'ল মাক৷
গোটেই ঘটনাটো বৰ্ণনা কৰিলে বিভুতিয়ে মাকক৷
-এইবোৰত নুসুমাবি বিভু৷অপমান পাবি৷ইগ’ থকা মানুহ এইবোৰ৷তাতে চচিয়েল হব নিবিচৰা মানুহ৷উচিত হব জানো তেনেকুৱা মানুহক জোৰ জুলুম কৰা?
-মা অপমানৰ কথা নহয় অ৷তেখেতক সহায়ৰ প্ৰয়োজন৷ইগ’ নহয় মা৷চি ইজ চিক্৷চি নিদ হেল্প৷
-জানো পাই পঢ়িবলৈ ললি এনেকুৱা এটা চাবজেক্ট যাকে তাকে নিজৰ পেচেণ্ট যেনেই দেখা পাৱ৷কেইদিনমানৰ পিচত মোকো তোৰ পেচেণ্ট নবনাবি খালি৷এইবুলি হাঁহি পেলালে৷

আনকালে হোৱা হেতেন বিভুতিয়েও হাঁহিত যোগ দিলে হেতেন৷কিন্ত আজি কিয় জানো সি হাঁহিব নোৱাৰিলে৷মাথোঁ মাকক কলে
-তুমি খবৰটো সোনকালে লবাচোন ৷কিবা শুংসূত্ৰ পোৱা যায় নেকি৷
পাৰ হৈছিল প্ৰায় এসপ্তাহ ক্লাছ প্ৰেকটিকেলৰ হেচাত পাহৰি পেলাইছিল মানুহগৰাকীৰ কথা এৰিকৰ মাকৰ কথা মাকক সুধিবলৈ ৷আচলতে পাহৰা নাছিল সি মুঠেই ৷মাত্ৰ মাকক সময় দিছিল ইনফৰমেশ্যন খিনি গোটাবলৈ৷সি যেন মনেমনে গোটেই ঘটি থকা ঘটনাৰ দায়িত্ব লৈছিল৷তাৰ চিকিৎসা অধ্যয়নৰ  প্ৰথম পদক্ষেপ এইয়া৷এইটোত কৃতজ্ঞতা লাভ কৰিলে আচল অৰ্থত সি ডাক্তৰ হব৷
-মা এনি নিউজ৷
আজি সি শেষৰটো পৰীক্ষা দি আহিছে মাত্ৰ৷
-আছে আছে তথ্য অলপ গোটাই থৈছোঁ৷তই আজৰি হৈ আহ ৷ভাত খাই খাই পাতিম৷
-ৱাও !এক্সেলেন্ট!ডেটচ লাইক আ গুড মাডাৰ৷তুমি টেবুল লগোৱা৷মই আহি আছোঁ৷
সি বাথৰুমলৈ খোজ ললে আৰু মাকে পাকঘৰত বনাই ৰখা বস্তুবোৰ এটা এটাকৈ মাইক্ৰঅভেনত গৰম হবলৈ দিলে৷
-বাহ!মা আজি সব মোৰ ফেভাৰিট বনাইছা যে৷গ্ৰেট৷
পৰীক্ষা শেষ বুলি আজি থৰেথৰে খোৱা বস্তুৰে টেবুল সজাই ৰাখিছে৷
-আহ!পোলাও৷
 মিচিকিয়াই হাঁহিলে মাকে৷
আজি বিভুতিয়ে ভালপোৱা ভেজ পোলাও বনাইছে৷লগত বাটাৰ চিকেন,ইলিছ মাছ ভাপত দিয়া৷
-বৰিয়লা মাছ ক’ত পালা?
-ফকৰুদ্দিনে দিলেহি৷বৰ সোৱাদ ঘাটৰ পৰা আনিছে৷খাই চা৷
-পোলাওৰ লগত নিমিলিল নহয়৷
-প্লেইন ভাত বনাইছো নহয়৷
-আৰু চুইট কিবা?
-কেৰামেল কাষ্টাৰ্ড৷
-আহ ৰিলেক্স হৈ খাম আজি৷বহুত দিনৰ পিছত টেনচন ফ্ৰী হৈছোঁ৷
খাই থাকোঁতে বিভুতিয়ে কথাটো উলিয়ালে৷
-কিবা খবৰ এৰিকৰ মাকৰ?
-উম বিল্ডাৰ হাজৰিকাক সুধি খবৰবোৰ গোটালো৷কৈছো তেওঁক তোৰ কথা৷কিবা প্ৰয়োজন হলে তোক ফোন কৰি লব দিছে৷
ওকে হব৷এতিয়া তুমি জনা খিনি কোৱা৷
বিভুতিৰ মাকে তেওঁলোকৰ বিষয়ে যিখিনি ইনফৰমেশ্যন দিলে তাৰ পৰা বিভুতিয়ে এইটোৱে গম পালে যে 
এৰিকৰ মাকৰ নাম হ'ল গিতি দেবী৷ঘৰ বিলাসীপাৰা৷বিখ্যাত প্ৰমথেশ বৰুৱাৰ ঘৰৰ কাষতে তেখেতৰ ঘৰ আছিল৷তেওঁও বিখ্যাত ব্যৱসায়ী সদানন্দ শৰ্মাৰ একমাত্ৰ জী৷সৰুতেই সোণৰ চামুচ মুখত লৈ অহা তেওঁ৷মাক দেউতাকৰ মৰমতকৈ তেওঁৰ ধাইমাক বিনিতাইহে বেচি মৰম কৰিছিল৷দেউতাকৰ চাহপাতৰ ব্যৱসায় খুব ভালেই চলিছিল ৷গতিকে অভাব কি বুজি নোপোৱাকৈ ডাঙৰ হৈছিল গিতি দেবী৷মাক সমাজ সেৱা কামত নিজকে ব্যস্ত কৰি ৰাখিছিল৷দেউতাকে মাকক বা মাকে দেউতাকক সময় দিবকে নোৱাৰিছিল৷গিতিৰ চাগে মনত নাছিল লাষ্ট কেতিয়া মাক দেউতাক আৰু তাই একেলগে বহি খাইছিল৷তাইক মেট্ৰিকৰ পাচতে  বৰ্ডিংত পঠিয়াই দিছিল৷পি ইউ পাচ কৰাৰ পিছত কলেজ পঢ়িবলৈ কলিকতা তাৰ পিছত তাতে থাকি এম এ৷লগত গৈছিল বিনিতা৷ছুটিৰ দিনত ঘৰলৈ আহিলেও সময় নাছিল মাক দেউতাকৰ সময় দিবলৈ৷লাহেলাহে ঘৰলৈ আহিবলৈ মন নোহোৱা হৈ আহিছিল গিতিৰ৷ঘৰলৈ আহিলে মনত পৰিছিল মাকৰ অবিহনে ক’ত ৰাতি উচুপি উঠা দিনবোৰলৈ৷ভয়লগা সপোন দেখি  মাকৰ বুকুত কুচিমুচি সোমাবলৈ গৈ শুদা বিচনাখনত টোপনিৰ জালত খেপিয়াই ফুৰিছিল৷প্ৰতি মুহূৰ্তত তাইক নিসংগতাই খেদি লৈ ফুৰিছিল৷বিনিতাৰ বাদে মনৰ কথা গম পাব বুলি সমনীয়াৰ পৰা আঁতৰি আছিল৷মাক দেউতাকলৈ আক্ৰুশ সোমাইছিল কোমল মনত৷কলেজত পঢ়ি থাকোঁতেই বৰ্তমানৰ স্বামী যাদৱ শইকীয়াৰ সৈতে চিনাকি৷এম এ পঢ়ি থকাৰ সময়তে যাদৱ শইকীয়া কলিকতাত উকালতি পঢ়ি আছিল৷আৰু সেই সময়তে  হঠাৎ  চেলিব্ৰেল মেলেৰিয়া হৈ বিনিতাৰ মৃত্যু হয়৷দিশহাৰা হৈ পৰে গিতি দেবী৷সেই সময়তে ছাঁৰ দৰে লাগি ফুৰিছিল যাদৱ শইকীয়া৷তেওঁ এটা সাধাৰণ খেতিয়কৰ ল’ৰা৷গিতি দেবীৰ এসময়ৰ সহপাঠী৷পাচ কৰি উঠি গিতি দেবীয়ে শইকীয়াৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷কথাষাৰ তেওঁ মাক দেউতাকৰ আগত গোপন কৰিছিল৷ঘৰলৈ নি মাক দেউতাকৰ সৈতে পৰিচয় কৰাই দি তেওঁৰ সৈতে সংসাৰ পতাৰ ইচ্ছা প্ৰকাশ কৰে৷দেউতাক মাক গৰজি উঠে৷যাদৱ শইকীয়াক ভিক্ষাৰী বুলি অপমান কৰি খেদি দিছিল৷সেই ৰাতিয়েই গিতি দেবী ওলাই আহিছিল যাদৱ শইকীয়াৰ সৈতে৷বিখ্যাত উকীল যাদৱ শইকীয়াই গিতিক বিয়া কৰোৱাৰ পৰা দোপতদোপে উন্নতি কৰিছিল৷তাৰ পিচৰ এপিচডৰ বিষয়ে বিশেষ কোনেও গম পোৱা নাছিল৷এৰিক নামৰ ল’ৰা এটা কেতিয়া জন্ম হ'ল নে নিঃসন্তান হৈয়ে থাকিল দম্পতীহাল সেইয়া কোনেও গম নাপায়৷তথাপি হাজৰিকাই বিলাসীপাৰাত থকা মোমায়েকলৈ ফোন কৰিছে৷তেখেতে ইনফৰমেশ্যন অলপ গোটাই দিব৷
বিভুতিয়ে প্ৰেকটিচ আৰম্ভ কৰিছিল যদিও মানুহগৰাকীক এবাৰ লগ পোৱাৰ সুযোগ বিচাৰি থাকিল৷পাণ দোকানী গোপালক তাৰ ফোন নম্বৰটো দি থলে৷
-গোপাল দা মানুহগৰাকী ওলাই যোৱা দেখিলেই তুমি ফোন কৰিবা৷
ৰগৰ কৰি কৈছিল গোপালে 
-গাভৰু ছোৱালী এজনী কলৈ গৈছে নাইযোৱা ইনফৰমেশ্যন লাগে বুলি বাৰু তোমাৰ দৰে ডেকা এজনে কলে শুৱাই৷এই বুঢ়ী মানুহজনীৰ পিছত লাগি থকা কথাষাৰহে নুবুজিলোঁ৷
-হাঁ হাঁ পাবা পাবা সময় আহিলে সব গম পাবা৷নাতিনী আছে নেকি খবৰ এটা লওঁ বুলি ভাবিছোঁ হে গোপাল দা৷
দুইটাই হাঁহে ৰসিকতাত
কৰিছিল এদিন ফোন গোপালে৷
-এই মাত্ৰ ওলাই যোৱা দেখিলোঁ বুঢ়ী গৰাকীক৷গা ভাল নাই চাগে৷মুৰে গায়ে কাপোৰলৈ ওলাই গৈছে৷অলপ লেঙেৰাই যোৱা যেন দেখিলোঁ৷খুব সম্ভৱ বজাৰৰ ফালেকে গৈছে৷খৰকৈ গলে লগ পাবা৷
সেইটো সময়তে বিভুতিয়ে চাহকাপ খাবলৈ লৈছিল আৰু৷যৰে চাহ ততে পেলাই ভৰিত স্লিপাৰ যোৰ ভৰাইয়ে লৰালৰিকৈ ওলাই আহিবলৈ লৈ মাকক চিঞৰি থৈ আহিল৷
-মা মই অলপ আহি আছোঁ৷
মাকে পাকঘৰত ব্ৰেকফাষ্টৰ যোগাৰ কৰি আছিল৷পাকঘৰৰ পৰাই চিঞৰিলে তেওঁ
-কিবা এটা নোখোৱাকৈ ক’ত যাৱ৷খাই বৈ ওলাই যাবি৷
মাকে ভালকৈ জানে ল’ৰা এবাৰ ওলাই গলে কেতিয়া ঘুৰে তাৰ ঠিক নাই৷পাঁচ মিনিট পাঁচ মিনিটকৈ কিমান ঘন্টা পাৰ হব তাৰ ঠিক নাই৷
বিভুতিৰ সময় নাই শুনিবলৈ৷এই সুযোগ হেৰুৱালে আকৌ সহজে পোৱা নাযাব৷ সি ইতিমধ্যে বহুত দুৰ ওলাই আহিছিল৷বজাৰ সোমাইয়ে ইফালেসিফালে চালে সি৷দোকানবোৰত মানুহৰ সমাগম এতিয়াও হোৱা নাই৷দুই এখনে কপাট খুলিছে হে৷এৰিকৰ মাকক বিচাৰি পাবলৈ বেছি সময় নালাগিল বিভুতিৰ৷শাকপাচলি কিবাকিবি কিনি আছিল৷সি দুৰৰ পৰাই তেওঁৰ গতিবিধি লক্ষ্য কৰি থাকিল৷মানুহ গৰাকীয়ে এইবাৰ ফাৰ্মাচীত সোমোৱা দেখি সি আগবাঢ়ি গৈ এঠাইত ৰৈ দিলে৷সি ৰোৱা জেগাৰ পৰা ফাৰ্মাচীৰ ভিতৰলৈকে দেখা যায়৷মানুহ গৰাকীয়ে কাগজ এখিলা আগবঢ়াই দিলে৷ফাৰ্মাচীৰ ল’ৰাটোৱে এটা এটাকৈ টেবুলৰ ওপৰত  বস্তুবোৰ থৈ গ’ল৷তাৰ বস্তু কেইপদ দেখি অলপ আচহুৱা লাগিল৷এটা ডাঙৰ ডেটলৰ বটল,এটা ডাঙৰ বেটাডিনৰ বটল,স্পিৰিটৰ বটল,চিৰিঞ্জ দুটামান,আৰু কপাহৰ ডাঙৰ বাণ্ডিল এটা,আৰু কিবাকিবি টেবলেট,কেপচুল ৷সি ইমান আঁতৰৰ পৰা কি দৰৱ ললে সেইকেইটা ধৰিব নোৱাৰিলে৷মানুহগৰাকীয়ে এহাতে পাচলি এহাতে মেডিচিন লৈ ভালদৰে খোজেই কাঢ়িব পৰা নাই৷সি ঠাইতে ৰৈ চাই থাকিল৷অলপ দুৰ গৈ মানুহগৰাকীয়ে বজাৰৰ মোনাখন মাটিত থয়৷আকৌ কিছু সময় ঠাইতে ৰই৷আকৌ মোনাখন কঢ়িয়াই কেইখোজমান যায়৷বৰ অসহায়হৈ ইফালেসিফালে চাই বেগটো খুলি কাগজ এখন ওলিয়াই কিবা এটা যেন নিজকে কোৱাদি কয়৷সি বুজি পালে আৰু বেচি দুৰ তেনেকৈ তেওঁ যাব নোৱাৰিব৷আৰু তাতে নিশ্চয় আৰু কিবা বজাৰ কৰিবলৈ আছে৷কাৰণ হাতৰ লিষ্টখনলৈ দোকানবোৰৰ ফালে উকি মাৰি চাই৷এইবাৰ সি আগবাঢ়ি আহিল মানুহগৰাকীৰ ফালে৷
-আৰে জেঠী বজাৰ কৰিছে৷এইবুলি সি হাতখন আগবঢ়াই তেওঁৰ হাতৰ মোনাখন লব বিচাৰিলে৷বিনাদ্বিধাই তেওঁ তাৰ হাতত বজাৰৰ মোনা খন তোলি দিলে৷
-দিয়ক দিয়ক জেঠী৷সেইটোও মই ধৰি দিম৷
এইবাৰ তেওঁ যেন অকমান অসন্তুষ্ট হ'ল৷বিভুতিয়ে বুজিলে তেওঁৰ মনোভাৱ৷আৰু নকলে একো ৷তেওঁৰ লগেলগে গৈ থাকিল৷মানুহগৰাকীয়ে সোঁভৰিখনেৰে অলপ খুৰাইছে ৷
-আৰু কিবা লবলৈ আছে যদি লৈ লওক জেঠী৷
অন্যমনস্ক হৈ আছিল চাগৈ৷বিভুতিৰ মাতত অলপ থতমত খোৱা যেন লাগিল৷
-কিবা কৈছিলা?
লগপোৱাৰ পৰা প্ৰথম কিবা এটা সুধিলে তেওঁ৷
-নহয় মানে কলোঁ যে দৰকাৰী বস্তুখিনি লৈ লওক একেবাৰে৷যিহেতু আপুনি বাৰেবাৰে বজাৰলৈ আহি থকা অসুবিধা যেতিয়া৷মই আছোঁ লগতে৷থৈ আহিম আপোনাক৷
-চিনি নাপাবা তুমি৷
চমুকৈ কলে তেওঁ৷বিভুতিয়ে বুজিলে মানুহগৰাকীয়ে পাহৰিলে আগতে তাক লগ পোৱা কথাষাৰ৷
অলপ দুৰগৈ তেওঁ এখন ডিপাৰ্টমেণ্টেল ষ্টৰত সোমাল৷তাতে হৰলিক্সৰ পৰা আৰম্ভ কৰি গাখীৰ ,ক্ৰীম,বিস্কুট জাতীয় কিবাকিবি ললে৷
- চাউল ডাইল কি ক’ত লাগে লৈ লওঁক৷সি তেনেকৈ কোৱাৰো কাৰণ আছে ৷
-হলনে জেঠী৷আৰু কিবা লব?
এইবাৰ তেওঁ তাৰ মুখলৈ চালে৷চকুহাল সেই একে শীতল ধেলা ৷ভাবলেশহীন৷
-হল৷
যিষাৰ নকলে নহয় সেইষাৰে কব তেওঁ৷লাহেলাহে ঘৰৰ ফালে খোজ ললে  তেওঁ৷পিচেপিচে বিভুতিয়ে তেওঁৰ মোনা কেইখনলৈ৷ফাৰ্মাচীৰ টোপোলাটো এতিয়াও তেওঁৰ হাতত৷চিৰিটোৰ ওচৰ পাই তেওঁ তালৈ ঘুৰি চালে৷টোপোলাটো লৈ তেওঁ চিৰিটোৰ এধাপ উঠি যেন কপি উঠিল ৷বেলেণ্স হেৰুৱাৰ উপক্ৰম হ'ল৷বিভুতি পিচফালে নথকা হেতেন আজি মানুহগৰাকী আহি তলত লুটিখাই পৰিল হেতন৷বিভুতিয়ে এনেকুৱা এটা কাণ্ড ঘটিব বুলি প্ৰস্তুতেই আছিল৷মোনাকেইখন তলত ৰাখি তেওঁক ওপৰলৈ আগবঢ়াই দিম বুলি লওঁতেই কাণ্ডটো ঘটিল৷দুইহাতেৰে মানুহগৰাকীক আকোঁৱালি ধৰিল৷মানুহ গৰাকীয়ে নিজকে চম্ভালিলৈ তালৈ চালে৷এইবাৰ শীতল চকুশালত পৃথিৱীৰ বিস্ময়৷বিভুতিয়ে আলফুলে ধৰি থিয় কৰাই দিলে৷ইতিমধ্যে তেওঁৰ হাতৰ টোপোলাটো তাৰ হাতত নিশ্চিন্ত মনে এৰি দিলে৷তাৰ ওচৰত নিজকে এৰি দিয়াৰ বাদে তেওঁৰ আন উপায় নাই বুলি বুজি পালে৷
-জেঠী কিবা দৰকাৰ হলে মোক কব৷মই আনি দিম নহয় কি লাগে৷
মাত্ৰ এষাৰ কথা কলে
-কাৰ লৰা?কি কৰা?
সি নিজৰ পৰিচয় সংগোপনে ৰাখি কলে 
-ওচৰতে থাকোঁ৷পঢ়ি আছোঁ৷
বস সিমানেই৷
তেওঁ এখোজ দুখোজকৈ ওপৰলৈ গৈ থাকিল ৷আৰু সি বেগ কেইটা লৈ তেওঁৰ পিচে পিচে৷মানুহ গৰাকী খুব বেছি দুৰ্বল হৈছে৷কপনিটো সি পিছেপিছে গৈছে যদিও অনুভৱ কৰিব পাৰিছে৷ঘৰটোৰ মুখত অলপ ৰ'ল তেওঁ৷প্ৰচণ্ড ফুপাইছে তেওঁ৷কপাকপা হাতেৰে বেগটোৰ ভিতৰখন খুচৰি থাকিল৷খুব সম্ভৱ চাবিটো বিচাৰিছে৷দিয়ক বুলি বেগটো তেওঁৰ পৰা বিভুতিয়ে হাতত ললে৷তেওঁ অসহায় হৈ চাই থাকিল৷মানুহগৰাকী এইযেন পৰি যাব৷ভৰি কেইটাত ভৰ দি থিয়হৈ থাকিব নোৱাৰি দেৱালত হাতখন দি ভেজা দি থিয় হৈ থাকিল৷এইবাৰ বিভুতিয়ে কি নবত চাবিটো দুপাক ঘুৰাই দিলে৷দুৱাৰখন হেচুকি দিয়াৰ লগেলগে খুল খাই গ’ল৷উৎকত মেডিচিন আৰু পঁচা পঁচা গোন্ধটো নাকত লাগিলহি৷মানুহগৰাকীক এহাতেৰে চাপৰ্ট দি লাহেলাহে ভিতৰলৈ লৈ আনিল৷ইফালেসিফালে চাই চোফাখনতে বহোৱাই দিলে৷মানুহগৰাকীয়ে চকু কেইটা মুদি চোফাখনতে বেকা হব বিচাৰিলে৷সি লৰালৰিকৈ বজাৰৰ মোনাবোৰ কাষতে থৈ মানুহগৰাকীৰ ওচৰত থিয় হ'ল৷এতিয়াও চকু মুদি থাকিয়ে দীঘল দীঘল উশাহ লৈ থাকিল তেওঁ৷সি লাহেকৈ হাতখন লৈ নাড়ী পৰীক্ষা কৰিলে৷হাৰ্টৰ বিট ইৰেগুলাৰ৷
-জেঠী৷জেঠী
মাতিলে বিভুতিয়ে৷মানুহগৰাকীৰ কোনো সাৰ সিকটি নাই৷দৌৰি গ’ল সি পাকঘৰ বুলি ভবা ৰুমটোলৈ৷একোৱা ফ্ৰেচটোৰ পৰা এগিলাচ পানী আনি মুখত চেটিয়াই দিলে৷লাহেকৈ চকু কেইটা মেলি চালে মানুহগৰাকীয়ে ফুটানুফুটাকৈ ওলাল
-পানী
মুৰটো ওপৰলে ধৰি সি গিলাচটো মুখৰ ওচৰলৈ নিলে৷এধুক গিলিয়ে চকুটো মুদি দিলে৷সি বুজিলে এতিয়া ঘৰত ৰখাটো ৰিস্কৰ কথা ৷ফোনটো লৈ সি ডায়েল কৰিলে
-মই ডাক্তৰ বিভুতিয়ে কৈছো৷ইমিডিয়েট এম্বুলেন্স পঠিয়াব লাগে হাউচ নং ৬২৫ চেকেণ্ড ফ্লৰ৷
তেওঁক তাতে শুৱাই মানুহ গৰাকীৰ স্বামীক বিচাৰি শোৱা কোঠালিটোলৈ সোমাই যাবলৈ লৈ অলপ ইতস্ততঃবোধ কৰিলে৷কিন্ত উপায়োটো নাই৷মাকক ফোন কৰি তললৈ মাতি পঠিয়ালে৷মাকৰ সৈতে মানুহগৰাকীক গতাই শোৱনি কোঠালৈ সোমাই যাবলৈ দুৱাৰখন খোলাৰ লগেলগে প্ৰথমে পোৱা গোন্ধটো আৰু তিব্ৰহৈ নাকত লাগিলহি৷ৰুমালখন ওলিয়াই নাকত দি ইফালেসিফালে চালে ৰুমটো ৷ডাবল বেডৰ বিচনাখন আৰু কাষত প্ৰকাণ্ড আইচক্ৰীমৰ বাকচ এটা৷তাৰ বাদে কোনো মানুহৰ উমান নাপালে৷আচৰিত !তেন্তে তেওঁৰ স্বামী?ৰহস্যময় পৰিবেশ ৰুমটোত৷এক মুহূৰ্তৰ বাবে ভাবিলে সি ৷কি আছে বাকচটোত৷কিছু দিনৰ আগতে সি শুনিছিল পশ্চিমবংগৰ কেচটোৰ কথা৷পুতেক বাপেকে মাকৰ শৰীৰটো আইচক্ৰীম ফ্ৰীজাৰত কেনেকৈ থৈ দি বাচি যাব আকৌ বুলি আশা পুহিছিল৷তেনেকুৱা কিবা কৰা নাইটো৷এইবাৰ সি সাহস গোটাই আইচক্ৰীমৰ বাকচটো অলপকৈ উঠাই চাই দুখোজমান পিচুৱাই আহিল৷তৎক্ষণাত ফোন লগালে
- পানবজাৰ পুলিচ থানা৷ইমিডিয়েট আহিব লাগে৷
ইতিমধ্যে এম্বুলেন্স আহি পাইছিল৷মাকক তাতে ৰবলৈ দি সি মানুহগৰাকীক নি হাস্পতালত ভৰ্ত্তি কৰাই দিলে৷সকলোবোৰ ঠিক কৰি থৈ সি লৰালৰিকৈ ঘৰলৈ ঘুৰি আহিল৷ইতিমধ্যে পুলিচ আহি উপস্থিত হৈছিল আৰু ফ্লেটৰ মানুহ ওচৰচুবুৰীয়া মানুহ আহি জুম বান্ধিছিলহি৷পুলিচৰ অচি জনৰ সৈতে কথা পাতি গোটেই ঘটনাটো থোলমুলকৈ বৰ্ণনা কৰিলে৷নাকত কাপোৰলৈ সোমাই গ'ল অচি আৰু বিভুতি৷
এইকেইদিন বিভুতিৰ খাবলৈ শুবলৈ সময় নাই৷গিতি দেবীৰ ডাক্তৰ,এটেণ্ডেণ্ট দুইটা ৰুল প্লে কৰিব লগা হৈছে৷পুলিচৰ মানুহও বিলাসীপাৰাত তেখেতৰ পৰিয়ালৰ কোনোবা পাই নেকি বিচাৰি গৈছে৷সুস্থ হৈ নুঠালৈকে পুলিচৰ জেৰাৰ পৰা গিতি দেবীক আঁতৰাই ৰাখিছে৷তেওঁকো বিশেষ জানিবলৈ দিয়া নাই যে তেওঁৰ ঘৰটো চীল কৰি ৰখা গৈছে৷দুদিনমানৰ পিছত সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি আশা কৰিব পাৰি৷মাজেমাজে এৰিক বুলি বিভুতিৰ হাতখন সাৱটি ধৰে৷সিওঁ অলপ সময়ৰ কাৰণে এৰিকহৈ পৰে৷সি অনুভৱ কৰে মানুহ গৰাকীৰ আকুলতা৷সি বুজে মানুহগৰাকীৰ কাৰণে এতিয়া এবুকু মৰম ,অলপ সংগ,অলপ আস্বস্তৰ প্ৰয়োজন সুস্থ হৈ উঠিবলৈ৷জীৱনৰ এচোৱা কাল অকলশৰীয়া নিসংগতাতে কটালে৷শৈশৱত নজনা নজনাকৈ,কৈশোৰত আনে ঘৰৰ কথাবোৰ বাহিৰত গম পাই যাব বুলি ,আৰু যৌৱনত শংকা, নিসংগতা,অসুৰক্ষিত এটি জীৱন কটাই মানুহগৰাকী শামুকৰ খোলাত সোমাই পৰিবলৈ আৰম্ভ কৰোঁতেই জীৱনলৈ আহিছিল শইকীয়া৷নদীত উটি যাওঁতে খেৰকুটা এডাল পাই তাকে খামুচি ধৰিছিল গিতি দেবীয়ে৷লাহেলাহে জীৱনটো স্বাভাৱিক চন্দত চলিবলৈ আৰম্ভ কৰোঁতে এৰিকৰ জন্ম৷এৰিক লাহেলাহে ডাঙৰ হৈ আহিল ৷পঢ়াশুনা কৰি পঢ়িবলৈ ওলাই গ’ল বিদেশলৈ৷লাহেলাহে যোগাযোগ কমি আহিল৷আগতে মাহেকৰ মুৰত এটা ফোনকল আহিছিল৷পিচলৈ তাকো নাইকিয়া হৈ পৰিল৷ভিতৰিভিতৰি আৰু নিস্তব্ধ আৰু নিসংগহৈ পৰিল গিতি দেৱী৷মানুহজনক ডায়েবেটিছে পালে৷লাহেলাহে কিডনীত ধৰিল৷তেওঁকো হেৰুৱাব লগা হয় বুলি তেওঁক গৃহবন্দী কৰি পেলাইছিল গিতি দেৱীয়ে৷ ধাৰণা হৈছিল ঘৰৰ পৰা বাহিৰ হলেই তেওঁকো হেৰুৱাব৷লাহেলাহে মানসিক ভাৰসাম্য হেৰুৱাবলৈ আৰম্ভ কৰিছিল গিতি দেবীয়ে৷বাহিৰৰ পৰা স্বাভাৱিক যেন লাগিলেও তেওঁ মেন্টেল ডিজঅৰ্ডাৰৰ স্বীকাৰ হবলৈ আৰম্ভ কৰিছিল৷স্বামী এদিন বিচনাত শুই থাকোঁতেই মৃত্যুক সাৱটি লৈছিল৷কথাষাৰ তেওঁ মানি লব পৰা নাছিল৷তেওঁ নমৰালৈকে স্বামীক জীয়াই ৰাখিব তেওঁ৷সেই উদ্দেশ্যৰে আইচক্ৰীমৰ বাকচটো কঢ়িয়াই আনিছিল৷আচৰিত কথা কাৰো সহায় নোহোৱাকৈ সেই বাকচটোত কেনেকৈ সোমোৱালে ডেড বডীটো তেওঁহে জানে৷মানসিক ভাৰসাম্য হেৰুৱাৰ পিছত ৰুগীৰ গাত এক অদ্ভুত শক্তি আহে৷নিজে কি কৰিছে তাৰ উমান ৰুগীয়ে নাপাই৷গিতি দেৱীয়ে হয়তো সুস্থহৈ থকা হলে তেনে কৰিব নোৱাৰিলে হেতেন৷তাৰ পিচত এইয়া বিভুতিয়ে আনি নিজৰ জেঠী কৰি সংগ দিছে৷সোনকালেই ভালহৈ উঠিব সি আশা পুহি ৰাখিছে৷কিন্ত তাৰ পিছত?নাভাবে এতিয়াই তাৰ পিচত কি হব ৷এতিয়া মাথোঁ গিতি দেৱীক সুস্থ কৰি তোলাই তাৰ উদ্দেশ্য৷
সচাকৈয়ে নিসংগতা কি ভয়ংকৰ৷নিসংগতাই কেতিয়াবা জীৱনৰ অভিশাপ হৈ উঠে৷সচাকৈয়ে আমি সকলোৱে নিসংগতাৰ স্বীকাৰ হৈছোঁ৷ইমান ভিৰৰ মাজতো আমি নিসংগ৷অকলশৰীয়া৷



No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...