দ্বিতীয় বিবাহ আৰু কিছু প্ৰাসংগিকতা
বিয়াৰ ডেৰটা বছৰ পাৰ হৈছিল।আৰু তেতিয়ালৈ তাহাঁতৰ মাজলৈ আহিছিল এটি দেৱশিশু।আচৰিত লাগে ভাবিলে ডেৰটা বছৰত বাৰু তাইলৈ অকণমানো ভালপোৱা তাৰ অন্তৰত পুখা মেলা নাছিল নে?ইমান কঠোৰ আছিল নে হৃদয়খন তাৰ।তাইৰো দেখোন দুখ কম নাছিল।তাইনো কিয় নোৱাৰিলে তাৰ মনত অকণ ভালপোৱাৰ ভাব সঞ্চাৰ কৰিব।কিন্তু লগত থাকোতে দেখোন তাই অনুভৱেই কৰা নাছিল সি তাইক ভালপোৱা নাছিল বুলি।কোনো খুট নুহোৱাকৈ কৰা অভিনয় আছিল নেকি?তাই জানো ভাল পোৱা নাছিল তাক ?পাইছিল, তাইও খুব ভাল পাইছিল তাক।কিন্তু সি বুজি নাপালে তাইৰ ভালপোৱাইগ’ জানো অকল তাইৰে আছিল ?তাৰ নাছিল জানো?তাই জানো বিচাৰিছিল তাহাঁতৰ তিনিজনীয়া সুখৰ সংসাৰখন ভাগি যোৱাটো?কোনো পত্নীয়ে নিবিচাৰিব নিশ্চয় পতিয়ে অৱহেলা কৰক বা সংসাৰখন ভাগি যাওঁক।নিশ্চয় বিচৰা নাছিল তাই তাহাঁতৰ সংসাৰখন ভাগি যাওঁক।সন্তানে পিতৃৰ পৰিচয় হেৰুৱাক।বয়সৰ সৈতে তাইৰ মনটো পৈনত নাছিল চাগে।চটফটিয়া আছিল তাই বাগিচাত উৰি ফুৰা নিস্পাপ পখিলা এজনীৰ দৰে সৰল।সংসাৰৰ জটিলতা বুজি নোপোৱা এজনী নিষ্কলুষ ছোৱালী।তাই কি বুজিছিল সংসাৰৰ হালজাল।বিয়া হবৰ সময়ত যেনেকৈ ঘৰখনৰ প্ৰতিজন সদস্যৰ সৈতে মিলি থাকিবলৈ উপদেশ দিছিল তেনেকৈয়ে চলিবলৈ যত্ন কৰিছিল।কৰবাত ভুল হৈছিল তাইৰ।বুকুৰ আমঠু বুলি ভবা মানুহটোৱে যেতিয়া কৈছিল “আপোনাৰ ছোৱালী লৈ যাওঁক”বুলি মাক দেউতাক শিলপৰা কপৌৰ দৰে ঠাইতে বহি পৰিছিল।তাই শুনি আছিল সকলোবোৰ ভিতৰৰ পৰা।আগেয়ে কিছু আভাস পাইছিল তাই।ওলাই আহি ঠুকাঠুকি মাতেৰে কৈছিল
-মই যাব বিচৰা নাই এখেতক এৰি।কিন্তু মোৰ বিবেকে নকয় ঘৰখন এৰি যাবলৈ।
কিছুদিনৰ পিচত তাই অলপ তেওঁক ব্যৱধান দিবলৈকে আঁতৰি আহিছিল দুদিন মানৰ বাবে।দুদিন মান আঁতৰি থাকি তেওঁ সুস্হ মনেৰে ভাবক।নিজৰ সংসাৰখনৰ বাবে ভাবক।আহোতে মানুহজনৰ সন্মুখত একো নকৈ থিয় হৈ আছিল তাই।
অলপ সময়ৰ আগতে বায়েকে তেওঁৰ সৈতে কথা পতা সিটো ৰুমৰ পৰা শুনিছিল তাই।
-এইক দুদিন মানৰ কাৰণে লৈ যাওঁ।অলপ চেঞ্জ এটাও হব আৰু দুইটাই আকৌ এবাৰ ভাবা কিবা এটা সিদ্ধান্ত লোৱাৰ আগতে।আশা কৰো তুমি তাইক কিছুদিনৰ পিচত ঘৰৰ পৰা লৈ যাবাহি।
-নিশ্চয়।দুদিন মান থাককগৈ মই লৈ আনিম।
তাইক সন্মুখত থিয় হৈ থকা দেখি সি লাহেকৈ কৈছিল
-তুমি গৈ আহা ঘৰৰ পৰা।মই গৈ লৈ আহিমগৈ
চকু তুলি চাইছিল তাই।মিচিকিয়াই হাঁহি থকা মানুহটোৰ মুখখন দেখি আস্বস্ত হৈছিল।শাহু-শহুৰক সেৱা কৰিছিল তাই তথাপি ভবা নাছিল সেয়া তাইৰ তেওঁলোকৰ পৰা লোৱা শেষ আশিষ।বায়েকহঁতৰ সৈতে আহি যেতিয়া গাড়ীত বহিছিলহি তাই কিবা এটা অজান আশংকাত বুকুখন কপিছিল তাইৰ।কিন্তু মানুহজনৰ মুখখনললৈ মনত পৰিছিল বাৰে বাৰে।নাই নাই তাইক তেনেকৈ এৰি নিদিয়ে তেওঁ।নোৱাৰে এৰি দিব তাইক।আৰু কণমানিটো দেউতাকটোৱে এনেকৈ এৰি দিব কেনেকৈ কোনোটো অপৰাধ নাই তাৰ।নিস্পাপ দেৱশিশু এটি।
  তাইক এৰি দিবলৈওটো তাই তেনেকুৱা কোনো অপৰাধ কৰা নাছিলতথাপি এৰি দিছিল মানুহজনীক তেওঁৰ সন্তানৰ সৈতে।এবাৰো পিচলৈ নোচোৱাকৈ এটা সমন্ধৰ পৰা পলাই আঁতৰি গুচি গৈছিল।এটা সমন্ধক অকনো কষ্ট নোহোৱাকৈ গচকি মুহাৰিথৈ গৈছিল।সন্তানটোৰ প্ৰতি থকা নুন্যতম দায়িত্ব খিনিৰ বিষয়েও এক লহমাৰ বাবে নভবাকৈ এৰি গৈছিল।এটা সমন্ধ শেষ কৰিবলৈ ইমান সহজ।আদালতলৈ চুচৰাইছিল তেওঁ, তাই তেওঁক এৰি দিব নিবিচাৰাৰ ফল ভোগ কৰিছিলপ্ৰতিবাৰ আদালতত বিভিন্ন আচহুৱা প্ৰশ্নৰ সন্মুখিন হৈ অপ্ৰস্তুত হৈছিল তাই।প্ৰতিবাৰত মনটো ক্ষত-বিক্ষত হৈছিল আৰু অৱহেলা ভৰা তেওঁৰ কথাবোৰ শুনি তাইৰ কলিজাখন ফাটি টোকোৰা টোকোৰ হৈছিল।মনৰ বল হেৰুৱাইছিল।শেষত তাই সিদ্ধান্ত লৈছিল তেওঁক মুক্তি দিয়াৰ সকলো সমন্ধৰ পৰা।তাই তাইৰ সৈতে থকা সমন্ধ হে শেষ কৰিছিল ল’ৰাটোৰ সৈতে তাৰ দেউতাকৰ সৈতে সমন্ধ কেতিয়াও শেষ কৰিব নোৱাৰে তাই জানে।কিন্তু মানুহজনে সন্তানৰ সৈতেও সমন্ধ ৰাখিবলৈ কোনোদিন যত্ন নকৰিলে।তেওঁক যেতিয়া শেষ বাৰলৈ লগ পাইছিল মানুহজনে তাইৰ মাকৰ আগত কৈছিল
-আপোনাৰ ছোৱালীয়ে কেতিয়াও বেলেগ এজনক সংগী কৰাৰ যোগ্যতা নাই।
কথাষাৰ কাণত বাজি ৰৈছিল।উকীল আৰু আইনৰ মেৰপেচৰ কথাৰ বিষয়ে অজ্ঞ আছিল তাই।সামান্য কেইটামান টকা দলিয়াই দিছিল তাইৰ পৰা মুক্তিৰ বিনিময়ত।আৰু দিছিল পুত্ৰৰ খৰছৰ বাবত পোন্ধৰশ টকা লবলৈ অস্বীকাৰ কৰিছিল আদালতত উকীলৰ সন্মুখত।তাইক কোৱা হৈছিল পুতেকক তুমি তাৰ প্ৰাপ্যৰ পৰা বঞ্চিত কৰিব নোৱাৰা।এই টকাৰে তেওঁক সদায় পুত্ৰৰ প্ৰতি থকা তেওঁৰ দায়িত্বৰ বিষয়ে সোঁৱৰাই ৰাখিব।আচৰিত হৈছিল আদালতৰ বিচাৰত।এজন পুত্ৰৰ পিতৃৰ ওচৰত সেয়াই আছিল নেকি মৰমৰ প্ৰতিদান বা এজন পিতৃয়ে যদি পুত্ৰক ত্যাগ কৰে কোনো দায়িত্ব পালন নকৰি তেন্তে আদালতে এনেদৰেই বিচাৰ কৰে নে?বা এগৰাকী অভিযন্ত্ৰাৰ পদত থকা ব্যক্তিৰ পত্নীৰ মুল্য একলাখ নেকি?নে এজন খ্যাতনামা উকীল ধৰিব নোৱাৰাৰ ফল ভোগ কৰিব লগা হৈছিল তাই।ছবিশ বছৰীয়া জীৱনৰ অভিজ্ঞতাই তাইক শিকোৱা নাছিল জীৱনৰ জটিলতাৰ বিষয়ে।মাক-দেউতাকৰ মৰমৰ উমলৈ ডাঙৰ হৈছিল তাই ,তেওঁলোকেই আৱৰি ৰাখিছিল জটিল পৃথিৱীৰ সৈতে পৰিচয় নকৰোৱাকৈয়ে।সকলোবোৰ ঠিকহৈ যাব সময় যাবলৈ দে।তাইওঁ সময়ক সকলো এৰি দিছিল।অদৃষ্টই যিটো পথেৰে আগুৱাই নিছিল তাই আগবাঢ়ি গৈ আছিল।ল’ৰাটোলৈ চাই মাথো সকলোৰে আলক্ষিতে হুমুনিয়া কাঢ়িছিল।বছৰ বাগৰিছিল ল’ৰাই আমন জিমনকৈ থাকিবলৈ লৈছিল।তাৰ অভাবৰ কথা সি মুখেৰে নকলেওঁ আকাৰে ইংগিতেৰে সি বুজাইছিল তাৰ সকলো থাকিওঁ কিবা এটা নাই।বাৰটা বছৰ পাৰ হৈছিল বিনিদ্ৰ ৰজনীতআৰু তেতিয়াই তাইলৈ দ্বিতীয় বিবাহৰ প্ৰস্তাৱ আহিছিলপ্ৰথমেই ল’ৰাটোক সহজ হবলৈ আগুৱাই দিছিল তাই।চিনাকি কৰি দিছিল পুত্ৰৰ সৈতে।লাহেলাহে বন্ধুত্ব হৈছিল মানুহজনৰ সৈতে।গভীৰ হ’ব ধৰিছিল বন্ধুত্ব।বয়স বন্ধুত্বৰ বাবে এটা কাৰণ হোৱা নাছিল।ইটোৱে সিটোক দুস্তী সম্বোধন কৰিব লৈছিল।ল’ৰাটো আৰু মানুহজনৰ মাজৰ সমন্ধ লাহে লাহে দুস্তীৰ পৰা আপগ্ৰেড হৈছিল।মানুহজনৰ সৈতে থকা সময়ত তাক খোব আনন্দিত হোৱা যেন লাগিছিল মুখত ফুটি উঠিছিল এক গভীৰ আস্হা।এদিন তাইৰ ল’ৰাৰ দুস্তীয়ে তাক এটা প্ৰস্তাৱ দিলে তাকে মাককে একেবাৰে নিজৰ কৰি লোৱাৰ।ভয় কৰিছিল মানুহজনে দেউতাক হবলৈ গৈ যদি বন্ধুত্বৰ এনাজৰীডাল চিগে।ল’ৰাৰ মাক কিন্তু নিৰ্বিকাৰ।ল’ৰাই মানি নললে আগ বঢ়া নাজাব।তাৰ বাবে অত আয়োজন।তাৰ বাবেই তাইৰ অত বছৰৰ আকোৰগোজ সিন্ধান্তৰ সমাপ্তি কৰিবলৈ আাগ বাঢ়িছে।বাৰটা বছৰৰ ল’ৰাৰ ক্ৰনলজীকেল ফাডাৰৰ ঘুৰি অহাৰ অপেক্ষাৰ অন্ত পেলাব বিচাৰিছে তাই একমাত্ৰ সন্তানৰ মায়াত।সকলোকে আচৰিত কৰি ল’ৰাই মানি লৈছিল সকলো।সৰু ল’ৰা হলেওঁ কিবাকিবি বহুত বুজিছিল সি সেইবাবেই চাগে বিয়াৰ পিচদিনাই দুস্তীক দেউতা বুলি মাতিবলৈ লৈছিল।মনেমনে মাকে ফটো তুলি ৰাখিছিল দুইটাৰ যেতিয়া দুইটাই ডিঙিত ধৰা ধৰিকৈ শুই আছিল।মানুহটোৱে এৰি যোৱা পুতেকক ল’ৰাটোৰ মাজত বিচাৰি পাইছিল চাগে।জীৱনটোক নিজৰ ৰঙেৰে বোলাই পেলাইছিল।তাই যেন তেতিয়াহে বুজি উঠিছিল এটা সুখী পৰিয়ালৰ সংজ্ঞা।বছৰবোৰ কেতিয়া যে বাগৰ সলাইছিল গমেই পোৱা নাছিল।সুখবোৰ সদায় তীব্ৰবেগি হয় আৰু দুখবোৰ যেন নাযাবই, জড় ভৰতৰ দৰে কুচিমুচি বহি লয়।তাৰ মাজতে নটাৰী এখন আনি তাইৰ হাতত দিলেহি মুখত মিচিকিয়া হাঁহি।সন্তান এটি জন্ম হলে বাপেকৰ মুখত ফুটি উঠা উল্লাস।আজিৰ পৰা তোমাৰ ল’ৰা মোৰ ল’ৰা হ’ল।তাৰ আনন্দত তাইও ভাগ ললে।ৰাতিলৈ তিনিওটা ওলাই গ’ল প্ৰাপ্তিৰ আনন্দত অধিৰ আজি মানুহটো।হোটেলত বহি লৈ কি খোৱাব কি নোখোৱাব।ল’ৰাৰ ফেভৰেট গাহৰী চোঙাত দিয়া,কঢ়াই পনীৰ,মাকৰ ফেভৰেট বয়ল কচ মাছ,সৰু মাছ পাতত দিয়া,বিলাহীৰ চাটনি আৰু টোপোলা ভাত। ল’ৰাই দেউতাকৰ কাষত বহি লৈ ক’লে
-তোমাৰ ফেভৰেট কি ল’লা দেউতা?
-মোলৈ ডাইল ফ্ৰাই নেমু বুলি হাঁহি দিলে।আৰু তোমালোকৰ পৰা খাম আৰু।
অদৃষ্টৰ চাগে ইমান সুখ সহ্য হোৱা নাছিল।গাটো বেয়া কৰি অহা দেখি সি আহি কৈছিল
-তোৰ নামটো 100%কৰি দি গৈছো অফিচত ।মই নাথাকিলেও তোৰ অসুবিধা নহয়।আৰু মাটিখিনিত বৃদ্ধা আশ্ৰম এখন খোলিবলৈ মন থাকিল।পাৰিলে পিচত তই ....
কথা শেষ কৰিবলৈ নিদি তাই তাৰ মুখত হেচা মাৰি ধৰিলে।
-এই মৰাৰ কথাবোৰ কৈ নাথাকিবিচোন ভাল নালাগে
-খিক
সি হাঁহিছিল।
সকলো কাম আধৰুৱা কৰি থৈ সচাকৈয়ে সি এৰি গুচি গৈছিল।আৰু তাহাঁত দুইটাক দি গৈছিল বহুতো প্ৰশ্ন বুধকৰ সন্মুখিন হবলৈ।খুজে খুজে তাইৰ সন্তানে নিজৰ পৰিচয় দিব লগা হৈছিলনিজৰ নহয় তোলি লোৱা সন্তান এই শব্দটোৱে তাৰ কোমল হৃদয় চিৰাচিৰ কৰি পেলাইছিলদেউতাকৰ মাংগলিক কামবোৰৰ পৰাও উঠাই দিয়া হৈছিল তাকতাইৰ সেইদিনা চিঞৰি চিঞৰি সুধিব মন গৈছিল তাত উপস্হিত থকা ডেকা বুঢ়া সকলোকে “কোনখন শাস্ত্ৰত লিখা আছে নিজ সন্তানে দেউতাকৰ শেষ কিৰ্তি নকৰিলে আত্মাই স্বৰ্গ প্ৰাপ্তি নহয়”?যদি নহয় সন্তান সন্ততি নথকাবোৰৰ আত্মা কি এই পৃথিৱীতে ঘুৰি ফুৰিব?অযুক্তিকৰ কিছুমান বাখ্যা পঢ়াশুনা মানুহচামৰ মুখত শুনি গালতে চকুপানী শুকাইছিল।আনকি ইমানদিনে দেউতাকৰ যিটো অফিচে তাক পুত্ৰ মানি কোনো ধৰণৰ প্ৰশ্ন নুসুধাকৈ সকলো ধৰণৰ জলপানীৰ সুবিধা দিছিল, সময় আহিলত বাগী মাৰি দিয়া দে়খি আচৰিত হ’ল।আনহাতে তাইৰ নামৰ ১০০ শতাংশ দিয়াৰ পিচতো হাতলৈএটাও পইচা নহাত হাহাঁকাৰ লাগিল৷ খবৰ কৰি গম পালে মানুহজনৰ পুতেকৰ হস্তক্ষেপত পাবলগীয়া পইচা খিনি বন্ধ কৰি দিয়া হৈছে৷পানীত হাঁহ নচৰা অৱস্থা হ’ল৷কিছুদিন সকামৰ শেষত ৰৈ যোৱা বস্তুৰে ঘৰখন চলিল৷কিন্ত আৰু কিমান দিন এনেকৈ?অফিচলৈ তাঁতবাটি কৰিবলৈ বাচে ঘাটে যাবলৈ প্ৰয়োজনীয় পইচা তাইৰ পইচা সচা কলহটোৰ পৰা ওলিয়ালে৷কাপোৰৰ তলত,মানুহজনৰ চাৰ্ট পেন্টৰ পকেট খুচৰি এপইচা দুপইচা কামত লগাব লগা হ'ল৷লাহেলাহে টেমাটোত থকা চাউল কমি আহিবলৈ ধৰিলে৷দাইলৰ নামত পানীৰে কাম চলাব লগা হ'ল৷ইতিমধ্যে মানুহজনৰ বেংক একাউণ্ট বন্ধ কৰি দিয়া হ'ল৷অৱশেষত তাইলৈ অফিচৰ পৰা এখন পৰোৱানা আহিল য’ত লিখা আছিল তাইৰ নামৰ১০০ শতাংশ দুটা ভাগত তাইৰ অনুমতি অবিহনে ভগাই দিয়া হ’ল৷ তাইৰ নামৰ ১০০ শতাংশ দুটা ভাগত তাইৰ অনুমতি অবিহনে ভগাই দিয়া হ’ল।দুখটো দুটা অংশত ভগাই দিয়াৰ কাৰণে নহয়।কিন্তু যুক্তিৰ বাখ্যা নাপাই যে অত দিনে দুটা সন্তানৰ জলপানী গ্ৰহন কৰি অহাৰ পিচত ১০০ শতাংশটো কিয় দুটা সন্তান আৰু তাই নিজে মানুহজনীক লৈ তিনিটা ভাগত ভগোৱা নহল?তাইৰ সন্তানে কিয় ন্যায় নেপালে?তথাপি পৰিচয় আৰু একমাত্ৰ অধিকাৰ সূত্ৰে শেষ চেষ্টা কৰি চালে তাই।মানুহজনৰ বিশ্বস্ত বন্ধু উকিলজনৰ কাষলৈ দৌৰ মাৰি ভাগৰি পৰাৰ পিচত শেষৰ দিনা কোৰ্টৰ মজিয়াত তাইক কোৱা গ’ল
-নটাৰিৰ কোনোকাম নাই।এইখন লৈ প্ৰতিবাদ কৰা নাযায়।ডিফেণ্ড দিব নোৱাৰি।
তাইৰ এনে লাগিল যেন দুৰৈৰ পৰা তাইক আৰু পুত্ৰক প্ৰতিপদত অপমান কৰা মানুহখিনিয়েজেন কটাক্ষ কৰি হাঁহিছে।কথাখিনি শুনি মনটো কেনেধৰনৰ কষ্ট হৈছিল তা’ক ভাষাৰে বৰ্ণনা কৰিব নোৱাৰি।মৰি যোৱা জনকো তাই দুখিব নোৱাৰে।নিজৰ অসহায় অৱস্হাৰ ওপৰতে ক্ষুভ হ’ল।এনে লাগিল চিঞৰি চিঞৰি কান্দিব নে কি কৰিব।এতিয়া গোটেই পৰিস্হিতিয়ে তাইৰ আয়ত্বৰ বাহিৰত না তাই পিচলৈ ঘুৰি যাব পাৰে না ভুলবোৰ শুদ্ধ কৰিব পাৰে।ল’ৰাটোৰ জীৱনটো তাইৰ আলক্ষিতে অদৃষ্টই হেতালি খেলিলে।যিকোনো বস্তুতে হাত দিলেই চাকচেচনৰ প্ৰয়োজনৰ কথা ক’লে।চাকচেচনে কেতিয়াবা লিগেল হেয়াৰৰ নামলৈ তাইক আমনি দি থাকিল।তাৰ স্হাবৰ অস্হাবৰ কোনো সম্পতিতে তাই হাত দিবলৈ অপাৰগ হ’ল।তাৰ নামত নিজে থকা ঘৰটোতে কিবা এটা কৰাৰ সপোনবোৰ ভাঙিবলৈ ধৰিলে।তাৰ শেষ ইচ্ছা ঘৰটোতে বৃদ্ধা আশ্ৰম এটা খোলা সেইয়াটো একেবাৰেই অসম্ভব যেন লাগিল।আনকি উকিল আহিল, পুতেকৰ দুহাই দি মানুহজনে এৰি দিয়া পত্নী আহিল তাই থকা ঘৰটো বিচাৰি৷এইবোৰ কথাত তাই ভিতৰিভিতৰি ভাঙি পৰিল৷ হলেওঁ তেতিয়াহে তাই  বুজি পালে জীৱনত আবেগৰ বশবৰ্তি হৈ কোনো সিদ্ধান্ত লোৱা উচিত নহয়।অবিবেচক কিছুমান সিদ্ধান্তই নিজৰ লগতে সন্তানক অসহায় কৰে।তাইৰ আজি ভৱিষ্যত প্ৰজন্মলৈ কব লগিয়া এইয়ে আছে যে।ভালপোৱাৰ পোচাক পিন্ধি অবিবেচকৰ দৰে কাম কৰিব নালাগে।বেয়া দেখিলে বা শুনিলেও নিজৰ সুৰক্ষা আৰু সন্তান থকা সকলে নিজৰ লগতে সন্তানৰ সুৰক্ষাৰ কথা আগত ভাবিব লাগে।আবেগতকৈ বাস্তবৰ সন্মুখিন হোৱাৰ বেচি প্ৰয়োজন।আবেগত সাধাৰণতে লোৱা সিদ্ধান্তবোৰ ভুল হোৱাই দেখা যায়।সমন্ধ যদিও বগা কাগজত চিয়াহীৰ লিখা নহয় বুলি কলেওঁ আজিকালি ৰভা মন্দিৰ যতেই বিয়া নাপাতক কৰ্টৰ যোগেদি বিয়া হোৱাৰ প্ৰয়োজনক কোনেও নুই কৰিব নোৱাৰে।সেইদৰে দ্বিতীয় বিবাহ হলে অন্তত দুই পক্ষৰ সন্তান সন্ততিৰ অধিকাৰৰ বিষয়ে লোকধাক নকৰাকৈ খুলা খুলিকৈ আইনি প্ৰুফ থাকিব লাগে।পিচত কৰিম হৈ যাব কিয় এতিয়াই আমাৰেই সন্তান আদি যিয়েই নকওঁক কৰ্টত থিয় হ’লে আবেগক তুলাচনীত নোঠাই।উঠাই আপোনাৰ এভিডেণ্স আৰু যথাৰিতি শুদ্ধ প্ৰমান পত্ৰই।সমন্ধবোৰ পিচলৈ বুজা হব নালাগে বা মৃত্যুৰ পিচত আত্মাৰ সতগতিৰ কথা নাভাবি আমাক কৰ জলদলত ফচাই গল বুলি যাতে শাওঁ পাত দিব নেলাগে তাৰ বাবে সচেতন হব লাগে।আইনি প্ৰমানৰ অভাৱত বহুক্ষেত্ৰত যোৱাজন গুচি যায় অসহায় কৰি পেলাই থৈ যায় দ্বিতীয় বিবাহৰ বোজা ববলৈ থাকি যোৱা কেইজনক।গতিকে দ্বিতীয় বিবাহৰ আগতে পুনৰ ভাবকইজনে সিজনৰ ওচৰত লোকধাক নকৰাকৈ খোলা খুলি হওঁক।যিয়েই সিদ্ধান্ত নলওঁক কিয় মৌখিক নলব।সিদ্ধান্তবোৰ কৰ্টে গ্ৰহন কৰা প্ৰমান পত্ৰ আকাৰত কৰক।বিশেষকে দুয়ো লগত থকা সন্তানটোৰ কথাবোৰ মুকলিমুৰিয়াকৈ জনাওঁক।সংকোচ কৰি কিছুমান কথা মনৰ মাজতে পাগুলি ৰাখি দিলে তাৰ ফল সময়ত সন্তানে ভোগিব লগা হয় মনত ৰাখিব।নিজে পাতি লোৱা সমন্ধ এটা যাতে সন্তানৰ বাবে এটা বোজা নহয় তাৰ প্ৰতি সদায় সচেতন হওঁক।
বৰ্ণালী ফুকন
8638236237
গুৱাহাটী

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...