বিলাভেড হাজবেণ্ড
-হেৰা হেৰা উঠিছানে!হেৰা মই নকৈছিলোঁনে সৌ ৱা চোৱা সৌৱা গোঁহাইনীয়ে ব্ৰক্ষ্ম পুৱাতে উঠি চোতাল সাৰে ৷এহ যাবই এতিয়া নোচোৱা হি কিয়? -হেই কি নো ৰাতিপুৱাই লোকৰ মাইকী মানুহক চাই ফুৰে৷মোক অশান্তি কৰি নাথাকিব দেই৷ৰাতি গৰমতত শুব নোৱাৰি এটা বজালৈ অনলাইনত আপডেট দিলোঁ৷এতিয়া শুবলৈ শান্তি নিদিব নেকি! লাহেকৈ শইকীয়ানীয়ে বাগৰ সলাই সিকাটিকৈ শুলে৷ নিৰস্ত্ৰহৈ শইকীয়া ঘুৰি আহি বিচনাৰ ওচৰ পালেহি৷ঘৈণীয়েকে নাকেৰে বাজনা বজাই শুয়েই আছে৷উপায়হীন হৈ ভোৰভোৰাই ভোৰভোৰাই শইকীয়া পাকঘৰত সোমালগৈ৷ -কিনো সাধি আহিছিল অ গোঁহাইটোৱে৷মোৰহে ফুটা কপাল৷আজিও ব্ৰেকফাষ্ট মইয়ে বনাব লাগিব৷ আজিও অফিচত টিফিনটো মোৰ সন্মুখত খোলি ঘৈণীয়েকে কি কি বনাই পঠিয়ালে তাকেজহাব৷আৰু মই ব্ৰেডত জাম লগাই এয়াই মোৰ প্ৰিয় খাদ্য বুলি চোবাই দেখুৱাম৷অসহ্য অসহ্য লাগিছে সংসাৰ কৰি৷ লৰালৰিকৈ চাহকাপ বনাই ব্ৰেড দুচকল টষ্টাৰত দিলে৷বাটাৰ ব্ৰেডলৈ খাবলৈ বহে মানে শ্ৰীমতীয়ে চিঞৰি ক’লে -হেৰা মোক পুৱা সাৰ পোৱাই এতিয়া অকলে চাহলৈ নবহিবা৷মই মুখ ধুই লওঁ মানে তুমি প্লিজ চাহকাপ বনাই দিয়া না প্ৰয়োজনতকৈ লেনিয়াই শইকীয়াক কথাষাৰকৈ শইকীয়ানী বাথৰুমত সোমাল৷সন্মুখত নিজৰ চাহ কাপলৈ বহিছিল হে ৷উপায়হীন তেওঁ৷ মানুহজনীৰ এই মাতষাৰ শুনিলেই শইকীয়াৰ যৌৱন উভতি আহে৷অগত্যা নিজৰ চাহ কাপো লৈ উঠি গ'ল৷শইকীয়ানীলৈ চাহৰ পানী পাতি দি টুষ্টাৰত ব্ৰেড কেই চ্লাইচ সোমোৱাই দিলে৷নিজেও এধুক চাহ একামোৰ ব্ৰেড খাই থাকিল কামৰ মাজত৷এইফালে শইকীয়াৰ ব্ৰেকফাষ্ট খাই শেষ হৈছিল আনফালে শইকীয়ানিলৈ বনোৱ ব্ৰেকফাষ্ট বনাইও শেষ হৈছিল৷টেবুলত সজাই দি শইকীয়াই নিজৰ টিফিনটো যতনাই লৈ বাথৰুমত সোমাল৷যাওঁতে কৈ গল -মাইনাক ফ্ৰাইড ৰাইচকে বনাই দিয়া হেৰা৷তাই ব্ৰেডসোপা নি আমনি পাইছে বোলে৷ লৰালৰিকৈ অফিচলৈ বুলি ওলাই টিফিনটো লবলৈ লৈ দেখে জেগাত টিফিন নাই -হেৰা মোৰ টিফিন ক’ত? -ৰব হে ৷ব্ৰেকফাষ্টৰ আপডেটটো দি লওঁ৷নহলে থাকি যাব৷ইফালে গোহাঁইনীয়ে দিলেই ৷আইঔ যিহে প্লেটত লুচি ভাজিৰ বাহাৰ৷এই মৰ ৰাতিপুৱাতে ভাল সেইখন খোৱাইছে গিৰিয়েকক৷ যাবলৈ লৈ থমকি ৰ’ল শইকীয়া মনতে ভাবিলে আইঔ গোঁহাইৰ দৰে ভাগ্য হোৱা হ'লে৷টেমাটোতে কালিৰে আনি থোৱা মেৰীগল্ডৰ বিস্কুট পেকেটটোকে বেগত ভৰাই ওলাই গ'ল৷ আজি লাণ্সত সচাকৈয়ে গোঁহাইয়ে লুচি আনিছে৷অৰ্থাৎ অথনি এও ঠিকেই কৈছিল৷লাণ্সৰ সময়ত গোঁহাই আহি শইকীয়াৰ ওচৰত বহিল - কি হ'ল টিফিন পাহৰি আহিলে যেন পাওঁ৷ সেমেকা হাঁহি এটা মাৰি শইকীয়াই মুৰটো মাথোঁ লৰাই দেখুৱালে৷মেৰীগল্ডৰ বিস্কুটৰ পেকেটটো গোঁহাইৰ সন্মুখত ওলিয়াবলৈ সৎ নগ’ল৷ -খাওঁক বুলি লুচি দুখন আলু ভাজিকনেৰে শইকীয়ালৈ আগবঢ়াই দিলে৷ লুচি এমোকোৰা চোবাইলৈ গোঁহাইক উদ্দেশ্য কৰি ক’লে -আপোনাৰ মানুহগৰাকীয়ে বৰ ধুনীয়া বনাই হে৷ গোঁহাইয়ে মুখেৰে একো নকলে৷হয়তো তেওঁ আন কিবা ভাবি থাকোঁতে মনেই নকৰিলে৷ টিফিনটোৰ জড়িয়তে দুয়ো লাণ্সত একেলগে বহা হ’ল৷শইকীয়াই মাজেমাজে গোঁহাইক চাৰপ্ৰাইজ দিবলৈ অলপ বেলেগ ধৰণৰ কিবাকিবি বনাই অনা হ'ল৷ফলত ৰাতিপুৱা আগতকৈ সোনকালে উঠিবলৈ ললে৷যিমান সোনকালে উঠিলেও দেখে গোঁহাইনীয়ে মৰ গৰমটো উৰণিলৈ ওলোৱা সোমোৱা কৰি কাম কৰি আছে৷শইকীয়া বাহিৰলৈ অহাৰ উমান পালে লৰালৰিকৈ উৰণিখন আৰু অলপ টানিটুনিলৈ আঁতৰি আহে৷শইকীয়াই বুজি নাপায় গোহাঁইনীৰ ইমান লাজ কিয়!আন সময়ত লগ পালে দেখোন বৰ সুন্দৰকৈ মাতে৷ আজি কিছুদিনৰ পৰা লক্ষ্য কৰিছে গোঁহাইনীৰ ঘৰত আন কোনোবা মহিলাৰ চিঞৰ বাখৰ৷শইকীয়াই মানুহজনীৰ পৰা গম পালে গোহাঁইনীৰ শাহুৱেক আহিছে৷ দেউবাৰ দিনটো আৰাম অলপ কৰো বুলি বিচনাখনতে বাগৰি থাকোঁতে হঠাৎ কাষৰ গোহাঁইৰ ঘৰৰ পৰা হুলস্থূল ভাহি আহিল৷ -মৰতিজনী দিনৰ দিনটো মৰ টোপনি মাৰি থকাৰ পিচতো পুৱা উঠাৰ নাম নাই৷চাহ এটুপি দিওঁ বোলে নাই৷ বকনি বন্ধ নোহোৱা দেখি শইকীয়া উঠি আহি জুমি চালে৷বুঢ়ী এগৰাকীয়ে হাততে চাহ কাপ লৈ ভিতৰলৈ চাই বকি আছে৷মনতে ভাবিলে শইকীয়াই কিনো বুঢ়ী অ বোৱাৰীয়েকে চাহ কাপ দিয়াৰ পিছতো বকি আছে৷গোহাঁইনীলৈ পুতৌ জন্মিল৷লগতে গোঁহাইলৈ খঙ উঠিল৷এনে এগৰাকী ঘৈণী আমাৰ হব লাগিছিল৷মুৰৰ ওপৰত উঠাই থলোঁ হেতেন৷ শইকীয়াই চাহ কৰি ঘৈণীয়েক জীয়েকৰ মুখৰ আগত দিলেহি৷চাহ কাপ মুখলৈ নিবলৈ লৈছে আৰু গোহাঁইৰ ঘৰৰ পৰা বাচন খেলেংমেলেং কৈ পৰাৰ আৱাজ ভাহি আহিল৷লগেলগে বুঢ়ী গৰাকীৰ গগন বিদৰা চিঞৰা৷ -এইবোৰ চাই থাকিব নোৱাৰোঁ মই৷থৈ আহিবি মোক৷ আৰু কিবাকিবি বলকি আছে বুঢ়ী গৰাকীয়ে৷কিন্ত ঘৰৰ বাকি কোনো মানুহৰ হাৰি শব্দ নাই৷শইকীয়াই মনতে ভাবিলে কিমানযে ধৰ্য্যশীলা মাইকী মানুহ এই গোহাঁইনী৷শইকীয়াই কেইবাদিনো ঘৈণীয়েকক কথাষাৰ কম বুলি কব পৰা নাই৷এই মাইকী মানুহবোৰ যি হে হিংসুক আনৰ ঘৈণীয়েকক ভাল বুলি ক’লে কৰ মহিলা সমিতিক সাঙুৰি আনিব কি ঠিক?দুপৰীয়াৰ ভাতসাঁজ তৃপ্তিৰে খাই শইকীয়াই বিচনাখনতে দীঘল দি পৰিবলৈ লৈ দেখে ঘৈণীয়েকে ফেচবুক খোলি কিবা আপডেট দি আছেঁ৷ -হেৰা অলপ সিফালে যোৱা ৷মোকো অলপ পৰিব দিয়া হে! শইকীয়ালৈ পেন্দোৱাকৈ চাই শইকীয়ানীয়ে সুধিলে -বাচনখিনি ষ্টেণ্ড ডালত উঠাই আহিছা নে?নহলে গোটেইখন পানী পানীহৈ থাকিব৷ -হব দিয়া৷ধুই মুচি সকলো ঠিক কৰি আহিছোঁ৷ -বৰ ভাল ল’ৰা দেই তুমি৷জানু তুমি যে আজি স্মুকি বেঙেনা মেচড কৰি বনাইছিলা প্লিজ ৰেচিপিটো কোৱানা?আৰু ডালটো যে অলপ চৌৰ টেষ্ট হৈছিল তাত কি কি প’ৰ কৰিলা সেইটোও কবা না৷ -লিখি যোৱা,বেঙেনা পিটিকা প্ৰথমে এটা গুল বিহু বেঙেনালৈ তাত মিঠাতেল অলপ সানি গাটো অঁকিয়াই লব৷জুইত বা গেচত ইলুটিসিলুটিকৈ পুৰি পেলাব৷পুৰি লৈ পানীৰ পাত্ৰ এটাত ডোবাই উঠাই আনিব৷পানীত দিলে বেঙেনাৰ বাকলি গুচাবলৈ সহজ হয়৷তাৰ পিচত বেঙেনাত এচামুচ মান মিঠিতেল,মিহিকৈ কটাপিয়াজ ,জলকীয়া , কটা ধনিয়া,নিম দি ভালদৰে সানিব৷আপোনাৰ বেঙেনা পিটিকা তৈয়াৰ৷শইকীয়ানীয়ে শুনিলৈ লিখি গ'ল মেচড ব্ৰিণ্জল (আচামিজ স্টাইল) ফাৰ্ষ্ট এটা ৰাউণ্ড চাইজৰ ব্ৰিণ্জল লব৷এইটোক বিহুু ব্ৰিণ্জল বুলিও কল্ড কৰে৷তাত অলপ এম অইল অলপ প’ৰ কৰি ভালকৈ এপ্লাই কৰিব৷তাৰ পিছত গেচৰ ফ্লেমটোত ৰাখি দিব৷অল চাইড মুভ কৰিকৰি বাৰ্ণ কৰিব৷হুল চাইড বাৰ্ণ কৰা হ’লে অলপ কুল্ড ৱাটাৰত ব্ৰিণ্জলটো প’ৰ কৰিব৷তেতিয়া ওপৰৰ স্কিনটো এৰাব ইজি হব৷এতিয়া ব্ৰিণ্জলটো মেচড কৰি তাত অনিয়ন স্লাইচড, গ্ৰীন চিলি চ্লাইচড,ওৱান টি স্পোন এম অইল,কৰিয়াণ্ডাৰ লিভ স্মলকৈ কাট কৰি এগেইন মেচড কৰিব৷নাউ স্মুকড ব্ৰিণ্জল তৈয়াৰ৷ লিখি উঠি ৰেচিপিটো নিজৰ ৱালত পষ্ট কৰিলে লগতে খোৱাৰ আগতে তোলি ৰখা ফটো এখনো দিলে৷ ধৰাধৰ মেছেজ আহিব লাগিল৷ টিষ্টি,নাইচ,লুকিং নাইচ,চ চুইট,দেখি কিনে খাব মন গৈছে,হাই তুমি নিজে বনাইছা?তাৰ লগতে গোহাঁইনীৰ মেছেজ আহিল "আজি দাদাই বেঙেনা পিটিকাহে বনাই খোৱালে নেকি?"আমি জাংগল ৰিচৰ্টত৷অলপ পিচত আপডেট দিম৷এতিয়া ফটো চেচন চলি আছে৷ দপ কৈ জ্বলি উঠিল শইকীয়ানীৰ মুৰত জুই৷গোহাঁইনীক বকিবলৈ লাগিল ৷গোটেই খং গৈ গিৰিয়েকৰ ওপৰত উঠিলগৈ৷ ফেচবুকটোত চকু থৈয়েই বকি গ’ল শইকীয়াক৷ -দেখিলে লোকে গৈ বাহিৰত খাই আহিল৷আৰু আপুনি? একো সাৰ সিকটি নাপাই শইকীয়ালৈ মুৰ টুলি চালে৷সেইফালে শুই নাকেৰে সুট সুট আৱাজ কৰা দেখি খং দুগুণ চৰিল৷খঙত ফেচবুক সামৰি মনতে গধুলিখানাটো খাবলৈ কোনখনত যাব তাকে গুণা গঠা কৰি বিচনাত পৰি টোপনি গ'ল৷ যেতিয়া শইকীয়ানী সাৰ পালে তেতিয়া গধূলি হওঁ হওঁ৷চাহকাপলৈ সন্মুখত থিয়হৈ থকা স্বামীক দেখি আবদাৰ কৰি ক’লে -জানু আজি বাহিৰতে খাওঁ বলা না? -দিনতে সকলো বনাই থৈছো নহয়৷ শইকীয়াই লাহেকৈ ক’লে -বাদ দিয়া না সেইবোৰ৷চেম ফুড খাই খায় ব’ৰ হৈ গৈছোঁ৷মই ডিচাইড্ কৰিলোঁ অলৰেডি আমি ভিভান্টা দা টাজ যাম৷ওলোৱা কুইক৷ মাহৰ শেষ ইফালে ঘৈণীয়েকৰ আব্দাৰ শুনি বুকু কপি উঠিল শইকীয়াৰ৷কিন্ত তেওঁ এইটৎৱে জানে ঘৈণীয়েকৰ মুখৰ বাণী দৈব বাণী৷অগত্যা পেন এটা কিনিম বুলি আঁতৰাই ৰখা টকা কেইহাজাৰলৈ হোটেললৈ বুলি ওলাল৷ গাড়ীৰ পৰা নামিয়েই শইকীয়ানী ফটো চেচনত লাগি গ'ল৷বাহিৰৰ পৰ্টিকত দুখনমান৷টিলিঙা কেইটাৰ সন্মুখৰ চকী কেইখনত বহিলৈ৷উফ!ক'ত যে নাই তোলা ফটো৷এপাকত ৱেটাৰ এজনক মাতি শইকীয়াৰ কাষত বহি ললে৷ -মাইনা তুমি আমাৰ পিচফালে থিয় হোৱা ৷মোকে পাপাকে ধৰি থাকা৷হেৰি কি বুৰ্বকটোৰ নিচিনাকৈ আছে হে৷ শইকীয়াৰ হাতখন টানি তেওঁ নিজৰ কান্ধত দি কলে -ধৰি থাকা৷ ৱেটাৰটোক উদ্দেশ্য কৰি কৈ উঠিল -ভাইটি বেলেগ বেলেগ এগংলৰ পৰা লোৱা ফটো৷প্ৰায় এশ মান ফটো তোলাৰ পিচত শইকীয়ানী ক্ষান্ত হ'ল৷ এইবাৰ খোৱা অৰ্ডাৰৰ পৰ্ব আহি পৰিল৷কোনোদিনেই নাম নুশুনা পাঁচটামান আইটেমৰ নাম দি শইকীয়ানী গাৰ্ডেন নাই নেকি বুলি পুনৰ ফটো তোলাৰ উদ্দেশ্যে উঠি গ"ল৷ফটো তোলি ভাগৰি পৰিলত টেবুলৰ কাষলৈ যেতিয়া ঘুৰি আহিল তেতিয়া টেবুলত ৱেটাৰজনে খোৱা বস্তু সজাবলৈ ধৰিছিল আৰু শইকীয়াৰ মুখত নুফুটে দেখি ৱেটাৰজনে ৰেচিপি কেইটাৰ নাম কৈ গৈছে তাৰ লগেলগে শইকীয়াই আঁউৰাইছে৷তেওঁ ভালকৈয়ে জানে ঘৈণীয়েকে এফ বিত আপডেট দিয়াৰ আগতে তেওঁকেই সুধিব ৷আৰু কব নোৱাৰিলে ঘৈণীয়েকে তেওঁক কি অৱস্থা কৰিব তাকো জানে৷অৱশেষত কাগজ কলমলৈ লেখি পেলালে৷ ষ্টিকি ৰাইচ ইন লটাচ লিফ-৬৫০ মিচ’ এণ্ড চয়’ চিলইয়েন চি বেচ-১৮০০ পিকিং ডাক-১৮০০ চিকেন ইপিক-৭০০ কিং চিলি ফিল্ড নেচটচ -৬৫০ -কি কৰিছা ,কি কৰিছা ! ডবিয়াই উঠিল গিৰিয়েকৰ কাণ্ডত৷ -নহয় মানে আপডেট দিবলৈ তোমাৰ অসুবিধা হয় বুলিহে ৷ শইকীয়ানীৰ মনটো কুমলিল -ৱাও ডেটচ গ্ৰেট ৷অহ মাই ডিয়েৰ আই লাভ ইউ৷ শইকীয়াই ঘৈণীয়েকৰ আই লাভ ইউ শুনি গোটেইটো লেটুসেটো হৈ পৰিল৷পইচা দিবৰ সময়তহে কাণেদি ধুঁৱা বাজ হ'ল৷চকুৰে ধুঁৱলিকুঁৱলি দেখি গ’ল৷শইকীয়ানীৰ ধমক খাই ২০০টকাৰ টিপচ দি ৱেটাৰক সেমেকা হাঁহি এটা দলি মাৰি শইকীয়া ওলাই আহিল৷ ঘৰ পাই ঘৈণীয়েক বহি লৈ ফটো কোনখন পষ্ট কৰিব তাকে গুনা গঠা কৰি থাকোতে৷ওচৰৰ বৰুৱানী আহি পালত শইকীয়ানীয়ে হোটেলৰ অভিজ্ঞতা জাহিৰ কৰিবলৈ বাহিৰ পালেগৈ৷যাওঁতে কৈ গ’ল -হেৰা চিলেক্ট কৰাচোন কোন কেইখন ফটো আপলোড কৰিম৷ ফোনটো উঠাইয়ে শইকীয়াৰ চকু গ’ল কাষৰ গোহাঁইনীৰ আপডেট৷ লাণ্স ইন জংঘল ৰিজৰ্ট৷৷লগতে বিভিন্ন পজিছনত থিয়হৈ গোহাঁইৰ লগত তোলা ফটো৷ভালকৈ নাচালে গিৰিয়েকেও মানে গোহাঁইয়েও ধৰিব নোৱাৰিব সেইয়া যে তেওঁৰেই পত্নী৷পিন্ধনত তীব্ৰ ৰঙা আঠুৰ ঠিক ওপৰত পৰা এটা ফ্ৰক৷ভৰিত ৰঙা হাই হিলৰ জোটা৷নখত ৰঙা নেইলপলিছ৷উঠৰ পৰা এই যেন তেজ বাগৰি আহিব৷ডাঠ কাজল বুলোৱা হৰিণী চকুহাল৷উফ!কাষত এহাত মান পেট বাহিৰ হোৱা গোহাঁইক দেখিলে তেওঁৰেই গিৰিয়েক বুলি কলে মানুহে সন্দেহৰ চকুৰে চাব৷মনটো গোন্ধালে শইকীয়াৰ৷ৰাতিপুৱা দীঘল ওৰণি লৈ ঘৰ সাৰি থকা গোহাঁইনী আৰু এফ বিত দেখা গোহাঁইনীৰ আকাশ পাতাল পাৰ্থক্য দেখোন৷মনটোৱে মানিবলৈ টান পালে৷নাই নাই ৰাতিপুৱা দেখা গোহাঁইনী আৰু ৰঙা ফ্ৰক পিন্ধি থকাজনী একেজনী হব নোৱাৰে৷কৰ’বাত কিবা এটা খেলিমেলি আছেই৷আৰু একো চাবলৈ মন নগল তেওঁৰ৷দীঘল দি পৰি থাকোঁতে কেতিয়া তেওঁ টোপনি গ'ল গমেই নাপালে৷ৰাতিপুৱা সাৰ পাইয়েই তেওঁ ৱালৰ সিপাৰৰ গোহাঁইৰ ঘৰলৈ চাই চুপ লৈ থাকিল৷অলপ পিছতে দেখিলে ওৰণি লৈ গোহাঁইনী ওলাই আহিছে বাঁহৰ ঝাড়ু এডাললৈ৷তলমুৰ কৰি ঝাড়ু দি থকা গোহাঁইনীৰ গতিবিধি লক্ষ্য কৰি থাকিল শইকীয়াই৷এপাকত চাই থাকোঁতে দেখে গোহাঁইনীৰ ওৰণিখন খহি মুখখন ওলাই পৰিল৷তেওঁ খপজপকৈ ওৰণিখন টানি ভিতৰলৈ সোমাই গ’ল৷যাওঁতে ইফালেসিফালে অনুসন্ধিৎসু দৃষ্টিৰে চাই গ’ল৷শইকীয়াৰ সন্দেহ হ'ল তেওঁক কেনেবাকৈ দেখা পালে নেকি আকৌ৷নাই নাই তেওঁ যি ঠাইত ৰৈ আছ তাৰ পৰা কোনেও দেখা সম্ভৱেই নহয়৷শইকীয়াও ভিতৰলৈ সোমাই আহিল৷এটা তেওঁ নিচিন্ত হ’ল৷বাকী কেইটাৰ ৰহস্য কি চোৱা যাওঁক৷চাহ বনাই উঠিছে আৰু শইকীয়াই অলপ পিছতে গোহাঁইৰ মাকৰ চিঞৰ আৰম্ভ হোৱা দেখি জুমি চালে ৷বুঢ়ীয়ে ভিতৰলৈ চাই বোৱাৰীয়েকক বকি আছে৷ফটকৈ কোনোবাই চাহ একাপ মানুহগৰাকীৰ হাতত দি চকুৰ প্ৰচাৰত আঁতৰি যোৱা দেখিলে৷দ্বিতীয়টো অনুসন্ধান সম্পূৰ্ণ হ’ল৷অলপ পিচতে পিচফালৰ চোতালত বাচনৰ আৱাজ শুনি শইকীয়া এইবাৰ পিচফালে পালেগৈ৷গোহাঁইনীয়ে বাচনখিনি বাহিৰৰ চোতাললৈ দলি মাৰি দিয়াদি দি কাষতে বহি থকা শাহুৱেকলৈ চাই মুখখন ভেঙুচাই হুহ! বুলি কৈ প্ৰায় গচকি থৈ যোৱাদি পাৰহৈ গ'ল৷শাহুৱেকেৰ চিঞৰ দুগুণ বাঢ়িল৷মুখৰ ভিতৰতে ভোৰভোৰাই কলে -হেৰৌ ল’ৰাটোৰ কষ্ট দেখি সহিব নোৱাৰি ইয়াত পৰি আছোঁহি৷বা বা বাই ল৷তোৰো দিন আহিব বোৱাৰী৷তইও মোৰ দৰেই মুখেৰে মাতিব নোৱাৰা ল’ৰাই তুলিছ৷এতিয়া গিৰিয়েৰে বিধে বিধে তোৰ তাগিদাত বনাই দিব আৰু তই সেই মোবাইলটো পিটিকি পিটিকি ফটো লবি৷ শইকীয়াই সকলো সামৰি অফিচ পাওঁতে অলপ দেৰিয়েই হ'ল৷সোমাইয়ে গোহাঁইলৈ চকু গ’ল৷আজিৰ টিফিনতো আন দিনাতকৈ ডাঙৰ৷শইকীয়াই মনতে ভাবিলে হয় গোহাঁইনীৰ তাগিদা নহলে আজি মাকে মনৰ দুখতে কামবোৰ কৰি দিলত আজৰি পাইয়েই কিবাকিবি বেচিকৈ বনাই আনিছে৷পুতৌ হ'ল গোহাঁইলৈ৷বেচেৰা ৰাতিপুৱা চোতাল সৰাৰ পৰা আৰম্ভ কৰি কিমান যে ঘৰখনৰ আউল মাৰিব লগা হৈছে৷সেইটো ক্ষেত্ৰত শইকীয়া অলপ হলেও লাকি৷ৰাতিপুৱা ফ্লেটৰ চকিদাৰটোৱে অন্তত চোতালখন সাৰি দি যায়৷ঘৰলৈ আহি ঘৈণীয়েকে টিপি থকা মোবাইলটোলৈ ডিঙি মেলি চালে শইকীয়াই৷ প্ৰফাইলত কালি তাহাঁত তিনিওটাৰ ফটোখন জিলিকি আছে৷ওপৰত কেপচন দিছে "লাভ ইউ লাইক এনি ঠিং মাই বিলাভেড হাবি, ফৰ ইয়ৰ চাডেন চাৰপ্ৰাইজ ট্ৰিট ইন ভিভান্টা দা টাজ"
No comments:
Post a Comment