বিজতৰীয়া
-নাই নাই যিয়ে যি কওক মই সেই বিজতৰীয়াটোলৈ মোৰ ছোৱালীক বিয়া দিব নোৱাৰোঁ৷কম কষ্টত পেট ফালি মই ছোৱালী জন্ম দিছোঁ নেকি৷মৰিবলৈয়ে লৈছিলোঁ স্যানাল ডাক্তৰ আছিল বাবে জীৱটো ঘুৰি আহিল৷আৰু সেইজনী ছোৱালীক এই বুলি উচুপি উঠিল বৰুৱানীয়ে৷ জৰ্জ উইলিয়াম আমেৰিকাৰ ৰাষ্ট্ৰদূতবাসৰ এম্বেছেদৰ আৰু তাৰে হেল্থ এটাচি ৰৌজ মেৰী হ'ল লিপিৰ বান্ধৱী৷ৰৌজ মেৰীৰ বিবাহ বাৰ্ষিকীতে লিপিয়ে উইলিয়ামক লগ পাইছিল৷দীৰ্ঘদিনৰ বন্ধুত্বৰ পিচত এবাৰ লিপি যেতিয়া ভাৰতলৈ এমাহৰ বাবে আহিছিল তেতিয়াই উইলিয়ামে অনুভৱ কৰিছিল লিপিৰ অবিহনে সি যেন আধৰুৱা৷সেই এমাহ উইলিয়াম পগলা হোৱাদি হৈছিল আৰু এমাহ নৌ হওঁতেই কাতৰহৈ লিপিক ঘুৰি আহিবলৈ অনুৰোধ কৰিছিল৷আমেৰিকাৰ মানুহে ভাল পাব নাজানে এইষাৰ কথা সৰুৰ পৰাই মাকৰ মুখত লিপিয়ে শুনি আহিছে৷তাহাঁতবোৰৰ সমন্ধবোৰৰ গভীৰতা নাই৷দেহ সৰ্বস্ব তাহাঁতৰ ভালপোৱাবোৰ৷কিন্ত উইলিয়ামৰ ক্ষেত্ৰতটো তাইৰ তেনে যেন অনুভৱ নহল দেখোন৷কোনো দিন মাৰ্জিতৰ সীমাৰ পৰা আগ বঢ়া নাই কোনো দিন৷কোনোদিনেই দুৰ্বলতা দেখুৱা নাই তাইক সি৷সেইটো মানুহে যে তাই দুদিনমান নাথাকোতেই যে কন্দনামুৱা হৈ তাইলৈ ফোন কৰিব তাই ভবাই নাছিল৷অকলশৰীয়াকৈ উইলিয়ামৰ পৰা আতঁৰি আহি তাইও নিজকে সুধিছিল৷তাইৰ বাৰু উইলিয়ামৰ প্ৰতি দুৰ্বলতা অনুভৱ কৰে নেকি?কৰে কৰে কিন্ত কি সেয়াই ভালপোৱা নেকি?নিজৰ জন্মভূমিলৈ প্ৰায় পাঁচটা বছৰৰ পিছত আহিছে৷এমাহৰ ছুটী বুলি তাই মাকক জনোৱা নাছিল৷পুৱাই তাইক উইলিয়ামে এয়াৰপৰ্টত এৰিবলৈ আহিছিল ৷এয়াৰপৰ্টৰ টিকট লৈ উইলিয়ামো তাইৰ সৈতে ভিতৰত বহিছিল৷তাই লক্ষ্য কৰিছিল কথাৰ মাজেমাজে উইলিয়াম যেন বাৰে বাৰে আবেগিক হৈ পৰিছিল৷কথাকৈ থাকোঁতে ৰহ লাগি চাওঁতে তাইৰ সৈতে কেইবাবাৰো চকুৱে চকুৱে পৰিলত তাই তলমুৰ কৰি মৌন হৈ ৰৈছিল ৷উইলিয়ামৰ বিহ্বল চকুহালৰ কৰুণ চাৱনিয়ে তাইক ভাৰতলৈ যোৱাত কষ্ট দিব বুলিয়েই চাগে৷সেইসময়তে তাইৰ প্লেনৰ নম্বৰটো স্ক্ৰীণত জিলিকি উঠিছিল৷আৰু পুনৰ লাউড্স্পীকাৰত দ্বিতীয় বাৰৰ বাবে যাত্ৰী সকলক বৰ্ডিং পাচ লবলৈ সুঁৱৰাই দিছিল ৷লিপি হঠাৎ থিয় হৈছিল আৰু মুখেৰে অস্ফুট মাতেৰে "বাই,চি ইউ" বুলি কৈ লাগেজৰ হেণ্ডেলত হাত দিছে হে তেনেতে নাটকীয় ভাবে গোটেই ঘটনাটো ঘটিল৷উইলিয়ামে নিজকে সংযত কৰি ৰাখিব নোৱাৰি লিপিক মানুহৰ আগতে সাৱটি ধৰি উচুপি উঠিল৷উইলিয়ামৰ আকস্মিক ব্যৱহাৰত লিপিও আৱেগিক হৈ পৰিল৷তথাপিও তাই উইলিয়ামৰ আগত দুৰ্বলতা নেদেখোৱালে৷ স্বাভিমানে তাইক বাধা দিলে৷আৰু আজি ভাৰতলৈ ইমান বছৰৰ পিছত আহিও বাৰেবাৰে তাইৰ মনটোক উইলিয়ামৰ কাষলৈ গুচি যোৱাক তাই বাধা দিব পৰা নাই৷ ঘুৰি যাব লাগিব তাই সোনকালেই৷উইলিয়ামে তাইক সন্মুখত ৰাখি তাৰ মনৰ কথা কব বিচাৰে৷প্ৰথমে তাই ফোনতে কবলৈ নেৰানেপেৰাকৈ ধৰিছিল৷কিন্ত উইলিয়াম মান্তি হোৱা নাছিল৷অৱশেষত উইলিয়ামে অফিচ ছুটিলৈ ভাৰত ওলাইছিলহি৷উদ্দেশ্য উইলিয়ামে লিপিৰ মাক-দেউতাকৰ সন্মুখতে পানী গ্ৰহণ কৰিব৷অস্বস্তিত পৰিছিল লিপি৷তাই ভালকৈয়ে জানে পৃথিৱীৰ সকলোকে মনাব পাৰিলেও তাইৰ মাকক কোনেও মনাব নোৱাৰে৷কথাষাৰ শুনাৰ লগেলগে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল৷ লিপিয়ে বুজাইছিল -বিজতৰীয়াটো এটা কাৰণ হব পাৰে নেকি? -কিয় কিয় নহব৷সমাজ বুলি এটা কথা আছে৷মানুহে বিভিন্ন ধৰনৰ মুখৰোচক কথা কব৷মই কিমানক উত্তৰ দি ফুৰিম৷ -নিদিবা উত্তৰ৷উত্তৰ নিদিলে এসময়ত সকলো মৌনহৈ যাব৷ -আৰু বাপেৰৰ ঘৰৰ মানুহবোৰৰ মুখ কোনে বন্ধ কৰিব৷ -একো নকয় দিয়া৷ -নাই নাই তথাপি সৈটো খৃষ্টান হয়৷গৰু গাহৰি সৱ খাই৷সেই একেটা বাচনবৰ্তন ব্যৱহাৰ কৰিব তই কেনেকৈ পাৰিবি৷তই মোৰ ছোৱালী৷তোৰ কথা তোতকৈ মই বেচি জানো৷ -অহ মা কি যে কথাবোৰ কোৱা৷পৃথিৱী ক’ৰ পৰা কলৈ গৈছে আৰু তুমি গৰু গাহৰি একেটা বাচনত বনোৱালৈ বহি আছা! -তই মনে মনে থাক৷তাহাঁতৰ লাজ মান বুলি কিবা আছে নে?মাক-বাপেকৰ আগতে মানুহজনীক ধৰি তপৰ তপৰকৈ চুমা খাব৷আৰু বুঢ়া-বুঢ়ীবোৰো পিচ পৰি নাথাকে৷বাপেৰৰ সেইবোৰ দেখিলে বৰ খং উঠিব৷পাৰিলে সন্মুখতে ধৰ্য্য নাইকিয়া সৱ বুলি অপমান কৰি দিব৷ -হব দিয়া দেউতাই ধৰ্য্য নাইকিয়া বুলি কলে তাহাঁতে একো বুজিও নাপাই ৷তাহাঁতে অসমীয়া এতিয়ালৈ বুজি পোৱা হোৱা নাই৷দেউতাই কিবা খঙত কলেও সন্মান কৰি কিবা কৈছে বুলিয়ে ভাবিব দিয়া৷ তৰ্ক কৰি ভাগৰি পৰি মাকে এইবাৰ ক’লে -বুজিছ লিপি তাহাঁতৰ ল'ৰা-ছোৱালীবোৰ মাক দেউতাকৰ অনুশাসনত উঠা নহয়৷আজি এজনী ৰাখিলে কালি আন এজনী৷চোলা বদলোৱা দি বদলাই৷ -তুমি এইবোৰ ক’ৰ পৰা শুনিলা৷মনৰ মিল নাথাকিলে দুইজনৰ বুজাবুজিত ইজন সিজনৰ পৰা আঁতৰি আহে সেইটো বেলেগ কথা৷ -যাৰে তাৰে সৈতে ৰাতি কটাই সৈ সোপাই৷এইডছেই হৈছে নে কি হৈছে কোনে জানে৷ -টু মাচ আৰু মা ৷কি যে কথাবোৰ তোমাৰ কল্পনা জগতত ঘুৰি ফুৰে৷ -নেদেখিছনে সৈটোৰ গাৰ ৰংটো কেনেকুৱা ধেলধেলকৈ বগা৷তইচোন বগা ল’ৰা পচন্দ নাই বুলি কৈছিলি৷এতিয়া সেইটোকে পচন্দ হলগৈ৷ -এতিয়া মই গাৰ ৰং নাচাও মা৷এতিয়া মনৰ ৰংহে চাওঁ৷মই উইলিয়ামক চিনি পাইছোঁ৷তাৰ নিচিনা ল’ৰা এটাৰ লগতহে মই সুখী হম৷ -সি যদি আগতে কাৰোবাক ৰাখিছে৷তাৰ যদি ল’ৰা-ছোৱালী আছে৷সা-সম্পত্তিলৈ পিছত ল’ৰাছোৱালীয়ে আহি তোৰ টেটুত ধৰিবহি৷ -হাঁ হাঁ মা অ তুমি যে বৰ আজলী হৈ আছা দেই৷মোক নেলাগে দিয়া আমেৰিকাত এটুকুৰা মাটি৷মই ভাৰতৰ ছোৱালী ভাৰততে মৰিমহি৷তুমিয়ে মোলৈ বুঢ়া বয়সত থাকিবলৈ এটুকুৰা ঠাই থবা৷ -বুঢ়ী হ'লে তই নিজৰ ঠাইলৈ গুচি আহিব বিচাৰিবি আৰু সি বিচাৰিব নিজৰ ঠাইত থাকিব ৷তেতিয়া সেইখন কম ডাঙৰ কথা হব নে!সেইখন সংসাৰ হব নে?নাজানো দেই তোৰ ভৱিষ্যত!নিজে ইমানৰ পিচতো যাব বিচাৰিছ যা৷পিছত কাজিয়া কৰি মোৰ ঘৰলৈ ঘুৰি নাহিবি৷ -হব মা নাহিবলৈ যত্ন কৰিম৷কিন্ত ফুৰিবলৈ আহিব পাৰিম চাগৈ৷ -মাতি দিবি তেনে বিজতৰীয়াটোক অসমলৈ৷তাক দেখিলেই মই চিনি পাম৷ঠগি নে কি?মোৰ চকুত সি সাৰি নাযায় চাবি৷মোক ভগৱানে বেলেগ ধৰনৰ পাৱাৰ দিছে৷বদমাছ মানুহ হ'লে চকুৱে চকুৱে চাব নোৱাৰে৷ এটা সপ্তাহৰ পিচতে উইলিয়াম ভাৰত পাইছিলহি৷আৰু এতিয়া লিপিৰ মাকৰ আটাইতকৈ মৰমৰ জোঁৱায়েকে উইলিয়াম৷উইলিয়ামেও শাহুৱেকৰ মৰমৰ ওচৰত প্ৰতিজ্ঞা বদ্ধ, লিপি নাহিলেও সি বছৰেকত এবাৰ শাহুৱেকৰ ওচৰলৈ আহিব৷
No comments:
Post a Comment