ডিলিউচন
ক্ষীন দীঘল বৈ পৰা চুলিৰে তাহানিৰ বিস্মিতাজনী যেন হঠাৎ তাৰ কাষেদি পাৰ হৈ ডনবস্ক স্কুলৰ বাচখনত উঠিলগৈ।ডিঙি মেলি চাবলৈ যাওঁতেই ল’ৰাটোৱে ভাস্কৰৰ হাতখন ধৰি টানিলে
-দেতা বাচ আহিল।
সেইটো সময়তে ষ্টিফেন্সৰ বাচ খনো ৰ’লহি।আৰু তাৰ চকুৰ সন্মুখেদি ডনবস্কৰ বাচখন পাৰ হৈ গ’ল।ল’ৰাক বাচত উঠাই দি লাহেলাহে সি ঘৰমুৱা হ’ল।যোৱা কালি বেদান্তৰ বিয়াত কইনা আনিবলৈ গৈ তাৰ গোটেই ৰাতি টোপনি নাহিল৷আজি সেইবাবে অফিচ ছুটী লৈছে সি৷ল’ৰাক পুৱা বাচত উঠাই দিয়াটো তাৰ ডিউটি৷ঘৈণীয়েকে ল’ৰাক স্কুললৈ বুলি ওলিয়াই দি সদায় অলপ বিচনাখনতে বাগৰে৷সিও অফিচলৈ দেৰিকৈ যায় বাবে সেইকণ সুবিধা আৰু৷

    দীঘল বৈ পৰা একোচা কিচকিচিয়া কলা চুলিৰে  জে বি কলেজৰ  বাৰান্দাৰে  তাহাঁতৰ সন্মুখেৰে পাৰ হৈ যোৱা বিস্মিতাজনী চকুৰ আগত ভাহি আহিল।ক্ষীণমীন ছোৱালীজনীৰ ছবিখন তাৰ মনত আজিও সজীৱ হৈ আছে।তাইৰ গুলপীয়া গালৰ দুইফালে দুটা ডিম্পল আৰু বাওঁ গালৰ কলা তিলটোয়ে তাক এবাৰ তাইলৈ চাবলৈ বাধ্য কৰায়।মুগা মেখেলা বগা চাদৰৰ সৈতে তাই তাৰ চকুত অপুৰ্ব সুন্দৰী হৈ ধৰা দিয়ে।সি সদায় বাট চায় তাই কলেজলৈ অহাৰ সময়লৈ, বেণীডাল লৰাই লৰাই তালৈ মিচিকিয়া হাঁহি মাৰি পাৰ হৈ যায় তাই।আৰু সেয়াই যেন চৰম প্ৰাপ্তি তাৰ বাবে,দিনটোৰ বাবে চালিকা শক্তি।সেই বিস্মিতাজনীয়ে তাহাঁতৰ লগৰ বিবেকক ভালপাই বুলি কাৰোবাৰ কাৰোবাৰ মুখেৰে শুনিছিল সি কিন্তু তাইক আলেঙে আলেঙে চাবলৈ এৰা নাছিল।উদ্দেশ্য একো নাছিল মাথো ভাল লাগে তাৰ মনটো তাইক এবাৰ দেখিলে।
 হঠাত এদিন প্ৰেকটিকেলৰ পৰীক্ষাত বিস্মিতাই কেচু এটা ট্ৰেত লৈ তাৰ কাষৰ টুলখন টানি বহিলৈ কৈছিল
-প্লিজ ভাস্কৰ হেল্প।কেনেকৈ এইটোক ধৰো,ইমান চফট।
তাই কাষত বহাৰ লগেলগে তাৰ নাকত লাগিছিলহি পাৰ্ক এভিনিউৰ মিঠা গোন্ধ এটা ।এক মুহূৰ্তৰ বাবে মন মতলীয়া কৰি পেলাইছিল গোন্ধটোৱে।সি তাৰ কেচুটো ইতিমধ্যে ডিচেকসন্ কৰি উঠিছিল।কি কৰিম নকৰিম কৈ  ব্যস্ত হৈ থকা দেখুৱাইছিল তাইক।তাই তাৰ হাতখনত ধৰি জোকাৰি দিছিল।
-প্লিজ হেল্প ভাস্কৰ৷
বিদ্যুত এসুতা পাৰ হৈ গৈছিল হাতেদি তাৰ আৰু গাল দুখন ৰঙা হৈ উঠিছিল।একো নকৈ তাইৰ হাতৰ পৰা প্লেটখন লৈ ব্লেডখন হাততলৈ কপাকপা হাতেৰে কেচুটো কাটিবলৈ লৈ ৰৈ গৈছিল।সাৱধানে ডিচেকসন্ কৰিব লাগিব নহলে কেনেবাকৈ অইন কৰবাত কাটি দিব লাগিলে,তাইৰ কি হব ,ইফালে বৰদলৈ চাৰো কম কাঢ়া নেকি।তাৰ বাবে তাই মিছাতে লাজ পাব লাগিব,লগতে প্ৰেকটিকেলত কম নম্বৰ আহিব।সি লাহেকৈ তাৰ ট্ৰেখন তাইলৈ আগবঢ়াই দি কৈছিল
- এইটো তুমি লৈ যোৱা।তুমি দিয়াটো মই কৰি লম।তাই আচৰিত হৈ তালৈ চাইছিল,তাৰ পিচ মুহূৰ্ততে তাই চিঞৰি উঠিছিল
-তোমাৰ কি হব?
-মই কৰি লম তুমি যোৱা এতিয়া চাৰ আহি যাব-সি কৈছিল।
তাৰ হাতখনত সাৱটি ধৰি কৈছিল তাই
-তুমি মোক ডাঙৰ বিপদৰ পৰা বচালা ভাস্কু ধন্যবাদ দি তোমাক সৰু নকৰো।
এইবুলি তাই লৰালৰিকৈ তাৰ কাষৰ পৰা আতৰি গৈছিল।
  সেইজনী বিস্মিতাৰ কথা কলেজ এৰাৰ পিচত সি পাহৰি পেলাইছিল জানো ?ওহো সি তাইক পাহৰা নাছিল, ৰৈ গৈছিল তাই তাৰ হৃদয়ৰ একোণত মিঠা স্মৃতি হৈ।কিমান বছৰ হল তাইক নেদেখা,চাগে ত্ৰিশ বছৰ মান হল।আজিও তাৰ নাকত লাগি ৰল পাৰ্ক এভিনিউৰ মিঠা সুবাস।
 স্কুল এৰাৰ পিচত সি ইন্জিনিয়াৰিং পঢ়িবলৈ গলগৈ।বিছিন্ন হৈ গল লগবোৰ ইফালে সিফালে।বিস্মৃতা হেৰাই গল কৰবাত৷
আচলতে বিস্মৃতা হেৰুৱা নাছিল,তাই তাতে ৰৈ গৈছিল সেই সৰু মফচলীয় চহৰ খনত।আৰু সি চহৰ এৰি চিটিত ভৰি দিছিলগৈ।এটা বেলেগ পৰিবেশ আৰু পঢ়াৰ বুজাই তাক হেচা মাৰি ধৰিছিল।জীৱনত কিবা এটা হোৱাৰ নিচাই বলিয়া কৰিছিল তাক।
দ্বিতীয় ষন্মাসিক পৰীক্ষা চলি আছিল তাহাঁতৰ। পেপাৰখনৰ বিষয়ে কিবা এটা আলোচনা কৰি আহি আছে ৰুমমেটৰ সৈতে তেনেতে এটা চিনাকি চিনাকি মাত তাৰ কাণত ভাহি আহিল।কোনোবাই তাক ভাস্কু ভাস্কু বুলি চিঞৰিছে পিচফালৰ পৰা।ঘুৰি চালে সি ।হয় বিস্মৃতা সৌ জনী।হাঁহিটো নুলালে তাৰ মুখৰ পৰা ডাঙৰ ডাঙৰকৈ চকু মেলি চাই থাকিল।এসুটা বিদ্যুত প্ৰবাহিত হৈ গল।তাইৰ কাষলৈ আগবাঢ়ি যাবলৈ লৈ ভৰিটো যেন জথৰ হৈ ঠাইতে লাগি ধৰিল।যন্ত্ৰবত হাতখন মাথো উঠি আহিল।সি যেতিয়া হাতখন উঠাই তাইক মাতিবলৈ লৈছিল তেতিয়ালৈ তাই মুখ ফিৰাই লৈছিল-তাই ভাবি লৈছিল সি হয় তাইক চিনি নাপালে নহলে তাইক মাতিবলৈ সংকোচবোধ কৰিলে লগৰ বোৰৰ আগত।তাৰ পিচত আৰু কোনো দিনে তাইক দেখা নাই।তাই কত হেৰাই গল একো গম নাপালে সি।মাত্ৰ বহুত দিনৰ পিচত খবৰ পালে তাৰ লগৰ বিবেকৰ সৈতে তাইৰ বিয়া নহল।তাৰ পিচত তাৰ পিচত ভাবত কিবা খেলিমেলি লাগিল৷ সকলোবোৰ যেন জটপকাই ধৰিলে৷
 আজি হঠাত বিস্মিতাৰ দৰে কাৰোবাক দেখি মনটো উৰি গল অতীতলৈ।অতীতবোৰ বৰ মিঠা মিঠা লাগিল আজি।মন গল অতীতলৈ ঘুৰি যাবলৈ,কৰি অহা সাধাৰন ভুলবোৰ শুধৰাই জীৱনটোক নতুন এটা সংজ্ঞা দিবলৈ।সদায় দেখাৰ দৰে সি সপোন দেখিলে -আজিও সি এপ্ৰনটো পিন্ধি ৰুমমেটৰ সৈতে গৈ আছে পৰীক্ষা হলৰ পৰা।সন্মুখত বিস্মিতাই তালৈ হাতখন উঠাই চিঞৰিছে
 –ভাস্কু ভাস্কু ,শুনা ।
সিও কালবিলম্ব নকৰি চিঞৰি উঠিছে
- ৰবা মিতা গৈ আছো।
-কিহে পাইছে কিহে পাইছে এই পুৱাতে চিঞৰিবলৈ বুলি কাষৰ পৰা অহা কৰ্কশ চিঞৰতহে তাৰ সম্বিত ঘুৰি আহিল। সি এতিয়াও বিচনাত ৷কাষত তাক চিঞৰি পুনৰ বাগৰ সলাই নাকেৰে গাহৰিৰ দৰে আৱাজ কৰি শুই আছে  তাৰেই  শকত আৱতকৈ পত্নী বিস্মিতা।
  


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...