বিকল্প লায়াৰ শৰীৰটো গুলীৰে থকা সৰকা কৰি থৈ গ'ল কোনোবাই৷ তাই থাকিবলৈ লোৱা হোষ্টেলৰ সন্মুখত তাইৰ নিথৰ দেহটো পৰি ৰ'ল৷গাভৰু বয়সত এজনী ছোৱালীক এনেকৈ কোনোবাই গুলীয়াই থৈ যোৱা কথাষাৰ পুলিচৰ বাবে বিফল প্ৰেমিকৰ প্ৰতিশোধ যেনেই লাগিল৷ লায়াৰ মৃত্যুৰ তিনিদিনৰ পিচতো ঘৰৰ কোনো মানুহে খবৰ নোলোৱা কথাষাৰে পুলিচক কিছু অস্বস্তিত পেলালে৷ এটা চাৰিজনীয়া পৰিয়ালৰ কলেজত পঢ়ি থকা লায়া নামৰ ছোৱালীজনী পঢ়াই শুনাই প্ৰচণ্ড ব্ৰিলিয়াণ্ট৷কিন্ত ছোৱালীজনী বেপৰোৱাই আৰু প্ৰচণ্ড স্বাধীনচিতিয়া৷ ছোৱালীজনী কিছু পৰিমাণে উদণ্ডও ৷পঢ়ি থাকোঁতেই অনিকেত নামৰ ল’ৰা এটাক ভাল পালে তাই৷প্ৰেম জোৰদাৰ চলিল৷ঘৰত আপত্তি কৰিছিল যদিও আপত্তি নৰজিল৷ইয়াৰ মাজতে তাই সুখ্যাতিৰে ডিগ্ৰী ল’লে৷তাৰ পিছত এম বি এত এডমিচন ল’লে৷অনিকেতৰ সৈতে ভালপোৱা চলিয়েই থাকিল৷উপায়হীন হৈ লায়াৰ মাক দেউতাক অনিকেতৰ ঘৰ পালেগৈ৷আৰু মাক দেউতাকক সকলো কথাই ভাঙি পাতি ক’লে৷অনিকেতৰ মাক দেউতাকে আপত্তি নকৰিলে বৰঞ্চ কথাষাৰ শুনি আনন্দিত হ'ল৷দুই ঘৰে বহি বিয়াৰ দিন বাৰ ঠিক কৰিলে৷দুইখন ঘৰত বিয়াৰ যোগাৰ চলিল৷বিয়াৰ কথা শুনি আনন্দিত হওক চাৰি লায়া খঙত গৰজি উঠিল৷একো বুজিব নোৱাৰি মাকে তাইৰ খঙ উঠাৰ কাৰণ সুধিলে৷লায়াই মুখ খুলিলে -হয় মই অনিকেতৰ সৈতে সময় কটাই ভাল পাওঁ৷একেলগে বহুত ফুৰিছোঁ বহুত ঘুৰিছোঁ সেইবুলি সি মোৰ চইজ নহয়৷বিয়া আৰু তাৰ লগত!অসম্ভৱ৷ দুইখন ঘৰত হুৱাদুৱা লাগিল৷মাক দেউতাকৰ মুখেমুখে কাজিয়া লাগিলে লায়াই৷কাজিয়া ইমানেই তুংগত উঠিল যে নিজকে সম্ভালিব নোৱাৰি ককায়েকে তাইৰ ওপৰত হাত উঠালে৷লাহেলাহে ঘৰখনৰ মানুহৰ সৈতে কথাবতৰা বন্ধ হৈ আহিল তাইৰ৷ সেইদিনা লায়াৰ জন্মদিন৷ঘৰখনৰ সকলোৱে তাইৰ বাবে চাৰপ্ৰাইজ দিবলৈ কেক, উপহাৰ আনি সাজু কৰি থাকোতেই লায়া অকস্মাৎ ঘৰ সোমাইহি৷সকলোৱে তাইক আদৰি আনিবলৈ যায় যদিও তাই তেওঁলোকৰ আগত ঘোষণা কৰে যে তাই ঘৰ এৰিবলৈ সাজু হৈ আহিছে৷আগদিনাই কাপোৰৰ বেগটো বান্ধি থৈছিল তাই৷ কাৰো কথা নুশুনি এটা স্বাধীনচিতিয়া জীৱন কটাবলৈ ঘৰখনৰ পৰা বাহিৰ ওলাই আহিছিল ৷তাৰ পিচত কোনোদিনে ঘৰৰ মানুহৰ সৈতে কোনো ধৰণৰ যোগাযোগ ৰখা নাই তাই৷আৰু ঘৰৰ মানুহেও সেইদিনাৰ পৰা লায়ক মৰিলে বুলিয়ে এৰি দিলে৷লায়া ঠিকেই সেইখন ঘৰৰ পৰা ওলাই গ'ল কিন্ত তাই কব নোৱাৰে কলৈ যাব কিয়েইবা কৰিব৷অনাইবনাই তাই চাকৰিৰ সন্ধানত ঘুৰি ফুৰিল৷অ'ত ত'ত চাকৰিৰ সাক্ষাৎকাৰো দিলে৷আজি ইয়াত কালি তাত ঘুৰি ফুৰোতে হাতৰ পইচাও শেষ হৈ আহিছিল৷এদিন পুৱাই হোটেলত চাহ খাই পইচা দিবলৈ লৈ দেখে তাইৰ বেগত বিল পৰিশোধ কৰিবলৈ এটি টকা নাই৷ইফালেসিফালে চাই দেখে কাষৰ টেবুল এখনত আদহীয়া মানুহজনে আত্মবিভোৰ হৈ খাই আছে ৷তাই কিবা এটা ভাবি তেওঁৰ কাষলৈ উঠি গ'ল৷ কোনো ভণিতা নকৰাকৈ তাই মানুহজনৰ কাষত থিয়হৈ ক’লে -মোৰ হোটেলৰ বিল পৰিশোধ কৰিবলৈ হাতত পইচা নাই৷মোক অলপ সহায় কৰিব নেকি? মানুহজন আকাশৰ পৰা পৰিল৷তেওঁ কিন্ত আচৰিত হোৱা যেন নেদেখুৱালে৷লাহেকৈ কাউণ্টাৰলৈ উঠি গ'ল৷পয়ষষ্ঠি টকা পৰিশোধ কৰি ঘুৰি আহোতে লায়া তাতে ৰৈ আছিল৷তাই মানুহজনক ধন্যবাদ জনাই পইচা চাকৰি পালে ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতি দি তাই হোটেলৰ পৰা ওলাই গুচি গ'ল৷মানুহজনেও তাইৰ কথাত বিশেষ গুৰুত্ব নিদিলে৷লায়া হোটেলৰ পৰা ওলাই আহি কলৈ যাব কি কৰিব ভাবি গৈ থাকোঁতে হঠাৎ হোটেলত লগ পোৱা মানুহজনে তাইক দেখা পালে৷তেওঁ তাইৰ কাষত থমকি ৰ'ল -এতিয়া কলৈ যাবা? -কৰবাত থাকিব লাগিব৷তাই উত্তৰ দিলে -তোমাৰ হাতত হোটেলৰ বিল পৰিশোধ কৰিবলৈ এটা টকা নাই ক'ত থাকিবা?বলা মই তোমাক আশ্ৰয়ৰ বাবে হোষ্টেল এটালৈ লৈ যাম৷ আচৰিত কথা তাইৰো মানুহজনক অবিশ্বাস কৰিবলৈ মন নগল৷অৱশ্যে তাৰ বাহিৰে কৰিবলৈ বেলেগ বিকল্প নাছিল৷আগ পাচ নুগুনি তাই মানুহজনৰ সৈতে হোষ্টেল পালেগৈ৷মানুহজনে এমাহৰ ফিজ দি তাইক ফোন নম্বৰটো দি গুচি আহিল৷তাৰ পিছত এটা দীঘলীয়া পৰাক্ৰমা পাৰহৈ গ'ল ৷কোনো দিন লায়াক বা লায়াই কোনোদিন মানুহজনক ফোন কৰাৰ প্ৰয়োজন বোধ নকৰিলে৷ জগতৰ বয়স পঞ্চাশ হবলৈ মাত্ৰ কেইটামান দিন বাকী৷এটা ডেকা ল’ৰাৰ পিতৃ৷পিতৃৰ ধৰ্ম সি পালন কৰিব পাৰিছে নে নাই সি কব নোৱাৰে৷কিন্ত প্ৰিয়াৰ সৈতে সি মুঠেই সন্তুষ্ট নহয়৷কাৰণ সিওঁ কব নোৱাৰে৷বিয়াৰ কিছুদিনৰ পিচৰেপৰা তাৰ অনুভৱ হবলৈ ললে প্ৰিয়া তাৰ লায়কৰ নহয়৷প্ৰিয়া তাৰ মৰমৰ পাত্ৰি কেতিয়াও হব নোৱাৰিব বুলিয়েই তাৰ ধাৰণা৷কোনো ফালৰ পৰা তাৰ সৈতে সি মিলাব নোৱাৰিলে৷তাৰ মাজতে তাহাঁতৰ মাজলৈ আহিছিল ৰাহুল৷সৰুৰে পৰা সি অনুভৱ কৰে তাৰ মাক-দেউতাক তাৰ লগৰ আন লগৰ ল’ৰাৰ মাক-দেউতাকৰ নিচিনা নহয় যেন৷মাক-দেউতাকৰ মাজত যেন এক বৃহৎ দুৰত্ব৷দুইজনৰ মাজত থাকি সন্তানে যিখিনি সহচাৰ্য আন্তৰিকতা পাব লাগিছিল সেইখিনিৰ যেন অভাৱ আছিল৷সেইয়া যেন প্ৰতি খোজতে অনুভৱ কৰিছিল ৰাহুলে৷ আনফালে হোষ্টেলত থাকোঁতেই লায়াই এটা চাকৰিৰ অফাৰ পালে৷হাতলৈ পইচা অহাৰ লগেলগে তাই মানুহজনলৈ ফোন লগালে৷তেওঁক পইচা এতিয়াও দিবলৈ বাকি৷সেইয়াই আছিল আৰম্ভণি৷তাৰ পিছত ইজনে সিজনক লগ পালে৷কথা পাতি ভাল লাগিল৷দুয়ো ঘনাই লগ পোৱা হ'ল৷কিন্ত আচৰিত ভাবে না মানুহজনে কেতিয়াবা তাইক তাইৰ পাৰ্চনেল কথা সুধিলে না তাই মানুহজনৰ বিষয়ে জানিবলৈ উৎসুক প্ৰকাশ কৰিলে৷এদিন তাইক মানুহজনে তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ কৰিলে৷তাইও আহিল একেলগে মানুহজনৰ পত্নী আৰু পুত্ৰৰ সৈতে বহি খালে৷মানুহজনৰ পুতেক প্ৰায় তাইৰ সমকক্ষ৷সেইদিনা মানুহজনৰ ঘৈণীয়েকে এটা কথা লক্ষ্য কৰিলে যে ছোৱালীজনীৰ যেন হাবভাব অলপ বেলেগ৷তাই যেন তেওঁৰ স্বামীৰ প্ৰতি প্ৰয়োজনতকৈ বেচিয়ে যেন আকৰ্ষিত হৈছে৷স্বাভাৱিক নালাগিল স্বামী আৰু লায়াৰ সমন্ধটো৷তেওঁ কোনোবা মুহূৰ্তত স্বামীৰ ফোনটো খুলি চালে৷জুলুঙাৰ মেকুৰী ওলাই পৰিল৷স্বামীৰ সন্মুখত প্ৰশ্ন উত্থাপন কৰিলে যে লায়া আৰু তেওঁৰ মাজত কি চলি আছে৷স্বিকাৰ কৰিলে নিজৰ অপৰাধ৷ -হয় মই তাইক ভালপাওঁ৷গম পাইছাই যদি কিহৰ বাবে মোক সুধিবলৈ আহিছা৷আঁতৰত থাকিবা মোৰ পৰা বুলি ওলাই গৈছিল সি৷ ওলাইয়ে সি লায়াৰ ওচৰ পাইছিলগৈ -লায়া তুমি তৎক্ষণাত এই হোষ্টেল এৰিব লাগিব৷প্ৰিয়াই সকলো গম পালে৷তেওঁ যিকোনো মুহূৰ্ততে ইয়াত ওলাবহি পাৰে৷ লায়া হাৰ মনা ছোৱালী নহয়৷তাই প্ৰিয়াক কথা শুনাই পঠিয়াইছিল৷তাইক কথা শুনাবলৈ অহাতকৈ নিজৰ স্বামীক শাসন কৰিবলৈ৷ প্ৰিয়াই সেইদিনা ঠিকেই ঘৰলৈ ঘুৰি আহিছিল কিন্ত ভিতৰিভিতৰি ভাঙি পৰিছিল৷আগতেই স্বামীৰ ব্যৱহাৰত মানসিক স্হিৰতা হেৰুৱাই পেলোৱা প্ৰিয়াই আত্মহত্যাৰ চেষ্টা কৰিছিল৷ ৰাহুলে হস্পিতাললৈ লৈ গৈছিল প্ৰিয়াক৷হাস্পতালত ট্ৰিটমেণ্ট আৰম্ভ কৰি থাকোঁতে ডাক্তৰে প্ৰিয়া এনেকৈ থাকিলে বাচি থকা দিগদাৰ আছে বুলি ঘোষণা কৰিলে৷ৰাহুলে মাকক বহুত ধৰণে বুজাই চালে৷প্ৰিয়াৰ ৰাহুলৰ কোনো কথাই কাণলৈ নগল৷অসহায় ৰাহুলৰ সন্মুখত মাকক বচোৱাৰ আশাবোৰ ক্ষীণহৈ আহিব ধৰিলে৷ তাৰ মাজতে লায়াৰ মৃত্যুৰ সমগ্ৰ অপবাদ আহি জগতৰ ওপৰত পৰিল৷সন্দেহৰ আঙুলি পুলিচে প্ৰিয়ালৈও টোঁৱালে৷ঘৰখনে এজনী অচিনাকি ছোৱালীৰ বাবে বিভিন্ন প্ৰশ্নৰ সন্মুখিন হব লগা হ'ল৷পুলিচৰ তদন্তৰ গম পোৱা গ'ল লায়াক গুলীৱা পিষ্টলটো জগতৰ আছিল৷জগতক ঘুৰাই পকাই বহুত প্ৰশ্ন কৰা হ'ল৷অৱশেষত পুলিচ নিশ্চিত হ'ল জগতে লায়ক মৰা নাই৷তেনেহলে? গোটেই সন্দেহ ৰাহুলৰ ওপৰত পৰিল৷ৰাহুলে দেউতাকৰ উপস্থিতিত স্বীকাৰ কৰিলে -হয় মই মাৰিলো লায়াক৷তাৰ বাহিৰে মোৰ যে বিকল্প নাছিল৷দেউতাৰ মাক ভাল নালাগিল গতিকে তেওঁ জীৱনত আগবাঢ়িবলৈ বিকল্প বিচাৰি ললে৷কিন্ত মই দেউতাৰ বিকল্প কাক বিচাৰিম৷মোক যে এইয়া মা-দেউতাকে লাগে৷লায়াক নামাৰিলে মা বাচি নাথাকিব সেইটো মোৰ মগজুত সোমাই গ'ল৷মাক হেৰুৱাব লাগিলে তাৰ বিকল্প কাক পাম৷মোক যে মাৰো বিকল্প নালাগে৷ তাৰ পিছত ৰাহুল আৰু তাৰ বন্ধুৱেকৰ বিচাৰ হ'ল৷বিচাৰত দুইটা ল’ৰাই নাবালক হোৱাৰ বাবে চাৰিবছৰ বাবে সশ্ৰম কাৰাদণ্ড বিহা হ'ল৷ আমি ডাঙৰে কিবা এটাত অসন্তুষ্ট হ'লে তাৰ বিকল্প বিচাৰি লওঁ৷কিন্ত আমাৰ সন্তানে আমাৰ বিকল্প কাক বিচাৰিব!মাক দেউতাকৰ বিকল্প আন কোনোবা!সম্ভৱ নে সচাঁই! সত্য কাহিনীৰ আলমত
Subscribe to:
Post Comments (Atom)
সংঘাত জীৱনৰ
সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...
No comments:
Post a Comment