হেৰুৱাৰ বেদনা
বৰ্ণালী ফুকন
 
 চাৰিটা বছৰৰ সংগ্ৰামৰ আজি অন্ত পৰিল।স্তব্ধ হৈ ৰ'ল তাইৰ জীৱনৰ আন এক অধ্যায়ৰ।নীৰৱ হৈ ৰ'ল তাইক জীৱনৰ আদি পাঠ দিয়া ভালপোৱাৰ।সৰ্বস্ব হেৰুৱাই তাই অৰ্তনাদ কৰি উঠিল।আৰু কিমান কাঢ়িবা তুমি, কিন্তু চকুপানী বোৱা কোনেও নেদেখিলে।নুশুনিলে কোনেও তাইৰ হৃদয়ৰ কৰুণ অৰ্তনাদ।বুকুৰ ভিতৰখনত বেদনাৰ ঢৌৱে থানবান কৰিলে।বাৰে বাৰে বুকুৱেদি উজাই অহিব বিচৰা উচুপনিক বাধা দিবলৈ কৰা অপ্ৰাণ প্ৰচেষ্টাত মাকৰ উকা কপাল –উকা শিৰে বাৰে বাৰে প্ৰচেষ্টাক চুৰমাৰ কৰিব বিচাৰিলে।তথাপি তাই স্হিতিপজ্ঞ।ইনাই বিনাই কন্দা মাকক দেখি তাইৰ নিজৰ অক্ষমতাৰ ওপৰতে খং উঠিল।আপোনাআপুনি ওলাই আহিল
-তুমি এনেকৈ কান্দি জানো দেউতাক ঘুৰাই আনিব পাৰিবা।নিজকে নিষ্ঠুৰ যেন লাগিল।
মাকক শান্তনা দিবলৈ এৰি কি কৈছে তাই, নিজে কোৱা কথাষাৰত নিজেই আচৰিত হ’ল তাই।
  তাই জীৱনৰ দুটা সপোন ভঙাৰ ভয়ংকৰ নিশা।সংগোপনে অহা মৃত্যুৰ শীতলতা অনুভৱ কৰা নিশা।মৰা চৰাইৰ বিকট চিঞৰত অন্তৰাত্মা কপাই তোলা নিশা।তাইৰ বুকুৰ অনুভৱ খিনি বুজাবলৈ শব্দৰ অভাৱ।মাথো তাই অনুভৱ কৰে পাৰ কৰা সেই ভয়ংকৰ দুটা নিশা।সৰ্বস্ব হেৰুৱাৰ বেদনা অনুভৱৰ নিশা।প্ৰিয় জনক হেৰুৱাই নিঃস্ব হোৱা নিশা ৷
   দেউতাকক সকলোৱে ধৰি এম্বুলেন্সৰ পিচফালৰ চিটত শুৱাই দিয়াৰ লগেলগে তাই কাষৰ চিটত বহি দেউতাকক সাৱটি ললে।দেউতাকক এইকণ সময় তাই নিৰিবিলিকৈ পাব বিচাৰিলে।ওৰেটো বাট তাই চকুৰ পলক নেপেলোৱাকৈ চাই আহিল দেউতাকক।প্ৰশান্তিত টোপনি গৈছে দেউতাক।গালখন তাইৰ দুইহাতেৰে পিহি দিলে।আগেয়ে তাই প্ৰায়ে দেউতাকৰ পকা চুলি  উঘলাৰ আজুহাতত গালখন চুই চাইছিল।ৰঙা বগা টুলটুলিয়া দেউতাকৰ গালখন আজি হেতা পৰি আছে।সাৱটি ধৰি তাই দেউতাকৰ গাৰ উম অনুভৱ কৰিব বিচাৰিলে।এতিয়াও গৰম হৈ আছে গাটো।হাত দুখন চুই চালে দেউতাকৰ।পাতল গোলপীয়া আভা এতিয়াও ম্লান পৰা নাই।এই দুই হাতেৰে তাইক দেউতাকে মুৰত হাত ফুৰাই যোৱাবাৰ বিহুত আৰ্শীবাদ দিছিল সুখী হবলৈ।অথচ দেউতাকে জানিছিল তাইক সুখী কৰা দুৱাৰ বোৰ এখন এখনকৈ জাপ খাই আহিছে।আঙুলিবোৰ চুই চালে এটা এটাকৈ ।দেউতাকৰ দীঘল দীঘল আঙুলিৰ নখবোৰ চুটিচুটি কৈ কাটি থোৱা আছে।হাস্পিতালত সোমোৱাৰ আগতে পৰিপাটিকৈ কাটি লৈছিল নখখিনি দেউতাকে।আকৌ ঘৰখনলৈ ঘুৰি আহিম বুলিয়েই ইমান পৰিপাাটীকৈ ওলাই গৈছিল দেউতাক৷এইখন হাতেৰে সৰুটে তাইক দুকুচাকৈ চুলিখিনি বান্ধি দিছিল।গালেমুখে পাউদাৰ লগাই ধুনীয়াকৈ কাপোৰ পিন্ধাই ইফালে সিফালে লৈ ফুৰিছিল।তাই দেউতাকে ভাত খাবৰ সময়ত প্ৰায়ে কাষত থিয়হৈ থাকিছিল ।
-খকোলী বুলি মৰমতে দেউতাকে খোৱাৰ মাজতে এগৰাহ দুগৰাহ মুখত ভৰাই দিছিল তাইৰ।তৃপ্তিত তাই দুইগালত পুল দুটা পেলাই দুষ্টালি ভৰা হাঁহি মাৰিছিল।সেই অভ্যাস তাই এৰিব পৰা নাছিল।কলেজত পঢ়ি থাকোতেও দেখোন সৰু ছোৱালী এজনীৰ দৰে দেউতাকৰ কাষত ৰৈ থাকিছিল দেউতাকে আগবঢ়াই দিয়া দুগৰাহ ভাতৰ বাবে।কিমান যে সোৱাদ লাগি আছিল।বহু বাৰ চেষ্টা কৰিও তাই দেউতাকৰ ভাত কেই গৰাহৰ দৰে সানিব নোৱাৰিছিল।আজিও লাগি আছে সেই সোৱাদ জিভাত।
 হাতখন এইবাৰ লাহেলাহে আগুৱাই নি ভৰিটো চুই চালে।আন কালৰ দৰে ভৰিটো আজি চেঁচা নহয়।দুইহাতে ভৰিটো চুই তাই কপালত লগালে।তাই শেষবাৰৰ বাবে দেউতাকক অনুভৱ কৰিব বিচাৰিলে।
    দেউতাকে মাকক কোৱা এষাৰ কথা তাইৰ কাণত আজিও বাজে
-ইহঁত হাল থাকিলে মোৰ চিন্তা নাই।কোনেও নিনিলেও ইহঁত দুটাই মোক ঘৰ হস্পিতাল কৰিব।মোক মৰিবলৈ দিবলৈ মন নাই ইহঁতৰ।
সেয়া আছিল তাহাঁত দুইটাৰ প্ৰতি থকা মৰম আৰু আস্হাৰ বহি প্ৰকাশ।ইমান বিশ্বাস তাহাঁত দুইটালৈ দেউতাকৰ।অথচ সেই বিশ্বাস ৰাখিব নোৱাৰিলে তাহাঁত দুটাৰ এটাইও।যুদ্ধখন তাইক অকলে যুজিবলৈ দি আঁতৰি গৈছিল চিৰদিনৰ বাবে মুন।দেউতাকক দেখিছিল এদিন মুনৰ লাইফ চাইজৰ ফটোখন সাৱটি সৰু লৰা-ছোৱালীৰ দৰে চিঞৰি চিঞৰি কন্দা।মুনক হেৰুৱাই দেউতা ভিতৰি ভিতৰি ভাগি পৰিছিল।
মাকক তাই কোৱা শুনিছিল
-আমাৰ সোঁহাত ছিগিল।
মুনক হেৰুৱাই ভিতৰি ভিতৰি মনোবল কমি আহিছিল দেউতাকৰ।তাইৰ দেউতাকলৈ মুনৰ মৰম আৰু শ্ৰদ্ধাৰ অন্ত নাছিল।হাস্পিতালৰ দেউতাকে কেম’ৰ ট্ৰিটমেন্ট লৈ থাকোতে ৰেডিয়েচন দিওঁতে সি যেনেদৰে প্ৰতিমুহূৰ্ত  পাৰ কৰিছে তাকে দেখি কাষৰ বিচনাৰ ৰুগীয়ে দেউতাকক কৈছিল
-বৰ ভাগ্যৰ বলত এনেকুৱা পুতেক পাইছে দাদা।তাই অনুভৱ কৰিছিল দেউতাকৰ বুকু গৰ্বত এহাত মান ফুলি উঠিছিল। ।মিচিকীয়াই হাঁহিছিল দেউতাকে।জীয়েকক মনে মনে কৈছিল
- থাকক দে তাক পুতেক বুলিয়ে ভাবক।সেইবাবেই চাগে মুন যোৱাৰ ন মাহৰ পিচতে তাৰ মৰম বিচাৰিয়ে সি যোৱাৰ বাটেৰে গুচি গৈছিল দেউতাক।
   দেউতাকৰ সেইদিনা ৰেডিয়েচনৰ শেষ দিন আৰু পুৱাই মুনক সোমোৱাইছিল হস্পিতালত।
        ঈশ্বৰৰ ইচ্ছাৰ ওচৰত মানুহ নিঃসহায় সেইদিনা প্ৰথম বুজি উঠিছিল তাই।যেতিয়া পৃথিৱীৰ আটাইতকৈ ভালপোৱা মানুহটোৰ আৰোগ্যৰ হেপাহ বুকুত বান্ধি হাস্পিতালৰ কৰিডৰত ৰৈ থকা  মানুহজনীক  আশা পয়ত্ৰিশ শতাংশ বুলি কৈছিল৷ আই চি ইউলৈ সোমাই গৈ ভেন্টিলেচনত  চটফটাবলৈ ধৰা মৰমৰ মানুহটোক দেখি মনৰ অৱস্হা কেনে হব পাৰে তাই জীৱনত প্ৰথম অনুভৱ কৰিছে।কিমান হৃদয় বিদাৰক অকলশৰে স্বামীৰ জীৱনৰ প্ৰাণ ভিক্ষাৰ বাবে অদৃষ্টৰ ওচৰত কাবৌ কাকুতি কৰা সেইদিনা উপলদ্ধি কৰিলে তাই।দৰকাৰ হলে তাইৰ আয়ুস বন্ধকত দি হলেও তাক মোকলাই আনিব যমৰ দুৱাৰৰ পৰা কিন্তু তাত যে বন্ধকি নচলে। কি কৰিব তাই,মুৰটো দেৱালত মাৰি মৰি যাব নেকি, সি এৰি যোৱাৰ আগতে।নাই নাই এই মুহূৰ্তত কোনো ঋণাত্মক চিন্তা নানে মনলৈ তাই।সি জীয়াই থাকিবৈ লাগিব, নাই সি মৰিব নোৱাৰে সি জী থাকিব, তাইৰ কাৰণে সি জী থাকিব লাগিব।
  তেতিয়া পৃথিৱীখন নিহালিলৈ শুই আছিল।বুকুত দুৰ্বাৰ আশালৈ তাই তালৈ বাট চাইছিল।আনফালে তাইৰ অজানিতে জীৱনৰ আটাইতকৈ দুৰ্ভগীয়া মুহূৰ্তটোৱে তাইলৈ বাট চাই আছিল।“হি ইজ ন ম’ৰ” চাৰিওফালে এতিয়া মৃত্যুৰ শীতলতা ।ডাক্টৰ কথাখিনি তাই যেন বুজি পোৱা নাই।মুখলৈ অবাক লাগি চাই থকিয়ে অনুভৱ কৰিলে পৃথিৱীখন চক্ৰাকাৰে ঘুৰিব ধৰিছে।কিবা এটাই ডিঙিৰ ৰগ ডাল টানি ধৰিছে যেন তাই মাতিব নোৱাৰাকৈ। কব নোৱাৰা হৈ গল তাই ৷হাতৰ লাখুটি ডাল কৰ’বাত উফৰি পৰিল ৷কব নোৱাৰা হৈ তাই মাটিত লুটিখাই পৰিবলৈ লওতে কোনোবাই ধৰিলেহি তাইক।তাই যেতিয়া চকু মেলি চালে তেতিয়া তাই নাৰ্চৰ চকিত হেলান দি আছে আৰু কাষত দুগৰাকী নাৰ্চে তাইক ধৰি আছে।এটা বৃকত চিঞৰ ওলাই আহিল এইবাৰ তাইৰ মুখেৰে
-মোৰ সকলো শেষ।কাৰ মুখলৈ চাই জীয়াই থাকিবলৈ দি গলি ঐ মোৰ মানুহটো।
   তাৰ পিচত কেনেকৈ কাক ফোন লগাইছে কাক চিঞৰিছে তাইৰ একো মনত নাই।মাত্ৰ এটা কথা মনত আছে দুইটাই আজীৱন একেলগে থকাৰ প্ৰতিশ্ৰুতিত বনোৱা নতুন ঘৰটোত তাৰ দেহাটো কঢ়িয়াই আনি তাহাঁতলৈ বুলি হেপাহেৰে বনোৱা শোৱা কোঠালিটোৰ মজিয়াত শুৱাই দিছে।আৰু তাই তালৈ শেষ বাৰৰ বাবে অপলক দৃষ্টিৰে চাই আছে।শেষেই নহব যেন হেপাঁহ।মনত পৰিল তাইৰ কোলাত সৰু লৰা এটাৰ দৰে এনেকৈয়ে  প্ৰায়ে সি নিশ্চিন্ত মনেৰে টোপনি যায় তেতিয়া তাই তাৰ মুখলৈ এনেকৈয়ে চকুৰ পটা নজপোৱাকৈ একেথৰে চাই থাকে।আজি কিন্তু নাই তাৰ মুখত সেই প্ৰশান্তি।সেয়া বাৰু তাইক এৰি যোৱাৰ বেদনা আছিল নেকি?
-কিয় প্ৰতিশ্ৰুতি বোৰ কি হল তই জহন্নামলৈও গলে মোক লৈ যোৱাৰ।আজি মোক ফাকি মাৰি কেনেকৈ যাব পাৰিলি,তাৰ শৰীৰটো ধৰি চিঞৰি উঠিল তাই।

 মাঙ্গলিক কাৰ্য্য বোৰ সমাধা হৈ গৈছিল।বিতৰ্কই সেইদিনাৰ পৰা তাইক লগ এৰা নাছিল।মানুহটোৱে যেন জীৱনটো এঘড়ী যুজিবলৈকে দি গ'ল।লাহে লাহে তাই মৌন হৈ নিজৰ কৰ্তব্য কৰি গ'ল।কিছুয়ে ভাল পালে কিছু ক্ষুন্ন হ'ল।তথাপি তাই যিটোৱে পেটে পেটে ভাল বুলি ভাবিলে  কৰিলে।ভাগ্যক ধিয়াই বহি থাকিলে নহব৷ তাইৰ আগত ডাঙৰ কৰ্তব্য।মুনক হেৰুৱাৰ এমাহৰ পিচতে তাই দেউতাককলৈ বি বৰুৱা কেণ্সাৰ হস্পিতাল পালেগৈ।মনৰ ভিতৰত হাহাকাৰ এইবাৰ দেউতাককো।ভাবিবলৈ মন নগল।ভগবান ইমান নিষ্ঠুৰ নহয়।ডাক্টৰে ৰিপৰ্ট চাই মৰা সন্তুষ্টিৰ হাঁহিটোৱে তাইক ইমান দুখৰ মাজতো সকাহ দিলে।দেউতাকৰ মুখত কিন্তু পৰীক্ষা পাচ কৰাৰ সন্তুষ্টি নাই।কজলা ডাৱৰে মুখখন চানি আছে দেউতাকৰ।
মনত পৰিল প্ৰতিবাৰ হাস্পিতাল আহিলেই মুনে দৌৰি গৈ দেউতাকলৈ অ আৰ এচৰ জুচ্ অনাৰ কথা।এই যেন সি দৌৰি আহি ওলাবহি আৰু কব
-দেউতা এয়া লওঁক দুটা পি খাই দিয়ক ভাল লাগিব।
আহি থাকোতে মুখৰ ভিতৰতে দেউতাকে ভোৰভোৰাই কোৱা শুনিলে
-কোন যাব লাগিছিল কোন গল।
বুজি পালে দেউতাকৰ মনৰ বেথা।গোটেই বাট দেউতাৰ হাতখন ধৰি আহিল তাই।মানুহবোৰে হাঁহিবলৈ পাহৰি গ’ল।তাই অনুভৱ কৰিলে তাই কাষত থাকিলে দেউতাকে দীঘল হুমুনিয়া কাঢ়ে।আলোচনা কৰি দেউতাক মাকক পঠোৱাৰ কথা ভাবিলে।তাইক দেখি থাকিলে দেউতাকে জীয়াই থকা দিন কেইটা হা হুতাশ কাঢ়ি থাকোতেই যাব।এক প্ৰকাৰৰ জোৰ কৰিয়ে দেউতাক-মাক পঠিয়াই দিলে কিছু দিন পাহৰি থাকক জোঁৱাই হেৰুৱাৰ বেদনা খিনি।তাই নিজে মাক-দেউতাকক এয়াৰপৰ্টত থৈ আহিল।আনকালে হোৱা হলে তাই আৰু মুনে উঠাই থৈ আহিল হেতেন।প্ৰতিটো খুজতে তাৰ স্মৃতি,পাহৰি যাওঁক বুলি কলে জানো পাহৰি যাব পাৰি।চকু চলচলিয়া কৰি দেউতাকে বিদায় ললে।
    -যাওঁ।পিচলৈ নোচোৱাকৈ দেউতাক লাউঞ্জলৈ আগবাঢ়ি গল।তাই জানে দেউতাকে তাইৰ পৰা চকুপানীখিনি লোকোৱাব বিচাৰিছে।
তাইও পিচলৈ নোচোৱাকৈ ওলাই আহি গাড়ীত বহিলহি।ঘৰলৈ ঘুৰি যোৱা বাট চোৱা প্ৰতি বাৰতে বুকু ভেদি ওলাই আহিব খোজা উচুপনিটোক নিচুকায় থাকিল।তাই জানে ভালদৰেই তাই হেৰুৱাবলৈ আকৌ সাজু হবৰ হ'ল।হয়তো আৰু কেইটামান বছৰ।উফ!কি কষ্ট।
দেউতাকহঁত যোৱা কেইমাহ মান পাৰ হৈছিল।পৰিবেশ বোৰ স্ৱাভাৱিক অৱস্হালৈ ঘুৰি নাহে।মুনলৈ বুলি যিমানেই বাটলৈ চাই থাকিলেওঁ ঘুৰি নাহে সি।ভিৰৰ মাজত তাই কিমানবাৰ ভ্ৰম হৈছে ।এই যেন পাৰ হৈ গল সি।কেইবাবাৰো পিচ লৈছে।হতাশ হৈ গাড়ীলৈ ঘুৰি আহিছে।পগলা বুলি ভাবে বুলি কাকো কব নোৱাৰে তাই।সচাঁই তাই বাৰু পগলা হবলৈ গৈ আছে নেকি?জোকাৰি পেলাব বিচাৰে ভ্ৰম বোৰ ।কিমান কষ্ট মানি লবলৈ।তাৰ লাইফ চাইজৰ ফটো খনলৈ চাই বাস্তৱলৈ ঘুৰি আহে।
 
নাজাই নোপোৱাই ক্ষনবোৰ
আজি ইমান দিনে মানি অহা ৰোটিনখন।সাতটা বজাৰ বাবে ব্ৰেকফাষ্ট টেবুলত সজাই দিয়া।মুনক গা ধুবলৈ গৰম পানী কৰি দিয়া।চুগাৰটো পুৱাতে পৰীক্ষা কৰি নিৰ্দ্দিষ্ট বহি খনত লিখি ৰখা।সেই মতে তাক ইনচুলিনটো দি দিয়া।দেচোন ভৰিটো অলপ পিটিকি আৰাম লাগে অ তই চুই দিলে বুলি আকৌ শুৱাৰ চেষ্টা কৰা।এইবোৰ কেনেকৈ পাহৰি যাব তাই।ৰাতি তাৰ হাতৰ পৰশ অনুভৱ কৰে।গভীৰ টোপনিত থাকিলেও সি তাইক তাৰ বহল বুকুৰ মাজত সাৱটি শুৱা অভ্যাসটোৱে তাইৰ ৰাতিবোৰ আৰু অকলশৰীয়া কৰি থৈ যায়।এতিয়াও তাই কাহিলী পুৱাতে সাৰ পায়।তাইক যেন মুনে কয়
-হেৰা উঠা অফিচ যাবৰ হব।পানীটো গৰম কৰি দিবা।খকমককৈ সাৰ পাই উঠিবলৈ লৈ বাস্তৱলৈ ঘুৰি আহে।কেকুৰি উঠে বুকুখন।তাইৰ আজিকালি ৰাতিবোৰ নাযায় নুপুৱাই আৰু ৰাতিপুৱালেই মনটো তাক হেৰুৱা বেদনাই ভাৰাক্ৰান্ত কৰি ৰাখে।
নোযোৱা নুপুৱা দিনবোৰ বাগৰিছিল।মুন যোৱাৰ নমাহ পাৰ হৈছিল আৰু ৰৈ আছিল তাইলৈ দ্বিতীয়টো ধুমুহা।দেউতাকৰ গাটো পুনৰ বেয়া হোৱা শুনি তাইৰ কাষলৈ মাতি আনিছিল।এইবাৰ দেউতাকৰ মুখখন দেখি তাইৰ মনটো ভাল নালাগিল।মনত যেন কোনো স্পৃহা নাই।ভাৱলেশহীন এটা মানৱ পুতলা।দেউতাক কম কথা কোৱা মানুহ ভিতৰি ভিতৰি মানুহজন ভাগি পৰিছে।তাতে প্ৰতিবাৰৰ কেম’ৰ অত্যাচাৰ ৰেডিয়েচনৰ অত্যাচাৰ এই ভগ্ন শৰীৰে কিমান টানিব।তথাপি তাই আশা হেৰুৱা নাই।নাই তাইক দেউতাকে এৰি যাব নোৱাৰে।হেৰুৱাৰ ভয়ত তাই স্বাৰ্থপৰ হৈ উঠে
-এনেকৈ তাইক এৰি সকলোবোৰ গুচি যাব নোৱাৰে।নাই নাই তাই নিদিয়ে এনেকৈ অকলশৰীয়া কৰি সৱকে গুচি যাবলৈ।মনৰ ভিতৰতে ভোৰভোৰাই তাই।
তাই সাৱটি অহা দেউতাকক ধৰি জোকাৰি দিলে
-উঠা দেউতা ।উঠা বুলি কৈছোঁ উঠা।নোৱাৰা নোৱাৰা তুমি এনেকৈ মোক এৰি যাব।সৌভাগ্যবতী হবলৈ কৈ এনেকৈ মোক নিঠৰুৱা কৰি এৰি যাব নোৱাৰা। 
তাইৰ তাৰ পিচত কি হৈছিল কব নোৱাৰে যেতিয়া চকু মেলিছিল তেতিয়া তাইৰ দেউতাকক চাঙিখনত শুৱাই থৈছিল।খুড়ীয়েকে মাহ-হালধীৰ বাতিটো আগবঢ়াই দি কৈছিল
-ল মা অ দেউতাৰক শেষ বাৰৰ বাবে চাই ল।
তাই সকলো জানিও কন্দা নাই ।ওলোৱা নাই তাইৰ এটোপাল চকুলো।একেথৰে চাই আছে নীৰৱে শুই থকা দেউতাকলৈ ।তাই বাতিটোৰ পৰা মাহ-হালধী অলপ লৈ মুখখনত লগাই দি দেউতাকৰ বুকুত আচাৰ খাই পৰিল।
-তুমিও মোক সুখে দুখে লগত থাকিম বুলি এৰি থৈ গ’লা তেনে দেতু।
নাহে আৰু তাইৰ দেউতাক বহল উমাল বুকুত সোমোৱাই শান্তনা দিবলৈ আগৰ দৰে
-নাকান্দিবি আই মই আছোঁ নহয়।


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...