সোঁৱৰণি

লাহেলাহে এখোজ দুখোজকৈ আশ্ৰুলীমা নদীৰ কাষত বান্ধিথোৱা ফেৰীখনলৈ উঠি গ'ল৷এহাতত এবাকচ কাগজ আনখনত এখন সৰু কিতাপৰ দৰে এখন বহী৷তাই আগবাঢ়িগৈ একেবাৰে  ৰেলিঙৰ কাষত থিয় হ'ল৷লগতে যোৱা ড্ৰাইভাৰটোৰ হাতত বাকচটো দি তাই বাকচটো খুলি পেলালে৷তাইৰ কাপোৰযোৰৰ দৰেই শুধ বগা কাগজ কিছুমানেৰে বাকচটো ভৰি আছে৷তাৰে এখন তাই মেলি চালে৷ভিতৰত সৰুকৈ বাপুৰ পাচপোৰ্ট আকাৰৰ এখন ফটো৷ফটোখনৰ ঠিক ওপৰতে লিখি থোৱা আখৰ কেইটালৈ চকু গ'ল৷বুকুখন কেকুৰী উঠিল৷"শ্ৰদ্ধাঞ্জলি" আখৰটোৱে তাইক যেন মনত পেলাই দিলে পাৰ কৰি অহা ভয়ংকৰ দিনটোৰ কথা৷সি নাই ,কথাষাৰ আজি এমাহে এক মুহূৰ্তৰ বাবেও মানি লব পৰা নাই তাই৷মানুহ এনেকৈ হঠাৎ নোহোৱা হৈ যাব পাৰে নে?জলজান মানুহ এটা হঠাৎ বতাহত কেনেকৈ মিলি যায়?মৃত্যু এয়াই নেকি?হঠাৎ অস্তিত্বই বা হেৰাই যায় কেনেকৈ?
    ইয়াৰ আগতেও মৃত্যুহোৱা মানুহক কাষৰ পৰা দেখিছে তাই৷তাইৰ শাহুৱেক ধুকাওতে তাই মাহ হালধি বাটি ঘঁহি দিছিল৷খুব বেয়া লাগিছিল সেইদিনা৷কোনেও নেদেখাকৈ উচুপি উঠিছিল তাই৷তথাপি শান্তনা লভিছিল বিচনাত পৰি পৰি ঘাঁ লাগি চটফটাই থকাতকৈ গলগৈ ভালেই হ'ল৷এইবুলিয়ে শান্তনা লৈছিল৷কিন্ত বাপু গুচি গ’লতহে মৃত্যুৰ সৈতে যেন তাই একেবাৰে কাষৰ পৰা চিনাকি হ'ল৷
   লাহেলাহে এখন এখনকৈ কাগজ পানীলৈ দলিয়াই দিলে তাই৷বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ ঢৌবোৰে কাগজবোৰ উটুৱাই লৈ গৈ থাকিল৷এখন দুখন তাৰ পিচত এজাপ এজাপকৈ নাচি নাচি ঢৌবোৰৰ লগত গৈ থাকিল৷এইবাৰ তাই হাতৰ মুঠিত থকা কিতাপখন মেলি ধৰিলে৷সি হেপাঁহেৰে বনাই অনা সোঁৱৰণিখন মেলি চালে তাই৷চন ২০৪৪লৈকে প্ৰতিটো বছৰৰ হিচাপবোৰ লিখা হৈ আছে৷জ্যোতিষীৰ ভৱিষ্যত বাণী মতে সি আৰু ত্ৰিশটা বছৰ জীব লাগিছিল৷তাই তালৈ বিয়া সোমোৱাৰ সময়তে কৈছিল৷তাৰ আচল সোঁৱৰণি খন হেৰাল৷যত লিখা আছিল মুঠেই পঞ্চাশ বছৰলৈকেহে হিচাপ৷গতিকে বাপুৱে ধৰি লৈছিল সি খুব বেচি পঞ্চাশ বছৰ বয়সলৈকে হে থাকিব ৷তাই নিজ চকুৰে নেদেখা বস্তু এটা মানি লব পৰা নাছিল৷তাই তাক খাটনি ধৰিছিল বাপুৰ অফিচৰ চিনাকি ভট্ট দাৰ জ্যোতিষী বন্ধুৰ হতুৱাই নতুনকৈ এখন বনাই লবলৈ৷সেইখন বনোৱাই অনাৰ পিছত সি তাইক শিকাইছিল নেওঁতাৰ দৰে ঘৰ পৰা বোৰত থকা আখৰবোৰৰ অৰ্থ কি৷কোনোবা এটা ঘৰত ৰঙা চিয়াঁহীৰে ৰা/কে/শ লিখি থোৱা আছিল৷তাই বাপুক সুধিছিল ৰঙা চিয়াঁহীৰে কিয় লিখিছে?কিবা বিপদ আছে নেকি?বাপুৱে শিকাইছিল তাইক সোঁৱৰণি কেনেকৈ চাই৷আৰু শিকাইছিল ত্ৰিপাপ ৰিষ্ট থাকিলে কি কৰিব লাগে৷কৈছিল তাইক দান বৰঙনি দিলে নহলে পূজা পাতলৰ দ্বাৰা ত্ৰিপাপ ৰিষ্ট আঁতৰাব পাৰি বুলি ৷সেইদৰে কোৱাৰ পিছত তাই কুটুৰিবলৈ ধৰিছিল মহা মৃত্যুঞ্জয় পূজা ভাগ ঘৰত কৰিবলৈ৷প্ৰথমে মান্তি হোৱা নাছিল বাপু
-বহুত খৰছ এইবোৰ৷ভেকাহি মাৰি কৈ উঠিছিল৷
তথাপি তাই হাল এৰি দিয়া নাছিল৷
মন্দিৰৰ বুঢ়া পূজাৰীজনক মাতি আনিছিল তাই৷যিমান পাৰে ভালকৈ পূজা ভাগ কৰি দিব লাগে৷অৱশেষত পূজা ভাগ সুকলমে হৈ গৈছিল৷তথাপি দেখোন বাপুৱে মৃত্যুক জয় কৰিব নোৱাৰিলে৷কোনোবাই কলে নৱগ্ৰহ মন্দিৰত দান দিলে ত্ৰিপাপ ৰিষ্ট আঁতৰিব৷সেইটো বছৰত বাপুৰ যেনিবা একো নহল৷কিন্ত পিচৰটো বছৰত দেখোন সোঁৱৰণিখনৰ ঘৰবোৰত ৰঙা চিঁয়াহীৰে একো লিখা হোৱা নাছিল৷তথাপি কিয় বাপুৰ মৃত্যু হবলৈ পালে?সি কোৱাৰ দৰে যদি হেৰুৱা সোঁৱৰণিখনত তাৰ আয়ুস পঞ্চাশ বছৰেই আছিল তেন্তে পঞ্চাশ সোমোৱাৰ আগতেই কিয় গ'ল সি?সকলোবোৰ কথাই তাইৰ মনটোত আজিকালি ক্ৰিয়া কৰি থাকে৷জ্যোতিষ শাস্ত্ৰখনৰ প্ৰতি কেতিয়াবা সন্দেহ হবলৈ ধৰে৷আজি তাই চন্দুকৰ সৰু বাকচত আটোমটোকাৰীকৈ সোমোৱাই থোৱা তাৰ সোঁৱৰণিখন লগতে লৈ আহিছে৷তাই লাহেকৈ মেলিলোঁৱা সোঁৱৰণিখন জপাই নদীৰ বুকুলৈ দলিয়াই দিলে৷যাওঁকগৈ উটি ৷সিয়েই হেৰাই গ'ল বতাহত৷তাৰ সোঁৱৰণিখন ৰাখি কি কৰিব তাই৷সেইখন দেখিলে তাইৰ এনে লাগে কিতাপখনে যেন তাচ্ছিল্যৰ হাঁহি মাৰি তাইক কব বিচাৰে আয়ুস বিচাৰি হাজাৰখন কিতাপ বনালেও মৃত্যু অপ্ৰতিৰোধ্য৷তাই যাবলৈ লৈ থমকিৰৈ ঘুৰি চালে ৷সোঁৱৰণিখন ঢৌবোৰৰ সৈতে খেলি খেলি আগুৱাই গৈ আছে  কোনোবা নেদেখা সাগৰৰ সৈতে মিলি যাবলৈ৷দুৰ দুৰ তাইৰ পৰা বহুত দুৰলৈ সি যেন আঁতৰি গৈ আছে৷তাই চকুকেইটা ধাকি তাৰপৰা আঁতৰি আহিল ৷আনন্দত সাতুঁৰি নাদুৰি আঁতৰি যাবলৈ ধৰা বাপুৰ সন্মুখত তাইৰ চকুপানীখিনি দেখুৱাব নিবিচাৰিলে তাই৷থাকক আনন্দত সি যতেই থাকে৷


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...