ইচু মাক জীয়েকৰ মাজত কিছুদিনৰ পৰা তুমুল কাজিয়া৷মাকৰ মতে জাৰাই প্ৰতিমুহূৰ্ততে গিৰিয়েকৰ প্ৰতিটো কথাত জেদ কৰা৷উভতি উভতি যুজ কৰা মুঠেই ভাল কাম কৰা নাই৷ -ছোৱালীয়ে নহয় এখন ঘৰৰ বোৱাৰী জাৰা৷ইমান জেদলৈ সংসাৰ কৰিবলৈ আহিছে৷কিনো চাই আছে জানো কবীৰে৷ঠিকেই কৰিছিল তালাক দি দিদিছিল৷আকৌ নিকাহ হালালা কৰিব কিয় লাগিছিল তপককৈ জীয়েকে মাত লগালে -এহ কলেই হব৷কবীৰনো কোনচা ভাল৷বাপেক ককায়েকৰ ঘটনৰ ওপৰত চলি আছে৷কি বাহাদুৰি৷ভালেই কৰিছে জাৰাই৷কিয় নকব ঘটি আনিবলৈ৷ -আহিছিল কিয় বিয়াহৈ ঘটিবই লাগে যদি৷আগেয়ে কি গম পোৱা নাছিল নেকি মৰতীয়ে৷ -এহ তেনেকৈ নকবা দেই৷তোমালোকৰ নিচিনা মাক বাপেকৰ সন্মুখত তাই ক’ত মাত মাতিব পাৰে৷নহওঁ বুলি কৈছিল দেখুন ৷তাহাঁতে জোৰকৈ তাইক কবীৰলৈ বিয়া সোমাবলৈ বাধ্য কৰাইছে৷ -আও তোৰ আজিকালি মুখ বৰ চলিছে৷জাৰাৰ পৰা সেইসোপা শিক্ষা লৈছ৷ যুদ্ধই তুংগত অৱতাৰণ কৰা দেখি দেউতাকে ভিতৰৰ পৰা ওলাই আহি টিভিটো বন্ধ কৰি দিলে৷মাক জীয়েক এইবাৰ দেউতাকৰ ওপৰত জাঙুৰ খাই উঠিল৷মাক গুৰগুৰাই উঠিল -কি হে !টিভিটো কিয় অফ কৰিলে?কিবা এটা চাই থকা দেখা নাই নেকি? -দেউতা যে কি! ক্লাইমেক্স চলি আছে সেইটো সময়তে টিভিটো অফ কৰিব পালে৷ তহঁতে শান্তিৰে কাজিয়া খন কৰ বুলিহে টিভিটো বন্ধ কৰিলোঁ৷কাজিয়াই ক্লাইমেক্স পোৱা দেখি বাবই কলে বোলে দেউতা টিভিটো অফ কৰি দিয়ক৷সেইটো চলি থকাৰ কাৰণে ইহঁত দুজনীয়ে কাজিয়াখনত ভালকৈ মনোযোগ দিব পৰা নাই চাগৈ৷মাজেমাজে মনেমনে থকা শুনিছোঁ৷মইও চালোহি কথাটো নোহোৱা নহয় টিভিৰ জনীয়ে তোমালোকতকৈ মুখখন বেচিকৈ জোকাৰি কথাকৈ তোমালোকৰ ৰস ভংগ কৰি আছে সেই গতিকে৷ কথা শেষ হবলৈকে নেপালে জীয়েক দুপদুপাই ওলাই গ'ল৷মাকেও বাপেকলৈ ঘুপাকৈ চাই টিভিটো লগাই ললে৷ দেউতাকে মিনমিনাই কলে -মই আক’ নিউজটো চাও বুলিছিলো দেশত নো কি হৈ আছে৷ -এহ কি হবলৈ আছে আৰু৷যি হবলৈ আছে সেইয়াই হৈছে৷দেখিছো নহয় সৈ একেই কেইটা মানুহ চুটবুট কচি আহি চকীখনত বহি কাজিয়া কৰি আছে৷আৰু কি কৰিব৷কি যে আপোনালোক ভাবি নাপাওঁ৷এই নিউজসোপা চাই কি পাই নাজানো৷ দেউতাকে বুজিলে টিভি চোৱাৰ আশা বাদ দিয়াই ভাল৷এখুজি দুখুজিকৈ টিভিটোৰ ওচৰৰ পৰা তেওঁ আঁতৰি আহিল৷ -মাজনী চাহ একাপ দে অ৷ -মই নোৱাৰোঁ দেই৷চিৰিয়েলত সদায় মাকবোৰে চাহ বনাই দেখিছো নহয়৷মাক কব নোৱাৰা নেকি আব্বা? -এহ মাৰকনো কি কম ! -"আব্বা"?মোক কেতিয়াৰ পৰা তই আব্বা কবলৈ ললি অ আই৷হব শুনি বেয়া লগা নাই পিচে৷ -কিয় জাৰাই কোৱা শুনা নাই নেকি কিবা৷চাহৰ কথা মাক নকলা যে৷মায়ে কি কৰিছে আব্বা? -মাৰ এতিয়া কিবা কুমকুমজনীৰ বিয়াত ব্যস্ত হৈ আছে৷মাজেমাজে নাতিনীজনীও উমলাইছে৷ -ইয়ে মোক আগেয়ে নকলা কিয় ?কুমকুম ভাগ্য দিলেই নেকি?কুমকুমৰ ছোৱালীজনী ইম্মান কিউট ন পাপা? -"পাপা" মুখৰ ভিতৰতে আঁওৰালে দেউতাকে৷ ইতিমধ্যে জীয়েকে যৰে বস্তু ততেই পেলাই মাকৰ কাষতে চোফাত বহি ললে৷ দেউতাকে চাহৰ কাৰণে পানীটো পাতি দি মুখৰ ভিতৰতে ক’লে -চেহ জাৰাৰ কাজিয়াখনৰ বা কেতিয়া অন্ত পৰে৷পৰিব জানো অন্ত৷আকৌ বা কাজিয়া কৰিবলৈ কি ইচু ওলিয়াই লয়?কুমকুমৰ বিয়াৰ পৰা বা এওঁলোক কেতিয়া উভতে?কুমকুমৰ বিয়াখন হৈ গলেও জানো নিস্তাৰ পাম৷তাৰ পিছত তাহাঁতৰ ল’ৰা ছোৱালীৰ বিয়া তাৰ পিছত নাতি পুতিৰ বিয়া তাৰ পিছত তাৰ পিছত৷ মুৰটো ঘুৰোৱা যেন লাগিল দেউতাকৰ৷অহ তাৰমানে ভাতৰ চৰুটো তেওঁলৈকে উভতি আহি থাকিব আৰু মাজনী -মাকৰ কাজিয়া খনো নতুন নতুন ইচুলৈ হৈয়ে থাকিব৷দীঘল হুমুনিয়াহ এটা ওলাই আহিল দেউতাকৰ মুখৰ পৰা৷তেওঁ সাজু হ'ল৷দেউতা ,আব্বা ,পাপা আৰু তাৰ পিছত বা কি তালৈ৷
Subscribe to:
Post Comments (Atom)
সংঘাত জীৱনৰ
সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...
No comments:
Post a Comment