ডিভোৰ্স আৰু এগৰাকী অসহায় নাৰীৰ জীৱন গাথা
   
 
"আপুনি বোলে বিয়া হোৱাৰ পৰা স্বামীৰ সৈতে সহবাস কৰিবলৈ মান্তি হোৱা নাই "
 
আজিৰ দিনটোতে বোলে সাতাইশটা বসন্তই গৰকা এই দুৰ্ভগীয়া মানুহগৰাকীৰ জন্ম হৈছিল আজিয়েই আকৌ আদালতত হাজিৰ হবগৈ লাগে ডিভোৰ্সৰ আজি প্ৰথমটো শুনানি।মাক আৰু তাই কণমানিটোক লৈ আদালতলৈ ওলাইছে ।শিৰত জিলকি আছে স্বামীৰ দীৰ্ঘায়ুৰ বাবে লোৱা সেন্দুৰকণ।কোনোদিনে আদালতৰ মুখ নেদেখা মানুহজনীৰ আজি অজান আশংকাত বুকু কপিছে।
 
    আদালতলৈ সোমাই আহিয়েই  বহি থকা চিকিউৰটি জনক তাই আদালত ক'ত বহে সুধিলে । লৰাজনে কোঠা এটাৰ ফালে আঙুলিয়াই দেখুৱালে। মাক আৰু তাই কণমানিটো লৈ কোঠাৰ দিশত আগুৱাই গ'ল।কোঠালিটোৰ ওচৰ পাই ভিতৰলৈ জুমি চালে মানুহগৰাকীয়ে ,কাঠগড়াটোলৈ চকু গ'লত ভয় ভয় ভাব এটা মনলৈ আহিল । সন্মুখৰ চকীবোৰত মানুহেগিজ খাই আছে।পিছফালৰ বেঞ্চ এখন খালী দেখি তাই আৰু মাক গৈ তাত বহিল । বহিহে তাইৰ চকু গ'ল তাহাঁতৰ কাষতে কেইজনমান পুলিচৰ চিপাহীয়ে শকত ৰচী একোডাল হাতেৰে ধৰি আছে আৰু আনটো মুৰত হেণ্ডকাফ লগোৱা একোজন আচামী।দুখে ভয়ে তাইৰ  চকুৰ পানী ওলাওঁ যেন হ'ল।তথাপিও মৰণক শৰণদি বহি ৰ'ল তেওঁ। কণমানিটোৱে আকাৰে ইংগিতেকিবাকিবি কৈ ওচৰত বহি থকা চিপাহী কেইজনক মনোৰঞ্জন কৰি আছে । তাৰে এজনৰ চাগে সহ্য নহল তাহাঁতক আচামীৰ সৈতে তেনেদৰে বহি থকা। তেওঁ উঠি আহি মাককে মানুহগৰাকীকে মাতি নি বেলেগ এটা কোঠাত বহিবলৈ দি আহিল।
-আপোনালোকে সৌ অফিচত এবাৰ খবৰ কৰকচোন।ক্ৰিমিনেল কেচবোৰহে তাত চলি আছে।
কেইটামান মুহূৰ্ত উৎকণ্ঠাত পাৰ হ'ল। মানুহগৰাকী তাৰ  পিছত লাহেলাহে চিপাহীজনে দেখুৱাই থৈ যোৱা অফিচটোলৈ এখোজদুখোজকৈ আগবাঢ়িল।তাতে থকা মানুহগৰাকীক তেওঁৰ সমস্যাৰ বিষয়ে থূলমূলকৈ বুজাই দিলে।অফিচটোৰ মানুহগৰাকীয়ে ডাঙৰ ৰেজিষ্টাৰখন চাই কাগজ এখনত খচখচকৈ কিবা লিখিলে
-আপোনালোকক জজৰ চেম্বাৰলৈ মাতি পঠিয়াইছে।
 
 
      আধা ঘণ্টাৰ পিছত মানুহগৰাকী আৰু মাক জজৰ চেম্বাৰত সোমালহি । দুয়োকে মাননীয় জজে তেওঁৰ সন্মুখত থকা আসনৰ ফালে দেখুৱাই বহিবলৈ কলে। বেৰৰ কাষত সজাই থোৱা চকিবোৰৰ এখনত তাইৰ উকীলজন বহিল । মাকৰ প্ৰায় সমবয়সৰ তাইৰ উকীল জন। দেখিলেই সন্মান কৰিব মনযোৱা নম্ৰ স্বভাৱৰ তাতোকৈ তাইৰ ভাল লাগিল তেওঁ যেতিয়া কলে
-মিছা কোৱাৰ কোনো প্ৰয়োজন নাই। যি কবা সত্যটো খোকোজা নলগাকৈ কবা।যি প্ৰশ্নৰ উত্তৰ নাই সেইটো নকলেও হব।
        অলপ সময় অপেক্ষা কৰাৰ পিছত জোতাৰ কট্ কট্ আৱাজ তুলি প্ৰতিপক্ষৰ উকীল আৰু মানুহগৰাকীৰ স্বামী সোমাই আহিল । অতপৰে তলমুৰ কৰি থকা মানুহগৰাকী জোতাৰ শব্দত মুৰ তুলি চালে। প্ৰতিপক্ষৰ উকীল জনক তাই আগতে দেখিছে ।হয় মনত পৰিল তাইৰ মাকৰ সৈতে কাম কৰা ভাগৱতী বাইদেউৰ ভায়েক । তেখেত আহিয়েই জজলৈ চাইসন্মান সুচক মুৰ দোৱালে,মাকলৈ চাই সৌজন্যতাৰ হাঁহি এটি মাৰি তাইৰ উকীলৰ কাষত বহিল আৰু মানুহগৰাকীৰ কাষৰ ছিটটোলৈ দেখুৱাই মানুহগৰাকীৰ স্বামীক বহিবলৈ ক'লে।
       তাইৰ বাবে গোটেই পৰিবেশটো বৰ অস্বস্তিকৰ হৈ উঠিছে।সৌ সিদিনালৈ তেওঁৰ সন্মানেই তাইৰ সন্মান বুলি ভবা মানুহজন আজি তাইৰ প্ৰতিদণ্ডি ।তাহাঁতৰ সমন্ধ এতিয়া বাদী আৰু প্ৰতিবাদীৰ।তাইৰ সৈতে থকা সমন্ধ ঝাৰী পেলাবলৈকে অত আয়োজন । ইমানজানিওটো পুৱাই গা ধুই আজিও তেওঁৰ নামৰ সেন্দুৰকণ লবলৈ পাহৰা নাই তেওঁ। ভয় আৰুলজ্জাৰে মানুহ গৰাকীক আগুৰি ধৰিছে ।অজান আশংকাই মনটো কপাই তুলিছে । চিনেমাত দেখুওৱাৰ দৰে নুন্যতম লজ্জাৰ আৱৰণ খনো যদি বখলিয়াই পেলায় । এই বয়োজ্যেষ্ঠ মানুহখিনিৰ আগত তাইৰ সন্মান ক'ত ৰব?তাৰ পিছতেই ভাবিলে তাইৰ যিজন স্বামী আছিল তেওঁ নিশ্চয় তেনে কৰিবলৈ উকীলক অনুমতি নিদিব কাৰণ যিমানেই যি নহওককেতিয়াবাটো তাহঁতৰ মাজত ভালপোৱাৰ সম্পৰ্ক আছিল। এতিয়াওটো তাহাঁতৰ সম্পৰ্ক শেষ নাই হোৱা । তাইটো তেওঁৰ সন্তানৰ মাক এইবোৰ ভাবি ভাবি তাই তললৈ মুৰ কৰি 'ল।কণমাণিটোলৈ মনত পৰিল ,বহুত সময় হ'ল তাক এৰি অহা ।অফিচৰ চিনাকি বাইদেউ এগৰাকীৰ ওচৰত এৰি আহিছে তাক,বেচেৰাৰ ভোকেই লাগিব পাই। 
      হঠাৎ জজে প্ৰতিপক্ষৰ উকীলক উদ্দেশ্য কৰি কৈ উঠিল
-বৰঠাকুৰ আপোনাৰ কাম আৰম্ভ কৰক। তাই তললৈ মুৰ কৰি থাকিয়ে অনুমান কৰিলে প্ৰতিপক্ষৰ উকীল থিয় হৈ কলে
-মিছেছ বৰুৱা আপোনাৰ বিৰুদ্ধে স্বামীয়ে কি অভিযোগ আনিছে আপুনি জানেনে ?
মানুহগৰাকী আগৰ দৰেই তলমুৰ কৰি ৰ'ল।
প্ৰ্ৰতিপক্ষৰ উকীলজনে কৈ গল
-আপুনি বিয়াৰ দিনধৰি স্বামীৰ সৈতে স্ত্ৰীৰ সমন্ধ ৰাখিবলৈ অমান্তি হৈছে। মানে স্বামীৰ সৈতে সহবাস কৰিবলৈ আপুনি মান্তি হোৱা নাই হয় নে কথাষাৰ?
 এটা লহমাৰ কাৰণে তাইৰ কাণেৰে একো নুশুনা যেন লাগিল । সমগ্র মতা মানুহক নিষ্ঠুৰ প্ৰবঞ্চক যেন লাগিল ,এনে লাগিল বসুমতিয়ে যেন দুবাহুত সামৰি পাতাললৈ লৈ গলে  এই নাৰকীয় অপমানৰ পৰা তাই যেন ৰক্ষা পৰিব।তাইক তলমুৰ কৰি থকা দেখি  প্ৰতিপক্ষৰ উকীলে আকৌ কৈ উঠিল
 -আপুনি যদি মুখৰে একো নকয় আমি কথাষাৰ সত্যবুলি মানি লবলৈ বাধা হম।
কিন্তু কি উত্তৰ দিব তাই ,কিয় দিব এনে প্ৰশ্নৰ উত্তৰ ।হাৰিলেও হাৰক তাই তথাপি একো নকয়-মনতে ভাবিলে তাই । 
তাইৰ এনে লাগিল ইমান দিনে স্বামী বুলি ভাবি অহা মানুহজনে যেন তেওঁৰ উকীলৰ সৈতে লগ হৈ তাইৰ দেহৰ কাপোৰবোৰ আজুৰি চিৰাচিৰকৈ ফালি সকলোৰে সন্মুখত তাইক উলংগ কৰি পেলাইছে । এবাৰ তাই ইমান দিনে স্বামী বুলি ভাবি অহা মানুহজনলৈ মুৰ তুলি চালে।তেতিয়া যদি কোনোবাই তাইলৈ লক্ষ্য কৰিলেহেঁতেন তেন্তে দেখিলেহেঁতেন এককাতৰ -কৰুণ চাৱনি ।
     প্ৰতিপক্ষৰ উকীলে গলখেকাৰি মাৰি আকৌ আৰম্ভ কৰিবলৈ লওঁতেই জজে কৈ উঠিল
- হব বৰঠাকুৰ ।মই মিঃ বৰুৱাক কেইটামান প্ৰশ্ন সুধিম।
জজ-কেচুৱাটো কাৰ বৰুৱা ?
তেওঁৰ আকস্মিক প্ৰশ্নত মানুহগৰাকীৰ স্বামী -উকীল সকলো  উচাপ খাই উঠিল । আনকি ইমান পৰে তলমুৰ কৰি থকা মানুহগৰাকীয়ে চকিত নয়নেৰে জজলৈ চালে ।
জজে প্ৰশ্নটো পুণৰ আওৰালে।
-মিঃ ববৰুৱা মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক ল'ৰাটো আপোনাৰ হয় নে নহয় ?
অতপৰে মৌন হৈ থকা মানুহগৰাকীৰ স্বামীয়ে প্ৰয়োজনতকৈ ডাঙৰ মাতেৰে কৈ উঠিল
 
-অফ কৰচ্  মোৰ হয়।
জজক এইবাৰ উত্তেজিত হোৱা দেখা গল। হাতৰ কাগজ খিনি টেবুলৰ চুকলৈ দলিয়াই দি হুঁটা মাতেৰে কৈ উঠিল
-তেন্তে যুক্তি সংগত কথা কওঁক বৰুৱা । মানুহগৰাকীয়ে যদি আপোনাক কাষ চাপিব দিয়া নাছিল তেন্তে সন্তান কৰ পৰা হ'?
হঠাৎ মানুহগৰাকীৰ স্বামীয়ে কৈ উঠিল
 
 -প্ৰথমে দিছিল পিচলৈ ,আই মিন কেচুৱাটো হোৱাৰপৰা আগ্ৰহ নেদেখুৱা হ'ল।
তেওঁ যেন অভদ্ৰামীৰ চুড়ান্তত গৈও তেওঁ কেচটো জিকিব বিচাৰিছিল 
এইবাৰ জজে তেওঁৰ মুখৰ ওপৰত কলে
 -এগৰাকী মাতৃৰ সন্তান জন্মৰ পিছত মেণ্টেলি-ফিজিকেলি পৰিৱৰ্তন হয় বুলি আপুনি নাজানে নেকি বৰুৱা ।নমাহে সন্তান এটি কঢ়িয়াই লৈ ফুৰিছে আপোনাক পিতৃৰ গৌৰৱেৰে গৌৰান্বিত কৰিবলৈ।আপোনাৰ কি দয়া মমতা নাই নেকি?
-আপোনাৰ ঘৰত কোন কোন আছে?
স্বামী -মা দেউতা আৰু ভাইটি ।
জজ-আপোনাৰ পত্নীয়ে তেখেত সকলক শুশ্ৰূষা কৰিছিল নেমানে খোৱা বোৱাৰ যত্ন লৈছিল নে?
স্বামী -লৈছিল ।
জজ-ঘৰৰ চাফ চিকুণৰ দায়িত্বও তেওঁৰেই আছিল ?
স্বামী -হয়।
জজ-কেচুৱাও তেখেতেই চম্ভালে ?
স্বামী -হয়।
এইবাৰ জজে তাচিল্যৰ হাঁহি এটি মাৰি কলে
-তেখেত মানুহ বৰুৱা ।ইমানখিনি কৰাৰ পিছত কি কৰিবলৈ ধৰ্য্য থাকিব ?
আপোনালোকৰ মাজত বুজাপৰাৰ অভাব । দুয়ো কথা হওঁক বুজা পৰালৈ আহক।সন্তানটোৰ কথা ভাবক।এইটো ডিভোৰ্স কেচ নহয়।এইবুলি কৈ তেওঁ থিয় হল।
কিংকৰ্ত্তব্যবিমূঢ়হৈ সকলো থিয় হল।
           মানুহগৰাকী লৰালৰিকৈ কোঠাটোৰ পৰা ওলাই আহিল।কণমানিটো বাইদেউ গৰাকীৰ ওচৰত বহি পেঞ্চিলেৰে কাগজত আকবাক কৰি আছিল ।
-বাইদেউ আপোনাক বহুত ধন্যবাদ।ই আমনি কৰিছিল নেকি বুলি কৈ কণমানিটোক কোচত তুলি ললে। বাইদেউ গৰাকীয়ে জানিব বিচাৰি সুধিলে
-কাম হ'লগৈনে?
-কতনো ইমান সোনকালে হব ?ইয়াতকৈ বেচি কব নিবিচাৰিলে  মানুহগৰাকীয়ে
-আহো দেই বুলি বিদায় ললে ।
কণমানিটোক কিবাকিবি কৈ মানুহগৰাকীয়ে গাড়ীখনৰ পিছফালৰ ছিটত বহি ললে। কণমানিটোৰ বৰ ভোক লাগিছিল চাগে ,সি মাকক ব্লাউজৰ হুকটো খুলিবলৈ শান্তি দিয়া নাই । মাকে তাক গাখীৰ খাবলৈ দি আচলটোৰে ধাকি দিলে।
     এক মুহূৰ্তও তাইৰ তাত থাকিবলৈ মন যোৱা নাই । ইমান দিনে স্বামী বুলি ভাবি অহা একেটা কোঠাত একেখন বিচনাত কটোৱা ,হাতত ধৰি একেলগে ফুৰিবলৈ যোৱা মানুহজনৰ সন্মুখলৈ যাবলৈ লাজ লাগিছে তাইৰ । মাকক বিচাৰি ইফালে সিফালেচাওঁতে দেখা পালে মাকে তাহাঁতৰ ফালেই আহিব ধৰিছে । 
তোক এবাৰ উকীলে লগ কৰিব বিচাৰিছে -মাকে কলে
অনিশ্চাসত্বেও তাই যাবলৈ ওলাল ।কাপোৰ ঠিক কৰে মানে কণমানিটো সাৰ পাই মাকৰ লগতে ওলাল ।দুৰৈৰ পৰা এহাল মানুহ তাইলৈ চাই আগুৱাই আহিছে ।ভালদৰে চাই দেখে সেয়া তাইৰ স্বামীৰ ককায়েক বৌৱেক।ওচৰলৈ আহি ককায়েকে হাতমেলি কণমানিটোক কোচত ললে ।চাৰিও আগবাঢ়িল উকীলক লগ কৰিবলৈ বুলি ।দুইজন উকীল আগবাঢ়ি আহি অনুৰোধ কৰিলে  তাইক এবাৰ স্বামীৰ সৈতে কথা পাতিবলৈ ।মানুহগৰাকীয়ে একো নকৈ মৌন হৈ ৰ'ল।
ককায়েকেও কৈ উঠিল
-কথা পাতিলে কিজানিবা ভাইটিৰ মনৰ পৰিৱৰ্তন হয়।এবাৰ অনুৰোধ কৰি চালে তোমালোকক কিজানি ঘুৰাই নিয়েই।
       তাইৰ নিজকে বৰ নি:স্ব যেন লাগিল ।এতিয়া তাৰমানে তাই আৰু ল'ৰা কাৰোবাৰ কৰুণাত জীয়াই থাকিব লাগিব ।নিজলৈকে পুতৌ লাগিল ।
       যন্ত্ৰবৎ তাই স্বামী বুলি ভাবি অহা মানুহজনৰ পিছে পিছে আগবাঢ়িল।ভেন এখনৰ ওচৰত থমকি ৰোৱা দেখি তাইওঁ ৰ'ল।ভেনৰ দৰজা খুলি তাইক বহিবলৈ ইংগিত দি তাইৰ স্বামীও তাইৰ সন্মুখৰ আসনত বহিল।
মানুহগৰাকীৰ স্বামীয়ে কবলৈ আৰম্ভ কৰিলে
 -তুমি প্লিজ ডিভোৰ্স পেপাৰত চহী কৰি দিয়া।খুব কৰুণ শুনা গ'ল মানুহজনৰ  মাতটো ।
     তাইৰ মন গৈছিল গাড়ী খনৰ পৰা নামি আহিবলৈ তথাপি অহা নাছিল ।কণমানিটোৰ মুখখনলৈ মনত পৰিল তেওঁৰ ।ভাবিলে সি বেচেৰাই কি অপৰাধ কৰিলে ।দেউতাকৰ মৰমৰ পৰা তাক তাই বঞ্চিত কৰিব নোৱাৰে ।
এইবাৰ তাই লাহেকৈ কলে
 
-কণমানিটোৰ কাৰণে জানো আমি আকৌ আগৰ দৰে থাকিব নোৱাৰো ?আপুনি মোৰ ল'ৰাটোক নিঠৰুৱা নকৰিব। মোক আপুনি একো দিব নালাগে ।
মানুহজনে চিঞৰি উঠিল
-অসম্ভৱ অসম্ভৱ মোক মুঠতে ডিভোৰ্স লাগে ।নহলে মই আত্মহত্যা কৰিম।
    তাই লাহেকৈ গাড়ীৰ পৰা নামি আহিল । কণমানিটোক কোচত লবলৈ লওঁতে ককায়েকে তাক দেউতা আহিছে দেউতা বুলি তাইৰ স্বামীৰ ফালে আগুৱাই নিলে। কণমানিয়েও দেতা দেতাকৈ ঠুপুক ঠাপাক খোজেৰে আগবাঢ়ি গল।
      সকলোকে অবাক কৰি মানুহগৰাকীৰ স্বামীয়ে চিঞৰি উঠিল
 -নামাতিবি মোক দেউতা বুলি ।চকুৱে মুখে খঙৰ অভিব্যক্তি ফুটি উঠিছে মানুহজনৰ।
এইবাৰ মানুহগৰাকীৰ ফালে ঘৃণাৰে চাই কৈ উঠিল
-কেচুৱাটোকো নেৰিলা নহয়,তাকো ৱেপন হিচাপে ব্যৱহাৰ কৰিছা!!! লাজ নালাগে ?
   হাত মেলি আগবাঢ়ি যোৱা কণমানিটো থমকি ৰ’ল।মানুহটোলৈ ভয়াৰ্ত চাৱনি এটাৰে চাই সি উলটি মাকৰ কাষলৈ কান্দি কান্দি দৌৰ মাৰি গ’ল। মানুহগৰাকীয়ে নিৰৱে কণমানিটোক কোচত তুলি ললে ,কালৈকো নোচোৱাকৈ তাৰপৰা আতৰি আহিল।তেতিয়াও কণমানিটোৱে উচুপি থাকি মাকক কৈ আছে
-বেয়া আংকুল হয়।দেতা নহয়। 
 
  সিমানতে কাহিনী শেষ হোৱা হ’লে ভাল আছিল।কিন্তু কাহিনী শেষ হোৱা নাছিল সিমানতে।ৰৈ আছিল মানুহ গৰাকীৰ বাবে আৰু অপমান।দুমাহ মান যোৱাৰ পিচতে মানুহগৰাকীলৈ এখন নটিচ আহিল।ডিভৰ্চৰ কেচ এইবাৰ শিৱসাগৰ কৰ্টত তেওঁৰ স্বামীয়ে দিছে।দুবাৰকৈ সময় লোৱাৰ পিচত মানুহগৰাকী যাবলৈ বাধ্য হ’ল।কণমানিটো বুকুত বান্ধি মাকৰ সৈতে কৰ্ট পালেগৈ।লগত লৈ  গ’ল স্বামীৰ দীৰ্ঘায়ু কামনাৰে  লোৱা শিৰৰ সেন্দুৰকণ।তালৈ যোৱাৰ আগতে মানুহগৰাকীৰ উকীলজনে আন এজন তাৰে উকিলক ঠিক কৰি দিলে।কৰ্ট পাই ইফালে সিফালে বিচাৰি চালে তেওঁলোকৰ উকীলজনক। আনফালে বাৰে বাৰে মানুহগৰাকীৰ নাম মাতিব ধৰা দেখি তেওঁ সন্তানটিক মাকৰ হাতত দি খপজপকৈ আগবাঢ়ি গ’ল জজ বহাৰ দিশত।হামখুৰি খাই পৰিবলৈ লৈ নিজকে চম্ভালি ললে তেওঁ।তাত উপস্হিত থকা সকলোৱে যেন তেওঁলৈকে চাই আছে।নিজকে দাগি অপৰাধী যেন লাগিল তেওঁৰ।তাত উপস্হিত জজৰ মুখলৈ চাই তাই থমকি ৰ’ল।লাহেলাহে আগৰ জনে কৰাৰ দৰে তেওঁ কাঠগড়াটোৰ ফালে আগুৱাই গ’ল।তাত উপস্হিত মন দি চোৱা সকলে দেখিলে মানুহগৰাকীৰ শিৰত জিলিকি থকা তেজ ৰঙা সেন্দুৰখিনি।কাঠগড়াত উঠাৰ লগেলগে এজনে আহি কিতাপ এখন আগুৱাই দি ক’লে
-যি কম সচাঁ কম।সচাঁৰ বাহিৰে মিছা নকওঁ।
মানুহ গৰাকীয়েও মানুহজনৰ সৈতে কৈ গ’ল
-যি কম সঁচা কম সঁচাৰ বাহিৰে মিছা নকওঁ।
জাজে প্ৰশ্নবোধক চাৱনিৰে চাই ভঙা ভঙা অসমীয়াত কবলৈ ধৰিলে
-আপুনি কি প্ৰবলেম আছে?
কি কম নকম কৈ মৌন হৈ থাকিল মানুহগৰাকী।
কাষত থকা চিৰস্তদাৰজনে কাগজ এখন তেওঁলৈ আগবঢ়াই দিলে।কাগজখন পঢ়ি জজ বহাৰ পৰা উঠিল।
-আপুনি মোৰ চেম্বাৰত আহক।এইটো কেচ ইয়াত নহয়।
লাহেলাহে তাই কাঠগড়াৰ পৰা নামি আহিল।কেচুৱাটো কোচত লৈ লাহেলাহে জাজৰ চেম্বাৰৰ দিশত আগবাঢ়ি গ’ল।কোঠাতোৰ পৰ্দাখন আঁতৰাই মানুহগৰাকীয়ে অনুমতি বিচাৰিলে।
-আহিব পাৰিম নে চাৰ।
-সোমাই আহক।
সন্মুখৰ চকীখনত ইংগিতেৰে বহিবলৈ কলে
-ধন্যবাদ চাৰ।
কেচুৱাটো মানুহগৰাকী বহাৰ লগেলগে সন্মুখৰ টেবুলত ঠাপ ঠাপকৈ মাৰি জজৰ দৃষ্টি আকৰ্ষন কৰাত লাগিল।জজে হাতখন আগবঢ়াই কণমানিটোৰ কণমানি হাতখনত চুই হাঁহিলে।কণমানিটোৱে তেওঁৰ মুখলৈ চাই খিল খিলকৈ হাঁহি দিলে।নিস্পাপ শিশুটোৰ মুখলৈ চাই থাকিয়ে মানুহগৰাকীক সুধিলে
-এতিয়া কওঁক ডিভৰ্চ কিয় লাগে।
-নাই চাৰ মোক নালাগে।এখেতক হে
এই বুলি কৈ তেওঁ অলপ ৰ’ল।
মানুহগৰাকীয়ে গোটেই ঘটনাটো থুলমুলকৈ কলে জজক।
-জেলত ভৰাই দিম নেকি?
-নাই নাই নকৰিব।প্ৰতিবাদ কৰি উঠিল মানুহগৰাকী।
-জেলত থাকিলে অকল ঠিকনাত আহি যাব।ভোৰভোৰাই উঠিল জজ।
-মই তেখেতক জেলত দিয়াতোও নিবিচাৰিম ।মাথো মোৰ সন্তানৰ ন্যায় বিচাৰিছো চাৰ।মোক একো নালাগে।
মই কেচটো স্টাডি কৰিম।নেক্সট কিবা এটা ব্যৱস্হা কৰিম।
নমস্কাৰ এটা জনাই মানুহগৰাকী কোঠালিটোৰ পৰা ওলাই আহিল।
তাৰ পিচত অনন্ত অপেক্ষাত দিনবোৰ পাৰ হৈছিল।দিনবোৰ পাৰহৈ মাহত শেষ হবলৈ ধৰিছিল আৰু মাহবোৰ বছৰলৈ বাগৰিছিল।বছৰ বাগৰাৰ পিচত মানুহজনীলৈ খবৰ আহিছিল।তেওঁক আশা দিয়া জজ জনৰ বদলি হৈছে।ইতিমধ্যে তেওঁ চলিবলৈ পৰাকৈ এটা চাকৰীৰ যোগাৰ কৰিছিল আৰু পাৰ কৰি অহা জীৱনৰ বিভীষিকাবোৰ পাহৰিবলৈ যত্ন কৰি গৈছিল।মানুহজনীয়ে দুখবোৰ সামৰি আগুৱাই যাবলৈ যত্ন কৰোঁতেই উচ্চন্যায়ালয়ৰ পৰা এখন চমন আহিছিল।পুনৰ উচ্চন্যায়লয়ত উপস্হিত হবলৈ সাজু হব লগা হৈছিল তেওঁৰ স্বামীয়ে তেওঁৰ বিৰুদ্ধে বিভিন্ন আজোহাতত দিয়া ডিভৰ্চৰ কাকতখন লৈ।লাহেলাহে নিৰৱ হৈ পৰিছিল মানুহজনী।বিপক্ষৰ উকীলে
যেতিয়া ডিভৰ্চৰ কাকতখন তেওঁলৈ আগবঢ়াই দিছিল তেতিয়া তেওঁ একো নপঢ়াকৈয়ে ক’ত চহী কৰি দিব লাগে সুধিছিল।বিপক্ষৰ উকীলজন আচৰিত হৈ কৈ উঠিছিল
-মিচেছ বৰুৱা এবাৰ পঢ়ি লব বিচাৰে যদি পঢ়ি লওঁক।কিবা আপত্তি থাকিলে ক’ব।
তাচিল্যৰ হাঁহি এটা বাগৰি গৈছিল ওঁঠেৰে।
-তেওঁটো এৰিব বিচাৰিছে মোক মোৰ ল’ৰাটোক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিব বিচাৰিছে। তাতকৈনো আৰু আমাৰ বাবে বেয়া কি হব পাৰে?মোৰ কোনো আপত্তি নাই।
যি মোৰ নাছিল তাক জানো দুৰ্বল সমন্ধৰ ৰচীৰে বান্ধি ৰখাৰ কিবা যুক্তি আছে?
কাগজখনত চহীটো কৰি অভ্যাসবশত মানুহগৰাকীৰ হাতখনে শিৰটো চুই চালে।মনতে ভাবিলে আজিৰ পৰা এই শিৰটো ইমান দিনে স্বামীৰ নামত লোৱা সেন্দুৰকণৰ পৰা বঞ্চিত হৈ ৰব।স্বামীয়ে আজি তেওঁৰ শেষ অধিকাৰকণৰ পৰা বঞ্চিত কৰিলে। আবেগবোৰ চকু পানীহৈ যাব নোৱাৰাকৈ মনটো ডাঠ কৰিলে তেওঁ  আবেগবোৰ দুহাতে গোটাব আজিৰ পৰা তেওঁ।আৰু  এয়াই  হব তেওঁৰ বাবে শক্তিশালী অস্ত্ৰ,জীৱনৰ কঠিন বাটত খোজ দিব পৰাকৈ।যাবলৈ উদ্যত হওঁতেই তেওঁৰ স্বামীক সন্মুখত দেখা পালে কপালত দীঘলকৈ ৰঙা ফোট এটা লৈ আহিছে।চাগে কেচটো জিকিবলৈ ভগবানৰ ওচৰত পূজা দি আহিছে।মুখৰ ভিতৰতে ক’লে  তাই
-ভগবানে মঙ্গল কৰক।সুখী হওঁক তেওঁ মনৰ জুখাৰে।
  গাড়ীত বহাৰ লগে লগে গাড়ী চলিল । কণমানিটোক বুকুত সাৱটি লওঁতে আৱেগত উচুপিবলৈ লৈওমনটোক টান কৰিলে তাই  । বিয়াৰ শ্লোক বোৰলৈ মনত পৰিল "যদিদং হৃদয়ং তব,তদিদং হৃদয়ং মম" যিবোৰৰ অৰ্থ হৃদয়ংগম হোৱা নাছিল তথাপি গাইছিল তাহাঁতে। আজি তাই  বিয়াৰ ওপৰত আস্থা হেৰুৱালে আৰু হেৰুৱালে ভালপোৱাৰ ওপৰত বিশ্বাস। মন ডাঠকৰি ,সাহস গোটালে।দায়িত্ব আছে তাইৰ  'ৰাটোক মানুহ কৰিব লাগিব
 বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
 
 
 
 
 
 
 

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...