জীয়াভৰলীৰ বেদনাগাথা স্মৃতি
-গীতাৰ্থ ডিচেম্বৰৰ পৰা জানুৱাৰী পালেহি তই পিকনিক যাবলৈ সময় কেতিয়া পাবি৷
ফোনৰ সিপাৰৰ পৰা দীপজ্যোতিয়ে ধমক দিয়া দি দিলে৷
বাহিৰত কিনকিনিয়া বৰষুণ৷এই অসময়ৰ বৰষুণজাক আহিলেই মনটো কিবা এক বেদনাত গধুৰ হয়৷কিবাকিবি ভাবনাত বিভোৰহৈ বহি থাকোঁতে হঠাৎ ফোনটোৰ আৱাজত ভাৱনাত যতি পৰিল
-ৰহ বে যোৱা মাহৰ কামৰ ভাগৰ যোৱাই নাই৷তহঁতে কি বুজিবি টাৰ্গেটৰ জ্বালা৷তহঁতৰ চৰকাৰী চাকৰি কৰা মানুহবোৰে আমাৰ দুখ ক'ত বুজি পাবি?
পিকনিক শব্দটোৰ পৰা আজি পোন্ধৰ বছৰে পলাই ফুৰিছোঁ৷ভাল নালাগে ৷অথচ দহবছৰৰ আগতে মোৰে কিমান উৎপাত পিকনিক যাবলৈ৷এইবোৰ হৈ হুলস্থূল আজিকালি মুঠেই ভাল নালাগে৷
-তেনেহলে বাদ দে পিকনিক তই কামকে কৰ৷
টিঙিচকৈ খঙটো উঠি আহিল৷
মই যিয়েই বাহানা নামাৰো দীপজ্যোতিহঁতে মোক এৰি নিদিয়ে৷অগত্যা মই বাধ্য যাবলৈ৷
-এটা কাম কৰ অহা শনিবাৰ আৰু দেওবাৰ মোৰ অফিচ বন্ধ৷সেই দুদিনৰ ভিতৰত এদিন লবি নহলে৷
-এদিন নহব৷দুদিন হাতত লব লাগিব৷ৰিকিনজাই যাম৷এৰাতি থাকিম৷
-মোৰ অলপ অসুবিধা আছে৷থকাকৈ যাবলৈ মন নাই৷
-তেনে বাদ দে৷পিকনিক কেনচেল৷
-ৰহ ৰহ বে৷হব দে যাম৷কিন্ত আৰু কোন কোন যাব?
-ৰোহিত,বিবেক, তই আৰু মই৷
সিফালৰ পৰা দীপজ্যোতি বহুপৰ মৌন হৈ থাকি লাহেকৈ কলে
-তালৈ বৰ মনত পৰিছে অ৷
-কোন বীকি
-উম
পৰিবেশটো হঠাৎ যেন গোমা হৈ গ'ল৷বতাহ এজাক খোলা খিৰিকীৰে ৰুমটোলৈ সোমাই আহিল৷মই লাহেকৈ কলোঁ
-কালি পাতিম দে প্ৰগেমটোৰ বিষয়ে৷বন্ধত ঘৰলৈ নাযাওঁ বুলিও জনাব লাগিব৷
ফোনটো টেবুলত থৈ লাহেকৈ খিৰিকীৰ মুখলৈ উঠি গলোঁ৷বাহিৰত নিছিদ্ৰ অন্ধকাৰ৷চুৰে ঠপৰিয়ালেও নেদেখা আন্ধাৰ৷বতাহত বাৰীৰ নিমজোপা হালিজালি আছে৷হঠাৎ চৰাই এটা বিকৎ চিঞৰ মাৰি গছজোপাৰ পৰা উৰি গ'ল৷গাৰ নোম সিঁয়ৰি উঠিল৷মনটো বৰ গধুৰ গধুৰ লাগিল ৷সেইবাৰো ঠিক এনেকুৱা সময়তে তাহাঁতেইটো পিকনিকৰ প্ৰগেমটো বনাইছিল৷বীকিৰ উৎসাহতেই ওলাইছিল তাহাঁত গোটেইকেইটা৷বজাৰ কৰাৰ পৰা গাড়ী বন্দবস্ত কৰালৈকে সিয়েই কৰিছিল৷মাত্ৰ তাহাঁত কেইটাই কাষেকাষে থাকি তাক লগ দিছিল৷তাক বাৰু মৃত্যুয়ে হাত বাউল দি মাতিছিল নেকি বাৰু?ইমান উৎসাহ কিয় হৈছিল তেনে তাৰ৷আলক্ষিতে মৃত্যুৱে খুপিখুপি তাৰ পিচ লৈছিল৷সচাকৈয়ে সি ক'ত হেৰাই গ'ল৷এনেকৈয়ে নিৰুদিষ্ট হৈ যায় নে মানুহ?পানীৰ এছাৰকণি আহি মুখত পৰিল৷খিৰকিৰে মুৰটো ওলিয়াই আকাশখনলৈ চালোঁ৷সেইদিনাও আকাশখন এনেকৈয়ে ক’লা ডাৱৰে আৱৰি ধৰিছিল৷বাকী তিনিটাই ভাগেভাগে ফোন কৰি কৈছিল
-বীকিক পিকনিক কেনচেল কৰিব ক৷আমাৰ কথা নুশুনে সি৷তোৰ কথাহে শুনিব৷ইমান বতৰ বেয়া এনেকৈ যাব নোৱাৰি ফুৰিব৷
বিকীক ফোন কৰিছিল সি
-বিকী বতৰ কেনকুৱা হৈছে দেখিছ নে?
-অ দেখিছো বে৷ইমান বৰষুণ৷ওলাই যাবলৈ অসুবিধা হব৷তথাপি যাব লাগিব৷ড্ৰাইভাৰটোক ঠিক কৰি থৈছো৷সি আমাক তাত নমাই দি ঘুৰি আহিব ৷
-কেনচেল কৰিব নোৱাৰি নেকি ?বৰষুণটো ৰখক নহলে দুদিনমান বাট চাওঁ তাৰ পিছত যাম৷
-কি যে তহঁতবোৰ৷দীপজ্যোতিয়েও একেটাতে লাগি আছে৷তহঁতে নগলে নাই দেই ৷মই অকলে হলেওঁ যাম৷
মই ভালকৈয়ে বুজিপালো বীকিক কিবা কৈ লাভ নহব৷
-ক’ত যোৱাটো ঠিক কৰিলি?কিয় কলোৱেই দেখোন চিলং৷
-সেইটো বাৰু গম পাইছোঁ৷কিন্ত ঠাইটোকোৰাৰটো নাম থাকিব৷
-ম’ফ্লাং বুলি কয় গাওঁখনক৷এটা ৱাটাৰ ফল আছে৷অলপ চিলংৰ পৰা ফাটি যাব লাগে৷বৰ ধুনীয়া বুলি শুনিছোঁ৷
-তই ঠাইখনৰ ইমানবোৰ তথ্য ক'ত গোটালি?কোনোবা লিণ্ডুৰ প্ৰেমত পৰা নাইটো৷
ফোনৰ সিটো পাৰৰ পৰা বীকিয়ে ঢেকঢেকাই হাঁহি ক’লে
-হব দে এইবাৰ পেলীমনক তহঁতৰ লগত চিনাকি কৰাই দিম৷
বীকিৰ ফোনটো ৰাখি দীপজ্যোতিলৈ ফোন লগাইছিলোঁ৷
-বীকিয়ে কোনো কথাই নুশুনে বুজিছ৷আমি নগলে সি অকলে হলেও যাব৷তাকটো মই অকলে এৰি দিব নোৱাৰোঁ৷তহঁতে নগলেও মই যাবই লাগিব৷
-হব দে৷ৰোহিতক মই উঠাই লম ৰাতিপুৱা৷বীকিৰ তাতে লগ হম৷
বুধবাৰৰ পৰা কলহৰ কাণে ধালিছে৷যদিও ভগৱানৰ ওপৰত অন্ধ ভাবে বিশ্বাস কৰা মানুহ মই নহয়৷তথাপি মনেমনে ভগৱানক খাটিলোঁ৷"হে ভগৱান দেওবাৰলৈ বতৰ মুকলি কৰিবা আৰু৷" আমাৰ সকলো আশাক ভেঙুচালি কৰি শনিবাৰৰ ৰাতিলৈকে দপদপাই বৰষুণ দিয়ে থাকিল৷দেওবাৰে পুৱাই সূৰ্য্যটো ওলোৱা দেখি মনটো ভাল লাগি গ'ল৷হওক তেওঁ ৰদটো ওলাবগৈ৷দুসাঁজমান কাপোৰ বান্ধিলৈ বাইকখন লৈ ওলাই গলোঁ৷বীকিৰ ঘৰত দীপজ্যোতিহঁত মোলৈকে বাট চাই আছিল৷
বীকি ড্ৰাইভিং ছিটত বহা দেখি সুধিলোঁ
-ড্ৰাইভাৰ লোৱাৰ কথা কৈছিলি দেখোন৷
-ধেই এই বাহিৰা মানুহ এটাক লৈ যোৱাৰ পিছত আমি কেইটাই ক'ত মন খুলি কথা পাতিব পাৰিম?
খানাপাৰাৰ গোলচক্কৰতে গাড়ীখন ৰখাই বীকি দোকান এখনলৈ লৰ মাৰিলে৷আমি তটেই ধৰিব নোৱাৰিলোঁ৷ঘুৰি আহোঁতে কাৰ্টুন এটা আৰু দুটা স্কটচৰ বটল লৈ আহিল৷ৰব নোৱাৰি মই সুধিয়েই পেলালোঁ
-কাৰ্টুনটোত কি?
-বিয়েৰ
-ইমানসোপা!কিহলৈ?
-হেই মনেমনে থাকচোন৷খাব পৰা খিনি খাম নোৱাৰা খিনি নদীত উটাই আহিম৷
মনেমনে ৰলোঁ৷বীকিক কিবা কৈ লাভ নাই ৷সি ভবাটোৱেই কৰিব৷অগত্যা তিনিওটাই ইটো সিটোৰ মুখলৈ চোৱাচুই কৰি মৌন হৈ ৰলো৷মোলৈ চাই বীকিয়ে মিচিকিয়াই হাঁহি মাৰি কলে
-মাইকী তোৰ কাৰণেটো মই এইসোপা আবৰ্জনাই কঢ়িয়াই নিছো ৷হব দে তোলৈও মিৰিণ্ডা কেইটামান লৈ লম আগত৷
এইবাৰ মই ড্ৰাইভিং চিটত বহিলোঁ৷অলপ দুৰ গৈ গণেশ মন্দিৰ পাওঁমানে মুষলধাৰে বৰষুণ আৰম্ভ হ'ল৷মই মন্দিৰৰ কাষতে গাড়ীখন ৰখাই নামি গলোঁ৷ইতিমধ্যে বীকিয়ে বিয়েৰৰ কেন এটা লৈ পিবলৈ আৰম্ভ কৰিছে৷কেনটো হুল্ডাৰতে থৈ বীকি নামি আহিল৷বাকী কেইটা তাৰ পিচেপিচে আহি মন্দিৰৰ চিৰিৰে তললৈ নামি আহিল৷গণেশ বাবাৰ সন্মুখত চাৰিওটাই আঠু ললোঁ৷পূজাৰীজন বীকিৰ চিনাকি ৷বীকিক দেখি আগবাঢ়ি আহিল
-বাবু বহুতদিন নাই অহা এইফালে৷কেনেকুৱা আছে আপুনি?ইমান বৰষাত মে ক'ত যাবলৈ প্লেন আছে?
-চিলং যাম পণ্ডিতজি৷
-বহুত বেয়া টাইমত ওলাইছে৷আগত যোৰাবাটত গোটাই পানী৷গাড়ী ফাচি যাব বাবু৷আজি ক দিন পোৰা মেঘালয়ৰ পৰা পানী ঝৰি কিনে আহিছে৷দুচৰা কন’ দিন গলে ভাল আছিল৷
গাড়ীত বহি আমি গোটেইকেইটাই আগলৈ যাবলৈ আপত্তি কৰিলোঁ৷বীকি নাচুৰবান্দাঁ যাবই৷ৰোহিত এনেও অলপ হাইপাৰ ৷সি গাড়ীৰ পৰা নামি উভতি যাবলৈ কিবা গাড়ী পাই নেকি বিচাৰিবলৈ লাগিল৷অৱশেষত যেনিবা মই বুজাই বঢ়াই তাক গাড়ীত তুলিলো৷শেষত ডিছিজন হ'ল যে আগলৈ গৈ সচাকৈয়ে যদি মেঘালয়ৰ পৰা পানী নমা গম পাই তেনে চিলং যোৱা কেনচেল কৰি ভালুকপুং যাব৷কথামতে কাম৷গাড়ী আগবাঢ়িল৷এইবাৰ ৰোহিত আগত মোৰ লগত বহিল৷বাকী তিনিওটাই হাতত এটা এটা বিয়েৰৰ কেনলৈ কথাৰ মহলা মৰাত লাগিল৷মই মাজেমাজে তাহাঁতৰ সৈতে যোগ দিলোঁ৷গাড়ী লাহেলাহে আগবাঢ়িল৷এটা কেন শেষ হয় মানে আমি আহি যোৰাবাট পালোহি৷ৰোহিতৰ ইতিমধ্যে জেদ কমি আহিছিল৷বীকিৰ লগত সমস্বৰে চিঞৰিলে সি
-চিলং যাব নোৱাৰিলেও ঘুৰি নাযাওঁ৷অইন কৰোবালৈ যাওঁ৷
হঠাৎ বীকিয়ে ক’লে
-বৈ তেনে ভালুকপুং যাওঁ৷
পানী ফালি গাড়ী আগবাঢ়িল৷ভাগ্য ভাল বীকিয়ে বলেৰ’ আনিছিল৷নহলে আজি যোৰাবাটতে ফঁচি যাব লগা হলহেঁতেন৷
তেজপুৰতে চাৰি বাজি গৈছিল৷চাহ একাপ খাওঁ বুলি চাৰিওটাই হোটেললৈ বুলি আগবাঢ়িলোঁ৷চাহ খাবলৈ বহি থাকোঁতে সৰু ল’ৰা এটাই চাহ একাপ একাপ দি সুধিলে
-দাদা আৰু কিবা দিম নেকি?ইয়াৰ নিমকি বৰ ভাল খাবলৈ ৷গাখীৰ চাহৰ লগত খাই ভাল পাব৷
ল’ৰাটোলৈ চালোঁ৷বৰ মৰম লগা ল’ৰা৷ভাল ঘৰৰ ল’ৰা হ'লে চাগে এতিয়া স্কুল গ'লহেতেন৷চাহ খাই উঠি আমি গাড়ীলৈ বুলি খোজ ললোঁ৷গাড়ীত উঠিবলৈ আহি বিকী আকৌ হোটেলখনলৈ ঘুৰি গ'ল৷আমি গাড়ীৰ পৰা চাই থাকিলোঁ৷সৰু ল’ৰাটোৰ হাতত কিবা এটা গুজি দি বীকি গাড়ীলৈ ঘুৰি আহিল৷বিকী ল’ৰাটোৱে আনতকৈ বেলেগ প্ৰকৃতিৰ৷ধনী মাক বাপেকৰ একমাত্ৰ সন্তান সি৷কিন্ত গপ-গৰজ বুলিবলৈ নাই তাৰ৷দুখীয়া আৰ্তজনৰ বাবে তাৰ হাত খোলা৷তাৰ ঘৰত কামত সহায় কৰা মানুহজনীৰ পুতেক ড্ৰাইভাৰটোৰ জীয়েকক সিয়ে কোনেও গম নোপোৱাকৈ পঢ়োৱাই আছে৷ভালুকপুং পাওঁতে ৰাতি আঠ বাজি গৈছিল৷বাটৰ পৰাই ফোন কৰি বীকিয়ে দুটা ৰুমৰ কথা কৈ থোৱাৰ বাবে আমাৰ বিশেষ অসুবিধা নহল৷ৰুমনং পাঁচত মই আৰু দীপজ্যোতি থাকিলোঁ৷ৰোহিত আৰু বীকিয়ে বিবেককলৈ ছয় নম্বৰটো আগতেই বাচি ললে৷নদীখন সেইটো ৰুমৰ একেবাৰে কাষত৷বাৰাণ্ডাত বহিলে নদীৰ পানীৰ শব্দ শুনা যায়৷কিবা ভাবনাত বিভোৰ হৈ থকা বীকিক ৰোহিতে জোকাইছিল
-কি হ'ল তই বাৰেবাৰে কথাৰ মাজত অন্যমনস্ক হৈ যাৱ যে ?বিপাশাৰ লগত কিবা লাগিলি নেকি?
মই আচৰিত হৈছিলো৷সকলো কথাই মোৰ আগত কৈছিল সি৷কিন্ত বিপাশাৰ বিষয়ে কিয় বা কোৱা নাছিল বুজি নাপালোঁ৷ বীকিয়ে মুৰটো ওপৰ কৰি আমালৈ চালে মাথোঁ৷তাৰ পিচত স্কটচৰ বটলৰ পৰা গিলাচত বাকিলৈ কুটকুটকৈ গিলি পেলালে৷হঠাৎ তাৰ দুচকুত খং আৰু ঘৃণা ফুটি উঠিছিল সেইদিনা তাৰ পিছত পৰিবেশটো হঠাৎ গোমা হৈ পৰা দেখি সহজ হবলৈ সিয়েই আগেভাগে কৈছিল
-ৰাতিপুৱা সোনকালে উঠিবি সাতুঁৰিবলৈ যাম৷বৰশিলৈ আহিছোঁ৷মাছ মাৰিবলৈ যাম৷
ৰোহিতে সেমেনাসেমেনি কৰি ক’লে
-মই সাতুঁৰিবলৈ নাই দেই৷মই পাৰতে ঠিক আছোঁ৷পানীলৈ ভয় আছে বুলি কৈছে হাত চাই ৷
তালৈ চাই আমি তিনিওটাই হাঁহি উঠিলোঁ৷
বীকিয়ে হাঁহি হাঁহিয়ে ক’লে
-ঐ গৰু মোক দেখোন সাধু বাবা এটাই যোৱা মাহতে পানীত ডুবি মৰিবি সাৱধান হ বুলি কৈছিল৷হেৰৌ আজি দেখোন মাহ পোৰ হ'ল মই নমৰিলোঁ৷ভণ্ড বুজিছ এইবোৰ এইবোৰ সৱ ভণ্ড৷ৰাতি বহুত হ'ল বৈ খাই শুওগৈ৷
ৰুমলৈ যাবলৈ লৈ দেখোঁ আন্ধাৰত মানুহ এগৰাকী আমাৰ ৰুমৰ বাৰাণ্ডাত বহি নদীলৈ চাই কিবাকিবি কৈ আছে৷উচপ খাই উঠিলোঁ৷খুব সম্ভৱ ওচৰৰ কোনোবা জনজাতি মহিলা৷অকলে অকলে বহি আকাৰে ইংগিতেৰে কিবা কয় কাৰোবাক আৰু তধা লাগি নদীলৈ চাই থাকে৷ভাত দিবলৈ অহা ল’ৰাটোক সুধিলোঁ
-বাহিৰত বহি থকা মানুহগৰাকী কোন হে ভাইটি?
-অ মানুহগৰাকী আমাৰ হোটেলৰ কাষতে থাকে৷পাগলীহৈ গ'ল ল’ৰাটো নোহোৱা হোৱাৰ পৰা৷
-কি হ'ল ল’ৰাজনৰ?
-নদীত সাঁতুৰিব যাওঁতে হেৰাই গ'ল দাদা৷মানুহজনী সদায় আহে ল’ৰাটোক ইয়াতে বহি মাতে৷কিবাকিবি কথা পাতে আকৌ ঘৰলৈ গুচি যায়৷
খাই বৈ বিচনাত উঠাৰ পিচত বাৰেবাৰে বিপাশা বিপাশা নামটো মনলৈ আহি থাকিল৷কি ৰহস্য আছে ৷কি সমন্ধ বীকিৰ লগত৷সচাকৈয়ে বীকিয়ে ভালপোৱা ছোৱালীজনী বিপাশা নেকি?আৰু বিপাশাই ? সেইবোৰ ভাবি থাকি কেতিয়া টোপনি গলোঁ গমেই নাপালোঁ৷
প্ৰচণ্ড গৰ্জন কৰি জীয়া ভৰলী বৈ গৈছে পাৰত আমি চাৰিওটা থিয়হৈ আছোঁ৷মানুহ এটাই চাৰিটা লাইফ জেকেটলৈ আগবাঢ়ি আহিছে৷আমি চাৰিওটাই লাইফজেকেট পিন্ধিলো৷থাকি গ'ল বিকী৷হঠাৎ বীকি দৌৰি গৈ পানীত জপিয়াই সাতুঁৰি সাতুঁৰি আগবাঢ়ি গৈ থাকিল৷পাৰৰ পৰা আমি চাই তাক চিঞৰি মাতিলোঁ৷সি আমাৰ মাত নুশুনিলে সি আগবাঢ়ি গৈয়ে থাকিল মাজেমাজে তাক নেদেখাহৈ যাওঁ আকৌ ভুটুংকৈ মুৰটো ওলিয়াই আমালৈ হাতখন ডাঙে৷লাহেলাহে তাক মনিব নোৱাৰা হৈ আহিলোঁ৷এপাকত তাক তললৈ যোৱা দেখিলোঁ কিন্ত ওলাই অহা নেদেখি চিঞৰি দিলোঁ
-বীকি গুচি আহ৷
টক্ টক্ দুৱাৰত জোৰত আৱাজ শুনি খকমককৈ সাৰপালোঁ৷
দুৱাৰ খুলি দেখোঁ বীকিয়ে মিচিকিয়া হাঁহি মাৰি থিয়হৈ আছে৷
-গুডমনিং দিউদ বৈ ওলা ৰদ উঠিলে কি বটিং কৰিবি৷
জিপ্ছীখনৰ পৰা চাৰিওটা নামি ইফালেসিফালে চালোঁ৷গাড়ীৰ পৰা আমাৰ গাইডজনো লাইফ জেকেটলৈ নামি আহিল৷
দীপজ্যোতিয়ে আচৰিতহৈ ক’লে
-পাঁচটা জেকেট লাগিছিল৷চাৰিটা আনিলা যে?
ৰোহিতে ক’লে
-মই নাযাওঁ এনেও ৷তহঁতবোৰ যা৷
বীকিয়ে চিঞৰি উঠিল
- ফাল্টু নবকিবি বৈ৷মই আছোঁ৷নমৰ দে৷তোক মৰিব নিদিওঁ৷
সাতুঁৰত বীকি সিদ্ধহস্ত৷ব্ৰক্ষ্মপুত্ৰত সাতুৰা মানুহ সি৷
অগত্যা সেমেনাসেমেনি কৰি ৰোহিতে লাইফ জেকেট পিন্ধি ললে আমি ৰবৰৰ নাৱত উঠিলোঁহি৷মোৰ মনটোও কিবা ভাল নাই লগা৷বাৰেবাৰে পাঁচটাৰ ঠাইত চাৰিটা লাইফ জেকেট কিয় আহিল এই কথাটোৱে মনটো খুচখুচাই থাকিল৷অন্যমনস্কতাৰ মাজতে আমি ৰাবাৰ ব’টত উঠিলোঁ৷হঠাৎ কি হ'ল বুজি নাপালোঁ৷পানীৰ সোঁত এটাত প্ৰচণ্ড খুন্দা খাই ব’টখন বিপৰীত মুৱা হৈ গ'ল৷ৰোহিতলৈ চালোঁ ৷তাৰ মুখখন শুকাই কাঠ মৰা যেন হৈছে৷বীকিয়ে তালৈ চাই মিচিকিয়াই আছে৷বঠামৰা ল’ৰা দুটাই পানীৰ সোঁত দেখি পাৰলৈ চপাম নেকি সুধিলে৷বীকিয়ে ধমক দি উঠিল
-বৈ বৈ আৰু আগলৈ যাওঁ৷
-দাদা আগত কাৰেণ্ট বেচি আছে ৷যাব মানা আছে৷দ বেছি আছে আগত৷
কোনোদিন বেয়া মাত এষাৰ নোকোৱা বীকিয়ে ধমক দি কৈছিল
-আগুৱাই যা ৷অলপ গৈয়ে ঘুৰিম৷
নাওখন অলপ আগবাঢ়িয়ে হঠাৎ পাল্টি খাই গৈছিল ৷ইমানেই আকস্মিক আছিল যে আমি গোটেই কেইটা নাওখনৰ পৰা পানীত চিটিকি পৰিছিলোঁ৷ৰোহিতৰ চিঞৰ শুনিছিলো
-মোক বচা দুস্ত৷
বীকিয়ে চিঞৰিছল৷
-হাত ভৰি মাৰ ঐ৷পাৰলৈ গৈ থাক৷
নাৱৰীয়া দুজনৰ এজনে ৰোহিতৰ হাতত ধৰি পাৰৰ ফালে টানি নিলে৷আনজনে আমাক বাট দেখুৱাই পাৰলৈ লৈ গ'ল৷দুৰৈত নাওখন উপঙি থাকিল৷হঠাৎ বীকিয়ে আমাৰ লগ এৰি উপঙি গৈ থকা নাওখনৰ ফালে সাঁতুৰি যাবলৈ ধৰিলে৷আমি ঠিক পাৰ পাবলৈ হওঁতেই ঘটনাটো ঘটি গৈছিল৷পাৰত উঠি আমি গোটেই কেইটাই চিঞৰিলো
-উভতি আহ বীকি৷
আমাৰ মাতবোৰ পাহাৰত ঠেকা খাই উভতি আহিল কিন্ত বীকি নাহিল৷নাৱৰীয়া কেইজনে আমাক পাৰত উঠাইথৈ পানীত জপিয়াই বীকিক বিচাৰিব ধৰিলে৷নাওখন পাই ঘুৰাই আনিলে৷কিন্ত বীকিক কতো বিচাৰি পোৱা নগল৷নৌ বাহিনীৰ ডুবাৰু আহি পানীত নামিল৷গধুলীলৈকে পাৰত বহি বীকিক দেখো নেকি বুলি চকুনপছৰোৱাকৈ চাই থাকিলোঁ৷কিজানি পানীৰ মাজৰ পৰা হঠাৎ ভুটুংকৈ ওলাই আহি কয় "তহঁতক কেনেকৈ ভয় খোৱাই দিলোঁ দেখিলি"
তিনিদিন দিনৰাতি একাকাৰ কৰি বিচৰাৰ পিচতো বীকিক বিচাৰি নাপালোঁ৷ঘৰলৈ বেদনা এবুকু বান্ধি যেতিয়া ঘুৰিবলৈ লৈছিলোঁ সচাকৈয়ে বীকিয়ে কোৱাৰ দৰে কাৰ্টুনটো নদীত দলিয়াই থৈ আহিছিলোঁ৷মনটোৱে মানি লব নিবিচাৰিলে সি নাই ৷ যেন অকলশৰীয়াকৈ এৰিথৈ আহিলোঁ তাক৷ঘুৰি আহি বিপাশাৰ ঘৰলৈ খবৰ পঠিয়ালোঁ "বিয়া পাতিব নাই বিচৰা বুলি৷"
পিকনিক শব্দটোৰ পৰা আঁতৰিয়ে থাকোঁ তেতিয়াৰ পৰা৷মনতে ভাবিলোঁ কালি ইহঁত কেইটাক ফাৰ্মহাউচটোলৈকে লৈ যাম যিমান সাঁতুৰে মাছ মাৰে ঘৰৰ পুখুৰীতে মাৰক৷আৰু কাকো বীকিৰ নিচিনাকৈ হেৰুৱাব নিবিচাৰো৷মনতে বিৰবিৰাই কলোঁ "যতেই আছ সুখত থাক দুস্ত আকৌ লগ নোপোৱালৈ"
শ্ৰী বৰ্ণালী ফুকন
বিপিন বৰা হাইস্কুল
তিনিচুকীয়া
No comments:
Post a Comment