চেৰী যেতিয়া ফুলে
চন ২০৮১।
-‘ডিচেম্বৰত ঠেটুৱৈ ধৰা ঠাণ্ডাত শ্বিলং যাবলৈ ওলাইছ যেতিয়া গৰম কাপোৰ কেইটামান ভালকৈ লৈ ল’ এই বুলি স্মৃতিয়ে বিদিশাক গৰম কাপোৰ কেইটামান গোটাই আনি দিলেহি।মাকৰ হাতত পোল’ভাৰ,জেকেট,ব্লেজাৰ দেখি বিদিশাই চিঞৰি উঠিল।
-‘মা শ্বিলং গৈ আছো তুমি আমেৰিকালৈ কাপোৰ বন্ধা দি বান্ধিলা যে?’ ‘কাৰ্ডিগান আৰু পঞ্চজ দিয়ে কাম চলিব।মই বাৰু ট্ৰেকচুট দুযোৰ লৈ যাম’।আগৰ দৰে ঠাণ্ডা নপৰে শ্বিলংত তুমি জানাই।
তিনিচুকীয়াৰ পৰা এটা বিজ্ঞান ভিত্তিক এচকাৰচনত উলাইছে বিদিশাহঁত।লগত প্ৰিতি মেম আৰু ৰিশ্বৱ চাৰ গাইড হিচাবে যাব।
আজি দুটা বছৰে এজোপা বিশেষ গছে বিদিশাক মুহাচ্ছন্ন কৰি ৰাখিছে।ভিতৰি ভিতৰি গছজোপাৰ বাবে এক বিশেষ ধৰণৰ আকৰ্ষণ অনুভৱ কৰে তাই।মনৰ আশা ওচৰৰ পৰা এবাৰ গছ জোপা চোৱাৰ,এবাৰ সাৱটি অনুভৱ কৰা।নাজানে তাই, কিয় তাইৰ এই বিশেষ গছজোপালৈ ইমান আকৰ্ষণ।গছ জোপাৰ ছবি দেখাৰ আগতেও সপোনত তাই প্ৰায়ে দেখিছিল গছজোপা।গছ জোপাৰ সেই বিশেষ ফটোখন দেখাৰ আগলৈকে মনৰ ভ্ৰম বুলিয়ে ভাবি আছিল তাই।তেতিয়াৰ পৰা মনত পুহি ৰখা সপোনে পুৰ্ণতা পাবলৈ লোৱা প্ৰাক ক্ষণত মনত এক চেপা উত্তেজনাই বিৰাজ কৰিছে।জাতিংগা এয়াৰৱেজৰ ফ্লাইট আবেলি তিনি বজাত ,তাহাঁত গুৱাহাটী পাবগৈ লাগিছিল ৪বজাত।তাৰ পৰা শ্বিলংলৈ দুঘণ্টাৰ ৰাস্তা।তাহাঁত শ্বিলং পাওতে সাজ লাগি ভাগিছিল।গ্লাচৰ বাহিৰৰ পৃথিৱীখন চাবলৈ বহুবাৰ যত্ন কৰিও বিদিশা সফল নহল।আয়ুশ উঠি আহি তাইৰ ওচৰত কেতিয়ানো বহিলহি গমেই নাপালে।
-“ঠাণ্ডা লাগিছে নেকি বিদিশা?” বুলি সুধিলতহে তাইৰ সম্বিত ঘুৰাই পালে।আয়ুশ লৰাটোক তাই সৰুৰে পৰা লগ পাইছে নম্ৰ ভদ্ৰ অমায়িক লৰা তাটোতকৈ ডাঙৰ কথা তাইৰ মাক আয়ুশৰ মাকৰ বাল্যকালৰ বান্ধৱী।সেই সুত্ৰে দুইখন ঘৰৰ সৈতে এটা আন্তৰিকতা আছে।আনকি আয়ুশৰ দেউতাকে তাইক ঘৰত দেখিলেই বোৱাৰী আহিছে বুলি জোকাই।তাইৰ এইবোৰলৈ কোনো দিন গভীৰকৈ ভবা নাই।আয়ুশ ল’ৰাটোক তাইৰো বেয়া নালাগে।তেনেকোৱা এটা ল’ৰাক ভাল নোপোৱাৰ কোনো কাৰণ বিচাৰি পোৱা নাই তাই।ওখ-পাখ,হৃষ্ট-পুষ্ট, মিঠা বৰণৰ হাঁহিমুখীয়া এটা ল’ৰা আয়ুশ।কিন্তু আজি কিছুদিনৰ পৰা আয়ুশৰ সংগ তাইৰ বাবে অসহ্যকৰ হৈ উঠিছে।কাৰণ তাইও উদ্ধাৰ কৰিব পৰা নাই।কিবা মনটোৱে যেন নামানে ,কিবা এটা বুজাব নোৱাৰা যন্ত্ৰনা অনুভৱ কৰে তাই।‘নাই’বুলি কৈ তাৰ পৰা তাইৰ দৃষ্টি ঘুৰাই বাহিৰলৈ চাবলৈ যত্ন কৰিলে।নাই ইমান চেষ্টা কৰিও বাহিৰখন একো দেখা নাই তাই।মাত্ৰ আয়ুশৰ কথাৰ পৰাই গম পোৱা গ’ল যে তাহাঁত পাইনউদ হোটেলত উঠিব।হোটেল পাইনউদ নামটো শুনি তাইৰ খুব চিনাকি চিনাকি লাগিল,কৰবাত যেন শুনিছে নামটো।বহুত পৰ চিন্তাৰ পিচতো তাইৰ মনত নপৰিল ক’ত শুনিছিল এই নামটো।হয়তো কেতিয়াবা গুগুল চাৰ্চ কৰোতে পাইছিল।অকোৱা-পকোৱা ৰাস্তাৰে গাড়ী আগবাঢ়ি গৈ থাকিল।এবাৰত তাইৰ চিলমিলকৈ টোপনি আহিল।টোপনিতে এটা-অসমীয়া আৰ্হিৰ ঘৰৰ এখন ছবি আবছা আবছাকৈ ভাহি আহিল তাইৰ মনলৈ।হঠাত বাচখন আৱাজ কৰি ৰখি যোৱাত বিদিশা খক মকাই সাৰ পাই উঠিল।ইতিমধ্যে বাচৰ ভিতৰত এক মৃদু গুণ্জন আৰম্ভ হৈছিল।এক্সাইটমেণ্টৰ কোবত কোনোবা এটাই পালোহি পালোহি বুলি সুহুৰিও মাৰিলে।বিদিশাই বাকচটো বিচাৰি ইফালে সিফালে চাওতে আয়ুশলৈ চকু গল, সি তাৰ বেগটো কান্ধতলৈ এহাতে তাইৰ বাকচটোলৈ নামিবলৈ যোজা কৰিছে।আয়ুশৰ ব্যৱহাৰ পাতি একেবাৰে তাইৰ গাৰ্জেনৰ দৰে।তাৰ অন্তৰত বিদিশাই এক সুকিয়া আসনলৈ আছে।সিও নাজানে সেয়া মৰম নে আকৰ্ষণ।তথাপিও বিদিশা তাৰ দায়িত্ব বুলি ভাবে।তাৰ পিছে পিছে বাধ্য ছোৱালীৰ দৰে তাই নামি গ’ল।হোটেল খনত ভৰি দিয়াৰ লগে লগে এচাটি চেচাঁ বতাহে তাইৰ গালত স্পৰ্শ কৰি গল,কোনোবাই যেন ঠাণ্ডা হাতদুখনেৰে কোমলকৈ চুই গ’ল।বুকুৰ মাজত এক অবুজ শিহৰণৰ সৃষ্টি হল তাইৰ,এনেকুৱা এটা স্পৰ্শ তাই আগতেও অনুভৱ কৰিছে কিন্তু আজি যেন তাইৰ আৰু কাষলৈ আহি চুই গ’ল।বতাহজাকো যেন আজি মতলীয়া হৈ ঢৌ খেলি পাৰ হৈ গল।মুৰ তুলি বিদিশাই হোটেলটোলৈ চাই পঠিয়াই উচাপ খাই উঠিল অলপ আগতে চিলমিল টোপনিত এইটো ঘৰেইটো দেখিছিল।আগতে কোনোদিনটো শ্বিলংলৈ অহা মনত নপৰে তেন্তে কিয় তাইৰ লাগিছে তাই আগতেও ইয়ালৈ আহিছে,আচৰিত।তাইৰ হাতখনত ধৰি ৰশ্মিয়ে টানি নিয়াদি ৰিচেপচনৰ ফালে লৈ গল,
-‘কি নো ভাবি আছ অ?’ৰশ্মীক কথাষাৰ কম বুলিও কব নোৱাৰিলে,এইবোৰ শুনিলে তাই বলিয়া হলি নেকি বুলিয়ে কব।
তাহাঁতৰ লাগেজবোৰ ৱেটাৰ কেইজনেলৈ তাহাঁতক বাট দেখুৱাই আগুৱাই নিলে।পিচফালে হোটেলৰ পৰা আচুতিয়াকৈ কটেজৰ দৰে কোঠালি কেইটালৈ দীঘলীয়া কৰিডৰটোৰে ৱেটাৰ কেইজনৰ পিচে পিচে তাহাঁত আগুৱাই গল।একেধৰণৰ পিচফালে চাৰিটামান কটেজ,ইটো সিটোৰ পৰা চাৰিখোজৰ ব্যৱধান।প্ৰতিটোত তিনিজনীকৈ তাহাঁত মুঠ নজনী তিনিটা কোঠালিত থকাৰ ব্যৱস্হা কৰা হৈছে।প্ৰথম কটেজটোত মিতালী,ৰিণী,প্ৰিতিয়ে থাকিম বুলি ক’লত বাকী কেইজনী আগবাঢ়িল।ৰশ্মীয়ে তেতিয়াও বিদিশাৰ হাতখন এৰা নাই।দ্বিতীয় কটেজ পোৱাৰ লগে লগে ৰশ্মীয়ে তাইৰ হাতখন টানিলৈ কলে
- ‘বৈ আমি দুজনী আৰু কৃষ্ণা ইয়াত সোমাই দিওঁ’
বিদিশাৰ মুখেদি আপোনা আপোনি ওলাই আহিল
- মই ৰুম নং ১২৩তহে থাকিম।গোটেই কেইজনীয়ে তাইৰ মুখলৈ আচৰিতহৈ চালে।তাই নিজেও কম আচৰিত হোৱা নাই,কিয়ই বা কলে ১২৩ত থাকিম বুলি।কিবা এটা আকৰ্ষণ অনুভৱ কৰিছে নেকি তাই ৰুম নং ১২৩ৰ প্ৰতি?১২৩বুলিটো কোনেও কোৱা নাই বা ইমান অন্ধকাৰত বাহিৰত নম্বৰ লিখা প্লেটখন চকুত পৰা সাধ্য নাই।লগত আগবঢ়াবলৈ অহা এজন ৱেটাৰে উতকণ্ঠা ঢাকিব নোৱাৰি তাইক সুধিয়ে পেলালে,
-’মেডাম পেহলে ইধৰ আয়ে থে ক্যা?’ বিদিশাই মুখেৰে একো নামাতি তৃতিয়টো কটেজৰ দিশলৈ আগুৱাই গল।ৰুমটোত সোমাইয়ে তাই বাথৰুমত সোমালগৈ।তাই যেন চকু মুদি কব পাৰিব কোন ঠাইত কি আছে।ৰূপাৰ অভাব আজি তাই বৰকৈ অনুভৱ কৰিছে।তাই মন খুলি একমাত্ৰ তাইকে সকলো কব পাৰে।তাইৰ ভাল লগা- বেয়া লগা,হাঁহিধেমালী,পগলামী খিনি সহ্য কৰিব পৰা একমাত্ৰ প্ৰাণী ৰূপা।তাইৰ এই মুহূৰ্তৰ অনুভৱ খিনি কব পাৰে যদি একমাত্ৰ তাইক।বাকীবোৰে এইবোৰ শুনিলে অহৌ বলীয়া বুলি ভবাৰ উপৰিও ঘৰলৈ মাকলৈ ফোন লগাব শৰীৰ ঠিক নহয় বুলি আৰু লগে লগে মাকে তাইক ঘুৰি যাবলৈ বাধ্য কৰিব।
তাই কথাবোৰ কাকো নকৈ ডায়েৰীখন উলিয়াই লিখি গ’ল-
নভেম্বৰ ১২ ২০৮১-হোটেল খনলৈ মই আগেয়ে আহিছো,কিন্তু মনত পেলাব পৰা নাই কেতিয়া আৰু কাৰ লগত।ৰিচেপচন কাউণ্টাৰটো একে ঠাইতে আছে,কিছু ৰিন’ভেচন কৰিলে।এটা বস্তুত কিন্তু মোৰ চকু থৰহৈ ৰল।ডাঙৰ পেণ্ডুলাম ক্লকটো।এইটো মই যেনেকৈয়ে নহওঁক দেখিছো।অবিশ্বাস্য বুলি কলেওঁ সত্য।কিমান বছৰৰ পুৰণি হব বাৰু?যোৱাৰ আগতে কিবাকৈ সোধিব লাগিব।ৰুম নাম্বাৰ ১২৩টোৱে কিয় মোক ইমান আকৰ্ষিত কৰিছে মইও বুজি পোৱা নাই।লগৰ কেইজনীয়ে এক্সাইটমেণ্টত একো কব পৰা নাই কিন্তু লগত অহা ৱেটাৰজনে তাইক সন্দেহ কৰিছে।ভাবিছে চাগৈ সমাজক-ঘৰত লোকোৱাই কোনোবা প্ৰেমিকৰ সৈতে নৈশ যাপন কৰিবলৈ আহিছিল বাবে চিনি পাইছে চাগে।এইবোৰ তাহাঁতৰ বাবে সাধাৰণ কথা, নিতৌ দেখি আহিছে এইবোৰ।
নভেম্বৰ১৩ ২০৮১-ৰাতিপুৱাল বুলি খপজপকৈ উঠি মবাইলটো টিপি চালো ৪টা বাজিছে।বাকী দুজনী টোপনিত লালকাল দি আছে।লাইটটো জ্বলাই দিগদাৰ দিবলৈ মন নগল।মবাইলৰ পোহৰত খুপি খুপি বাথৰুমলৈ বুলি উঠি গলো।বাথৰুমৰ পৰা আহি খিড়ীকিৰ পৰ্দাখন আতৰাই বাহিৰলৈ চাই পঠিয়ালো।বাহিৰত কুৱঁলী একো নেদেখিলো,আলমাৰীৰ পৰা কাৰ্ডিগাণটো গাত সোমোৱাই স্টলখন মুৰে গায়ে মেৰিয়াই ওলাই গলো।ওলাই গৈয়ে সৰু বাৰান্দাখন তাৰপিচতে দুটা সৰু ষ্টেপ নামিয়ে ইটাৰ আকাৰৰ টাইলচৰ ওপৰে ওপৰে গৈ বাওঁফালে ঘুৰিলো।সৰু সৰু বাহঁৰ হেডজবোৰ চাই চাই আগবাঢ়ি গলো।মনতে ভাবিলো মোৰ অনুমান যদি সচাঁ হয় তেন্তে অলপগৈয়ে বহল ওপৰলৈ যোৱা চাৰিটা মান স্টেপ আছে।সৰু টিলাটোত বিভিন্ন ধৰণৰ ফুলৰ সমাহাৰ।বিশেষকৈ ফৰগেট মি নটৰ থুপাবোৰ দেখা অলপ অলপ মনত পৰিছে।মই নভবাকৈ মোলৈ ৰৈ আছিল মোক চকখোৱাই দিয়াকৈ সেই পুৰণি বগা স্কৰপিঅখন।মই খৰখেদাকৈ জপিয়াই মেলি ওপৰ পাওঁ মানে ধুঁৱা উৰুৱাই আতৰি গৈছিল তাৰ পৰা।হঠাত চকুৰ প্ৰচাৰত পাৰহৈ যোৱা গাড়ীখনৰ মানুহজনে যেন মোলৈ চাই চিনাকি হাঁহি এটা মাৰি থৈ গল। মিঠা বৰণৰ হেণ্ডচাম মানুহ জন, চিগাৰেটটো বাওঁহাততলৈ মুখেৰে ধুঁৱাৰ কুণ্ডলী পকাই পাৰ হৈ গৈছিল।চিনাকি যেন লাগি গল কিন্তু মনত পেলাই চালো নাই দেখা মনত নপৰিল।মই তেনেকৈ উধাতু খাই দৌৰি যোৱা দেখি হোটেলৰ লৰা এজন দৌৰি আহিল মোৰ ওচৰলৈ
-‘কি হল মেডাম,কিবা লাগিব নেকি?’
-‘অলপ আগতে যে ওলাই গ’ল স্কৰপিওখন কাৰ আছিল’
সি যাতে মোক সন্দেহ নকৰে তাৰ বাবে কলো
-‘মানে এনেকুৱা গাড়ী আজিকালি দেখা পোৱা নাজায় যে সেয়ে সুধিলো’।তাৰ মুখৰ অভিব্যক্তি দেখি আচৰিত হলো।মই যেন নুসুধিব লগা কিবা এটা সুধি পেলালো।
-নাই মেডাম ইয়াতটো কোনো স্কৰপিও গাড়ী নাই।তেনেকুৱা কোনো গেষ্ট আমাৰ ইয়াত নাই বুলি আতৰি গ’ল।মনটো কিবা এটা উদাস উদাস লাগিল।হঠাত ঘুৰি ৰুমলৈ যাবলৈ লওঁতেই দেখো আয়ুশ মোৰ পিচত থিয়হৈ আছে।তাৰ আগত ধৰা পৰি যাওঁ বুলি
- ‘কেতিয়া উঠিলা’বুলি সুধি লৰালৰিকৈ ৰুমলৈ যাবলৈ ললো।সিও মোৰ সৈতে আহি থাকিল,হঠাত সি সুধিলে
- ‘কোন আছিল বিদিশা?’ তাৰমানে আয়ুশেও দেখিছে গাড়ীখন।মই উতসাহেৰে ওলটাই সুধিলো
-‘তুমিও স্কৰপিও খন দেখিছিলা?’ তাৰ মুখলৈ চাই নিৰাশ হলো মুৰটো জোকাৰি সি যে গাড়ীখন নাই দেখা তাকে জনালে।মোক ৰুমলৈকে আগবঢ়াই সি আতৰি গল।যাবৰ সময়ত কৈ গ’ল চাহ খাই ফ্ৰেচহৈ তোমালোক ডাইনিংলৈ আহি যাবা।
দুপৰীয়া 12 বাজিছে-ব্ৰেকফাষ্ট কৰি উঠো মানে ১২ বাজিছিল আমাক হোটেলৰ গাড়ীৰে ৱাৰড লেক চাবলৈ লৈ গৈছিল।প্ৰত্যেকৰে হাতত একোখন নোট-বোক।মোৰ হাতত ২০৫০ৰ এটি পুৰণি ডি এচ এল আৰ।খিৰিকীৰ কাষত বহি বিভুৰহৈ বাহিৰলৈ চাই আহিছো মোৰ চিনাকি চিনাকি লগা বাট-পথবোৰ,কেমেৰাৰ কথা সম্পুৰ্ণ পাহৰিলো।আয়ুশ আহি কেমেৰাটো লৈ নোলোৱাহলে এখনো ফটো তোলা নহল হয় আজি।গেটতে টিকেট কোনে ললে গম নাপালো,সন্মোহন হোৱা মানুহৰ দৰে কাকো নামাতি আগবাঢ়ি গলো গেটৰ দিশত।সকলো বোৰ মোৰ চিনাকি ,সৌৱা পুখুৰীটো আগৰ দৰে আছে।গুলপীয়া ভেট ফুলবোৰ ফুলি ৰমক-জমক হৈ আছে।কাঠৰ দলংৰ ওপৰেৰে পাৰ হৈ গলো পানীৰ ওপৰেৰে পানীলৈ চাই চাই।মাছবোৰ আজিও কিল-বিলায় ফুৰিছে, মই আগতেই হাততলৈ যোৱা আখৈবোৰ দলিয়াই মাছবোৰক খাবলৈ দি চাই ৰলো।লাহে লাহে আগবাঢ়ি গৈ লেকৰ সিটো পাৰ পালোগৈ।লেকৰ কাষে কাষে পাৰি দিয়া স্টোন টাইলচৰ ওপৰেদি গৈ থাকিলো।কাষত বিভিন্ন ৰঙৰ চিজনৰ ফুল।বেঙুণীয়া এজেলিয়া,বিভিন্ন ৰঙী ডালিয়া,ক্ৰিচেনথিয়াম,জুইৰ দৰে এঢৰা ৰঙা হালধীয়া চেল’চিয়া,থুপা থুপে লাগি থকা ফৰগেট মি নট খিনিয়ে যেন আকুলহৈ মোক আগৰ পুৰণি স্মৃতি মনত পেলাবলৈ বিচাৰিছে।লাহে লাহে সকলো আগবাঢ়ি গল ৰঙা নীলা লাইফ ব’টবোৰত উঠিবলৈ।মই হেপাহ নেদেখুৱা দেখি মোক তাতে এৰি বাকীবোৰ চিঞৰ বাখৰ কৰি টিকেট কৰিবলৈ গ’ল।মই তাহাঁতৰ পৰা আতৰত অলপ নিৰ্জনতা বিচাৰিছিলো।মনত পেলাব বিচাৰিছিলো মোৰ মনত বাৰে বাৰে আবচা আবচাকৈ অহা ঘটনাবোৰৰ ৰহস্য কি?আচলতে কি মই মই নহয় নেকি?তেনে মই কোন আছিলো।তাহাঁতবোৰৰ কিছিৰ-কিছিৰ চিঞৰ এতিয়াও মোৰ কাণলৈ ভাহি আহিছে।মই তাৰ পৰা লাহেকৈ আতৰি আহিবলৈ বিচাৰিলো।দুৰত থকা আচুতিয়া এখন বেঞ্চত ভৰি তুলি বহি লৈ চকু মুদি মনত পেলাবলৈ যত্ন কৰা যাওঁক।বেঞ্চখনৰ উদ্দেশ্য কৰি খোজ ললো।মোৰ কাষে কাষে যেন কোনোবা খোজত খোজ মিলাই আহি আছে।কাণৰ কাষত কাৰোবাৰ নিশ্বাস লাগিল এটা ভাললগাৰ তিব্ৰ শিহৰণ চকু কেইটা মুদি অনুভৱ কৰিবলৈ যত্ন কৰিলো।হাত ভৰিবোৰ কপি উঠিল,গাৰ ইমাণ কাষলৈ কোন?এইবাৰ চকুদুটা মেলি কাষলৈ চালো,দেহত-মনত এক আলস্যতা,ভাললগা এক অনামী আৱেশ।মদিৰাখোৱা মানুহৰ দৰে তলি তলি বেঞ্চখনৰ দিশত আগবাঢ়িলো।তাৰ পিচত কি হৈছিল মোৰ মনত নাই একো।মই যেতিয়া নিজক আৱিস্কাৰ কৰিলো তেতিয়া মই হোটেলৰ কোঠাত।মোৰ হাত এখনলৈ কাষত বহি আছে আয়ুশ।বাকীবোৰ বিচনাৰ কাষত থিয় হৈ আছে।।মোৰ হাতখন আয়ুশৰ হাতত দেখি টান মাৰি আতৰাই আনিলো।
অৱশেষত আয়ুশে মুখ খোলিলে।মই যেতিয়া ভাললগা আৱেশত মত্তহৈ বেঞ্চৰ দিশত আগবাঢ়ি গৈ আছো বুলি ভাবিছিলো সেয়া আছিল মোৰ ভ্ৰম।মই তলি তলি আগবাঢ়িছিলো লেকলৈ। মোৰ অলক্ষিতে এহাল চকুয়ে যে মোক নিৰিক্ষীণ কৰি আছে গমেই পোৱা নাছিলো।আৰু মই লেকৰ দিশত গৈ থকা দেখি দৌৰি আহি থাপ মাৰি ধৰিছিল আয়ুশে।মোৰ অস্বাভাবিক গতিবিধি দেখিয়ে সি কিবা এটা সন্দেহ হৈয়ে ব’টখনত উঠিবলৈ লৈ ৰৈ গৈছিল।আৰু সি ধৰাৰ লগে লগে মই অচেতন হৈ পৰিছিলো গতিকে তাৰ পিচত কেনেকৈ আহি হোটেলৰ কোঠা পালোহি সেয়া মোৰ মনত নাই।
নভেম্বৰ১৪ ২০৮১-আজি মোক কোনেও অকলশৰীয়া হবলৈ সুবিধা দিয়া নাই।ৰশ্মিয়ে অনবৰতে মোৰ হাতখন গবা মাৰি ধৰি আছে।মই কিবা অঘটন ঘটাও বুলি তাই সাৱধান হৈ আছে।বেচেৰিয়ে কালি বৰ ভয় খালে।আয়ুশে তাইক বাৰে বাৰে সকিয়াই দিছে যাতে তাই মোক চকুৰ আতৰ হবলৈ নিদিয়ে।মই এইবোৰ কথাত বিশেষ মন দিয়া নাই।মোৰ মন মগজু জোৰি একমাত্ৰ সেই বিশেষ গছজোপাই আবৰি আছে।সেইজোপাৰ লগতে জড়িত হৈ আছে যেন মোৰ মনত চলি থকা সকলো ৰহস্যৰ ভেদ।সেই বিশেষ গছজোপা ইয়াৰেই ,বহুত বাৰ দেখিছে তাই সপোন।কিন্তু ক’ত দেখা পাব সেই প্ৰশ্নই দিনে নিশাই তাইক খাই মাৰিছে।আজি তাহাতক শ্বিলং পিকলৈ নিব,লগতে গল্ফ লিং দেখুৱাব সময় উলিয়াই স্টেডিয়ামলৈ নিয়াৰ কথা ওলাইছে।শ্বিলং পিকৰ হাড় কপোৱা ফেৰফেৰিয়া বতাহজাকে মোৰ হৃদয়লৈ বোৱাই আনিলে এক অনামিল অনুভৱ।ফেনচিংৰ কাষত থিয়হৈ চকু মুদ খাই খাই গৈছে মোৰ লগে লগে চকুৰ আগত ভাহি আহিছে এহাল মানুহৰ নিগেটিভ ফটো।সাৱটি ধৰি আছে দুয়োদুয়োকে,মহিলা গৰাকীৰ চেহেৰাটো মোৰ চকুত লাহে লাহে স্পষ্ট হৈ পৰিছে,চিনাকি চিনাকি এখন মুখ।ই কি!মইয়ে দেখোন, কিবা এটা মানুহজনে ফুচফুচাই কোৱা দি কৈছে যেন মোক।মই শুনিবলৈ যত্ন কৰোতেই ওচৰতে এটা মাত ভাহি আহিল
- ‘বিদিশা ইমান কাষলৈ নহয়’কোনোবাই টানি আনিছে মোক কাষলৈ।জোকাৰি দিলত মোৰ হুচ আহিল মই একেবাৰে ৱালৰ কিনাৰত উলমি আছো,আৰু অলপ হলেই তলত সৰি পৰিলো হেতন।আয়ুশে এনেকৈ টানি আনিলে মই তাৰ বুকুৰ মাজত সোমাই চকু মুদি দিলো।সিঁয়ৰি উঠিলো মৃত্যুক ইমান ওচৰৰ পৰা দেখি এক লহমাৰ বাবে।স্বাভাৱিক হবলৈ যত্ন কৰি হাঁহি কলো
- ‘আয়ুশ ইমান সহজে তহঁতে চুটকাৰা নাপাৱ,মই ইমান সহজে নমৰো’। অহাৰ পৰা আয়ুশৰ লগত প্ৰথম ধেমালি কৰিলো।সিও কিছু আশ্বস্ত হল।
-‘তই মোৰ জীৱ উৰাই দিছিলি বেং’-আয়ুশে কলে।
কিন্তু মোৰ মনত মানুহ হালৰ ছবি সজীৱ হৈয়ে ৰল।তাৰ পৰা গল্ফ লিংক পালোগৈ,দুৰদুৰণিলৈ কেৱল সেউজীয়া আৰু সেউজীয়া।উফ!চকুযুৰ পেলোৱা দৃশ্য।সেউজীয়া ঘাঁহনিত এবাৰ বহি চাবলৈ বৰ হেপাহ হল,দৌৰ মাৰি গৈ বহি পৰিলো
ৰশ্মিয়ে ওচৰতে বহিলৈ কলে
-আকৌ পগলামী নকৰিবি দেই বিদিশা।ভয় খোৱাই দিছ তই চাৰ-বাইদেউ হঁতকো।কি ফেণ্টাচি কৰি থাক অ’,এনেকৈ হলে কালিয়ে ঘুৰিম বুলি কৈছে প্ৰিতি মেমে।’কিছু সময় মৌন হৈ ৰলো মই
- ‘নকৰো দে’ বুলি মই তাইৰ হাতখনত ধৰিলো।হঠাত কি হৈ গল কব নোৱাৰো,ৰাস্তাৰ দাঁতিৰ গছজোপালৈ চকু গ’ল।পাতল বেঙুনীয়া লেভেণ্ডাৰ ৰং অকল মাথো ফুল আৰু ফুল, তলখনত ফুল পৰি এখন কোমল শেতেলি সদৃশ হৈ আছে।একেটানে ৰশ্মিৰ হাত এৰি গছৰ উদ্দেশ্যে দৌৰ লগালো।কব নোৱাৰো আগত গাড়ী আহিছে নে বাইক ।গাৰ কাপোৰ কত পৰি ৰল তাক চাবলৈ মোৰ ধৰ্য্য নাই ।মোৰ বহু আকাংশিত,মোৰ ইমান দিনে দেহ মন মগজু সকলোতে বিৰাজ কৰি থকা গছজোপা,মোৰ হেৰাই যোৱা প্ৰেমৰ স্মৃতি, মোৰ হেৰাই যোৱা অতীত।দৌৰিগৈ সাৱটি ধৰিলো চেৰীজোপা,চিতকাৰ কৰি উঠিলো হেমাংগ মোক এৰি তই কলৈ গলি।তাৰ পিচতেই হেনো মই ঢলি পৰিছিলো।উশাহ- নিশাহবোৰ চুটি হৈ আহিছিল আৰু হাৰ্ট বিট ইৰেগুলাৰ হোৱা দেখি লৰালৰিকৈ ডাক্তৰ সোনোৱালৰ ডিচপেন্চেৰি পোৱালেগৈ।তেওঁ আয়ুশৰ সমন্ধীয় আজোককাক তেওঁ নাই যদিও তেওঁৰ নামতে সেইখন চলি আছে। জুনিয়ৰ ডাক্তৰ এজনে চাই লগে লগে ট্ৰেংকুলাইজাৰ এটা দি কিছু সময় শুবলৈ দিলে।উঠাৰ পিচত আয়ুশে সকলো ঘটনা কলে ।কৈ কৈ তাৰ দুচকুৱেদি বৈ আহিল দুধাৰি চকুলো।
-‘কি হৈছে তোৰ বিদি,তই মোক বৰ দুখ দিছ।,হেমাংগ কোন?’এই বুলি কৈ তাৰ চকুপানী খিনি ধাকিবলৈ মোৰ কাষৰ পৰা আতৰি গল।
উৰে ৰাতি পৰি পৰি ভাবি ৰলো মই যাক বিচাৰি আহিলো সেয়াটো মাথো মৰিচিকা।অতীতকলৈ জানো কোনোবা জীয়াই থাকিব পাৰে।সকলোবোৰ মোৰ স্পৰ্শৰ বহুত আতৰত,সেইখন পৃথিৱীত মই সু-শৰীৰে প্ৰৱেশ কৰিব নোৱাৰো।মোৰ এইখন পৃথিৱীৰ কৰ্তব্য আধাতে এৰি যাব নোৱাৰো।মোকলৈ জীয়াই থকাৰ সপোন দেখা ‘মা’জনীক এৰি মই এনেকৈ যাব নোৱাৰো।আয়ুশৰ মুখ খনলৈ মনত পৰি মৰম লাগি গ’ল।আৰু চাৰ-মেম হঁত মোৰ ৰিজাল্ট লৈ কৰা আশাবোৰ মই ভৰিৰে গচকি যাব নোৱাৰো।
নভেম্বৰ১৫ ২০৮১ পিচদিনা পুৱাই উঠি বাকচ বন্ধাত লাগিলো,আয়ুশে সহায় কৰি দিলেহি।তাৰ হাতখন সাৱটিলৈ মই মুখেৰে একো কব নোৱাৰিলো।মোৰ চকুৰ পৰা বাগৰি অহা পানীখিনি হাতত লৈ আয়ুশে মাথো কলে
- তোক হেৰুৱাব নিবিচাৰো।
ব্ৰেকফাষ্ট কৰি আমি আহি বাচত উঠিলোহি,তেতিয়াও শ্বিলংখনে নিহালি লৈ শুই আছিল। ভালকৈ পোহৰ হোৱা নাছিল,কুঁৱলীৰে ধোঁৱা ধোঁৱা চাৰিওফালে।বাচখন চলাৰ লগে লগে খিৰিকীৰে হোটেলখনলৈ ঘুৰি চালো।বগা স্কৰপিঅখনত মিঠা বৰণৰ ধুনীয়া মানুহজনে মুখেৰে চিগাৰেটৰ ধোঁৱাৰ কুণ্ডলী বনাই মোলৈকে চাই আছে।হাঁহিবলৈ যত্ন কৰা এহালি কৰুণ চকু।এপাকত হাতখন ডাঙি মোক যেন বিদায় দিলে।তেওঁও মানি ললে নেকি বাৰু তেওঁৰ পৃথিৱীলৈ মই কেতিয়াও ঘুৰি যাব নোৱাৰো।কব নোৱাৰাকৈ মোৰ হাতখনো উঠি আহিল মুখেৰে বিৰবিৰাই কলো ‘বিদায় হেমাংগ।’ ওলাই আহিবলৈ লোৱা চকুৰ পানীখিনি বাধা দিবলৈ যত্ন নকৰিলো।ধুৱাই নিয়ক হৃদয়ে কঢ়িয়াই লৈ ফুৰা সকলো বেদনা।
* পাৰ কৰি অহা জনমটোক বহুত পিচত এৰি আহিলে তাই,এতিয়াৰ পৰা বৰ্তমানকলৈ তাই জীয়াব লাগিব।
বৰ্ণালী ফুকন
গুৱাহাটী
৮৬৩৮২৩৬২৩৭
No comments:
Post a Comment