আবেগ
 
আনকালৰ দৰে আজি পুৱাও লৰালৰিকৈ ফুৰিবলৈ ওলাই যোৱা ফুকনে মুখৰ ভিতৰতে ভোৰভোৰালে
-ৰাতি এডখৰলৈকে ঘৰলৈ আহিবলৈ মনত নপৰে৷বুঢ়া বয়সত ভাল বিহুখন দেখুৱাইছ অ আই৷
 
পদূলিৰ মুৰৰ পৰা গোহালিটোলৈ ঘুৰি চালে৷থমকি ৰৈ মুখৰে ভোৰভোৰালে৷
-দিনৰ দিনটো ৰাতি ৰাতিটো একো এটা চাগে বগীয়ে খাবলৈ পোৱা নাই বেচেৰি৷ মই ওলাই যোৱা মানে ঘুৰি নহালৈকে খাবলৈ নাপাব৷
ফুৰিবলৈ যাবলৈ এৰি তেওঁ দানাৰ বস্তাটো খুলি অলপ গামলাটোত দিলে লগতে কুটিথোৱা খেৰ অলপ আৰু ভিটামিন পাউডাৰ দি ভালকৈ পানী দি মিহলাই বগীৰ সন্মুখত আগবঢ়াই দিলে৷
-আজি বাদে কালি মাক হবি এনেকৈ যতেততে ঘুৰি নুফুৰিবি৷দিন কাল বেয়া৷কোন খাপ পিটি থাকি বাংলাদেশ পোৱাবগৈ ঠিকনা নহব৷মই তেতিয়া কিন্ত পাউণ্ডৰ পৰা অনা দি আনিব নোৱাৰিম নহয় অ বগী৷
গল বিচনীখন মুহাৰি দিলে ফুকনে৷
 বগী ওখ পাখ ধুনীয়া জনী হৈছে৷গধুলী ফুকননীয়ে বগী ঘৰ সোমোৱাৰ লগেলগে সদায় শুকান জলকীয়া সৰিয়হেৰে মুখ লগা ভাঙে৷আবেলি নাতি ৰাটো এপাক চাবলৈ ফুকন প্ৰায়ে কাষতে থকা জীয়েকৰ ঘৰ পাইগৈ৷কেতিয়াবা দেৰি হোৱা যেন দেখিলে বগী আগবাঢ়ি যায় ফুকনক আনিবলৈ৷ফুকনৰ মাতটো বাৰীৰ পিচফালে শুনিলে  তাই পিচফালে গৈ মাত দিয়েগৈ৷
  আজি ফুকন পুৱাৰ পৰা চটফটাই ফুৰিছে৷ফুকননীয়ে পতাত কেচা হালধি আনিবাটিচেহি৷আজুৱাইন গুৰি কৰি গুড়ৰ সৈতে সানি বগীলৈ পথ্য বনাইছে৷পুৱাতে বগীৰ পানী ভঙা দেখি ফুকনে দানা দিবলৈ লৈ ৰৈ দিলে৷লাহেকৈ পকাতে খেৰ অলপ বেছিকৈ পাৰি দি বগীক মৰম কৰি দিলে৷বগী এবাৰ বহিছে এবাৰ থিয় হৈছে৷কোঠালিটোৰ পৰ্দাখনটানি দি ফুকন তাৰ পৰা আঁতৰি ঘৈণীয়েকৰ ওচৰ পালেহি
-হেৰা! বগীৰ পোৱালি ডাঙৰ যেন পাইছোঁ হে৷বেচেৰিয়ে বৰ কষ্ট পাইছে হে৷কি কৰোঁ৷বৰুৱা ডাক্তৰকে মাতোঁ নেকি?
সময়ত ডাক্তৰৰ সহায়ত বগীৰ মৰা পোৱালি এটাৰ জন্ম হ'ল৷প্ৰথম পোৱালিটো মৰা ওলালত ফুকনে মনতে দুখ পালে৷বগীৰ মুখৰ সন্মুখত দানাৰ পাত্ৰ পৰি আছে৷কিন্ত তাই তালৈ মুৰ তুলিও চোৱা নাই৷বাৰেবাৰে মৰা পোৱালিটোক শুঙি চাই চেলেকে আৰু ওপৰলৈ মুৰ কৰি হেম্বেলিয়াই৷তাইৰ দুচকুৱেদি দুধাৰি চকুলো বৈছে৷তাইৰ কান্দোনত ফুকনৰ হৃদয় ফাটিছে৷
-বেচেৰিৰ প্ৰথম পোৱালিটোৱেইনো মৰিব লাগে নে৷কমটো হেপাঁহ আছিল নে!জন্তু হলে কি হব৷তাইৰো জানো আবেগ নাই৷
বাৰীৰ পিচফালে গাঁত কৰি বগীৰ পোৱালিটোক পুতি থোৱা হ'ল৷বগীয়ে দেখে বুলি তাইক বাহিৰলৈ পঠিয়াইলৈ পোৱালিটো পুতা হল৷কিন্ত সকলোকে আচৰিত কৰি বগী ঘৰত সোমাইয়েই পিচফাল পাইগৈ৷পোৱালিটোক পুতি থোৱা ঠাই টুকুৰাৰ চাৰিওফালে ঘুৰি ঘুৰি তাই কৰুণ অৰ্তনাদ কৰে৷তাইৰ প্ৰতিটো চিঞৰত ফুকনৰ অন্তৰাত্মা কপে৷তেওঁৰ মনত ভাহি উঠে জন্মৰ এমাহৰ পিচতে সাধাৰণ পানী লগাতে হেৰুৱা  প্ৰথমটো সন্তানৰ কথা৷কণমানি দেহাটো কেনেকৈ বাৰীৰ পিচফালে পুতি দিছিল।বাউলি হৈ ইনাই বিনাই কান্দি গছৰ পাত সৰাইছিল মানুহজনীয়ে।কেইবাদিনো কণমানিজনীক পুতি থোৱা মাটি টুকুৰাত অজ্ঞান হৈ পৰি আছিল ফুকননীদ্বিতীয়জনী ছোৱালী গাত নোহোৱালৈকে কেনেকৈ যে ফুকনে মানুহজনী চম্ভালিছিল তেওঁ জানে।নিজৰ আবেগখিনি লোকোৱাবলৈ মানুহজনীয়ে দেখে বুলি বাথৰুমত সোমাই কম চকুলো বোৱাইছিলনে।মানুহৰ দৰে কান্দিব নাজানিলে কি হ’ল বগীও এজনী মাক।তাইৰ মনৰ ভিতৰত কি চলিছে বুজিবলৈ চেষ্টা কৰে ফুকনে৷আকৌ গাভিনী নোহোৱালৈকে বগীয়েদিনটোত এবাৰ হলেও পুত্ৰ হেৰুৱাৰ শোকত অৰ্তনাদ কৰে৷এইবাৰ বগীও যেন সাৱধানে  চলিছে৷ওলিয়াই পঠিয়ালেও ঘৰৰপৰা বেচি দুৰলৈ নাযায় তাই৷সময় বাগৰিল বগীৰ মুগাবৰণীয়া  মতা পোৱালি এটা জগিল৷কপালতে বগা ফুট এটা৷বগীয়ে মৰমতে তাক চেলেকি দিয়ে৷দুদিনমান যোৱাৰ পিছতে ফুকনে মন কৰিলে বগীৰ পোৱালিটো থিয় হবলৈ লৈ বাগৰি পৰে।পায়খানা ঠিকেই হৈছে যদিও প্ৰসাৱ কৰিব নোৱাৰি চটফটাইছে।পানী খোৱাইয়ো পোৱালিটোক প্ৰসাৱ কৰাব পৰা নাই।গোহালিলে সোমালেই বগীয়ে মুৰটোৰে ফুকনক পোৱালিটোৰ কাষলৈ ঠেলি দিয়ে।তাই কৰুণ চাৱনিৰে ফুকনলৈ এবাৰ চটফটাই থকা পোৱালিটোলৈ এবাৰ চাই কিবা এটা বুজাব বিচাৰে।তাই কিনো কব বিচাৰিছে তাকে বুজিবলৈ যত্ন কৰি অসহায় লাগে ফুকনৰ।বাকহীন প্ৰাণীটোৰ অবুজ বেদনা কোনে বুজিব!ভগৱানকে দুখে ফুকনে
-কিনো অবিচাৰ কৰিলা প্ৰভু।অসহায় প্ৰাণীটিয়ে কি বুজাব বিচাৰিছে তাকো জনাৰ কোনো উপায় নাই।
হঠাত কিবা এটা মনত পৰি ফুকনে দুপৰটেঙাৰ পাত কেইটামান পিচি আনি মুৰ্মুখ পোৱালিটোৰ ওচৰ পালেহিসিও কৰুণ দৃষ্টিৰে চালে ফুকনলৈ ।
নেদেখা জনলৈ সেৱা কাঢ়ি পিচি অনাকণ পোৱালিটোৰ মুখত ভৰাই দিলে।খোৱাৰ দুঘন্টাৰ পিচত পোৱালিটোৰ প্ৰসাৱ হবলৈ ধৰিলে।ফুকনে আলফুলকৈ কাপোৰ খনেৰে তাক ধাকি দিলে।বগীয়ে পোৱালীজনীক সুঙি চাই চেলেকি দিলে।এইবাৰ তাই ফুকনৰ গাত গা লগাই থিয় হ’ল।মুৰটো ফুকনৰ গাত ঘহি দিলে।ফুকনে বুজিলে তাইৰ কথা
-হব দে বগী হব।বুজিছো তই নিচিন্ত হলি।
ফুকননীয়ে কেতিয়াবা অভিযোগ কৰে
-আপুনি মোতকৈ গৰু কেইটাৰহে বেচি যতন লয়।দেখিছো নহয় যোৱাবাৰ ঠাণ্ডাত জ্বৰ হওঁতে বগীহঁতক জুই একুৰা লগাই দি কাপোৰ ৰাতি ঠিকে ঠাকে লৈ আছে নাই চাবলৈ কম বাৰ অহা যোৱা কৰিছিল নে! তেনেকৈ মোৰ হব লাগিছিল দৰব এটা খাই নিদিয়া কিয় বুলি দায় হাৰিল হেতেন।
-হেৰা তুমি আৰু বগী বাৰু কোন ফালৰ পৰা সমাণ হ’লা।তাহাঁতবোৰে বেচেৰি বুজাব নেজানে ।দুখ পালে বুজাব নাজানে।নিজে একো যতনাই লব নোৱাৰে কাৰণেহে কৰোঁ।তুমি পাৰা যে আক’ নিজৰ যতন লবলৈ সেইকাৰণেহে।
দুখি দুখি ভাবেৰে ফুকনে মানুহজনীক কয়।তাকে শুনি জব্দ কৰিলোঁ বুলি ফুকননীয়ে মিচিকীয়াই হাঁহে।
ঘৰখনত থকা বগী আৰু তাইৰ পোৱালীটোৰ সৈতে ব্যস্ত হৈ থাকিয়ে ফুকনৰ সময়বোৰ পাৰ হৈছিল।ওচৰচুবুৰীয়াই বগীক ফুকনৰ জীয়েক আৰু বগীৰ পোৱালিক নাতিয়েক বুলি টিটকাৰি মাৰে।ফুকন কিন্তু নিৰ্বিকাৰ।দাতাই দিলেওঁ বিধাতাই নিদিয়ে।ফুকনৰ সেইকণ সুখ সহ্য নহল অদৃষ্টৰ।হঠাত পেটৰ বিষ এটাই সময়ে অসময়ে আমনি দিবলৈ ধৰিলে ফুকনক।তথাপি বগীৰ প্ৰতি থকা দায়িত্ব নকমিল।চুচৰি বাগৰি হলেওঁ বগীৰ কাষলৈ উঠি যায় ফুকন।সাৱটি ধৰি মৰম কৰি দিয়ে তাইক।কণমানি পোৱালিটো ওখ হৈছে।তাৰ ঠাণ্ডা নাকটো আনি ফুকনৰ হাতত লগাই দিয়েহি।আজিকালি সি আগৰ দৰে আগ ভৰি কেইটা ফুকনৰ গাত ভৰ দি উঠিব নিবিচাৰে।সি যেন বুজি পাইছে কিবা এটা।বগীক মৰম কৰি দি ইফালে সিফালে চাই ফুচফুচাই কয়
-মোৰ সময়হৈ আহিছে বগী।বৰ বেছি দিন তহঁতৰ সৈতে থাকিব নাপাম চাগে।তহঁতে ভালে থাকিবি।
মাত্ৰ এটা টেষ্ট তাৰ পিচত সকলোবোৰ স্তবদ্ধ।।চাৰিওফালে পৃথিৱীখন যেন মৃত্যুৰ শীতলতাত দুব গৈছিল।ফুকনৰ ব্যস্ততা পূৰ্ণ পৃথিৱীখন হঠাত স্হবিৰ হৈ পৰিছিল।বগীয়েও যেন মন মাৰি থাকিবলৈ লৈছিল।
ফুকনে বীৰ বাহাদুৰক মাতি পঠিয়াইছিল এদিন।বীৰ বহাদুৰ এসময়ৰ ফুকনৰ অফিচৰ ড্ৰাইভাৰ।ফুকনৰ বিস্বস্ত মানুহ।
-বীৰ বাহাদুৰ,মোৰ দেহে নটনা হৈছে।বগীহঁতক যত্ন নোলোৱাকৈ কষ্ট দিবওটো নোৱাৰো।।তোৰ গৰু প্ৰতি থকা মৰম মই দেখিছোঁ।মই ভাবো তই মোৰ বগীক মৰমত ৰাখিবি।তই নিবি নে বগীহঁতক?
বীৰ বাহাদুৰে আচৰিত হৈছিল ফুকনৰ কথা শুনি।
-চাৰ,আপুনি নিজৰ ছোৱালীৰ নিচিনাকৈ মৰম কৰিছিল বগীক।পাৰিব তাই নহলে?
-মোৰ টান বেমাৰ হৈছে।লাহেলাহে দেহাটো পৰি আহিব আৰুডাক্টৰে সময় বান্ধি দিছে।মাত্ৰ এটা বছৰ।
বগীলৈ ঘুৰি চালে ফুকনে।তাই ঘাঁহ খাবলৈ এৰি কৰুণ  চকুৰে ফুকনৰ মুখলৈ চাই আছে।তাই বাৰু কিবা বুজি পাইছে নেকি?ফুকনে তাইৰ মুৰটো পিহি দিলে।তাই মুখখন আগবঢ়াইদি ফুকনৰ হাতখন চেলেকি কিবা বুজাব যেন বিচাৰিলে।
-হব চাৰ।মই ৰবিবাৰত বগীক লৈ যাম।
ফুকননীয়ে ইমান পৰে মনেমনে শুনি আছিল।এইবাৰ তেওঁ মাত মাতিলে
-আপুনি পাৰিব নে তাইক আঁতৰাই পঠিয়াব।আৰু তাই আপোনাৰ অবিহনে কেনেকৈ থাকিব ভাবিছে নে?
দীঘল হুমুনিয়াহ এটা ওলাই আহিল ফুকনৰ মুখেদি
-এতিয়া তোমালোকো সাজু হবৰ হ’ল।মইও সাজু হৈছোঁ।
-কি অমংগলীয়া কথা কব আহিছে আপুনি!
ফুকনে দেখে বুলি ফুকননীয়ে চকুযোৰ ধাকি তাৰ পৰা আঁতৰি আহিল।ডাক্টৰে স্পষ্টকে কৈ দিয়াৰ পৰা ফুকনৰ চকুত চকু থৈ কথা কব নোৱাৰে আজিকালি।নিজৰ পৰাই যেন পলাই ফুৰে ফুকননীয়ে।
 -হেৰা বাহাদুৰ আহিছে।চাহ একাপ দিয়াহি।
ভিতৰলৈ চাই ফুকনে চিঞৰিলে।অলপ দেৰি ৰৈ তেওঁ পুনৰ ক’লে
-বাহাদুৰ অ বগীক মই নিজৰ ছোৱালীৰ দৰে জ্ঞান কৰোঁ।তাইও বৰ মৰম আকলুৱা।মোৰ তোৰ ওপৰত অটল বিশ্বাস তইও তাইক মৰমতে ৰাখিবি।
বগীক নিয়াৰ সময় হৈছিল আৰু সেই সময়তে ফুকনে সকলোকে আচৰিত কৰি বগীক সাৱটি শোক শোকাই  কান্দি পেলাইছিল।কান্দি কান্দিয়ে বগীৰ গাটো মুহাৰি কৈ উঠিছিল
-যা আই ভালে থাকিবি।মই নোৱাৰিলোঁ তোক পোহপাল দিবলৈ ।ঈশ্বৰে তোক মঙ্গল কৰক।
তাৰ পিচত পিচলৈ নোচোৱাকৈ নিজৰ কোঠাত সোমাই দুৱাৰ মাৰি দিছিল।বাহাদুৰে কি কৰো নকৰোকৈ বহুত সময় তাতে থিয় হৈ থকা দেখি ফুকননিয়ে চকুৰ পানী মোহাৰি মোহাৰি ওলাই আহিল
-বুজিছ বাহাদুৰ এখেতে বগী যোৱা চাব নোৱাৰিব।তই এখেত ভিতৰত থাকোতেই লৈ যা তাইক।
বাহাদুৰে বহুত চেষ্টা কৰিও বগীক লৰাব নোৱাৰিলে।সি বেচি টনা আজোৰা কৰিলে তাক বগীৰ পোৱালিটোৱে পিচফালৰ পৰা ঠেলি দিয়েহি।বহুত চেষ্টা কৰিও বাহাদুৰ অসহায় হৈ মাটিত বহি পৰিল।
ইফালে গোটেই দিনটো ফুকন কোঠাৰ পৰা বাহিৰ নোলাল।আনকি ৰাতি ভাত নাখাও বুলিও ঘোষনা কৰিলে।কাৰো সাহস নহল ফুকনক মতাৰ।
পিচদিনা ফুকন বেলেগ দিনৰ দৰে ফুৰিবলৈ যাবলৈ ওলাই গেটৰ মুখত থমকি ৰ’ল।গোহালিটোলৈ মুৰ তুলি চাবলৈও শত নগল।এবাৰ গোহালিটোলৈ চালেই তেওঁ আবেগখিনি ধৰি ৰাখিব নোৱাৰিব।মনটো সেমেকি উঠিল তেওঁৰ।বগী জনীয়ে বা এতিয়া খাবলৈ পাইছে বা নাই!বাহাদুৰ বা ইমান পুৱাই উঠিছে নে নাই!আনকালে হোৱা হেতেন ইমান সময়তটো মই ফুৰিবলৈ ওলাই যাওঁতে তাইক খাবলৈ দি গলো হেতেন।এইবুলি ভাবি ভাবি গেটখন খোলিব লৈছে আৰু পিচফালৰ পৰা চিঞৰ এটা শুনিলে
-বে এ বে এ।
নিজৰ কাণক বিশ্বাস নহল ফুকনৰ।মনতে ভাবিলে দিনতে সমাজিক দেখিলো নেকি বা।পুনৰ শুনা পালে
-বে এ বে এ এ।এইবাৰ আৰু গভীৰ শুনা গল মাতটো
গেটখনৰ পৰা হাতখন আঁতৰাই তড়িত বেগত পিচলৈ ঘুৰি চালে তেওঁ।খৰ খোজেৰে গোহালিৰ ফালে গ’ল।বগীয়ে তেতিয়া ডিঙি মেলি তেওঁলৈকে চাই আছে।আৰু তাইৰ চকুৰে বৈ আছে দুধাৰি চকুলো।ফুকনে বগীৰ মুৰটোত আলফুলে হাতখন ফুৰাই দি কলে
-হব দে মই তোক বাহাদুৰৰ ঘৰলৈ নপঠাও।মই নমৰালৈকে থাকিবি ইয়াতে।
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...