মৃত্যুৰ শীতল ছাঁ
বৰ্ণালী ফুকন
(প্ৰথম খণ্ড)
“তেজ নেকি?”
ৰাতিপুৱা খোজ কাঢ়িবলৈ যোৱা যাদৱ বৰাৰ পুৰণি অভ্যাস।খোজ কাঢ়ি ঘুৰি আহি ঠিক বাৰাণ্ডাত উঠিবলৈ লওঁতেই তেজৰ দৰে কিবা এটা দেখা যেন পালে।চকুটো মুহাৰি আকৌ কিনো ভালদৰে চাবলৈ লৈ মুখেৰে ভোৰভোৰালে
-বুঢ়াহৈ জীয়াই থাকি বৰ আপদ।অপাৰেচনটো এইবাৰ কৰাই পেলাব লাগিব।
চচমাযোৰ পিন্ধিলৈ চাবলৈ ভিতৰলৈ লৰালৰিকৈ সোমাই গ’ল বৰা।ঘুৰি আহি ভালদৰে নিৰীক্ষন কৰিলে।হয় তেজেই হয়।কাষৰ ৰুমৰ দৰজাৰ তলেদি বৈ আহিছে।অজান আশংকাত বুকুখন কপি উঠিল।
-হেৰা হেৰা শুনিছা অলপ এইফালে আহাচোন।কিবা এটা ঘটিছে বুজিছা গোটেইখন বাৰাণ্ডাত তেজ দেখোন।
বাটেদি পাৰহৈ যোৱা বৰুৱাক চিঞৰি মাতিলে।বৰাৰ চিঞৰত এজন এজনকৈ ওচৰৰ মানুহ গোট খালে।বৰাই দৰজাখনত ঢকিয়াই চালে।নাই ভিতৰত কোনো সাৰি শব্দ নাই।এজনে আগবাঢ়ি আহি কলে
-খুৰা দৰজাখন ভাঙিব লাগিব যেন পাইছো।
বৰাই দৰজাখন এইবাৰ অলপ থেলি চালে।একে হেচাতে দৰজা খোল খালে।মজিয়াতে মানুহজন তেজেৰে লোতোৰি পুতোৰিহৈ পৰি আছে।পেটটো দুফালকৈ কটা আৰু আৰু অলপ দকৈ কাট খালেই পেটৰ নাড়ী ভেৰুবোৰ বাহিৰ হৈ আহিল হেতেন।এই বিভৎস দৃশ্য দেখি সমবেত মানুহবোৰ দুখুজ পিচোৱাই গ’ল।
তাৰে এজনে ক’লে
-মৰিল নেকি?
এজন ডেকাই সাহস কৰি আগবাঢ়ি গ’ল।ওচৰ পাই চিঞৰিলে
-বাচি আছে।অতি সোনকালে ডাক্টৰৰ ওচৰলৈ নিব লাগিব।
সাহস কৰি আৰু দুজনমান আগবাঢ়ি গ’ল।তেতিয়াও কটা পেটটোৰে তেজ বাগৰি আছে।চোফাখনতে পৰি থকা গামোচাখনেৰে এজনে মেলখাই থকা পেটটো বান্ধি দিলে।মানুহজনৰ এইবাৰ মুখেৰে গেঙনি ওলাই আহিল।কি কৰিম নকৰিম কৈ চাৰিজনমানে মানুহজনক ডাংকুলাকৈ লৈ দুখুজ আঁতৰতে থকা ডাক্টৰ বৰুৱাৰ চেম্বাৰলৈ লৈ গ’ল।ডাক্টৰে ৰুগীৰ অৱস্হা দেখি হাত লগাবলৈ সাহস নকৰিলে।নাৰ্চিং হোমত ভৰাব লাগিব লগতে পুলিচতো খবৰ দিব লাগিব।তেতিয়াহে বৰাৰ সম্বিত আহিল।ঘৈণীয়েকলৈ চাই সুধিলে
-হেৰা এই কাবেৰী ক’ত?ঘৰখনত ইমান ডাঙৰ ঘটনা হৈ গ’ল।ইমান টোপনি নে তাইৰ, গমেই নাপাই। বেডৰুমলৈ সোমাই যাবলৈ লৈ বৰা থমকি ৰ’ল।
-হেৰা মাইকী মানুহৰ ৰুমত মই সোমাবলৈ টান পাইছো যোৱাচোন তাইক উঠাই দিয়া যোৱা।
কাবেৰীৰ শান্তনুৰ লগত বিয়াহৈ অহা মাত্ৰ কেইটামান মাহ হৈছে।পাঁচ বছৰৰ প্ৰেমৰ পৰিণতিত তাহাঁত দুইটাই ঘৰৰ সন্মতিত বিয়াত বহিছিল।
কাবেৰী সেইবাৰ মেট্ৰিকটো দি মমায়েকৰ ঘৰলৈ গৈ আছিলগৈ।তাতেই মমায়েকৰ ঘৰৰ কাষৰে সমন্ধীয় প্ৰিতী মাহীয়েকৰ ল’ৰা জুৱিনৰ বন্ধু শান্তনুক লগ পাইছিল।ইঞ্জিনীয়াৰিংৰ শেষৰটো ষন্মাসিক শেষ কৰি জুবিন ঘৰলৈ আহোঁতে শান্তনুক লৈ আহিছিল লগত।শান্তনুৰ শান্ত অমায়িক কথা-বতৰাই কাবেৰীক বাৰুকৈ সন্মোহিত কৰিছিল।দুটা দিনৰ বাবে জুবিনৰ ঘৰলৈ অহা শান্তনু কিহৰ বাবে এটা সপ্তাহ থাকি গৈছিল সেই কথা জুবিনে ঠিকেই বুজিছিল।দুবাৰ মান কাবেৰীৰ কথালৈ শান্তনুক জুকাবলৈ এৰা নাছিল।যোৰহাটৰ ঘৰখনৰ পৰাও মাকে বাৰেবাৰে খবৰ পঠিয়াইছিল “বছৰেকীয়াটো পাতিবলৈ আছে ঘৰৰ ল’ৰা সোনকালে ঘৰলৈ ঘুৰিব লাগে।”
কাবেৰীয়েও যেন শান্তনুৰ মনৰ খবৰ পঢ়ি পেলাইছিল।যোৱাৰ আগদিনা শান্তনুৱে জুবিনৰ ভনীয়েকৰ আগত কাবেৰীলৈ খবৰ পঠিয়ালে “পাৰিলে যোৱাৰ আগতে নৈৰ ঘাটলৈ আহিবা”।তাৰ মন যোৱাৰ আগত দোধোৰমোধোৰ।কিয়ে বা কয় কাবেৰীয়ে তাৰ ভালপোৱাৰ সহাৰি দিব বা নিদিব।ভনীয়েক ঘুৰি অহাৰ পিচত শান্তনুৱে তাইক আচুতীয়াকৈ মাতি আনিলে
-ভনী কি ক’লে কাবেৰীয়ে?
-নাই একো নকলে।
-কিবা সুধিছিল নেকি মোৰ কথা?
-নাইটো।
মৌন হৈ পৰিছিল শান্তনু।মনতে ভাবিলে কাবেৰীয়ে চাগে একো বুজিয়ে নেপালে।কিয়ই বা আহিব তাই।সি মাতিলে বুলিয়েই আহিব জানো।তাইটো সি ভালপোৱাৰ দৰে নাপাবও পাৰে।শান্তনুৱে ৰাতিটো ভোক নাই বুলি বিচনাত পৰিল।পিচদিনা মনটো বান্ধিব নোৱাৰি ঘৰলৈ ওলোৱাৰ আগতে নদীৰ ঘাট পালেগৈ।দুৰৈৰ পৰা পাৰতে বহি নদীলৈ একে ধ্যানে চাই থকা কাবেৰীক সি চিনি পালে।ওঁঠেৰে মিচিকিয়া হাঁহি এটি বাগৰি গ’ল।সেইদিনা প্ৰায় এঘন্টা দুইটাই নদীৰ পাৰত বহি আছিল।শান্তনুৱে তাৰ মনৰ কথা উজাৰি কৈছিল কাবেৰীক।আৰু কাবেৰীয়ে মুৰটো লৰাই তাৰ কথা বোৰৰ সহাৰি দি গৈছিল।তাই মুখেৰে একো নোকোৱাকৈয়ে বহুত কিবা কিবি কৈছিল শান্তনুক।আৰু শান্তনুৱে পঢ়ি পেলাইছিল তাইৰ মনৰ ভাষা।
তাৰ পিচত শান্তনু ঘৰলৈ গুচি গৈছিল আৰু তাইৰ হাতৰ মুঠিত গুজি দি গৈছিল তাৰ ঘৰৰ ঠিকনা।শুনা নুশুনাকৈ কৈছিল “চিঠি দিবা।ভালদৰে থাকিবা”।
শান্তনুক এৰি ঘৰলৈ ঘুৰি অহাৰ পৰা কাবেৰীজনী যেন বহুত বেলেগ হ’ল ৷এইজনী কাবেৰী যেন আগৰজনী নহয়।বসন্তৰ নিচা লাগিল।সুবিধা পালেই যতেই বহে ততে জুপুকা মাৰি থাকে তাই আৰু মনটো উৰি যায় শান্তনুৰ কাষলৈ।শান্তনুৰ এষাৰ কথাই তাৰ আৰু কাষ চপাই আনিলে।কিমান ভাল পালে বাৰু এজন মানুহে এজনী ছোৱালীক কব পাৰে “মই তোমাক দেৱীৰ দৰে ৰাখিম”।প্ৰথম দেখাতেই শান্তনু নামৰ ল’ৰাটোক তাইৰ ভাল লাগিছিল।কিন্ত এইষাৰ শুনাৰ পৰাই শান্তনুক তাই ভালপাবলৈ ধৰিছিল।শান্তনুৰ প্ৰতি শ্ৰদ্ধা মিহলি ভালপোৱা এটাৰ জন্ম হৈছিল তাইৰ হৃদয়ত গোপনে।মনেমনে প্ৰতিজ্ঞা কৰিছিল শান্তনুৰ সৈতে জীৱনে মৰণে একেলগে কটোৱাৰ।ভালপোৱাবোৰে লাহেলাহে পোশাইছিল।তাৰ মাজতে মেট্ৰিক সুখ্যাতিৰে পাচ কৰিছিল কাবেৰীয়ে আৰু শান্তনুৱেও পাচ কৰিছিল সুখ্যাতিৰে।পৰীক্ষাৰ ফলাফল জনাই তাই শান্তনুলৈ চিঠি পঠিয়াইছিল।চিঠিৰ উত্তৰ অহা নাছিল কিন্তু আহি ওলাইছিল জুবিন আৰু শান্তনু।ভয় শংকা আনন্দত কাবেৰীৰ মনৰ ভিতৰত জোৱাৰ ভাটা হৈছিল।ভাত খাই উঠি শান্তনু আগফালৰ ৰুমতে বহি আছিল অকলে। তামোলখন দিবলৈ বটাখন আগবঢ়াই দিওতে শান্তনুৱে তাইৰ হাতখন আলফুলে ধৰিছিল।হাতেৰে এক অবুজ শিহৰণ এটা বগাই আহি হৃদয়ত খুপনি লৈছিলহি।অলপ কপিছিলোঁ তাই। ভয়-আনন্দ মিশ্ৰিত হৈ আছিল কপঁনিত।জানোচা তাইৰ হৃদয়খনৰ অনুভব বোৰ মানুহজনে গম পাই যায়।কিন্তু শান্ত সৌম্য শান্তনুৰ সেইলৈ ভ্ৰূক্ষেপ নাই।আনকি কোনোবা কোঠাটোলৈ সোমাই আহিলে কি বুলিব সেই লৈও কোনো যেন শংকা নাই।এই স্পৰ্শ যেন স্ৱাভাবিক।হাতখন এৰোৱাই আনিবলৈ লওঁতে সি আৰু গভীৰভাবে অথচ আলফুলে ধৰি ৰাখিলে তাইৰ হাতখন।সেইখন হাতৰ ওপৰত যেন আজন্ম তাৰ অধিকাৰ।ফুচফুচাই কোৱাদি কৈছিল
“আৰু কেইটামান বছৰ অপেক্ষা কৰা তাৰ পিচত তোমাক একেবাৰে নিজৰ কৰি লৈ যাম।দেৱীৰ দৰে পূজিম তোমাক”।
লাজত মুছকছ যাওঁ যেন হৈছিল তাই যৰে বঁটা ততে থৈ দৌৰি ভিতৰ সোমাইছিল।সেইদিনা জুবিনৰ লগতে তাইৰ ঘৰখনে শান্তনুক জুবিনৰ লগতে থাকি যাবলৈ জোৰ কৰিছিল যদিও শান্তনু থকা নাছিল।শান্তনুক আগবঢ়াই দিবলৈ কাবেৰী আগবাঢ়ি গৈছিল পদুলিলে, জুবিনে বাথৰুমলৈ যাওঁ বুলি আঁতৰি দিছিল৷ দেউতাকে ৰিক্সা এখনকে মাতি দিওঁ বুলি ওলাই গৈছিল।মাকে তাইকে কৈছিল শান্তনুক আগবঢ়াই দিবলৈ।বাটত গৈ থাকোঁতে শান্তনুৱে কৈছিল
“তুমি চিঠি দিবা ।বহুত দিনৰ বিৰতিৰ পিচত দিয়া তুমি।ঘনাই দিবা।মই তোমালৈ চিঠি পঠিয়ালে বেয়া পাব নেকি মাহঁতে?”
“নাজানো” তাই লাহেকৈ ক’লে।
“হব দিয়া মই জুবিনকে সুধিম তোমাক কোন ঠিকনাত চিঠি পঠিয়াব পাৰিম”
তাই শান্তনুলৈ পেন্দুৱাকে চালে।ইষৎ হাঁহি সি কলে
“হব দিয়া জোকালোহে দেই মই”
সেইদিনা শান্তনুক আগবঢ়াই দি ঘুৰি আহোঁতে তাইৰ মনটো এক অবুজ বেদনাত ভাৰাক্ৰান্তহৈ থাকিল।জুবিনৰ সৈতে ৰাতি মাকে শান্তনুৰ বিষয়ে কিবা ফুচফুচিয়া মেল মৰা শুনিলে তাই।শোৱাৰ সময়ত জুবিনে তাইক ক’লে
“ঐ বান্দৰি পাৰমিচন গ্ৰান্টেদ।জেঠাইয়ে হা কৰিলে।শান্তনু অলপ চেটেল হৈ লওঁক।তইও ভালদৰে পঢ়া শুনা কৰ নহলে গাধী বুলি নিনিব কিন্তু চাবি”
“যাহ!এইডাল।নগলেও পাইছো তোৰ সেই ডাড়িৰে ভোবোকা স্বামিজীৰ নিচিনা বন্ধুৱেৰলৈ”।
তাই একে দৌৰে নিজৰ কোঠা পালেগৈ।বিচনাত পৰি চকু মুদি দিলে।শান্তনু শান্তনু চকু মুদিলেও দেখুন সিয়ে আহি সন্মুখত থিয় হয়।মনতে ভাবিলে তাই "প্ৰেম এনেকুৱাইনে " “সৱৰে মোৰ নিচিনাই হয় নে!নে মই বলিয়া হ’লোঁ”।
সময়বোৰ কেতিয়াবা পাখি লগা কাড়ত কেতিয়াবা নাজাই নুপুৱাই হৈ বাগৰ সলাই।ডিগ্ৰী সুখ্যাতিৰে পাচ কৰি উঠে কাবেৰী ।ইফালে চাকৰী পাই তাইৰ পৰীক্ষা শেষ হোৱালৈ বাট চাই আছিল শান্তনু।তাইলৈ প্ৰেমৰ দলিচা পাৰি আকুলহৈ বাট চাই থকা তাইৰ শান্তনুক আৰু তাই উপেক্ষা কৰাৰ সাহস নাই।ধুমধামেৰে বিয়া কৰাই আনি ঘৰ সোমোৱালে।হোমৰ গুৰিটো তাই তাৰ মুখত সদায় শুনিবলৈ আগ্ৰহ কৰি থকা কথাষাৰেই আকৌ কলে “মই তোমাক গোটেই জীৱন দেৱীৰ দৰে পুজিম”।হোমৰ গুৰিটো শান্তনুৰ কথাষাৰে দেহমনত ধৌ খেলাই থৈ গ’ল।মৰমতে শান্তনুক সৰু ল’ৰা এটাৰ দৰে আকোঁৱালি লৈ মৰম কৰি দিব মন গ’ল।নিজকে সম্বৰণ কৰিলে তাই -কি যিহকেতিহকে ভাবিছে তাই বুলি।সচাকৈয়ে দেৱীৰ দৰে পাৰ হৈছিল।অকল জানো শান্তনু,গোটেই ঘৰখনেই দেখুন তাইক দেৱীৰ দৰে পূজিছিল।একেবাৰে কাষত পোৱা শান্তনুক তাই লাজ আৰু শংকাৰ মাজতে আৰু অলপ বুজি লব বিচাৰিছিল।সি কি ভাল পাই কি বেয়া পাই।কি সাজ পিন্ধিলে সি তাইক বেচি ধুনীয়া দেখে।মুঠতে তাই কি কৰিলে সি সদায় সন্তুষ্ট হৈ থাকে তাকে বুজাৰ চেষ্টা কৰিলে।প্ৰায় দুটা ৰাতি দুইটাই কথা পাতি উজাগৰে কটালে।ইমান বছৰৰ অপেক্ষাৰ পিচত প্ৰিয়জনক কাষত পাই খাবলৈ শুবলৈ পাহৰাৰ দৰে হৈছিল দুইটাই।ৰাতি উজাগেৰে থাকি পুৱা কাবেৰী দেৰিকৈ সাৰ পাই ৰুমৰ পৰা ওলাই আহিবলৈ লাজত মৰিছিল।মাজ ৰাতিলৈ ককায়েকৰ ৰুমত লাইট দেখি মুখ টিপি হাঁহি নন্দেকে কিবাকিবি কৈ জুকাইছিল কাবেৰীক।তাৰ কেইদিন মানৰ পিচত আঁঠ মঙলাৰ বাবে শান্তনুৰ লগত ঘৰলৈ ওলাইছিল কাবেৰী।কি অপাৰ আনন্দ তাইৰ।ঘৰতগৈ যেতিয়া শাহুৱেকৰ ঘৰৰ মানুহবোৰৰ মৰমৰ কথা কব তেতিয়া কিমান আনন্দ পাব মাকে।শান্তনুক সেইদিনা কি অপুৰ্ব লাগিছিল।পেটেপেটে গৰ্ব অনুভব কৰিছিল তাই শান্তনুকলৈ।গোটেই বাট মাকৰ ঘৰ নোপোৱালৈকে শান্তনুৱে তাইৰ হাতখন আকোঁৱালি ধৰি আহিছিল।ড্ৰাইভাৰজনৰ চকুত পৰে বুলি লাজত তাইৰ কাণ-মুখ ৰঙা পৰি গৈছিল।মাকৰ ঘৰ সোমোৱাৰ লগেলগে কিছু দিনৰ আগতে বিয়া হৈ যোৱা বান্ধৱী ৰীতাক দেখি দৌৰিগৈ সাৱটি ধৰিছিল।আনন্দ আৰু আবেগত চকুৰ পানী বৈ গৈছিল তাইৰ।শান্তনু বজাৰলৈ ওলাই যোৱাৰ লগেলগে ৰীতাই তাইৰ হাতত ধৰি তাইৰ জীয়ৰী কালৰ কোঠালিলৈ লৈ গৈছিল।কিবাকিবি সুধিছিল তাই কাবেৰীক।কাবেৰীয়ে লাজত তাইক কৃত্ৰিম খং কৰি দেখুৱাইছিল।
-তোৰ সেই বাজে কথাবোৰৰ উত্তৰ দিবলৈ মই ভাষা বিচাৰি পোৱা নাই।
মৃত্যুৰ শীতল ছাঁ
বৰ্ণালী ফুকন
(দ্বিতীয় খণ্ড)
নেলাগে অ আই ভাষা বিচাৰিব।অসমীয়া ভাষাতে ক।
দুইজনীয়ে হাঁহিত বাগৰি পৰিছিল।সেই সময়তে মাক উপস্হিত হ’লত দুইজনীৰ কথাৰ মাজত যতি পৰিল।
-জোঁৱাইটোক বাহিৰতে বহাই দুইজনী ভিতৰত গল্প মাৰি আছ হবলা।যা অকলে সি আমনি পাব পাই।
গধুলী হোৱাৰ আগতেই তাহাঁত ঘৰলৈ উভতিছিল।বাটত আহি থাকোতে তাই মৌন হৈ অহা দেখি তাই মন বেয়া কৰিছে বুলি গোটেই বাট শান্তনুৱে কথা সুধি আহিছিল।কাবেৰীৰ আচলতে মন বেয়া লগা নাছিল শান্তনুৰ দৰে ইমান মৰমীয়াল মানুহজন কাষত থাকোতে তাইৰ মন বেয়া লগাৰ কথাই হব নোৱাৰে।তথাপি ৰীতাই জুকাই হলেও সুধা প্ৰশ্নত বাৰেবাৰে উজুতি খাই পৰিছিল তাই।কৰবাত যেন ইমান সৰল ভাবে ললেও জটপকাই ধৰা।কিবা এটা সুধি আছিল শান্তনুৱে।তাই অমনোযোগি হোৱা দেখি তাৰ অভিমান হৈছিল।লাহেকৈ তাইৰ হাতখন এৰি বাহিৰলৈ চাই আহিছিল সি।তাৰ অভিমান দেখি তাইৰ পেটেপেট হাঁহি উঠিছিল।লাহেকৈ তাই তাৰ হাতখন তাইৰ হাতৰ মুঠিত লৈছিল।সি মিচিকিয়াই হাঁহিছিল অভিমান পাহৰি।তাইও মনলৈ অহা প্ৰশ্নবোৰ জোকাৰি পেলাই শান্তনুৰ লগত ব্যস্ত হৈ পৰিছিল।
কিছুদিন ঘৰত থকাৰ পাচত শান্তনুৰ চাকৰীত পুনৰ ঘুৰি যোৱাৰ সময় আহিছিল।এই কেইদিনত শান্তনুহঁতৰ ঘৰখন কাবেৰীকলৈয়ে ব্যস্ত হৈ পৰিছিল।এতিয়া পুতেক বোৱাৰীয়েক যাবলৈ ওলালত মাকে লগতে ঘৰৰ কাম কৰাটোৰ পৰা আৰম্ভ কৰি পাচলি দিবলৈ অহা যাদৱেও চকুলো টুকি কলে
-বৰ সাদৰী বোৱাৰী পালি শান্তনু।ভালে থাকিবি।
মাকক সেৱা কৰি যাবলৈ লওঁতে মাকে আৰ্শীবাদ দিলে
-হৰ গৌৰী বসতি হওঁক।অহাবাৰ আহোঁতে যাতে আমি ভাল খবৰ পাওঁ।
কাবেৰীয়ে লাজতে আঁচলটোৰে মুখ ধাকি শান্তনুলৈ চুৰচুৰকৈ চালে।শান্তনুৰ মুখখন ইমান কঠোৰ কোনো দিনেই দেখা নাই তাই।কিবা কথাত নিশ্চয় অসন্তুষ্ট হৈছে।ইমান খং উঠিব লগিয়াটো তাইৰ চকুত একো নপৰিল।কিয়ই বা ইমান খং উঠিল বুজি নাপালে।মানুহখিনিক এৰিবলৈ পাই অলপ আবেগিক হৈ পৰিল কাবেৰী।আৰু শান্তনুৱে লগেলগে তাইৰ চকুপানী দেখি তাইৰ লগত ইমানেই ব্যস্ত হৈ পৰিল যে মাকহঁতক সি ভালকৈ মাতষাৰেই নিদিলে।তাই বাটত আহোঁতে এইলৈ শান্তনুক অভিযোগো কৰিলে
-আপুনিনো মাহঁতক ভালদৰে মাতষাৰ দি আহিবও নাপাই নে!কি বুলি যে ভাবিছে মাহঁতে।আপুনি মোৰ লগতে ব্যস্তহৈ পৰিলে।
-মায়ে কিনো যিহকে মুখত আহে তাকে কব লাগে।খং উঠি গ’ল মোৰ।
-মায়েনো কি কলে।
-কিয় আৰ্শীবাদ দিবলৈ আন একো নাই নেকি।কিয় নো কেচুৱাৰ কথা কব লাগে।
কাবেৰীৰ হাঁহি উঠিল।শান্তনুক জোকাবলৈকে ক’লে
-কিনো বেয়াটো ক’লে অ,সকলোবোৰ মাকে নাতি-নাতিনী বিচাৰে।তেওঁ তেনেদৰে বিচৰাটো স্বাভাৱিক।
শান্তনু এইবাৰ যেন খংত ফাটি পৰিল।এক জ্বলন্ত দৃষ্টিৰে তাইলৈ চাই ক’লে।
-মই তোমাক কেচুৱা প্ৰডাকচনৰ মেচিন বুলি বিয়া কৰি অনা নাই নহয়।তোমাক ভালপাঁও।তোমাৰ সৈতে সময়বোৰ পাৰ কৰিব বিচাৰো।তোমাৰ সৈতে খোজত খোজ মিলাই আগবাঢ়িব বিচাৰো।তোমাক মৰমেৰে দেৱীৰ দৰে পূজিব বিচাৰো।
মৰম লাগি গ’ল শান্তনুলৈ তাইৰ
-হব দিয়ক প্ৰভু ঈশ্বৰ।নতুন জীৱন এটা আৰম্ভ কৰিছো আজিৰ পৰা।গতিকে খং ৰাগ আজিৰ পৰা বাদ।
শান্তনুও লগেলগে সলনি হ’ল।মিচিকিয়াই হাঁহি এটা মাৰি তাইৰ হাতখন সাৱটি ধৰিলে।
নতুন ঠাই নতুন পৰিবেশ হলেওঁ তাহাঁতৰ মৰমিয়াল মালিক মালিকনীক পাই তাইৰ মাক- দেউতাক যেনেই লাগিল।দিনৰ দিনটো কি কৰি কটাব বুলি শান্তনুৱে ওচৰৰ কলেজ এখনতে প্ৰাইভেটকৈ এম এৰ ক্লাছ কৰিবলৈ কাবেৰীক নাম লগাই দিলে।লাহেলাহে সময়বোৰ বাগৰিল।শান্তনুৰ মৰমবোৰ নকমিল বৰঞ্চ বাঢ়িল।শাহুৱেকে ঘৰলে গলেই নাতি-পুতিৰ মুখ কেতিয়া দেখুৱাবা বুলি অভিমান কৰে।তাই শাহুৱেকক নো কি বুজাব মৌন হৈ ৰয়।শান্তনুৱে তাইক অকলে কতো থৈ নাহে।আন হে নেলাগে মাকৰ ঘৰতো বিয়া হোৱা দিন ধৰি অকলে থাকি আহি পোৱা নাই।শান্তনু লগতে আঠা লাগি যায় আকৌ লগতে লৈ আহে।
-মানুহৰ কেতিয়াবা মিঠা খাই খাইও আমুৱাই কাবেৰী।তহঁত দুটাৰ হে দেখিছো আৰু ।হেৰৌ ডায়েবেটিচ হব।ৰীতাই লগ পালেই কয়
কাবেৰীৰ কৰুণ হাঁহিটোৰ মাজত কি লোকাই আছে আনে বুজি নাপালেওঁ ৰীতাই যেন অলপকৈ অনুমান কৰে।এবাৰ কাবেৰী ঘৰলৈ আহোঁতে ৰীতাই আচুতীয়াকৈ টানি নি সুধিছিল
-তোক ইমান মৰমৰ মাজতো কিয় মোৰ লাগে যে তই সুখী নহয়।কচোন কাবেৰী কি হৈছে তোৰ?
-নাইটো একো।
-তই কিবা লোকোৱাইছ!কচোন ক।
-কি লোকোৱাবলৈ আছে।মানুহৰ ইমান পাৰ্চনেল কথাত এই মাইকী মানুহবোৰে কেনেকৈ যে নাক গলাব পাৰে নাজানু দেই।গালেগালে কেচুৱা পালেহে মানুহ সুখী হয় নেকি?
পিচফালে শান্তনু কেতিয়া যে আহি থিয় হৈছিল গমেই নেপালে দুইজনীয়ে।
আচৰিত হ’ল দুইজনী।কি অদ্ভুত প্ৰশ্ন শান্তনুৰ।ৰীতাই কিবা এটা কব বিচাৰিছিল কাবেৰীয়ে তাইৰ হাতত থাপ মাৰি ধৰি ৰখাই দিলে।
যাদৱ বৰা চাকৰীৰ পৰা অৱসৰ লোৱাৰ পিচত শিৱসাগৰ মেলাচকৰতে এটা ঘৰ সাজি নিগাজিকৈ থাকিব লৈছিল।ছোৱালীক বিয়া দিয়াৰ পাচত লৰাটোক বুকুত সাৱটি জীয়ৰীৰ অভাৱ পাহৰিবলৈ যত্ন কৰিছিল।ওচৰৰ স্কুল এখনতে সোমাই আছিল দিগন্ত।দিগন্ত নিজৰ চাকৰীটোলৈ বৰ সন্তুষ্ট নাছিল।তলেতলে সি নাজিৰা অ এন জি চিৰ চাকৰীৰ বাবে চেষ্টা চলাই আছিল।ইফালে যাদৱ বৰাই বোৱাৰীয়েক অনাৰ হাবিয়াসত অ’ত ত’ত ছোৱালীৰ খবৰ গোটাই ফুৰিছিল।অৱশেষত মনৰ পচণ্ডৰ ছোৱালী এজনীৰ খবৰ পাই দিগন্তক মাকৰ হতুৱাই কোৱাইছিল
-সুনটো,গোগামুখৰ মাহীয়েৰে ছোৱালী এজনীৰ খবৰ পঠিয়াইছে।বৰ ধুনীয়া ছোৱালী বুলিছে।যোৱা বছৰ এম এ পাচ কৰি কাষৰ কলেজ এখনতে সোমাই আছে।তোৰ বন্ধ এটা মিলাই মাহীয়েৰে মাতি পঠিয়াইছে।
-নাই নাই ।মই ঘৰেঘৰে ছোৱালী চাই নুফুৰোঁ দেই।মাহীক বুজাই কবা।
কোনোদিন মাক দেউতাকৰ অবাধ্য নোহোৱা ল’ৰাটোৱে একেবাৰতে মাকৰ কথা নাকচ কৰা দেখি অলপ আচৰিতেই হ’ল যাদব বৰা।মনত সন্দেহ এটাই খুপনি পুতিলে
-হেৰা সুনটোৱে কৰবাত ছোৱালী চাই থোৱা নাইটো!তুমি মাজনীক মাতি পঠিওৱা বুজিছা।তাইয়ে ককায়েকক বুজাওক। সময়বোৰ কালৈকো ৰৈ নাথাকে।আমি আজি আছো কালি নোহোৱা হম।এতিয়া আমাৰ জীৱনৰ ভৰষা নোহোৱা হৈ আহিছে।মৰাৰ আগতে তাৰ ঘৰখন পাতি থৈ গলে আৰু শান্তিত মৰিব পাৰিম।
বৰাৰ কথাবোৰ শুনি ঘৈণীয়েক অলপ ক্ষুন্ন হ’ল।দুখো লাগিল।হয়তু কথাটো।এতিয়া বুঢ়া হৈ আহিছে দুয়ো।জীয়াই থাকোতে নাতি পুৱালীৰ মুখ দেখি যাবলৈ সকলো মাক দেউতাকে আশা কৰে।তথাপি তেওঁ বৰাক কলে
-কিনো মৰাৰ কথা কৈ থাকে হে।মই হলে বৰ বেয়া পাওঁ।মৰাটো এদিন মৰিবই লাগিব সেইবুলি জীয়াই থকা দিন কেইটা মৰিম মৰিম কৈ জীয়াই নাথাকো দেই।
বৰাৰ হাঁহি উঠিল
-হব দিয়া।এটা কাম কৰা মাজনীক বিহুটোতে মাতি পঠিওৱা।তাইয়ে ককায়েকক সৈমান কৰাওঁক।লগোৱাচোন লগোৱা মাজনিলৈ ফোন।
দেউতাকে বিচৰাৰ দৰে বিহুতে ঘৰলৈ আহিছিল মাজনী।ছোৱালীয়ো ঠিক কৰি থৈ গৈছিল কিন্তু গোগামুখৰ ছোৱালীজনী নহয়।দিগন্তই ইতিমধ্যে লগত পঢ়া মীনা নামৰ ছোৱালী এজনীক কলেজীয়া দিনৰ পৰা ভাল পাই আছিল।কিন্তু মাক দেউতাকক কবলৈহে সাহস কৰিব পৰা নাছিল।ভনীয়েকে কথাটো উলিয়ালত সি ভালেই পালে।ভনীয়েকৰ যোগেদি মীনাৰ কথা মাক দেউতাকৰ কাণত পেলালে।বিহুতে আঙঠিও পিন্ধাই থৈ আহিল।আঙুঠি পিন্ধোৱাৰ এমাহৰ পিচতে দিগন্তৰ নতুন চাকৰীৰ খবৰ আহিল।নতুন চাকৰীত জইন কৰাৰ পিচতে বিয়াৰ দিন বাৰ ঠিক কৰা হৈছিল।আৰু দুটা মাহৰ পিচত সুকলমে বিয়া হৈ গৈছিল মীনা আৰু দিগন্তৰ।মীনাক বেচি দিন লগত ৰাখি নথৈ বৰা –বৰানীয়ে দিগন্তৰ লগত পঠিয়াই দিলে নাজিৰালৈ।বছৰ বাগৰিল পাখী লগা কাঁড়ৰ দৰে।দুটা বছৰৰ ব্যৱধানত দিগন্ত আৰু মীনাৰ মাজলৈ এটা দেৱশিশু আহিল।বৰা-বৰানী ককাক- আইতাক হ’ল।ঘৰখনত আনন্দই নধৰা হ’ল।একলা দুকলাকৈ ডাঙৰহৈ আহিল দেৱশিশুটি।দেৱশিশুটিৰ কলকলনি শুনি শুনি বৰা-বৰানীৰ ভাড়াতীয়া কাবেৰী ৰব নোৱাৰা হ'ল।সুবিধা পালেই দৌৰি যায় একোলা লবলৈ।কণমানিটো বৰা-বৰানীৰ ঘৰত থকা কেইদিন প্ৰায় কাবেৰীয়ে ক্লাছ ক্ষতি কৰে।সেই সময়চোৱাত কণমানিটোক এক মূহুৰ্তও এৰিব নিবিচাৰে তাই।কিন্তু আনৰ কেচুৱাটো তাই গোটেই দিনটো নিজৰ কাষত ৰাখি থোৱা সম্ভৱোটো নহয়।যিকণ সময় পায় তাতে সন্তুষ্ট তাই।বাট চাই থাকে কণমানিটো কেতিয়া নাজিৰাৰ পৰা আহে আৰু কেতিয়া কণমানিটোক খোৱাই আজৰি কৰে আৰু তাই তাক নিজৰ কোঠালিলৈ আনি তাৰ সৈতে উমলিব পাৰে।প্ৰথম দিনাখন তেনেকৈ আনি খেলি থাকোতে শান্তনু অফিচৰ পৰা আহি পাইছিল।আচৰিত হৈ সুধিছিল
-ক'ত ঘটিলা এইটোক।
তাইও হাঁহি মাৰি কৈছিল
-বৰা খুড়াৰ নাতি।কিমান মৰম লগা লওঁকচোন এবাৰ।মই আপোনালৈ চাহটো পাতি দিওঁ।
হাত লেতেৰা হোৱাৰ আজুহাতত কেচোৱাটো লোৱা নাছিল সি।
-কি হ’ল চাহ দিয়াৰ মতলব নাই নেকি?কেচুৱাৰ লগতে উমলা তেনে মই বাহিৰতে খাই আহোঁ।
এইবুলি কৈয়ে শান্তনু ওলাই গ’ল শান্তনুক ক্ষুন্ন হোৱা যেন লাগিল।কাবেৰীয়ে তাক ৰখাবলৈও সুবিধা নাপালে।তাই লৰালৰিকৈ থৈ আহিল কণমানিটোক মাকৰ ওচৰত।ঘুৰি অহাৰ পিচতো শান্তনু অস্বাভাবিক ভাবে গহীন হৈ থাকিল।পেটেপেটে কাবেৰীৰো খং উঠি থাকিল।পাকঘৰত ভাত বনাবলৈলৈ তাই মুখৰ ভিতৰতে ভোৰভোৰালে
দেৱীৰ দৰে পূজিলেই হল!মইনো কেনেকৈ জানো দেৱী মানে বেদীত ৰাখি পূজা দিব বুলি।পূজা কৰাতকৈ বলি দিলেই ভাল আছিল।এই যন্ত্ৰনাবোৰৰ পৰা হাত সাৰিব পাৰিলোহেতেন।মইনো এইয়া জী আছোনে?মোক দেখোন তিলতিলকৈ ভুগিবলৈহে দিছে।মোৰ দেৱী হোৱাৰ আৰু হাবিয়াস নাই।মই মানুহ দেৱী নহয় যেতিয়া মানুহৰ দৰে পূজিলেই ঠিক আছে।নিজৰটো এটি দেৱশিশু দিয়াৰ ক্ষমতা নাই।লোকৰ কণমানিটোক মৰম কৰিলেওঁ জ্বলি পকি উঠে।
তাইৰ পিচফালে যে কেতিয়া শান্তনু থিয় হৈছিল তাই গম পোৱা নাছিল।শান্তনুৱে পিচফালৰ পৰা তাইক সাৱটি ধৰি সৰু ছোৱালী এজনীৰ দৰে মৰম কৰি দিলে।এইবোৰ কাৰণতে তাইৰ উঠি অহা খংটো উঠি উঠি জামৰি যায়।শান্তনুৰ মৰমৰ ওচৰত তাই অসহায় হৈ যায়।প্ৰতিবাদৰ ভাষাবোৰে ভাষা হেৰুৱাই শান্তনুৰ মৰমৰ ওচৰত কাবু হৈ পৰে। কিন্তু সম্ভৱ নে এনেকৈ স্ৱাভাবিক মানুহ এগৰাকীৰ বাবে ।পাৰিনে ভালপোৱাৰ সন্মুখত সকলো জলাঞ্জলি দি অস্বাভাৱিক এটা জীৱন কটোৱাৰ।সম্ভৱনে প্ৰকৃতিৰ বিপৰিতে খোজ দিবলৈ।পাৰিবনে তাই এনেদৰে জীৱনৰ ইমান দীঘলীয়া পৰিক্ৰমা শান্তনুৰ পূজাৰ বেদীত সোন হীৰা মুকুতাৰে সজ্জিত এটা মাটিৰ মুৰ্তি হৈ থাকিব।নিজক বাৰেবাৰে সুধি চালে তাই।নাই নাই ভিতৰৰ মানুহজনীয়ে প্ৰতিবাদ কৰি উঠিল।অসম্ভৱ এনেদৰে থকা।লাহেলাহে তাইৰ উশাহ বন্ধ হৈ আহিবলৈ ধৰিছে শান্তনুৰ মৰমৰ মাজত।তাই কিহৰ দুখত এনেদৰে ছোৱালীৰ পৰা এগৰাকী পূৰ্ণতা প্ৰাপ্ত মহিলা হোৱাৰ পৰা বঞ্চিত হৈ আশা আকাংক্ষাবোৰ জলাঞ্জলি দিব।তাইৰো মন যায় স্বাভাৱিক এটা জীৱন জীবলৈ।এটা কবিতাই তাইক বাৰে বাৰে আমনি কৰে
“ water water every where no water have to drink”
শান্তনুৰ এসাগৰ মৰমৰ মাজতো তাইৰ যেন জীয়াই থাকিবলৈ কষ্ট পায়।অৱশেষত আবেগৰ ওচৰত বিবেক জিকিছিল।আৰু শান্তনুক সকলোবোৰ খুলা খুলিকৈ কৈছিল তাই আৰু পূজাৰ বেদীৰ মুৰ্তি হৈ থাকিব নোৱাৰে তাই।
শান্তনু ঠাইতে থৰ লাগিল।দুহাত যোৰ কৰি কাবেৰীৰ ওচৰত ক্ষমা বিচাৰিলে।
-ক্ষমা কৰি দিবা।আৰু তোমাক অভিযোগৰ সুবিধা নিদিওঁ।
এইবোৰ কাবেৰীৰ বাবে সাধাৰণ কথা হৈ
সেইদিনা কাবেৰীয়ে বিচনাত পৰি খোব কান্দিলে।
শান্তনুৱে এইয়াটো প্ৰথম কৰা নাই তেনে ,আগতেও কাৰোবাৰ সৈতে কথা দীঘলীয়াকৈ পাতিলেও মানুহটো অৰ্ধয্য হৈ পৰে৷বহুত যেন ডাঙৰ কথা এটাহে কবলৈ থাকি গ'ল৷কাবেৰীয়ে এইবোৰৰ উমান পালেই লৰালৰিকৈ কথা সামৰি শান্তনুৰ ওচৰ পাইহি৷কৰবাত কেতিয়াবা দেউতাক খুড়াকৰ বয়সৰ মানুহে বৰ সাদৰী বোৱাৰী বুলি প্ৰশংসা কৰিলেও শান্তনুৱে ইতিকিংৰ হাঁহি এটি মাৰি কয়
"বুঢ়াই তোমাক তোষামোদ কৰি প্ৰেমতেই পৰিব খুজিছেচোন"
নহলে কেতিয়াবা কব "বুঢ়া ডেকা আজিকালি কাৰো ভৰসা নাই৷মই অফিচৰ পৰা ঘুৰি অহাৰ আগতে তুমি কলেজৰ পৰা পালেহি দুৱাৰখন ভালদৰে বন্ধ কৰি থবা"
বহুতবাৰটো ঘৰৰ মালিকৰ পুতেক দিগন্ত আহিলে কণমানিটো আনিবলৈ যোৱাক লৈ হাজাৰটা প্ৰশ্নৰ উত্তৰ দিব লগা হয় কাবেৰীয়ে৷"কেচুৱাটো কাৰ হাতৰ পৰা আনিলা৷দিগন্ত আছিল নেকি?তাহাঁত কেইদিন থাকিব আদি৷"
প্ৰথম অৱস্থাত অলপ আচৰিতেই হৈছিল পিচলৈ তাইৰ একেবোৰ প্ৰশ্নৰ উত্তৰ দি আমনি পাইছিল৷ পিচলৈ কাবেৰীয়ে মন কৰিছিল দিগন্তহঁত অহা দেখিলেই নানান আজুহাতত মাকৰ ঘৰলৈ যাবলৈ ওলাইছিল৷আজি কিন্ত তাই নিজকে ধৰি ৰাখিব নোৱাৰিলে ৷ইমান দিনে একেলগে থকাৰ পিচত জীৱ-জন্তুলৈও মানুহৰ মৰম সোমাই।শান্তনুটো তাইৰ মৰম ভালপোৱা সকলো আছিল।সেই মানুহটোৰ পৰা বিচ্ছেদ হৈ আঁতৰি যোৱাটোও কষ্টকৰ।তথাপি তাই বাধ্য।শান্তনুৰ এৰি অহা অতীতৰ এখন কলা পৃষ্ঠাত কি লিখা আছিল তাইৰ বাবে ৰহস্য হৈ ৰ’ল।আচলতে এই অস্বাভাৱিকতা শাৰিৰীক নে মানসিক আছিল সেয়াও ৰহস্য হৈ ৰ’ল।
মৃত্যুৰ শীতল ছাঁ
(অন্তিম খণ্ড)
বিবুধি হৈ ৰৈ থকা দেখি বৰাই বৰানীক আকৌ ক’লে
-হেৰা এই কাবেৰীক জগাই নিদিয়া কিয়?তাইৰ মানুহটোৰ পগলামি তাইও প্ৰতক্ষ্য কৰক।
ইতস্তত কৰি বৰানী কাবেৰীহঁতৰ বেডৰুমৰ দিশত আগবাঢ়ি গ’ল বিচনালৈ চকু গ’লত তেওঁ ঠাইতে থৰ লাগিল।কি দেখিছে তেওঁ ,চকুকেইটা মুহাৰি আকৌ চালে ভৰিৰ তলৰ মাটিখিনি যেন কপি উঠিল। মুখেৰে এক অস্ফুট চিঞৰ এটা ওলাই আহিল।ধলংপলংকৈ তেওঁ কোঠালিটোৰ পৰা ওলাই আহিল।তাত থিয়হৈ থকা সকলোৱে দেখিলে মানুহজনী বতাহত কলপাত কপাদি কপিছে।এইবাৰ বৰা খৰখেদকৈ সোমাই গ’ল কোঠাটোলৈ।তেওঁগৈ দেখিলে বিচনাখনত কাবেৰী শুই আছে ওপৰমোৱাকৈ।হাস্যজ্বল প্ৰাণচঞ্চল কাবেৰীৰ দেহটো তেজেৰে লুটুপুটৰি হৈ পৰি আছে।ডিঙিটো পাক খাই গাৰুটোৰ পৰা কাষলৈ বাগৰি গৈছে।ডিঙিটো মেল খাই আছে আঁ কৈ।কোনোবাই খোব চুকা অস্ত্ৰৰে ডিঙিটো ৰেপিছে।ইমান নৃশংস কেনেকৈ হব পাৰে মানুহ।বৰা কোঠালিটোৰ পৰা ওলাইয়ে পুলিচলৈ ফোন লগালে
-হেল্ল পুলিচ ষ্টেচন।মেলাছকৰ পানী টেংকিৰ ওচৰত হাউচ নং বিশত এটা হত্যাকাণ্ড হৈছে।
প্ৰায় বিশ মিনিট মানৰ পিচত ঘটনাস্হলিত এম্বুলেণ্স লগতলৈ পুলিচ আহি পালেহি।লৰালৰিকৈ শান্তনুক এম্বুলেণ্সত উঠোৱা হ’ল।লগতে কাবেৰীৰ দেহটো পষ্টমৰ্টেমৰ বাবে পঠিওৱা হ’ল।পুৱা গধুলী সদায় দেখি থকা প্ৰাণচঞ্চল কাবেৰী মৃত্যুক ওচৰ চুবুৰীয়াই সহজ ভাবে লব নোৱাৰিলে।ইমান মৰম আৰু ভালপোৱা ইটোৰ সিটোলৈ প্ৰতক্ষ্য কৰিছিল বৰুৱা বৰুৱানীয়েও।গাতে লাগি থকাৰ পিচতো বৰুৱা বৰুৱানীৰ বাবে গোটেই ঘটনাটো ৰহস্য হৈ ৰ’ল।
উপস্থিত মানুহবোৰে তেতিয়াহে দেখিলে কাবেৰী পৰি ৰোৱা বিচনাৰ এটা মুৰত পেকেট কিছুমান বন্ধা হৈ আছে ৷প্ৰতিটোতে মা ,দেউতা,ভাইটি কৈ ওপৰত লেবেল লগোৱা হৈ আছে৷হয়তো পিচদিনা দূৰ্গাপূজাৰ বন্ধত ঘৰলৈ যাবলৈ প্ৰস্তুতি চলিছিল৷হেপাঁহৰ পূজাটোত মাক দেউতাকৰ সৈতে কটোৱা সপোনবোৰ দুৰ্গা মাৰ সন্মুখত আঠুলৈ ঘৰখনৰ মংগল কামনা কৰা নহল কাবেৰীৰ৷শান্তনুৱে দেৱীৰ দৰে পূজাৰ প্ৰতিশ্ৰুতি দি কাবেৰীক বলি শালতহে দিলে৷
এসপ্তাহৰ পিচত অ চি শইকীয়া পুনৰ আহিল
-বৰা দেউ আপোনাৰ পৰা কথা কেইটামান জানিব লগা আছিল
-সুধক ডাঙৰীয়া মই যি জানো সকলো কম৷
-আপোনাৰ ইমান গাৰ কাষতে এটা হত্যাকাণ্ড সংঘটিত হ'ল ইমান গম নাপালে৷অকনো চিঞৰ বাখৰ শুনা নাছিল নে?এজনী জীৱন্ত মানুহক ব্লেডেৰে ডিঙিটো ৰেপিৰেপি কাটিলে তেওঁ নিশ্চয় সহায়ৰ বাবে চিঞৰিছিল৷
-টোপনিৰ উখামুখাত চিঞৰ এটা শুনা যেন লাগিছিল৷গাতে লাগি থকা দুৱাৰখনৰ কাষলৈ গৈ শান্তনুক এওঁ মানে মোৰ মানুহজনীয়ে মাতিছিলোঁ৷
কিন্ত শান্তনুৱে যেতিয়া একো হোৱা নাই খুড়ী বুলি কলে৷আমি দুইটা নিশ্চন্তে টোপনি গলোঁ৷
-আপুনি কিন্ত প্ৰথমদিনা চিঞৰ শুনাৰ কথা কাকো কোৱা নাছিল৷
-এতিয়া আমাৰ দুয়োৰে বয়স হৈছে৷কথাবতৰাবোৰ মনত নাথাকে৷নহলে সময়ত মনত নপৰে৷
-ৰাতি কেইমান বজাত চিঞৰ শুনিছিল?
-ৰাতি তেতিয়া চাগে বাৰমান বাজিছিল৷গাৰুৰ তলতে মই ঘড়ীটো সদায় লৈ শুওঁ৷
-আপোনাৰ মানুহগৰাকীক মাতিব নেকি?
-ৰব মই মাতি দিছোঁ৷
ভিতৰৰ পৰা বৰানী ওলাই আহিল৷কাষৰ চোফাখনত আঙুলিয়াই দি অ চি শইকীয়াই বহিবলৈ ক’লে
-ৰাতি কেইটামান বজাত আপুনি চিঞৰ শুনিছিল বাৰু?
-এখেতক শুধিছিলো কেইটা বাজিল৷তেওঁ বাৰটা বাজিবলৈ দুই মিনিট মান বাকী বুলি কলে৷মই গভীৰ টোপনিত আছিলোঁ৷চিঞৰটো আচলতে মই শুনা নাছিলো৷এখেতে যেতিয়া হেৰা হেৰাকৈ জগালে তেতিয়াহে মই সাৰ পাইছিলো৷কাণ উনাই শুনিবলৈ যত্ন কৰিও মই একো সাৰিশব্দ শুনিবলৈ নাপালোঁ৷তথাপি এখেতে কুটুৰিবলৈ ধৰাত শান্তনুক দুইটা ঘৰ সংলগ্নহৈ থকা দুৱাৰখনৰ ওচৰত গৈ চিঞৰিছিলোঁ৷শান্তনুৱে যেতিয়াই ক’লে সকলো ঠিকেই আছে মই ঘুৰি আহি শুই পৰিলোঁ৷
-কেতিয়াবা শুনিছিল নে দুয়োৰে মাজত কাজিয়া হোৱা৷
-দুয়োৰে বৰ মিল আছিল৷কোনো দিনে শান্তনুৱে তাইক টানকৈ এষাৰ কথা কোৱা শুনা নাই৷কিন্ত মাজেমাজে কাবেৰীক কথাকৈ থাকোঁতে অন্যমনস্ক হৈ পৰা দেখিছিলো৷আমাৰ তালৈ আহি বহিলেও বাৰেবাৰে শান্তনু আহিছে নেকি বাটলৈ চাই থাকে নহলে ঘড়ীটোলৈ৷শান্তনু আহি পোৱাৰ আগতেই নিজৰ কোঠালি পাইছিল গৈ৷
-দুইটা ঘৰৰ মাজৰ সংলগ্ন দুৱাৰখন কোনফালে আছে এবাৰ চাব বিচাৰোঁ৷
বৰানীয়ে অ চি শইকীয়াক আগবঢ়াই নিলে৷প্ৰথমটো কোঠা পাৰহৈ দ্বিতীয় কোঠালিটোত দুয়ো সোমাই গ'ল৷ৱালত লগাই এটা মেহগনি কাঁঠৰ আলমাৰী৷মজবুত সহজতে লৰচৰ কৰাৰ সাধ্য নাই৷তাৰ কাষতে দৰজাখন পৰ্দা লগোৱা হৈ আছে৷বৰানীয়ে আঙুলি দেখুৱাই কলে৷
-সৌখন আলমাৰীটোৰ কাষত৷
-এইখনেৰে আপোনালোকে আহযাহ কৰে নে?
-নাই নাই সিফালে শান্তনুৱে মস্ত আলমাৰী এটা দুৱাৰখনৰ মুখতে থৈছে৷আচলতে এইফালে আমাৰ আহযাহ নহয় বাবেই চাগে৷বা৷সেইখিনিতে থলে তেওঁঁলোকৰ সুবিধা হয় চাগে৷কাৰণ মই এবাৰ কাবেৰীক কৈছিলোঁ দুৱাৰখনৰ সন্মুখত আলমাৰীটো নাৰাখিলে বিপদে আপদে সেইফালে মাত এষাৰ দিব পাৰি৷তাই কৈছিলোঁ শান্তনুককৈ আলমাৰীটো তাৰ পৰা আঁতৰাই পেলাম বুলি৷পিছত কিন্ত কথাটো গাপ পৰিল৷হয়তো শান্তনুক কৈছিল যদিও প্ৰাইভেচি নাইকিয়া হয় বুলি তেনে নকৰিবও পাৰে৷
শইকীয়াই কাবেৰীহঁতৰ পাৰ্টটো এবাৰ চাব বিচাৰিলে আকৌ এবাৰ৷সোমাই গৈ প্ৰতিটো কোঠালি তন্নতন্নকৈ চালে৷টেবুলত পৰি থকা ফাইল দুটামান পাই শইকীয়াই লগত ললে৷
-এতিয়া আমি আহোঁ৷দৰকাৰ হ'লে আকৌ আহিম৷
যাবলৈ উঠি শইকীয়াই আকৌ সুধিলে
-কেতিয়াবা কাবেৰীৰ ঘৰৰ মানুহ আহিছিল নে?
-কাবেৰীৰ ভায়েকৰ বাদে কোনো অহা নাছিল৷ভায়েক আহিলেও কোনো দিন থকা নাছিল৷পুৱাই আহি গধুলীৰ আগতে ঘুৰি গৈছিল৷আনকি ইমান ওচৰতে থকা মহাক মাহীয়েকো অহা নাছিল৷
-তেখেত সকলৰ আৰু মাক দেউতাকৰ ঠিকনাটো দিবচোন৷
কাগজ এখনত লিখি বৰাই শইকীয়ালৈ আগবঢ়াই দিছিল৷
সেই সময়তে দিগন্ত পৰিয়ালৰ সৈতে আহি সোমালেহি৷শইকীয়াই প্ৰশ্নবোধক চাৱনিৰে দিগন্তলৈ চাই প্ৰশ্ন কৰিলে
-আপুনি?
-যাদৱ বৰা মোৰ দেউতা৷
-অহ আপুনি কি ঘটনাটোৰ পিচত আজি আহিলে?
-নাই নাই ৷মই সেইদিনাই আহি পাইছিলো ৷লৰালৰিকৈ আহিব লগা হ’লত পৰিয়ালটো তাতে থৈ আহিছিলোঁ৷ যোৱা কালি গৈছোহে ইয়াৰ পৰা৷
দিগন্তই আকৌ ক’লে
-চাৰ কথা এটা সুধিব বিচাৰিছিলোঁ৷শান্তনু নামৰ মানুহজনক মইয়ো পাইছোঁ৷বেচ পজেচিভ আছিল যেন লাগিছিল মাহঁতৰ কথাৰ পৰা৷খুব মৰম কৰিছিল বোলে৷কিন্ত কিহৰ পৰা কি হ'ল একো নুবুজিলোঁ৷
-আপোনাৰ ভাৰাতীয়া কিমান ভয়ংকৰ মানুহ দেখিলে৷ৰাতি বাৰটাতে মানুহজনীক ব্লেডেৰে ডিঙি ৰেপি হত্যা কৰিলে আৰু তেওঁ গোটেই ৰাতি মানুহজনীক আগতলৈ কটালে৷যেতিয়া ৰাতিপুৱাবৰ হ'ল তেতিয়া অপৰাধৰ পৰা বাচিবলৈ নিজৰ পেটতো ৰেপি ললে৷
-শান্তনু বাচিব নে? দিগন্তই জানিবলৈ উৎসুক হৈছিল৷
-সি বদমাছে জানে সিমানকণ ৰেপিলে সি নমৰে৷কিন্ত মৃত্যুদণ্ডৰ পৰা বাচিব৷ It is a cold bloded murder.
আহিছোঁ কিবা প্ৰগ্ৰেচ হলে জনাম৷
এইবুলি অ চি শইকীয়া বিদায় ললে৷
ইয়াৰ পিছত শান্তনুৰ কি হ'ল যাদৱ বৰাই খবৰ নকৰিলে৷শান্তনুৰ সমন্ধীয়া ভায়েক এজন আহিলত সোনকালে ঘৰ খালী কৰি দিবলৈ বুলি জনালে৷এসপ্তাহৰ ভিতৰত কাবেৰীহঁতৰ সকলো বয়বস্তু ভাড়াঘৰৰ পৰা লৈ গ'লহি৷
ঘৰ খালী কৰাৰ পিচত যেতিয়া বৰাই ঘৰ চাফাই কৰিছিল তেতিয়া বাথৰুমৰ বাটামৰ ওপৰত লুকুৱাই থোৱা এখন ডায়েৰী পালে৷য’ত প্ৰথম পৃষ্ঠাতে লিখা আছিল "অথেল’ বিহেভিয়াৰেল চিমটম"৷পাত লুটিয়াই যাওঁতে এঠাইত দেখিলে চাদৰ মেখেলা পিন্ধি থকা মানুহ এগৰাকীৰ ছবি কলমেৰে আঁকি থোৱা আছে ৷তলত লিখা আছে " perfectly normal" ৷দুটামান পৃষ্ঠা খালী৷তাৰ পিচত এজন মতা মানুহৰ ছবি মানুহজনৰ তলত লিখা আছে "Fobia or disorder"
লৰালৰিকৈ ডায়েৰীখনলৈ বৰা পুলিচ থানালৈ বুলি ওলাই গ'ল৷কিজানি এইখনৰ পৰা ছোৱালীজনীৰ হত্যাৰ ৰহস্য ভেদ হয়ে৷৷৷
কাবেৰীয়ে যদি কথাবোৰ লুকুৱাই নাৰাখি কাৰোবাৰ সৈতে আলোচনা কৰিলে হেতেন ৷ভালপোৱাৰ পৰিণতি এনে ভয়ংকৰ নহল হেতেন৷দীঘলীয়া হুমুনিয়াহ এটা ওলাই আহিল বৰাৰ মুখৰ পৰা "মানুহক বাহিৰৰপৰা চিনিবলৈ বৰ টান৷কোনেনো জানিছিল ৰাংঢালী কাবেৰীয়ে বুকুত ইমানখন বেদনা লৈ ফুৰিছিল৷আৰু শান্তনুৰ দৰে লৰা এটাই যিয়ে ঘৈণীয়েকক দেৱীৰ দৰে ৰখাৰ প্ৰতিশ্ৰুতি দিছিল নৃশংসভাবে মৰমৰ পত্নীক হত্যা কৰিব!এইয়া কেতিয়াও ভালপোৱা হব নোৱাৰে ৷ভালপোৱাই কেতিয়াও ধ্বংস নকৰে, সৃষ্টিহে কৰে৷"
গোটেই কাহিনীটো জুকিয়াই চাই পিছত বৰাৰো এনে লাগিল শান্তনু অথেল’ চিমটমৰ স্বীকাৰ হোৱা নাছিলটো৷
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
No comments:
Post a Comment