মৃত্যু কি?

মৃত্যু

মৃত্যু কি ?
এই বিষয়ে বেংগলী সাহিত্যিক উজ্জ্বল কুমাৰ দাসে কৈছিল
"মৃত্যু জীৱনৰ এটা চৰম বাক্য/যি বাক্যৰ পিচত সকলোবোৰ অন্ধকাৰ/বাটেৰে গৈ থাকোঁতেই নিমিষতে বিলীন হৈ পৰা/পূৰ্বৰ সকলো অভিজ্ঞতাক এক মুহূৰ্ততে অস্বীকাৰ কৰা/প্ৰেম,ভালপোৱা,বন্ধুত্ব,বিৰহৰ পৃথিৱীখনৰ পৰা/চিৰন্তন এক সুদীৰ্ঘকালীন ছুটি৷"
 সচাকৈয়ে মৃত্যু কি? কিয় আমাক মৃত্যুয়ে কাতৰ কৰে?কিয় মৃত্যুলৈ আমাৰ ইমান ভয়?তাতোকৈ ডাঙৰ প্ৰশ্ন মৃত্যুৰ পিছত কি?
মৃত্যু প্ৰকৃততে কি?তাৰ ওপৰত বহুতে বহুত ধৰণেৰে বাখ্যা আগবঢ়াইছে৷
 ডাক্তৰী শাস্ত্ৰ মতে -"Death is Irreversible Cessation of Circulatory and respiratory function and all function of the entire brain,including the brain stem is dead"
  মানুহ এজনৰ মৃত্যু হৈছে বুলি ডাক্তৰ এজনে তেতিয়াহে ঘোষণা কৰে যেতিয়া মানুহজনৰ ৰেস্পিৰেটৰী আৰু চাৰ্কুলেচন প্ৰক্ৰিয়া স্বাভাৱিক অৱস্থালৈ ঘুৰি নাহে বা মগজুৰ সকলো কাৰ্য কৰা বন্ধ হৈ যাব বা ব্ৰেইন ষ্টেমে কাম নকৰা হব তেতিয়াই মানুহজনৰ মৃত্যু হোৱা বুলি ঘোষণা কৰা হয়৷

. মৃত্যু মানে হৈছে জীৱনৰ পৰিসমাপ্তি ৷যেতিয়া এটা শৰীৰত অনৰ্গল চলি থকা প্ৰক্ৰিয়াবোৰ যেনে-শ্বসন,পৰিচলন,খাদ্যগ্ৰহণ আদি স্তব্ধহৈ যায়৷তেতিয়াই মৃত বুলি ঘোষণা কৰা হয়৷

   বিভিন্ন স্তৰত মৃত্যু হব পাৰে

সোমাটিক মৃত্যু হ'ল সামগ্ৰিক ভাবে জীৱৰ মৃত্যু৷নিৰ্দিষ্ট অংগ,কোষ বা কোষৰ অংশৰ আগতে এই প্ৰক্ৰিয়া আৰম্ভ হয়৷ইয়াত হৃৎপিণ্ডৰ স্পন্দন ,শ্বসন,চলন,প্ৰতিবৰ্ত ক্ৰিয়া আৰু মস্তিস্কৰ কাম কৰা বন্ধ হৈ যায়৷সোমাটিক মৃত্যুৰ পিছত অনেক ধৰনৰ পৰিৱৰ্তন ঘটে যিটোৰ পৰা মৃত্যুৰ সময় বা কাৰণ জানিব পৰা যায়৷মৃত্যুৰ ঠিক পিছতে পাৰ্শ্ব্ৱ্তী পৰিবেশৰ বাবে দেহটো ঠাণ্ডা পৰিবলৈ ধৰে৷যাক এল্গৰ মৰ্টিছ (Algor Mortis) বুলি কোৱা হয়৷
মৃত্যুৰ দহ ঘন্টাৰ পিছত কংকাল পেশীবোৰ টান হৈ পৰে তেতিয়া তাৰ ৰিগৰ মৰ্টিছ (Rigor Mortis)বোলে৷
  থৈ দিয়া দেহৰ তলৰ অংশ লাহেলাহে নীলা-ৰঙা বৰণ ধৰে তাক লিভৰ মৰ্টিছ(Livor Mortis)বোলে৷
তাৰ পিছত দেহত পচন আৰম্ভ হয়৷পচনৰ প্ৰধান কাৰণ হ’ল এনজাইম আৰু বেক্টেৰিয়া৷
   দেহৰ বিভিন্ন অংশবোৰ বিভিন্ন হাৰত মৰিবলৈ ধৰে৷সোমাটিক মৃত্যুৰ পাঁচ মিনিটৰ ভিতৰতে মস্তিস্কৰ কোষবোৰৰ মৃত্যু ঘটে৷আনফালে হৃৎপিণ্ডৰ কোষবোৰ ১৫মিনিটৰ আৰু বৃক্ক প্ৰায় ৩০ মিনিটৰ বাবেহে বাচি থাকে৷
   যুগে যুগে মানুহে মৃত্যুৰ ওচৰত বিহ্বল আৰু আশংকা গ্ৰস্ত হৈ আহিছে৷আৰু এই মৃত্যু ভয়ত ইন্ধন যোগাইছে মিছা ধৰ্মীয় ধ্যানধাৰণা আৰু প্ৰচলিত ৰীতিনীতিয়ে৷মৃত্যুৰ ভয়ে এজন মানুহৰ চালিকাশক্তি ,উৎসাহ আৰু ক্ষমতাক অসাৰ কৰি পেলায়৷মানুহে জীৱনৰ অৰ্থ বিচাৰি হাবাথুৰি খায়৷
   বহুতে কব বিচাৰে ভগৱানে মৃত্যুৰ মাধ্যমেৰে তেওঁৰ কাষলৈ লৈ যায়৷কিন্ত সৃষ্টি কৰ্তা কেনেকৈ ইমান নিষ্ঠুৰ হব পাৰে৷আমি যিহেতু তেওঁৰেই সন্তান৷ আমাৰ আপোনজনক কাষৰ পৰা আঁতৰাই মনোকষ্ট কেনেকৈ দিব পাৰে৷
বাইবেলত কোৱা হৈছে -কাৰোবাৰ মৃত্যুত আমি বিচলিত হোৱা উচিত নহয়৷যেনেকৈ কোনো ব্যক্তি গভীৰ নিদ্ৰাত থাকিলে আমি উদ্বিগ্ন নহওঁ ঠিক তেনেকৈ৷এইয়া এক স্বাভাৱিক প্ৰক্ৰিয়া বুলি মানি লব লাগে৷
 এলিজাবেথ কুবেলাৰে মাৰাত্মক ভাবে অসুস্থ ব্যক্তিৰ ওপৰত গৱেষণা কৰোঁতে কৈছিল- সৰু কণমানি ছোৱালী এজনীক এই কথা কোৱা বুৰ্বকামি হব যে" ঈশ্বৰে সৰু ল’ৰাক যিহেতু ভালপায় গতিকে তোমাৰ ভাইটিটোক স্বৰ্গলৈ লৈ গ’ল"
এই কণমানি ছোৱালীজনী ডাঙৰ হৈ ভগৱানৰ ওপৰত এক বিৰূপ মনোভাৱ লৈ থাকিব৷
 বাইবেলে কৈছে -সকলোৰে জীৱনত কাল আৰু দৈবই প্ৰভাৱ পেলাই৷
গীত সংহিতাত কৈছে-আমি মাতৃ গৰ্ভত স্হিতি লোৱাৰ পৰাই পাপী আৰু আমাৰ শেষ পৰিণতি মৃত্যু৷
  ধৰ্মই এই শিক্ষা দিয়ে যে দুষ্ট লোক এক অগ্নিময় নৰকলৈ যাব আৰু চিৰকাললৈ যন্ত্ৰণা ভোগ কৰিব৷
এইটো প্ৰকৃততে সত্য নে?এজনৰ সংক্ষিপ্ত জীৱন কালত কৰা পাপৰ বাবে চিৰকাল যন্ত্ৰণা ভোগ কৰিব  নে?
  বাইবেলত কৈছে -পশু যেনেকৈ মৰে মানুহো মৰে৷জীৱ মাটিৰ পৰা সৃষ্টিহৈ মাটিতে বিলিন হব লাগিব৷জীৱিত সকলেহে মৃত্যুক লৈ হাহুমুনিয়াহ কাঢ়ে ৷মৃতকে মৃত্যুৰ পিছৰ উপলব্ধি কৰিব নোৱাৰে গতিকে যন্ত্ৰণা ভোগ কৰাৰো কথা নাহে৷
  মৃত্যু মানেই অস্তিত্বৰ নিঃশেষ হোৱা-মৃত্যুৰ পিচত অস্তিত্ব হেৰালেও একেবাৰে শেষ হৈ যায় বুলি কব নোৱাৰি৷
বিশিষ্ট ব্যক্তি য়াবে ঈশ্বৰক এই বুলি প্ৰাৰ্থনা কৰিছিল "হায় মোক পাতালত লুকোৱাই ৰাখা,গুপুতে ৰাখা,যেতিয়ালৈকে তোমাৰ ক্ৰোধ শেষ নহয়৷"
মানুহ মৰি আকৌ জীৱন ঘুৰাই পাইনে?তেনে প্ৰশ্নৰ উত্তৰত কৈছে "মৃত্যু পৰ্যন্ত যদি ভগৱানৰ বিশ্বস্ত হৈ থাকিব পাৰি তেন্তে ভগৱানে তেওঁক পুনৰ জীৱন দান কৰে৷
   মাতৃ গৰ্ভৰ পৰা ভুমিষ্ঠ হোৱাৰ পৰা ওৰেটো জীৱন কষ্টৰে পৰিপূৰ্ণ৷ফুলৰ দৰে প্ৰস্ফুটিত হৈ লাহেলাহে মৰহি যায় আৰু শেষত ছাঁৰ দৰে আঁতৰি যায় আৰু অস্তিত্বহীন হয়৷
ইয়াৰ পিছত মনলৈ কিছুমান প্ৰশ্ন আহে যেনে মানুহ মৰি গৈ কি হয়?আমাৰ অস্তিত্ব কি ইমানতেই শেষ নেকি?নে জীৱনটো বাৰেবাৰে পৃথিৱীলৈ ঘুৰি অহাৰ দুৱাৰ নেকি?মৰি সকলো একে ঠাইলৈকে যায় নে?স্বৰ্গ আৰু নৰক বুলি সচাকৈয়ে কিবা আছে নেকি?
   মৃত্যু হৈছে আমোঘ সত্য ৷গতিকে মানুহৰ কৌতূহলো তাতেই৷মৃত্যুৰ সমন্ধে বহুতো বিস্ময়কৰ তথ্য বহুতে বহুধৰণে আগবঢ়াইছে যেনে-
১.পৃথিৱীত হৃদৰোগত বেছি ভাগ মানুহৰে মৃত্যু হয়৷
২.কম বয়সৰ পুৰুষ অধিকাংশই দুৰ্ঘটনাত মৃত্যু হয়৷
৩.মৃত্যুৰ পিছত নখ দীঘল নহয়৷
৪.প্ৰতি চেকেণ্ডত যিমান শিশুৰ জন্ম হয় তাৰ দুগুণ মানুহৰ মৃত্যু হয়৷
৫.প্ৰতি দিনাই আমি অলপ অলপকৈ মৰিব ধৰিছোঁ৷প্ৰতি দিনাই আমাৰ দেহৰ ৫০ বিলিয়ন কোষৰ মৃত্যু হবলৈ ধৰিছে৷
৬.ফৰেনছিক বিশেষজ্ঞই মৃতদেহত লাগি থকা পোকৰ চৰিত্ৰ চাই কিমান সময় বা দিনৰ আগতে মৃত্যু হৈছে কৈ দিব পাৰে৷
৭.কম বয়সৰ অধিকাংশ মহিলাৰ মৃত্যু হয় সন্তান প্ৰসৱৰ সময়ত৷
৮.মৃত্যুৰ চাৰিঘণ্টাৰ পিছতে পেশীবোৰৰ সংকোচন ঘটে আৰু দেহটো টান হৈ পৰে৷
৯.মৃত্যুৰ পিছতেই অগ্নাশয় আৰু পাচনতন্ত্ৰৰ অন্যান্য অংশ হজমৰ সহায়কবোৰত এনজাইমেৰে পৰিপূৰ্ণ হৈ যায়৷ইয়াৰ ফলত অংগ সমূহ হজম হবলৈ আৰম্ভ কৰে৷লাহেলাহে এই প্ৰক্ৰিয়াটো গোটেই দেহত বিয়পি পৰে৷যাক অটোলাইসিস বোলে৷
. যদিও মৃত্যুৰ পিচৰ জীৱন সম্পৰ্কে বিভিন্নজনে বিভিন্ন মত পোষণ কৰিছে এইবোৰ কিমান গ্ৰহণযোগ্য সেইয়া সন্দেহজনক৷এজন জীৱিত মানুহৰ পক্ষে মৃত্যুৰ পিচৰ খিনিৰ বিষয়ে জনাটো প্ৰায় অসম্ভৱ বুলিয়ে কব পাৰি৷যদি ভগৱান বুলি পৃথিৱী দ্ৰষ্টা এজন আছে বুলি মানিও যদি লোৱা হয় তেন্তে এই বুলি কব লাগিব তেওঁ মানব জাতিক এইখিনিতে আহি দুৰ্বোধ্য কৰি ৰাখিছে যে মৃত্যুৰ পিছত মানুহ কলৈ যায়৷এই কিটিপ এনেদৰে তেওঁৰ হাতৰ মুঠিত ৰাখিছে যে শত চেষ্টা কৰিও কোনো বিশেষ তথ্য আবিষ্কাৰ কৰিব পৰা নাই৷
 টিৰেণ্স মেক কেনাই কৈছে মৃত্যু জীৱবিজ্ঞানৰ কৃষ্ণ গৰ্ভৰ৷মানুহৰ জীৱনৰ আটাইতকৈ গোপন তথ্য৷এক সন্মোহনৰ মাজতে মানি লোৱা হয় মৃত্যুৰ পিচতো জীৱন আছে বুলি৷
 
ৰাম দাস (Spiritual Teacher,former Harvard Professor& LSD Research Pioneer)
তেওঁ কৈছিল মৃত্যু এক সুৰক্ষিত প্ৰক্ৰিয়া৷ইয়াত ভয়ৰ কোনো কাৰণ নাই৷মৃত্যু মানে এযোৰ কাপখাই ভৰিত লাগি থকা জোটা সলোৱাৰ দৰে৷মৃত্যুৱে প্ৰশান্তি আনি দিয়ে৷
মৃত্যুৰ পিচত আমাৰ চেতনাৰ কি হয় বুলি সুধিলত তেওঁ কৈছিল "ব্যক্তি বিশেষে যি চেতনা সেইয়া অন্যত প্ৰৱেশ কৰে৷আৰু পুনৰ জন্ম লয় পৃথিৱীত৷জন্ম মৃত্যুৰ প্ৰক্ৰিয়াটো অহৰ্নিশে চলি থাকে যেতিয়ালৈকে এই চেতনা বৃহৎ চেতনাৰ(ভগৱানৰ)লগত বিলিন নহয়৷মায়া শেষ নোহোৱালৈকে মানুহে মৃত্যুলৈ ভয় কৰি থাকে৷আৰু মোহে পৰমাত্মাৰ সৈতে বিলিন হোৱাত বাধা দিয়ে৷কিন্ত এইয়াও এক ধাৰণাহে৷

এলেক্স গ্ৰেইৰ (Visionary Artist & Harvard Consciousness Researcher)ৰ মতে
শৰীৰটো মৃত্যু হোৱাৰ লগেলগে চেতনাৰ দুৱাৰ বন্ধ হৈ যায়৷আৰু আমি এখন আদৰ্শ পোহৰৰ ৰাজ্যত প্ৰবেশ কৰোঁ৷সেই স্পষ্ট পোহৰেই আমাৰ পৰিচয় বা তীব্ৰ পোহৰটোৱেই আমাৰ ঠিকনা৷কিন্ত তথাপি চেতনা সদায় ৰহস্যময়৷

পিটাৰ ৰুছেল (MA DCS,Mathematician,Theoretical Physicist)
তেওঁ মৃত্যুৰ পিচৰ চেতনা সম্পৰ্কে  কৈছে-
মই যদিও মৃত্যুৰ পিছত প্ৰকৃততে কি হব কবলৈ অপাৰগ তথাপিও মৃত্যুক কাষৰ পৰা দেখাৰ অভিজ্ঞতা হৈছে৷আৰু ইয়ে তেওঁক মোহিত কৰিছিল৷তেওঁৰ মতে ব্যক্তি বিশেষে যি চেতনা সেই চেতনা অনন্ত চেতনাত বিলিন হয়৷চেতনা যাক আমি অনুভৱ কৰো সেইয়া হ'ল ব্যক্তি চেতনা৷ব্যক্তি চেতনা এজন মানুহৰ নাৰ্ভাছ চিষ্টেম,চকু,কাণ আদিৰ দ্বাৰা চালিত হয়৷মৃত্যুৰ কাষ চপাৰ লগেলগে এই  ক্ষুদ্ৰ চেতনা উৎপত্তি স্থানলৈ ধাৱমান হয় আৰু শেষত তাতেই বিলিন হয়৷মৃত্যুৰ লগেলগে এক বৃহৎ পোহৰ অনুভূত হয় লগতে এক প্ৰশান্তি আৰু অনন্ত ভালপোৱাৰ৷
কিন্ত এই মইটোৰ চেতনাৰ কি হয়?মইটোৰ অস্তিত্ব থাকেনে?
তেওঁ বিশ্বাস কৰে যে এই মইটোৰ কোনো অস্তিত্ব নাথাকে৷ই মাত্ৰ এটা আৰ্হিহে৷য’ত নিজস্ব এক চেতনা সোমাই থাকে৷আৰু এই চেতনাই শেষত বৃহৎ চেতনাত বিলিন হৈ অস্তিত্ব হেৰুৱাই৷আমাক আচলতে আমাৰ মাজৰ মইটো হেৰুৱাৰ ভয়ে ক্ৰিয়া কৰি থাকে৷

বেইন চেইগল(Pediatric Surgeon)
তেওঁ মৃত্যুৰ পিচত চেতনাৰ কি হয় তাৰ বিষয়ে বেলেগ ধৰণৰ বাখ্যা আগবঢ়াই৷তেওঁৰ মতে মৃত্যুৰ পিচত চেতনা হেৰাই নাযায়৷শৰীৰটোহে মৃত্যুৰ পিছত নোহোৱা হয়৷কিন্ত জীৱন কালত যিখিনি অভিজ্ঞতা লাভ কৰে সেইখিনি মৃত্যুৰ পিচতো কঢ়িয়াই লৈ যায়৷গতিকে সেই চেতনাখিনিৰে সৈতে যিজন পৰৱৰ্তীকালত জন্ম গ্ৰহণ কৰে সেই চেতনাই প্ৰভাব বিস্তাৰ কৰে৷
  তেওঁ উদাহৰণ স্বৰূপে নিজৰ বাখ্যা দিয়ে
"মই যোৱাটো জনমত তৰোৱালেৰে মানুহ জীৱ জন্তুক হত্যা কৰিছোঁ৷সেইবাবেই এই জনমত মই কটাৰীখনেৰে মানুহৰ কষ্ট উপশম কৰিছোঁ৷গতিকে চেতনাৰ যে পুনৰ জনম হয় বুলি মই বিশ্বাস কৰোঁ৷

যিয়েই যি বাখ্যাই নিদিয়ক কিয় মৃত্যুৰ পিচৰ ৰহস্য সদায় ৰহস্যই হৈ থাকিব৷আৰু আপোনজনক,হৃদয়ৰ কাষৰ জনক হেৰুৱাৰ বেদনা সদায় স্হায়ী হৈ থাকিব যেতিয়ালৈকে মৃত্যুৰ সিপাৰৰ ৰহস্য উৎঘাটন নহয়৷


1 comment:

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...