সোঁৱৰণী 

বৰ্ণালী ফুকন

স্মিতাই যিমানেই খুহুটীয়া কথা নকওঁক যিমানেই হাঁহিবলৈ যত্ন কৰক লাগে কোনোবা এখিনিত তাইক বিষন্নতাই লগ নেৰে। একাকীকত্বই খেদি লৈ ফুৰে ।,দিনবোৰ চুটি আৰু ৰাতিবোৰ দীঘলহৈ গ'ল যেন হঠাৎ ।ৰাতি গভীৰ হোৱাৰ লগে লগে দুখবোৰ আৰু গভীৰ হয়।সুবিধা বুজি স্মৃতিবোৰ চকুপানীহৈ দুগাল তিয়াই বাগৰি আহে ।
      মাকে প্ৰতিদিনাই ফোন কৰে তাইলৈ ।তাই খোব প্ৰয়োজনতহে ফোন কৰে।ফোন কৰিবলৈ ভয় কৰে ভালে আছা ,বুলি মাকক কি সুধিব ?আছে জানো মাক জীয়াই ?যি দিনা দেউতাকক চিতাত তুলি দিছিল সেইদিনাইটো তাইৰ মাক জনীৰ মৃত্যু হৈছিল । তাহাঁতৰ কথাবোৰ  মনত থকাৰ দিনৰ পৰাই কোনো দিনেই মাকক দেউতাকৰ পৰা আতৰি থকা দেখা নাই ।এবাৰ মাথোঁ ৰেডিয়েছন লবলৈ স্মিতাৰ ঘৰত পোন্ধৰটা দিন দেউতাক আহি আছিলহি।ঘুৰি যোৱাৰ দিনা এয়াৰপৰ্টত দেউতাকক মাকে দেখাৰ লগে লগে যেনেকুৱা কৰিছিল ,দেউতাকেও তাইৰ মাকক দেখি লাগেজ লবলৈ পাহৰি দৌৰি আহি দুইজনে দুইজনক সাৱটি ধৰা দৃশ্য এতিয়াও সজীৱ হৈ আছে তাইৰ মনিকোঠাত। মাক জনীয়ে দেউতাকক চকুৰে দেখা নোপোৱা দেশত আকৌ ল'গ পোৱাৰ আশাৰেই দেহাটো কঢ়িয়াই লৈ ফুৰিছে ।
      আজিও মাকে তাইলৈ ফোন কৰিছে । 
মাক-বাবাটো ভালে আছে নে?
স্মিতা-আছে মা ভালেই ।ক্লাছলৈ ওলাই গ'ল।
মাক-তোৰ বাৰু এটা কথা মনত আছে ?আমি যে সোনাপুৰত খাই ঘুৰি আহোঁতে মোৰ খুব মুৰ ঘুৰাইছিল,মুনে যে অনৰ্গল কথা কৈ আহিছিল আৰু মোক জোকাইছিল কথা শুনিব লাগে বুলি মুৰ ঘুৰোৱাৰ ভাও ধৰিছো বুলি ।
স্মিতা-ওম। দেউতাক ৰেডিয়েছন দিয়াৰ পিছত আমি পাহৰিলেও সি দেউতালৈ ফাৰ্মেচিৰ পৰা জুইচ্ লবলৈ কেতিয়াও নাপাহৰিছিল।
মাক-দেউতাৰক দিপাৱলীৰ পিছত বেঙ্গলী খানা খোৱাবলৈ কৰ'বালৈ যে নিয়াৰ কথা আছিল ।
স্মিতা-কেম' লোৱাৰ পিছত এপিটাইত নথকাত যে ডেকা চাং লৈ গৈছিল মুনে ।দেউতাই নাখাওঁ বুলি কওতে যে জোৰ কৰি পাতত ইলীচ মাছ দি দিছিল । নোখোৱা মানুহ জনে যে জোৱাঁইয়ে কৈছে বুলি দুটা টুকুৰা মাছ খাই পেলাইছিল ।
মা-দেউতাৰে এবাৰ যে লিখক ছাহেৱালাৰ খুহুটীয়া গল্প পঢ়ি হাঁহিত ৰব পৰা নাছিল ।সেইবাৰ প্ৰথম দেখিছিলো দেউতাৰক হহাঁ।
স্মিতা-মই যে দেউতাই ভাত খোৱাৰ সময়ত দেউতাৰ কাষত থিয় হৈ থাকিছিলো ।লুভীয়া বুলি যে মোক এমুঠি খোৱাই দিয়ে ।মুনেও মোক তেনেকৈয়ে মাজে মাজে খোৱাই দিছিল ।
মাক-দেউতাৰক সেইদিনা প্ৰথম দেখিছিলো হিয়া ধাকুৰি কন্দা মুনৰ শ্ৰাদ্ধৰ দিনা ফটো খনত ফুল দিবলৈ গৈ।
তাৰ পিছত ফোনৰ সিপাৰৰ মাক মৌন হৈ গ'ল। আৱেগবোৰ ইজনীয়ে সিজনীৰ পৰা লুকুৱাবলৈ গৈ ধৰা পৰি গল। এটা সময়ত স্মিতাই অনুভৱ কৰিলে সিটো পাৰে মাকেও পাৰ ভাগি অহা কান্দোনখিনি ৰখাবলৈ তাইৰ দৰে বৃথা চেষ্টা কৰিছে ।লাহেকৈ তাই ফোনটো কাটি দিলে ।

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...