লচপচী

তেতিয়া মোৰ বয়স ১৭ বছৰ আৰু বাইদেউৰ ২০বছৰ। ১৭মান বছৰ বয়সৰ পৰা বাইদেউক দৰাই চাবলৈ আৰম্ভ কৰিছে ।মায়ে এতিয়াই ছোৱালী নিদিও বুলি বহু বাৰ ঘুৰাই দিছে।২০বছৰ বয়সত সমন্ধীয় বৰমা এজনীৰ কেট কেটনিত মায়ে সেউজীয়া সংকেত দিলে বোলে এইবাৰ ডাঙৰজনীক দিব লাগিল ।এদিন এজন বিশিষ্ট ব্যক্তিৰ পৰা চিঠি আহিল -কিৰণ ,মোৰ ল'ৰা দুলীয়াজান অইল ইণ্ডিয়াত চাকৰি কৰে ।দেওবাৰে তোমাৰ তালৈ ছোৱালী চাবলৈ যাব । তাৰ হাততে ছোৱালীৰ ফটো এককপি দি পঠিয়াবা। মায়ে এতিয়া চাৰ জনৰ কথা পেলাবও নোৱাৰে অগত্যা ল'ৰাক ছোৱালী চাবলৈ মাতি পঠিয়ালে ।এতিয়া আহিল ফটো ,এজন ফটোগ্ৰাফাৰ ঘৰলৈ মাতি আনিলে '।বাইদেউৰ লগতে মই নাচনীয়েও চাদৰ মেখেলা পিন্ধি  ফটো উঠিবলৈ জিদ ধৰিলো । বাইদেউক মায়ে চাৰৰ চিঠি পোৱাৰ পৰা শিকাইছে-মানুহৰ আগত গেঁঠেলা মাৰি নাথাকিবি। প্ৰথমে তামোল দিবি তাৰ পিছত নাম সুধিবি তাৰ পিছত ঘৰত কোন ক'ত আছে সুধিবি ।তাৰ পিছত চাহ দিবি ।আচলতে এইবোৰ কথা শিকোৱাৰ কাৰণ হৈছে তাই খোব কম কথা কয়।
      নিৰ্দ্দিষ্ট দেওবাৰ আহিল পুৱাৰ পৰা সকলো ব্যস্ত দৰাই ছোৱালী চাব আহিব বুলি ।মায়ে বাইদেউক চাদৰ মেখেলা পিন্ধিবলৈ কবলৈ পালেহে মই আগে ভাগে চাদৰ মেখেলা পিন্ধি সাজু । বাইদেউক তাৰ পিছত পিন্ধিবলৈ সহায় কৰি দিলো । মায়ে মোক দেখি অবাক -তই আকৌ কিয় এইসোপা পিন্ধিব লাগে ?মোৰ তৎক্ষণাত জবাব মই কি কইনাৰ ভনীয়েক নহয় নেকি ?ইফালে বৰমাই মোক দেখি অবাইছ গালি।মৰতি কিহে পাইছে পিন্ধিবলৈ সেইবোৰ ।সেইটো শব্দ প্ৰথম শুনিছো মাক চিঞৰিব ধৰিলো -অ মা মৰতি মানে কি ঔ?মায়ে চকু পকাই ধৰিলে -কিহে পাইছে ইমান অবাইছ মাত মাতিবলৈ । এইবাৰ কিবা তোৰ পয়েৰ আহিব নেকি বুলি কলত মাৰ ওচৰত গৈ মনে মনে সুধিলো -মা দেউতা আপোনাৰ পয়েক নেকি ? খঙ কৰিবলৈ গৈ মাৰ হাঁহি উঠি গ'ল। 
       মায়ে আনি দৰাক বহিবলৈ দি ভিতৰলৈ আহিল ।বাইদেউৱে দেখোন কিবাকিবি আউৰাই আছে।তাই মাৰ ওচৰলৈ আহি কবলৈ ধৰিলে -মা মই পাহৰি গলো কি সুধিব কৈছিল ?মই অভয় দিলো পাহৰি গলে মই মনত পেলাই দিম।মায়ে কোৱা মতে বাইদেউ তামোলৰ বঁটালৈ বাহিৰ পালেগৈ আৰু মই চটচটি সুদা হাতৰে কিয় যাম ।বঁটাত চফলৈ বাইদেউৰ পিছে পিছে মইও বাহিৰ পালোগৈ বাইদেউৱে কপি কপি তামোলৰ বঁটাটো আগুৱাই দিলে -তামোল খাওঁক।দৰাটোও কম নহয় মই তামোল নাখাওঁ বুলি চফৰ বঁটাৰ পৰা চফ অকন ললে।বাইদেউৱে ইতিমধ্যে প্ৰথম প্ৰশ্নটো সুধিব বুলি ভিতৰলৈ যাবলৈ লৈ দেখো তাই দেখোন ভিতৰলৈ চাবলৈ ধৰিছে তাৰ মানে তাই সকলো পাহৰিলে ।মই তাইক কলো প্ৰথমে  নামটো সুধ তাৰ পিছত ঘৰৰ  কথা- মই এতিয়া যাওঁ বুলি ঘুৰোতেই-।দৰাই নামটো কোৱা শুনিলো ..গগৈ।মই পাছৰ প্ৰশ্ন নোসোধা দেখি তাইক সহায় কৰিবলৈ ৰৈ দিলো ।দ্বিতীয় প্ৰশ্নটো মইয়ে সুধিলো সেই সুবিধাতে মোক ফচাই বাইদেউ ছত্ৰভংগ দিলে । মই এইবাৰ গপচত ওচৰৰ চোফা খনত বহিলৈ মায়ে শিকাই দিয়া প্ৰশ্ন সুধা শেষ ।দৰাই কিন্তু কি উত্তৰ দিছে এটাও শুনিবলৈ চেষ্টা কৰা নাই । মুঠতে মাৰ গালি খোৱাতকৈ যেনেতেনে প্ৰশ্ন খিনি সুধি শেষ কৰিলো ।এতিয়া কৰো কি ঘনে প্ৰতি ভিতৰলৈ চাইছো বাইদেউৰ অহাৰ উম ঘাম নাই । ভগৱানক চিন্তি মায়ে নিশিকোৱা কথা এষাৰ সুধি পেলালো চিনেমা চাইনে আপুনি কোনজন হিৰ ভাল লাগে ?মোৰযে কমল হাছান আৰু জেকি স্ৰুফক বিৰাট ভাল লাগে । মনতে ভাবিলো এই বাইদেউৰ দৰাটোৱে একো নকয় দেখোন ,হব দে লাজ কৰিছে চাগে ।চাদৰ মেখেলা কোচাই চোফাৰ ওপৰতে বহি লৈছো। ভাল শ্ৰুতা এজন পাইছো ৰহ। এপাকত ভিতৰলৈ চকু পৰিলত দেখা পাওঁ মায়ে মোলৈ অগ্নি বৰষা দৃষ্টি দি আছে।লৰালৰিকৈ বহক দেই বুলি ভিতৰ পালোহি ।দেখো বাইদেউ পাইখানাত সোমাল ভয়ত প্ৰশ্ন সুধিব লাগে বুলি  । দৰাক খোৱাই বোৱাই বিদায় দিবলৈ আহিলো দুইজনী গেঁঠেলাই এবাৰ যাওঁ বুলি নকলে আমাক ।মা-দেউতাৰ পৰা বিদায় লৈ গেঁঠেলা ঘৰ পাই খবৰ দিলে ছোৱালী পচন্দ হ'ল অহা মাহত আঙঠি পিন্ধাব।বাইদেউৰ গেঁঠেলাক পচন্দই নহল কথা বোলে নাপাতেই। মই তাইক পতালো ল'ৰাটো ভালেই হৈ যা বিয়া। পিছদিনা ঘৰৰ ওচৰৰ বন্ধু আহিলত গম পালো দৰাই মই ডাঙৰ বুলি ভাবি মোকেই পচন্দ কৰি গল। সেইদিনা বৰমাজনীয়ে চুইহে নিকিলালে। তাৰ পিছত আৰু কেতিয়াও বাইদেউক চাবলৈ দৰা আহিলে ওস্তাদি মৰা নাই

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...