নিঠৰুৱা (অনুগল্প)
বৰ্ণালী ফুকন
বৰ্ণুৰ মতে এই পৃথিৱীত তাইক যদি বুজি পায় একমাত্র তাইৰ দেউতাক আৰু মানুহজনে। স্বামীহাৰা হোৱাৰ পৰা তাইৰ কিবা কথাত মন বেয়া লাগিলেই দেউতাকৰ কাষলৈ লৰি যায় । দেউতাকৰ বুকুত সোমাই সৰু ছোৱালীৰ দৰে তাই উচুপি উঠে । দেউতাকে তাইৰ মুৰে-কপালে হাত ফুৰাই তাইক সান্তনা দিয়ে।
আজি দেউতাকৰ নিথৰ দেহটো আগতলৈ তাই একে দৃষ্টিৰে চাই আছে । তাই কি ভাবি আছে বুজিবৰ সাধ্য নাই । তাইৰ অৱস্থা দেখি তাত সমাগত হোৱা মানুহজাকে তাইলৈকে লক্ষ্য কৰি আছে। সকলোৱে কোৱা-কোই কৰিছে -এই কান্দি দিয়া হলে ভাল আছিল ।
এজন এজনকৈ আহি দেউতাকক মাহ-হালধি লগাই ধুৱাই গৈছে ।তাই মাথোঁ দেউতাকলৈ চাই আছে একেথৰে । খুড়ীয়েকে আহি তাইৰ হাতত মাহ-হালধিৰ বাতিটো তুলি দিলেহি -দেউতাৰক গাটো ধুৱাই দে অ মা।
তাই যন্ত্ৰবৎ মাহ-হালধি অলপ হাতত লৈ দেউতাকৰ কাষত বহিলহি ,তাৰ পাছত কৰযে এসাগৰ বেদনাই আহি বুকুখনৰ ভিতৰত প্ৰবল জোৱাৰ আনিলে -তাই চিঞৰি উঠিল -দেউতা ঐ তয়ো নো মোক নিঠৰুৱা কৰি যাব লাগেনে বুলি দেউতাকৰ বুকুত উবুৰি খাই পৰিল ।
No comments:
Post a Comment