স্মৃতিৰ এখিলা পাত
বৰ্ণালী ফুকন
সি মোৰ ডায়েৰীখন মনে মনে পঢ়ি হাঁহি আছে আৰু তাৰ পৰাই মোক চিঞৰি কৈছে -ঐ তই যে বেলেগ কাহিনী বনাই বনাই লিখিছ।মই তেতিয়া বাথৰুমত তাৰ কাপোৰ কেইটামান চাবোন ঘহাঁত ব্যস্ত । মোৰ মনত অলপ সন্দেহ হ'ল,ই মোৰ ডায়েৰীখন পোৱা নাইতো। লগে লগে হাতৰ কাপোৰ তাতে দলিয়াই চিলনি যোৱাদি চু মাৰি গলো । নাই সি নিদিয়ে ,ময়ো এৰি দিয়া নাই । বিচনাত ডায়েৰীলৈ দুয়োটাৰ দবৰা দবৰি।এপাকত অসতৰ্ক মুহূর্তত তাক বিচনাত পেলাই দি হাতখনৰ পৰা ডায়েৰীখন হাতত লবলৈ লওঁতেই মোৰ পেটত কুলকুলাই দৌৰ চিৰি বগাই ,হাতত ডায়েৰীখন লৈ। চিধাই গৈ মাৰ ওচৰত হাজিৰ । শাহুৰ সন্মুখত বোৱাৰীয়েক জনী হৈ একো এটা কৰিব নোৱাৰি বশ্যতা স্বীকাৰ কৰিবলৈ বাধ্য হলো । সিও চাগে বুজি পালে মই যে কথাটো ভালপোৱা নাই । আচলতে ডায়েৰীখনত বিশেষ লুকুৱাই ৰাখিব লগা একোৱেই কথা নাছিল । মাত্র আমাৰ দুইজনৰ ভাল লগা- কাজিয়া কৰা কিছুমান স্মৃতিৰ বাদে আছিল কেইটামান খাদ্যসম্ভাৰৰ লিখনি । তথাপি তাৰ ওচৰত লাজ পাইছিলো মনৰ ভাববোৰ দেখুৱাবলৈ । 'হুহ' !!! ল নপঢ়ো তোৰ ডায়েৰী বুলি ডায়েৰীখন ঘুৰাই দিলে ।
গধূলি আমি দুইটাই ওলাই যোৱাটো এটা নিয়মেই হৈ গৈছিল । গধূলিৰ গুৱাহাটী খনত এনেই এপাক ঘুৰি আহোঁ । প্ৰায় সি দীঘলী পুখুৰীৰ কাষেৰে ওলাই টাউন ক্লাবৰ ৰাস্তাটো লয়। আৰু প্ৰতিবাৰেই দেখো সি গাড়ীখনৰ গতিবেগ কমাই কোনোদিনে নেদেখা বস্তুৰ দৰে ফিল্ড খনলৈ এক কৰুণ দৃষ্টিৰে চাই যায় । মই তাৰ মনটো ঠিক অনুভৱ কৰিব পাৰো ,নেদেখাৰ ভাও ধৰি মইও তাক লক্ষ্য কৰি থাকো । এদিন গাড়ীখন ক্লাবৰ কাষতে ৰখাই এই ফিল্ডত তাৰ হেৰাই যোৱা স্মৃতি বোৰৰ কথা কৈছিল ।
এদিন এইদৰে ফিল্ডৰ কাষেৰে পাৰ হৈ যাওঁতে কৈছিল - তই বাৰু মোৰ ক্ৰিকেট কেৰিয়াৰৰ উৎথান আৰু পতনৰ বিষয়ে লিখি দিবি নেকি ? নতুন প্ৰজন্মলৈ যৎসামান্য কিবা এটা দি যাব পৰা হলে মোৰ ক্ৰিকেট খেলাৰ সাৰ্থক হ'ল হেতেন । তাৰ পিছত কিমান দিন যে চিপিয়াইছো,হয় তাৰ ব্যস্ততা নহলে মোৰ ঘৰুৱা কাম । নোৱাৰিলো মই ,তাৰ মনৰ গোপনত লুকুৱাই ৰখা অকথিত বহুত কথা গম নোপোৱাকৈ থাকি গ'ল।
তাৰ প্ৰিয় শ্বিলং ৰডত যাওঁতে কৈ যায় কিছুমান সৰু সৰু ঘটনা -কেনেকৈ বলটো দলিয়াই দিয়াৰ আগত বেটছমেন জনৰ পজিছন্ চাই নিৰ্ণয় কৰি লয় তেওঁৰ দুৰ্বলতা আৰু সেই দুৰ্বলতা লক্ষ্য কৰি এৰি দিয়ে তাৰ হাতৰ বল আৰু ঠিক যত হিট্ কৰিম বুলি এৰে তাতেই বলে গৈ আঘাত কৰে। তাৰ কাৰণে কোনো কেলকুলেচনৰ দৰকাৰ নপৰিছিল মাথো দৰকাৰ হৈছিল আই কিউৰ।
কোনো দিনেই শান্তিৰে বহি এই বিষয়ে কথাই পতা নহল আমাৰ । খেলৰ স্মৃতিবোৰ ৰৈ গ'ল ফাইল কৰি থৈ যোৱা খবৰ কাগজৰ টুকুৰা বোৰত। বেদনা বোৰ বুকুত বান্ধি লৈ হেৰাই গ'ল ফটো ফ্ৰেমৰ ভিতৰত ,এসময়ৰ ক্ৰিকেট জগতৰ ভোটা তৰা । ইতিহাসৰ পাতৰ এটা কোণত পৰি ৰ'ল অনাদৃত হৈ আৰু মোক ফটো ফ্ৰেমৰ এই পাৰে জীয়া বেদনাবোৰ উপভোগ কৰিবলৈ দি গ'ল। আৰু দি গ'ল প্ৰতি দিনাই উদযাপন কৰিবলৈ দুখবোৰ । আৰু সি ৰৈ গ'ল মোৰ ডায়েৰীখনৰ প্ৰতি খিলা পাতত জীৱনৰ মধুৰ স্মৃতি হৈ।
No comments:
Post a Comment