সপোন ভগাৰ বেদনা
কাপোৰবোৰ বাকচত ভৰাই ভৰাইয়ে মাক চিঞৰি মাতিলো।
-কি অ মা! তই বস্তুবোৰ পান জপাদি জাপি গৈছ যে।হেৰৌ তাত গৈ মই কি খাবলৈ নাপাম নেকি?গোটেই চিৰাই বিস্কুটে বাদামে সৱ ভৰালি যে।
আৰু মোৰ হাতত মাত্ৰ এটা সপ্তাহ বাকী।ইফালে এচচিয়েচনৰ সৈতে কথা পাতি গম পালো যিমান পইচাৰ কথা কৈছে কোনো পধ্যে যোগাৰ নহৈছেগৈ।লগৰ কেইটাই গেচ কোম্পানী-অইল কোম্পানীত গৈ স্পনচৰৰ বাবে লাগি আছেগৈ।কত নো দিব চাগে?পইচাৰ কথা কবলৈ গলে প্ৰায়বোৰেই কয়-এইবোৰ খেলৰ ডিমাণ্ড নাই।তথাপি আশা এৰা নাই।ভৱ দাই বাৰে বাৰে সকিয়াই আছে মই যাবই লাগিব।অসমৰ পৰা এক মাত্ৰ কেণ্ডিদেট।নিজৰ ৰাজ্যখনৰ সন্মান কঢ়িয়াই নিবলৈ ওলাই ভয়ো লাগিছে।মনে মনে ভাবিছো জিকি আহিবই লাগিব।সন্মানৰ কথা আছে।গতিকে অনুশিলনী এৰি পইচাৰ বাবে ঘুৰিবলৈ সময় নই পোৱা।
সি নো ক’ত ডিমাণ্ড থকা নথকাৰ কথা ভাবি খেল খেলিছে?সৰুৰ পৰা ফেন্টম-মেণ্দ্ৰেকৰ কিতাপ পঢ়ি থাকোতে কেতিয়া যে তাৰ মন মগজুত কাৰ্টুনৰ চৰিত্ৰ কেইটাৰ দৰে হোৱাৰ বাসনা জাগিল সি গমেই নাপালে দেখোন।কলেজত মায়ে যেতিয়া কৈ পঠিয়াই যা শৰীৰ-মনৰ বাবে কিবা এটা খেলকে খেলগৈ যাচোন কিমান বিচনা খনতে বাগৰি বাগৰি কমিকচ্ সোপা পঢ়ি থাক?মাৰ কথা শুনি ফিল্ডত দুপাক মান মাৰি চালো। ফুটবল,ভলীবল,ক্ৰিকেট সকলো বোৰৰ আখৰা চলি আছে।দুধুৰ মুধুৰ মোৰ মনৰ অৱস্হা।খেলো যদি কি খেলো?মুৰ ধৰিব নোৱাৰিলো আচলতে মোৰ ইন্টাৰেস্ট কোনটো খেলত।মুৰটো খজুৱাই ঘৰ পালোহি।পিচ দিনা আকৌ কলেজৰ পৰা আহি পেট পেলাই নতুনকৈ অনা কমিকচ্ কেইখন ওলিয়াই লৈছো আৰু মায়ে সদায় জোৰাদি গীত জোৰিলে
-হেৰৌ স্বাস্হ্য বিচনাত পৰি থাকিলে বনাব পাৰিবি জানো।বিচনাত পৰি পৰি ফেন্টম মেন্দ্ৰেক হোৱাৰ সপোন ৰচি থাক।
-মা চিঞৰ বাখৰ খন কৰি নাথাকিবিচোন।গৈছিলো দেখোন কালি।
-কি কালি গলি আৰু হৈ গল শেষ।কি ল’ৰা তই!
-উফ!কবলৈ দিবি নে তইয়ে কথাৰ ফুলজাৰি মাৰিবি?
-ক তেনে
-কালি ফিল্ডলৈ গৈ দেখো তিনিটা চুকত তিনিভাগে খেল চলি আছে।আৰু তইটো কি খেল খেলিম কোৱা নাই।গতিকে গুচি আহিলো।
-বুমনিয়ে ভলীবল খেলে।তই তাৰ লগতে ভলীবলকে খেল।
-হব দে কালিৰ পৰা যাম।আজি শান্তিত কিতাপ কেইখন পঢ়িব দে।
কিতাপৰ নিচা মায়েই সোমোৱাই দিছিল মোক।ক খ পঢ়িব লওঁতেই মোক বোলে অমৰ চিত্ৰ কথা,ফেন্টম কিনি দিছিল।পঢ়িব নাজানিলেওঁ বোলে মই কিতাপ বোৰ পঢ়াৰ দৰে মনুযোগ দি লুটিয়াই লৈ চাই থাকো।পিচত বুজিব পৰা হোৱাৰ পৰা কিতাপ বোৰ পোৱাৰ পিচত প্ৰথমে ফেন্টমৰ কিতাপখন পঢ়ো তাৰ পিচত মেন্দ্ৰেকৰ।শেষত ৰামায়ন মহাভাৰতৰ কাহিনী।
পিচদিনা কলেজৰ ক্লাছ শেষ কৰিয়ে খেলপথাৰ পালোগৈ।দুৰৈৰ পৰা দেখিলো বুমনিয়ে ভলীবল লৈ দৌৰা দৌৰি কৰি আছে।মোক দেখি ওচৰলৈ দৌৰি আহিল।
-আহিলি বৈ চাৰৰ লগত পৰিচয় কৰাই দিম।
মইও তাৰ লগত আগবাঢ়িলো।বলটো লৈ বাকীবোৰক চাই চাৰ্ভিচ কৰিব লওঁতেই দুজনী মানে চিঞৰা শুনিলো।
-ঐ নতুন ছোৱালী আহিছে আমাৰ লগত খেলিবলৈ।
সেই সময়ত লাজটো অলপ বেচিয়ে আছিল মোৰ।মোৰ মিথুনৰ দৰে দীঘল চুলিৰ বাবেই কৈছে বুলি বুজি পালো।লাহে লাহে তাৰ পৰা লাজত পলাই গৈ চুকৰ ৰুমটোৰ ফালে আগ বাঢ়িলো।
হয়তু চাগে ভলীবলৰ সৈতে মোৰ ভৱিষ্যত যোৰ খোৱা নাছিল।সেইবাবে মনটোৱে আন কিবা এটা বিচাৰি বেলেগ কিবাৰ সন্ধানত আছিল।প্ৰায় এক সপ্তাহ খটি নোহোৱাকৈ কলেজৰ পিচতে ফিল্ডলৈ দৌৰিছো তাৰ পৰা আকৌ ভাগৰি জোগৰি ঘৰ সোমাইছো।এদিন দেখিলো লগৰ কেইটামানে খেলি থকাৰ পৰা গৈ চুকৰ ৰুম এটাৰ সন্মুখত মুখ মেলি চাই আছে।মইও ইহতেনো কি চাই আছে তাকে জানিবলৈ তাহাঁতৰ পিচে পিচে সেইখিনি পালোগৈ।ভিতৰত চিনাকি অচিনাকি কেইবাটাও ল’ৰা।প্লেট কিছুমান,ডাম্বেল কেইডাল মান লৈ শৰীৰ চৰ্চা কৰি আছে।ল’ৰা কেইটা বেচ পাহুৱাল।দেখিবলৈ বেয়া নালাগিল।লগৰ এটাক সুধি গম পালো সিহঁতবোৰে বডি বিল্ডিং কৰিছে।দুদিনমান বাহিৰৰ পৰাই আলেশ লেশ চাই থাকিলো।চিনাকি এটা আগবাঢ়ি আহিল।
-মাৰিবি নেকি আহি যা।
নিজৰ শৰীৰটোলৈ এবাৰ তাহাঁতবোৰৰ শৰীৰলৈ এবাৰ চাবলৈ ধৰিলো।লাজ লাগিল নিজৰে।এইটো দেহা লৈ এক্সাৰচাইজ কি ডাল হব।থকা কনো যাব।এটাই অভয় দিলে আহচোন বাৰু চাই ল।কথা মতে কাম।পিচদিনাৰ পৰা বডি বনাবলৈ উঠি পৰি লাগি গলো।মাজে মাজে কমিকখন মেলি দিনত চকু মেলিয়ে সপোন দেখিবলৈ ধৰিলো।মাক কথাষাৰ নকলো।মায়ে মই ভলী খেলিবলৈ যোৱা বুলিয়ে ভাবি থাকিল।কি খাব লাগে নালাগে সেই বিষয়ে কোনো আইডিয়া নাই ইফালে।বডি বনোৱাৰ ঝুকত যি পাওঁ তাকে গুগ্ৰাসে গিলো।মাহঁতে মোৰ খোৱা দেখি হতভম্ব হয়।ভাবে ভলীবল খেলাৰ বাবে বৰকৈ ভোক লাগিছে।কেইমাহমানৰ পিচতে মোৰ নি:কিন শৰীৰটোৱে চেপ লবলৈ আৰম্ভ কৰিলে।ইম্প্ৰুভমেণ্ট খাৱনৰ কোবত অলপ খৰ গতিতে হ’ল।কেইমাহ মান যোৱাৰ পিচত কলেজ সপ্তাহৰ আৰম্ভ হ’ল।আৰু তাতে বডিবিল্ডিং কম্পিটিচনৰ যোজা কৰিছে বুলি শুনি মনটোৱে লিক লিকালে।এবাৰ ট্ৰায়েল মাৰি চোৱা যাওঁক কি হয়।এতিয়া কথা হ’ল কৌপিনটো।কচটিউম অবিহনে তলৰ সদায় পিন্ধা বস্ত্ৰটোকোৰা পিন্ধি ওলাবলৈ দিয়াৰ নিয়ম নাই।কি কৰা যায় ভাবি থাকোতে টাইচনে এটা যোগাৰ কৰি দিলে।এটা টেনচন যেনিবা শেষ হ’ল।
বহু আকাংশিত নিদ্দিষ্ট দিনটো আহিল।গ্ৰীন ৰুমত গৈ দেখো কনটেচটেন্টবোৰে গাত কিবা কিবি ঘহিব ধৰিছে সুধি গম পালো তাঁহাতে গাত ৰং আৰু অলিভ অইল লগাইছে।মোক সাহস গোটাবলৈ লগৰ এজাক গ্ৰীন ৰুমত উপস্হিত।মোৰ তেতিয়াও গাত ভালুক সদৃশ নুম বিৰাজমান।বাকী বোৰলৈ চাওঁ গোটেইবোৰে চুচি মাজি মিলমীলিয়া হৈ আহিছে।কি কৰা যায় এতিয়া।লগৰ এটাই দৌৰি গৈ ৰেজৰ এখনৰ ব্যৱস্হা কৰি খৰ খেদাকৈ নুমবোৰ খোৰাই দিলে।আইনা এখন এটাই আনি দেখোৱালে।নিজকে গোটেইটো পাখি চেলোৱা ব্ৰয়লাৰটো যেন লাগিল। কোনোবা এটাই পতাই মেলি কাৰোবাৰ পৰা অলিভ অইল আনি ঘঁহি দিলেহি।গাটো চিক চিক কৰিব ধৰিলে।ইফালে গৰম লাগি আহিব ধৰিলে।গাৰ পৰা টুপা টুপে পানী সৰিবলৈ লাগিল।সকলোবোৰ হৈ গ’ল এতিয়া টেনচন নাই আৰু এতিয়া মাথো শিকোৱাৰ দৰে পজিচন বোৰ দেখোৱাই গলেই হব।এইবোৰ খেল ৰাতিয়ে পাতে গতিকে টেনচন নাই অন্তত: ছোৱালীবোৰে নেদেখে।গ্ৰীনৰুমত ৰিলেক্স হৈ বহি দিলো।কনটেস্টেনটৰ নাম মাতি গল।মুঠ সাতটা ল’ৰাই যোগ দিছো।তাৰে মোৰ নম্বৰ সাত।
-এতিয়ালৈকে বিশ্বাস হোৱা নাই বে মই জইন কৰিছো।লাজ পাম নেকি বে।টাইচনক কলো।
-মনেমনে থাক অ,মই বাকী কেইটাক চাইছো নহয় নাপাই তাহাঁতে গতিকে তই পোৱাটো খাটাং।
মনৰ ভিতৰতে হাঁহিলো।সৱৰে বন্ধুবোৰ এনেকুৱাই।বাকী কেইটাকো চাগে তাহাঁতৰ লগৰ বোৰে টাইচনে কোৱা দিয়ে কৈছে।কস্টিউমটো অলপ ধিলা হল নেকি আক’।কিনাৰৰ ৰচিডাল টানি টান কৰি ললো।ষ্টেজৰ পৰ্দা ডঙাৰ সংকেত দিলে।প্ৰথম জনৰ নাম মতাৰ লগে লগে সি গানৰ তালেতালে নমস্কাৰ জনাই পৰ্দশন কৰিব ধৰিলে।তালৈ জুমি চাই দেখো দৰ্শকৰ প্ৰথম শাৰীতে বহি আছে এজাক ছোৱালী।উকিয়াই শুহুৰিয়াই ষ্টেজত ওলোৱাটোক নাৰ্ভাচ কৰাবলৈ যত্ন কৰি আছে।তাহাঁতৰ কাণ্ড দেখি মোৰ ডিঙি শুকাই কাঠ হ’ল।মাতটো উলিয়াব বিচাৰিও ওলিয়াব পৰা নাই।আকাৰে ইংগিতে এটাক পানী অলপ খুজিলো।লাগিল ভয়ৰ কোবত বাথৰুম যাবলৈ।লৰালৰিকৈ টয়লেট পালোগৈ।লগৰ কেইটাক কলো
-মই জইন নকৰো বুজিছ।গাটো বুলি কবহে পালো।গোটেই কেইটা জাঙুৰ খাই উঠিল।
-নহব তই নোৱাৰ পলাব।
এটাই চিঞৰিলে
-ঐ তাক লৈ যা মুতোৱাই লৈ আহিবি।এৰি নিদিবি।
মোৰ পিচে পিচে এজাক বাথৰুমলৈকে লগ দিলে যাতে মই পলাই সাৰিব নোৱাৰো।অগত্যা আকৌ গ্ৰীন ৰুমলৈ আহি তাৰ পৰা ষ্টেজৰ কনটেস্টেন্টবোৰৰ আলেখ লেখ চাই থাকিলো।এটা এটাকৈ ছটাই দেখোৱাৰ পিচত মোৰ নাম মাতিলে।লগৰ কেইটা উঠি থিয় হ’ল।মোক উঠিবলৈ কলে মই নুঠো।তাহাঁতে নামানে।
কাতৰহৈ কলো
-এইবাৰ এৰি দে দুচ ।অহাবাৰ পোৰা সাহস গোটাই আহিম।
গ্ৰীন ৰুমত হুলস্হুল।চিঞৰ বাখৰ।দুটাই মোৰ দুহাতত ধৰি থিয় কৰাই দি ষ্টেজৰ কাষলৈ লৈ গল।পৰা হলে তাহাঁতে তেনেকৈয়ে ষ্টেজৰ মাজ পোৱালেগৈ হেতেন কিন্তু জাজৰ ৰূপত চাৰ হঁত বহি আছে গতিকে তাতে এৰি মোক উতসাহ দিলে যা দেবু আগবাঢ়।আকৌ এবাৰ নামটো মাইকত ৰজনজনাই উঠিল দেৱাশীষ ফুকন মঞ্চলৈ আহিব লাগে।চকুটো মুদি সাহস গোটাই ললো।ছোৱালী বিলাক দৰ্শকবোৰ কালোকৈ নাচাওঁ বুলি মনতে ভাবিলো।ইতিমধ্যে এটাই ঠেলা এটা মাৰিলত ষ্টেজৰ মাজ পালোগৈ।কালৈকো নোচোৱাকৈ নমস্কাৰটো দি ললো।উকি-চিঞৰ-টিটকাৰি পিচফালৰ পৰা উফৰি আহিল।সন্মুখৰ পৰা প্ৰথমতে শুহুৰি আহিছিল যদিওঁ ষ্টেজত দেখুৱাবলৈ আৰম্ভ কৰাৰ লগে লগে যেনিবা পৰিবেশ গহীন হ’ল।মোৰ শেষৰটো পজিচন দেখুৱাই উঠিহে মুৰটো তুলি চালো সকলোলৈ।নমস্কাৰ এটা দি গ্ৰীনৰুম পালোহি।সেয়াই আছিল আৰম্ভনি।প্ৰথমটোক বিট দিব নোৱাৰিলো। মই দ্বিতীয় স্হান পাই বৰ বেয়া নালাগিল।সেয়াই আছিল চাগে মোৰ জীৱনৰ টানিং পইন্ট।মন গৈছিল যদিওঁ মাক মেডেলটো নেদেখুৱালো।সেইদিনাও মায়ে গম নাপালে যে মই ভলীবল নেখেলি বডিবিল্ডিংত লাগিলো।মাৰ খঙ উঠিব লাগিলে খেলিব নাপাম বুলিয়ে লোকোৱাই ৰাখিলো।
ইন্টাৰ কলেজ হব বুলি শুনি মনটো লিকলিকালে।কিবাকৈ যাব পাৰিলে সৰুকৈ হলেওঁ কিবা এটা আনিব পাৰিলো হেতেন বুলি নিজৰ ওপৰত দৃঢ় বিশ্বাস।কিন্তু বিশ্বাস থাকিলেই নহব।মোক যাবলৈ নিদিলে খেলিম কেনেকৈ।মনৰ ভিতৰত প্ৰচণ্ড ধুমুহা যেনেতেনে মই খেলিবই লাগিব।কলেজৰ স্পৰ্টচৰ ৰাজেন শইকীয়া চাৰৰ ওচৰ পালোগৈ।চাৰক লগত নিবলৈ কাওঁবাওঁকৈ ধৰিলো।চাৰৰ হৃদয় কুমলিল।
-ওলা বাৰু।কিন্তু মই নিশ্চিত নহয় তোক জইন কৰিব দিয়ে নে নিদিয়ে।তাত গৈ পোৱাৰ পিচতহে কব পৰা যাব।
-হব চাৰ।
এইবুলি দৌৰ লগালো ঘৰলৈ।মাক মাথো কলো “মা,ডিব্ৰুগড় ইউনিভাৰ্চিটিত হব লগা ইন্টাৰ কলেজ চাবলৈ যাম।”
মায়ে প্ৰথমে কেৰ ঘেহাইছিল যদিও পিচত মান্তি হ’ল।দুধুৰ মুধুৰ মন এটা লৈ ডিব্ৰুগড় পালোগৈ।নিৰ্দ্দিষ্ট দিনত খেল আৰম্ভ হ’ল।শইকীয়া চাৰে কমিটিক সুধিবলৈ গ’ল মোক জইন কৰিবলৈ অনুমতি দিব নে নিদিয়ে।সেই সময়ত মোৰ ভাগ্য সুপ্ৰসন্ন হ’ল।আৰু কমিটিৰ মেম্বাৰ সকলে অনুমতি দিলে মোক ‘খ’ শাখাত খেলিবলৈ।ইতিমধ্যে আমাৰ কলেজৰ মি: তিনিচুকীয়া কলেজ দ্বিতীয় ৰাউণ্ডত বাহিৰ হৈ যোৱা দেখি মনৰ উদ্যম কমি আহিছিল।ভয়ে ভয়ে গ্ৰীনৰুমত প্ৰবেশ কৰিলো।জইন কৰিবলৈ পাম বুলি ভবা নাছিলো বাবে কষ্টিউমটোৰ বাদে হাতত একো অনা নাই।লগৰটোৱে দৌৰ মাৰিলে বাকী কন্টেষ্টেন্টৰ ওচৰলৈ তেল অকণ যোগাৰ নহলে নহব।কাৰোবাৰ বটলত ৰৈ যোৱা অলিভ অইল লৈ দৌৰা দৌৰিকৈ মোৰ কাষ পালেহি।সি মানুহটোৱে খৰধৰৰ কোবত এপাকত হাতৰ পৰা বটলটো পিচলি মাতিত পৰি ভাগি থাকিল।সেই সময়ত তাৰ মুখখন চাব লগা হৈছিল।মই অভয় দিলো।হব দে যি হব দেখা যাওঁক।সি চকু চলচলিয়া কৰিলে।হঠাত সি মাটিত বহি দিলে মাটিৰ পৰা হাতেৰে তেল টুকি মোৰ গাত ঘঁহিবলৈ ধৰিলে।ধুলি তেল গাত লাগি খজোৱাবলৈ ধৰিলে।তথাপি ধৈৰ্য্যৰে সৈতে ইটোৰ পিচত সিটোকৈ পজ্ দি গলো।আশাবোৰ নিস্প্ৰভ হবলৈ আৰম্ভ কৰিছিল তথাপি মনোবল কমিবলৈ দিয়া নাছিলো।নামি আহি টাৱেল খনেৰে গাৰ তেলবোৰ মোহাৰি পেলালো।অপেক্ষা কৰিলো লগৰ বাকীবোৰলৈ যাওঁতে একেলগে যোৱাৰ কথা।হঠাত যেন মাইকত মোৰ নামটো শুনিলো।বিশ্বাস নহল।উঠি আকৌ বহি পৰিলো।তেনেকুৱাতে টাইচন উধাতু খাই আহিল।
-দেবু দেবু।পাই গলি তই পাই গলি।ইয়াহু বুলি এটা চিঞৰ মাৰি মোক সি সাৱটি ধৰিলে।
মই মোৰ শাখাত দ্বিতীয় হ’লো।শইকীয়া চাৰ কৰোবাৰ পৰা দৌৰি আহি মোৰ হাতখন ধৰি ক’লে
-মোৰ মান ৰাখিলা।প্ৰাউড অফ ইউ।
গধুলি ঘৰ সোমালোহি।সোমাইয়ে মাৰ ওচৰ পালোগৈ।হাতত তুলি দিলো ট্ৰফিটো।মাৰ মুখখনলৈ চালো।ট্ৰফিটো হাততলৈ মাৰ মুখত যিটো হাঁহি দেখিলো যেন মই বিশ্ব বিজয়হে কৰি আহিলো।মা দৌৰিগৈ দেউতাৰ কাষ পালেগৈ।
-হেৰি,চাওঁক ল’ৰাই মেডেল লৈ আহিছে।
দেউতাৰ হাতত ট্ৰফিটো উঠাই দি মায়ে সগৌৰৱে কৈ উঠিল।হাতৰ ট্ৰফিটো লিৰিকি বিদাৰি চালে দেউতাই।
-হুম!ক’ত পালে?
-কি ক’ত পালে।মাৰ মাতত অসন্তুষ্টিৰ সুৰ।
হাঁহি উঠিল পেটেপেটে।লাগি থাকক দুই বুঢ়া-বুঢ়ী বুলি লাহেকৈ আঁতৰি আহিলো।তাৰ পিচত আৰম্ভ হ’ল সংগ্ৰাম কিবা এটা হোৱাৰ হেপাহত।বডি বিল্ডাৰ হোৱাৰ হেপাহ, অসমক বিশ্ব দৰবাৰত চিনাকি দিয়াৰ আদম্য হেপাহ।
কোনোবাই কোৱা শুনিছিলো সপোন দেখিব লাগে তেতিয়াহে কিবা এটা লক্ষ্যত আগবাঢ়িবলৈ সুবিধা হয়।তাৰ পিচতে মই পিচলৈ ঘুৰি চাব লগা হোৱা নাই।মি: তিনিচুকীয়া হোৱাৰ পিচত ১৯৯৯তমি: অসম ,২০০০ত অসম শ্ৰী,২০০১ত ব্ৰক্ষ্মপুত্ৰ শ্ৰী নৰ্থ ইষ্ট,হোৱাৰ পিচত২০০২ চনত মি: দিহিং,২০০২ চনত মি: অসম,পুনৰ মি: অসম ২০০৩ চনত,২০০৫ মি: অসম ক্লাচিক,২০০৬ত মি: দিহিং পাটকাই,২০০৩ত পঞ্চ ৰত্ন শ্ৰী,২০০৬ত অসম শ্ৰেষ্ট,২০০৩ত পূৰ্ব ভাৰত শ্ৰী,২০০৩ত মি: শৰাইঘাটত দ্বিতীয়, ২০০৮ত পুনৰ অসম শ্ৰেষ্ঠ খিতাপ পাবলৈ সক্ষম হ’লো।এই ক্ষেত্ৰত মোক সপোন দেখোৱাইছিল মই মনে মনে গুৰু মানি লোৱা ভৱ গোস্বামী দাই।যি জনৰ সাহসত আজি মই নিজে শৰীৰটো ঠিক কৰি ৰখাৰ উপৰিও বাকী দহজনৰ বাবে উদাহৰণহৈ উতসাহ যোগাব পাৰিছো।তাৰ উপৰিও মোৰ সফলতাৰ আঁৰত আছিল কেইজনমান স্বনাম ধন্য মানৱ।যি সকলৰ ওচৰত এই অধম সদায় কৃতজ্ঞ।স্বনাম ধন্য মুনীন বৰুৱা দেৱৰ নাম এই ক্ষেত্ৰত লবই লাগিব।তেওঁ মোৰ বাবে দ্ৰুনচাৰ্য্য।জয়ন্ত মাধৱ দাৰ জীমত ইনস্ত্ৰাক্তৰ সোমালো অলপ পইচা হাতলৈও আহিল লগতে তাতে মোৰ শৰীৰ চৰ্চাও হ’ল।তাৰ বাবে মই তেওঁৰ ওচৰতো কৃতজ্ঞ।সেই সময়তে মি: ৱৰ্ল্ড খেলিবৰ বাবে মোৰ নামটো বাচনি কৰিলে।তাৰ লগেলগে আৰম্ভ হ’ল প্ৰস্তুতি।ঘৰত মাক আহি কথাটো ক’লো।মাৰ মন আনন্দত নধৰা হ’ল।ৰাতি দেউতাক কোৱা শুনিলো
-হেৰি শুনিছে ল’ৰা স্পেইনলৈ যাবলৈ পাইছে।কি কৰি পঠিয়াম আমি ভাবিৰ হ’ল।অহা মাহতে প্ৰতিযোগিতাৰ দিন ঠিক হৈছে।ইফালে পাচপৰ্টো হোৱা নাই।
-পইচা যোগাৰ হ’ব জানো?পাৰিবা মিলাব?
হয়তু ,কথাবোৰ শুনাৰ পিচতহে ভাবিলো পইচাৰ যোগাৰ কেনেকৈ হ’ব?বাদেই দিওঁ নেকি মনতে ভাবিলো।ৰাতিটো পাৰ হওঁক পুৱাই ভৱ দাক ফোন কৰিম মই যাব নোৱাৰিম বুলি।ৰাতিটো ইকাটি সিকাটিকৈ কটাই দিলো।পিচদিনা ভৱ দালৈ ফোন লগালো।ৰিং হৈ হৈ বন্ধ হ’ল।ইফালে মোৰ মন ওগুল থুগুল কিবা এটা পাই হেৰুৱাৰ বেদনাই বাৰে বাৰে চকুৰ পানীহৈ বুকু ওজাই আহিব বিচাৰিছে।সপোনবোৰ তাঁচ পাতৰ ঘৰ খহাদি খহিবলৈ আৰম্ভ কৰিবলৈ ধৰিছিল ইফালে।হঠাত অলপ সময়ৰ পিচতে ফোনটো বাজি উঠিল।অপেক্ষা কৰিয়ে আছিলো।একেজাপে বিচনাৰ পৰা উঠি ফোনটো ধৰি কবলৈ লৈছো আৰু ভৱ দাই গহীন মাতেৰে ক’লে
-তই কেইদিন মানৰ পিচত আহিব লাগিব পাচপৰ্টখন ততকালত কৰিব লাগিব।
মই কম নে নকম ভাবি ক’লো
-দাদা যাবলৈ যে মোৰ হাতত পইচা নাই।কোনে দিব মোক পইচা।মাহঁতৰ সাচতীয়া বুলিবলৈ নাইয়ে।দুমাহৰ আগত বাইদেউক বিয়া দি উঠিছেহে।
-ধৈ তই মনে মনে থাক।কিবা এটা ভাবিবলৈ দে।হাত ভৰি মাৰিলেহে হাতলৈ কিবা আহিব।তই আজি ৰাতি উঠি দে।পাচপৰ্ট হৈ লওঁক আগতে।মইও লাহেকৈ ক’লো
-হব দিয়ক।মইও মাক কথাটো কওঁ।
মাক কথাটো কোৱাৰ লগেলগে মায়ে বুজালে মোক পাচপৰ্টখন বনাই ল।দৰকাৰ হব পিচলৈও।কথা মতে কাম।
-পইচাৰ কিবা এটা হব ৰবিচোন।ইফালে সিফালে অলপ চেষ্টা কৰি চাওচোন।সাঁচতীয়া দুটামান আছে নহয় কিবা এটা মিলাব লাগিব।
দুখ লাগিল মনটোত,মাহঁতৰ বুঢ়া বয়সৰ সাঁচতীয়া পইচা কেইটাও মানে মোৰ লগতে শেষ হ’ব নেকি?কি কৰা যায়,কি উপায় হ’ব?কোনোবাই স্পনচৰ কৰা হ’লে অইলৰ পৰা পোৱা যাব নেকি?স্ব’ এটা কৰিব পৰা হ’লে কিছু পইচা অন্তত পোৱা হ’ল হেতেন।লগৰ এটাক লৈ ধপলিয়ালো অইল ডুলিয়াজান বুলি।জেনেৰেল মেনেজাৰক ল’গ ধৰাৰ পাৰমিচন পোৱা নগ’ল।ই আৰ ডিপাৰ্টমেন্টৰ হেডক ল’গ কৰিবলৈ অনুমতি দিলে।কিন্তু ভাগ্যই লগ দিবলৈ এৰিবলৈ ধৰিছিল।যিটো উতসাহত খেলিবলৈ যাম বুলি ভাবিছিলো তাত নিৰতসাহ কৰি তেখেতে ক’লে যে
-এইবোৰ খেলত আমি সহায় কৰিবলৈ অপাৰগ।আমি ক্ৰিকেট,ফুটবল,এথলেটিক্স আদি খেলৰ বাবেহে স্পনচৰ কৰো।এইবোৰ খেলৰ ডিমাণ্ড নাই।আই এম চৰি।
মনটো মৰহি গ’ল।নিদিয়ে নাই কিন্তু তেখেতৰ শেষৰ বাক্যষাৰে মোক বাৰুকৈয়ে নিৰাশ কৰিলে।ৰোলত নপৰে নাই বাৰু ইমানো ৰূঢ় ভাবে নকলে বেচি ভাল পালো হেতেন।ডুলিয়াজানে সপোন ভাঙিলে যদিও ডিগবৈ বাসীয়ে মোক উতসাহ দিলে।আমাৰ এচচিয়েচনৰে নাথ চাৰে মোক ডিগবৈত এটা স্বৰ বাবে সহায় কৰি দিলে।ৰাতি ৮মান বজাত মোৰ বিশিষ্ট বন্ধু ইৰফানক লগতলৈ মাৰ সৈতে ডিগবৈলৈ ওলালো।সেই সময়ত ডিগবৈলৈ যোৱা পথত বনৰীয়া হাতীয়ে পথাচাৰিক বহুত হাৰাশাস্তি কৰাৰ বাতৰি ওলাইছিল।তথাপি যুজিবৰ বাবে সাহস বুকুত বান্ধিলৈ ওলালো ডিগবৈলৈ বুলি।মোতকৈ মোৰ বন্ধুবৰৰ সাহস আৰু উতসাহ বেচি।তাৰ সাহসতে সেইদিনা হাতীৰ এটা জাকৰ সন্মুখেদি সুকলমে পাৰ হৈ আহিলো।এইখিনিতে মই ডিগবৈ বাসীৰ উতসাহ আৰু সহায়ৰ বাবে চিৰদিন কৃতজ্ঞ হৈ ৰম।অলপ মান টকা হাতলৈ আহিল।এইকণ টকাৰ যোগাৰে বিদেশলৈ যোৱাৰ সপোন দেখা মানে সাগৰত টুলুঙা নাওঁত উঠি ভ্ৰমন কৰা।দিনে ৰাতিয়ে মগজত এটা চিন্তাই আমনি কৰি থাকিল।
কোনোবা সদাশয় ব্যক্তিয়ে মোক এবাৰ সেই সময়ৰ বৈদ্যুতিক মন্ত্ৰী প্ৰদ্যুত বৰদলৈ দেৱক লগ কৰিবলৈ উপদেশ দিলে।তাৰ আগতে মই তেখেতৰ...........কথামতে কাম মই আৰু মা স্পনচৰৰ ক্ষীন আশা এটালৈ বৰদলৈ দেৱৰ ওচৰ পালোগৈ।তেখেতে আশ্বাস দিলে কিবা এটা কৰিবলৈ যত্ন কৰাৰ।কিন্তু হাতত যে সময় বৰ কম তাকো জনালে।ইমান কম সময়ৰ ভিতৰত যিমান সহায় কৰি দিব পাৰে কৰিব বুলি কৈ পঠিয়ালে।মোলৈ ইফালে তাগিদা আহিব ধৰিলে মই যাতে পইচাৰ পিচত দৌৰি নিজৰ অনুশিলনী বাদ নিদিওঁ।দুই নাৱত দুই ভৰি এফালে পইচা আনফালে অনুশিলনী।এটাক এৰি এটাক ধৰিব নোৱাৰি।প্ৰায় পোন্ধৰ দিন মানৰ পিচত মোলৈ খবৰ আহিল কিবা এটা মুখ্যমন্ত্ৰীৰ ফাণ্ডৰ পৰা মোলৈ কিছু টকা আহিছে।কথা মতে কাম মা আৰু মই ডি.চিৰ অফিচ পালোগৈ।সেই সময়ত তিনিচুকীয়াৰ ডি.চি আছিল সমীৰ সিং।তেখেতে মোৰ লগত বডিবিল্ডিং সম্পৰ্কে বহু কথা আলোচনা কৰিলে আৰু মোৰ হাতত মুখ্যমন্ত্ৰীৰ ফাণ্ডৰ পৰা অহা টকা বিশ হাজাৰ দিয়াৰ আশ্বাস দিলে।পোহৰৰ ৰেঙনী এটা দেখা পাই অলপ আস্বস্ত হলো।মা-দেউতাৰ সাচঁতিয়া যি আছিল তাকে জাৰি জোকাৰি দি মোৰ যোৱাৰ পূৰ্ণ প্ৰস্তুতি কৰি পেলালে।
-গুৱাহাটীৰ পৰা ভৱ গোস্বামীয়ে ফোন কৰিছিল।তোক ফোন এটা কৰিবলৈ কৈছে।
মায়ে মই জিমৰ পৰা আহি পোৱাৰ লগেলগে ক’লে।
মইও দেৰি নকৰি ভৱ দালৈ ফোন লগালো
-ভৱদা ফোন কৰিছিল,ফোনটোত ভৱদাই হেল্ল বুলি কোৱা শুনি ক’লো
-তই আহ পাচপৰ্টখন বনাব লাগে।
-কেতিয়ালৈ যাম?
-কালিয়ে উঠি দে ট্ৰেনত।
-কিন্তু পইচা সম্পূৰ্ণ গোট খোৱা নাই যে?
-হ’ব দে ইয়াতো স্বু এটা কৰাই অলপ পইচা কালেক্ট কৰিব লাগিব।
কথামতে পিচদিনা গুৱাহটীলৈ বুলি ওলালো।
হাতত সময় কম।ৰিটাৰ্ন টিকেট নামিয়ে কৰি ললো।দুদিন হাতত মুঠেই।প্ৰেকটিচ এই সময়ত এৰিব নোৱাৰি।গুৱাহাটীৰ কামবোৰ সোনকালে শেষ কৰিব নোৱাৰিলে বিপদ আছে।দৌৰ লগালো ভৱদাক বিচাৰি।আগতে কথা পতাৰ দৰে মই হোটেল এখনত সোমাইলৈ ফ্ৰেচহৈ ললো।ভৱদালৈ পি চি অ এটাত সোমাই ফোন কৰিলো।ভৱদাৰ কথা মতে তেওঁৰ ঘৰ ওলালোগৈ।বৌ দাদাই জোৰ কৰিয়ে ৰাতিপুৱাৰ জলপান খোৱাই ৰেষ্ট লবলৈ দিলে।বিচনাত পৰাৰ পাচতে মই টুপনিত অচেতন হৈ পৰিলো।মোক যেতিয়া ভৱ দাই ভাত খাবলৈ উঠালে তেতিয়া ঘড়ীত এঘাৰ বাজি গৈছিল।লৰালৰিকৈ উঠি ভাত খাইয়ে ওলাই গলো উদ্দেশ্য পাচপৰ্ট।পাচপৰ্ট অফিচত ফৰ্মখন ভৱদায়ে ফিলাপ কৰিলে মই মাথো কাষে কাষে থাকি যাৱতীয় নথি পত্ৰসমূহ আগবঢ়াই দিলো।ফৰ্মখনত চহীটো কৰাৰ পিচত মোৰ ফাইলটো ভিতৰলৈ পঠিওৱা হ’ল।প্ৰতিখন টেবুল সলোৱাৰ পিচত ততকালত পাচপৰ্টখন সোনকালেই হব বুলি জনালে।আমি পাচপৰ্টৰ অফিচৰ পৰা ঘুৰি আহো মানে গধুলী হবৰ হৈছিল।অলপ সময় ভৱদাৰ লগত ইফাল সিফাল কৰি মই হোটেললৈ বুলি ৰাওনা দিলো।ভৱদাক এৰাৰ সময়ত তেওঁ মোক পিচদিনা স্ব এটাৰ বাবে সাজু হবলৈ কৈ থৈ গ’ল।হোটেল পাই নাকে-কাণে ৰাতিৰ সাজটো গুজি শুই পৰিলো।শুবৰ সময়ত প্লেন কৰি থলো পুৱাই মুনীন দাৰ জীমত অলপ ৱাৰম আপ কৰি আহিব লাগিব।একো এটা সাজু নোহোৱাকৈ স্ব এখনতগৈ স্টেজত উঠি দিব নোৱাৰি।
পিচদিনা পুৱাই মুনীনদাৰ ওচৰ পালোগৈ। সেৱা কৰি সকলো ভাঙি পাতি কলো।তেখেতে মোক জীমৰ ভিতৰলৈ নি সকলোৰে সন্মুখত চিনাকি কৰাই দিলে।দাদাই মোক আনৰ আগত পৰিচয় কৰাবলৈ পালে হোৱাতকৈ বেচিকৈ প্ৰশংসা কৰে।মই বুজো দাদাই মোক বৰ ভাল পায়।সেইকাৰণে চাগে মোৰ দুখবোৰ নেদেখি গুণবোৰহে চকুত পৰে।যি কি নহওঁক দাদাৰ মুখত মোৰ প্ৰশংসা শুনি লাজ লাগিল।কিছু সময় তাত কটাই ওলাই আহিলো।গধুলিৰ বাবে সাজু হবলৈও আছে।ভৱদালৈ পিচিঅ এটাৰ পৰা ফোন কৰিলো।তেওঁ মোক হোটেলত গৈ ৰেষ্ট লবলৈ ক’লত ভালেই পালো।গধুলীৰ আগে আগে ভৱদা ওলালহি।দুয়ো স্বুটোৰ বাবে ওলাই গ’লো।
স্বুটোৰ পৰা যেনিবা অলপ টকা হাতলৈ আহিল।অলপ মনটো ডাঠ হ’ল।সপোনবোৰ ফলিওৱাৰ উতকণ্ঠাত ৰাতিবোৰ টোপনি নহা হ’ল।উগুল-থুগুল মনলৈ ঘুৰি গৈ অনুশীলনীত লাগিলো।প্ৰতি মূহুৰ্তত সপোন দেখিবলৈ ললো।চকু মেলিয়ে অসমৰ নাম উজ্বলোৱাৰ সপোন ৰচি গলো।
আজি মোৰ জীৱনৰ টাৰ্নিং পইণ্ট।দুহাত যোৰ কৰি ভগৱানক খাটিছো।ফটোখনৰ আগত বিৰবিৰাই কৈছো বাৰেবাৰে।
-আজিলৈকে তোমাক মোৰ নিজৰ কাৰণে একো খোজা নাই।মোৰ কাৰণে অকল নহয়,মোৰ মা-দেউতা চাৰ,ভৱদা ,মোৰ বন্ধু-বান্ধৱ,মোক লৈ গৌৰৱ কৰিব বিচৰা মোৰ মানুহখিনি,তাতোকৈ মোৰ মাতৃভুমিৰ লাজ ৰাখিবা প্ৰভু।
মায়ে আটোম-টোকাৰিকৈ মৰম এসোপা বান্ধি দি পঠিওৱা বাকচটো হাততলৈ যাবলৈ ওলাই থমকি ৰ’লো।মা-দেউতাক সেৱা এটা কৰিলো মনৰ ভিতৰতে।মই জানো সেৱা কৰিবলৈ গ’লে মা ভাবুকহৈ পৰিব লগতে ময়ো।
-আহো মা-দেতা।
দেউতাই লাহেকৈ মাত মাতিলে
-সুবিধা কৰিব পাৰিলে খবৰ খাটি দি থাকিবি।
দেউতাই সেয়া চাগে মোৰ প্ৰতি প্ৰথম দেখাকৈ অনুভৱ উদঙাই দেখুৱালে।মনটো ভৰি পৰিল অলপ আৱেগিকো হ’লো চাগে।ওলাই অহা চকু পানীখিনি দেখুৱাব নিবিচাৰি লৰালৰিকৈ চিৰি বগাই তললৈ নামি আহিলো।ট্ৰেনত ৰাতি টোপনি নাহিল গোটেই ৰাতি চাটি ফুটি কৰি কটালো।“ৱিইটনি হাষ্টনৰ”
–‘I want one moment in time,
When I’m more than I
thought I could be
..............
And the answers are all up to me’
গানটো বাৰে বাৰে মনলৈ আহি থাকিল।গোটেই প্ৰগেমটো এবাৰ মনতে জুকিয়াই চালো।কালি যদি গুৱাহাটী পুৱাতে পাওঁগৈ দিনটো ৰেষ্টলৈ গধুলী এয়াৰ পৰ্ট পাবগৈ লাগিব।তাৰ পৰা কলিকতা ভায়াহৈ দিল্লী ভিছাৰ বাবে।তাতে মিষ্টাৰ মৌলি আৰু মুম্বাইৰ পৰা অহা টিমটো লগহৈ আমি স্পেইন পামগৈ।মৌলি আৰু গ্ৰুপটো লগপোৱাৰ পিচত নিচিন্ত লাগিব।জীৱনত প্ৰথম প্লেনত উঠিবলৈ গৈ আছো তাকো অকলে।পেটেপেটে ভয় এটাই সকলো সময়তে ঘেৰি থাকে যদিওঁ মিষ্টাৰ ইউনিভাৰ্চ খেলিবলৈ পোৱা সপোনটোৱে সাহসী কৰি তোলে।এইদৰে বিভিন্ন চিন্তালৈ পিচ ৰাতি টোপনি গ’লো।ৰাতিপুৱা মানুহবোৰৰ লৰাধপৰাত সাৰ পালো।কিছুমান উঠিছে কিছুমান নামিবলৈ লৈছে।খকমকাই বহি পৰি খেপিয়াই চালো পইচাৰ বেগটো।কান্ধত ওলমাই ৰখা বেগটোত টিকেটৰ পইচা ভৱদাক দিবলৈ আছে লগতে মিষ্টাৰ মৌলিকো।এইকেইটাই মোৰ পৰিয়ালৰ একমাত্ৰ ভৰসা, পৰিয়ালৰ ভৱিষ্যতক কাটি কৰি আগবঢ়াই দিছে একমাত্ৰ মোৰ সপোন, মোকলৈ মা দেউতাই দেখা সপোন বাস্তৱ হবলৈকে।দেউতাক মায়ে এদিন কোৱা শুনিছিলো।
-দুইটাই চাকৰী কৰো যেতিয়া আকৌ অলপ অলপকৈ সাঁচিম দিয়ক।
দেউতাই কি কয় কাণ ওনাই শুনিছিলো।দেউতাই দীঘল হুমূনিয়া এটা পেলাই মনে মনে ৰৈছিল।
বৰঝাৰ বিমান বন্দৰলৈ ভৱদাই আগবঢ়াই দিছিল।আৰু কিহৰ পিচত কি কৰিব লাগিব বুজাইদি মই যোৱালৈ বাহিৰৰ পৰা চাই ৰ’ল।মই চিকিউৰটি চেকলৈ ঘুৰাৰ আগতে ভৱদালৈ ঘুৰি চালো।হাতখন ডাঙি মোক অভিবাদন জনালে।মই লণ্জত কিছু সময় অপেক্ষা কৰাৰ পিচতে বিমান উৰাৰ সংকেত পালো।বাকী কলিকতালৈ যোৱা যাত্ৰী সকলৰ সৈতে টিকেটটো হাততলৈ থিয় হ’লো।মোৰ আলক্ষিতে জীৱনৰ চৰম দুৰ্ভাগ্যই বাট চাই আছে বুলি কোনে জানিছিল।কলিকতা এয়াৰপৰ্টৰ লণ্জত বেগটো সাৱটি বহি ৰ’লো পিচৰ যাত্ৰাৰ বাবে।ঘোষনা কক্ষৰ পৰা বাৰে বাৰে কিবা এটা বাৰেবাৰে ঘোষনা কৰি আছে।কাৰোবাক যেন ঘোষনা কক্ষত বিচৰাৰ কথা কৈ আছে।হঠাত মন দি শুনিলত নিজৰ নামটো শুনা যেন পাই খৰ খোজেৰে ইজন সিজনক সুধি ঘোষনা কক্ষৰ কাষ চাপি গ’লো।হাতত মাৰ মৰম আৰু হেপাহ কঢ়িয়াই অনা বাকচটো।হিন্দিতে সুধিলো কিয় বিচাৰিছিল।ইফালে ঘড়ীলৈ চাই দেখো পিচৰ প্লেনৰ বাবে সময় হৈ আহিছে।উতকণ্ঠাত চাগে মোৰ মাতটো কপিছিল।নাৰ্ভাচৰ কোবত অফিচাৰজনে কি কৈছে একো নুশুনিলো।লগৰ জুনিঅৰ অফিচাৰজনে যেন মোৰ মনৰ অৱস্হা বুজি পালে।তেওঁ উঠি আহি আলফুলে মোৰ পিঠিত হাত এখন দি ক’লে
-আপনাৰ চিনিউৰ মিষ্টাৰ মৌলি আপনাৰ জন্যে এক মেছেজ পাঠিয়েছে।
বুকুখন কপি উঠিল আশংকাত।কিয় মৌলিয়ে মেছেজ পঠিয়াব ল’গা হ’ল।
-মানে আমি ঠিক বুঝতে পাৰছি না।মানে মৌলি কি বলছে যেন?
-ইয়ে মানে মৌলি....মানুহজন অলপ ৰ’ল।জুকিয়াই ললে যেন।কিবা যেন ইতষ্টত ভাব।কব নোৱাৰাকৈয়ে মোৰ মুখেৰে ওলাই আহিল।
-মানে আপুনি কিবা খবৰ দিব বিচাৰিছে?
জুনিয়ৰ অফিচাৰজনে ভঙা ভঙা অসমীয়াত ক’লে।
-মিষ্টাৰ মৌলিয়ে খবৰ পঠিয়াইছে যে আপোনাৰ ভিছা নহল।
মোৰ নিজৰ কাণকে বিশ্বাস নহল।আকৌ সুধিলো
-মানে কি কব বিচাৰিছে?
-মিষ্টাৰ মৌলিয়ে জনাইছে যে আপোনাৰ ভিছা নহল।আপুনি তেখেত সকলৰ লগত যাব নোৱাৰিব।
-can I contact with Mr Mouly?please help.
-yes,of course.
মৌলিৰ সৈতে তেওঁলোকে কথা পতাই দিলে।গোটেই কথা খিনিৰ পৰা এইটোৱে গম পোৱা গ’ল যে অসমৰ পৰা যোৱাটো কনফাৰ্ম কৰোতে দেৰি কৰাৰ বাবেই সময়ত ভিছাখন নহলগৈ।মুৰে কপালে হাত দি বহি পৰিলো।কথাখিনি শুনাৰ পিচত মই ফোনৰ কানেকচনটোও কাটিবলৈ পাহৰি গলো।এক মুহূৰ্তৰ বাবে চিঞৰি চিঞৰি কান্দিম নে ,মৌলিৰ লগত কাজিয়া কৰিম নে, নিজে নিজক গালি পাৰিম একো ঠিৰাং কৰিব নোৱাৰিলো।হুচ যেতিয়া আহিল চকু তুলি চাই দেখো জুনিয়ৰ অফিচাৰজন মোৰ কাষতে কি কব কি নকব কৈ থিয় হৈ আছে।ভৱদাক খবৰ দিয়া যায় কেনেকৈ।লাহেকৈ অফিচাৰজনক তেওঁলোকৰ তাৰ পৰা অসমলৈ এটা মেছেজ পঠিওৱাৰ ব্যৱস্হা কৰি দিবলৈ অনুৰোধ কৰিলোঁ।তেখেত লগে লগে মান্তি হ’ল।মোক ভিতৰলৈ মাতি নিলে।চিনিয়ৰ অফিচাৰজনে মোক বহিবলৈ দি ক’লে
-আপোনাক মৌলিয়ে মাতি পঠিয়াইছে।বিচাৰিলে তেওঁক নিজে লগ কৰি গোটেই ঘটনাটো জানি আহিব পাৰিব।
মই অসমৰ সৈতে যোগাযোগ কৰিহে জনাম বুলি ক’লো।ভৱদাৰ লগত কথা পাতিবলৈ তেওঁ সহায় কৰি দিলে।
-তই ঘুৰি গুচি আহ ।ভৱদাৰ মাতত উষ্মা মিহলি।ইয়াৰ উচিত বিচাৰ হ’বই লাগিব।
সপোনবোৰ কলিকতাৰ এয়াৰপৰ্টতে ভাঙি চুৰমাৰ হ’ল।এনে লাগিল একে দৌৰে মাৰ কাষ পামগৈ।মাৰ কাষতহে মই শান্তি পাম যেন।কিন্তু লগেলগে ঘুৰি আহ বুলি ক’লেটো আহিব নোৱাৰি।প্লেন পিচদিনাহে আছে।কি কৰা যায় গোটেই ৰাতিটো।ভিতৰি ভিতৰি মানসিক ভাবে ভাগি পৰিছো ইফালে। অফিচাৰজনে যেন বুজি পালে তেওঁ মোক বুজালে ৰাতি লণ্জত থাকিবলৈ দিয়াৰ নিয়ম নাই।তেওঁলোকৰ ডমেটৰি এটা আছে মোৰ আপত্তি নহলে তাতে থকাৰ ব্যৱস্হা কৰি দিব বুলিও কলে।সন্মানত তেওঁৰ প্ৰতি মুৰ ডোখাই গ’ল।ইতিমধ্যে তেওঁ মোৰ বিষয়ে সকলো পেৰি পেৰি মোৰ পৰা সুধি লৈছিল।কথাৰ মাজতে তেওঁ দুখ প্ৰকাশ কৰিলে নৰ্থ ইষ্টখন সদায় নেগলেক্টেড।বাকি কেইখনে ওপৰলৈ উঠিব দিব নিবিচাৰে।বাকী ৰাজ্যৰ মানুহবোৰে আমাক জংঘলী বুলিয়ে ভাবে এতিয়াওঁ।ৰাতিটো নাজাই নোপোৱাই লাগিল ।খোৱাবোৱাৰ সকলো ব্যৱস্হা আনকি পিচদিনাৰ ব্ৰেকফাষ্টলৈকে তেওঁৱে আগবঢ়ালে।পিচদিনা বিদায় ললো তেওঁৰ পৰা গধুৰ মন এটা লৈ।অফিচাৰজনৰ ওচৰত আজিও মই কৃতজ্ঞ।পৃথিৱীত অকল বেয়া মানুহেৰে নহয় মানৱিয়তা গুণেৰে ভৰা এয়াৰপৰ্টৰ গ্ৰাউণ্ড অফিচাৰ জনৰ দৰে মানুহো আছে।ভৱদাই গুৱাহাটীত নামি লগ কৰিবলৈ কৈছিল যদিও মানসিক ভাবে মই মুঠেই নিজকে প্ৰস্তুত কৰিব নোৱাৰিলো ভৱদাৰ সন্মুখত থিয় দিবলৈ।ঘৰলৈ ঘুৰি আহোতে উপলদ্ধি হ’ল –মোৰ সপোনবোৰ সপোনেই হৈ ৰ’ল।সকলোৰে আলক্ষিতে সপোন ভাগি থানবান হল।
No comments:
Post a Comment