“মা”
-হিমু,বেগাই আহচোন এইফালে ভাইটিক ধৰহি।
চাৰৰ মাতটো  শুনি বাৰীৰ পিচফালৰ পৰা হিলদল ভাঙি দৌৰ মাৰি আহিলো।
-কওঁক চাৰ।
-ধৰচোন ধৰ বাবাটোক ধৰ।কলেজলৈ দেৰিয়ে হব এতিয়া।
মই মুহাটোত বহাৰ লগে লগে মইনাক আনি চাৰে মোৰ হাতত দিলেহি।
মোৰ নামটো হিমু কোনে দিলে বাৰু?কিয়ই বা দিলে?একোৱেই মনত নপৰে দেখোন।মোৰ নিজৰ আপোন বুলিবলৈ মাথো “চাৰ” আৰু মইনা।হাজৰীকা চাৰে মই নিচেই সৰুতে বাটত কান্দি থকা পাই লৈ আহিছিল হেনো।মই আহোতে চাৰৰ ল’ৰাটোৱে খোজ কাঢ়িবলৈ  আৰম্ভ কৰিছিলহে মাত্ৰ।চাৰে কলেজ এখনত চাকৰী কৰে।ভাত-পানী তেৱেই বনায়।আমি তিনিওটাই খাওঁ।তেওঁ ভাত বনাই থাকোতে মইনাৰ লগত মই খেলি থাকো।খোৱা হলে মইনাকলৈ চাৰ ওলাই যায়।মোক বাহিৰৰ কোঠাতে বহিবলৈ দি কলৈকো ওলাই নাযাবলৈ দঢ়াই দঢ়াই কৈ থৈ যায়।কোৱা শুনিছো কলেজৰ কাষতে মইনাৰ আইতাকৰ ঘৰ।তাতে দিনটো মইনাক থৈ চাৰে কলেজত পঢ়োৱাবলৈ যায়।কলেজ চুটিৰ পিচত মইনাক লৈ ঘৰলৈ ঘুৰে।
   কিমান বছৰ হ’ল বাৰু মই অহা?মনত পেলাবলৈ যত্ন কৰিলো।সেইবোৰ ভাবিবলৈ সময় ক’ত!মইনাৰ লগতে উমলি-জামলিয়ে দিনবোৰ পাৰ কৰিয়ে আমি দুইটা ডাঙৰ হ’লো।এতিয়া লাহেলাহে মই চাৰক ইটো সিটো কৰাত সহায় কৰি দিব পৰা হ’লো।মইনাক চাৰে গা ধুৱাই দিয়ে।ভাত খোৱাই দিয়ে।আৰু বাকী সময় মোৰ লগতে আহি খেলি থাকে।
চাৰৰ বায়েকহঁত কেতিয়াবা ফুৰিবলৈ আহে।তেওঁলোকে মইনাক কোচত উঠাইলৈ প্ৰায়ে কয়-ই গোটেইটো মাকৰ দৰেই হ’ল।
মাজে মাজে মইনাই চাৰক সোধা শুনো
-দেউতা,মা কেতিয়া আহিব?
তাৰ কথা শুনি মোৰো মন যায় শুধিবলৈ-মোৰ মাক বাৰু কেতিয়াবা দেখিছিল নেকি?দেখিবলৈ বাৰু মই মাৰ নিচিনা নে?
কিন্তু চাৰৰ কৰুণ মুখখন দেখিলে মোৰ মনটো কুছ খায় যায়।আজিকালি চাৰ আৰু মইনা ওলাই গলে মই দৌৰি বাৰীৰ পিচফাল পাওঁগৈ।তাত থকা ডাঙৰ আহঁত গছজোপাৰ তলত থিয় হৈ তালৈ অহা চৰাইবোৰক  চাই থাকো।এটা বিশেষ সময়ত তালৈ এটা চৰাই আহে।চৰাইটো দেখাত ক’লা কাউৰীৰ দৰে কিন্তু মাতটো ইমান সুৰীয়া।এদিন চাৰক সুধি পেলালো
-চাৰ,কাউৰীৰ নিচিনা চৰাইটো যে বাৰীৰ পিচফালে চিঞৰি আছে সেইটো কি চৰাই হয়?
-অহ! সেইটো কুলী চৰাই।শুনিছ নে তাই কুউ কুউ বুলি চিঞৰিছে।
কিন্তু মইটো চৰাইজনীক মা মা বুলি মতাহে শুনো।মোৰ এনে লাগে মইনা আৰু মোৰ দৰে তাইৰো “মা” নাই চাগে।
   দিন বিলাক আগবাঢ়ে লগতে মোৰো কামবোৰ বাঢ়ে।চাৰৰ মন ফৰকাল হৈ থাকিলে মোৰ লগত দুই এষাৰ কথা পাতে।তেওঁক সুধি গম পাইছিলো কুলি চৰায়ে বাঁহ নাসাজে।কাউৰীৰ বাঁহতে কণী পাৰে।তাতেই কণীবোৰৰ পৰা পোৱালী জগে।
  কণমানি মইনা এতিয়া বৰ এটা হ’ল।সি স্কুল যোৱাই তিনি বছৰ হ’ল।চাৰে তাৰ লগতে মোকো দুই এটা আখৰ শিকাই দিয়ে।মইনা এদিন স্কুলৰ পৰা আহিয়েই নতুন কাপোৰ কানি পিন্ধি কৰবালে ওলোৱা দেখি মই তাক সুধিলো-মইনা কোনফালে যোৱা নতুন কাপোৰ পিন্ধি?
-হিমু দা,বলা আমি মাক আনিবলৈ যাওঁ।আইতাহঁতৰ ঘৰলৈ মা আহিব নহয়।
তাৰ লগত মইও সাজি পাৰি ওলালো।বাহিৰলৈ আহি দেখো চাৰে এখন টেক্সি গাড়ীলৈ ৰৈ আছে।লৰালৰিকৈ মাইনা আৰু মই পিচফালৰ চিটত বহিলোগৈ।আইতাৰ ঘৰ পাই মাইনা উধাতু খাই আইতাকৰ ওচৰ পালেগৈ।মইয়ো তাৰ পিচেপিচে ভিতৰ পালোগৈ।আগেয়ে কেইবাবাৰো মইনাৰ আইতাকৰ ঘৰলৈ আহিছো।আইতাই ঢেঁকীশালৰ কাষতে বহি চাহ খাই আছে।
-আইতা,আজি নহয় মোৰ মা আহিব তুমি জানানে?আমি “মা”ক আমাৰ ঘৰলৈ লৈ যাম।তুমি কি কি বনাইছা বান্ধি দিয়াচোন লৈ যাবলৈ।মইনাই কলে।
আইতাকে মুখত এমুকোৰা হাঁহিলৈ মইনাক জোকালে-এহ ৰবাচোন মইনা,মাৰাক মোৰ ইয়াতে ৰাখি থম বুলিহে ভাবিছিলো।
কথাষাৰ শুনি মইনাই মনটো মাৰি পেলালে।আইতাকে তাৰ মনবুজি পাই পুনৰ কলে
-মইনা,মই ধেমালীহে কৰিছো।যোৱাচোন বাহিৰত কোনোবা আহিছে নেকি চোৱাগৈ বাৰু।
আমি দুইটা হাতত ধৰাধৰিকৈ দৌৰ মাৰিলো বাহিৰত কোন আহিছে চাবলৈ।দুজন মানুহৰ সৈতে দুগৰাকী মানুহ নামিল গাড়ীৰ পৰা।লগত অহা এগৰাকীয়ে আন গৰাকীক আগুৱাই দি মইনাক উদ্দেশ্যি ক’লে
-মইনা,এয়া লোৱা তোমাৰ “মা”।
মইনা একে দৌৰে গৈ ধুনীয়া মানুহ গৰাকীৰ ডিঙিত সাৱটি ধৰিলেগৈ।মানুহ গৰাকীয়েও সমানেই জোৰত মইনাক সাৱটি ধৰিলে।মইনাৰ আনন্দ দেখি মোৰো ফুৰ্তিতে চকুৰ পানী বৈ আহিল।মইনাৰ মাককলৈ আমি সকলো ঘৰ পালোহি।
  মইনাৰ “মা”ক অহাৰ পৰা মোৰ দায়িত্ব কমি আহিল।ঘৰখন আগতকৈ চিজিল আৰু চাফা হ’ল। দুই এপদ নতুন বস্তুও আহিল।
চাৰে শিকাই দিয়াৰ দৰে মইনাৰ মাকক বাইদেউ বুলি কবলৈ ললো।মইনাই মোৰ লগত খেলি থকাৰ মাজতে উঠিগৈ বাইদেউৰ লগত ব্যস্ত হৈ পৰে মাজে মাজে।মই আজৰি পালেই গছজোপাৰ কাষলৈ ঘনাই যোৱা হ’লো।গছজোপাৰ ওচৰত থিয়হৈ কোনোবাই শুনে বুলি ফুচফুচাই কওঁ
-মোকো মইনাৰ দৰে “মা” এজনী আনি দিয়া ভগৱান।কাউৰীৰ বাঁহত এৰি যোৱা কুলি পোৱালীৰ দৰেই মোৰ অৱস্হা।না মই “মা”ক চিনি পাওঁ না মায়ে মোক চিনি পাই,কাউৰী বাঁহৰ কুলি পোৱালী কেইটাৰ দৰেই মইও ‘মা ঔ’,’মা ঔ’ বুলি চিঞৰি আছো অথচ মায়ে নাজানে মই কোন,ক’ত আছো।
প্ৰথম বাৰৰ বাবে মোৰ দুধাৰি চকুলো বৈ আহিল।মই প্ৰায়ে কোনেওঁ নেদেখাকৈ  বাৰীৰ পিচফালে গৈ উচুপি কান্দো।
  এদিন মইনাৰ মাকৰ ওচৰত মই ধৰা পৰি গলো।তেওঁ মোৰ হাতখন ধৰিলৈ সুধিলে
-হিমু,তই কিয় ইমান মন মাৰি থাক অ’,কিবা লাগিব নেকি তোক?
মই নিৰবে মুৰটো জোকাৰো নালাগে বুলি।
এদিনৰ কথা বাইদেউৱে মইনাক মৰম কৰি থকা চাই থাকিয়ে চকুৰ পানী মই কব নোৱাৰাকৈয়ে বৈ আহিল।বাইদেউৱে দেখা পাই আচৰিত হৈ সুধিলে
-হিমু,তই কিয় কান্দিছ?
কব নোৱাৰাকৈয়ে মোৰ মুখেদি ওলাই আহিল
-মোৰ যে “মা” নাই।
বাইদেউৱে মইনাক লগতলৈ মোৰ ওচৰলৈ আগবাঢ়ি আহিল।অতি মৰমেৰে মোক সাৱটি ধৰি ক’লে
-মই তোৰো “মা” হিমু।
বাইদেউক মই “মা” বুলি সাৱটি ধৰিলো।অলপ সময়ৰ পিচত মই বাইদেউক ক’লো
-বাইদেউ,আজিৰ পৰা মই আপোনাক “মা” বুলি মাতিম তেনেহলে দেই।
এইবুলি মই বাৰীৰ পিচফাললে লৰ ধৰিলো।গছৰ তল পাই কুলি চৰাইজনীক উদ্দেশ্যি ক’লো
-অ কুলি চৰাই মই “মা” পাই গ’লো।তইয়ো বিচাৰ বুজিছ।এই বসন্তত নহলেও অহা বসন্তত পাই যাবি চিন্তা নকৰিবি।
তেনেকুৱাতে ভিতৰৰ পৰা চিঞৰা শুনিলো 
-হিমু কলৈ গলি?
মইও চিঞৰি ক’লো
-আহি আছো “মা”।

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...