বটবৃক্ষ

সি অফিচলৈ অহা যোৱা কৰা বাটত ক’ত মানুহ লগ পাই কোনো দিন এই মানুহজনক আগেয়ে লগ পোৱা যেন মনত নপৰে তাৰ৷কিন্ত কিয় জানো তাৰ খুব চিনাকি চিনাকি  লাগে মানুহজনক৷ওখ পাখই পাঁচ ফুট দহ ইঞ্চি মান হব৷বগা মুখৰ ডাড়িখিনি মাজেমাজে পকিছে৷শুভ্ৰ চুলিবোৰ বেক ব্ৰাচ কৰি থৈছে৷মুখখন দীঘল৷নাকটো গোটা দীঘল৷উঁঠযোৰ গোলপীয়া৷এসময়ত বৰ ধুনীয়া আছিল চাগৈ৷

   বৈভৱ গড়কাপ্তানি বিভাগৰ উচ্চপদস্থ বিষয়া৷মাৰ্চৰ শেষত সকলোবোৰ খাটা পত্ৰ উলিয়াই অডিট কৰাব লগা হৈছে৷খোৱা বোৱা শোৱাৰ কোনো ঠান ঠিকনা নোহোৱা হৈছে এইকেইদিন৷ঘৰতো মিতালীক জনাই দিছে যাতে কেতিয়া আহিব বুলি ফোন কৰি নাথাকে৷কিবা বস্তুৰ আৱশ্যক হ’লে ড্ৰাইভাৰ টেগ বাহাদুৰক ফোন এটা কৰি দিলে সিয়ে বস্তু কিনি দি আহিব৷একে লেথাৰি দুঘণ্টা বহিবহি আমনি লাগিলত চিগাৰেট এটা জ্বলাই খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালে৷তাৰ অফিচৰ কিছু আঁতৰেদি মহাবাহু ব্ৰহ্মপুত্ৰই ধনশিৰিনদী নামলৈ বৈ গৈছে৷পৰ্দাখন আঁতৰাই দিয়াৰ লগেলগে নদীৰ ফালৰ পৰা ঠাণ্ডা বতাহ এচাটিয়ে তাৰ দেহমন জুৰ পেলাই থৈ গ'ল৷সৌৱা মানুহজনে পান দোকানখনৰ মুখতে থিয়হৈ তাহাঁতৰ অফিচৰ ফালে উৎকণ্ঠাৰে কাৰোবালৈ যেন বাট চাই আছে৷অলপ পিছত দেখিলে টেগবাহাদুৰ দোকানলৈ যোৱাৰ লগেলগে মানুহজনে আগবাঢ়ি আহিল৷তাক কিবা এটা সুধিলে তাৰ পিছত দেখুন মানুহজন এখুজিদুখুজিকৈ সোঁফালৰ ৰাস্তাটোৱেদি গুচি গ'ল৷টেগবাহাদুৰক সুধিব লাগিব কোন হয় মানুহজন৷কৰবাতটো দেখিছে সি মানুহজনক৷কিন্ত এইখন ঠাইলৈটো আগতে তাৰ কোনো দিনেই অহা মনত নপৰে৷স্মৃতিৰ পাত লুটিয়াই চালে সি৷উহু নাই মানুহজনক কৰবাত আগতে দেখা মনত নপৰিল৷
-টেগ বাহাদুৰ৷ বৈভৱে ড্ৰাইভাৰজনক চিঞৰি মাতিলে৷এই সময়ত চাহ একাপৰ প্ৰয়োজন বৰকৈ অনুভৱ কৰিলে সি৷
-জি হুজুৰ৷
-যাচোন চাহৰ যোগাৰ কৰ৷স্টাফৰ কোন কোন আছে এবাৰ খবৰ কৰ৷বৰ বাবুৰ ৰুমত চাই আহ যা ৷সবকে চিঙৰা চাহ দি আহ৷
টকা পাঁচশ ওলিয়াই বাহাদুৰৰ হাতত দিলে৷
-বৰ বাবুৱে ক’ত চাহ খাব চাৰ৷গৰম পানী আন বুলি অথনিৰ পৰা মোক আমনি দি আছে৷মই কলোঁ বৰ চাহাবে গম পালে মোক কাটিব৷
-নাই খবৰদাৰ বাহাদুৰ৷তই আনি নিদিবি৷অফিচৰ ভিতৰত সেইবোৰ মই থকালৈকে নচলিব কৈ দিবি৷অফিচ চুটি কৰি ক’ত খাই খাই থাকক৷মোৰ আপত্তি নাই৷যা এতিয়া মই যিটো আনিব দিছো৷সবৰে টেবুলে টেবুলে দি আহ৷কাম আজিৰ ভিতৰত শেষ কৰিব লাগিব৷
বাহাদুৰ কোঠাৰ পৰা ওলাই যোৱাৰ পিচতে সি ফোনটো ওলিয়াই মাকলৈ লগালে৷ৰিং দুবাৰমান হোৱাৰ পিছতে সিফালৰ পৰা মাকৰ মাতটো শুনিলে
-ক কেনে আছ?ভালনে তহঁতৰ?মিতালীক কবিচোন  মোলৈ ফোন কৰিবলৈ তাইক কথা দুটামান কবলৈ আছে৷আমাৰ মুনটো কিমানটো হ'ল অ ?বৰ ডাঙৰ এটা হব পাই নহয়?
-ৰবাৰবা তুমিয়েই কৈ যাবা নে?মোকো কবলৈ দিবা৷কালি কৰোতেও  তুমি একেখিনি কথাই সুধিছিলা৷বেলেগ কিবা সুধা অ৷
-সদায় হহাঁৰ দৰে হো হো কৈ হাঁহি দিলে মাকে৷অ ক ক ৷মই কালিও এইখিনিকে সুধিলো হবলা?কিনো কৰিম অনবৰতে তহঁতৰ চিন্তাই মনটোত লাগি থাকে৷
-তোমাক সেইকাৰণে আমাৰ লগলৈ গুচি আহিবলৈ কৈছোঁ৷তুমিহে দেউতাৰ স্মৃতি সাৱটি তাতে ৰৈ গ'লা৷
-এহ কিনো কৰিবি অ৷বুঢ়াটোৱে মৰিবৰ আগত কৈ থৈ যোৱা কথাষাৰ পেলাব নোৱাৰিহে ৰখীয়া হৈ আছোঁ৷যি দিনাই দেখিম মই নোৱাৰিম আৰু সেইদিনাই সকলো এৰি গুচি যাম তহঁতৰ লগলৈ৷
-যি ভাল দেখা আৰু তুমি৷পুতেকৰ পৰা আঁতৰত থাকি তুমি সুখ পাইছা আৰু মই কি কম৷
-হে হে হব দে চেন্টি ফালিব নেলাগে৷তোৰ অফিচৰ ঝামেলাবোৰ অঁতাই ল ৷আমি শদিয়াৰ মমায়েৰৰ ঘৰৰ পৰা আহিমগে৷
যিটো কথা কম কম বুলি সি মাকলৈ ফোন কৰিছিল৷নোৱাৰিলে সি কব৷ এটা পুৰণি ঘটনা মাকক কম বুলিও থাকি গ'ল৷
-চাহ দিছোঁ হুজুৰ৷ঠাণ্ডাহৈ যাব জলদি খাই লব৷
-হব দে ৷দীঘল হুমুনিয়াহ এটা কাঢ়ি বৈভৱে বাহিৰলৈ  চাই থাকিয়ে টেগবাহাদুৰক ক’লে৷
টেগবাহাদুৰে গম পালে হুজুৰে এতিয়া অকলশৰীয়াকৈ থাকিব বিচাৰিছে৷সি দৰজাখন ভেজা দি কোঠাটোৰ পৰা ওলাই গ'ল৷
    মাকৰ মুখখনলৈ মনত পৰিল বৈভৱৰ৷অকল তাৰ বাবেই মাকে ঘৰৰ মতৰ বিপৰীতে গৈ জীৱনটো জুৱা খেলাদি খেলিলে৷এইবোৰ কথা মাকে কিন্ত তাক কোনো দিনেই জানিব দিয়া নাছিল ৷আইতাকৰ পৰা শুনিছিল সাধু যেন লগা তাৰ মাকৰ জীৱনৰ কথা৷দেউতাকৰ এটা কথা ভালদৰে তাৰ মনত আছে যিমান গালি পাৰিলেও ভাল পাইছিল তাক৷খুবেই মৰম কৰিছিল ৷মাত্ৰ উপদেশ দিবলৈ পালেহে ৰব নিবিচাৰিছিল৷অনৰ্গল কথা কৈ গৈছিল আৰু সি নিৰৱে মুৰ তল কৰি শুনি গৈছিল৷ সেই মুহূৰ্ততে মাক আহি দেউতাকক বুদ্ধি কৰি আঁতৰাই নিছিল৷আৰু সি সেই সুযোগতে সেই স্হান ত্যাগ কৰিছিল৷মদ খালেও দিলদাৰ মানুহ আছিল তাৰ দেউতাক৷অফুৰন্ত শক্তিৰ গৰাকী আছিল৷দেউতাকে মাকক আৰু তাক মুৰৰ ওপৰত এজোপা বট গছহৈ ছাঁ দি থিয় হৈ আছিল৷দেউতাকক হেৰুৱাই সি বাহিৰত নেদেখুৱালেও ভাগি পৰিছিল ভিতৰি৷অসহায় হৈ পৰিছিল৷মাকলৈ চাব নোৱাৰা হৈছিল৷প্ৰতি মুহূৰ্ততে দেউতাকৰ সৈতে ছাঁটোৰ দৰে লাগি থকা ধেমেলীয়া মাকজনী হঠাৎ নিৰ্বাক হৈ পৰিছিল৷কেইবাদিনো সি মন কৰিছিল মাকে মানুহৰ পৰা আঁতৰিগৈ  ব্ৰহ্মপুত্ৰৰ বালিচৰত বহি নদীৰ ঢৌ বিলাকলৈ চাই থাকি এটা সময়ত চিঞৰি চিঞৰি কান্দিছিল৷মাকৰ "কলৈ গুচি গলি " বুলি প্ৰাণকাতৰে মৰা চিঞৰটো ৰৈ ৰৈ শূন্যত বিলীনহৈ গৈছিল৷এসময়ত কান্দি কান্দি ভাগৰি ঘৰলৈ উভতিছিল৷এমাহ ধৰি প্ৰায় প্ৰতিদিন দেউতাকক এনেদৰে প্ৰশ্ন কৰা দেখিছিল সি৷ভয় কৰিছিল সি মাকে কিবা অঘটন ঘটাই বুলি৷সেইবাবেই আঁৰলৈ পিচা লৈছিল৷মাক ঘৰলৈ ঘুৰিবলৈ লওঁতেই সি লৰালৰিকৈ ঘৰলৈ ঘুৰিছিল৷মাকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ দেউতাক আৰু নাহে এই কথাষাৰ এটা সময়ত মাকে চাগে উপলব্ধি কৰিব পাৰিছিল৷লাহেলাহে মাক স্বাভাৱিক হৈছিল৷ মাকে পুৰণি চাকৰিটোলৈ উভতি গৈছিল আৰু ব্যস্ত হৈ পৰিছিল এসময়ত নিজে পাতিথৈ অহা বিদ্যালয় খনত৷
  সেই মানুহজন! মাকৰ সৈতে তোলা ফটোখন কডাক ষ্টুডিঅত৷হয় হয়  মাকৰ  ফটোখন দেখি সি কেইবাবাৰো জুপি চাইছিল৷চকুৰ চচমাযোৰ খুলি মুহাৰিলৈ দ্বিতীয়বাৰৰ বাবে ভালদৰে চাইছিল সি৷ঠিকেইটো ,যদি মাকৰ ভনীয়েক এজনী থাকিল হেতেন সি ভাবিলে হেতেন এইয়া তাৰ মাহীয়েকেই হয়৷কিন্ত তাৰ মাকটো মাক- দেউতাকৰ একমাত্ৰ জীয়েক আছিল৷এইয়া তাৰ মাকেই হয়৷আৰু ফটোত মাকৰ লগত থকা মানুহজন তেনে? আচৰিত!তাৰ সৈতে কৰ’বাত অলপ যেন!বহুত প্ৰশ্নই তোলপাৰ কৰি থাকিল তাৰ ভিতৰত৷আইতাকক সুধিলে তাৰ মনৰ সকলো খুদুৱণি আঁতৰিল হয় ৷কিন্ত আইতাক এবছৰৰ আগতে ইহ সংসাৰৰ পৰা বিদায় লৈছে৷আৰু মাকক এইবোৰ কথা সুধি কষ্ট দিবলৈও মনে নকলে৷সি ষ্টুডিঅৰ  মালিকজনক ফটোখনৰ বিষয়ে সুধিছিল৷তেওঁৰ পৰা কোনো সদুত্তৰ নাপালে সি৷তেওঁ কৈছিল হয়তো তেওঁৰ ককাকে কব পাৰিব ফটোখনৰ বিষয়ে৷কৈছিলোঁ মানুহজনে মাক আৰু ফটোৰ মানুহজনৰ বিষয়ে৷হাহাকাৰ কৰি উঠিছিল তাৰ মনটোত৷মাকলৈ শ্ৰদ্ধাত মুৰটো দু খাইছিল তাৰ৷জোৰকৈ কথাবোৰ মনৰ পৰা আঁতৰাই পেলাইছিল সি ৷সময়ে ব্যস্ততাই কথাটো তাৰ মনৰ পৰা এসময়ত একেবাৰেই পাহৰাই পেলাইছিল৷সেই বিশেষ মানুহজনক নেদেখা হলে চাগৈ সি ফটোখনৰ কথা পাহৰিয়েই পেলালে হয়৷সি খিৰিকীৰে বাহিৰলৈ চালে বাহিৰত ঝিলিপোকৰ চিঞৰ৷জোনাকী পৰুৱাবোৰ তৰাৰ দৰে গছে গছে উৰি ফুৰিছে৷মনৰ পৰা কথাবোৰ জোকাৰি পেলালে সি৷এইবাৰ সি কোঠাটোৰ পৰা ওলাই আহিল বাহিৰলৈ৷তাৰ মনৰ খুদুৱণি হয়তো টেগবাহাদুৰে আঁতৰাব পাৰিব৷কিন্ত কি হব এতিয়া আৰু পুৰণা ঘাঁ এটোকোৰা খুছৰি৷কোন কাহানিবাই ঘাঁ টুকোৰা মাকৰ শৰীৰৰ পৰা আঁতৰাই পেলাইছে ৷এতিয়া শুকাই যোৱা ঠাইটুকুৰাত ঘাঁৰ তিলমাত্ৰও চিন নাই আৰু৷স্বস্তিৰ নিশ্বাস এটা ওলাই আহিল৷মাকৰ অভাব বৰকৈ অনুভৱ কৰিছে সি৷মনতে ভাবিলে সি এইবাৰ সি বদলি লব ৷মাকজনীৰ পৰা সি আঁতৰি থাকিব নোৱাৰে৷এইজনী মাকে কেতিয়াও মুখ খুলি নকয় যে তাৰ অবিহনে তেওঁ কিমান অকলশৰীয়া৷সি জিৰণি বিচাৰিছে অলপ শান্তি বিচাৰিছে  এজোপা বট বৃক্ষৰ ছাঁত৷আৰু সেই শান্তি একমাত্ৰ মাকৰ কাষতহে পাব সি৷
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...