দিবাস্বপ্ন
ফেন্সি বজাৰৰ চপাৰচ্ পইণ্টত আকালা আৰু মই।বহুত দিনৰ পিচত আহিছো ইয়ালৈ।ঘৰৰ ভিতৰত সোমাই সোমাই মনটো বেয়া হৈ গৈছে বুলিয়ে ওলাই আহিছো।ওলাই আহিছো নহয় আকালাই জোৰ কৰিয়ে উলিয়াই আনিছে।হঠাত চিনাকি চিনাকি এটা গোন্ধ ,দীঘলকৈ উশাহ টানি বুকুলৈকে সোমোৱাই ললো।দুটা বছৰৰ বিৰতিৰ পিছত পালো চিগাৰেটৰ গোন্ধেৰে মিশ্ৰিত এসময়ত মোৰ মন প্ৰাণ উতলা কৰা গোন্ধ।হয় হয় এইটো ‘পাক’ ৰেবেন 1 মিলিয়ন’।মোৰ ষষ্টইন্দ্ৰীয় সজাগ হৈ উঠিল।চকু দুটা তুলি পিটপিটাই চালো ইফালে সিফালে।হঠাত সি চকুৰ প্ৰচাৰত পাৰ হৈ গ’ল।সি নিশ্চয় আমাক দেখিছে তথাপিও ইমান অস্পৰ্ধা।দেখিও এবাৰ মাত নলগোৱাকৈ গপ গপাই আমাক পাৰ হৈ গ’ল।ইমান খৰ গতিৰে পাৰ হৈ গ’ল মই মুখ খনকে দেখাৰ সুযোগ নাপালো।আজি নবছৰে কৰা প্ৰেমবোৰ কি অভিনয় আছিল।নোৱাৰে নোৱাৰে মোক এনেকৈ ঠগাব।ইমান সহজ নহয় মোৰ প্ৰেম নেওচি পলাই ফুৰিব এনেকৈ।সিয়ে কৈছিল দেখোন তই কেতিয়াবা মোক এৰি যাম বুলি ভাবিলে কৈ যাবি।তই নহলে মই ঘৰ বাৰী সকলো এৰি অঘৰী হম বুলি সিয়ে কৈ মোৰ মন ভোলাইছিল।আৰু আজি দুবছৰে সি মোৰ পৰা পলাই ফুৰিছে।সি একো নোকোৱাকৈ এনেকৈ এৰি যোৱাৰ পিছত মই কেনেকৈ আছো তাৰ বাৰু এবাৰো জানিবলৈ মন যোৱা নাই নে?ভাবি ভাবি আকালাক তাতে এৰি তাৰ পিচ ললো।মনতে ভাবিলো “আজি তোক নেৰিছো,তই মোক আজি উত্তৰ দিবই লাগিব,মোৰ অপৰাধ কি?তই কিয় মোক এৰি এনেকৈ পলাই ফুৰিছ?” আগলৈ চাই গৈ আছো সি বাওঁৱে গলে মইও বাওঁৱে যাওঁ।সি বাৰে বাৰে মোক বাগি দিবলৈ চেষ্টা কৰে মইও তাক চকুৰ আগৰ পৰা আতৰি যাবলৈ দিয়া নাই। মুখেৰে ভোৰভোৰাই কৈ গৈছো “ শেষ বাৰ যেতিয়া লগ পাইছিলো সিটো মোক কৈছিল তই গৈ থাক মই গৈ আছো।”তাৰ পাছৰ পৰাই তালৈ বাট চাই আছো আজি আহিব কালি আহিব অথচ সি মোৰ আশাত চেচাঁ পানী পেলাই আজিলৈকে নাহিল।মোৰ কি ভালপোৱাবোৰৰ ,তোৰ প্ৰতিশ্ৰুতি বোৰৰ দাম নাই।আমি একেলগে দেখা সপোনবোৰ আজি কত হেৰাল।আজি নেৰিছো তাক বুলি ভাবোতেই হঠাত দেখোন সন্মুখৰ ডাঙৰ নলাটো জপিয়াই সি সিপাৰ পালেগৈ,তাক এবাৰলৈ লগ পোৱাৰ ঝোকতে  সন্মুখৰ নলাটো পাৰ হওঁ বুলি জপিয়াবলৈ লওঁতেই পিচ ফালৰ পৰা আকালানো কেতিয়া আহি মোৰ পিচত থিয় হলহি গমেই নাপালো হাতখন টানি ধৰি মোক ৰখাই দিলত চিঞৰি উঠিলো”মাত আকা মাত তই মাতিলে সি ৰব।”তাইৰ মুখলৈ চাই দেখো এহাতেৰে মোৰ এখন হাত খামুচি ধৰি থাকি তাই আচৰিত হৈ সুধিছে “কোন, কাৰ কথা কৈছে তুমি?”মোৰ মাতটো ঠুকাঠুকি হৈ ওলাল “চা হেমাংগই মোক নমতাকৈ গুচি গ’ল।”পোহৰ আন্ধাৰৰ মাজতে দেখা পালো তাইৰ দুচকুৰে দুধাৰি লোটক বৈ আহিছে।তাই মাথো মোক সাৱটি কৈ উঠিল “হেমাংগ নাই নহয় সি আমাক সকলোকে এৰি যিশুৰ ওচৰত গ’লগৈ ৰে।” মই আচৰিত হৈ তাইলৈ চাই ৰলো।মনতে ভাবিলো সি যদি যাবলৈয়ে আছিল মোক কিয় কলে মই গৈ আছো তই আগবাঢ়।কলৈ গৈ থকাৰ কথা কৈ গ’ল সি।
 
 
বৰ্ণালী ফুকন
8638236237

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...