চেনেহ

হঠাৎ তাই পদুলিটোত থমকিৰৈ বাহিৰলৈ ডিঙি মেলি চালে৷অলপ আগতে সি অহাৰ দৰে শব্দ এটা শুনা যেন পালে যেন৷
  গোটেই দিনটো পাৰহৈ যেতিয়াই গধুলী হয় সেই সময়তে তাইৰ চাটিফুটি লাগে৷তাই গধুলীৰ পৰা এবাৰ পিচফাল এবাৰ আগফাল কৰি অহাযোৱা কৰি থাকে৷আজি দহ বছৰে এইটোৱে অভ্যাস তাইৰ৷তাক গেটৰ মুখত দেখিলে এক বেলেগ ধৰণৰ আৱাজ ওলাই তাইৰ মুখেদি
-কুইকুইকুই
হঠাৎ কিবা এটা মনত পৰি  দৰজাখনৰ পৰ্দা আঁতৰাই কিবা এটা চালে৷আকৌ ঘুৰি পদুলি মুখ পালেগৈ৷কিবা মনত পৰিল  তাইৰ ৷সি পাৰি থৈ যোৱা বাহিৰৰ কোচনখনতে বহি কান্দিব ধৰিলে৷
-উউউউ!
প্ৰথমতে লাহেলাহে পিচলৈ ফুপাই ফুপাই জোৰত শব্দ কৰি৷মাজেমাজে হাঁচিয়াইছে তাই৷আকৌ কান্দোনত ভাগি পৰে৷নৰখিবৈ যেন কান্দোন৷আজিহে তাইৰ অনুভৱ হ'ল সি নাই ৷নাহে আৰু সি৷গধুলীৰ সময়ত তাইলৈ বিস্কুট বা সিজোৱা মাংস লৈ অহি তাইক ডিঙিত মোহাৰি মোহাৰি মৰম কৰি দিয়া মানুহটো নাহে  আৰু৷ঠিকেইটো দেখিছিল তাই সি শুই আছিল চাঙিখনত৷মানুহৰ ভিৰ থেলি যেতিয়া তাই চাবলৈ বিচাৰিছিল তাক এবাৰ তেতিয়া মানুহবোৰ আঁতৰি দিছিল তাইৰ বাবে ৰাস্তা উলিয়াই দিছিল৷নাকটো মুখৰ ওচৰলৈ নি চকু কেইটা ডাঙৰ ডাঙৰ কৰি হেপাঁহ পলোৱাই চাইছিল তাই৷
এই মানুহটোৱেই তাইক ৰাস্তাত পৰি থকাৰ পৰা এদিন লৈ আহিছিল এইখন ঘৰলৈ৷তাই লগ হেৰুৱাই ঠাণ্ডাত কপি আছিল ৰাস্তাৰ কাষত৷সেইদিনাই তাই মৰিব লাগিছিল৷তাইৰ মাকক তাইৰ চকুৰ সন্মুখত গাড়ীয়ে মাৰি থৈ গৈছিল আৰু এক মাত্ৰ ভায়েকটো পানীৰ মাজত কৰোবাত হেৰাই গৈছিল৷ সি যদি সেইদিনা গাড়ীত তুলি নানিলে হেতেন তাই এতিয়া প্ৰেতাত্মা হৈ থাকিল হেতেন৷
 তাই কুচনটোত বহিবহি তাক বকিব ধৰিলে
-তোৰ থাকিবলৈ মন নাছিল যদি মোক কিয় বচাই আনিলি?
তাইৰ এতিয়াও মনত আছে আনিবৰ দিনা তাইৰ গাল মুখ মোহাৰি সি কৈছিল৷
-মই বৰ বেছি দিন নাথাকিম বুজিছ৷তই থাকিবি ঘৰখন চাবি৷
তাই সেইবোৰ বুজি পোৱাকৈ ডাঙৰ হোৱা নাছিল ৷তাৰ মৰমতে গুচি আহিছিল তাই৷
  আজি কিছু দিনৰ পৰা তাইৰ গাটো বেয়া৷লাহেলাহে খাবলৈ মন নাইকিয়া হৈ আহিছে৷তাইক কিন্তু ঘৰৰ মানুহখিনিয়ে বৰ মৰম কৰে ৰাতিপুৱাৰ গাখীৰ ভাতখিনি নোখোৱা দেখি অলপ আগতে মাংস ভাত দি গৈছে৷তাই মুৰ তুলি চাই লাহেকৈ উঠি থিয় হ'ল৷আকৌ গেটৰ মুখ পালেগৈ তাই৷কিয় জানো তাইৰ মনটোৱে এতিয়াও মানি লব পৰা নাই সি নাই বুলি৷বেচি দেৰি তাই থিয়হৈ থাকিব নোৱাৰিলে৷ঘুৰি আহি তাই আকৌ কুচনটোত বহিলহি৷কুচনৰ ওপৰত সি তাৰ পিন্ধি থকা গেঞ্জীটো পাৰি দিছিল৷তাত তাৰ গোন্ধ লাগি আছিল৷তাই কুচিমুচি গেঞ্জীটোত মুখ গুজি শুই থাকে৷যোৱা ৰাতি গেঞ্জীটো লেতেৰা হোৱা দেখি কোনোবাই আঁতৰাই বেলেগ এখন চাফা কাপোৰ পাৰি দিছিল৷তাই ইফালেসিফালে বিচাৰি চালে লাহেলাহে শুঙি শুঙি পিছফাল পালেগৈ৷তাৰ গেঞ্জীটো কোনোবাই চুক এটাত পেলাই থৈছে৷টানিটানি সেইটো আকৌ তাইৰ কুচনটোৰ ওপৰত পাৰি ললে৷লাহেলাহে তাই আকৌ তাক  চাবলৈ গেটখনৰ ওচৰ পালেগৈ৷সকলো জানিও তাই নিজক প্ৰবোধ দিব পৰা নাই৷লাহেলাহে তাই নাখাই নাখাই দুৰ্বল হৈ আহিছে৷গেটখনৰ ওচৰলৈ গধুলী হলেই নিজৰ দেহটো চুচৰাই নিয়াদি লৈ যায়৷আজি কিছুদিনৰ পৰা  তাই লৰচৰ কৰিবলৈও শক্তি নাইকিয়া হৈ আহিল৷তাই শুই থকাৰ পৰাই কৰুণ দৃষ্টিৰে গেটখনলৈ চাই থাকে গধুলী হলেই৷এদিন ঘৰৰ মানুহে গধুলীৰ সময়ত এক বেলেগ ধৰণৰ শব্দ শুনিলে 
-কুইকুইকুই
ঠিক সি আহিলে যেনেকৈ তাই আগতে চিঞৰে৷
ভিতৰৰ পৰা যেতিয়া সকলোবোৰ দৌৰি ওলাই আহিছিল তেতিয়া তাই চকু থৰকৰি গেটলৈ চাই থকা দেখা পালে সকলোৱে৷গেটৰ মুখলৈ কোন আহিছে চাবলৈ সকলো আগবাঢ়ি গ'ল৷তেতিয়াও তাই কুচনটোৰ ওপৰত থৰ হৈ পৰিয়ে ৰ'ল৷হয়তো সি আহিছিল পদুলিলৈ তাইক নিবলৈ একেবাৰে৷

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...