ৰিস্ক 

-ঐ  ক’ত পালি বে মা…টো ?
বাবলিৰ কথা শুনি সেমেনাসেমেনি কৰি পাৰ্থই সুধিলে
-কাৰ কথা কৈছ ?
-কিয় কালি যে তোৰ গাড়ীত এজনীক দেখিলো৷কি চেপ বে৷
-সেইজনী মোৰ ঘৈণী বে!
-কি কৱ বে?যোৱা সপ্তাহত যে সুনাপুৰত লগপোৱাজনী তই ঘৈণী বুলি চিনাকি কৰি দিছিলি দেখোন৷
-নহয় বে সেইদিনা সেইজনী মিতালী আছিল৷মোৰ বেটচ মেট এসময়ৰ৷তই মিতাৰ সন্মুখত যা তা কৱ বুলি ফাকি মাৰিলোঁ৷
-মোকো চিনাকি কৰি দিবি না৷মইও কেতিয়াবা কফিৰ কাৰণে লৈ যাম৷
-হব দে৷
পাৰ্থই মনত পেলাবলৈ যত্ন কৰিলে কালি বাবলিয়ে কাক দেখিলে তাৰ লগত৷বিপাশাটো তাৰ লগত নাছিল৷নে সি এনেই ব্লাফ মাৰিলে৷বিপাশাক মাকৰ ঘৰলৈ পঠিওৱা আজি এসপ্তাহেই হ'ল৷ডাক্তৰে অহামাহৰ শেষৰ ফালে দিন দিছে৷তাৰ হাতত থকা এমাহ কেনেকৈ পাৰ কৰিব কিমানযে পৰিকল্পনা কৰিছিল  সি৷এই মাজত বাবলিটোৰহে চকুত পৰিবলৈ পালে৷এই চকুচৰহা বোৰৰ পৰা উপায় নাই৷ফেচবুকটো খুলি ফ্ৰেইণ্ড লিষ্টখন চাবলৈ লওঁতেই কিটিংকৈ মেছেজ এটা আহিল৷সি হুৱাটচ এপ বুলি ফেচবুক সামৰি হুৱাটচ এপটো খুলি ললে৷কিন্ত ক’তা তাতটো কাৰো মেছেজ বুলিবলৈ পুৰি খাবলৈকে নাই৷বৰ অকলশৰীয়া লাগিল তাৰ৷এনেকৈ থকাতকৈ অলপ চিফেলীৰ লগত সুনাপুৰৰ ফালেই ওলাই যাব পাৰিলে হেতন৷মন থাকিলেও কেতিয়াবা মনৰ মতে চলিব নোৱাৰে মানুহে৷বৰ অসহায় লাগিল তাৰ৷আকৌ ফেচবুকটো খুলি ললে৷তেতিয়াহে চকুত পৰিল তালৈ তিনিজনী ছোৱালীৰ ফ্ৰেইণ্ড ৰিকুএষ্ট আহিছে৷এফালৰ পৰা চাই এচেপ্ত কৰি গ'ল৷হঠাৎ ৰৈ গ'ল এচেপ্ত কৰিবলৈ লৈ বিপাশা শৰ্মা৷খংটো টিকিচ কৈ উঠিল ৷কি হে যে পাই এই মাইকী মানুহবোৰৰ৷ঘৰৰ মানুহটোক আক' ফ্ৰেইণ্ড ৰিকুৱেষ্ট পঠিয়াই৷বিপাশা শৰ্মা একাউণ্টটো খুলি লাহেকৈ কাষৰ বুটাম কেইটা টিপিলে৷report,block,pock ওলাই আহিল৷লাহেকৈ ব্লকটোত টিপি দি সি স্বস্তিৰে উশাহ ললে৷মুখেৰে ভোৰভোৰাই কলে
-ঘৰত বন্ধুত্ব পাতি শেষ নহল৷ফেচবুকত এইবাৰ ধেইট!
 
  নতুনকৈ পতা বান্ধৱী জীনাৰ প্ৰফাইলটো খুলি চালে সি৷জীনা বৰুৱা মানুহগৰাকী শিৱসাগৰৰ ৷এলবাম খনকে চোৱা যাওক বুলি মনতে ভাবি চাই গ'ল৷ ট্ৰাইবেল লুক এটা আছে মানুহজনীৰ৷ তাৰ দুৰ্বলতাও সেইখিনিতে৷মেছেণ্জাৰত "হাই" এটা দিওঁ নেকি সি মনতে ভাবিলে৷নাই নাই ইমান পাতলামি কৰিব নোৱাৰি৷মনটোক বান্ধি সি লাহেকৈ কাষৰ বুটাম কেইটা টিপি দিলে৷ব্লকত হাত দিবলৈ লৈ ওঁঠেৰে হাঁহি এটা বিৰিঙিল৷লাহেকৈ প’ক কৰি বাট চালে সি৷এতিয়া নাটকখন চোৱা যাওক কৰ পানী কলৈ যায়৷প্ৰায় ফটোতে মানুহগৰাকী এজনী গাভৰু ছোৱালী আৰু ল’ৰা এটাৰ সৈতে দেখা গ'ল৷মানে মানুহজন নাই নেকি?নে ডিভৰ্চি নেকি? বেচেৰী ইমান কম বয়সতে ভগৱানে অবিচাৰ কিয় কৰিলে৷আবোলতাবোল বহুত প্ৰশ্ন মনলৈ আহিল৷নাই নাই পলম কৰিব নোৱাৰি হাতত মাত্ৰ এমাহ আছে৷পৃথিৱীৰ সকলো সুখ দুহাতেৰে গোটাব লাগিব৷পিচদিনা লাহেকৈ মেছেঞ্জাৰটো খুলি লৈ লিখি গ'ল
-হাই জীনা!কি ক্ৰীছা?শিৱসাগৰৰ ক'ত থাকা?মই পৰাগধৰ চলিহা চাৰৰ ছাত্ৰ আছিলোঁ৷তুমি ক'ত পঢ়িছিলা?তোমাক কৰ’বাত দেখাদেখা যেন লাগে৷
সি জানে এইপাত তাৰ ব্ৰক্ষ্মাস্ত্ৰ৷এইবাৰ মাছ জালত ফচিবই ফচিব৷
লাহেকৈ আকৌ জীনাৰ টাইম লাইন পালেগৈ৷মনটো বান্ধিব পৰা নাই সি৷মনতে ভাবিলে বেচেৰীয়ে চাগে মনৰ দুখতে মেছেঞ্জাৰে নুখুলে ৷সি জানে মনবোৰ বেয়া লাগিলে কেনেকৈ ভাল লগোৱাব লাগে৷
"ছেহ!এবাৰ যদি তাই অনলাইনত ৰেচপন্ কৰিল হয়৷তাৰ লগত কথা পাতিলে তাইৰ মনটো অলপ হলেও ফৰকাল হ'ল হয়৷দেখা যাওঁক কালি কি হয়৷"

পিচদিনা মেছেঞ্জাৰটো খুলিয়ে জীনা অনলাইন আছে নে নাই চালে৷আছে আছে৷মুখেদি সুহুৰি এটা ওলাই আহিল
-আপুনি বিকাশ বৰুৱাৰ ছোৱালী নেকি?আই মিন পি ডব্লিউ ডিত কৰে যে অঞ্জন বৰুৱাৰ ভনীয়েক হয় নেকি?বহুত দিনৰ পৰা তাক বিচাৰি আছো পোৱা নাই৷
সিফালৰপৰা টাইপিং কৰা দেখি তাৰ বুকুৱে ধান বানিবলৈ ধৰিলে৷
-নাই নহয় নহয় মই বিকাশ বৰুৱাৰ ছোৱালী৷
-ইয়ে আপোনাক দেখি মোৰ অঞ্জনৰ ভনীয়েক বুলিয়ে মনটো ভাল লাগি গৈছিল৷মোৰ হেৰুৱা বন্ধুক আপোনাৰ যোগেদি ঘুৰাই পাম বুলি৷বহুত দিনৰ পৰা বিচাৰি ফুৰিছো তাক
-হয় নেকি? দুখ লাগিল আপোনাৰ বন্ধুক বিচাৰি এইবাৰো  নাপালে৷
-হলেও আই এম লাকী আপোনাক বন্ধু হিচাপে পালোঁ৷
-হমমম৷
কি কম নকম কৈ খৰখেদাৰ কোবত সি কৈ পেলালে
-আপুনি দুখ কৰি নাথাকিব৷মানুহৰনো দুখ কাৰ নাই৷কিহৰ ইমান দুখনো আপোনাৰ?
-নাই নাই৷তেনে কোনো কথা নাইটো৷
-আপোনাক দেখিলেই লাগে ৷কিবা এটা চকুহাল ইমান কৰুণ৷
-হে হে হয় নেকি?মানুহৰনো দুখৰ কিহৰ অভাৱ হৈছে৷
-সেয়াই কৈছো৷মানে আমাৰোনো সংসাৰ কৰি কি সুখ হৈছে৷আপোনাৰ স্বামী নাই পিচে কি হ'ল?
-কোনে কলে মোৰ স্বামী নাই৷কি ফাল্টু বকিছে৷
লগেলগে দেখোন জীনা অফলাইনহৈ গ'ল৷অলপ পিচত জীনা বৰুৱা বিচাৰি বিচাৰি হাবাথুৰি খাইয়ো বিচাৰি নাপালে সি৷

সদায় কৰাৰ দৰে আজিও ৰাতি দহ মান বজাত বিপাশাৰ ফোন আহিল
ফোনটো উঠায়ে সি কবলৈ ধৰিলে
-জানু আই মিছ ইউ৷
সিফালৰ পৰা জানুৰ কৰ্কশ স্বৰ এটা ভাহি আহিল
-জানু ফানু বাদ দিয়া৷মোক ব্লক কিয় কৰিলা সেইটো কোৱা আগেয়ে৷
-কি ব্লক বুজা নাই৷
-হুহ! বুজা নাই ! কথা কব আহিছা!
সকলো বুজি পাইছিল সি৷ তথাপি আৰু মুলায়েম সুৰত পাৰ্থই পত্নীক বুজাব বিচাৰিলে
-জানু এই মাত্ৰ অফিচৰ পৰা ঘৰ সোমাইয়ে তোমাক ফোন কৰিব লৈ চাওঁ মেছেঞ্জাৰ মেছেজৰে ভৰি গোটেই বেটেৰী ডাউন মাৰি আছে৷খংতে ফেচবুক খুলি ডিএক্টিভেট কৰি তোমালৈ ফোন কৰিব লওঁতেই তোমাৰ ফোনটো আহিল৷
সি ফালৰ পৰা বহুত সময় একো নুশুনি সি গম পালে -দৰৱ পালিয়ে কাম দিছে৷অলপ পিছতে এটা উচুপনি শুনা পালে সি
-হেই জান কি হ'ল ?কোৱা না ৷
সিফালৰ পৰা ঠুকাঠুকি মাতেৰে বিপাশাই কোৱা শুনিলে
-চ চুইট!ৰিয়েলী তুমি ফেচবুক ডিএক্টিভেট কৰিলা?আই ম চ হেপ্পী টু ডে৷আই এম চ চৰী জান৷মই মিছাতে তোমাক ভুল বুজিলো৷চৰী ৱানচ এগেইন৷
বিপাশাক সৈমান কৰিব পাৰি মনৰ আনন্দতে সি বিচনাখনতে জপিয়াই দিওঁতে বিচনাৰ কাষত সজাই ৰখা তাহাঁত দুইটাৰ ফটোখন পৰি ভাগিল৷
- কিবা গ্লাছ ভগাৰ শব্দ পালোঁ যে?
মাতটোত কৰুণতা অলপ ধালি পাৰ্থই ক’লে
-কি নো কম অ৷আমাৰ ফটোখনত ধুলি পৰি থকা দেখি মোহাৰি দিছিলোঁ ৷তোমাৰ মুখখন ভালকৈ দেখাই পোৱা নাছিলো৷মনটো বেয়া লাগিল তোমাৰ মৰমৰ ফটো ফ্ৰেমটো ভাগিল যে
-এক্কো নহয় জান৷মই গৈ কিনি লম দিয়া৷
-ওকে তুমি কৈছা যেতিয়া৷তোমালৈ মনত পৰি আছে৷
-মোৰো জান৷হব দিয়া মায়ে ভাত দিছে ৷মই যাওঁ৷গুড নাইট৷লাভ ইউ৷শুৱাৰ আগতে ফোন এটা কৰিবা প্লিজ৷
-লাভ ইউ তু ৷
লাহেকৈ ফটো ফ্ৰেমটো ডাষ্টবিনত পেলাই ফটোখন ,আলমাৰীটো খুলি বিপাশাৰ কাপোৰৰ তলত সোমোৱাই ৰাখিলে৷সেইখন দেখি থাকিলে সি কোনোবা ছোৱালীৰ সৈতে বন্ধুত্ব কৰিবলৈ গৈ অস্বস্তিত পৰে৷এনে লাগে যেন বিপাশাই তীক্ষ্ণ দৃষ্টিৰে তাৰ প্ৰতিটো আঙুলিয়ে কি পেডৰ কোনটো আখৰত বোলাইছে তাকে চাই থাকে৷দীঘলকৈ উশাহ এটালৈ সি হুৱাটচ এপটো খুলি মিতালী অনলাইন আছে নে নাই চেক কৰিলে৷ তাইক অনলাইন দেখি সি মেছেজ এৰিলে
-Hi! Ki krisa jaan?free ne? Bola olop long drive jaam.
-really! 1/2 an hr lagibo muk. ulaau roba .
মিতালী বেচেৰী ইমানদিনে বিপাশাক ডিভৰ্চ দিবলৈ কৰ্ট পেপাৰ ঠিক কৰিছে বুলিয়ে জানে৷কাৰণ যোৱা মাহত সেই সংক্ৰান্তত এজন উকীল বন্ধুৰ ওচৰলৈ দুইটা গৈছিল৷

  হোটেল আৰিয়নৰ লনত বহি পাৰ্থই এপেগৰ পিচত সিপেগ ব্লেক ডগ ডিঙিত বাকি গৈছে৷আৰু মিতালীয়ে কাষতে বহি মেলিবু চানচেট ককটেইলত লাহেলাহে চুমুক দিছে৷কোনো আন্তৰিকতা নাইকিয়া এটা সমন্ধক টানি আজুৰি থাকি লাহলাহে মিতালীৰ আমনি লাগিব ধৰিছে৷সেই একে পাৰ্থৰ একঘেমীয়া কাৰবাৰ বোৰ ৷এটা কোনো সিদ্ধান্তলৈ নহা সমন্ধ৷সমস্যাবোৰ কোনো কালে যে অন্ত  নহব সেই কথা যেন বুজি পাব ধৰিছে মিতালীয়ে৷তাই উপলব্ধি কৰিছে তাইৰ আজি কালি পাৰ্থৰ সান্নিধ্য ভাল নলগা হৈ আহিছে৷আজি পাৰ্থই মতাৰ লগেলগে আহিবলৈ সন্মত হোৱাৰ কাৰণ এটাই৷আজি হয়" ইছ পাৰ নহলে উছ পাৰ"
   মদিৰাৰ নিচা আৰু মিতাৰ সৌন্দৰ্যত মতলীয়া হৈ পাৰ্থই বাৰে বাৰে কৈ থাকিল
-আই লাভ ইউ বেবি৷আই কান্ট লিভ উইডাউট ইউ৷
তলিতলি মাজে মাজে উঠি গৈ মিতালীৰ ওঁঠত চুমা আঁকি দিয়ে৷
সেইবোৰ কৰি থাকোতে ৰাতি কেতিয়াযে বাৰ বাজিবৰ হ'ল গমেই নাপালে পাৰ্থই৷হঠাৎ ফোনটো বাজি উঠিল৷টেবুলৰ ওপৰত ফোনটো বাজি থাকিল আঁৰ চকুৰে মিতালীয়ে চালে৷'জান' নামটো বাৰে বাৰে জিলিকি উঠিছে৷কব নোৱাৰাকৈয়ে থিয় হ'ল তাই ৷তাইৰ দুই হাত ধৰি মুখখন আগুৱাই অনা পাৰ্থক গতা এটা মাৰিলে৷তাল সম্ভালিব নোৱাৰি সি বহাৰ পৰা পৰি যাবলৈ লৈ টেবুলখনত ধৰি কথমপি পৰি নোযোৱাকৈ থাকিল৷
-কাৱাৰ্ড,গাটলেচ্,স্পাইনলেচ৷
মিতালীৰ আকস্মিক ব্যৱহাৰত সি হতবাক হ'ল৷একো বুজি নাপাই তাইৰ মুখলৈ চাই ৰ'ল৷মিতালীয়ে পাৰ্থৰ ওচৰৰ পৰা উঠি গৈ কাৰোবালৈ ফোন কৰা শুনিলে
-আধা ঘণ্টাৰ ভিতৰত" আৰিয়ান"লৈ আহা৷
পাৰ্থ এইবাৰ উঠি আহি তাইৰ কাষত থিয় হ’লহি৷দোৰোলা খোৱা জিভাৰে কব ধৰিলে
-ৱাই আৰ ইউ চুও এংগ্ৰী ডাৰ্লিং?
-চুপ থাকা এষাৰ নামাতিবা৷
-কুল ডাউন বেবী৷উই স্পেণ্ট এ নাইট হিয়াৰ৷আআআই ৱাণ্ট ইউ জান৷
মিতালীৰ চকুৱেদি যেন জুই বৰষিছে
-ডণ্ট চে এ ৱৰ্ড এগেইন৷ইউ চাট আপ৷"জান"  …হুহ!আৰু কিমান জান আছে তোমাৰ?অলপ আগতে দেখিলো কোন জান সেইয়া?
এইবাৰ পাৰ্থৰ হুচ আহিল৷সি লাহেকৈ মিতালীৰ কাষৰ পৰা আঁতৰলৈ গৈ ফোনটোৰ লাষ্টৰ ইনকামিং কলত আঙুলিৰে আলফুলে চুই দিলে৷দুবাৰমান ৰিং হবলৈ পালে কি নাপালে সি ফালৰ পৰা গৰ্জি উঠা মাত এটা শুনিলে
-ফোন কৰি আছোঁ এঘণ্টাৰ পৰা ৷এশবাৰৰ ওপৰ হব৷কি কৰি থকাৰ বাবে ফোন ডাঙিব পৰা নাই মইও শুনোচোন?
যিমান পাৰি আবেগ ধালিলৈ পাৰ্থই ক’লে
-জান,কিয় খং কৰিছা?মই কিটচেনত আছিলোঁ কাৰণে অলপ বিজি আছিলোঁ৷
-কি? ৰাতি বাৰ বজালৈ ভাত খাবলৈ আছিলা৷মই থাকিলে দহটাৰ কুমকুম ভাগ্য চিৰিয়েলখনো চাবলৈ তত নিদিয়া দেখোন৷ভোকে তেতিয়া টেঁটুত ধৰে৷আজি কি হ'ল?মই নাথাকোতে তোমাৰ সেই আদ্দাৰ মদাহী কেইটাক ঘৰ সোমোৱাহি নাইতো?বেক গ্ৰাউণ্ডত কিহৰ মিউজিক সেইবোৰ?তুমি কি ঘৰত নাই নেকি?
-নাই জান৷সেইকেইটাৰ নিচিনাকৈ মই মদ পিব নোৱাৰোঁ৷তাহাঁতৰ কোম্পেনী মোৰ সহ্য নহয়৷বাহিৰৰ ভদ্ৰমহিলাক তাহাঁতবোৰে ভাল ব্যৱহাৰ কৰিব নাজানে ঘৰৰজনীক ক'ত ভাল ব্যৱহাৰ কৰিব৷সেইবোৰ কথাৰ বাবেই মই তাহাঁতক বাদ দিলোঁ জান৷সেইকাৰণে তাহাঁতসোপাক কোনো ছোৱালীয়ে পাত্তাই নিদিয়ে কিন্ত মোক চোৱা!
সম্বিৎ আহিল তাৰ ধেৎতেৰি মদৰ নিচাতে কি কৈ দিলে৷নিজকে নিজে কলে 
-ধুইত ! মোৰ ক'ত নিচা হৈছে৷নাই নাই ইমান খাব নজনা যে মই নহয় দেই৷আজিলৈকে মোৰ নিচাহোৱা বুলি কোনেও কব নোৱাৰে৷এতিয়াও চিলং যাব পৰাকৈ মই হুচত আছো৷
থিয় হবলৈ লৈ হামখুৰি খাই পৰিল সি৷সি পৰি যোৱা দেখি মিতালী দৌৰি আহি তাক টানি উঠাবলৈ যত্ন কৰিলে৷মোবাইল হাতৰ পৰা চিটিকি কৰ’বাত পৰিল৷বাৰত তেতিয়াও মিউজিক বাজি আছে৷মিতালীয়ে এহাতেৰে তাৰ মোবাইলটো আনহাতেৰে পাৰ্থক সম্ভালি ৱেটাৰজনক চিঞৰি মাতিলে৷
-চাহাবক ৰুমলৈ লৈ বলা৷ পাৰ্থই মুখেৰে ভোৰভোৰাই থাকিল 
-মাই লাভ মাই জান মাই মিতা ডাৰ্লিং৷
বগা ধকধকীয়া বিচনাখনত পাৰ্থক  শুৱাই দি কাষতে ফোনটো ৰাখিলে৷তাত তেতিয়াও বিপাশাই হেল্ল হেল্ল কৈ চিঞৰি আছে৷মিতালীৰ ওঁঠেৰে হাঁহি এটি বাগৰি গ'ল৷ তাই ওলাই আহি তাইৰ বাবে ৰৈ থকা গাড়ীখনত উঠিল৷আহি থাকোঁতে মুখৰ ভিতৰতে ভোৰভোৰাই ক’লে
"বেচেৰা পাৰ্থ মানুহজনীৰ আগত আগৰ মানুহটো হবলৈ বহুত অনুশীলনী কৰিব লাগিব"
লাহেকৈ তাই পাৰ্থৰ নাম্বাৰটো ব্লক লিষ্টত সোমোৱাই দিলে৷
মিতালীয়ে পিচত পাৰ্থৰ লগৰ এজনৰ পৰা গম পাইছিল -পিচদিনা বিপাশাই  মাকৰ ঘৰত থাকি কেচুৱা জন্ম দিয়াৰ সিদ্ধান্ত সলনি কৰিছিল৷আৰু পাৰ্থক নজনোৱাকৈয়ে ঘৰলৈ ঘুৰি আহিছিল ৷পাৰ্থৰ সৈতে বিপাশাৰ ক'ত কেনেকৈ সন্মুখা সন্মুখি হ'ল তাক কোনেও গম নাপালে৷কিন্ত তাৰ পিছত গা বেয়াহৈ এক সপ্তাহৰ বাবে পাৰ্থ হাস্পতালত থাকিব লগা হ'ল সেইটো কথা গম পোৱাবোৰে বহুত বেলেগ বেলগ ধৰণৰ কাহিনী বনালে৷বহুতেই নেদেখাকৈয়ে উলিয়ালে যে বিপাশাই খঙৰ ভমকত মাৰি পঠিওৱা দা খনৰ বাবেহে পাৰ্থ হাস্পিতালত থাকিব লগা হ'ল বোলে৷
    দুৰৈৰ পৰা এদিন মিতালীয়ে পাৰ্থক দেখা পালে৷তাক খুব ভাগৰুৱা যেন দেখা গৈছে৷কপালত তাৰ চিলাইৰ দাগ এতিয়াও সুস্পষ্ট৷সুধিব নেকি "কেনে আছা বুলি" ভাবি গুণী থাকোতে পাৰ্থ তাইৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ'ল৷হয়তো সি মিতালীক মন নকৰিলে নহয় জীৱনত আৰু এবাৰ ৰিস্কলৈ চাবলৈ তাৰ সাহসে নুকুলালে৷

No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...