সাহস (অনুগল্প)
সেইদিনা প্ৰথম দেখিছিল তাই হেমাংগক ফেকুৰি কন্দা।তাইৰ শৰীৰত তেতিয়াও এনাস্হেছিয়াৰ প্ৰভাৱ ,চকু মেলিব গৈ বাৰে বাৰে জাপ খাইছে । শৰীৰৰ চাৰিওফালে পাইপ সংলগ্ন হৈ আছে।ওচৰতে থিয় হৈ থকা ডাক্তৰ কেইজনৰ মুখতো প্ৰচণ্ড উৎকন্ঠা, বুজি পোৱা যায় ভৰিখন যাতে কাটি দিব লগা নহয় তাৰ বাবে তেওঁলোকৰ শেষ প্ৰচেষ্টা ।
হেমাংগ লগত থাকিলেই হ'ল,তাই ভালদৰে জানে সি তাইক হাৰ মানিব নিদিয়ে ।তাই এই দুখন ভৰিত থিয় হবলৈ বাধ্য । কিমান অটল বিশ্বাস তাৰ ওপৰত, নিজতকৈও বেছি ।
আজি সেইখন ভৰিৰে সংসাৰৰ আউল মাৰি যেতিয়া ভাগৰিপৰে তাই ঘৰখনলৈ দৌৰি আহে । মনত সাহস দিয়া মানুহজনৰ কাষলৈ । আৰু আলমাৰিটো খুলি সাৱটি ধৰে সি শেষৰ দিনটোত পিন্ধা চাৰ্টটো।
No comments:
Post a Comment