দুৰ্ভগীয়া
দেউতাকৰ নিথৰ দেহটো আগতলৈ জ্যোতিৰূপম বহি আছে ।একেথৰে চকু নপচৰুৱাকৈ চাই আছে দেউতাকৰ শৰীৰটোলৈ।মৃত্যুক ইমান কাষৰ পৰা সি দেখা নাই আৰু আপোনজনক হেৰুৱাৰ উপলব্ধিও কোনোদিন হোৱা নাই জ্যোতিৰূপমৰ। চিঞৰি কান্দিবলৈ মন গলেওঁ পৰা নাই সি কান্দিব ,মাকৰ অৱস্থা দেখিয়েই সি নিজকে সংযত কৰিছে । মাকৰ ওচৰতে বহি থকা মানুহবোৰে শান্তনা দিছেহি,কোনোবাই আকৌ কোৱাকুই কৰিছে -কিনো দুৰ্ভগীয়া অ' মাক-পুতেক হাল,এইখন সংসাৰো নিটিকিল।
সি যন্ত্ৰবৎ যেনেদৰে কৈ গৈছে কৰি গৈছে ।কোনোবাই ধুতিখন আনি তাৰ হাতত দিলেহি ,তাৰ নিজৰে বৰ অসহায় যেন লাগিল ।আনকালে হোৱা হলে একে দৌৰে সি দেউতাকৰ কাষ চাপিল হেতেন ।সি যেনেতেনে ধুতিখন মেৰিয়াই লৈ চাঙীৰ এটা মুৰ কান্ধতলৈ বাকী মানুহখিনিৰ সৈতে শ্মশানলৈ বুলি খোজ ললে ।
দেউতাকৰ শৰীৰটো জুয়ে আবৰি ধৰা চাই থাকিব মনযোৱা নাছিল তাৰ ,কৰবালৈ দৌৰি পলাই যা�ব বিচাৰিছিল মনটোৱে ।তথাপি সি চাই আছিল দেউতাকৰ ধুনীয়া স্বাস্থ্যবান শৰীৰটো পুৰি ছাই হৈ যোৱা । বুজাব নোৱাৰা এক বেদনাত কলিজাখন কেঁকুৰি উঠিছিল সেই সময়ত ।
তাহাঁতৰ চিনাকি দেউজনৰ কাষত বহি জ্যোতিৰূপমে একে ধ্যানে মন্ত্ৰ উচ্চাৰণ কৰি গৈছে ,দেউতাকৰ আত্মাৰ শান্তিৰ বাবে সি আজি সকলো কৰিব ।গতিকে প্ৰতিটো মুহূৰ্ততে সি সচেতন যাতে মন্ত্ৰৰ এটাও শব্দ বাদ পৰি নাযায় ।দেউতাকে জীয়াই থাকোতে তাক একোৱেই কৰিবলৈ সুবিধা নিদিলে ,অন্ততঃ দেউতাকৰ আত্মাৰ শান্তিৰ বাবে শুদ্ধ ভাবেৰে মন্ত্ৰ উচ্চাৰণ কৰিব ।মন্ত্ৰ মাতি থকাৰ মাজতে এটা চিনাকি মাত তাৰ কাণলৈ ভাহি আহিল -ই মৃতকৰ ল'ৰা নহয়।ই মন্ত্ৰ পাঠ কৰিলে মৃতকৰ আত্মাই সৎগতি নাপাব।হঠাৎ মন্ত্ৰপাঠ আধাতে ৰখি গ'ল।তাৰ মুৰ তুলি চাবলৈ সাহস নহ'ল'।অজস্ৰ চিনাকি মাত ভাহি আহিল -ই নিজৰ ল'ৰা নহয় ।তাৰ মুৰটো আচন্দ্ৰাই কৰা যেন লাগিল ,চকুৰে জ্বলি থকা চাকিবোৰ ধুৱা ধুৱা যেন দেখিবলৈ ধৰিলে ,চকুপানী দুগালে বৈ যোৱাৰ আগতেই সি বহাৰ পৰা উঠিল,মদ খোৱা মানুহৰ দৰে ধলং পলংকৈ কেনেকৈনো সি মানুহৰ মাজেৰে উঠি গ'ল কবই নোৱাৰিলে ।চিৰি বগাই সি ওপৰ পালেগৈ ,মাক দেউতাকৰ ৰুমত সোমাই দৰজাখন জপাই দি দেউতাকৰ গাৰুটো সাৱটি কান্দি পেলালে জ্যোতিৰূপমে,সচাঁই দেউতা মই বৰ দুৰ্ভগীয়া তোমাৰ সন্তান হবলৈ ভগৱানেটো নিদিলেই,সমাজেও নিদিলে ।মোৰ দোষ ক'ত দেউতা !!!!
No comments:
Post a Comment