মিছা কথাৰ ঠেং ছুটি
বৰ্ণালী ফুকন
মই তেতিয়া হাইয়াৰ চেকেণ্ডৰী স্কুলতে আছো ,ডিচেম্বৰৰ ঠেটুৱৈ ধৰা ঠাণ্ডা । যোৰহাটৰ খুৰাৰ ছোৱালীৰ বিয়ালৈ যোৱাৰ প্ৰস্তুতি চলিছে ঘৰত । দুদিনমানৰ আগতেই যাম। বিয়াত পিন্ধিবলৈ কি কাপোৰ লম কি নলম সেই লৈ ঘৰত আলোচনা চলি আছে । দেউতা ব্যস্ত কাপোৰ প্ৰেচ কৰাত আৰু ভাইটি মই ব্যস্ত কাজিয়া কৰাত । সি সদায়ে মই কিবা এটা নতুন দ্ৰেচ্ পিন্ধিলেই চিঞৰে -তোক সাইলাখ লৱন বুঢ়ী যেন লাগিছে । লৱন বুঢ়ী আকৌ আউল-বাউল চুলিৰে জাধলি লেতেৰী মানুহ এজনী । ভাইটিয়ে সুবিধা পালেই সুৰ লগাই মইযে লৱন বুঢ়ী তাকে সকলোৱে শুনাকৈ ইনাই-বিনাই গায়।
সেইদিনাও মই চাদৰ মেখেলাযোৰ পিন্ধি আইনাৰ আগত নিজকে চাই আছো ,তেনেতে ভাইটি আহি ওলালহি ।তাক দেখি সি কিবা কোৱাৰ আগতেই মই কবলৈ ধৰিলো -ঐ চাচোন মোক দেখিবলৈ একদম শ্ৰী দেবীৰ নিচিনা লাগিছে ন?
তাক খোব চিৰিয়াচ্ দেখা গ'ল।সি খোব উৎসাহেৰে কৈ উঠিল -চাওঁ চাওঁ সোফালে ঘুৰচোন বাওঁফালে ঘুৰচোন ।ওম লাগিছে লাগিছে একদম দেবী লাগিছে ।
মইও পৰম উৎসাহেৰে সুধিছো- সচাঁ ,মোক শ্ৰী দেবী নিচিনা লাগিছে ?
ভাইটিয়ে বিৰক্তিৰে কৈ উঠিল -কলোৱেচোন দেৱীৰ নিচিনা লাগিছে বুলি । সেইবুলি সি লাহে লাহে দৰজাৰ দিশত যোৱা দেখি মই আকৌ সুধিলো -শ্ৰী দেবীৰ নিচিনা নে?
সি যেন শ্ৰী দেবীৰ নিচিনা লাগিছে বুলি কলেই মই ৰক্ষা পৰো।
ভাইটি পুনৰ -দেবীয়ে লাগিছে মানে তোক ...আমাৰ যে কি কয়?মইয়ো তাক মনত পেলাই দিছো -অ অ শ্ৰী দেবী।
ভাইটি -নহয় লৱন দেবী বুলি দে দৌৰ ।
মইও যৰে বস্তু ততেই দলিয়াই মেখেলা কোচাই তাৰ পাছে পাছে খেদা মাৰি গলো । হাতত যিহকে পাইছো তাকে তাৰ গালৈ বুলি মাৰি পঠিয়ালো । তেনেকুৱাতে নেপথ্যত এটা গলগলীয়া চিনাকি চিনাকি যেন লগা গহ্বৰ সিং সদৃশ এটা মাত শুনা পালো । ভাইটিক মৰাৰ ধাণ্ডাত পিছফালে কোনে কি কৈছে শুনিবলৈও নাই চাবলৈও নাই ।খেদা খেদি দলিওৱা দলিত ফটকৈ ফটা মুখেৰে ওলাই আহিল -ৰহ ঔ !!!গহ্বৰ ।এতিয়া তোৰ পাৰ্ট নাই নহয় । এতিয়া শ্ৰী দেবী আৰু বব ক্ৰীষ্টৰ ফাইটিং চলি আছে ডিষ্টাৰ্ব নকৰ।
সেইদিনা পিছফালে ঘুৰি চোৱা হলে দেখিলো হেতেন টিভত মহাভাৰতৰ যুদ্ধৰ খঙৰ চিন বোৰত মুখেদি চকুৱেদি জুই ওলোৱাৰ দৰে মায়েও আমালৈ দৃষ্টি
নিক্ষেপ কৰি আছে । মই ঘুৰি চাবলৈ নৌ পাওঁতে ভাইটিয়ে চিঞৰি উঠিল -মা পলা। দুইটাই প্ৰাণটাকি ঘৰৰ বাহিৰলৈ দৌৰ। দৌৰা দৌৰিৰ কোবত গাত লাগি কিবা এটা পৰি ঝন ঝনাই উঠিল । পিছলৈ চাবলৈ সময় নাই। দুইটাই দৌৰি দৌৰি এসময়ত এঠাইত ৰৈ দি ঘুৰি চাই দেখা পাও মা নাই । দুইটাই ৰাস্তাটোতে বহি লৈ ভাবি আছো, কি কৰা যায়? এতিয়াই ঘৰলৈ ঘুৰি গলে মাৰ মাধমাৰ খুৱাটো খাটাং । কি কৰা যায় ভাবি ভাবি অহাৰ বাটেৰে উলটিবলৈ ললো। দুইটাৰ প্ৰচণ্ড ভোক লাগিছে বুদ্ধি কৰি ঘৰলৈ নগৈ কাষৰে আমাৰ চিনাকি বেংগলী সম্প্ৰদায়ৰ মানুহ এঘৰত সোমাই পৰিলো । তেখেতসকলৰ ঘৰত দুপৰীয়াৰ আহাৰৰ প্ৰস্তুতি চলিছে ।বিভিন্ন মছলাৰ গোন্ধই দুইটাৰ পেট ভোকত আৰু চিকুটি ধৰিছে । ফাকি নামাৰিলে খাবলৈ পোৱাৰ আশা নাই । ভাইটিয়ে বাৰে বাৰে পাকঘৰৰ ফালে চকুৰে ইচাৰা কৰি ধৰা পৰো পৰো মানুহঘৰৰ আগত। ভাইটি ফাকি দিয়াত মুঠেই উস্তাদ নহয় ,মই তাতোকৈ উস্তাদ । মাৰ মাৰ খোৱাৰ ভয়ত আগতেও কেইবাটাও ফাকি মাৰিব লগা অৱস্থাৰ সৃষ্টি হৈছে । ভয়ো লাগে ডাঙৰে কোৱাৰ দৰে ঠেং ঠুং বোৰ সচাকৈয়ে চুটি হৈ যায় যদি? ফাকি মাৰি জুখিও চাইছো সচাকৈয়ে চুটি হ'ল নেকি আকৌ বুলি । ক'তা নাই দেখোন ,মনতে ভাবো এনেকুৱা সৰু সৰু ফাকিত চাগে ঠেং চুটি নহয় বুলি শান্তনা লভো। আগতে এবাৰ গোকাট ফাকি মাৰি ধৰা পৰি থৈছো মাৰ ওচৰত ।যাৰ ফলস্বৰূপে পৰৱর্তি কালত মায়ে কোনো কথাত বিশ্বাস নকৰা হ'ল। আৰু কথাই প্ৰতি মোক কয়-তোৰ জিভাত দুষ্টা সৰস্বতীয়ে বাহ বান্ধিলে।
অৱশ্যে সেইবোৰ কাণ কৰা মানুহ মই নহয় এখন কাণেৰে সোমোৱাই আনখন কাণেৰে উলিয়াই পেলাও।
সেইবোৰ ঘটনা পাছলৈ থলো। এইফালে বেংগলী মানুহ ঘৰৰ আগত সত্যতা প্ৰতিপন্ন কৰিবলৈ ভুলে শুদ্ধই বেংগলীত আৰম্ভ কৰিলো- এইজে কাকু মসাই ,আজকে না আমাৰ মাৰ সিংহেৰ মত খং উঠি গেসে । ভাত বানাইবই না বলচে । আমাৰ দুইটাৰ না ক্ষীদে পায়। চিগগিৰ খানা দেন ত।
কথা শুনি কাকু ইছ -আছ কৰি উঠি কলে- এই ফুকন বৌদি তা না কি আৰ বলব। এত ৰাগ কিসেৰ বলিচ ত?কচ্চি বাচ্ছা দুইটিকে না খাৱাইয়া এমন কৈৰা...ও মা গু কেমন মা ৰে!!
মাক বকা দেখি মনতে পৰম তৃপ্তি লভিছো। হওঁক তেওঁ মাক গালি পাৰিবলৈ এজন ওলাইছে ।
এসময়ত সন্মুখত খোৱা হাজিৰ ।দুইটাই আনন্দৰে খাই উঠি উগাৰ দুটামান মাৰি যাবলৈ ওলালো । হাতত সাৰে ভৰিত সাৰে ঘৰ সোমালোগৈ। ভৰি-হাত ধুই পঢ়াৰ টেবুলত বহি চিঞৰি চিঞৰি মায়ে শুনাকৈ পঢ়াত লাগিলো ।আমাৰ পঢ়াৰ চিঞৰৰ কোবত মা আহি পাকঘৰত সোমাই আমালৈ বুলি ভাত বাঢ়িব লওঁতেই ভাইটি চিঞৰি উঠিল -মা আমি বুলি কওঁতেই মই তাৰ মুখত হেচা মাৰি ধৰিলো । তাৰ পিছত মাক কাহিনী এটি বনাই কলো কেনেকৈ মৰমতে জোৰ কৈ আমাক খোৱাই পঠিয়ালে তেওঁলোকে । অলপতে মাৰ গালি খোৱাৰ পৰা ৰক্ষা পৰিলো।
বিয়াৰ বাবে কি কি বস্তু বান্ধিলে তাকে চাবলৈ সামৰি থোৱা কাপোৰ বোৰ দুইটাই ল'গ হৈ খুচৰিবলৈ লওঁতেই দেউতাই দেখি আমাক খেদি আহিল । খেদা খাই দুইটাই তাৰ পৰা পলালো। পুৱাতে খবৰ আহিল আবেলি কোনোবা আলহী মোক চাবলৈ আহিব আমাৰ ঘৰলৈ ।আমাৰ দুটাৰ খঙেই উঠিল আলহী আহিব বুলি শুনি যিহেতু আলহী আহিলে আমি বদমাচি বুদ্ধি বোৰ সাজিবলৈ সুবিধা নাপাওঁ ।আলহীৰ কথা শুনি মাক কলো-মা আলহীক মই চাহ বনাই খোৱাব নোৱাৰো ।
মায়েও মোলৈ চাই ভ্ৰুকুটি কৰি কলে- তই আলহীৰ লগত কথা পাতিবি তেনে
মইও একো নাভাবি কৈ পেলালো - হব মই কথা পাতি লম। মোকহে চাবলৈ আহিব ন?।আৰু আপুনি চাহ বুলি
মালৈ চাই দেখো মায়ে চকু পকাই মোলৈ চাই আছে। কথাটো বুজি উঠি মনে মনে থকাই মংগল বুলি তাৰ পৰা আতৰ হলো ।
আলহী এই হাৰ কপোৱা ঠাণ্ডাত দিনত নাহি ৰাতি খন ওলাল হি।খঙে দুখে পাকঘৰ পালোগৈ । ভাইটি দৌৰ মাৰি আহি কৈ গলহি -ঐ তোৰ দৰা আহিছে হে হে বুলি হাঁহি মাৰি ভিৰাই লৰ।
আন দিনা হোৱা হলে তাক খেদা মাৰি গলো হেতেন কিন্তু আজি আলহীৰ কাৰণে একো কৰিব নোৱাৰি ।অগত্যা চাহ বনাবলৈ ললোঁ। মা ভিতৰলৈ আহি লুচি দুখনমান বেলি দি গ'ল। মোক সকিয়াই দি গ'ল ভালদৰে বনাই লৈ আহিবলৈ । মা বাহিৰ পাই মানে ভাইটি আকৌ আহি মোৰ ওচৰ পালেহি -ঐ ল'ৰাটো চা একবেগেটিয়া বুলি আঙুলিৰ জুখি দেখুওৱালে। তাৰ কথা শুনি শুনি মোৰ মগজৰ ঘিউ উতলিব ধৰিছে তথাপি সি কবলৈ নেৰে।আকৌ সি বাহিৰ পালেগৈ । ঘুৰি আহি মোক আকৌ কবলৈ ধৰিলে -ঐ তাক চাগে মাকে বহুত দিন কাণ মলা নাই দিয়া বুজিছ!!!কাণ খন বৰ লেতেৰা । তই কিন্তু বহুত চাফা কৰিব লাগিব তাৰ কাণখন। আৰু জোতাযোৰত ইমান সোপা বোকা বুলি আটাৰ লাড়ু এটা দেখুওৱাই কলে।
খঙত মই তালৈ আটাৰ লাড়ু এটা দলি মাৰি পঠিয়ালো । ভাইটি - ইমান ঠাণ্ডাত এটা চুটি হাতৰ চাৰ্ট পিন্ধি আহিছে ঐ দেহি ।চুৱেটাৰ এটা বনোৱাৰ অৰ্ডাৰ আহে আৰু । ঐ বাহিৰত ৰিষ্টা পাক্কা বুলি কৈ দিমনে?
মইও খঙত চিঞৰি উঠি কলো- আলহী যাব দে ৰহ তোক।
সি খুক খুককৈ হাঁহি কলে-মোলৈও বনাবি দেই লুচি বুলি দে দৌৰ ।
চাহ লুচি লৈ লৰালৰিকৈ বাহিৰ পালোগৈ । যাওঁতে ভাইটিক সকিয়াই দি গ'লো-লুচি ঢাকি গৈছো আহি দুইটাই ভগাই খাম।তই অকলে খাই নথবি।
চাহ দিবলৈ গৈ আলহীৰ মুখলৈ চাব নোৱাৰা হ'লো।বাৰে বাৰে বাৰে চকু কাণলৈ যাব ধৰিলে ।আৰু লগে লগে দমাই থোৱা হাঁহিটো মুখ ফচকি ওলাই আহো যেন হ'ল। লগে লগে তল মুৰ কৰোতে জোতা যোৰলৈ চকু যোৱাত কথা নাই বতৰা নাই খুক খুককৈ হাঁহি দিলো ।মোৰ কাণ্ড দেখি মায়ে মোক চকু পকাই ধৰিলে ।হ'লে কি হব মাৰ মুখ খন দেখি গব্বৰ সিঙলৈ মনত পৰি হাঁহি ৰখক চাৰি আৰু হাঁহিৰ প্ৰকোপ বাঢ়িল । অৰ্থ নোহোৱাকৈ হঁহা দেখি আলহীয়ে মোক চাগৈ অহৌ বলিয়া বুলিয়েই ভাবি ললে।মায়ে পৰিস্থিতি বিষম দেখি পৰিবেশ সহজ কৰিবলৈ আলহীক খাবলৈ মাতিলে ।মইও তাৰ পৰা ছত্ৰভংগ দিলো । আলহী চাহ খাই যাবলৈ ওলাল ।মায়ে ভিতৰ আহি পাই দেখে মই আৰু ভাইটি লুচি ভাগ কৰাত ব্যস্ত ।মায়ে মোক ধমক মাৰি আলহীক আগবঢ়াবলৈ পঠিয়ালে । আলহীক বিদায় দি ঘুৰি আহি দেখো মাকে পুতেকে মই বনাইথৈ যোৱা লুচিখিনি গোগ্ৰাসে গিলিব ধৰিছে । মোৰ প্ৰচণ্ড চিঞৰত মায়ে মোলৈ দুখন চেপেটা লুচি আগবঢ়াই দিলে ।
কঠালটোৰ সমানৰ কেঞা বগৰী : -
স্কুলত পঢ়ি থাকোতে টিফিন পিৰিয়ডৰ প্ৰধান আকৰ্ষণ আছিল চানাৱালাৰ কেঞা বগৰী বুলি খ্যাত সৰু বগৰী বিধ। স্কুল যাওঁতে মায়ে টিফিন খাবলৈ পইচা দি পঠিয়াই।লগতে কৈ পঠিয়াই কি খাম।প্ৰায়েই স্কুলত বেকাৰীৰ পৰা অনা বন(bun) বিক্ৰী হয় আৰু সেইয়া মই খাবলৈ বাধ্য ।কেনেবাকৈ নিকিনিলেই মাৰ ওচৰত ধৰা পৰাৰ ভয়,যিহেতু মা আমাৰ স্কুলৰ বাইদেউ ।মনতে ভগৱানকে শাও পাত দিওঁ টিফিনত বন খাবলৈহে পঠিয়ালা পৃথিৱীলৈ ,অতকৈ খাবলৈ বস্তু থাকোঁতে ।যি হয় হব বুলি এদিন টিফিনত চানাৱালাৰ কাষ পালোগৈ ।কেঞা বগৰী পাচ টকাৰ কিনি চুক এটাত বহি খাবলৈ ধৰিলো। খাই খাই আমনি লাগিলত বাকী খিনি পিছত খাম বুলি বেগত ভৰাই থলো। পিছত স্কুলত খাবলৈ পাহৰি বগৰী ঘৰ পালেহি । হঠাৎ মনত পৰিলত ধৰা পৰাৰ ভয়ত লৰালৰিকৈ বগৰী কেইটা মুখত ভৰাওঁতেই ভাইটিয়ে দেখা পাই চিঞৰি উঠিল। মই তাক যিমানেই মনে মনে থাকিবলৈ কৈছো সিমানেই মাক বগৰী খাইছে বগৰী খাইছে বুলি চিঞৰিবলৈ লাগিল ।মাও বগৰীৰ নাম শুনি খেদি আহিল ।বগৰী খাবলৈ আগতেই মানা আছিল অনবৰতে ডিচেণ্ট্ৰী হৈ থকাৰ কাৰণে ।মাক সন্মুখত দেখি ভয়ত পেপুৱা লাগিলো। আজি পিঠি বহল হোৱাটো খাটাং ।
মই-আচামী মা-উকীল ভাইটি -সাক্ষীৰ ভূমিকাত
মা-ক'ত পালি বগৰী ?কি বগৰী?
কি বগৰী শুনি ভয়ত কপি জপি কি কৰো কি নকৰোকৈ হাত দুই খন মেলি কলো -ইমান ডাঙৰ বগৰীটো যে সেইটো খালো ।
মা-ইমান ডাঙৰ সেইটো কঠাল নে বগৰী ?
ভাইটি -নহয় মা তাই কঠাল নহয় বগৰী খাইছে ।
খঙত ভাইটিলৈ কট্ মট্ কৈ চাই পঠিয়ালো। ৰহ বেটা আদালত শেষ হবলৈ দে তোক বজাম।
মাৰ খং মিশ্ৰিত প্ৰশ্নবোধক চাৱনিৰে মোলৈ চাই থকা দেখিহে নিজৰ হাতখনলৈ চালো ।চাই উচাপ খাই উঠিলো ।ই কি!!!মই বগৰীৰ কি আকাৰ দেখুওৱালো!!!হায় হায়!!!
নিজৰ ওপৰত বিশ্বাস হেৰুৱাই পেলোৱাৰ অৱস্থা হ'ল।মগজুৰ সৈতে হাতে বিদ্ৰোহ ঘোষণা কৰিয়েই গোটেই খেলিমেলি কৰি পেলালে ।তথাপি মই যুদ্ধত হাৰি নিদি হাতখন কঠালৰ পৰা আৰু অলপ চপাই আনিলো । হঠাৎ বেছিকৈ সৰু কৰি দিবলৈ বিবেকে বাধা দিলে । অমিতাৰ সমান আকৃতি কৰি সেমেনা সেমেনি কৰি আছো ।এই বাৰো মাৰ মুখত সন্দেহৰ চাৱনি আৰু ভাইটিৰ মুখত অমিতাৰ চাইজৰ বগৰী খাবলৈ নোপোৱাৰ দুখ ।
মায়ে পুণৰ চিঞৰি উঠিল -অমিতাটোৰ সমান সেইটো কি বগৰী ? সচাঁ ক?
গতি বিষম দেখি ভগৱানক মাতিবলৈ ধৰিলো লগতে বকি গৈছো দ্ৰৌপদীক ৰক্ষা কৰিব পাৰিলা এতিয়া মোক ৰক্ষা কৰিব নোৱাৰা তুমি কিহৰ ভগৱান ।
মায়ে পুনৰ গৰজি উঠিল -কৈছ নে সচাঁ !!!
মই ফটা মুখখনৰে কৈ উঠিলো -এইবাৰ লাষ্ট আৰু সুধি নাথাকিব দেই । মানিলে ধান নামানিলে পতান বুলি ধৰি লব বুলি তল মুৰ কৰি হাতখন সৰু কৰি দেখুৱালো।
মায়ে হাতৰ আকাৰ দেখি অট্টাহাস্য কৰি উঠিল ।জুনত এনেকুৱা বগৰী ক'ত পালি?ফাকি মাৰিবলৈ ঠাই নাপালি?
সেইদিনাৰ পৰা মায়ে মোক মিছলীয়া উপাধি প্ৰদান কৰে।
No comments:
Post a Comment