মৰম

সম্পূৰ্ণ এমাহৰ পিচত ঘৰটোত সোমালোঁ৷জানোৱে সদায় কৰাৰ দৰেই ঘৰটোৰ অৱস্থা নাইকিয়া হৈ থাকিব৷কতনো মতা মানুহে সেইসোপা কৰি ভাল পাই৷
প্ৰতিবাৰেই যেতিয়াই মাহঁতৰ ঘৰৰ পৰা ঘুৰি আহোঁ দেখোঁহি বস্তুবোৰ সকলোবোৰ চেদেলি-ভেদেলি ৷ধূলি চাৰিওঁফালে একোতে হাত দিব নোৱাৰি৷আজিও ব্যতিক্ৰম নাই হোৱা৷বাহিৰৰ বাৰাণ্ডাৰ হেলান চকীখনৰ ধুলি সোপা দেখি টিকিচকৈ উঠিল৷
-উফ!মই নাথাকিলে গোটেই ঘৰখন চাব নোৱাৰা কৰে মানুহটোৱে৷৷
মুখেৰে ভোৰ ভোৰাই দুৱাৰখন খোলি ভিতৰ সোমাবলৈ লৈছোহে  ৷সি কুটি টকীয়া হাঁহিটো মাৰি মোৰ সন্মুখত৷
-হব হাঁহি দেখোৱাব নেলাগে৷বেয়া পাইছোঁ তোক ৷খানাপাৰাৰ পৰা আনিব নগলি কিয়?
সি একো প্ৰতিক্ৰিয়া নেদেেখোৱাই আগৰ দৰেই কৌতুকৰ হাঁহি এটা মাৰি মোলৈ চাই থাকিল৷মানে মোক আনিবলৈ খানাপাৰা পাইছিলগৈ৷মইহে নেদেখিলোঁ তাক৷
-হব দে৷মইহে সুধি ভুল কৰিলোঁ৷
সেই সদায় ঘৰৰ পৰা ঘুৰি অহাৰ পাচত একেখিনিয়ে কাম কৃত্ৰিম খং দেখোৱাই কৰি যাওঁ৷আৰু সি মোৰ ভোৰভোৰনি উপভোগ কৰি মিচিকিয়াই থাকে৷ইফালে সিফালে এনেই চকু ফোৰালো৷এচট্ৰেটো একেঠাইতে সজাই থোৱা ভাগে  আছে৷
-বিয়াহৈ অহা এঘাৰ বছৰ হ'ল হেৰৌ৷একোৱেই পৰিৱৰ্তন নহল  মানুহটোৰ৷এইবেলি মই আহি বকিম' ইমান চিগাৰেট সোপা কিয় খাব লাগে?' অ সেইকাৰণে ধুই ধাই এচট্ৰে চাফা৷নট বেড৷ইক হাগ ত বনতা হে মেডাম বুলি নকবি খালি এতিয়া৷গোটেই ৰাতি জাৰ্নি কৰি ধুলি মাকতিৰে পোট গৈ আহিছোঁ৷ৰহ দেই ডাৰ্লিং গাটো ধুই আহোঁ৷তোৰো গা-মুৰ মোহাৰি দিমহি ৰ'হ৷
বাথৰুমৰ পৰা লৰালৰিকৈ ওলাই আহি তাৰ ধুই জাপি থোৱা ৰুমালৰ পৰা এখন ওলিয়াই মগটোত সি লগাই ভালপোৱা বডি চ'প অলপ মিহলাই মুখৰ পৰা ভৰিলৈকে মোহাৰি দিলোঁ৷
-বদমাচি কৰি নথাকচোন অ'৷গোটেই চাবোন পানীসোপা মাটিত পৰিব৷ৰহ ৰহ আকৌ বেলেগ পানীৰে মোহাৰিম হেৰৌ৷চাবোন লগাই নথওঁ নহয়৷
  অকনো দিগদাৰ নোহোৱাকৈ কামখিনি কৰি নতুন গামোচা এখন তাৰ কান্ধত জাপি দি উঠিবলৈ লৈ তালৈ চালো৷
-এতিয়াহে !এনে চাফা লাগিছে৷
মৰম লাগি গ'ল৷লাহেকৈ সোঁ গালখনত টপৰকৈ চুমা এটা খাই তাৰ কাষৰ পৰা উঠি আহিলোঁ৷হাত ধুই আহি তালৈ চালো৷মোলৈ মিচিকিয়া হাঁহিটো মাৰি চাইয়েই আছে৷
-তোৰ এই মিচিকিয়া হাঁহিয়ে মোক পগলা কৰিলে ৷মুখৰ ভিতৰতে সি নুশুনাকৈ কলোঁ৷সি নুশুনিলে চাগে৷
লাহেকৈ তাৰ কাষত মাটিতে বহি হাতখনেৰে মুখখনত ফুৰাই দিলোঁ৷দীঘলীয়া হুমুনিয়াহ এটা ওলাই আহিল৷নিজৰ ওপৰতে খং উঠিল ৷সি বেয়া পাই তাৰ কাষত বহি হা হুতাহ কাঢ়ি থাকিলে৷
-বেয়া নাপাবি ওলাই যায় অ কেতিয়াবা৷
লাহেকৈ সি ভালপোৱা ধূপ কেইডালমান জ্বলাই তাৰ ফটো খনলৈ চাই ৰ'লো৷এতিয়াও হাঁহি আছে সি সদায় হহাঁৰ দৰে মোলৈ চাই৷


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...