সুখলতা
তিনিজনী ছোৱালীৰ পিচত ল’ৰাটো হৈছিল ঘৰখনত।ল’ৰাটোৰ জন্মৰ পিচৰ পৰা জীৱনটোকলৈ অসন্তুষ কৰি থকা সুখলতাৰৰ মুখত হাঁহি বিৰিঙিছিল।তাৰ আগলৈকে তাইৰ নামটোলৈ কিমান যে আক্ষেপ।
কামৰ ফাকে ফাকে সুখলতাই কাৰোবাক ভুৰ ভুৰাই গালি পাৰি আছে
-কোনে যে মোৰ নামটো সুখলতা ৰাখিছিল!নাপালে আৰু নাম দিবলৈ।জীৱনটো দুখৰ বোজা বওতে গ’ল আৰু নাম পালো সুখলতা।সুমনটোৰ বিচনাখনো পাৰিবলৈ আছে।ৰাতিৰ বাচনো তাৰ ৰুমতে পৰি আছে ইফালে।এইকিজনিৰ পৰা উপায় নোহোৱা হৈছে ককায়েকৰ চেণ্ডেলযোৰহে চোচৰাবলৈ পাই।ঐ মীনা এইফালে আহচোন ঐ ককায়েৰৰ বিচনাখনকে পাৰ।উফ!নোৱাৰি আৰু।
চিঞৰি চিঞৰি সুখলতা ভিতৰলৈ বুলি উঠি গ’ল।সুমনৰ বিচনাখন সদায় সুখলতাই ৰাতি পাৰি দিয়ে মহ সোমাব নোৱাৰাকৈ খুচি দিয়ে।গধুলীৰ ভাতসাজ সুমনৰ ৰুমটোৰ টেবুলতে সজাই দি তাই নিজে খাবলৈ যায়।আজি ন বছৰে সুমনৰ বাবে সেই একেখন ৰোটিন।
সুখলতা আছিল তিলেশ্বৰ বৰুৱাৰ আটাইতকৈ নুমলি জী।পাঁচটা ল’ৰা অগা পিচাকৈ জন্ম হোৱাৰ পিচত শেষৰটো ল’ৰা জন্মাৰ প্ৰায় দহটা বছৰৰ পিচত সুখেশ্বৰীৰ জন্ম।পাঁচটা ল’ৰাৰ পিচত ছোৱালীজনী জন্মাত তিলেশ্বৰ বৰুৱাৰ মানুহজনীয়ে আনন্দত অধিৰ হৈ গিৰীয়েকক কৈছিল
-উফ! হেৰি আজিহে মোৰ সুখ আহিল যেন লাগিছে।এইৰ নাম সুখলতাকে ৰাখো দিয়ক।
সেইদিনাৰ পৰা বৰুৱাৰ ঘৰ যেন সুখেৰে ভৰি পৰিল।সেই বছৰে বৰুৱাৰ বন্ধকত ৰখা মাটিটোকোৰা মুকলি হ’ল।সুখেশ্বৰীৰ জন্মৰ পিচতে লাহেলাহে তিলেশ্বৰ বৰুৱাৰ আৰ্থিক উন্নতি হবলৈ ধৰিলে।লাহেলাহে সুখেশ্বৰী একলা দুকলাকৈ মাক-বাপেকৰ মৰমৰ মাজত ডাঙৰ হৈ আহিল।তাইৰ মৰমৰ তাগিদাত দেউতাকে ককায়েকহঁতৰ সৈতে পঢ়াশালীটো নাম ভৰ্তি কৰাই দিলে।প্ৰথমে মাকে মৃদু প্ৰতিবাদ কৰিছিল
-এহ!ছোৱালী মানুহৰ কিহৰ পঢ়া শুনা।ঘৰৰ কাম কাজ শিকক,তাঁত-বাটি কৰিবলৈ শিকক।কিয়নো পঢ়াশালীলৈ পঠিয়াব লাগে।
সেই কথা শুনি তিলেশ্বৰ বৰুৱাই ঘৈণীয়েকক ভেকাহী মাৰি উঠিলে
-কি কথা কব আহিছা হে।আমাৰ সুখলতায়ে পঢ়িব।আমাৰ গাওঁখনৰ নাম উজ্বলাব চাই থাকা।
-যি কৰে কৰক।খালি চাব পঢ়োৱাই শুনোৱাই থাকোতে উপযুক্ত সময়ত ছোৱালী উলিয়াই দিব নোৱাৰিলেহে লেঠা লাগিব।দেউতাকৰ মৰমতে ছোৱালী ঘৰতে বুঢ়ীহৈ নাথাকিলেই আছে বুলি ঘৈণীয়েক ভুৰ ভুৰাই আঁতৰি গ’ল।
তিলেশ্বৰ বৰুৱাই কাষতে জুপুকা মাৰি বহি থকা সুখলতাক কাষলৈ টানি সুধিলে
-পঢ়িবি নে ?
-পঢ়িম দেতা,একে এষাৰে কলে সুখলতায়ে।
-মই যি কওঁ তাকে শুনিবি?
-ওম দেতা শুনিম।কালিৰ পৰা যাম নে মই স্কুল?
-যাবি আই।
কথা মতে তিলেশ্বৰে পিচদিনা সুখলতাক নি কাষতে থকা প্ৰাইমেৰী স্কুলখনত নাম লগাই দিলে।দিন বাগৰাৰ লগেলগে সুখলতা সুখ্যাতিৰে পাচ কৰি আগুৱাই গৈ থাকিল।প্ৰাইমেৰীৰ দেওনা চেৰাই ককায়েকহঁতে পঢ়া স্কুল পালেগৈ প্ৰেমলতা।তাই অহা বছৰ মেট্ৰিক দিব বুলি প্ৰস্তুতি চলাই আছে।স্কুলৰ হেডচাৰৰো তাইৰ ওপৰত অগাধ বিশ্বাস স্কুলখনলৈ গাওঁ খনলৈ তাই সুখ্যাতি কঢ়িয়াই আনিবলৈ সক্ষম হবই।হেডচাৰে দিনটোত তাহাঁতৰ ঘৰখনলৈ এপাক মাৰি তাইৰ পঢ়া শুনা চাই যাইহি।কিবা কঠিন প্ৰশ্ন থাকিলে সুখলতাই বুজি লয় তেওঁৰ পৰাই।নাইনৰ পৰা সুখলতা টেনলৈ উঠাৰ পাচতে দেউতাকে নিজে গৈ এডমিচন দি আহিলগৈ।হেডচাৰকো ল’গ কৰি তাইৰ পঢ়া শুনাৰ বিষয়ে ইতো সিটো সুধি আহি ঘৰ সোমাইছেহে মাত্ৰ পদুলি মুৰৰ পৰা জীয়েকক চিঞৰি মাতিলে
-অ আই সুখলতা পানী এগিলাচ দেচোন।
মাকক লাচনি পাচনি কৰি দি থকাৰ পৰা দেউতাকৰ মাত শুনিয়ে পানী গিলাচলৈ সুখলতা ওলাইয়ে আহিছিল।পানী গিলাচ একে ঢোকে খাই তিলেশ্বৰে বৰ ভাগৰ লাগিছে বুলি বিচনাত পৰিলগৈ।দেউতাকক বিচনাত পৰা দেখি তই শু মই সাওতকৈ তোলৈ ভাত কেইটা বাঢ়ি আনো বুলি তাই পাকঘৰ পালেগৈ।
-মা,দেতাৰ ভোক লাগিব পাই।মই ভাত কেইটামান বিচনাৰ কাষতে দি আহো নে?
-যা দি আহ তেনে।মই ককায়েৰহঁতলৈ ভাত বাঢ়ো।
কাহীখনত ভাত কেইটা সজাই তাই মনে মনে ভাবি গ’ল –হেড চাৰে বা দেতাক কি ক’লে।কালিৰ পৰা ক্লাছলৈ যাব লাগিব চাগে এডমিচন হৈ গ’ল যেতিয়া।দেউতাকৰ কাষত থিয়হৈ মুখখনলৈ চালে বৰ প্ৰশান্তিৰে টোপনি গৈছে বেচেৰাই।এই গৰমত বৰ ভাগৰ লাগি আহিব পাই।
-দেতা,অ দেতা উঠ ভাত কেইটা খাই ল।
দেউতকৰ সাৰ সিকটি নাই ।কাষৰ টেবুলতে কাহীখন থৈ তাই দেউতাকৰ কাষত বহিল।
-দেতা উঠ ভাত কেইটা খাই ল।খাই আকৌ শুবি।
শুই থকা দেউতাকৰ মুখখন দেখি তাইৰ বৰ মৰম লাগিল।লাহেকৈ মুখখন পিহি দি কোমলকৈ মাতিলে
-দেতা অ উঠ আক।তই খাই ললেহে মই খাবলৈ যাব পাৰিম।
আচৰিত যিজন দেউতাকে বাৰীখনত গৰু সোমালেই শুৱা পাটিৰ পৰাই শুনা পাই সেইটো দেউতাকে ইমান কাষৰ পৰা মতাৰ পাচতো কিয় মতা নাই।কিবা এটা সন্দেহ হ’ল তাইৰ।দেউতাকৰ গাত ধৰি লৰাই দিলে।
-দেউতা উঠ।
তাৰ পিচত মুখেৰে এটা বিকট চিঞৰ ওলাই আহিল।
-মা,কি হ’ল অ দেউতাৰ।
মাকে জীয়েকৰ চিঞৰ শুনি যৰে বস্তু ততে পেলাই উধাতু খাই সেইখিনি পালেহি।পিচে পিচে ককায়েকহঁত দৌৰি আহিল।মাকে দেউতাকৰ গাত ধৰি ঘটালি দিলে
-হেৰি নুঠে কিয়।
ডাঙৰ ককায়েকে দেউতাকৰ হাতখন উঠাই কিবা এটা পৰীক্ষা কৰিলে।তাৰ পিচত মাকক সাৱটি ধৰি কলে
-মা ,পিতাই নাই আৰু।
পুতেকে কবলৈহে পালে গোটেইজনী বলিয়া হৈ দেউতাকৰ বুকুত আচাৰ খাই পৰিল।বাকী কেইটা ককায়েকে মাকক ধৰিমেলি আঁতৰাই আনিলে।এজন এজনকৈ গাৱৰ মানুহবোৰ গোট খালে।
দহদিন কেনেকৈ পাৰ হৈছিল তাই গম পোৱা নাছিল।সকামৰ মাজত সকলো মানুহ মাকক –ককায়েকহঁতক লৈ ব্যস্তহৈ থাকিল।সুখলতাৰ মনৰ বতৰা লই কোনে।এইটো আন সেইটো আন সুখলতা বুলি ইটোৱে সিটোৱে তাইক মাতি থাকিল তাইও নিৰৱহৈ সকলোৰে মন বুজি যন্ত্ৰৰ দৰে কৰি গ’ল।কিন্তু তাই কি খাইছে কি কৰিছে কেনেকৈ দুখবোৰ সামৰিছে কোনেও খবৰ নললে।মাত্ৰ হেডচাৰে মুৰত হাত ফুৰাই কৈ থৈ গ’ল।
-সকাম নিকাম হৈ গ’লে স্কুললৈ আহিবি।দেউতাৰে বছৰটোৰ ফিজ দি থৈ গৈছে।এতিয়া দেউতাৰ পিচত তোক পঢ়োৱাৰ দায়িত্ব মোৰ।
মুখেৰে একো কোৱা নাছিল তাই তল মুৰ কৰি মুৰটো জোকাৰি শলাগিছিল।ইতিমধ্যে বাৰ দিনিয়া সকাম শেষ কৰি মানুহবোৰ ঘৰাঘৰি গৈছিল।সকাম হৈ যোৱাৰ এসপ্তাহৰ পিচত লগৰ এটাই আহি তাইক কৈ গ’লহি
-চাৰে তোক স্কুললৈ আহিবলৈ কৈছে।
কথামতে তাই পিচদিনা কিতাপ বহি জাপি স্কুললৈ বুলি ওলাই যাবলৈ লওঁতে মাকে পিচফালৰ পৰা মাতিলে
-কোন ফালে ওলালি?
-স্কুল।তাই অস্ফুট মাতেৰে ক’লে।
ভিতৰৰ পৰা ডাঙৰ ককায়েক গিজ গিজাই ওলাই আহিল
-কি কি হ’ল?ক’ত যাৱ?
তাই মুখেৰে একো নামাতি তল মুৰ কৰি ৰ’ল।
-যাওঁক দে।বাপেৰৰ ইচ্ছা আছিল তাইক পঢ়োৱাৰ।
মাকৰ অনুমতি পাই তাই লাহেলাহে নঙলা খুলি ওলাই আহিল।পিচফালৰ পৰা ককায়েকে কোৱা শুনিবলৈ পালে
-মই হ’লে তাইক পঢ়োৱাই ঘৰতে বুঢ়ী হোৱালৈকে পুহিব নোৱাৰো।বাকী ভাইটিহঁতো পঢ়িবলৈ আছে।
উলটি চাবলৈ মন আছিল মাকে কি প্ৰতিক্ৰিয়া দেখুৱালে।কিন্তু সাহস নহল তাইৰ।
বুকু ভেদি উচুপনি এটা ওলাই আহিল।দেউতাকৰ মুখনলৈ মনত পৰিল।নিজকে বৰ অসহায় যেন লাগিল।কান্দি কান্দি স্কুললৈ যাব নোৱাৰি।চোলাটোতে হাউলি চকুপানীখিনি মুহাৰি তাই স্কুল পালেগৈ।চটফটিয়া সুখলতা হঠাত ডাঙৰ হ’ল। গহীন হ’ল।স্কুলৰ পৰা আহি নিৰৱে মাকক লাচনি পাচনি কৰি দিয়ে।ককায়েকহঁতক প্ৰয়োজনীয় বস্তুবোৰৰ যোগান ধৰে।সকলোবোৰ কামৰ পৰা যেতিয়া আজৰি হয় তেতিয়া তাই মনেমনে কিতাপ খিনি লৈ লেম্প বা চাকিটো জ্বলাই লৈ পঢ়ে।টেষ্টৰ ফৰ্ম ফিলাপৰ দিনা আহি তাই মাকক কলেহি।তাৰ কিছু দিনৰ পিচতে ফাইনেল হব।হেডচাৰে সকলোবোৰ কৰি দিয়াত তাইৰ বিশেষ অসুবিধা নহল।মেট্ৰিক পৰীক্ষাৰ সময় চমু চাপি আহিছিল আৰু সুখলতা পঢ়াত ব্যস্ত হৈ পৰিছিল।পৰীক্ষালৈ এসপ্তাহমান থাকোতে সুখলতাৰ পদুলিত মটৰ গাড়ী এখন ৰলহি।দুগৰাকী মহিলা ,এগৰাকী অলপ বয়সস্হ পিচে পিচে এজন পয়ত্ৰিশ উদ্ধৰ মানুহ।সুখলতা অলপ আগতে পঢ়িবলৈ বহিছে কাম কৰি অতাই।কেইবাটাও অংক কৰিব পৰা নাই।ককায়েকহঁতৰ কাষলৈ গৈছিল শিকিবলৈ তাই।ভেকাহিহে মাৰি পঠিয়ালে সিহঁতি ‘ফলাবি তই বুলি’।
অলপ পিচতে হেডচাৰৰ ওচৰলৈ যোৱাৰ কথা ভাবিছিল তাই।আলহী নহা হ’লে যাবই পাৰিল হয়।আজি নহবই চাগে।তাই মনতে ভাবিলে।বেচেৰিয়ে গমেই নাপালে অদৃষ্টই তাইকলৈ কি খেল খেলিছে।মাকৰ কথা মতে চাহ –জলপান খোৱাই পঠিয়ালে আলহীক তাই।তেওঁলোকৰ সন্মুখত থকা সময়খিনি তাইৰ বৰ অস্বস্তিত কটালে।ইমান ৰহ লাগি চাবলৈ তাইৰ কি এনে আছে।আৰু লগত অহা মানুহজনে তাইক ভৰিৰ পৰা মুৰলৈকে লক্ষ্য কৰিছিল।তেওঁলোক যোৱাৰ পিচত তাই মাকক সুধিছিলহি।
-মা,মই অংক কেইটামান শিকিবলৈ হেডচাৰৰ তাৰ পৰা আহোগৈ নে?
-অ যা বাৰু।মাকে কথাষাৰ খোব অন্যমনস্কহৈ ক’লে যেন লাগিল।আনকালে হ’লে গধুলিৰ আগে আগে আহিবি বুলি ক’লে হেতেন।আজি একো নকলে তাইক মাকে।
তাই ঘৰলৈ ঘুৰি আহোতে সাজ লাগি ভাগিছিল।প্ৰাৰ্থনা ঘৰত চাকি গচ লগাই তাই পঢ়িবলৈ বহিল।মাক তেনেকুৱাতে তাইৰ ৰুমলৈ সোমাই আহিল।
-সুখ,মানুহঘৰে তোক বিচাৰিছে।
তাই আকাশৰ পৰা পৰিল।মানুহঘৰে আক তাইক কিয় বিচাৰিছে?মনতে ভাবিলে।আজিকালি আগৰদৰে ফটা ফট মুখেৰে কৈ নেপেলাই তাই।মাকৰ মুখলৈ চাই থাকিল তাই।মাকে আকৌ ক’লে
-উপযুক্ত সময়ত ছোৱালী উলিয়াই দিয়াতো নিয়ম।তই বিধি পথালি নিদিবি।
একো নুবুজিলে তাই মাকে কি কব বিচাৰিছে
-কি কব খুজিছ বৌটি?মই একো বুজা নাই।
মাকে কেৰঘেহাই ক’লে
-মানে অথনিৰ ল’ৰাজনে তোক পচণ্ড কৰি গৈছে।কটো দিয়াবলৈ
-কিন্তু মই পঢ়িব বিচাৰো বৌটি।
-বিয়াৰ পিচত কি পঢ় পঢ়ি থাকিবি।দেউতাৰো নাই এতিয়া।ককায়েৰ হঁতেও পিচত বিয়াৰ কথালৈ পিঠি দিব।
একো নামাতিলে তাই।জানে তাই,তাইৰহৈ মাতিবলৈ দেউতাকটো নাই এতিয়া।তলমুৰ কৰি মানি লোৱাৰ বাদে তাইৰ গতি নাই।হেডচাৰ আহিল বুজাবলৈ তাইক অন্তত মেট্ৰিকটো দিয়াবলৈ কবলৈ।চাৰক একপ্ৰকাৰৰ অপমানে কৰি পঠিয়ালে ডাঙৰ ককায়েকে।মুখেৰে কিবা কবলৈ বাদ দিলে সুখলতাই।দীঘল উৰনিৰ তলত এবাৰলৈ উচুপাও নুশুনিলে তাইক কোনেওঁ।মাকে তাইক সাৱটি বাউলিহৈ কান্দিলে।তাই নিৰ্বাক প্ৰতিমাৰ দৰে থাকিল যেন তাই ভাচানৰ দুৰ্গাহে।লগত মাথো স্কুলৰ কিতাপখিনি বান্ধি ললে তাই।বাকী কোনে ক’ত কি বান্ধিছে তাই কব নোৱাৰে জানিবও নিবিচাৰে।সুখলতা এখন ঘৰ এৰি গৈ নতুন ঘৰ নতুন পৰিবেশৰ মাজত সোমাই পৰিল।বাধ্য হৈছিল আটোমটোকাৰি কৰি লবলৈ নতুন ঘৰখন।মাইকী মানুহ নথকা এখন ঘৰ।তাই নকৰিলে কৰিব কোনে?কিন্তু কামৰপৰা আজৰি পালেই লোকোৱাই লৈ অহা কিতাপ বহীবোৰ উলিয়াই নাকৰ ওচৰলৈ নি দীঘলকৈ উশাহ টানি কিতাপৰ গোন্ধটো লব বিচাৰে।ইমান আপোন গোন্ধটো,উদবাওল কৰে কিতাপৰ গোন্ধটোৱে।দেউতাকৰ মৰমৰ সুবাস লাগি আছে কিতাপবোৰত।কোনোবা অহাৰ উমান পালে লৰালৰিকৈ সোমোৱাই থয় কিতাপবোৰ।তেনেদৰেই ব্যস্ততাৰ মাজতে বছৰ পাৰ হৈছিল।এটা সন্তানে তাইৰ শৰীৰত থিতাপি লৈছিল প্ৰথমটো বছৰৰ শেষৰ ফাললৈ।তাৰ পিচত ইজনীৰ পিচত সিজনীকৈ ল’ৰা লাগে লাগে বুলি তিনিজনী ছোৱালীৰ মাক হৈছিল সুখলতা।আশা একেবাৰে এৰি দিয়াৰ সময়তে সুখলতাৰ কুচলৈ সুমন আহিছিল ।কিবা এটা যেন ভগৱানে হিচাব নিকাচ কৰিয়ে পঠিয়াইছিল সুমনক সুখলতাৰ কাষলৈ।জন্মৰ আগে আগে সপোনত দেউতাক আহি তাইৰ মুৰত হাত ফুৰাই দিছিলহি।তাৰ পিচত চাওঁতে চাওঁতে হঠাত সৰুহৈ দেউতাক পানী কেচুৱাহৈ মজিয়াখনত বগাই ফুৰা দেখি দুহাত মেলি তুলি লৈছিল সুখলতাই।সেই মুহূৰ্ততে তাইৰ টোপনি ভাগিছিল।মনটো কিবা কিবিখন কৰিছিল তাইৰ। দেউতাকৰ বাৰু কিবা আশা থাকি গ’ল নেকি তাইৰ সৈতে ভাবিছিল তাই।
একলা-দুকলাকৈ সুমন ডাঙৰহৈ আহিছিল।চাৰি বছৰত তাক স্কুললৈ বুলি লৈ গৈছিল সুখলতাই।তাৰ পিচত কেতিয়ানো সি ইমানটোহৈ মেট্ৰিক দিব পৰা হ’ল ভাবিলে আচৰিত লাগে।সুমনক সৰুৰে পৰা পঢ়া শুনা মাক সুখলতাই চাইছিল।তাইৰ পঢ়াৰ ধাউতি দেখিয়েই সুমনে উতসাহতে পঢ়িব লৈছিল।মাকৰ ওচৰত সি বিচৰা যিকোনো প্ৰশ্নৰে উত্তৰ মজুত আছিল।আচৰিত হয় সি মাকৰ পঢ়াৰ প্ৰতি ধাউতি দেখি।এদিন সি মাকক সুধিছিল
-মা তইও মোৰ লগতে পৰীক্ষাটো দি দিয় নেকি?কথাষাৰ শুনি মাকে খুব আনন্দিত হ’ল যেন লাগিল তাৰ
-হে হে।পাৰি নেকি বুঢ়া বয়সতো পঢ়িব?
-মই আজি হেডচাৰক কথাটো সুধিম ৰহ।
-নেলাগে দে সুধিব।চাৰে বলিয়া হ’ল বুলিহে ভাবিব।
সুমনে মুখেৰে একো নকলে।স্কুলত সি চাৰৰ লগত মাকৰ বিষয়ে সবিশেষ ক’লে।হেডচাৰ উতসাহিত হ’ল সুমনৰ কথা শুনি।
-ভালহে এই বয়সত মাৰে পঢ়িব বিচাৰিছে।মই গধুলি তহঁতৰ ঘৰ ওলামগৈ দে।
সেয়াই আছিল আৰম্ভনি।সুখলতাই পুতেকৰ সৈতে সুখ্যাতিৰে মেট্ৰিক পাচ কৰি গ’ল।তাৰ পিচত হায়াৰ চেকেণ্ডাৰি তাৰ পিচত ডিগ্ৰী অসমীয়া সন্মানিয় বিষয় হিচাবে লৈ।আচৰিত লাগে ভাবিলে এই মানুহজনীকে ঘৰখনে চাৰিবেৰৰ মাজত সোমোৱাই ৰাখিলে।দেউতাকে কিন্তু ঠিক উমান পাইছিল জীয়েকৰ বিষয়ে।কিন্তু পৰিস্হিতিয়ে নিদিলে তাইক ওলাই আহিবলৈ।সংসাৰৰ ধৰ্ম পালন কৰিও পাৰিলেহেতেন এইখিনি কৰিব।সুমনৰ বাবে সম্ভৱ হ’ল সকলো।নহলে তাইৰ মৰহি যোৱা সপোন বোৰ ক’ত প্ৰাণ পালে হয়।কেতিয়াবা সেইবাবে তাইৰ সুমনক তাইৰ হেৰাই যোৱা দেউতাক যেন লাগে।থাকি যোৱা আশাখিনি পুৰাবলৈ আহিল নেকি তাইৰ দেউতাক।ডিগ্ৰী পাচ কৰি উঠি সুমন গুচি গৈছিল সিমান্তলৈ বি এচ এফৰ চাকৰী এটা পাই।মাকে প্ৰথমে অলপ কেৰ ঘেহাঁইছিল
-অতকৈ সাধি তোক পালোঁ বোপাই ।তইনো মোক এৰি কিয় যাবলৈ ওলালি?আগলৈ আৰু পঢ়।গাওঁখনৰ ল’ৰা-ছোৱালীবোৰ মানুহ কৰ।
-নহয় মা ,সৰুৰ পৰা মই মনত এটা আশা পুহি ৰাখিছিলো আমাৰ মৰমৰ দেশখন শত্ৰুৰ কবললৈ যাব নিদিওঁ।মোৰ সপোন পুৰাব দে অ মা।বাধা নিদিবি মোক।হাইচেকেণ্ডেৰি কৰি থাকোতেই যাম ভাবিছিলো।ৰৈ দিলো মনত জেদ এটা আছিল-তোক ডিগ্ৰীটো পাচ কৰা চাই যোৱা।তোৰ প্ৰাণ খোলি মৰা হাঁহিটো চোৱাৰ।মোক যাবলৈ দে।
ইমানখিনিৰ পিচত আৰু কিবা কোৱাৰ প্ৰয়োজন আছে বুলি সুমনে নাভাবিলে আনকি সুখলতাইও বাধা দিয়াৰ প্ৰয়োজন বোধ নকৰিলে।বেগটো পিঠিত ওলমাই যেতিয়া অত দিনে বুকুত সোমাই থকা ল’ৰাটো যাবলৈ ওলাল তেতিয়াহে সুখলতাৰ সম্বিত আহিল –ল’ৰা তাইৰ বুকুৰ পৰা আতৰলৈ যাবলৈ ওলাইছে।কিন্তু তাইৰ মনৰ অৱস্হা কাকো জানিবলৈ নিদিলে।পুৱাই সি ওলাই যোৱাৰ পিচত সুখলতা যি দুৱাৰ মাৰি ৰুমত সোমাল একেবাৰে গধুলিহে ৰুমৰ পৰা ওলাই আহিল।সুখলতাই সকলোৰে সৈতে স্বাভাবিক হৈ কথা পাতিলে যদিও তাইৰ ফুলি থকা চকু হালে বহুত কিবা কিবি কৈ গ’ল।দিন বাগৰিল।সুমনৰ তাত ট্ৰেনিং চলি আছে। টাউনৰ ফালে আহিলেহে মাকৰ সৈতে কথা পাতিব পাৰে।সপ্তাহত মাথো এদিন।সেইদিনটোত সুখলতাক সকলোৱে লেণ্ড ফোনটোৰ কাষত বহি থকা দেখে।সুমনৰ ফোনটো আহিলে মনটো ফৰকাল হয়।এদিন সি কৈছিল
-মা অ কাশ্মীৰখন ইমান ধুনীয়া।সিহতে খুজিলে বুলি আমি এৰি দিব নোৱাৰো নহয়।দেহত থকা শেষৰ টোপাল তেজ থকালৈকে ভাৰত ৰক্ষাৰ বাবে আমাৰ লগৰ গোটেই কেইটা সংকল্প বদ্ধ।মা,তই এম এটো দি দিবি।
-তইয়ে নাই কাষত কিনো দিম পৰীক্ষা ।পঢ়িবলৈকে মন নবহা হ’ল অ।
-মোৰে সপত মা তই পঢ়। দিবি দেই পৰীক্ষাটো।তোলৈ আৰু ভনীহঁতলৈ কাপোৰ কিনিব যাম অহা সপ্তাহত বজাৰ কৰিবলৈ।তোক কি লাগিব ক?দেউতাই স্পৰ্টিং পিন্ধিব জানো?চাৰ্টকে লৈ যাম দে।
কৈ থাকোতেই হঠাত ফোনটো কাট খালে।কথা তাইৰ বহুতেই বাকী থাকিল পাতিবলৈ।আকৌ পিচৰটো সপ্তাহলৈ ৰব লাগিল।হিচাব কৰি চালে তাৰ ছুটি অহা মাহত গতিকে সি আহে মানে পৰীক্ষাটো শেষ হবগৈ।
পিচৰটো সপ্তাহত ফোন কৰোতে সুখলতাই পুতেকক সুখমাৰ কথা ওলিয়ালে।
-হব দে তই যিজনীকে কবি তাইকে আনিম দে।তোলৈ চল এখনলৈছো।আটাইকেইজনীলৈ কাপোৰ লোৱা হোৱা নাই অ মা ।অহা সপ্তাহত লগৰটোৰ লগত যাম বজাৰলৈ।সিও বিয়া পাতিব এইবাৰ কিবাকিবি কিনি নিব সিও।হব দে ফোন ৰাখো।ভালে থাকিবি দেউতা বুঢ়া হৈছে যত্ন লবি।
পৰীক্ষা ঘৰৰ কাম সকলো শেষ কৰি সুখলতা আগ চোতালত বহি আছে।এইবেলি সুমন ঘৰলৈ আহিলে সুখমাক চাই আহিবলৈ পঠিয়াব লাগিব বিয়াখন ছুটিতে পাতি দিব পাৰিলে মই আজৰি হমগৈ।সি মোলৈ কিনা বুলি কোৱা চলখনৰ সৈতে চাদৰ এখন দিয়ে ছোৱালী চাবলৈ পঠিয়াব লাগিব।হঠাত ফোনটো কৰ্কশ স্বৰেৰে বাজি উঠিল।সুখলতাই মনতে ভাবিলে এতিয়াটো পুতেকৰ ফোন কৰাৰ কথা নাই।নিশ্চয় ইহঁত কেইজনীৰ কোনোবা এজনীয়ে কৰিছে।
-হেল্ল।কোনে কৈছে?
-ক্যা ইয়ে সুমন জি কা ঘৰহে।আপ ক্যা উনকে মাম্মি ব’ল ৰহে হে।
-হা।মে সুমন কা মাম্মী।আপ কৌন ?
ভগা ভগা হিন্দিৰে সুখলতাই সুধিলে।
-মে কাৰ্গীল চে সুমন কা হেড বল ৰহা হো।সুমনকো আজ সুবেহ কাশ্মীৰী আতংকবাদীকে গুলি চে ঘায়ল হুৱে হে।
তাৰ পিচত কি কৈছিল সুখলতাই শুনা নাছিল হাতৰ পৰা ৰিচিভাৰটো সৰি পৰিছিল। তাৰ পিচত তাই কেনেকৈ হাস্পিতালৰ বিচনা পালেহি তাই কব নোৱাৰে।কব নোৱাৰে এতিয়াও তাইৰ ল’ৰা ক’ত আছে?মাজে মাজে হুচ আহিলে প্ৰচণ্ড চিঞৰ মাৰি মুৰটো বিচনাখনত নহলে বেৰত খুন্দিয়াবলৈ যায় লগেলগে ডাক্তৰে আহি বেজি এটা দি শুৱাই দিয়ে।এটা দিন অকল টোপনিত গ’ল সুখলতাৰ।সাৰ পালেই সুমন বুলি বাউলি হয়।ইফালে ঘৰখনৰ মানুহবোৰে কি কৰিব উৱা-দিহ পোৱা নাই।কাৰ্গিলৰ পৰা ঘনাই ফোন আহিব ধৰিছে।ঘৰৰ মানুহবোৰক বাৰেবাৰে ডাক্টৰে সকিয়াই দিছে যাতে সুখলতাৰ আগত হায়ৈবিয়ৈ নকৰে।দ্বিতীয় দিনা সুখলতা আগতকৈ সুস্হিৰ হ’ল।কাষত থিয়হৈ থকা বৰ জীয়েকক সুধিলে
-সুমন আহিল নে?
তায়ো আবেগ খিনি ধাকিথৈ কলে
- আজি আনিব।
-মোক ঘৰলৈ লৈ ব’ল।মই তাক শেষবাৰৰ বাবে চাই লব বিচাৰো।ডাক্টৰৰ লগত কথা পাত।
জীয়েক দৌৰি যোৱাদি ওলাই গ’ল।বাহিৰ পায়ে তাই কান্দোনত ভাগি পৰিল।
-মাক কোনোবাই চা ঐ।মই নোৱাৰো এইবোৰ চাই থাকিব।
সকলোকে আচৰিত কৰি সুখলতাই পিচদিনা ডাক্টৰৰ ওচৰত হাতযোৰ কৰি যাবলৈ অনুমতি বিচাৰিলে।সুখলতাক লৈ যোৱা হ’ল হাস্পিতালৰ পৰা ঘৰলৈ।গৈ পাই গা-প ধুই সুখলতা পাকঘৰত সোমাল মাহ-হালধি ধুই বাতিটোত থলে।ঘহি ঘহি পটাখন ধুলে।সৰুজনীয়ে আচৰিতহৈ সুধিলে
-কি কৰি আছ মা?
-পতাখন ধুইছো।বাবুক গাটো ধুৱাবলৈ মাহ-হালধি লাগিব নহয়।পতাখনত গোটেই জলকীয়া পিচা নহয়।তাৰ গাটো পুৰিব সেইখনত বাতিলে বুজিছ।এটা কাম কৰচোন কণমানি ককায়েৰৰ বিয়ালৈ বুলি বৈ থোৱা গামোচাখন উলিয়াই আনগৈ যা লগতে নতুন ধুতি পাঞ্জাবি এসাজো আছে।লৈ আন যা।
আবেলি মিলটেৰিৰ গাড়ীখনত সুমন আহিল তাৰ মৰমৰ ঘৰখনলৈ শেষ বাৰৰ বাবে।সম্পূৰ্ণ স-সন্মানেৰে সুমনক চোতালত শুৱাই দি চেলুট দিলে।তাৰ পিচত পিচলৈ ঘুৰি নাচাই লগৰ কেইজন গুচি গ’ল।আজি সুখলতাই কন্দা নাই।মাহ-হালধীৰ বাতিটোৰ পৰা তাৰ গালে মুখে সানি দিলে।সুমনৰ সৰুকালৰ কথাবোৰ মনত পৰিল তাইৰ।গা ধুৱাবলৈ ললে সি কম তাইক জ্বলা কলা দেখুৱাইনে।পানী ধলাৰ ভয়ত দৌৰ মাৰে।তাৰ মুখখনলৈ চালে প্ৰশান্তিৰে টোপনি গৈছে।আজি যেন সি মাকক হেপাহ পলোৱাই গাধুবলৈ পাতি দিছে।গাত পানী ধালি ধালি অস্ফুট মাতেৰে ক’লে।
-দৰা কৰি এনেকৈয়ে গা ধুৱাই উলিয়াই দিম বুলি ভাবিলো পলালি।মাৰক ইমান বেয়া পালি নে?মাত এষাৰ দিবলৈ সময় নহল।
ভিতৰত কান্দোনৰ ৰুল উঠিছে।সুখলতাই কিন্তু কন্দা নাই।সাজ লগাৰ আগতে উলিয়াই দিব লাগে ল’ৰাটোক।নতুন কাপোৰসাজ পিন্ধাই চুলি খিনি ঠিক কৰি দিলে।চাঙিখনত উঠি সুমন গ’লগৈ।তাক নেদেখা হোৱালৈকে সুখলতাই পদুলিৰ পৰা চাই থাকিল।
এমাহেই হবৰ হ’ল সুমনে সুখলতাহঁতক এৰি যোৱা।বাহিৰত কলিং বেলটো বাজি উঠিল।আনকালেও বাজে কোনোবা আলহী আহিলে।সুখলতা বহাতে বহি থাকে উঠি যোৱা দুৰৈৰ কথা মুৰটো তুলিও নাচাই।আজি কিন্তু বেলটো বজাৰ লগে লগে সুখলতা দৌৰি ওলাই আহিল।
-কাৰ্গিলৰ পৰা পাৰ্চেল এটা আহিছে আই।চিনাকি পষ্টমেনজন
মুখেৰে কব নোৱাৰাকৈয়ে ওলাই আহিল সুখলতাৰ
-আমাৰ বাবুয়ে পঠিয়াইছে চাগে।
থাপমাৰি লোৱাদি পাৰ্চেলটোলৈ সুখলতা ভিতৰলৈ লৰ মাৰিলে।আটোমটোকাৰিকৈ পাৰ্চেলটো খুলি এপদ এপদকৈ বস্তু উলিয়াই গ’ল।
বগা চাৰ্ট এটা,এইটো চাগে সি দেউতাকলৈ কিনিছিল।বায়েকহঁতলৈ একোখন শাৰী।টোপোলাটোৰ তলত কাশ্মীৰি কাম কৰা ক’লা চল।তাৰ তলত এখন চিঠি।লৰালৰিকৈ পঢ়ি গ’ল
মৰমৰ মা
বহুত মৰম তোলৈ।
আৰু পঢ়িবলৈ ধৰ্য্য নহল তাইৰ চিঠিখন সামৰি আলমাৰীৰ সৰু চেল্ফটোত আটোমটোকাৰিকৈ ৰাখি ভুৰভুৰাই ক’লে
-তই মোক এৰি যাব নোৱাৰ।তই আছ ইয়াতে মোৰ কাষতে।মই তোক প্ৰতি মুহূৰ্ততে অনুভৱ কৰো।কায়াহীন ছায়াহৈ থাক মোৰ লগতে সদায়।
No comments:
Post a Comment