অসহায়
পূজাৰীৰ হাতৰ সেন্দুৰৰ বাতিটোলৈ অসহায় দৃষ্টিৰে চাই পঠিয়ালে লিপিয়ে।এসময়ত সৰস্বতী গোসানীৰ সন্মুখত এই ৰঙা ফোটটো লবলৈ লগৰকেইজনীৰ লগত কম হেতা ওপৰা লাগাই নে তাই।
আজি হেতা ওপৰা লগাবই নালাগে কাৰণ তাই পূজাৰীৰ কাষতে বহি আছে।পয়ত্ৰিশটা বছৰ পাৰ হৈ অহাৰ পাচতো তাইৰ আজিও সৌ সিদিনাৰ ঘটনা যেনেই লাগি আছে।
তাইৰে ছাত্ৰ –ছাত্ৰী বোৰৰ মাজত তাই যেন হেৰাই যোৱা তাইজনীক বিচাৰি ফুৰিছে।
-মোক দিয়ক মোক দিয়ক বুলি আগবঢ়াই দিয়া কপালবোৰলৈ একেথৰে চাই আছে তাই।টিক-টিককৈ ৰঙা ফোটবোৰ তেলেৰে সৈতে বৈ আহিছে।নেদেখা বস্তু এটাহে যেন আজি প্ৰথম দেখিছে তেনেদৰে একান্ত মনে চাই আছে বহুত সময়।
তাই তেতিয়া চাগে সপ্তম মানৰ ছাত্ৰী।পিচদিনা স্কুলৰ সৰস্বতী পূজাত লগৰকেইজনীয়ে চাদৰ-মেখেলা পিন্ধি আহিব।মাকৰ পুৰণা ৰং যোৱা বিবৰ্ণ হোৱা কাপোৰসাজ পিন্ধিবলৈকে তাই স্কুলৰ পৰা অহাৰ পৰা কুটুৰি আছে।মাকৰনো আছে কেইযোৰ কাপোৰ তাইক ধুনীয়াকৈ সজাই পৰাই পঠিয়াবলৈ।তাইও মাকৰ আৰ্থিক দৈনতাৰ কথা বুজি পোৱাকৈ ডাঙৰ হোৱা নাই।জেদ ধৰিছে তাই কাপোৰযোৰ পিন্ধিবই।মাকেও গুনা গঠা কৰি অৱশেষত বাকচৰ তলৰ পৰা কাপোৰ সাজ তাইক পিন্ধিবলৈ ওলিয়াই দিলেহি।সেইযোৰ কাপোৰৰ লগত তেওঁৰ অতীতৰ বহুত স্মৃতি জড়িত হৈ আছে।এই সাজ কাপোৰ পিন্ধাইয়ে তেওঁক স্বামীয়ে এসময়ত নিজৰ কৰি এইখন ঘৰত সোমোৱাইছিলহি।জোৰা টাপলি দি চলা সংসাৰ খনত আকৌ এযোৰ তেনেকুৱা পাটৰ কাপোৰ এসাজৰ কথা মাকে ভাবিব পৰা নাছিল।খং উঠিলে মাকে দেউতাকক বকা শুনিছিল তাই
-আজি লৈকে মন পুৰাই এসাজ পিন্ধাই পাইছে নে কেতিয়াবা।
এইবোৰ কথা ওলালে তাইৰ নিৰ্জু বাপেক মৌন হৈ পৰে।বাপেকক জুপুকা মাৰি থকা দেখিলে তাইৰ দুখ লাগে আৰু তেতিয়াই তাইৰ সমগ্ৰ খং গৈ মাকৰ ওপৰতে উঠে।আজি তাই মাকৰ কথা শুনি চকু কপালত উঠিল।কাপোৰসাজ তাইৰ হাতত দি চলচলিয়া চকুৰে তাইক কলে
-দেউতাৰে এইখন পিন্ধাইয়ে মোক নিজৰ কৰি আনিছিল।তই জেদ কৰিছ দেখি দিছো,ফালি নানিবি।
তাই কাপোৰ সাজ ললে যদিওঁ গোটেই ৰাতি মাকৰ কৰুণ চাৱনি আৰু দেউতাকৰ স্মৃতি কঢ়িয়াই লৈ ফুৰা কাপোৰ সাজৰ মমতাই আমনি কৰি থাকিল।পিচদিনা পুৱাই সোনকালে গা ধুই তাই স্কুললৈ বুলি যাবলৈ ওলাল।আগদিনাই হেড বাইদেউৱে তাহাঁত কেইজনী মানক সোনকালে আহিবলৈ কৈছে বুট-মগু ধুব লাগিব পূজাৰীৰ সৈতে লাগি দিব লাগিব।
-মা আহো,আহোতে দেৰি হব পাৰে তই হুলস্হুল খন নলগাবি।
কিতাপৰ টেবুলখনৰ কাষলৈ গৈ তাই সেৱা এটা কৰি ওলাই গল।তাইক মাকে পিচফালৰ পৰা চিঞৰা শুনিলে
কিতাপৰ টেবুলখনৰ কাষলৈ গৈ তাই সেৱা এটা কৰি ওলাই গল।তাইক মাকে পিচফালৰ পৰা চিঞৰা শুনিলে
-তই যে সেই পাতলি খোলা চুটি ফ্ৰকটো পিন্ধিলি?কালিৰ পৰা চাদৰ-মেখেলা পিন্ধিবলৈ মোৰ মুৰটো খাইছিলি দেখোন।
তাইও মাকে শুনাকৈ চিঞৰি থৈ গল
তাইও মাকে শুনাকৈ চিঞৰি থৈ গল
-স্কুলত কাম কৰিব লাগিব কাপোৰযোৰ লেতেৰা হব।বেলেগ এদিন পিন্ধিম দে বুলি পিচলৈ নাচাই স্কুললৈ বুলি কোবাকোবিকৈ খোজ ললে।
লগৰ কেইজনীয়ে পিন্ধি আহিছে চাদৰ-মেখেলা।তাই নিপিন্ধাৰ বাবে মৃদু ধমকো খাইছে তাহাঁতৰ পৰা।বাইদেউ হতে দেখুৱাই দিয়া মতে কামখিনি সামৰি উঠাৰ পিচত তাইক পূজাৰীৰ কাষত বহি লাচনি-পাচনি কৰি দিয়াৰ দায়িত্ব আহিল।পূজাৰীক গোটেই পূজাটোত ইটো সিটো গোটাই দিয়াতে তাইৰ দিনটো পাৰ হল।তাৰ বিনিময়ত তাইৰ এটা ডাঙৰ লাভ হল।পূজাৰীয়ে প্ৰথম নিৰ্মালিৰ ফুল তাইৰ হাততে দিলে তাতোতকৈ ডাঙৰ কথা সেন্দুৰৰ ফোটটোৰ বাবে তাই অকনো কষ্ট কৰিব লগা নহল।প্ৰথমেই পূজাৰীয়ে তাইকে পূজাৰ ফোটটো দিলে।
সেইদিনাৰ দৰে আজিও তাই সৰস্বতী পূজালৈ আহি পূজাৰীজনৰ কাষতে বহি আছে পাৰ্থক্য মাথো আজি তাই মাকক কাপোৰ সাজ পিন্ধিবলৈ আবদাৰ ধৰিব লগা হোৱা নাই।যোৱাটো বছৰত বায়েকে দিয়া সুধ বগা সাজযোৰ পিন্ধিছে তাই। পূজাৰী জনক ফোট দিবলৈ কপালখন আগবঢ়াই দিলে তাই। ফুটটো দিবলৈ পূজাৰীয়ে ৰঙা সেন্দুৰৰ বাতিটোৰ কাষৰ বাতিটোৰ পৰা চন্দনৰ ফোট এটা আকি দিলে তাইৰ কপালত।তাই মন গলেও যে নোৱাৰে সেন্দুৰৰ ফোটটো লবলৈ।
No comments:
Post a Comment