মৃত্যুৰ সিপাৰে জীৱন
জীৱনৰ এটা দীঘলীয়া পৰিক্ৰমা অকলষৰীয়াকৈ অতিক্ৰম কৰাৰ পিচত মোৰ হৃদৰোগত কালি মৃত্যু হল।মৃত্যুৰ অৰ্থ কি বিচাৰি হাবাথুৰি খোৱা মইজনীৰ কায়িক মৃত্যু হল।মই ইমান দিনে প্ৰকৃত অৰ্থত জীয়াই আছিলো জানো।জীৱনৰ পঞ্চলিচটা বছৰ বয়সতে সংগী হেৰুৱাইছিলো। মাত্ৰ দহটা বছৰৰ বাবে আছিল মোৰ সংসাৰৰ পৰিক্ৰমা।লৰাটোৰ নমাহতে এৰি থৈ যোৱা স্বামীয়ে মুখ ঘুৰাই লোৱাৰ পিচত মুনৰ সৈতে জীৱনৰ নটা বছৰ অতিক্ৰম কৰাৰ পিচত সংগী হেৰুৱাই মুক হৈ পৰিছিলো ভিতৰি ভিতৰি।বিচাৰি ফুৰিছিল মনটোৱে মুনক তাৰ মৃত্যুৰ পিচৰ দিনাই ৰাতিৰ আন্ধাৰত।মুনক কিজানি এটিবাৰ দেখা পাম।বাহ লৈছিল কিছুমান প্ৰশ্নই –মানুহ মৃত্যুৰ পিচত কলৈ যায়।পাৰি নেকি মৃতকক পুনৰ ঘুৰাই আনিবলৈ এনেধৰনৰ আবোল তাবোল বহুত চিন্তা।তাৰ পিচৰ প্ৰতি মুহুৰ্ততে জীৱনটো পিচলৈ চালে হা হুতাশা হুমুনিয়াৰে আৱৰি ধৰে।আৰু আগলৈ চালে হেৰাই যোৱা জন কত হেৰাইগল তাৰ চিন্তাই মন চটফট কৰে।কিবা এটা খালী খালী জীৱনটোত শূণ্যটাই বেৰিকুৰি ধৰে।ৰাতিপুৱা উঠাৰ লগে লগে অনুভৱ হয় জীৱনটোত আছে কি?মাথো হেৰুৱাৰ বেদনা।মোৰ জীৱনৰ সৈতে জড়িতহৈ হঠাত ঠিকনা বিহীন ভাবে হেৰাই যোৱা মানুহ বোৰলৈ মনত পৰি বুকুখন কেকুৰী উঠে।সচৰাচৰ তিনিখন মুখৰ কৰুণ চাৱনিয়ে বৰকৈ আমনি দিয়ে।তাৰে এখন মোৰ দেউতাৰ,এখন মোৰ প্ৰাণতকৈয়ো ভালপোৱা মোৰ স্বামী আৰু জীৱনত যাক আদ বয়সতে হেৰুৱাই পেলোৱা বেদনাই দহি থকা বন্ধু ভিকি,যি কম বয়সতে সংসাৰৰ মায়া এৰি গুচি গৈছিল মোৰ প্ৰতি এবুকু অভিমান লৈ।আৰু দি গৈছিল সহস্ৰ বেদনা বুকুত বান্ধি লৈ ফুৰিব পৰাকৈ।হেৰুৱা মানুহবোৰৰ স্মৃতি লাহে লাহে মোৰ সহচৰ হৈ পৰিছিল।দিনে ৰাতিয়ে সেইবোৰে খেদি লৈ ফুৰেমোক।
মৃত্যুৰ পিচতে কি কৰিম নকৰিম কৈ মোৰ শৰীৰটোৰ চাৰিওফালে একো বুজিব নোৱাৰি ঘুৰিব লাগিলো।কত যাম কি কৰিম ভাবি আকৌ শৰীৰটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰি বিফল হলো।মানে মই মৰিলোনেকি?এয়াই মৃত্যু নেকি।মই জীয়াই আছো নাই চাবলৈ নিজকে চিকুটি চালো।নাই সেইবোৰ একো অনুভৱ নহল।
মানুহবোৰে মোৰ শৰীৰটোত বগা কাপোৰেৰে ঢাকি দিছে।কোনোবাই কপাহ দুটুকুৰা মোৰ নাকত গুজি দিব লওঁতে মই চিঞৰি উঠিলো
-কি কৰা কি কৰা উশাহ নাপাই মৰিমচোন।
মোৰ কথা সম্পূৰ্ণ অগ্ৰাহ্য কৰি মানুহজনে নাকত কপাহৰ বল দুটা ঠেচি ঠেচি সোমোৱাই দিলে।উফ কি কষ্ট।কোনোবাই কপাহেৰে মোৰ কোঁৱাৰিয়েদি বৈ যোৱা তেজৰ সুতাটো মোহাৰি দি গল।কোনোবা এজনে কোৱা শুনিলো মাহ-হালধি বটা হৈছে যদি এইফালে লৈ আহিব লাগে।
সৌৱা মোৰ লৰা খবৰ পাইয়ে দৌৰি আহিছে মোৰ কাষলৈ।বিষন্ন মনেৰে একেথৰে মোৰ দেহাটোলৈ চাই আছে।বেচেৰাৰ ভালে বেয়াই চিন্তা কৰিবলৈ কাষত মই মাক জনীয়ে আছিলো তাৰ জীৱনৰ সৈতে জড়িত হৈ ।আজিৰ পৰা মা বুলি কবলৈও নাইকিয়া হল।ঘাট মাউৰা হল বেচেৰা।দেউতাক ঢুকাওতেও তাক এনেদৰে মন মাৰি বহি থকা দেখা পাইছিলো।তেতিয়া তাৰ কাষত সাহস দিবলৈ মই আছিলো।অদৃষ্ট জনক স্মৰন কৰি কলো
-তোমাৰ লৰা প্ৰভু তুমি সম্ভালিবা।
তাৰ হাতত দিয়া মাহ-হালধিৰ বাটিটোৰ পৰা হাতত অলপ লৈ আলফুলে মোৰ গালত সানি দি মুখলৈ অপলক দৃষ্টিৰে চাই ৰল।।তাৰ চাৱনিটোত কিমান যে কৰুণা লোকাই আছে।বুকুখন মুছৰ খাই উঠিল।তাৰ কাষত বহি তাক বোজাবলৈ যত্ন কৰিলো
-জু মাইনা ,দুখ নকৰিবি মই আছো নহয়।তই যেতিয়াই বিচাৰিবি তেতিয়াই তোৰ কাষত থিয় হমহি।এতিয়াতো মই শৰীৰটো কঢ়িয়াই লৈ ফুৰিব নালাগে বাচ-ঘাট কৰি।
সি মোৰ কথাবোৰ শুনা যেন নালাগিল।হয়তু, সি কেনেকৈ শুনিব মোৰটো মৃত্যু হল।এতিয়া মই টেটু ফালি চিঞৰিলেও কোনেও নুশুনে।
-উফ!চকুত মাহ-হালধি সোমাব অলপ সাৱধানে নকৰে কিয়?পুহ মাহৰ ঠাণ্ডাত মোক ইমান উদঙকৈ কিয় ৰাখিব লাগে।নিউমুনিয়া হৈ মৰিম দেখোন।
হঠাত সম্বিত আহিল ধেততেৰি কি আবোল-তাবোল ভাবিছো।এতিয়াতো মোক কোনো অনুভৱে তলাব নোৱাৰে।মোক মাৰিলে কাটিলেও মানে দুখ নাপাওঁ তেনেহলে।কিন্তু মনটো?মনটোৰ আবেগ খিনিৰ কি হব?সেইবোৰ চাগে শৰীৰটো জ্বলাই দিয়াৰ লগে লগে জ্বলি ছাঁই হৈ যাব মনতে ভাবিলো।লাহেলাহে মোৰ শৰীৰটো এৰি বাহিৰ পালোগে।জু মইনাৰ লগৰ দুটামানে এডাল বাঁহ তিনি চেউ কৈ কাটি মোক উঠাই নিবলৈ চাঙী সাজিছে।ইমান চিৰিয়াচ হৈ থকাৰ মাজতে লগৰ এটাই কিবা এটা ধেমালী কৰিলত এটাই খুক খুককৈ হাঁহি দিলে।বিৰক্তিৰে তাত সমবেত বাকী মানুহবোৰে তালৈ চাই পঠিয়ালে।লগে লগে সি পৰিস্হিতি গোমা হৈ যোৱা যেন অনুভৱ কৰি পুনৰ মনুযোগেৰে চাঙিখন গুঠাত লাগিল।ভাল নালাগিল মোৰ কিয় মই মৰিলো বুলিয়ে ইমান দুখ কৰি থাকিব লাগে।আনন্দ মনেৰে বিদায় দিয়াতো বিচাৰিছিলো মনে প্ৰাণে।হাঁহ তহঁতি ,মই সদায় হাঁহি-হঁহোৱাই ভালপোৱা মানুহজনীৰ মৃত্যুত কিয় ইমান চকুলো।ইফালে সিফালে চাওঁতে আকালালৈ চকু গল।আকালা ইমচেন্ এসময়ত কমখন উপকাৰ কৰি থৈছে নে তাই।সেইবোৰৰ হিচাবৰ অন্ত নহব কৈ।তাইৰ কাষত বগা চুলিৰে ধকেধকি বগী জনী গোমা।দুইজনীয়ে ইজনী সিজনীক ধৰি চকুলো টুকিছে।বিপদে আপদেদুইজনীয়ে অতদিনে মোক এৰা নাই।হঠাত চকু গললাখুটিত ভৰ দি থিয় হৈ আছে বিজু।বিষন্ন মনেৰে বিদায় দিবলৈ আহিছে মোক।মোক শেষৰটো ষ্টেচনত এৰিবলৈ আহিছে।তাৰ পৰা মোৰ হব অকলশৰীয়া অনন্ত যাত্ৰা।দুৰৈত সৌৱা অৰ্জুন এসময়ত মোৰ দুখৰ দিনৰ সহচৰ।মোৰ জীৱনৰ খলাবমা পথৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী।কোনো কোনো সময়ত মোৰ জীৱনৰ আৰ্থিক স্বচ্ছলতাৰ বাবে চিন্তিত হৈ মোক দিশ দেখোৱা এক অৰ্থত পথপ্ৰদৰ্শক।কুঁৱাটোৰ কাষত দেৱজিত বেংকৰ কাম কাজ বোৰত সহায় কৰোতে কৰোতে বন্ধু হৈ পৰিছিলো আমি।একে দৃষ্টিৰে চাঙীখনলৈ চাই আছে।বাবলু দা ,সংগীতাই শৱটো সোনকালে যাতে উলিয়াই দিব পাৰি তাৰ বাবে আগ ভাগ লৈছে।আৰু এজন আহিব বুলি আশা কৰি ইফালে সিফালে চালো।নাই দেখোন। মোৰ শেষৰ দিনটোতো অভিমান নকমিল তাৰ।মন নাছিল এই পৃথিৱী এৰাৰ সময়তো কাৰোবাৰ মনত মোৰ প্ৰতি খং অভিমান দি যাবলৈ।যোৱাৰ আগতে সকলোৰে সৈতে ভালপোৱাৰ-খং-অভিমানৰ হিচাব –নিকাচ কৰি যাব বিচাৰিছিলো।সেইবাবে লৰাটোৰ হাতত ডায়েৰীখন দি গৈছিলো।সকলোবোৰৰ নাম আৰু ঠিকনা –ফোন নম্বৰ সহ।যাতে তেওঁলোকক মোৰ মৃত্যুৰ লগেলগে খবৰ দিব পাৰে সি।সেইমতে খবৰ দিছিল সি।তেনেহলে বালি কিয় নাহিল?ভিতৰত কান্দোনৰ ৰোল উঠিছে।
-এই ভৰিটোৰ বিষটোৰ বাবে খৰকৈয়ে যাব নোৱাৰি নহয়।মনতে ভাবি ভিতৰলৈ যাবলৈ খোজ লব লৈছো আৰু ।কিন্তু ই কি মোৰ দেখোন ভৰিটোৰ বিষেই নাই খৰকৈ ভিতৰলৈ যাবলৈ লৈ ওপঙি শূণ্যতে ভাহি ভিতৰ পালোহি।তেতিয়াহে সম্বিত ঘুৰি আহিল অহ মোৰ মৃত্যু হল যোৱা কালি।
শৰীৰটোৰ কাষ চাপি গলো।দেখা পালো কোনোবাই গেন্ডা ফুলৰ মালা আনি মোৰ ডিঙিত পিন্ধাই দিছে।ঠিক মুনক পিন্ধোৱাৰ দৰে।মই কাষলৈ আহি নিজৰ মুখখন চালো।খুব প্ৰশান্তিৰে টোপনি যোৱা যেন লাগিছে।শুই থকা মুখখন দেখিলে কাৰো বুজি পোৱাৰসাধ্য নাই মই অন্তৰত কিমান গভীৰ ঘাঁ এটোকোৰা কঢ়িয়াই লৈ ফুৰিছিলো।কোনোবাই কোনোবাই কোৱা শুনিলো
-মানুহজনীয়ে আজি ভব সাগৰৰ পৰা মুক্তি পালে।পৃথিৱীৰ দুখ কষ্টৰ অন্ত পৰিল।
-খৰ কৰিব লাগে।কালি দিনতে ঢুকাল মানুহজনী।ডেড বডিৰ পৰা গোন্ধ ওলালে মানুহবোৰৰ কষ্ট হব।
হয়তু,মৃত্যুৰ পিচত এই শৰীৰৰ কি কাম।অথচ এই দেহাটো লৈ কিমান সাজোন-কাচোন এসময়ত।আজিৰ পৰা এই শৰীৰৰ মায়া মই মৰাৰ লগে লগেই শেষ।মই এতিয়া আৱেগ-অনুভুতি হীন এটা মৰাশ।কালিলৈকে মা বুলি সাৱটি লোৱা মোৰ দেহটো আজি মোৰ লৰাৰ বাবেও এটা ডেড বডি হবলৈ বাধ্য।
পাটিৰ মাজত বান্ধি মোক চাঙীৰ কাষলৈ নিয়া হল।মই অবাক হৈ চাই ৰলো।মানস মোৰ ভাই তই জু-মইনাক চাবি আজিৰ পৰা বুলি কৈ মানসৰ হাতখন ধৰিবলৈ যত্ন কৰিলো।তাৰ হাতত এথোপা ফুল।সি জানে মই ফুল বৰ ভাল পাওঁ।ফুল থোপা চাঙীখনৰ কাষত থৈ “দেই” বুলি হুক হুকাই কান্দি উঠিল।
-তই ভাগি পৰিলে জু মইনাক কোনে চাব ।মই চিঞৰি উঠিলো।
সি যেন কিবা এটা বুজি উঠিল।প্ৰকৃতস্হ হৈ জু মইনাক সহায় কৰি দিলে চাঙী খন ডাঙি লোৱাত।মোক উঠাব লওঁতে কোবা কোবিকৈ বুঢ়া তকলা মানুহ এজন হাতত এথোপা ৰঙা গোলাপ লৈ আগবাঢ়ি আহিল।
-ৰবা মোক শেষ বাৰৰ বাবে তাইৰ হেপাহৰ ফুল খিনি দিবলৈ দিয়া।মানুহজনে কলে।কাষলৈ গৈ জুপি চালো।
-তই আজিও অহাত পলম কৰিলি বালি,কাণৰ কাষত ফুচ ফুচাই কলো।
সি মোৰ মুখ খনলৈ অপলক দৃষ্টিৰে চাই বিৰবিৰাই কোৱা শুনিলো
-আমিও গৈ আছো ।ৰবি গৈ তাত।আমিও তোৰ পথৰে যাত্ৰী।বহুত কষ্ট পালি তই।পাৰিলে ক্ষমা কৰিবি।
দুৰৈৰ কৰবাত বাজিব ধৰিছে-“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সহাৰি পাম”
মোৰ দেহটো চাঙীখনৰ সৈতে ৰচিৰে বান্ধি স্বৰ্গ ৰথত উঠাই দিয়া হল।গাড়ীখনত মোৰ শটোৰ কাষত ময়ো থিয় হলো।গাড়ী আগবাঢ়িল।গৈ গৈ আমি নৱগ্ৰহ পালোগৈ।মানুহটোক ইয়াতে চিতাৰ জুইয়ে সামৰি লৈছিল আজি মইও সেই চিতাৰ জুইৰ পৰা ওলোৱা ধোঁৱাৰ সৈতে তাৰ কাষ পামগৈ।পৃথিৱীতে এৰি যাম মোৰ মায়া মুহ।লাহেলাহে জুইয়ে মোৰ শৰীৰটো আবৰি ধৰিলে।কিন্তু পালো জানো মুক্তি দুখ –কষ্টৰ পৰা।শৰীৰটো জুইৰ মাজত বিলীনহৈ যাওঁতেটো মনৰ সকলো আবেগ শেষ হব লাগিছিল।কতা মই দেখোন আবেগিক হৈয়ে আছো এতিয়াওঁ।শৰীৰটো পুৰি ছাই হৈ যোৱাৰ পিচত মানুহবোৰ ঘৰা ঘৰি গল।মই কি কৰো এতিয়া যাওঁ কলৈ?
হঠাত বতাহ ধুলিৰে এটা চাকনৈয়া মোক ঘেৰি চাৰিওফালে ঘুৰিব লাগিল কি হৈছে ধৰিব পৰাৰ আগতেই মোক সেই চাকনৈয়াই মাজত লৈ টানি নিয়াদি উৰুৱাই নিবলৈ ধৰিলে।গৈ এখন নিৰ্জন ঠাইত মোক এৰি চাকনৈয়াটো হঠাত নাইকীয়া হৈ গল।ইফালে সিফালে চালো জনশূণ্য কৰবাত ওলমি আছোহি।কাৰোবাক দেখো নেকি?মনলৈ ভাহি আহিল হেৰাই যোৱা মুখ বোৰ।ইফালে সিফালে বিচৰাত লাগিলো দেউতাক।যাক পুনৰ লগ পাম বুলি অনন্ত আশা পুহি ৰাখিছিলো।দেউতাক হেৰুৱাৰ দিনৰ পৰা মই নিজক বুজাইছো।কেতিয়াবা বুকুৰ মাজত লোকোৱাই ৰখা শোকটোৱে বিশ্বাসঘাটক কৰি বুকুৰে উজাই আহিব বিচাৰে।তত মুহূৰ্তত মনলৈ আহে
-মই আক’ কিয় কান্দিছো।দেউতাটো সৌ আকাশৰ সিপাৰে মোলৈ বাট চাই আছে।
মই অলপো পলম নকৰি চিঞৰি উঠিলো
-দেতা ,অ তা ক’ত তই?
-মৰমৰ মানুহটো ঐ তইনো কত।তোক এটিবাৰ চাবলৈকে অতদুৰ বাট ...
মোৰ মাতটো কৰবাত ঠেকা খাই মোলৈকে ভাহি আহিল।সন্মুখলৈ তেতিয়াহে মন কৰিলো মই যত ৰৈ আছো তাৰ পৰা এটা আহল-বহল গছৰ মাজেৰে ৰাস্তা ।গছ বোৰত ৰঙা-নীলা-সুমথিৰা নাম নজনা কিছুমান ফুলৰ সমাহাৰ।চাই চাই বিভোৰ হলো।ফলমুলেৰে জাতিস্কাৰ হৈ আছে গছ বোৰ।অনুভৱ কৰিবলৈ যত্ন কৰিলো।মোৰ বাৰু ভোক লাগিছে নেকি?নাই খোৱাৰ কথাই ভাবিবলৈ মন নগল।গছবোৰত নাম নজনা অসংখ্য ৰঙ-বিৰঙৰ চৰাই।মোক দেখিও অকনো ভয় কৰা নাই মোৰ কাষে কাষে ঘুৰি ফুৰিছে।গছত লাগি থকা ফল-মুলবোৰ তাহাঁতকো খোৱা নেদেখি আচৰিত পালো।মানে তাহাঁতৰো ভোক নালাগে চাগে।বাণ্দৰ-ভালুক-হাতী-হৰিনবোৰ ইফালে সিফালে ঘুৰি ফুৰা দেখিলো।মোলৈ তাহাঁতৰ ভ্ৰুক্ষেপেই নাই।মোৰ সন্মুখেত চৰাইবোৰে কিচিৰ-মিচিৰ কৰি যেন কিবা এটা কব বিচাৰিছে।ভালদৰে মন কৰিলত মই বুজি পালো।তাহাঁতে যেন মোক কৰবালৈ আগবঢ়াই নিব বিচাৰিছে।তাহাঁতৰ পিচে পিচে বাট বুলিলো।গৈ গৈ দুৰৈত এজন মানুহক পিচফালৰ পৰা শিল এচটাত বহি থকা দেখা পালো।অহাৰ পৰা সেয়া মই প্ৰথম মানুহ দেখা পালো।আনন্দত অধিৰ হৈ চিঞৰি উঠিলো।
-শুনকচোন মহাশয়?
মানুহজনে মোলৈ ঘুৰি চোৱাৰ লগে লগে মোৰ মুৰটো আচণ্দাই কৰা যেন লাগিল।মুখেৰে আপোনাআপুনি ওলাই আহিল
-ভিকি তুমি?ইয়াত?
-তুমি আহিবা বুলি গম পাই বাট চাই আছো।তুমি যাক মনে প্ৰাণে বিচাৰি আছা তেখেতেই পঠিয়াইছে তোমাক নিবলৈ।বলা দেউতাৰা বাট চাই আছে।
দেউতাৰ নাম শুনিয়ে সকলো পাহৰি তাৰ হাতঁত থাপ মাৰি ধৰি কলো।
-বলা তেনে দেউতাৰ ওচৰলৈ।
-যোৱাবাৰ তুমি মোক একো নজনুৱাকৈ এৰি গুচি গলা ।এইবাৰ কিন্তু যাব নোৱাৰা।এইবুলি জোৰত হাতখন খামুচি ধৰিলো।
-যোৱাবাৰ তুমি মোক একো নজনুৱাকৈ এৰি গুচি গলা ।এইবাৰ কিন্তু যাব নোৱাৰা।এইবুলি জোৰত হাতখন খামুচি ধৰিলো।
-কিন্তু তোমাৰ স্বামী?যাৰ কথা ভাবিয়ে তুমি অত দুৰ পালাহি।তোমাক নিবলৈ নাহিল কিয় জানানে?
-তেওঁ মোৰ স্বামী।তেওঁ আৰু মোৰ ভালপোৱা এটা সমন্ধৰ চোলা আছিল।দুয়ো একেটা ভালপোৱাৰ চোলাৰে নিজকে আবৃত্ত কৰি ৰাখিছিলো।সেই ভালপোৱাত অলপ কিছু পৰিমানে হলেওঁ স্বাৰ্থ জড়িত হৈ আছিল।সেইবাবে চাগে বুলি মই ভিকিৰ মুখলৈ চালো।পিচত লগ কৰোৱাবা নহয়?
-নহয়।তেওঁৰ মোহ তাতে থৈ আহিছিল।তেওঁৰ প্ৰকৃত ভালপোৱা থৈ আধাতে গুচি আহিব লগা হৈছিল।তেওঁৰ কৰ্তব্য আধৰুৱা কৰি এৰি আহিছিল।গতিকে তেওঁক কেতিয়াবাই পুনৰ জনম লবলৈ পঠিয়াই দিয়া হৈছে।তুমি তেওঁক লগ নোপোৱা ।
সেইষাৰ কোৱাৰ লগে লগে ভিকিৰ হাত এৰি চিঞৰি কান্দি মই মূৰ্চ্ছা যোৱা যেন হলো।ভিকিয়ে মোলৈ চাই হাঁহি ৰৈ থাকি কলে।
-মোক এৰি নাযাবা বুলি কৈ তুমিয়ে দেখোন মোৰ হাত এৰি দিলা।এতিয়া বুজিলা মানুহবোৰ কেনেকুৱা,ওচৰত থকাটো বা পোৱাটোলৈ হেপাহ নাই কিন্তু যাক দেখা নাই তালৈ হেপাহ প্ৰচণ্ড।যেনেকৈ মানুহে আজিৰ দিনটোত জীয়াই থাকিব নাজানে কাৰন ভৱিষ্যতটোলৈ হেপাহ বেচি।সেইকাৰনে মানুহৰ মুক্তি নাই।এইবুলি ভিকিয়ে অট্টাহাস্য কৰি উঠিল।আৰু হঠাত মোক তাতে এৰি নাইকিয়া হল।বুজি পালো দেউতাকো দেখাৰ সৌভাগ্য নহব আৰু কেতিয়াও।মোৰ বুজিবলৈ বাকী নাথাকিল মৃত্যুৰ পিচতো মুক্তি নাই।মই আকৌ সেইখন পৃথিৱীলৈকে বাকী থকা দুখ-যাতনা বোৰ কঢ়িয়াবলৈ ঘুৰি যাম নতুন এটি জীৱনলৈ।মৃত্যুৰ পিচৰ পৃথিৱী তাৰমানে সেইখনে।
No comments:
Post a Comment