হাউচ নং-12
1985 চনৰ নৱেম্বৰৰ গুৱাহাটীত লাহেলাহে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে।গুৱহাটীৰ বৰঝাৰ বিমান বন্দৰত যেতিয়া ৰমনে ভৰি দিছিল তেতিয়া আবেলি তিনি বাজিবৰ হৈছিল।সৌৰভৰ কথামতে ৰমন নাম লিখি ফেস্তোন লৈ লন্সত দীপক ৰৈ আছিল এয়াৰপৰ্টত।ৰমনে বেল্টৰ পৰা লাগেজ্ লৈ আহি ইফালে সিফালে চাওঁতেই ফেস্টোনখনৰ সৈতে দীপকক চকু পৰিলত হাতখন ডাঙি সি দীপকক ৱেভ কৰি আগবাঢ়ি গ’ল।দীপকে লগত থকা ল’ৰাটোক কিবা এটা ক'লে ,লৰাটোৱেও আগবাঢ়ি গৈ ৰমনৰ বাকচটো লবলৈ হাত আগবঢ়াই দিলে।বাকচটো লৰাজনৰ হাতত দি ৰমন দীপকৰ ওচৰলৈ আগবাঢ়ি গল। দীপকে হাতখন আগবঢ়াই দি ৰমনক হেণ্ডচেক্ এটা দি গাড়ীলৈ বুলি আগবঢ়াই নিলে।
কলিকতা নিবাসি ৰমন শ্ৰীবাস্তবে আকস্মিক ভাবে হাতলৈ অহা ট্ট্যুৰৰ অৰ্ডাৰটো পাই হাহাকাৰ কৰি উঠিছিল।ট্ট্যুৰ ঘনাই হব, কোম্পানীয়ে ডাঙৰ প্ৰেজেক্ট এটা পাইছে।কোনোদিনে আজিলৈকে অসমলৈ গৈ নোপোৱা ৰমনৰ অসম সম্পৰ্কে বিশেষ ভাল ধাৰণা নাই।'অসমখন হাবিৰে পূৰ্ণ অটব্য অৰণ্য আৰু আলফা নামৰ উগ্ৰপন্থীৰ ঘাটি 'সেয়ে ধাৰণা লৈ আছে ইমান দিনে।লেটাৰখন লৈয়ে সৌৰভ কাকতিৰ ওচৰলৈ দৌৰ মাৰিছিল ৰমন,অসমখনৰ বিষয়ে জানিবলৈ আৰু তাত থকাৰ বাবে সুবিধা কৰি দিবলৈ।সৌৰভে ৰমনৰ সন্মুখতে তাৰ বন্ধু দীপকলৈ ফোন লগাই ৰমনৰ বিষয়ে চমুকৈ বুজাই দিছিল আৰু টানি অনুৰোধ কৰিছিল ৰমনৰ বাবে এটা গেষ্টহাউচৰ ব্যৱস্হা কৰি দিবলৈ।
এয়াৰপৰ্টৰ পৰা ওলাই গাড়ী হাইৱেত উঠিল।তীব্ৰ বেগত গাড়ী গুৱাহাটীৰ দিশত ধাৱমান হ'ল।ৰমনে বাহিৰলৈ চাই আহিছে,কাৰো মুখত কথা নাই।বাহিৰৰ প্ৰকৃতিৰ অপূৰ্ব দৃশ্য,সেউজীয়া দলিচাৰে ঘাঁহনি এই সকলোবোৰৰ সমাহাৰে ৰমনৰ চকু কপালত তুলিলে।যলৈকে চকু গৈছে মাথো সেউজীয়া আৰু সেউজীয়া।ৰব নোৱাৰিলে ৰমন -মুখেৰে ওলাই আহিল-‘ভাৰি সুন্দৰ দীপক বাবু ,লাগছে যেমন স্বৰ্গপুৰীতে ঘুচে গেছি।এৰকম প্ৰাকৃতিক সৌন্দোৰ্য্য কখনো দেখিনি আগে’।দীপকে মিচিকিয়ালে মাথো।দীপকে ড্ৰাইভাৰক কিবা এটা নিৰ্দেশ দিয়াৰ লগে লগে গাড়ীয়ে অলপ দুৰ গৈয়ে হাইৱেৰ পৰা নামি বেলেগ এটা সৰু ৰাস্তাৰে আগুৱাই গল।প্ৰকৃতিৰ ৰেহ ৰূপত বিভুৰ ৰমনে মাথো বাহিৰলৈ চাই আহিছে চকু নপছৰুৱাকৈ।হঠাৎ চকুৰ সন্মুখত সেউজীয়া পাহাৰ দেখি হতবাক হৈ দীপকক সুধিয়ে পেলালে –“আমি সচাকৈয়ে চিটিতে আছো নে?কিমান ঘণ্টা লাগিব চিটি পাওঁতে?”দীপকে ৰমনৰ মনৰ অৱস্হা বুজি মিচিকিয়াই হাঁহিলে।“পামেই আৰু ৰমন বাবু আৰু কেইমিনিট মান।দীপৰ বিলৰ কাষে কাষে লাহে লাহে গাড়ী আগুৱাই গৈ থাকিল।শীতকালিৰ নতুন নতুন পৰিভ্ৰমী চৰাইবোৰে গোটেই বিলখন ছানি ধৰি আছে,পানী কাউৰী বোৰে মেল মৰাৰ দৰে জাক পাতি বহি লৈছে।বগলী কেইটাই দীঘল দীঘল ঠেং মেলি পানীৰ পৰা মাছ বিচাৰি খাইছে।“নীলা ৰঙৰ সৌ কেইটা কিং ফিছাৰ নেকি?”ৰমনে আবেগ ধৰি ৰাখিব নোৱাৰি চিঞৰি উঠিল।ৰেলৱে ক্ৰছিং পাৰহৈ পাহাৰৰ কাষে কাষে গাড়ী আগবাঢ়িল।এটা সময়ত সৰু ৰাস্তা এৰি গাড়ী আকৌ হাইৱেত উঠিল।দীপকে ৰমনলৈ চালে, গভিৰ প্ৰশান্তিত চকু মুদি আছে ৰমনে।সৌৰভৰ কথামতে গনেশগুৰিৰ হোটেল অম্বৰিশতে ৰমনৰ থকাৰ ব্যবস্হা কৰিছে দীপকে।গেষ্ট হাউচ এটাৰ ব্যৱস্হা কৰিব নোৱাৰালৈকে এই হোটেলতে থাকিব ৰমন।
গুৱাহাটী পোৱা আজি এসপ্তাহে হ’ল ৰমনৰ।এসপ্তাহত প্ৰায় বিশ পচিশটা ঘৰ চাইছে যদিও মনপুত ঘৰ এটা পোৱা নাই ৰমনে।ফ্লেট পাইছে যদিও ফ্লেটত থকাৰ বৰ মন নাই ৰমনৰ।অগত্যা কেইবাটাও ফ্লেটৰ খবৰ দীপকে কেন্সেল কৰিব লগা হৈছে ।ৰমনক বহুত সুধামেলা কৰাৰ পিছত দীপকে এটা সিদ্ধান্তলৈ আহিছে ৰমনৰ বাবে গেষ্টহাউচ হাউচ নাম্বাৰ-12ই পচণ্ডৰ হব।সেউজীয়া গছ গছনিৰে এটা পুৰণি আমোলৰ ঘৰ।ঘৰটো প্ৰথম দেখিয়ে দীপকৰ ভাল নালাগিল।বন্ধু এজনৰ আগত ৰমনে বিচৰা ঘৰৰ
গুৱাহাটী পোৱা আজি এসপ্তাহে হ’ল ৰমনৰ।এসপ্তাহত প্ৰায় বিশ পচিশটা ঘৰ চাইছে যদিও মনপুত ঘৰ এটা পোৱা নাই ৰমনে।ফ্লেট পাইছে যদিও ফ্লেটত থকাৰ বৰ মন নাই ৰমনৰ।অগত্যা কেইবাটাও ফ্লেটৰ খবৰ দীপকে কেন্সেল কৰিব লগা হৈছে ।ৰমনক বহুত সুধামেলা কৰাৰ পিছত দীপকে এটা সিদ্ধান্তলৈ আহিছে ৰমনৰ বাবে গেষ্টহাউচ হাউচ নাম্বাৰ-12ই পচণ্ডৰ হব।সেউজীয়া গছ গছনিৰে এটা পুৰণি আমোলৰ ঘৰ।ঘৰটো প্ৰথম দেখিয়ে দীপকৰ ভাল নালাগিল।বন্ধু এজনৰ আগত ৰমনে বিচৰা ঘৰৰ
বৰ্ণনা দিওঁতে সিয়ে ঘৰটোৰ এড্ৰেচ দিছিল।দীপকৰ কিবা হৰৰ চিনেমাৰ হাণ্টিং হাউচ যেন লাগিল।কিন্তু ৰমনে এই পুৰণি হাণ্টিং হাউচ যেন লগা ঘৰটোত কি দেখা পালে দীপকে বুজি নাপালে নে বঙালী মানুহ অলপ হিচাবি কাৰণে চাগে সস্তাতে পোৱা ঘৰটো বৰকৈ পচণ্ড হৈছে।দীপকৰ বাধাৰ পিছতো ৰমনে একপ্ৰকাৰৰ কথা দি পেলাইছিল কেয়াৰটেকাৰ জনক আৰু হাতত ধৰাই দিছিল পাঁচ হেজাৰ টকাৰ খমখমিয়া নোট।
ঘৰটো পুৰণি আমোলৰ আছিল তাৰ স্মৃতি বহন কৰিছে গেটৰ কাষৰ ৰজা আমোলৰ নাদটোয়ে।ঘৰৰ মালিকে ৰাণীৰ পৰা কিনি লৈছিল মাটি টোকোৰা।প্ৰথম অৱস্হাত এটা সৰুকৈ খেৰি ঘৰ আছিল তাত ।মালিক অহাৰ আগতেই তেওঁৰ প্ৰেয়সীয়ে দুচলিয়া খেৰি ঘৰটো বনাই আছিল তাত।শুনা মতে পত্নী থাকোতেই মালিকে মাটিটোকোৰা প্ৰেয়সীক কিনি দিছিল।খবৰ গৈ কেনেবাকৈ পত্নীৰ কাণত পৰিছিল আৰু আৰম্ভ হৈছিল সংঘাত।বুকুত অজস্ৰ বেদনা লৈ আতৰি গৈছিল পত্নী আৰু মালিকে লৰা-ছোৱালী বোৰৰ ওপৰত থকা অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ পত্নীৰ ওপৰত দিছিল চৰিত্ৰহীনাৰ কলংক।গাঁৱৰ মাটি আনক গতাই দি ঘৰৰ মালিক উঠিছিলহি দুচলীয়া ঘৰটোত।তেওঁ পত্নী মৰ্য্যদা দিলেওঁ তেওঁৰ একমাত্ৰ সন্তানৰ বাদে ছোৱালী দুজনীয়ে কোনো দিনেই দিব পৰা নাছিল দেউতাকৰ প্ৰেয়সীক মাকৰ মৰ্য্যদা।প্ৰেয়সী হৈ ৰৈছিল তাহাঁতৰ বাবে দুৰ্বোধ্য সাঁথৰ।এই সকলো কথা পিচত ৰমনে শুনিছিল ৰান্ধনিটোৰ পৰা।কথাবোৰ শুনি মনৰ উতকণ্ঠা বাঢ়ি গৈছিল তাৰ।
যিদিনা তাৰ বহু আকাংশিত ঘৰটোত সোমাইছিল সেইদিনা আছিল দেওবাৰ, দিব লগিয়া সকলোখিনি চুকাই দি অম্বৰিশ এৰোতে প্ৰায় দুই বাজি দহ মিনিট হৈছিল।হোটেলৰ গাড়ীৰে নমাইথৈ গৈছিল ৰমনক হাউচ নাম্বাৰ -12ত।বাহিৰতে থিয়হৈ বহুপৰ চাই থাকিল ঘৰটোলৈ।দুই মহলীয়া প্ৰকাণ্ড এটা হাউলীৰ ওপৰটো আসাম টাইপ।টিনবোৰ সি ভালপোৱা গভীৰ নীলা ৰঙৰ,ৱালবোৰ ইটাৰ আকাৰত সুন্দৰভাবে কটা যেন প্ৰতিটো ইটাৰ চেপ জুখি জুখি বনাইছে কাৰিকৰে।বগা ইটাবোৰৰ কাষটো নীলা হাইলাইট কৰা।টিনৰ ওপৰত জোঙা চিলিঙেৰে এটা সৰুকৈ ঘৰ।ব্ৰিটিছৰ আমোলৰ ঘৰৰ ছাপ গোটেই ঘৰটোত বিৰাজমান।গেটৰ মুখত সোমাইয়ে সোঁফালে এজোপা দেৱদাৰু।পৰ্চত এখন চেড্ তাত এখন পুৰণি বগা ৰঙৰ গাড়ী।বাৰাণ্ডাখন এখন গ্ৰীলেৰে বেৰাই ৰখা হৈছে।তাৰ কাষে কাষে থকা টাবত বিভিন্ন ৰঙৰ জেৰেনিয়াম,ইমপেচেণ্ট কৃচেনথিয়ামাম আদি চিজন্ ফ্লাৱাৰ।চান চেড খনত টাব ওলমাব পৰাকৈ কিছুমান লোহাৰ হোল্ডাৰ।তাৰ পৰাও ওলমাই থোৱা হৈছে বিভিন্ন ৰঙী পিটুনিয়া ফুল।দুৱাৰ মুখত এজোপা নিম গছ।সৰু বাৰান্দাখনত এখন বৃটিছ আমোলৰ হেলান চকী,তাৰ কাষত দুখন সৰু চকী,ওচৰতে সজাই থোৱা আছে এটা ৰঙা হালধীয়া ৰঙ কৰা মাটিৰ কলহ।সোঁহাতৰ বাৰান্দা খনত এখন সত্তৰ দশকৰ বুলেট এনটিক পিচহৈ আছে।কলা ৰঙটো চিক মিকাই আছে যেন এইমাত্ৰ পলিচ কৰি থোৱা হৈছে।ইটাৰ চেপত কাটি থোৱাখিনিৰ বাদে গোটেই ঘৰটো সুধ বগা।ৰমনে কলিংবেল বজাবলৈ হাতখন মেলোতেই দৰজাখন এজন ল’ৰাই খুলি দিলেহি ।সম্ভাষন জনাই তাৰ লাগেজ বিচাৰি ইফালে সিফালে চালে-আপোনাৰ চমান্ চাব।তাৰ হাতৰ পৰা বাকচটোলৈ ল’ৰাজনে তাক ৰুমটোৰ ফালে আগবঢ়াই নিলে-আপোনাৰ বাবে মানস দাই ৰুম নং এক ঠিক কৰিব দিছে।চৌধ্য বাই বিশ ফুটৰ এটা ৰুম,আচবাব সমুহ পুৰণি বৃটিছ আমোলৰ যেন ব্যতিক্ৰম মাথো টিভি আৰু এ.চিটো।প্ৰতিটো কাঠৰ আচবাবেই সুন্দৰ ভাবে পলিচ্ কৰি থোৱা আছে।বিচনাৰ সন্মুখত সৰু ফায়াৰ প্লেচটো তাৰ কাষত দুফালে দুটা মাটিৰ কলহত সচাঁ যেন লগা বিভিন্ন ৰঙৰ ফুল।প্ৰথমে ৰমনে সচাঁ ফুল বুলিয়েই ভাবিছিল।হাত লাগিলতহে গম পালে সেয়া কৃত্ৰিমহে।ফায়াৰ প্লেচৰ সন্মুখত বহিবলৈ দুখন মজবুট কাঠৰ চোফা।চিংগল বিচনা দুখন একেলগ কৰি বগাৰ ওপৰত ৰঙা গোলাপৰ সৈতে বেডকভাৰ পাৰি থোৱাহৈ আছে।কাষত এটা প্ৰকাণ্ড ৱাড্ৰৱ।ফায়াৰ প্লেচৰ একাষে কিছু আতৰত এখন লাইফ চাইজৰ আইনাৰে সৈতে ড্ৰেচিং টেবুল।ল’ৰাজনে ৰমনৰ বাকচটো ৱাড্ৰৱটো খুলি সোমোৱাই দি ,ৰমনে এতিয়া চাহ খাব বিচাৰে নেকি সুধিলে।ৰমনৰ সন্মতি পাই আপুনি মুখ হাত ধুই লওঁক বুলি ৰুমটোৰ সৈতে সংলগ্ন বাথৰুমটোলৈ আঙুলিয়াই দেখুৱাই ৰুমৰ পৰা ল’ৰাজন ওলাই গ’ল।ৰমনে বাথৰুমৰ দৰজাখনত লাহেকৈ চাপ দিয়াৰ লগে লগে খোল খাই গ’ল।ভিতৰখনলৈ চকু গ’লত ৰমন অবাক হ’ল।বাথৰুমটো থাকিবলৈ দিয়া ৰুমটোতকৈ অলপহে সৰু।বাৰ বাই চৈধ্য ফুটৰ এটা আহল বহল ৰুম।মালিক কিমান চৌখিন আছিল বাথৰুমটোৱে তাৰ প্ৰমান বহন কৰিছে।বহল আহল ৰুমটোৰ এফালে বাথটাবটো।তলতে দীঘল গুলাপি ৰঙৰ ফুট-মেট।ৱালত এণ্টিক পিচৰ দৰে ষ্টন টাইললচ লগোৱা।কম’ডৰ কাষতো ফুট-মেট লগোৱা আছে।ৱালত এখন প্ৰকাণ্ড আইনা এফালে বেচিন আৰু সৰু ৱাড্ৰৱ এটা।ৱাড্ৰৱটোৰ ওপৰত সৰু সৰু চিনামাটিৰে তৈয়াৰি মূৰ্ত্তি কেইটামান সজোৱা আছে।সুধ বগা টাৱেল এখন হেঙাৰত ওলমাই থোৱা আছে।ৰমনে ৱাড্ৰৱটো খুলি চালে।তাত চেম্পু,হেণ্ডৱাচ,বডি চেম্পু,ময়চাৰাইজাৰ থৰে থৰে সজোৱা আছে।লগতে লণ্ড্ৰী বেগ,হেঙাৰ কেইডালমান,এযোৰ চেণ্ডেল।ৰমনে বাথটাবত গৰম-ঠাণ্ডা পানীৰে পূৰ্ণ কৰিলৈ আস্বস্ত হ’ল।লৰালৰিকৈ গাটো ধুই ওলাই আহিল সি।ইতিমধ্যে অথনিৰল’ৰাটোৱে চাহ লৈ সোমাই আহিছিল।জাৰ্মান চিলভাৰৰ ট্ৰেত এযোৰ চকচকাই থকা ব’ন চায়নাৰ কাপ প্লেট,টি-কোজিৰে ধকা জাৰ্মান চিলভাৰৰ টি-পট।গাখীৰ আৰু চেনি দিছে বেলেগে চীনা মাটিৰ দুটা পাত্ৰত।এই সকলোবোৰ দেখিয়ে ৰমনৰ মনটো ভাল লাগি গ’ল।চাহকাপ খাই থাকোতেই ল’ৰাটোৱে ফায়াৰ-প্লেচত জুইকোৰা ঠিক কৰিথৈ গ’ল।চাহ কাপ খাই উঠি ৰমনে ডায়েৰীখন উলিয়াই ললে,ডায়েৰী লিখাটো তাৰ পুৰণি অভ্যাস।পুৱাৰ পৰা তেতিয়ালৈকে কি কি দেখিলে সি লিখি গ’ল।লিখি থাকোতে কেতিয়াযে সি টোপনি গ’ল গমেই নাপালে।হঠাত ল’ৰাটোৰ মাতত খক-মকাই সাৰ পাই উঠিল।“চাৰ খানা লগাম নে?টেবুলত দিম নে ৰুমত লগাই দিম ডিনাৰ।”ল’ৰাটোৱে সুধিলে।কেইটা বাজিল হাতৰ ঘড়ীটোলৈ চালে ।ইছ!দহ বাজিবৰ হল দেখুন।“বলা,গৈ আছো বুলি ৰমন বিচনাৰ পৰা উঠিল।ডাইনিং টেবুলৰ মাজত সজাই থোৱা আছে ফলমুলৰ এটা বাউৱেল।দীঘল মেটৰ ওপৰত থৰে থৰে বাচন সজাই ঢাকি থোৱা হৈছে।চকীখন টানি বহাৰ লগে লগে ল’ৰাজনে আহি ব’ন চাইনাৰ এখন ডিচ্ আৰু এটা চুপ বাউৱেল লগাই দিলে আৰু এটা এটাকৈ ঢাকোন খুলি দি গল।ৰুমালি ৰুটি,টণ্ডুৰি চিকেন,বয়ল এগ,বেক কৰা মিক্সড চবজি,চিকেন চুপ আৰু এটা পৰ্চলিন বাটিত বিশুদ্ধ ক্ৰিম।খাই থাকোতে ৰান্ধনিজনে চিনাকি দি গ’ল,বৰুৱা চাটগয়াৰ মানুহ ।বাগানৰ বৃটিছ চাহাবৰ খানচামা আছিল,শুধ বগা ধুতি আৰু পাঞ্জাৱীৰে সৈতে দেখিলেই আপোন আপোন লগা এজন ব্যক্তি।বৰ সুন্দৰ ৰান্ধিছে বুলি ক’লত বৰুৱাৰ মুখত এক আত্মসন্তুষ্টিৰ হাঁহি ফুটি উঠিল।ৰমন যেতিয়া বিচনালৈ গৈছিল তেতিয়া প্ৰায় এঘাৰটা বাজিছিল।বৰুৱাই তাক দঢ়াই দঢ়াই কৈছিল ভয় নাখাবলৈ ,আৰু দৰকাৰ হলে মতিনক বা তেওঁক যাতে মাতি দিয়ে।বৰুৱাই ভয় নাখাবলৈ কোৱা কথাষাৰ ৰমনৰ অলপ অস্বাভাৱিক যেন লাগিল।বিচনাত উঠি বাৰে বাৰে বৰুৱাৰ ভয় নাখাবলৈ কোৱা কথাষাৰ মনলৈ আহিল।ৰমনে ভুত বিশ্বাস কৰা মানুহ নহয়,বহুত বাৰ আগতে বন্ধুৰ আগত ভুতৰ বাবেই চেলেঞ্জ দি থৈছে।কিমান শ্মশানত ৰাতি কটাইছে,ক’তা ৰাতি এটা বজাতো ভুত এটা পুৰি খাবলৈ নাপালে।লাইটটো নুমুৱাই দি ৰমন শুই পৰিল।গভীৰ নিদ্ৰাত থকা ৰমন হঠাত মাজৰাতি টোপনিৰ পৰা সাৰ পাই উঠি বহিবলৈ লওঁতেই অনুভৱ কৰিলে কোনোবা যেন ৰুমটোত খোজ কাঢ়ি ঘুৰি ফুৰিছে।গধুৰ ভৰিৰ আৱাজ লগতে হাড়কপোৱা কনকনীয়া এচাটি বতাহ।আচৰিত লাগিল তাৰ শুৱাৰ আগতে খিড়কীখনটো চাইছিল সি,তেন্তে?দুৱাৰখনো বৰুৱাৰ উতপাতত বন্ধ কৰি দিছিল।তেন্তে কোন সোমাল?কেঁট কুট নকৰাকৈ পৰি ৰল ৰমন।এনেদৰে পৰি থাকোতেই টোপনি গল সি।ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায়ে বিচনাৰ পৰা জপিয়াই নামি খিড়িকীখন পৰীক্ষা কৰি চালে।নাই সকলো ঠিকেই আছে দুৱাৰখনৰো চিটকিনি লগোৱা হৈ আছে।ৰমনৰ নিজলৈকে হাঁহি উঠিল,সি তাৰমানে ভুতলৈ ভয় খোৱা নাই টো?সি নিজকে ক’লে-ভাগৰতে ভ্ৰম দেখিলো চাগে।দুৱাৰখন খুলি দি সি বাথৰুমত সোমাল মুৰটো বৰ গধুৰ লাগিছে,একেবাৰে গাটো ধুই ওলাই আহিল।ইতিমধ্যে মতিনে বিচনা পাৰি চিজিল কৰি থৈ গৈছে।সি বাথৰুমৰ পৰা ওলাই অহা গম পাই মতিনে চাহ খাবলৈ মাতি থৈ গ’ল।ৰাতি সিমান মন কৰা নাছিল ৰমনে,এতিয়াহে মন কৰিলে ডাইনিং ৰুমটো আহল বহল প্ৰকাণ্ড এটা হল ঘৰ কাষতে বাৰখন আটোমটোকাৰি সজোৱা আছে।কাচৰ গিলাচবোৰ ওপৰৰ পৰা হল্ডাৰ বোৰত ওলমাই সজাই ৰখা আছে।স্বকেচত নীলা সেউজীয়া ৰঙৰ বেলভেডৰ ভডকা,টেংঙ্কুৱেৰে জিন্,বাকাৰ্ডি ৰাম,কাৰভয়জিয়েৰ কগনেকৰ বটল থৰে থৰে সজোৱা আছে।তালৈ ভেবা লাগি চাই থকা দেখি বৰুৱাই মাত দিছিল-ডাঙৰ চাহাবে নাখাইছিল।সৰু চাহাবৰ বহুত চখ দেশী- বিদেশী পানীয়ৰে বাৰখন সজাই ৰখাটো।নিতৌ খাইছিল যদিও খালী হোৱা ঠাই বেলেগ বটলে পুনৰ পুৰ কৰি থৈছিল।কোনো দিনে বাৰখনৰ বটল খালী হৈ পৰি থকা দেখা নাছিল তাহাঁতে।বাৰখনক বুলিয়ে নহয় প্ৰতিটো বস্তুতে চকু আছিল সৰু চাহাবৰ।কোনো এটা বস্তু অলপ ইফাল সিফাল হবলৈ নিদিছিল।সিহঁতবোৰ সেইলৈ আজিও সচেতন।এটা স্বকেচ্ ত গল্ফৰ বলৰ সৈতে গল্ফৰ কিট্ সজাই থোৱা আছে লগতে বিভিন্ন ধৰনৰ ট্ৰফি আৰু কাপ।ফটো এখনত কেইজনমান বৃটিছ চাহাবৰ সৈতে গল্ফ খেলি আছে।এখনত এটা ট্ৰফিলৈ ল’ৰা এজনে মিচিকিয়াই হাঁহি আছে।ওখ,স্বাস্হ্যবান,মিঠা বৰণৰ চফল ডেকা।বৰুৱাই ফটোখনলৈ আঙুলি দেখুৱাই কলে- এইয়া আমাৰ সৰু চাহাব।ৱালত লাইফ চাইজৰ এখন ফটো দেখি ৰমন ৰৈ গ’ল।ফটোৰ মানুহজনৰ বয়স চল্লিছ বিৰাল্লিছ হব চাগে।ফটোখনলৈ একেথৰে চাই থাকি ৰমনৰ যোৱাকালিৰ ৰাতিটোলৈ মনত পৰি গ’ল।বৰুৱাক কিবা এটা সুধিম বুলি ৰৈ গ’ল।চাহাব ঢোকোৱা দুবছৰৰ আগতে তোলা ফটো-নিৰৱতা দুৰ কৰি বৰুৱাই কলে।মনতে ভাবিলে আজি ৰাতিটো চোৱা যাওঁক।আহি এইবাৰ ৰমন ডাইনিং টেবুলত বহিল।বৰুৱাই লৰালৰিকৈ টেবুলত বন চাইনাৰ সুধ বগা ডিচ্ সজাই দিলেহি।ডিচ্ খনত ব্ৰেডৰ চ্লাইচ চাৰিটা লগতে সৰু দুটা বাটিত মাখন আৰু জেম্।এখন সৰু পিৰিচ্ ত ডবল অমলেট।এখনত চচেজ অলপ।এটা বাটিত কেৰামেল কাষ্টাৰ্ড।চাৰ্ভ কৰি থাকোতে বৰুৱাই কৈ গ’ল এইবোৰ সকলো সৰু চাহাবৰ পচণ্ডৰ ডিচ্।ৰমনে কফি কাপ বাৰাণ্ডাতে দিবলৈ কৈ বাৰান্দাৰ হেলনীয়া চকীখন অলপ আগলৈ টানি আনি হেলান দিবলৈ লওঁতে মতিন দৌৰি আহিল “চাৰ আপুনি চকীখন ইয়াৰ পৰা লৰচৰ নকৰিব” কিয় বুলি সুধে মানে মতিন তাৰ পৰা আতৰি গৈছিল।আজি অফিচ বন্ধ গতিকে ঘৰটোকে ঘুৰি চোৱা যাওঁক মনতে ভাবিলে।চাহ কাপ খাই বাৰাণ্ডাৰ পৰা নামি ল’ন খনত খোজ কাঢ়ি আগুৱাই গল।বিশাল বাৰীৰ কাষে কাষে উইপিং উইলৰ এটা শাৰী।লনখনৰ মাজতে বেঢ়াই থোৱা ফুলৰ বাগান।বিভিন্ন ৰঙৰ গোলাপেৰে জাতিষ্কাৰ হৈ আছে।চাৰিওফালে সৰু সৰু বাহৰ হেডজ্ ধুনীয়াকৈ সমানে কাটি ৰখা হৈছে।এঠাইত বহিব পৰাকৈ খেৰৰ চালিৰে এটা খোলামেলা ঘৰ ।বেটৰ মজবুট চোফাৰকাষে কাষে বিভিন্ন ৰঙী ফুলৰ টাব।ৰমনে তাতে বহু পৰ বহি বাংলোটোলৈ চাই ৰ’ল।তাৰ পৰা ওপৰলৈ যোৱা চিড়িটো ভালদৰে দেখা যায়।এপাকত বহাৰ পৰা উঠি ৰমন লাহে লাহে ওপৰলৈ উঠি গ’ল।ঘুৰখোৱা চিড়িৰ আনটো মুৰত দীঘল বাৰান্দা।তাত থৰে থৰে বিদেশৰ পৰা অনা এনটিক্ পিচৰ্ সমাহাৰ।ব্লেক মেটেলৰ ডাঙৰ সৰু কেইবাটাও ঊট।নিগ্ৰু মতা-মাইকীৰ সৈতে লৰা-ছোৱালী এহালৰ মুৰ্ত্তি।তাল গছেৰ দুটা টাব আৰু আছে বিভিন্ন অৰনামেন্টেল পাতেৰে কেইবাটাও টাব থৰে থৰে সজাই থোৱা।ভিতৰলৈ উকি মাৰি চাওঁতে দেখা পালে এটা আহল বহল আটক ধুনীয়া ড্ৰইংৰুম।ভিতৰলৈ সোমাবলৈ মন আছিল যদিওঁ মতিনে মাত দিয়াত তললৈ নামি আহিল।ঘড়ীটো চাই আচৰিত হ’ল ৰমন ঘুৰি ঘুৰি চাওতেই এটা বাজিল বুলি গমেই পোৱা নাছিল সি।তললৈ অহাৰ লগে লগে মতিনে কলে- “চাৰ ভাত লগাই দিব নেকি বৰুৱাই সুধিছে?”“হব লগাব দিয়া” এইবুলি কৈ ৰমন বাথৰুমত সোমাল।ৰমন বাথৰুমৰ পৰা আহি যেতিয়া টেবুলত বহিছিল তেতিয়া চাৰিওফালে খোৱা বস্তুৰ সুগন্ধি বিয়পি পৰিছিল।কণি জহা চাউলৰ তপত ভাতৰ লগত আছে পাতলকৈ বনোৱা মুৰ্গী মাংসৰ ঝুল।ঢেকীয়া শাকৰ ভাজি,মাছৰ চৰচৰি,মাছৰ মাথাৰ মুড়ী ঘন্ট,বিলাহী তিয়হৰ চালাড।আজি লান্সত ইমানেই বুলি অকৰাৰ দৰে বৰুৱাই হাঁহি দেখুৱালে।সকলো বিলাকৰ পৰাই অলপ অলপ তৰকাৰীৰ সুৱাদ ললে ৰমনে।খাই উঠাৰ লগে লগে তামুলৰ বটাটো আগবঢ়াই দি বৰুৱাই খাবলৈ কেনে পালে সুধিলে।সচাই বৰ সুস্বাদু আছিল আজিৰ আহাৰ ।ৰমনে পৰম তৃপ্তিৰে সৈতে যে খালে তাকে কলে বৰুৱাক।বৰুৱাক খুব উৎফুলিত হোৱা দেখা গ’ল।ৰমনে বৰুৱাই মুখৰ ভিতৰতে কোৱা শুনা পালে “চাহাবৰ ইজ্জতৰ কথা আছে।”সকলোবোৰ কিবা বৰ ৰহস্য ময়।এজন মানুহ ঢোকোৱা আজি দহ পোন্ধৰ বছৰ হৈ গ’ল অথচ আলহী অতিথিক আজিও তেওঁ ভাল পোৱা ডিচ্ খোৱাৰ নিয়ম।খাবলৈ ভাল হোৱা নোহোৱাটো এজন মৃতকৰ ইজ্জতৰ কথা থকা,বস্তু ইফাল সিফাল কৰিবলৈ নিদিয়া-অথচ চাহাবৰ আগলৈ পিচলৈ বুলি থকা ঘৈণীয়েকো ইয়াত নাথাকে।তেন্তে কাৰ বাবে ইমান নিয়ম।এই সকলোবোৰ মিলি ৰমনৰ কিবা আলৌকিক ৰহস্যময় যেন লাগিল।অকমান ৰেষ্ট লম বুলি ৰমন ৰুমত সোমাই বিচনাত পৰি ঘৰটোত কি কি দেখিলে,ৰহস্যময় বাবুৰ্চি,চাৰিওফালৰ পৰিবেশৰ কথা লিখি গ’ল তাৰ ডায়েৰীত।চকু টানি ধৰিছে তাৰ যোৱা ৰাতিও ভালদৰে টোপনি মাৰিব পৰা নাই,আজিও ৰাতি সাৰে থকাৰ কথা মনতে পাঙি থৈছে গতিকে অলপ টোপনি যাবলৈ চেষ্টা কৰিলে।টোপনি গৈ কেতিয়া যে গধুলি সাত বাজিল গমকে নাপালে।মতিনে আহি মাত নিদিয়া হলে চাগৈ কেতিয়া যে সাৰ পালেহেতেন।“চাহ দিম নেকি চাহাব?”
“দিবলৈ কোৱা মই গৈ আছো”বুলি ৰমন বাথৰুমত সোমাল।চাহ খাই খাই বৰুৱাৰ লগত সৰু চাহাবৰ বিষয়ে বহুত কথাই গম পালে।এবাৰত ৰমনে হঠাত বৰুৱাক সুধিলে-“মেমচাহাবৰ লগত চাহাবৰ সমন্ধ কেনে আছিল?”বৰুৱাই কৈ গ’ল-চাহাবে ফুৰি বহুত ভাল পাইছিল।শনিবাৰ দেওবাৰ হলেই ভকচ্-ৱেগনত মেমচাহাবক লৈ চিলং-চেৰাপুঞ্জি ফুৰিবলৈ ওলায়।খোব মিল আছিল দুয়োৰে,মেমচাহাবে হাঁহি বৰ ভাল পাইছিল আৰু চাহাবে হঁহোৱাই।মেমচাহাবকলৈ চাহাব বহুত সুখী আছিল যেন দেখা গৈছিল,আৰু মেমচাহাবৰ চাহাবক লৈয়ে পৃথিৱী ঘুৰিছিল।চাহাব আৰু মেমে কোনোদিন আমাক টানকৈ এষাৰ কথা কোৱা নাছিল,ভুল কৰিলে হাতত ধৰি শিকাই দিছিল চাহাবে।ইমান হাঁহি ফুৰ্তিৰ এখন ঘৰত কোন কুলক্ষণীৰ নজৰ লাগিল নাজানো।হঠাৎ এদিনৰ বেমাৰত চাহাবে আমাক সকলোকে এৰি গুচি গৈছিল।তাৰ পিছত এটা বছৰ মাত্ৰ মেমচাহাব ইয়াত আছিল,হাঁহিব কান্দিবলৈ পাহৰি গৈছিল তেওঁ।মাজে মাজে চাহাবৰ কিবকিবি কথাকৈ চাহাবে তেখেতক যাওঁ বুলিয়ে এৰি গল বুলি অভিমান কৰিছিল।হঠাৎ এদিন ঘৰৰ সকলো চাবি কাঠি মানসদাৰ হাতত গতাই আমাক সকলো দায়িত্ব দি গুচি গৈছিল নিজৰ জন্ম হোৱা ঠাইলৈ।চাৰ চাহাবহঁতৰ বংশত কিবা শাও আছে, আগত চাহাবে মেমচাহাবক কোৱা শুনিছো।বংশৰ মতা মানুহবোৰ বেচি দিন জীয়াই নাথাকে।এইবোৰ কথা কলে মেমচাহাবে একো নামাতে খঙত উঠি গুচি গৈছিল।এদিন মেমচাহাবৰ আগত চাহাবে মই পঞ্চাশ বছৰ জীয়াই থাকিম কওঁতে বহুত কান্দিছিল।আচৰিত কথা ৰমন চাহাব-আমাৰ চাহাব পঞ্চাশ বছৰ বয়সতে মৰিছিল।চাহাব মৰি গল কিন্তু আমি নাভাবো চাহাব নাই আমি এতিয়াওঁ অনুভৱ কৰো চাহাব আছে আমাৰ লগতে।কিবা কথাত খেলিমেলি লাগিলেই তেওঁ যেন আমাক কাণে কাণে উপায় দি যায়।বহুত আশাৰে মেমচাহাবৰ বাবে বাংলোটো বনাইছিল চাহাবে আৰু মেমচাহাবক বাৰেবাৰে কৈছিল মই নাথাকিলেও এই ঘৰ এৰি নাযাবা বুলি।মেমচাহাব নথকাৰ কাৰণেই চাগে চাহাবৰ আত্মাই শান্তি নাইপোৱা।একে উশাহতে সকলোখিনি কৈ বৰুৱাই চকুলো মুছিলে।কৈ কৈ অলপ আবেগিকহৈ পৰিল বৰুৱা।চাৰ ভাত বনাওগৈ বুলি বৰুৱা আতৰি গ’ল।ৰমন উঠিগৈ বাৰান্দাত বহিলগৈ।মনটো কিবা গধুৰ গধুৰ লাগিল বৰুৱাৰ কথাবোৰ শুনি।হাঁহি ধেমালিৰে হুলস্হুল হৈ থকা এখন ঘৰ চকুৰ আগত ভাহি আহিল।ডাইনিং ৰুমৰ পৰা উঠি আহোতে বৰুৱাৰ সৰু চাহাবৰ ফটোখনলৈ চকু পৰি এনে লাগিছিল যেন ছবিৰ মানুহজনৰ মনটোও যেন আজি বিষন্ন।
“দিবলৈ কোৱা মই গৈ আছো”বুলি ৰমন বাথৰুমত সোমাল।চাহ খাই খাই বৰুৱাৰ লগত সৰু চাহাবৰ বিষয়ে বহুত কথাই গম পালে।এবাৰত ৰমনে হঠাত বৰুৱাক সুধিলে-“মেমচাহাবৰ লগত চাহাবৰ সমন্ধ কেনে আছিল?”বৰুৱাই কৈ গ’ল-চাহাবে ফুৰি বহুত ভাল পাইছিল।শনিবাৰ দেওবাৰ হলেই ভকচ্-ৱেগনত মেমচাহাবক লৈ চিলং-চেৰাপুঞ্জি ফুৰিবলৈ ওলায়।খোব মিল আছিল দুয়োৰে,মেমচাহাবে হাঁহি বৰ ভাল পাইছিল আৰু চাহাবে হঁহোৱাই।মেমচাহাবকলৈ চাহাব বহুত সুখী আছিল যেন দেখা গৈছিল,আৰু মেমচাহাবৰ চাহাবক লৈয়ে পৃথিৱী ঘুৰিছিল।চাহাব আৰু মেমে কোনোদিন আমাক টানকৈ এষাৰ কথা কোৱা নাছিল,ভুল কৰিলে হাতত ধৰি শিকাই দিছিল চাহাবে।ইমান হাঁহি ফুৰ্তিৰ এখন ঘৰত কোন কুলক্ষণীৰ নজৰ লাগিল নাজানো।হঠাৎ এদিনৰ বেমাৰত চাহাবে আমাক সকলোকে এৰি গুচি গৈছিল।তাৰ পিছত এটা বছৰ মাত্ৰ মেমচাহাব ইয়াত আছিল,হাঁহিব কান্দিবলৈ পাহৰি গৈছিল তেওঁ।মাজে মাজে চাহাবৰ কিবকিবি কথাকৈ চাহাবে তেখেতক যাওঁ বুলিয়ে এৰি গল বুলি অভিমান কৰিছিল।হঠাৎ এদিন ঘৰৰ সকলো চাবি কাঠি মানসদাৰ হাতত গতাই আমাক সকলো দায়িত্ব দি গুচি গৈছিল নিজৰ জন্ম হোৱা ঠাইলৈ।চাৰ চাহাবহঁতৰ বংশত কিবা শাও আছে, আগত চাহাবে মেমচাহাবক কোৱা শুনিছো।বংশৰ মতা মানুহবোৰ বেচি দিন জীয়াই নাথাকে।এইবোৰ কথা কলে মেমচাহাবে একো নামাতে খঙত উঠি গুচি গৈছিল।এদিন মেমচাহাবৰ আগত চাহাবে মই পঞ্চাশ বছৰ জীয়াই থাকিম কওঁতে বহুত কান্দিছিল।আচৰিত কথা ৰমন চাহাব-আমাৰ চাহাব পঞ্চাশ বছৰ বয়সতে মৰিছিল।চাহাব মৰি গল কিন্তু আমি নাভাবো চাহাব নাই আমি এতিয়াওঁ অনুভৱ কৰো চাহাব আছে আমাৰ লগতে।কিবা কথাত খেলিমেলি লাগিলেই তেওঁ যেন আমাক কাণে কাণে উপায় দি যায়।বহুত আশাৰে মেমচাহাবৰ বাবে বাংলোটো বনাইছিল চাহাবে আৰু মেমচাহাবক বাৰেবাৰে কৈছিল মই নাথাকিলেও এই ঘৰ এৰি নাযাবা বুলি।মেমচাহাব নথকাৰ কাৰণেই চাগে চাহাবৰ আত্মাই শান্তি নাইপোৱা।একে উশাহতে সকলোখিনি কৈ বৰুৱাই চকুলো মুছিলে।কৈ কৈ অলপ আবেগিকহৈ পৰিল বৰুৱা।চাৰ ভাত বনাওগৈ বুলি বৰুৱা আতৰি গ’ল।ৰমন উঠিগৈ বাৰান্দাত বহিলগৈ।মনটো কিবা গধুৰ গধুৰ লাগিল বৰুৱাৰ কথাবোৰ শুনি।হাঁহি ধেমালিৰে হুলস্হুল হৈ থকা এখন ঘৰ চকুৰ আগত ভাহি আহিল।ডাইনিং ৰুমৰ পৰা উঠি আহোতে বৰুৱাৰ সৰু চাহাবৰ ফটোখনলৈ চকু পৰি এনে লাগিছিল যেন ছবিৰ মানুহজনৰ মনটোও যেন আজি বিষন্ন।
কালিৰ মিটিংৰ কাৰণে প্ৰজেক্ট প্ৰিপেয়াৰ কৰিব লাগে এনেকৈ থাকিলে নহব।আৰু মাত্ৰ চাৰিদিন আছে গুৱাহাটিত।তাৰ মাজতে কামাখ্যা দৰ্শনৰ আশাও মনত পুহি ৰাখিছে সি।লৰালৰিকৈ উঠি আহিল ৰমন বহাৰ পৰা।অফিচৰ ফাইলটো লৈ আওঁৰাই গ’ল সি।সকলো বোৰ আয়ত্বলৈ অহাৰ পিচত কিছু আশ্বস্ত হ’ল।কালি তাৰ প্ৰেজেনটেচনৰ ওপৰতে গোটেই কোম্পানিৰ লাভ লোকচান নিৰ্ভৰ কৰিব গতিকে সি প্ৰেজেনটেচনৰ ক্ষেত্ৰত অতি সাৱধান হোৱা জৰুৰি।ফাইল সামৰি সি বিচনাত দীঘল দিলে মনটো আকৌ উৰি গ’ল বৰুৱাই কোৱা সৰু চাহাবৰ কথা বোৰলৈ।ৰাতি ন বজাত বৰুৱাক ডিনাৰ দিবলৈ কৈছে সি কালি সোনকালে উঠিব লাগিব।পিচ ৰাতি পাৰিলে আজি সাৰ পাই থাকিব লাগিব।ডিনাৰ আজি সি লাইতকৈ দিব কৈছে সেইবাবে বৰুৱাই ক্লিয়েৰ চুপ,গ্ৰিলড বেকন,ৰাছিয়ান চালাড,মাৰ্মলেড,ব্ৰেড টুষ্ট দিছে।ডিনাৰ খাই ৰমন বিচনাত পৰিল।আজি শুৱাৰ আগতে খিড়িকীখন ভালকৈ বাৰে বাৰে পৰীক্ষা কৰিলৈছে সি।দৰজাখনৰ হুকটো ভালদৰে লগাই লৈছে।বিচনাৰ কাষৰ কৰ্ণাৰ টেবুলখন বিচনাত উঠাৰ আগতে দৰজাৰ মুখত দি লব লাগিব।দেখা যাওঁক আজি সৰু চাহাবে কি নাটক কৰে।বাথৰুমত মুখ ধুই থাকোতে অন্যমনস্কৰ ফলত টেপৰ পানী আহি ফ্লৰত পৰিল।ৱাইপাৰ ডালেৰে শুকুৱাবলৈ চেষ্টা কৰি বিফল হৈ ভাবিলে কালি মতিনক কথাটো কব লাগিব।ৰমন আহি বিচনাত পৰিলহি।বিচনাতে চাটিফুটি কৰি এসময়ত সি টোপনি গ’ল।ৰাতি গভীৰ হৈ আহিল।মাজ ৰাতি বাথৰুমৰ ৱাইপাৰৰে কোনোবাই যেন ফ্লৰখন শুকোৱাবলৈ যত্ন কৰিছে।কাণ উনাই শুনিবলৈ যত্ন কৰোতেই আৱাজ নাইকীয়া হ’ল।লগে লগে এচাটি হাড় কপোৱা বতাহ ৰমনৰ কাণ চুই পাৰহৈ গ’ল।তাৰ পিছতে গধুৰ ভৰিৰ আৱাজ।এটা আবচা আবচা পোহৰত ওখ ছাঁয়া আহি তাৰ বিচনাৰ সন্মুখৰ চকীত বহি বৰুৱাই কোৱা কাহিনীয়ে বিষন্নতাৰে কলে ।তেওঁৰ পত্নীয়ে তেওঁক এৰি যোৱাৰ বাবে খুব কষ্ট পাই আছে।ছাঁহ পৰা যেন এটা মাত ভািহ আিহল –‘তেওঁক বুজাব কোনে?।তেওঁৰ বাবেই অত আগ্ৰহেৰে ঘৰ বান্ধিলো।নহলে মই আছিলো অঘৰী জীৱন ভালপোৱা মানুহ,সেই মানুহটোক তেওঁৱে প্ৰেমেৰে বান্ধিলে।তেওঁৰ অবিহনে বৰ কষ্ট পাইছো’ এইবুলি মানুহজন হঠাৎ অন্তৰ্ধ্যান হল।খকমককৈ সাৰ পাই ৰমনে নিজকে ৰুমৰ ফায়াৰপ্লেচৰ সন্মুখৰ চোফাখনত বহি থকা অৱস্হাত আৱিস্কাৰ কৰিলে।তাৰ চোফাখন আনখন চোফাৰৰ মুখা মুখি হৈ আছে।আৰু বিচনাৰ কাষৰ কৰ্ণাৰৰ টেবুলখন আগৰ স্হানতে আছে ।মনতে ভাবিলে সি কি কালি টেবুলখন দৰজাৰ মুখত দিবলৈ পাহৰিল নেকি?আৰু সি চোফাত কেনেকৈ?নিশ্চয় চোফাখনত বহি কিবাকিবি ভাবি থাকোতে চাগে তাতে টুপনি গল।কিবা এটা মনত পৰি বাথৰুম পালেগৈ।নাই ফ্লৰখন প্ৰথম দিনৰ দৰেই চকচকিয়া হৈ আছে পানীৰ কটোৱে দাগ এটা নাই।মনটো কিবা দুধুৰ মুধুৰ লাগিল।ব্ৰেকফাষ্ট কৰি থাকোতে বৰুৱাক তাৰ মেম চাহাবৰ ঠিকনাটো সুধি টুকি ললে।মনতে ভাবিলে যোৱাৰ আগতে এবাৰ তেওঁক মই লগ পোৱা উচিত।লাগিলে কামাখ্যা দৰ্শন এই বাৰলৈ স্হগিত কৰিব।
টেলিপেথি টেলিপেথি ৰমনে মনতে ভাবিলে সি যাক বিচাৰি হাবাথুৰি খাইছিল তেওঁ নিজে আহি উপস্হিত হৈছেহি।অফিচৰ পৰা অহাৰ লগে লগে হাঁহি খবৰ দিছিল বাবুৰ্চি বৰুৱাই।আজৰি হৈ আহি সৰু মেম চাহাবক তাৰ ৰুমলৈ মাতি আনিছিল।শুকোলা চুলিৰে সৈতে বগা মানুহগৰাকী।জুঙা নাকত এটা সৰু ফুলি,পাথৰটো জিলিকি আছে।মুখত বয়সৰ আচুৰ পৰিছে।আগৰাতিৰ গোটেই ঘটনা অতিৰঞ্জিত নকৰাকৈ সি তেওঁৰ আগত কৈ গ’ল।মনে মনে সকলো শুনি গ’ল মাথো।মুখৰ অভিব্যক্তিৰ পৰা ৰমনে মেমচাহাবৰ মনৰ কথা একো অনুমান কৰিব নোৱাৰিলে।কিছু সময় বহি মেমচাহাব নিজৰ ৰুমলৈ গ’ল।পিচদিনা ৰাতিপুৱাই ৰমনক ওপৰত তেওঁৰ ৰুমলৈ মাতি পঠিয়াই জনালে তেওঁ আৰু ঘুৰি নাযায়।এই হাউচ নং-12তে জীৱনৰ বাকী থকা কালচোৱা কটাব।এটা বহুত ডাঙৰ প্ৰেজেক্ট সফল হ’ল যেন লাগিল ৰমনৰ।কামাখ্যা মাৰ সন্মুখত মুৰ দুৱাই জীৱনত প্ৰথম বাৰৰ বাবে পৰিয়ালৰ বাহিৰৰ কাৰোবাৰ বাবে সেৱা ভিক্ষা কৰিলে ৰমনে। অস্ফুট মাতেৰে দেৱী মাক কলে-সুখী কৰা হাউচ নং-12ৰ চাহাব-মেমক।
No comments:
Post a Comment