লটিঘটি
বৰ্ণালী ফুকন
মাৰ মুখেৰে বহুত দিনৰ পৰা শুনি অহা দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰাৰ সংগী হোৱাৰ মোৰ আজি সৌভাগ্য ঘটিল । তিনিচুকীয়ালৈ অহাৰ পৰা শুনি আছো মাৰ মুখত,দুলীয়াজানলৈ ৰজাৰ গাড়ীৰে ভ্ৰমণ কৰিব পোৱাটো কিমানযে ৰোমাঞ্চকৰ আৰু আৰামদায়ক একোৰে সৈতে তুলনা নহয় ।মনতে ভাব হ'ল কিজানি এই যাত্ৰা এৰোপ্লেনৰ যাত্ৰাতকৈও সুখকৰ।এই যাত্ৰাৰ সুখকনৰ লোভ সামৰিব নোৱাৰিয়েই মোৰ আজিৰ এই যাত্ৰা ।
ঘৰৰ পৰা ওলাইয়ে ৰিক্সা এখন পাই চালকৰ সৈতে দৰ দাম কৰি ন-পুখুৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো ।বৰ্ডিং ফিল্ডৰ ৰাস্তা পাৰহৈ চেনাইৰামৰ দিশত ঘুৰিব লৈছো আৰু তিনিচুকী পুলিচ এজনাই লাঠিডাল জোকাৰি আমাক খেদি আহিল । চকু কেইটা ৰঙা কৰি লাঠি ডালেৰে আমাক ওলোটা দিশৰ ৰাস্তাটোলৈ টোৱাই দেখুৱালে । পুলিচ জনে আপোনালোকে একো নাজানে নেকি বুলি ধমক দিয়ে বুলি ,সেই দিশত আমাক কিয় যাবলৈ দিয়া নহল -সুধিবৰ মন আছিল যদিও নুশুধিলো।যি কি নহওক মনত আৰু দেহত দ সাচ বহি যোৱাকৈ ঠেকেচি ঠেকেচি নি ৰিক্সাই মোৰ বহু আকাংক্ষিত ৰজা গাড়ীৰ কাষ পোৱালেগৈ। ৰিক্সা চালকে যেনিবা কিঞ্চিৎ সন্তুষ্ট মনেৰে উচ্চবাচ্য নকৰাকৈ তাৰ মাননি গ্ৰহণ কৰিলে । কথাষাৰ কোৱাৰ কাৰণটো হৈছে ,মিনি বিহাৰ বুলি খ্যাতি লাভ কৰা তিনিচুকীয়াত ৰিক্সা চালকৰ পৰা ভাৰাৰ বিনিময়ত সন্তুষ্টিৰ হাঁহি পাবলৈ আপুনি বহুত পুণ্য কৰিব লাগিব । অৱশ্যে তাৰ বিপৰীতে দুই এক ব্যতিক্ৰমী চালকো নথকা নহয় । এইবাৰ মাৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰজাৰ গাড়ীৰ অৱস্থানৰ বিষয়ে জানিব বিচাৰিলো । ইমান সময়ে মনত এখনি বিশেষ ছবি আকি লৈছো -এসময়ত মন্ত্ৰী ,ডা-ডাঙৰীয়া সকলে উঠি ফুৰা গাখীৰৰ দৰে বগা ৰজা গাড়ী বুলি খ্যাত এম্বেচেডৰ খন।
হঠাৎ মায়ে আঙুলি টোৱাই যিখন গাড়ীলৈ দেখুৱালে মোৰ অন্তৰৰ ভিতৰৰ আত্মাই ভূমিকম্পৰ আগজাননী দিলে । গাড়ীখনৰ ৰঙটো এসময়ত সুধ বগাই আছিল। তাৰ প্ৰমাণ বহন কৰিছে অত তত লাগি থকা এচপৰা আধা চপৰা পুৰণি ৰঙে।
'ডিকি' নামেৰে খ্যাত বাকচটোলৈ চাই শিয়ৰী উঠিলো । ই কি!!! মুখখন দেখোন জলহস্তীৰ দৰে মেল খাই আছে । আৰু তাৰ পেটত প্ৰয়োজনতকৈ বেছি থাহি থাহি ভৰোৱা কিছু সংখ্যক শাক-পাচলি,ফলমুলৰ পাচি হাতৰ বেগটো ভৰাবলৈ লৈ ৰৈ গলো । ডিকিৰ ভিতৰত তিল ধাৰণ কৰিবলৈ ঠাই নাই । এটা অস্বস্তিকৰ পচা গোন্ধ এটা নাকত লাগিল । আমাক গাড়ীলৈ বুলি আমন্ত্ৰণ কৰা জনক সুধিলো -ইমান সুন্দৰ ফুৰফুৰিয়া গোন্ধ কিহৰ ?মানুহজনক ঘূনাক্ষৰে জানিব নিদিলো যে সেই অকটা গোন্ধত তৃপ্তিৰে পেটত ভৰাই অনা জলপান খিনি ওলাই আহিবলৈ তত্ নাইকীয়া কৰিছে ।মোৰ মুখত প্ৰিতিজিণ্টাৰ কোটি টকীয়া হাঁহি দেখি নিৰ্ভয় মনেৰে কৈ উঠিল - শুকান মাছ ,বাইদেউ ।মুখত শুকান মাছ নহৈ যেনিবা বিৰিয়ানীৰহে গোন্ধ ।
একো নকৈ বেগটো হাতত লৈ গাড়ীৰ সন্মুখ পালোগৈ । এইবাৰ প্ৰচণ্ড চক খোৱাৰ পাল,সন্মুখৰ বানেট খনত এডাল শুকান নাৰিকল ৰচিৰে আটি আটি বান্ধি থোৱা আছে, যেন এটা পেটোৱা এক্সট্ৰা লাৰ্জ পিন্ধিবলগীয়া মানুহক জোৰ-জুলোমকৈ এক্সট্ৰা স্মল চোলা পিন্ধাই দি যেন কোনোবা জনমৰ অপমানৰ পোটক লৈছে ।
এইবাৰ মায়ে তিনিটা ছিট বুলি কৈ আগফালৰ ছিট কেইটা ৰিজাৰ্ভ কৰিলে ।মাৰ পিছে পিছে বহিবলৈ বুলি ভিতৰলৈ জুমি চালো ।ছিটত কভাৰ লগোৱা আছে ।এসময়ত তাৰ ৰঙ চাগে ৰঙা আছিল তাৰ প্ৰমাণ বহন কৰিছে কাষৰ ওলমি থকা ৰছী কেইডালে।এতিয়া কভাৰৰ ঠাইত মলিয়ন ফটাচিটা এটোকোৰা কাপোৰৰ অৱশিষ্ট আছেগৈ ।।মায়ে মোক ভিতৰলৈ ইমানকৈ চোৱা দেখি অলপ অস্বস্তি পাই ড্ৰাইভাৰক ক'লে-তোমালোকে ভাল ছিট কভাৰ এটা লগাব নোৱাৰা নেকি ?
ড্ৰাইভাৰেও হতি নিদি কলে-লগাইছিলো মানুহবোৰে নখ মাৰি ফালে । একো নামাতি আমি দুইজনী আগফালে বহি পৰিলো । কোনোবা এজনে দৰজাখন ৰচিৰে খোল খাই নপৰাকৈ বান্ধি দিলেহি । ভয়ংকৰ জোকাৰণি মাৰি গাড়ীখন চলিবলৈ ধৰিলে । গাড়ীখন এবাৰ সোঁফালে এবাৰ বাওঁফালে এঢলীয়াহৈ হালিজালি আগবাঢ়িবলৈ ধৰিলে । কিছু দুৰ গৈয়ে এটা স্তুপ আকৃতিৰ আধুনিক সভ্যতাৰ ধ্বংসাৱশেষ দুৰৈৰ পৰা দেখা পালো।দুৰৈৰ পৰা ইয়াৰ প্ৰাণটনা সুগন্ধই চুম্বকে লোহাক আকৰ্ষণ কৰাদি আমাৰ ঘ্ৰাণেন্দ্ৰীয়ক আকৰ্ষিত কৰিবলৈ ধৰিলে ।আহ!!!কি পৌৰসভা বাহ!!কি স্বচ্ছ অভিযান । বৰডুবি পাইছো কি নাপাইছো হঠাৎ ড্ৰাইভাৰৰ হাতত ষ্টেয়েৰিং ডোখৰি এৰি অহা যেন পালো। হায় ভগৱান বুলি মুখেৰে ওলাই আহিল । পিছ পাকত যেনিবা ষ্টেয়েৰিং আগৰ স্থানত লাগিল । ওখোৰ মোখোৰা পথে কেতিয়াবা মাক নি ড্ৰাইভাৰৰ কোঁচত বহোৱাৰ উপক্ৰম কৰিলে ।কেতিয়াবা গাড়ী একটিয়া হলে মাৰ সত্তৰ কেজিৰ হেচাত ড্ৰাইভাৰৰ প্ৰাণ বায়ু ওলাওঁ যেন হ'ল। আকৌ যেনিবা গাড়ীখন চিধা হলেহে ড্ৰাইভাৰে উশাহ ঘুৰাই পায়। এইদৰে শৰীৰটোক ৰামদেৱৰ বিভিন্ন কচৰৎ কৰাই গন্তব্য স্থান পোৱালেগৈ।এটা দীঘল উশাহলৈ নামিবলৈ লৈ দেখো মায়ে ৰামদেৱৰ আসনৰ ভংগিমা কৰি চকু মুদি কৃষ্ণ কৃষ্ণ বুলি চিঞৰিবলৈ ধৰিছে ।মোৰ মাতত যেনিবা মাৰ ধ্যান ভাগিল। ভাড়াটো ড্ৰাইভাৰৰ হাতত গটাই দি ইফালে সিফালে ৰিক্সা বিচৰাত লাগিলো। আমাক দেখি ৰিক্সা চালক আগুৱাই আহি সুধিলে -ক'ত যাব ?তাক বুজাই দিলো বুদ্ধ মন্দিৰৰ পৰা অলপ আগুৱাই দিলেই হব।দুইজনী ৰিক্সাত উঠি পৰিলো। অলপ দুৰ যোৱাৰ পাছত এটা বেলেগ ধৰণৰ গোন্ধ নাকত লাগিলহি দুইজনী য়ে ইজনীয়ে সিজনীলৈ চোৱাচুই কৰিলো । বুজিবলৈ বাকি নাথাকিল -পুৱাই তেখেতে হাড়ীয়াৰ সুৱাদলৈ আমালৈ বুলি সুবাস বিলাইছে। আমাৰ ওজন ইফালে হাৰিয়াৰ আমেজে ৰিক্সাই বিদ্ৰোহ ঘোষণা কৰিলে আগুৱাই যাবলৈ ।তথাপি দেহটো একাবেকা কৰি এহাতেৰে মবাইলটো লৈ চালকে ৰিক্সা আগুৱাই নিলে ।কেতিয়াবা আকৌ মুৰটো আগুৱাই দি হেণ্ডেল ডালতে এনেদৰে শুই পৰাৰ ভংগি কৰে যে ৰিক্সা গৈ ডুলীয়াজানৰ চাহাব সকলৰ অট্যাধুনিক গাড়ীৰ আগত পৰো পৰো হয়। হৰ্ণৰ বিকট আৱাজত সি ৰিক্সাখন নিজৰ আয়ত্বলৈ ঘুৰাই অনাতহে যেনিবা আমাৰ জীৱ ঘুৰি আহে । অলপ পিছত সি মোবাইলটো এহাতে কাণতলৈ উচ্চ স্বৰে কাৰোবাক কবলৈ ধৰিলে -গৈ আছো দহ মিনিটত।আমি প্ৰমাদ গণিলো ই দহ মিনিটত এই গতিৰে কেনেকৈ বাইদেউৰ ঘৰ পোৱাবগৈ।কিছু দুৰগৈ ৰিক্সা ৰখাই আঙুলিয়াই দেখুৱাই ক'লে-সেইটো বুদ্ধ মন্দিৰ ।আপোনালোকক মই নিব নাই পাৰিম। মোৰ পুলিচ থানাত ভাৰা আছে । এতিয়াও গন্তব্য স্হান পাবলৈ এছোৱা বাট বাকী ।কাওঁবাওঁকৈ ধৰিলত সি আমাক বকি বকি কিছু দুৰ নি মোবাইলটো আকৌ উলিয়াই লৈ চিঞৰি উঠিল -চাৰ থানাত মই এতিয়া যাব নাই পাৰিম ।একটা লাফৰা ভাড়া পালি ।উতৰাই নাইখে । হেল্ল কি বলেলা ৰাস্তাতে এৰি দিম ।
তাৰ কথা শুনি মাৰ খঙে মুৰৰ চুলি আগ পালেগৈ ।মায়ে হাৰি নিদি ক'লে - তই আমাক পুলিচৰ ভয় দেখুৱাবলৈ আহিছ!!! আমি নানামো বৈ আগুৱাই নে।
চালকে এইবাৰ স্বিকাৰ কৰিলে -মই এটা মানুহহে নিব লাগিব বুলি ভাবিছিলো ।
মা-কিয় ইমান ডাঙৰ দুজনী মানুহক এজনী যেন দেখিলি ?তই কিবা খালি ?
চালক-হ!!!হাড়ীয়া খালি
তাৰ পিছত সি ৰিক্সা খনৰ কণ্ট্ৰল হেৰুৱাই এবাৰ সোঁৱে এবাৰ বাওঁৱে নিব ধৰা দেখি তাৰ ৰিক্সাৰ পৰা নামি দিলো ।দিব লগা ভাড়াতকৈ বেছি ভাড়ালৈ সি গলগৈ। নিৰুপায়হৈ বাকি পথচোৱা দুলীয়াজানৰ লেতেৰা বোকা পানী ফালি গন্তব্য স্থান পালোগৈ ।তাৰ পিছত এনে সুখ যাত্ৰা আৰু নকৰো বুলি কাণ ধৰিলোঁ ।
No comments:
Post a Comment