ট্ৰেণ্স জেণ্ডাৰ

সৌৱা গুলপীয়া শাৰীৰে সৈতে তাই কাকো ভ্ৰূক্ষেপ নকৰি মাজ ৰাস্তাৰে খোজকাঢ়ি আহি আছে৷তাই আজি মোলৈ চাই হাঁহি এটি মাৰিলে৷যেন মোক তাই চিনি পাইয়ে হাঁহিটো মাৰিলে৷প্ৰথমে কাকনো হাঁহিছে বুলি ইফালেসিফালে চালো৷ মোৰ কাষেৰে মোৰ স্কুলৰ লৰা ছোৱালীবোৰ পাৰহৈ গৈ আছে৷তাইৰ দৃষ্টি মোৰ ওপৰতে এতিয়াও নিবদ্ধ৷কিয় জানো মই তাইক ওলোটাই হাঁহি দেখুৱাব নোৱাৰিলোঁ৷অথচ কত’ অচিনাকি মানুহে মোক ভুলতে হাঁহি মাৰি দেখুৱাই৷মইটো তেওঁলোকক কেতিয়াও নিৰাশ নকৰোঁ৷অস্বস্তিত মই মুখখন অইনফালে ঘুৰাই দিলোঁ৷অথচ মই স্কুললৈ অহা যোৱা কৰোঁতে প্ৰায়ে দেখা পাওঁ তাইক৷ভয় খালোঁ মই৷তাইক মাতিলে মানুহে মোক কি বুলিব৷মোক যদি মাজ ৰাস্তাত অসন্মান কৰে?স্বাৰ্থপৰ দুনীয়া স্বাৰ্থপৰ পৃথিৱী৷মইনো কিয় পিচ পৰি ৰম৷সমাজৰ সন্মুখত যদি মোৰ সন্মানহানী হয়?
  চহৰখনৰ আধুনিকতাৰ ধ্বজা বহন কৰা বৃহৎ মলটোৰ কাষতে থকা ডাষ্টবিনটোত পৰি থকা উচ্ছিষ্ট বোৰৰ পৰা তাই গ্ৰহণ কৰিব পৰা আহাৰখিনি তাই খুচৰি খুচৰি ওলিয়াইলৈ তাইৰ ক্ষুধা নিবাৰণ কৰে৷তাই মই স্কুললৈ অহাৰ সময়টোতে ডাষ্টবিনটোৰ কাষত থিয়হৈ তলমূৰ কৰি একে ধ্যানে খাই থাকে৷যেনেকৈ আমি ফাষ্ট ফুডৰ দোকানত থিয়হৈ মনৰ জুতিলৈ খাওঁ ঠিক তেনেকৈ৷কেইবাদিনো তেনেকৈ খাই থাকোঁতে কাষতে থকা ভেটেনেৰী ডিচপেন্সেৰীটোলৈ কোনোবা নহয় কোনোবাক  বেমাৰী কুকুৰ দেখুৱাবলৈ  অনা দেখা পাইছোঁ৷তাইক দেখি কেতিয়াবা কোনো কোনো কুকুৰে ভুকি ভুকি মালিকক ব্যতিবস্ত কৰে৷তাইৰ কিন্ত এইবোৰলৈ ভ্ৰূক্ষেপ নাই৷তাই নিৰবে তলমূৰকৈ খাই থাকে৷এবাৰ তেনেকুৱা সময়তে মই সেইটো ৰাস্তাৰে পাৰ হৈ গৈছিলো৷কুকুৰৰ মালিকনীয়ে তাইলৈ চাই চিঞৰি উঠিল
-কৰ এই পাগলজানো ৰাক্ষসৰ দৰেএই সোপা কটিয়াবলৈ আহি পায়৷
ইফালেসিফালে কোনো নাছিল তেতিয়া৷বুজি পালোঁ ভদ্ৰ মহিলা গৰাকীয়ে তাইকে কৈছে৷কুকুৰটোক টানি আঁতৰাই আনিব পৰা নাই তেখেতে
কুকুৰটোৱে কিন্ত তেতিয়াও ভুকি গৈছে৷
-টমি কুল ডাউন৷কুল ডাউন৷
মই পাৰহৈ আহো মানে কুকুৰটোৱে মহিলাগৰাকীৰ হাতৰ পৰা এৰ খাই ডাষ্টবিনটোৰ ফালে দৌৰি গ'ল৷এইবাৰ ডাষ্টবিনত খাই থকাৰ পৰা তাই মুৰটো ওপৰলৈ কৰি কুকুৰটোলৈ চালে৷
-আহ আহ খাবি৷এইবুলি তাই বহি কুকুৰটোক মাতি থাকিল৷কুকুৰটোৱেও বহুতদিনৰ পিছত কোনোবা বান্ধৱীক লগ পোৱাৰ দৰে তাইৰ কাষতে বহি দি 
-কুইকুই 
লগেলগে কৰ্কশ স্বৰ এটা ভাহি আহিল৷
-হেই টমী কাম বেক কাম বেক৷কৰ পাগল এইসব আঁতৰ হ ইয়াৰ পৰা৷
এইবাৰ তাই মুখ মেলিলে
-পাগল নহয় পাগলী৷
কৈয়েই তাই মানুহগৰাকীলৈ এবাৰো মুৰ তুলি নোচোৱাকৈ এখোজ দুখোজকৈ তাৰ পৰা আঁতৰি আহিল ৷
"গোলাপ" আন দহজনৰ দৰে মাক দেউতাকৰ মৰমৰ মাজত ডাঙৰ দীঘল হৈছিল৷বুজি পোৱা হোৱাৰ পৰা ছোৱালীৰ কাপোৰ ,ছোৱালীৰ সাজপাৰ কৰি বেছি ভাল পাইছিল গোলাপে৷কবনোৱাৰাকৈয়ে গোলাপ লগৰবোৰৰ ওচৰত গোলাপী হৈ পৰিছিল৷খোজ কাটল ব্যৱহাৰ লাহেলাহে ছোৱালীৰ দৰে হৈ পৰিছিল৷লাহেলাহে ল’ৰা বন্ধুবোৰৰ পৰা আঁতৰি ছোৱালীৰ সৈতে বন্ধুত্ব বাঢ়িছিল৷বাপেকে তাৰ স্বভাৱৰ পৰিৱৰ্তনক সহজভাৱে লব পৰা নাছিল৷ঘৰত সেইলৈ মাকৰ সৈতে কাজিয়াৰ সুত্ৰপাত হৈছিল৷গোলাপ গোলাপীহোৱাটো যেন অভিশাপহে৷দিনেদিনে মাকৰ ওপৰত দেউতাকৰ অত্যাচাৰ বাঢ়িছিল৷গোলাপীক সুবিধা পালেই কটূক্তিৰ ঠকাসৰকা কৰিবলৈ এৰা নাছিল৷স্কুলতো লগৰ লৰাবোৰৰ ফিচিঙা ফিচিঙ কৰি থকা দেখি থাকি ভিতৰিভিতৰি তাই ভাগি পৰিল৷যিটো তাই নহয় জোৰকৈ কেনেকৈ হব সি!এদিন দেউতাকে মদৰ নিচাত আহি গোলাপীৰ ওপৰত হাত উঠালে৷সিমানতে ক্ষান্ত নাথাকিল তেওঁ৷পুহমহীয়া ৰাতি ঘৰৰ বাহিৰত গোটেই ৰাতি ওলিয়াই ৰাখিলে৷সেই নিশাই কুমলীয়া মনৰ গোলাপীয়ে লাহেলাহে মানসিক ভাৰসাম্য হেৰুৱাবলৈ ধৰিলে৷সেইৰাতি মাকে দেউতাকৰ ভৰিয়ে হাতে ধৰি বহুত কাবৌ কৰিলে
-তাৰ কি দুখ ?সিটো নিজে হওঁ বুলি তেনে হোৱা নাই৷ভগৱানৰ লীলা৷মানি লবই লাগিব৷মই পেটৰ পোৱালিক মই এনেকৈ এৰি দিব নোৱাৰোঁ৷
গৰজি উঠিছিল দেউতাক
-খবৰদাৰ তাক ভিতৰলৈ আনিলে মোৰ মৰা মুখ দেখিবি৷
ধৰ্ম সংকটত পৰিছিল মাক৷ওৰে ৰাতি দেউতাকৰ আগত হাতজোৰ কৰি কৃপা বিচাৰিছিল৷দেউতাকৰ হৃদয় গলা নাছিল৷বাহিৰত হাড় কপোঁৱা জাৰত বহুতে শুনিছিল ৰৈ ৰৈ উচুপি উঠা গোলাপীৰ মাত৷মাজেমাজে শুনিছিল হৃদয় বিদাৰক চিঞৰ৷কোনোৱে বাহিৰলৈ ওলাই অহা নাছিল৷সকলোবোৰ মানুহক গোলাপীৰ  অমানুহ যেন লাগিবলৈ ধৰিছিল৷আত্মহত্যাৰ ভাব এটাও আহিছিল৷
ৰাতিপুৱা সকলোৱে দেখিছিল শাৰী এখন মেৰিয়াই ৰাস্তাৰ মাজেৰে গোলাপী খোজ কাঢ়ি গৈ জাবৰৰ ডাষ্টবিনত কিবা বিচাৰি খাইছে৷কেইবাদিনো মাকে আহি গোলাপীক ঘৰলৈ নিবলৈ চেষ্টা কৰিছে কিন্ত গোলাপীয়ে এতিয়া কাকো চিনি নাপাই৷সমাজৰ পাই নাপাইৰ পৰা,সন্মান-অসন্মানৰ পৰা বহুত আঁতৰত৷মাথোঁ লজ্জা নিবাৰণৰ বাবে শাৰীখন দেহটোত মেৰিয়াই ৰাখিব জানে৷কেতিয়াবা হয়তো মাকে জোৰকৈ নি চুলি কাটি গা মুৰ ধুৱাই ধুনীয়াকৈ কাপোৰ পিন্ধাই দিয়ে৷কিন্ত ঘৰৰ মোহেৰে তাইক বান্ধি ৰাখিব নোৱাৰে৷আকৌ তাই ওলাই আহে বাটলৈ তাইৰ প্ৰিয় ডাষ্টবিনটোৰ কাষলৈ৷য’ত তাইৰ সৈতে লগ দিয়ে কাষতে থকা ৰাস্তাৰ কুকুৰ কেইটাই৷তাইও বুজি পাই তাইক নিস্বাৰ্থ ভাবে এই জন্তু কেইটাইহে ভাল পাব পাৰে ৷মানুহৰ ঘৃণাভৰা চকুৰ পৰা  আঁতৰত তাইৰ বাবে আছে এখন বেলেগ পৃথিৱী৷য’ত তাই ঠাণ্ডাত কপি থকা দেখিলে তাইক মৰমৰ উম দিবলৈ গাতে গা লগাই কুকুৰ কেইটাৰ উমেৰে উমাল কৰি ৰাখে৷অথচ আমি ভদ্ৰ সমাজৰ মানুহবোৰে তাইক এমোকোৰা হাঁহি উপহাৰ দিবলৈও ইতস্ততঃ কৰোঁ৷এনেকুৱা ক’ত গোলাপী আমাৰ দৰে সমাজখনত মানবীয়তাৰ অপমানৰ প্ৰতীকহৈ আছে অথচ আমি নিৰ্বিকাৰ৷তাহাঁতবোৰৰ জানো সঁচা অৰ্থত জীয়াই থকাৰ অধিকাৰ নাই?
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭

3 comments:

  1. সুন্দৰ হৈছে।

    ReplyDelete
  2. সুন্দৰ,,,,,,👍
    আগবাঢ়ি যোৱা,শুভ কামনা 👍😊

    ReplyDelete

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...