ফাগুন

অসমত এতিয়া ফাগুনৰ বা বলিছে৷অসম সোমোৱাৰ লগেলগে চাৰিওপিনে ধুলি আৰু ধুলি৷তথাপি শিলাদিত্যই ভাল পায় এই ফাগুন৷ফাগুনত ফুলা পলাশ শিমলুৰ ফুলবোৰে তাক আজিও আনমনা কৰে৷এনেকুৱা ফাগুনতে তাৰ ফাল্গুনীক হাস্পতালৰ নাৰ্চ গৰাকীয়ে তাৰ হাতত তুলি দিছিলহি৷দেউতাকহোৱা গৰ্বৰে গৰ্বিত হৈ তাৰ কেনে অনুভৱ হৈছিল সি কাকো বুজাব নোৱাৰে ৷সেই অনুভৱ আজিও তাৰ বুকুত আলফুলে জীয়াই ৰাখিছে৷উচুপি উচুপি কান্দি থকা ফাল্গুনীক আলফুলে তাৰ বুকুত সাৱটি লওঁতেই উচুপনি বন্ধ হৈছিল কণমানিৰ৷কণমানি হাত কেইখন চুই চাইছিল সি সাৱধানে ভয়েভয়ে৷কেনেবাকৈ তাৰ খহটা হাতখনৰ পৰা কণমানিয়ে কিজানি দুখ পায়৷কণমানি ভৰি কেইটাত চুমা আঁকি দিছিল মৰমতে৷প্ৰতি মাহৰ এটা দিনত সি অসমলৈ আহিবলৈ আচুতীয়াকৈ ৰাখে৷
  ড্ৰাইভাৰজনক বাহিৰতে ৰবলৈ দি ডাঙৰ গেটখন খুলি সি বাগিচাৰ মাজেৰে যোৱা দীঘলীয়া বাটেৰে খোজকাঢ়ি আগবাঢ়ি গ’ল৷ দুৱাৰখনৰ ওচৰত থকা কলিংবেলটো বজাই পুনৰ ঘুৰি আহি বাগিচাৰ মাজত পাতিথোৱা দীঘল লোহাৰ বেঞ্চখনত বহিল৷এইখন গেটৰ সন্মুখতে তাৰ সমগ্ৰ অহংকাৰ, গৰ্ব ,স্বাভিমান,পদমৰ্য্যাদা গৌণ হৈ পৰে৷একমাত্ৰ ফাল্গুনীৰ বাবে৷তাৰ এধানিমান ফাল্গুনীৰ বাবে৷তাইৰ বাবে গোটেই মাহটোত কামৰ ব্যস্ততাৰ মাজতো উৎসাহিত হৈ থাকে৷তাৰ মন প্ৰাণ সমগ্ৰ সত্বাক আৱৰি আছে একমাত্ৰ এটা নামে সেইটো হৈছে ফাল্গুনী৷
  বাহিৰৰ বেঞ্চখনত বহি সি উচপিচাই থাকি ঘড়ীটোলৈ চালে৷পোন্ধৰ মিনিট পাৰ হোৱাৰ পিচতো কোনো ওলাই নাহিল ভিতৰৰ পৰা৷কি কৰিব সি ?এবাৰত খপকৈ উঠি আগবাঢ়ি গৈ বেলটোত হাত দি উভতি আহিল৷মনতে ভাবিলে সি ভিতৰত থকা মানুহবোৰক বিৰক্ত কৰা উচিত নহব ৷ উভতিল সি পুনৰ বেঞ্চখনত বহিবলৈ৷ঠিক তেনেকুৱাতে তাক পিচফালৰ পৰা দুখন হাতেৰে সাৱটি ধৰিলে৷মাত্ৰ এক লহমাৰ বাবে সি চক খাই উঠিল৷অলপ বিব্ৰতবোধ কৰিলে লগতে আবেগিকো হ'ল৷
-দেতা চৰী চৰী৷মোৰ দেৰি হৈ গ’ল৷
সম্বিত ঘুৰি আহিল৷
-ইটচ অকে ডিয়েৰ৷
-মানে আজি মোৰ পেটটো অলপ গৰবৰ৷তুমি আহোঁতে মই যাষ্ট পটিত বহিছিলোঁ৷লাজকুৰীয়া হাঁহি এটা মাৰি শিলাদিত্যৰ গাত লাগি বেঞ্চখনত বহিল৷
সি অলপ উৎকণ্ঠিত হৈ কৈ উঠিল
-মেডিচিন লৈছা নাই৷মোক কিয় নকলা অথনি ফোন কৰোঁতে৷মই অ আৰ এচ লৈ আনিলোঁ হেতেন৷
-দেতা চিন্তা কিয় কৰা ৷মাই অলৰেডি দিছে নহয় মেডিচিন৷অ আৰ এচো খালোঁ৷আচলতে কি জানা মায়ে কালি চিলি চিকেন বনাইছিল ৷মাৰ গাতো দুখ নাছিল৷মাক আচলতে মইয়ে……
শিলাদিত্যই ফাল্গুনীক মাজতে ৰখাই দি সুধিলে
-তোমাৰ পৰীক্ষাৰ প্ৰিপাৰেচন কেনে চলিছে?অংকটোত প্ৰগ্ৰেছ কৰিব পাৰিছা নে?
ফাল্গুনীয়েও বুজি পাই মাকে যেনেকৈ দেউতাকৰ কথা ওলালে কামৰ অজুহাতত আঁতৰি যায়৷ঠিক তেনেকৈ দেউতাকে শুনিব নিবিচাৰে মাকৰ কথা৷দুখ দিব অস্বস্তিত পেলাবলৈ তাইও নিবিচাৰে কিন্ত কি কৰিব তাই৷মাক দেউতাকক লৈয়েইটো তাইৰ পৃথিৱী৷আইতাক তাহাঁতৰ লগতেই থাকে যদিও তাইৰ আইতাকৰ কেতিয়াবা কিছুমান কথা দুৰ্বোধ্য যেন লাগে৷তাই বুজা নুবুজাৰ পৰাই দেখি আহিছে দেউতাক এনেকৈয়ে মাহটোৰ এটা দিনত আহে ৷তাহাঁত থকা ঘৰটোৰ বাৰাণ্ডাৰ বেঞ্চখনত আহি বহে৷তাইৰ সৈতে এঘণ্টা কটায়৷হাতত লৈ অহা বস্তুবোৰ তাইৰ কাষতে থৈ তাইৰ হাতখন ধৰি এঘন্টাত অজস্ৰ কথা পাতে তাৰ পিছতে ঘড়ীটোত এঘন্টা পাৰ হোৱাৰ লগেলগে যাবলৈ থিয় হয়৷তাইও বুজে দেউতাকৰ মনটোৱে তাইক এৰি যাব নিবিচাৰে৷প্ৰতিদিনেই আবেগখিনিক ধাকি দেউতাক থিয় হয় আৰু তাইক আলফুলে সাৱটি কপালত এটি চুমা আঁকি দি পিচলৈ নোচোৱাকৈ এখুজ দুখুজিকৈ গেটখনৰ ফালে আগবাঢ়ে৷শিলাদিত্যইয়ো জানে পিচলৈ ঘুৰি চালে ফাল্গুনীৰ সন্মুখত ধৰা পৰি যাব৷কিন্ত শিলাদিত্যই যদি পিচলৈ ঘুৰি চালে হেতেন তেতিয়া নিশ্চয় দেখিলে হেতেন ফাল্গুনীৰ বেদনা ভৰা চকুহাল৷কি এক সন্ধিক্ষণত উলমি ৰ'ল দেউতাক আৰু জীয়েকৰ এই সমন্ধ৷যিখন হাতত ধৰি আজি  ফাল্গুনীয়ে নিৰাপদ অনুভৱ কৰিব লাগিছিল সেইখন হাতযে তাইৰ পৰা শত যোজন আঁতৰত৷যাৰ সৱল দুবাহুৰ নিৰাপত্তাৰ উমলৈ ফাল্গুনীয়ে ডাঙৰ হব লাগিছিল ,তেওঁ নিজৰ হৈয়ো সেই নিৰাপত্তা দিবলৈ কাষত নাই৷যাৰ সাফল্যতাত তাই পৃথিৱীৰ সন্মুখত গৰ্ব অনুভৱ কৰাৰ  অধিকাৰ আছিল সেই সময়ত তাই ঘৰৰ চাৰিবেৰৰ মাজত সোমাই মনেমনে গুগুল খুচৰি দেউতাকৰ সাফল্যত আনন্দত আত্মহাৰা হয়৷তাইৰ এই আনন্দৰ  ভাগ লবলৈ এই পৃথিৱীত যে কোনো নাই৷লগৰ বন্ধু বান্ধৱীৰ পৰা এইবিলাক কথা ওলাই বুলি এক দুৰত্ব বজাই ৰাখে তাই৷মাকৰ মুখলৈ চাই তাই বুজিবলৈ যত্ন কৰে মাকক৷কিন্ত মুখখন দেখিলে মনৰ ভিতৰত কি চলি আছে বুজাৰ সাধ্য নাই৷বুজিপোৱা হোৱাৰ পৰা প্ৰতিবাৰ দেউতাক আহোঁতে তাই মাকক মনেমনে অনুসৰণ কৰে৷মাকৰ মুখত দেউতাক অহা নহালৈ কোনো ধৰণৰ অভিব্যক্তি ফুটি নুঠে৷নিৰ্বিকাৰ মানৱী এজনী ফাল্গুনীৰ সন্মুখেৰে অহাযোৱা কৰি নিজৰ কৰ্তব্য
 কৰি যায়৷কেতিয়াবা তাইৰ জানিব মন যায়৷কবলৈ মন যায় মাকক
-তোমাক অন্তৰত দেউতাৰ বাবে তিলমানো অনুকম্পা জাগি নুঠে নে?কেনেকৈ দেউতাই ধপলিয়াই আহে তোমাৰ পদুলিলৈ অথচ এবাৰ ওলাই কেনে আছা বুলি সুধিবলৈ মন নাযায় নে?ইমান বাটকুৰি বাই অহা মানুহটোক এগিলাছ পিয়াহৰ পানী এটুপি দিবলৈ মন নাযায় নে?অচিনাকি এজনকোচোন ঘৰলৈ আহিলে কৰ পৰা আহিছে বুলি এষাৰ মাত দিয়া৷অথচ এইজন মানুহটো কেতিয়াবা তোমাৰ ভালপোৱা আছিল৷তেনে কি এনে অপৰাধ কৰিলে দেউতাই যে তোমাৰ অলপ দয়া সৰি নপৰে৷
  তাইক মাক দেউতাকৰ এই জটিল সমন্ধই কোনেও কব নোৱাৰাকৈয়ে তাইক বহুত ডাঙৰ কৰিলে৷যি সময়ত তাইৰ লগৰ ছোৱালীয়ে মাক দেউতাকৰ হাতত ধৰি ফুৰিবলৈ যায় পাৰ্ক বা চিৰিয়াখানাত৷সেই সময়ত মাকে তাইক চম্ভালি লৈ ফুৰে বজাৰ-হাট কৰি৷নহলে বা তাই কেলেণ্ডাৰখনত হিচাব কৰে দেউতাক কেতিয়া আহিব৷তাই কল্পনাৰ ৰাজ্যত বিচৰণ কৰে মাক দেউতাকৰ হাতত ধৰি পাৰ্কলৈ যোৱা৷তাইৰ দেউতাক আহি ঘুৰি যায় আৰু তাইৰ সপোনবোৰ সপোনহৈ ৰৈ যায়৷
  শিলাদিত্যৰ প্ৰতিবাৰেই গেটৰ বাহিৰহৈয়ে কৰবালৈ দৌৰি পলাই যাবলৈ মন যায়৷কৰবাত অকলশৰীয়াকৈ যেন চিঞৰি চিঞৰি কান্দিব৷নিজকে গালি পাৰিব যেন কিহৰ পৰা কি হৈ গ’ল৷আজিও কেনেকৈ মিতালী আৰু তাৰ সমন্ধই এনে ৰূপ ললে এক সাথঁৰৰ দৰেই লাগে৷বুজিবলৈ যত্ন কৰি কৰি সি বুজি উঠিব নোৱাৰে তাৰ ভুল ক’ত হ’ল৷নিজকে সুধে সি 'সি ইমানো নিষ্ঠুৰনে?' সি সকলো পাহৰি ফাল্গুনীৰ কাৰণে ,তাইৰ মুখলৈ চাইয়েইটো মিতালীক পুনৰ আকোঁৱালি লব পাৰে৷পাৰে সি কিয় নোৱাৰে!তাৰ চেকচনৰ ক’ত ডাঙৰ ডাঙৰ চলভ নোহোৱা প্ৰবলেম তাৰ হাতত সফলতাৰ মুখ দেখিছে৷সাধাৰণ এই ঘৰুৱা বাদানুবাদ সি শেষ কৰিব কিয় নোৱাৰিব৷কিন্ত সি জানো বিচাৰিলে হব৷মিতালীক কোনে বুজাব৷তাইচোন দিনৰ পিছত দিন এটা ডাঙৰ সাঁথৰহৈ গৈ আছে৷পাৰিব জানো আন্তৰিকতাহীন উত্তাপহীন এটা সমন্ধক আগুৱাই নিব?পাৰিবনে দুইটাই মৰমৰ উত্তাপেৰে ফাল্গুনীক নিৰাপত্তা দিব৷
শিলাদিত্যৰ আজি তাহাঁত তিনিওটাৰ মাজত যিডাল অদৃশ্য দুৰ্বল ৰচীৰে বান্ধি ৰাখিছে সেইডালেই যেন জটপকাই সকলোবোৰ সাঁথৰ কৰি পেলাইছে তেনে লাগিল৷অদৃষ্টক কোনোদিনেই বিশ্বাস নকৰা শিলাদিত্যই আজিৰ দিনটোত সকলোবোৰ অদৃষ্টৰ হাতত এৰি দিছে৷নিজৰ কথা বাদ দি মিতালী ফাল্গুনী দুইজনী  সুখী হোৱাৰ কামনা কৰিছে মনেপ্ৰাণে৷কাৰণ মাক সুখী হলেইটো ফাল্গুনী সুখী হব৷সি সুখী নহলেইবা৷নিজকে সম্ভালিবলৈ এই পৃথিৱীখনৰ ঘাত প্ৰতিঘাতবোৰে ইতিমধ্যে বহুত শিকাইছে তাক৷তাৰ বাবে আৰু কোনো অসুখী নহওক তাৰ কামনাৰে সি লক্ষ্যবিহীন ভাবে  জীৱনৰ বাটত আগুৱাই গৈ আছে আৰু গৈ থাকিব৷
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
  

1 comment:

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...