নীলাভ ৰাতি
অনুবাদ গল্প সুব্ৰত নিয়োগী
তেতিয়া ৰাতি প্ৰায় আঠটা৷হাউসিং কম্প্লেক্সৰ সৰু সৰু ফ্লেটবোৰৰ খিৰিকীৰ জালনাৰে পোহৰবোৰ সিচৰিত হৈ পৰিছে৷বাহিৰত প্ৰচণ্ডভাৱে বৰষুণ আৰম্ভ হৈছে লগতে বতাহৰ দুৰন্ত বেগ৷বৰষুণৰ বেগ লাহেলাহে বাঢ়িব ধৰিছে৷খিৰিকীৰ আইনাত সশব্দে বৰষুণৰ টোপালৰ এছাৰকণি পৰিছেহি৷
  মেঘা এতিয়া ৰান্ধনীঘৰত পমফ্ৰেট মাছকেইটাৰ ছুৰীখনলৈ নাড়ীভুৰবোৰ উলিয়াই চাফা কৰি আছে৷গেচৰ ওপৰত নন স্টিক পেনত পাতি থোৱা পানীখিনি বকবকাই উতলি আছে৷যিমান পাৰি কম সময়ত তাই খোৱা বনাই শেষ কৰিব লাগিব৷ ড্ৰইংৰুমত চল্লিশ উৰ্দ্ধৰ এজন পুৰুষ কোচত এটা ল্যাপটপ লৈ চোফাখনত বহি আছে৷বগা মুখখনত দুই তিনি দিনৰ নুখুৰুৱাকৈ ৰখা ডাড়িখিনিৰে বেচ ম্যানলি লাগিছে৷লেপটপৰ কি বৰ্ডত আঙুলি বুলাই থাকিয়েই চিঞৰি ক’লে
-এক চেকেণ্ড মেঘা৷মই অকমান ইনবক্সটো চেক কৰি লওঁ ৰবা৷
পিচফালে নোচোৱাকৈয়ে মেঘাই ক’লে
-শল্য ,তুমি বৰ্তমান ক’ত আছা?
কি বৰ্ডৰ পৰা মুৰ নোতোলাকৈয়ে কৈ গ'ল
-কিয়,এতিয়া মোৰ কোনো দায় নাই দায়িত্ব নাই৷মই য’তেই মন যায় ত’তেই থাকিব পাৰোঁ৷কব পৰা বৰ্তমান মই সম্পূৰ্ণ ফ্ৰী৷
-ড্ৰিংকচ্ কমাইছা নে?
-ক’তনো পাৰিছোঁ৷
-তেনেহলে কিয় আহিছা ইমান দিনৰ পিচত?মই মাতিছোঁ বুলিয়েই নে?
-তেনেকুৱাই বুলি ভাবিব পাৰা৷আচলতে তোমাক এবাৰ দেখা পোৱাৰ লোভ এৰিব নোৱাৰি বুলিও ভাবিব পাৰা৷এগৰাকী ছোৱালীৰ সৈতে দুৰত্ব তৈয়াৰ হলেহে সম্পূৰ্ণকৈ তেওঁৰ বিষয়ে জানিব পাৰি৷মানে বিচ্ছেদ হ'লে। বিয়াৰ সময়তটো চিনি পোৱা মুঠেই সম্ভৱ নহয়৷সেই সময়ত প্ৰায়েই ভুল ধাৰণা এটাহে লৈ থকা হয়৷যাৰ বিনিময়ত গোটেই জীৱন মাচুল পৰিশোধ কৰি থাকিব লগা হয়৷তাৰ ওপৰিও আপ্তিকোটো বহুতদিনেই দেখা নাই৷মাত্ৰ তাই হোষ্টেলত থাকে বুলিহে জানো৷
-চোৱা
ঘুৰি চাই কিবা কবলৈ গৈ ৰৈ গ'ল মেঘা৷তেতিয়া হে দেখিলে তাই শল্য আহি তাইৰ ঠিক পিচফালে ৰৈ আছে৷
মেঘাৰ হাতত মাছৰ তেজৰে লুতুৰিপুতুৰি হৈ থকা চুকা ছুৰীখন৷
বৰষুণ ৰখি গৈছিল আৰু সেই সময়তে বাহিৰৰ কৰিডৰত জোটাৰ আৱাজ শুনা গ'ল৷তাৰ পিছত কাষৰ ফ্লেটৰ দুৱাৰ খোলাৰ শব্দ৷লগেলগে ভাহি আহিল হিন্দী চিনেমাৰ আইটেম সং৷কোনোবাই জোৰত মিউজিক চলাই দিছে ৷
কোনেও আৰু একো নকৈ, দুইজনেই চুপ হৈ থাকিল৷শল্যই কিছু সময় অভেনত উতলি থকা পানীখিনিলৈ চাই থাকি লাহেকৈ গেচৰ নবটো ঘুৰাই জুইখিনি বঢ়াই দিলে৷
-হাৰে কি কৰিছা !সেই একেই ধৰণে থাকি গলা নহয়৷
মেঘাই খৰ ধৰকৈ গেচটো নুমুৱাই দিলে৷
হাঁহি হাঁহি সুধিলে শল্যই
-কি ৰান্ধিছা?
-মাছ৷
-কি মাছ?নিশ্চয় পমফ্ৰেট মাছ নহয়?
-হয়,পমফ্ৰেটই৷
-কিমান দিন যে পমফ্ৰেট মাছ খোৱা নাই৷
মেঘাৰ বগা বুকুৰ মাজত উলমি আছিল এটা লকেট৷শল্যই একেথৰে লকেটটোলৈ চাই থাকিল৷
মেঘাই লাহেকৈ হাউস কোটৰ কলাৰেৰে নেকলাইন ডাল ধাকি দিলে৷ককালৰ আটি বন্ধা ফিটাডাল অলপ ধিলা কৰি দিলে তাই৷
মানুহজনে একেবাৰে সহজ ভাবে কলে
-তাৰপিচত ৷হাউজ লাইফ?
মেঘাই মিচিকিয়াই হাঁহি লে
-কেনে দেখিছা?
-চাইছো তাকে এই কেইবছৰত তুমি কিমান বদলি হ’লা৷
ৰাস্তাৰ পৰা অস্পষ্ট গাড়ীৰ শব্দ ভাহি আহিছে৷মাজেমাজে কোনোবা গাড়ীয়ে প্ৰচণ্ড বেগত পাৰহৈ যোৱা শব্দ ৷মানুহজন মেঘাৰ একেবাৰে কাষ চাপি আহিল৷মেঘা যেন কপি উঠিল৷এইযেন মানুহজনে তাইক ধৰি পেলাব৷
পৰিবেশটো সহজ কৰিবলৈ মেঘাই কলে
-এতিয়া ক’ত আছা ,শল্য?
-কিয় প্ৰথমৰ পৰাইটো পুণেত৷
অলপ সময় চুপ হৈ থাকি পুনৰ কলে
-বিয়া কৰিলা নিশ্চয়?
-ক’তনো বিয়া পতা হ'ল৷সেইবোৰ বহুত প্ৰবলেম বচ্৷
ঠিক সেই সময়তে ড্ৰেচিং টেবুলৰ ওপৰত থকা মেঘাৰ ফোনটো বাজি উঠিল৷ড্ৰেচিং টেবুলত বিভিন্ন ধৰনৰ কচমেটিকচ থৰেথৰে সজাই থোৱা আছে৷বিভিন্ন পাৰফিউম,হেয়াৰ ৰিমুভাৰ,স্প্যাচুলা,ন্যাপকিনৰ মুখ ফলা বাকচ৷কিচেনৰ পৰা খৰখেদাকৈ আহি ফোনটো ধৰিব বিচাৰিলে৷কিন্ত আহি পায় মানে ৰিং হৈ হৈ বন্ধ হৈ গ'ল৷
শল্যই এইবাৰ দেৱালৰ কেলেণ্ডাৰখনলৈ চাই কৈ উঠিল
-আৰে কেলেণ্ডাৰখনত কালিৰ  পৃষ্ঠাই ওলাই আছে যে?আজিটো এঘাৰ হ'ল৷এঘাৰ এপ্ৰিল৷মনত আছেটো ১৯৫৪ চনৰ ১১ এপ্ৰিল ইতিহাসৰ আটাইতকৈ বৰিং দিন৷গোটেই পৃথিৱীক কব পৰাকৈ সেইদিনা একোৱেই খবৰ নাছিল৷আনকি বি বি চি ৰেডিঅটোৱেও সেইদিনা একো খবৰ নাই বুলি ব্ৰডকাষ্ট কৰিছিল৷মেঘাই মিচিকিয়াই হাঁহে আৰু কেলেণ্ডাৰখনৰ সেইটো পৃষ্ঠা ফালি খিৰিকীৰে বৰষুণৰ পানীলৈ দলিয়াই পেলাই দিয়ে ৷
   মেঘাৰ মনত পৰে তাই  দোকানে দোকানে ঘুৰি শপিং কৰি ফুৰিবলৈ ভালপাইছিল৷আদ্দা মাৰিবলৈ আৰু ৰেডিঅত অনৰ্গল কথা কবলৈ৷আনহাতে শল্যই ৰেস্তোৰাই ৰেস্তোৰাই কন্টিনেন্টেল খাই ভাল পায়৷আনহাতে মেঘাই ঘৰতে নিজে ৰান্ধি খাবলৈ আৰু খুৱাবলৈ ভালপায়৷শল্যই ফুটবল খেল চাই ভাল পাইছিল৷ফিফা ৱৰ্ল্ড কাপৰ সময় আহিলে একমাহ কামৰ পৰা ছুটি লৈ টিভিৰ আগত বহি সময় কটাইছিল৷ৰাতি ৰাতি টোপনি ক্ষতি কৰি খেল চাই থকা শল্যলৈ খঙ উঠি আপ্তিকলৈ সল্ট লেকৰ দেউতাকৰ ঘৰলৈ গুচি গৈছিল মেঘা৷আৰু স্পেইন ফাইনেল জিকাৰ পিছত আকৌ ঘুৰি আহিছিল ৷
শল্যই কৈছিল
-ৱাৰ্ল্ড কাপৰ সময়ত তুমি আপ্তিকলৈ যেতিয়াই তোমাৰ মাৰ ওচৰলৈ গুচি গৈছিলা তেতিয়াই মই বুজি পাইছিলো তোমাৰ সৈতে গোটেই জীৱন কটোৱা অসম্ভৱ৷সম্পৰ্কবোৰ ফচলৰ দৰে তাক সদায় সাৰ পানী দি ৰক্ষা কৰাৰ দৰকাৰ৷
মেঘাৰ চেলফোন পুনৰ বাজি উঠিল৷এবাৰ চাই ফোনটো কাটি দিলে তাই৷
-প্ৰথমবাৰ তোমাৰ ঘৰলৈ মই তোমাৰ কাৰণেই গৈছিলো৷তোমাৰ দেউতাৰ ওচৰত ফিজিক্স শিকাটো এক বাহানা আছিল৷
-মায়ে তোমাক খুব পচণ্ড কৰিছিল৷
-অকল তোমাৰ মায়েই নে?তোমালোকৰ ঘৰৰ কুকুৰটো,কি যেন নাম আছিল?
-লাইকা
-হয় হয় লাইকা৷মোক দেখা পালেই শুঙি শুঙি অস্হিৰ হৈ পৰে আৰু কেতিয়াবা আনন্দৰ হুংকাৰ৷
-জানা লাইকা হেৰাই গ’ল৷এদিন ঘৰৰ পৰা ওলাই গৈ আৰু ঘৰলৈ ঘুৰি নাহিল৷
-হয় নেকি?ঠিকেইটো কুকুৰটো মানুহ নহয় যে হেৰাই গৈও আকৌ ঘুৰি আহিব৷
বিয়া ভাঙি যোৱাৰ পিচত শল্যই কোনো ধৰণৰ বাক বিতণ্ডা কৰা নাছিল আনকি আপ্তিৰ কাষ্টডিও বিচৰা নাছিল৷মেঘাই চাৰে তিনিবছৰীয়া আপ্তিক কাৰ্চিয়াঙৰ হোষ্টেললৈ পঠিয়াই দিছিল৷চাকৰি আৰু সন্তান দুইটাকে সম্ভালিবলৈ মেঘাৰ পক্ষে সম্ভৱ নাছিল৷
অহাৰ পৰা তেতিয়া লৈকে শল্যই এটাও চিগাৰেট নজ্বলোৱা দেখি আচৰিত হৈছিল মেঘাই
-কি কথা!চিগাৰেট খোৱা কি বন্ধ কৰি দিলা নেকি?
-হুম!এৰি দিলোঁ৷
মেঘাৰ মনত পৰিল তাহাঁতে যেতিয়া একেলগে আছিল তেতিয়া সদায়ে  এষ্ট্ৰেত চিগাৰেটৰ টুকুৰাৰে ভৰি আছিল৷আনকি চাহখোৱা কাপটোত চিগাৰেটৰ ছাঁই পেলাই শল্যই৷
শল্যই হঠাৎ কৈ উঠিল
-এদিন ৰেডিঅটোত এফ এম শুনি আছিলোঁ হঠাৎ তোমাৰ মাতটো শুনা যেন লাগিল৷প্ৰথমেটো ধৰিবই পৰা নাছিলো৷পিছত তোমাৰ নাম আৰু কথাকোৱাৰ ভংগীতে গম পালোঁ সেইয়া তুমিয়েই হয় মই চিওৰ৷
-মই আন ৰেডিঅ জকীৰ দৰে নহয়৷মেঘাই কলে৷
ইতিমধ্যে অভেনত পমফ্ৰেট মাছৰ ৰেচিপিটো বনাই শেষ হৈছিল৷শল্যৰ সন্মুখত বহি মেঘাই নখেৰে নেইলপলিছ এৰোৱাবলৈ ধৰিছিল৷
হঠাৎ মেঘাই সুধিছিল
-তুমিটো সন্ধ্যাই আহিম বুলি কৈছিলা৷দেৰি কৰিলা কিয়?
-নকবা আৰু,ৰেন্টেল কাৰৰ পৰা এখন চেন্ট্ৰ’ কাৰ ভাৰা কৰি নিজেই ড্ৰাইভ কৰি  তোমাৰ ওচৰলৈ আহিছিলোঁ৷হঠাৎ দেখিলোঁ,এজন পুলিচ সাৰ্জেন্ট মটৰচাইকেলেৰে ব্ৰিদালাইজাৰ টেস্ট কৰাৰ বাবে যন্ত্ৰলৈ মোৰ সন্মুখত হাজিৰ হ’লহি৷তেওঁৰ অভিযোগ মই মদ খাই গাড়ী চলাইছোঁ৷
মেঘা উদগ্ৰীৱ হৈ উঠিল
-তাৰ পিছত
শল্যই হাঁহি হাঁহি কলে
-বিশ্বাস কৰক অফিচাৰ,মই প্ৰায় আধাঘণ্টা ভিৰত ফচি আছিলোঁ৷সেই সময়ত কাষতে বিয়েৰ ভৰ্তি এখন প্ৰকাণ্ড ট্ৰাক ৰৈ আছিল ৷তাৰে গোন্ধ পাইছে চাগে আপুনি৷
মেঘাই শল্যৰ ৰসিকতাত ৰব নোৱাৰি হাঁহিবলৈ ধৰিলে ৷তাৰপাছত হঠাৎ গহীনহৈ মুৰটো তল কৰি  ক’লে
-মই যে এজনী হাৰ্টলেচ ওমেন সেই ভাব জগাই তুলিছিলা তুমি৷
-আৰু মই? এজন ইৰেচপণ্সিবেল হাজবেণ্ড৷
"এক হৃদয়হীন ডাইনী আৰু অবিবেচক ভুতৰ মাজত ভালপোৱা!"কৈ মেঘা হাঁহিত ফাটি পৰে৷
সেই সময়তে শল্যই আকৌ কয়
- তোমাৰ নতুন ফোন নম্বৰ মোৰ ওচৰত নাছিল৷আনহাতে তুমি আগৰ নম্বৰটোও এৰি দিছিলা৷সম্পৰ্ক নাথাকিলেও কেতিয়াবা মন গৈছিল তোমাক মেছেজ দিবলৈ৷ইন ফেক্ট পুৱাই  তোমাৰ ফোনটো পাই মই অবাকেই হৈছিলো৷প্ৰথমেটো ধৰিবই পৰা নাছিলো৷আগৰ তোমাৰ মাতৰ ঠাইত গহীন গম্ভীৰ মাতটো তোমাৰ বুলি বুজিবলৈ সময় লাগিছিল৷
-সেইবোৰ বাদ দিয়া ৷আচলতে কথাটো কি সেইয়া কোৱা৷হঠাৎ জৰুৰী তলব দিলা যে কথা কি কোৱা৷

মেঘাই একেধ্যানে শল্যলৈ চাই পঠিয়ালে ৷শল্যৰ খটৰ চুলিবোৰ লাহেলাহে পকিবলৈ ধৰিছে৷মেঘাৰ মনত পৰে "এইজন মানুহে এটা সময়ত পাৰ্টিত কি পিন্ধিব৷কোন ড্ৰেছৰ সৈতে কি অলংকাৰ পিন্ধিব বাচি দিছিল৷
  টেবুলত পৰি থকা আপ্তিৰ মিউজিকেল পুতলাটোলৈ তাঁৰবোৰত শল্যই আঙুলি বুলাই মন দি শুনি আছে৷কিছু সময় মৌন হৈ থাকি মেঘাই আৰম্ভ কৰিলে
-তোমাক এটা কথা কবলৈ ইমান দিনৰ বিৰতিৰ পিছত মাতি আনিছোঁ৷নাজানো তুমি কেনেদৰে লোৱা কথাবোৰ৷আপ্তিক বচাবলৈ হ'লে ইয়াৰ বাদে মোৰ কোনো উপায় নাই৷
-আপ্তি!আপ্তিৰ আক’ কি হ'ল?তাই কাৰ্চিয়াঙৰ হোষ্টেলত আছে নহয় জানো? অবাক হ'ল শল্য
-নহয়,আপ্তি এতিয়া কলকতাত৷মাৰ কাষত থৈ আহিছোঁ৷ট্ৰিটমেণ্ট চলি আছে৷এইবুলি কান্দোনত ভাগি পৰিল মেঘা৷
-কি হৈছে? হৈছে কি আপ্তিৰ?উদ্বিগ্ন হৈ পৰে শল্য৷৷বহুত দিনৰ পিচত সি মেঘাক স্পৰ্শ কৰিলে৷লাহেলাহে মেঘাৰ মুৰত হাত ফুৰাই দিলে৷
-কি কম তোমাক শল্য!আপ্তি চাগে আৰু নেবাচিব৷
-নেবাচে!কি কোৱা?
-হয় ৷বাচিবলৈ হ'লে তোমাৰ সাহায্য লাগিব৷একমাত্ৰ তুমিয়েই এই সহায় কৰিব পাৰা৷
-মোৰ সাহায্য!আৰ ইউ জকিং?
এইবাৰ মেঘাই চকু কেইটা ডাঙৰকৈ মেলি পৰম মমতাৰে চাই ৰয় শল্যলৈ৷
শল্য যিদিনা ঘৰ এৰি গুচি গৈছিল সেইদিনা মেঘাই চাউথ চিটি ম’লত গৈ অযথা কেইবা হাজাৰৰ ঘৰ সজোৱা বস্তু কিনি আনিছিল৷ধুনীয়া ধুনীয়া ৱাল হ্যেঙ্গিং ,ক্ৰিষ্টেল ফুলদানী আৰু অজস্ৰ ফুল৷সেইদিনা মেঘাই নতুন স্টাইলৰ ড্ৰেচ পিন্ধি গাত বিদেশী পাৰফিউম লগাই লৈছিল৷
শল্যই এইবাৰ লাহেকৈ ক’লে
-আপ্তিক খোব চাবলৈ মন গৈছে মেঘা৷
-আপ্তিক দেখিলে তুমি আচৰিত হবা শল্য৷হাঁহিলে হুবহু তুমি
-আপ্তিৰটো তিনি বছৰ হৈ গ'ল৷
-তিনি বছৰ সাত মাহ৷
-এইবাৰ কোৱা মই কি কৰি লাগিব?
প্ৰসঙ্গটো কেনেদৰে আৰম্ভ কৰিব শল্যৰ আগত মেঘাই কোনো ৱাহদিহ নাপায়৷কেনেকৈ চিধাকৈ কোনো ভুমিকা নোহোৱাকৈ কথাষাৰ কব৷
কিছু সময় দুয়ো মৌন হৈ থাকিল৷হঠাৎ মেঘা সোঁহাতৰ কব্জিত ধৰি পেলালে৷মেঘাৰ ফালে অলপ হাউলি পৰিল শল্য৷তাৰ পিছত সহজ ভংগীত সুধিলে
-কি হৈছে প্ৰাপ্তিৰ?
-কথা দিয়া তুমি সহায় কৰিবা?
-আগতে মই কি কৰিব লাগে তাকে কোৱা৷
মেঘাই কৰ পৰা আৰম্ভ কৰিব উৱাদিহ নাপাই নিজৰে বৰ অসহায় লাগে৷কোৱা উচিত হব নে শল্যক?
এইবাৰ শল্যই মেঘাৰ হাতখন এৰি টেবুলত ৰাখিলে৷টেবুলৰ ওপৰত নিৰবে পৰি থকা শল্যৰ হাতখনত তাই পিন্ধাই দিয়া আঙুঠিটো জিলিকি আছে৷ইমান সময়ে শল্যৰ হাতৰ পৰশত উমালহৈ থকা মেঘাৰ  হাতখন লাহেলাহে ঠাণ্ডা পৰি আহিছে৷হঠাৎ যেন উত্তাপ কমি গ'ল৷
মেঘাৰ অনুভৱ হ'ল শল্যৰ ওচৰত তাই তাগিদা দিবলৈ কোনো সমন্ধইটো বাচি থকা নাই৷ অথচ শল্যৰ বাদে এই দুৰাৱস্থাৰ পৰা কোনেও তাইক ৰক্ষা কৰিব নোৱাৰে৷
   স্মৃতিৰ ভীৰত মেঘা বিহ্বল হৈ পৰে৷শল্যৰ সৈতে সমন্ধ টিকাই ৰাখিবলৈ কিয়েই বা কৰা নাছিল তাই৷ আপ্তিৰ কাৰণেই কিমানদিন একেলগে থকাৰ আখৰা কৰিছে দুইটাই৷বিয়াখন বচাই ৰাখিবলৈ দুয়ো ম্যেৰেজ কাউণ্সিলাৰৰ ওচৰলৈও গৈছিল৷তথাপিও শেষ ৰক্ষা নহল৷নোৱাৰিলে তাহাঁতৰ বিয়াখন টিকাই ৰাখিব৷
 শল্যই কফি কাপত চুমুক দি লেপটপটোৰ স্ক্ৰীনত তীক্ষ্ণ চকুৰে কিবা নিৰিক্ষণ কৰি আছে৷হঠাৎ শল্য উঠি বাথৰুমৰ দিশত গ'ল৷অলপ পিচতে ফ্লাচটো টনাৰ শব্দ হ'ল৷মেঘাই দেখিলে শল্য বাথৰুমৰ পৰা ওলাই আহিছে ৷তিতি থকা চুলি কেইডালমান
 কপালৰ ওপৰত পৰি আছে৷
হঠাৎ নাটকীয় ভংগীত শল্যই কৈ উঠিল
-তুমি হয়তো শুনি সন্তুষ পাবা মেঘা ৷মই অলপ আগতেও কৈছোঁ৷আই এম ষ্টিল আনম্যাৰেড৷এইবাৰ কোৱা কি হৈছে আপ্তিৰ?
মেঘা আবেগত ভাগি পৰিল৷
-আপ্তিৰ লিউকোমিয়া ধৰা পৰিছে শল্য৷শ্বেতকণিকাৰ কেণ্সাৰ৷
-হুৱাট!চিঞৰি উঠে শল্যই
-হয় শল্য৷কোনো ঔষধৰে কাম নোহোৱা হৈ আহিছে৷মোম্বাইলৈও নিছিলোঁ৷তাৰ অনক’লজিষ্টে কৈছে একমাত্ৰ স্টেম চেল থেৰাপিতহে একমাত্ৰ আপ্তি সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে৷ডাক্তৰে কৈছে  আপ্তিৰ দেহৰ আমবিলিকেল কৰ্ডৰ পৰা ব্লাড চেল প্ৰতিস্হাপনৰ দ্বাৰাহে তাইক বচাব পৰা যাব৷
-মানে? উৎকণ্ঠাৰে সৈতে শল্যই সুধিলে৷
 তেতিয়াই মেঘাৰ মনত পৰিল,তাহাঁতৰ বিচ্ছেদৰ আগতে যেতিয়া তাই মাকৰ ঘৰত থাকিবলৈ লৈছিল তেতিয়াই এদিন শল্যই তাইক ফোন কৰি মাতি পঠিয়াইছিল৷সদায় সুধাৰ দৰে সুধিছিল সি
-কেনে আছা মেঘা?
বৰ্ষণ মুখৰ এটা দিনত সিহঁতে নুৰপুৰৰ কাষেৰে যোৱা গঙ্গাৰ পাৰত লগ হৈছিল৷গাঁৱৰ চাহৰ দোকান এখনত গৈ দুইটাই গৈ বহিছিলগৈ৷বাঁহৰ দীঘলীয়া বেঞ্চত বহি ইলিছ মাছৰ ফ্ৰাইৰ সৈতে চাহ খাইছিল৷দুইটাই সেইদিনা মন পুৰাই তিতিছিল৷নাৱত উঠি বহুদুৰ গৈছিল৷সন্ধ্যা আকৌ নিজৰ নিজৰ বাসস্থানলৈ ঘুৰি গৈছিল দুইটাই৷গোটেই দিনটো একেলগে কটোৱাৰ পিচতো শল্যই এবাৰো মেঘাক কোৱা নাছিল "মেঘা ডিভৰ্চৰ কাগজখন ফালি পেলোৱা৷মেঘাইও বিচৰা নাছিল তাহাঁতে আকৌ একেলগে থকা আৰম্ভ কৰক৷
  ডিভৰ্চ নটিচ পোৱাৰ পিচতো কোনো দিনেই মেঘাই কাৰো আগতে শল্যৰ বিষয়ে বেয়াকৈ কোৱা নাই৷শল্যৰ সমন্ধে কোনো আজেবাজে কথা কোৱা নাই ৷মাথোঁ চেল ফোনৰ পৰা শল্যৰ সকলো মেছেজ আৰু ফটো মোহাৰি পেলাইছিল তাই৷অতীতক পাহৰিবলৈ কোনো সমন্ধতে তাই আকৌ নিজকে জড়িত নকৰিলে৷যোৱা কিছু মাহৰ পৰা  শল্যৰ ফোনটোও ৰিচিভ কৰিবলৈ এৰি দিছিল৷শেষত নিজৰ চিম কাৰ্ড সলাই পেলাইছিল মেঘাই৷
  এতিয়াও মেঘাই তাহাঁতৰ  ডিভৰ্চৰ সঠিক কাৰণনো কি ওলিয়াব নোৱাৰে৷শল্যই বিচাৰিছিল তাৰ জীৱনসঙ্গীয়ে তাৰ বাবে নিজকে সলাই পেলাওক৷বিচাৰিছিল তাহাঁতৰ সপোন আৰু লক্ষ্য একেটাই হওঁক৷আৱেগিক হৈ দুই এবছৰ মেঘাইও মানি লৈছিল একমাত্ৰ শল্যৰ খাতিৰত৷কিন্ত শেষ পৰ্যন্ত শেষ ৰক্ষা নহল৷নোৱাৰিলে তাহাঁতৰ সমন্ধ জীয়াই ৰাখিব৷তাহাঁতে শেষত ডিভৰ্চৰ নটিচ জমা দিছিল কৰ্টত৷
  যোৱা ডেৰ বছৰ শল্য মেঘাৰ কাষত নাই৷দুইজনেই মিউচুৱেল চেপাৰেচনত আছে৷
হঠাৎ শল্যই কৈ পেলাই
-ৱৰ্লড কাপৰ সময়ত তুমি যেতিয়া আপ্তিকলৈ তোমাৰ মাৰ ওচৰলৈ গুচি গৈছিলা সেইদিনাই বুজিছিলো ,তোমাৰ সৈতে বৰ বেছিদিন থকা নহব৷জীৱনটো তাৰ পিছতে বহুত তোলপাৰ হৈ গ'ল এই কেইমাহত৷
  এই মুহূৰ্তত কিয় জানো মেঘাৰ শল্যলৈ কাৰণ বিহীন ভাবে এক টান অনুভৱ কৰিলে৷কেনেকৈ  কব তাই এক বছৰৰ ভিতৰতে আপ্তিৰ এটা ভায়েক বা ভনীয়েক এটা লাগে৷নহলে যে আপ্তিক কোনো পধ্যেই বচাব পৰা নাযাব৷তাহাঁতৰ সন্তানক এই দুৰাৰোগ্য বেমাৰৰ পৰা বচাবলৈ শল্যৰযে অতি প্ৰয়োজন৷কিন্ত কেনেকৈ অশোভনীয় প্ৰস্তাৱ দিব শল্যক৷শল্য ৰাজি হবনে?যদি শল্যই প্ৰস্তাৱ মানি নলয় তেন্তে লাহেলাহে আপ্তি এদিন মৃত্যুৰ কোলাত শুই পৰিব৷
  মেঘাৰ আজি নিজৰে খুব দুখি অনুভৱ হৈছে অলপ যদি এৰাধৰা কৰিলেহেঁতেন তাহাঁতৰ সম্পৰ্ক অন্ততঃ জী থাকিল হেতেন৷স্বামী স্ত্ৰীৰ সম্পৰ্কবোৰ উঠা নমা খলাবমা থাকিবৈ তাকে সকলোবোৰ মানি আগুৱাই যোৱাটোহে বুদ্ধিমানৰ কাম৷মাথা ঠাণ্ডা কৰি সিদ্ধান্ত লোৱা হেতেন তাহাঁতৰ সম্পৰ্কই আজিৰ অৱস্থা নাপালে হেতেন৷বাক বিতণ্ডা আৰম্ভ হৈছিল শল্যৰ ফোনলৈ অহা মেইল আৰু এচ এম এচ পঢ়াক লৈ৷মেঘাইও ইমান দ কৈ নাভাবিয়েই শল্যৰ ফোনৰ মেইল আৰু এচ এম এচ পঢ়িছিল৷শল্যই সেইদিনা সেইবোৰ কথা চিৰিয়াছলি নলবওঁটো পাৰিলে হয়৷উদাসীন হৈ দেখুৱাব পাৰিলেহেঁতেন শল্যই বা ব্যক্তিগত মেছেজবোৰ তাইক সুধিও দিব পাৰিলে হয়৷কিন্ত সেইবোৰ একো নকৰি শল্যই কৈছিল
-বিয়া কৰালোঁ বুলি মোৰ কোনো প্ৰাইভেট স্পেচ নাথাকিব নেকি?সেই কথা শুনি মেঘাই তাক ভুল বুজিবলৈ আৰম্ভ কৰিছিল৷শল্যৰ তাইৰ আগত কিবা এটা লুকুৱাব বিচাৰিছে যেন লাগিল তাইৰ৷আজি আপ্তিৰ এই ভয়ংকৰ অসুখে শল্যৰ ওচৰত তাইক সেও কৰিলে৷হাৰি গ'ল তাই বেয়াকৈ শল্যৰ ওচৰত৷আজিও আপ্তিক বচাবলৈ সম্পূৰ্ণ ক্ৰেডিট শল্যই লব৷আপ্তিৰ কাষ্টডিৰ বাবেও কোনোদিনেই হুলস্থূল নকৰিলে শল্যই৷অথচ অফিচৰ পৰা এসময়ত আপ্তিক একোলা লবলৈকে দৌৰি আহি ঘৰ পাইছিলহি শল্য৷
  শল্যক কোনো দিন জ্বৰত পৰি থকা বা খুক খুককৈ কাঁহ মৰা কোনো দিনেই শুনা নাছিল তাই৷কোনো দিন শুনা নাই মুৰৰ বিষৰ কথা৷অথচ শল্যৰে জীয়েকৰে  লিউকোমিয়া৷
. মেঘাই মনেমনে সজাই পৰাই লৈছিল শল্যক কেনেকৈ কথাবোৰ কব৷তাইৰ জীৱন শূন্যতাৰে ভৰা সেই কথা জানো শল্যই বিশ্বাস কৰিব?মানি লব নে শল্যই৷ এইবুলি নাভাবেটো তাৰ সৈতে সান্নিধ্যলৈ আহিব বিচাৰিছে বুলি৷যি ভাবে ভাবক, আজি তাই কবই লাগিব শল্যক  আপ্তিৰ এজনী ভনীয়েক বা ভায়েক এটা লাগে বুলি৷নহলে যে আপ্তিক বচোৱা নাযাব৷শল্যৰ সহায়ৰ হাতৰ যে অতি প্ৰয়োজন এতিয়া৷শেষ পৰ্যন্ত শল্যই মানি লব নে?
 ভাবিভাবি শেষত লাহেকৈ কবলৈ আৰম্ভ কৰিলে মেঘাই
-আপ্তি নিশ্চয়কৈ ভাল হৈ উঠিব শল্য৷যদিহে তাইৰ নিজৰ ভাই বা ভনী এজনীৰ শৰীৰৰ পৰা বা সদ্যোজাত শিশুৰ মাতৃনাড়ীৰ পৰা ওম্বিলিকেল কোষ ৰ পৰা ট্ৰাণ্সপ্লাণ্ট কৰিব পাৰি তেতিয়া৷
উচাপ খাই উঠে শল্য
-কি কৈছা এইবোৰ মেঘা৷এইটো কেনেকৈ সম্ভৱ হব পাৰে?
মুৰটো তললৈ কৰি থাকিয়েই মেঘাই ক’লে
-ফৰগিভ মি শল্য৷নহলে যে আপ্তিক ঘুৰাই নাপাম৷
কান্দোনত ভাঙি পৰি মেঘাই পুনৰ কলে
-আপ্তি কেতিয়াও নেবাচিব শল্য৷তাই যে মৰি যাব৷কিবা এটা কৰা শল্য কিবা এটা কৰা৷
শল্যক বৰ বিহ্বল হোৱা যেন লাগিল৷কি কব সি?মেঘাই উৎকণ্ঠা, বিহ্বল,উদ্বিগ্ন শল্যক দেখি আবেগত উটি ভাহি গ'ল ৷
শল্য এতিয়াও চুপ৷
-কি ভাবিলা শল্য৷আমাৰ এতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই চেপাৰেচনত হে আছোঁ৷কোনেও বুজি নাপাব৷তোমাৰ অলপ সহায় হলেই আপ্তি বাচি যাব৷তোমাৰ পৰা আপ্তিৰ প্ৰাণ ভিক্ষা বিচাৰিছো৷
মেঘাৰ এটা এটা ঘটনা মনলৈ আহিবলৈ ধৰিলে৷মনত পৰিল তাহাঁতে ইটোৱেসিটোৰ সৈতে নিবিড় হৈ পৰা মুহূৰ্তবোৰৰ কথা৷শল্যৰ ফেন্টাচীবোৰৰ কথা৷তাহাঁতৰ চেপাৰেচনৰ সময়ত শল্যই বিচাৰিছিল ডিভৰ্চৰ এপ্লাই মেঘাই কৰক,তাৰ চৰিত্ৰৰ নিৰ্দয়তাৰ বিষয়ে উত্থাপন কৰিলেই সহজে মেঘাই ডিভৰ্চ পাব৷মেঘাইও আশা কৰিছিল শল্যই তাইৰ বিৰুদ্ধে কিবা অভিযোগ কৰক৷কাৰণ যিহেতু তাই ৰেডিঅ জকী৷ৰাতি বিয়লি যেতিয়াই তেতিয়াই ঘৰৰ বাহিৰ হব লাগে৷গতিকে তাইৰ বিৰুদ্ধে কলেই জজচাহাবে সহজে মানিব৷
  মেঘাই মনত পেলাবলৈ যত্ন কৰিলে কি দৰে তাই শল্যৰ দৰে এলেহুৱা,আত্মতৃপ্তিত মগন,উদাসীন মানুহ এটাৰ লগত জীৱন কটাবলৈ গৈ বিৰক্ত হৈ পৰিছিল৷কেনেকৈ বেবী ফুড আনিবলৈ পঠিওৱা শল্যই ৰাতি এঘাৰ বজাত মস্ত টেডি বিয়েৰ এটা লৈ ঘৰ সোমাইছিলহি৷
 চুপ হৈ থকা শল্যলৈ চাই অস্থিৰহৈ পৰিছিল মেঘা৷কি আচৰিত মানুহ নিজৰ সন্তানৰ জীৱনৰ কথা ভাবিও মেঘাৰ অশোভনীয় প্ৰস্তাৱ মানি লব পৰা নাই৷মেঘাৰ এনে লাগিল তাই যেন কব "শল্য ,মাত্ৰ এটা ৰাতি মোক উপহাৰ দিয়া আপ্তিৰ কাৰণে মাথোঁ"
এইবাৰ লাহেলাহে শল্যই কবলৈ আৰম্ভ কৰিলে৷
-মইও আপ্তিক জীয়াই ৰাখিব বিচাৰোঁ মেঘা৷কিন্ত তোমাৰ প্ৰস্তাৱ মানি লোৱা যে মোৰ পক্ষে সম্ভৱ নহয়৷
-তেন্তে তুমি কেনেকৈ বচোৱাৰ কথা ভাবিছা আপ্তিক৷মেঘাৰ কণ্ঠস্বৰত উষ্মা ভৰা৷
শল্যই লেপটপটোৰ মনিটৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি থাকিয়েই কৈ গ'ল
-তুমি বা বিশ্বাস কৰিবা নে নাই নাজানো মেঘা,মোৰ কেণ্সাৰ হৈছে৷কেণ্সাৰ অফ দা টেষ্টিচ৷মোৰ পক্ষে যে একো কৰাই সম্ভৱ নহয়৷যোৱা মাহতে অপাৰেচন হৈ গ'ল৷কিবা এটা কৰিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব৷অন্তত সাত আাঠ মাহ৷অনক’লজিষ্টে সাৱধান কৰি দিছে৷
শল্যৰ কথা শুনি মেঘাৰ ভাব হ'ল এই যেন জজ চাহাবে চচমাৰ কাঁচ মোহাৰি মোহাৰি প্ৰাণদণ্ডৰ আদেশ দিলে৷আপ্তিৰ মুখখনলৈ মনত পৰিল৷সজোৰে যেন চেপি ৰখা কান্দোনটো ওলাই আহিব৷
  মেঘাক মিছা কথা কেইটা খুব সাৱধানে ক’লে৷টেষ্টিকেলৰ টিউমাৰ হৈছে শল্যৰ আৰু অপাৰেচন কৰি বাদ দিয়া হৈছে অণ্ডকোষ৷হীনমন্যতাত ভুগিছিল সি৷ তাইক তাৰ অপাৰগতাৰ কথা কেনেকৈ কব!কেনেকৈ কব তাৰ ইৰেক্টাইল প্ৰবলেমৰ কথা মেঘাক৷
মেঘাক খুব অসহায় দেখা গ'ল৷নখৰ পৰা নেইলপলিছ খুচৰি এৰোৱাই নিজৰ আৱেগখিনি ধাকিবলৈ যত্ন কৰিছে৷
-কিন্তু এটা উপায় আছে৷অপাৰেচনৰ আগত মোৰ স্পাৰ্মৰ চেম্পল হাস্পতালে কালেক্ট কৰি ৰাখিছিল৷সেই ফ্ৰজেন স্পাৰ্ম আৰ্টিফিচিয়্ল ইনচেমিনেচন কৰি তোমাৰ সন্তান জন্মাব পৰা যাব৷মুহূৰ্ততে তুমি প্ৰেগনেণ্ট হব পাৰিবা৷মোক আৰু প্ৰয়োজনেই নহব৷এই বিষয়ে মই তোমাক সহায় কৰিব পাৰোঁ৷হাস্পতালৰ সৈতে কথা হম মই৷ডন্ট ৱৰি৷
   এটা শনিবাৰে আপ্তিক দেখা কৰি ফ্লেটলৈ ঘুৰি আহিছিল মেঘা৷সেইটো সময়তে তাইৰ চেল ফোনটোত ৰিংটন বাজি উঠে৷শল্যৰ ফোন৷মেঘা উৎফুল্লিত হৈ উঠে৷
-হেল্ল কোৱা৷
ইংৰাজীতে কোৱা এগৰাকী মহিলাৰ কণ্ঠস্বৰ ভাহি আহিল৷
-আপুনি কি মেঘা মজুমদাৰে কৈছে?আপুনি মোক চিনি নাপাব৷মোৰ নাম সাৰিকা পাৰেশ৷আপোনাৰ এক্স হাজবেণ্ড শল্য মজুমদাৰ কালি ৰাতি এক গাড়ীৰ এক্সিডেণ্টত মৃত্যু হৈছে৷সেই গাড়ীত মইও আছিলো ৷তেখেতে মৃত্যুৰ আগতে আপোনাক এজন ডাক্তৰৰ সৈতে দেখা কৰিবলৈ কৈ গৈছে৷ডাক্তৰজনৰ নাম সুবিমল ৰায় চৌধুৰী৷
মহিলা গৰাকীয়ে চৰকাৰী হাস্পতালৰ নামটোও ক’লে৷মেঘাই কি উত্তৰ দিব ?কথাকোৱাৰ সকলো শক্তি যেন হেৰাই গ'ল তাইৰ৷চিঞৰি কান্দিবলৈ মন গ'ল তাইৰ৷এই মুহূৰ্তত যেন শল্যৰ কাৰণে বহুত দিনৰ পিছত মায়া সোমাল৷আপ্তিৰ বিপদো যেন শল্যৰ তুলনাত নগণ্য৷
 পিচদিনা ৰাতিপুৱাই মেঘাই ডাক্তৰ ৰায়চৌধুৰীলৈ ফোন লগালে৷ফোনটো বজাৰ লগেলগে সিফালৰ পৰা এটা গুৰু গম্ভীৰ মাত ভাহি আহিল৷মেঘাই এক চেকেণ্ডৰ পলম নকৰি ক’লে
-মই শল্য মজুমদাৰৰ স্ত্ৰী৷কিছুদিন আগতে যাৰ টেষ্টিচৰ অপাৰেচন হৈছিল৷তেখেতৰ যোৱা কালি এটা গাড়ী এক্সিডেণ্টত মৃত্যু হ'ল৷শুনিলো তেখেতৰ স্পাৰ্ম আপোনালোকে কালেক্ট কৰি ৰাখিছে৷মই তেখেতৰ সন্তানৰ মাক হব বিচাৰোঁ৷আপুনি মোক সহায় কৰিবনে?
সিফালৰ পৰা ডাক্তৰ চৌধুৰীয়ে কৈ উঠিল
-ইট ইজ এ বল্ড ডিচিচন৷বাট আই এম ৰিয়েলী চৰি মিচেছ মজুমদাৰ৷আদালতৰ আদেশ নহলে স্পাৰ্ম হস্তান্তৰ মুঠেই সম্ভৱ নহব৷আপুনি কৰ্টৰ পৰা ফাষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ এটা অৰ্ডাৰ আনিব লাগিব৷
এক নিমিষতে মেঘাৰ চাৰিওপিনে সকলো শূন্য হৈ পৰিল৷মুৰটো ৰিমঝিম কৰিবলৈ ধৰিলে,এনে লাগিল এই যেন তাই লুটি খাই পৰিব৷ লাগিল যেন পৃথিৱী বুলি যেন কতো একোৱেই নাই৷


No comments:

Post a Comment

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...