এমুঠিমান মানবীয়তাৰ সন্ধানত
থিয় চিৰিটোত উঠিবলৈ লৈ দেববালা থমকি ৰ'ল৷পাগ উঠা তামোলখন পকটিয়াই পকটিয়াই চিৰিটোৰ মুৰলৈ চাই পঠিয়ালে৷কান্ধত উলমি থকা ফিটা চিঙা বেগটো খুচৰি তামোলৰ চেকা লগা ৰুমালখনেৰে কপালৰ ঘাম খিনি মোহাৰি ৷অদৃষ্টক উদ্দেশ্যি চিঞৰি কবলৈ ধৰিলে
-হে প্ৰভু ক’ৰ জহনি মৰা সোপাক পৃথিৱীলৈ পঠিয়াইছা আমাৰ দৰে নিৰিহৰ মুৰটো চোবাবলৈ৷হেৰৌ কোন খেকাৰখোৱাই এইহেন ওখ চিৰি বনাইছ!উঠিবলৈ বেঙা মেলি মেলি উঠিব লাগে যে !
দেববালাক কিছুদিনৰ পৰা ককাল বিষটোৱে বৰ আমনি কৰিছে৷তাতে বাচত আজি প্ৰচণ্ড ভিৰ৷এচোৱা থিয়হৈ অহাৰ পিছত হঠাৎ ডেকা ল’ৰা এটাই চিটত বহি থকা দেখি মানুহ ঠেলি ঠেলি ডেকাৰ কাষ পালেগৈ৷
-হৌৰা ডেকা ল’ৰা মোৰ দৰে মই মানুহজনীয়ে ককালৰ বিষত থিয়ৈ থাকি সৰিয়হ ফুল দেখিছো চাওঁ উঠা মোক অলপ পৰ ককালটো পোনাই লব দিয়া৷
ডেকাই চকু পিটপিটাই দেববালালৈ ভালকৈ চাইলৈ ক’লে
-হব আইতা বহক ৷মই নামিমেই অলপ আগত৷
আইতা! কপালখন ঠুপ খাই আহিল দেববালাৰ৷
মুখৰ ভিতৰতে ভোৰভোৰালে
-আইতা!চুলি এডালো নপকা মানুহজনীক আইতা বোল৷তোৰে গোটেই সোপা চুলি পকক৷
আকৌ ভোৰভোৰালে
-বাটত সেইটো এতিয়া এই সন্মুখৰ পাহাৰটো৷এই কেৰাণী মখাই আৰু কিমান চুচৰাই আৰু৷ৰহ মোক এনেকৈ চুচৰাই মৰা তহঁতসোপা মাউৰত মৰিবি৷হাইজাত যোৱাহঁত৷পানীৰ কাৰণে হাহাকাৰ কৰিবি কিন্ত ফেচাঁই আহিও নুমুতিব তহঁতৰ মুখত৷
এৰিয়াৰৰ টকা বিশহাজাৰ ওলিয়াবলৈ যোৱা দুটা বছৰ অফিচলৈ তাঁতবাতি কাঢ়িছে ৷টকা নুখুৱালে কেৰাণীমখাই কলম নধৰে৷কিমান যে বাহানা৷চিৰিটোত উঠি যাওঁতে আকৌ বকনি ওলাল দেববালাৰ
-মুখখন একেবাৰে ৰজা হৰিশ্চন্দ্ৰ আৰু কামবোৰ সেই চণ্ডালতকৈও অধম৷মুখখন গেঠেলা মাৰি গোটেই চিম্পাঞ্জীহঁতৰ দৰে এচকী হৈ বহি থাকিব৷এই সোপা হুহ এই সোপাৰ মগজুৰ জোৰ দেখিলে তেৰাও সাওঁতকৈ আত্মহত্যা কৰি আহোঁগৈ বুলিব৷হেৰৌ মই সদায় আহিয়েই তহঁতক পৰিচয় দাঙি ধৰিব লাগে নহলে কি সকামত আহিছোঁ বুজাব লাগে৷হেৰৌ ফেন খোৱা সোপা তহঁতক ঘৈণীয়েৰহঁতে কথা পাহৰিবলৈ ভোমোৰাগুটি কটিওৱাই পঠিয়ালে নেকি?
অফিচাৰৰ কোঠালিটোৰ সন্মুখত ৰখি দেববালাই ভিতৰলৈ জুমি চালে৷
মনতে ভাবিলে "তাইৰ বাৰু সমস্যাটোৰ বিষয়ে এই অফিচাৰজনে গম পাই নে নাই!কতনো গুৰুত্ব দিব আৰু কিয়নো গুৰুত্ব দিব তেওঁ?তাই কিবা কোনোবা নামজ্বলা মানুহৰ ঘৈণীয়েক নে নামকৰা কোনোবা উকীলৰ ঘৈণীয়েক৷অফিচটোলৈ আহি আহি অন্তত এটা কথা গম পাইছে কেৰাণী মখাই যি উকীল বুলিলেহে ভয় খাই ৷তাৰ বাহিৰে যিজনেই অফিচাৰ আহে তেওঁৰেই নাকত ধৰি চাকত ঘুৰাই৷দেববালা আহোঁতে আহোঁতে কিমান কেইজন যে অফিচাৰ বদলি হ'ল৷এজন অফিচাৰক বুজাই উঠি ফাইলটো তেখেতৰ টেবুল পোৱাইহি মানে তেওঁৰ যাবলৈ হয়৷আকৌ তাইৰ ফাইলখন পৰিচয় হেৰুৱা ফাইলবোৰৰ লগত কোঠালিবোৰৰ কোনোবা এচুকত পৰি ৰই৷
প্ৰথমবাৰ যেতিয়া আহিছিল তেতিয়া তাই বহুত আশা মনত কঢ়িয়াই লৈ আহিছিল৷কাৰোবাৰ বাবে বিশ হাজাৰটো হাতৰ মলি ৷কিন্ত তাইৰ বাবে বিলাসিতা৷সেই বিশহেজাৰেৰে ঘৰৰ মামৰে খোৱা টিন কেইখন বদলাব অন্তত পাৰিব লগতে পঞ্চম শ্ৰেণীৰ দহ মাইল দুৰত পঢ়িবলৈ যোৱা ভায়েকটোক চাইকেল এখন কিনি দিব পাৰিব৷তাইৰ ভায়েক পঢ়াশুনাত মেধাবী আছিল কিন্ত ইমান আঁতৰৰ স্কুলখনৰ পৰা অহাযোৱা কৰোঁতেই শৰীৰৰ আধাখিনি শক্তি যায়গৈ৷স্কুলৰ পৰা আহি পঢ়িবলৈ শক্তিয়ে নুকুলাই৷ইফালে ঘৰৰ ইটো সিটো কৰিবলৈ থাকে৷টকাটো অহাৰ খবৰ পাই তাই ঘৰত আহি কৈছিলহি৷পোহৰ হৈ উঠিছিল ঘৰৰ মানুহ কেইটাৰ মুখ কেইখন৷মাহেকৰ মুৰত পোৱা তাইৰ পইচা কেইটাৰে বিচনাত পৰি থকা দেউতাকটোৰ দৰৱ কিনিব লাগে ,ভায়েকৰ স্কুলৰ ইটোসিটো থাকে লগতে ঘৰখনৰ মাহেকৰ ৰেচন পাতি থাকেই৷বিলাসিতা বুলিবলৈ দৰমহা পোৱা দিনা মতিনৰ দোকানৰ চিঙৰা কেইটা৷তাকো মাকে ধমক দিয়ে
-সেইকেইটা টকাৰে তোৰ মুৰত ঘঁহা তেলটোকে লৈ আনিব পাৰিলিহেঁতেন৷
তাই মাকে তেনকৈ ক’লে সেঁতাপৰা হাঁহি এটা মাৰে৷
-হব দে টকা বাচিলে অহা মাহত লৈ লম৷
কিন্ত অহামাহতো সেই একেই টকাৰ টনাটনি চলে৷
প্ৰতিবাৰেই বাৰিষাৰ আগেআগে তাই ভাবে এইবেলি পইচা কেইটা পালে ঘৰৰ টিন কেইখন বদলাম৷প্ৰথমে দেববালা ইমান খঙাল ,ইমান খিংখিঙীয়া নাছিল৷তাইক পৰিবেশ পৰিস্থিতিয়ে খিংখিঙীয়া হবলৈ বাধ্য কৰিলে৷এসময়ৰ কমনীয়তা মুখখনৰ ঠাইত এতিয়া এখন শুষ্ক চালেৰে দেববালাৰ প্ৰকৃত বয়সতকৈ বহুত বেছি বয়সৰ যেন লাগে৷
মহ এটাই বহুতপৰ চাগে তেজ খাই আছিল৷এতিয়া ঠাইটোকোৰা উখহি উঠিছে৷তাই খজুৱতিত থাকিব নোৱাৰি নখ কেইটাৰে জেগাটুকুৰাত খজুৱাই দিলে৷লগেলগে হাতখনত বগা আঁচ কিছুমান হ'ল৷বহুতদিন গাত তেল অকণ পৰা নাই৷চাল নুশুকাই কি হব৷তাইৰ হাতখনেৰে মুৰটোত ঘহিলৈ আঁচ পৰি থকা ঠাইখিনিত লগালে৷আজি ক’ত মাহ হৈ গ’ল মুৰতনো তেল লগাবলৈ ক’ত পাইছে৷আজি আহোঁতে মিঠাতেল অকণমান মুৰতে লগাই চুলিখিনি বহাই আনিছিল৷এতিয়া তাকে হাতেৰে উমানতে তেল লগোৱা ঠাইখিনিৰ পৰা তেল অকণ বিচাৰি চালে৷বাহিৰা মানুহবোৰৰ আগত তাইৰ দৈন্যতাখিনি দেখুৱাব নিবিচাৰে৷
মহটোৰ ওপৰতে খং উঠিল অফিচৰ তেজে পি ফুটো ফুটো হোৱা কেইটাৰ তেজ পিব পৰা নাই৷মোৰ দৰে লেৰেলা চেপেটা শৰীৰটোহে পালিহি৷তহঁত মহবোৰো সেই সন্মুখৰ তেজপিয়া কেইটাৰ নিচিনাই৷
চিৰিটোৰ সন্মুখত দীঘল বাৰাণ্ডাখন৷তাই অফিচাৰ জনক কোঠালিটোত নেদেখিলে৷আগবাঢ়িবলৈ সন্মুখত চকিদাৰজনক দেখা পালে৷তাই আহি আহি প্ৰতিটো কেৰাণী,চকিদাৰক চিনি পোৱা হৈছেগৈ৷জোৰকৈ হাঁহিটো বিৰিঙাই তাই চকীদাৰটোলৈ চালে৷সি এনেকৈ তাইৰ কাষেৰে পাৰহৈ গ’ল যেন তাইৰ কোনো অস্তিত্বই নাই৷তাৰ খোজ কাটল হাব ভাব দেখিলে নতুনকৈ অহা কোনোবাই অফিচটোৰ মুখীয়াল বুলি ভুলেই কৰিব৷তথাপি তাই হতি নিদিলে৷উঠি অহা খংটো সামৰি গলহেকাৰি এটা মাৰিলে৷তাৰ পিচত যিমান পাৰি সিমান মৌ ধালি সুধিলে
-চাৰক বাৰু আজি লগ পাম নেকি দাদা৷
তাইক চেৰাই আগবাঢ়ি যোৱা চকীদাৰটো নৰল৷নুশুনিলে বুলি ভাবি এইবাৰ বিনম্ৰ ভাবে কলে
-চিত্ৰ দা অ' চাৰক কেইটামান বজাত পাম৷
-নাই নাই চাৰক লগ নাপাব৷চাৰ মেট্ৰিকৰ চেন্টাৰ চেক কৰিব গৈছে৷ৰৈ থাকি লাভ নহব৷আহিলেও একেবাৰে গধুলীৰ আগেআগে আহিব৷
-নহয় মানে আমাৰ হেডে আক’ আজি দহটামানত অফিচতে পাব বুলি কোৱাৰ বাবেহে আহিলোঁ৷
তাই যেন কদু বাহতহি হাত দিলে৷তাচ্ছিল্যৰ সুৰত চকীদাৰজনে তাইক কলে
-মানুহবোৰৰ উস্তাদী বৰ বেচি৷এইবোৰ কথাটে খং উঠে মোৰ৷ইমান জানে যদি কিয় সুধিব লাগে৷সব জানে মানুহবোৰে৷বৰ বেচি জানে৷
বকবককৈ আঁতৰি গ’ল চকীদাৰটো৷তাই শিল পৰা কপৌটোৰ দৰে তাতে ঠৰঙা লাগি থিয়হৈয়েই থাকিল৷চকীদাৰৰ খং উঠাৰ কাৰণ বিচাৰি নেপালে তাই৷
এইবাৰ তাইৰ খং এচাট উঠি আহিল
-আও কথাষাৰ সুধুতেই মৰাটোৰ ইমান বাহাদুৰি৷হেৰৌ তোক যে মাত দিছোঁ৷কটা নিধক৷তোক হেৰৌ তোক ভগৱানে বোবা কৰি জনম দিব অহাবাৰ৷
বকিবকি তাই বাৰাণ্ডাৰ দীঘলীয়া বেঞ্চ খনতে বহিল৷এঘাৰ বজালৈকে অফিচটো নিজম পৰি আছে৷তাই বহি থাকোঁতেই এজন এজনকৈ তাইৰ সন্মুখেৰে পাৰ হৈ গ’ল৷তাই প্ৰতিজন পাৰহৈ যাওঁতে লৰচৰহৈ বহে৷এই যেন কিবা এটা সুধিব তাইক৷প্ৰতিজনে তাইক দেখাৰ পাচতো মাত দিয়া দুৰৈৰ কথা অৱজ্ঞা ভৰা চাৱনিটোও নিদিলে৷তাই যেন তেওঁলোকৰ অফিচৰ আবৰ্জনাহৈ পৰি থকা ফাইল কেইটাহে৷
তাইৰ প্ৰথম দিনটোৰ কথা মনত পৰিল৷সেইদিনা তাইক টাউনলৈ আহিব বুলি বাকচটোৰ তলিত জাপি থোৱা কুহুমবুলীয়া কাপোৰযোৰ ওলিয়াই দি কৈছিল৷
-তোৰ বিয়ালৈ বুলি সাঁচি থোৱাৰ পৰা দিছো৷সাৱধানে পিন্ধিবি৷টাউনলৈ জাধলীজনী হৈ গলে মানুহে ফিচিঙাফিচিঙি কৰিব নহলে৷আনি আকৌ ৰদত দি জাপি থবিহি৷
বাচত কাপোৰযোৰ বেয়া হয় বুলি প্ৰতি মূহূৰ্ততে সাৱধান হৈছিল তাই৷আধা বাটত চিট এটা পাই কাপোৰযোৰ কেনেবাকৈ সোতোৰ মোচোৰ হয় বুলি কিমান যে সাৱধানে বহিছিল৷তাইৰ সাৱধানতা দেখি কিবা এটা চাগে বুজিছিল কাষত বহা মানুহজনেও ৷তেওঁও কিছু আঁতৰি বহিছিল তাইৰ পৰা৷সাজিকাচি আহি যেতিয়া অফিচ সোমাইছিল তেতিয়া বাৰ বাজি পাৰ হৈছিল৷মানুহবোৰক দেখি আচৰিত হৈছিল তাই৷ যেন একোটাহঁত ভাবলেশহীন ৰবট৷কোনোবা একোজন চকীখনতে ঘন্টাৰ পিছত ঘন্টা তামোল পকটিয়াই কাষৰ জনৰ লগত কথা পাতি আছে৷মাজে মাজে খৰিকাডালেৰে দাঁত খৰকিয়াই টেবুলৰ কাষলৈ তামোলৰ টুকুৰাটো মুখৰ পৰা ওলিয়াই পেলাইছে৷কোনোবাজনে কিবা ভাবনাত বিভোৰহৈ চাধাকে মলিছে৷দুই এজনেহে ফাইলটো লৈ ৰবটৰ দৰে ইটো কোঠালিৰ পৰা সিটো কোঠালিলৈ খৰ গতিত অহা যোৱা কৰি আছে৷মহিলা কেই গৰাকীৰ এগৰাকীৰ চাৰিওপিনে প্ৰচণ্ড ভিৰ৷তাই ডিঙিটো মেলি বিশেষ কিবা বিলাইছে নেকি চালে৷মানুহৰ হেচা ঠেলাত কি হৈছে দেখা দুৰৰ কথা মানুহগৰাকীনো কোন তাই দেখাই নাপালে৷এইবাৰ তাই অফিচাৰৰ কোঠালিলৈ ওলাই সোমাই ফুৰা এজনক সুধিলে
-চাৰক লগ কৰিব পৰা যাব নেকি?
মানুহজনৰ হাতত ফাইলৰ দম আৰু খুব চিন্তিত যেন দেখি গ’ল ৷থমকি ৰ'ল তাইৰ কাষত মানুহজন৷
-চাৰৰ আজি বহুত কাম ৷দেখা নকৰিব তেখেতে৷মাহৰ শেষ বিলত চহী নকৰি কি আপোনালোকৰ সমস্যাৰ কথা শুনি থাকিবলৈ সময় আছে চাৰৰ৷তাৰ পিছতে চাৰৰ দুখন মিটিং ৷এখন সৰ্ব শিক্ষাৰ অফিচত আৰু এখন ডিচি চাৰৰ লগত৷বেলেগ এদিন আহক৷আজি নোৱাৰিব চাৰে৷
মনটো মৰহি গ’ল তাইৰ৷তাইৰ সন্মুখেৰে আৰু দুজন মান অফিচাৰৰ কোঠালিটোলৈ সোমাই ভিতৰ পালেগৈ৷তাই ভেবাচেকা খাই ৰৈ থাকিল ঠাইতে৷কি কৰা যায় ভাবি থাকোঁতেই ফাইললৈ ভিতৰলৈ যোৱা মানুহজন অফিচাৰৰ কোঠালিৰ পৰা ওলাই আহিল৷তাই পুনৰ সুধিম নুসুধিমকৈ সুধিলে
-দাদ মোক চাৰে কেইটামান চেকেণ্ড সময় দিব নোৱাৰিব নে? দুজনমানক সোমোৱা দেখিলো যে!
মানুহজনৰ মুখখন দেখি প্ৰচণ্ড খং উঠা যেন লাগিল৷
-কি মানুহ হে !কলে কথা বুজি নাপাই নেকি?তেওঁলোক সন্হাৰ মানুহ হয়৷
তাই লাহেলাহে তাৰ পৰা আঁতৰি আহিল৷মনটো সেমেকি আহিল৷ইমান দুৰ বাট আহি কামটো নহলেগৈ বৰ বেয়া লাগিব৷সদায়টো তাইক তেনেকৈ হেডে আহি থাকিবলৈও নিদিব৷আজি তাইৰ ক্লাছ কেইটা কৰিয়েই ওলাই আহিছে৷ঘুৰি গৈ শেষৰটো পিৰিয়ড কৰিম বুলি কৈ আহিছে৷বেচি দেৰিলৈকে তাই ৰব নোৱাৰে৷এইবাৰ তাই এখোজদুখোজকৈ দাঁত খৰকিয়াই থকা কেৰাণীজনৰ কাষত থিয় হ'ল৷তেওঁ এইবাৰ ফাইল এসোপামান সন্মুখত লৈ তল মূৰ কৰি কিবা এটা চাই আছে৷তাই কাষত থিয়হৈ থকাৰ উমানেই পোৱা নাই চাগে৷
-দাদা কথা এটা আছিল৷
নাই মানুহজনৰ কোনো ধৰণৰ পৰিৱৰ্তন দেখা নপাই ভাবিলে,হয়তো শুনা নাই তাইৰ মাত বা শুনিছে যদিও তেওঁক কৈছে বুলি ভবা নাই৷কাণেৰে শুনা নাই বুলি আৰু অলপ কাষলৈ গৈ চিঞৰি ক’লে
-দাদা,কথা এটা আছিল৷
এইবাৰ মূৰ নুতুলাকৈয়ে ক’লে কেৰাণীজনে
-হু!
বুজি নাপালে তাই কেৰাণীজনে কি বুজাব বিচাৰিছে৷অলপ দেৰি কি কৰিব একো উৱাদিহ নাপাই দেববালা কিছু সময় ৰৈ থাকিল কেৰাণীজনলৈ একেথৰে চাই৷মানুহজনৰ কোনো সাৰসুৰ নাই৷তাইৰ অভিমান হ'ল৷কি মানুহ অ’ কিবা এটা কলেও মুখেৰে একো নকয়৷কেনেকৈ পাৰে ইমান উপেক্ষা কৰিব৷ঘুৰি যাবলৈ লৈ তাইৰ মনত পৰিল ,আজি কামটো কৰি নললেই নহব৷যোৱা কালিয়েই ভায়েকৰ চাইকেলখন চাই আহিছে৷এমাহৰ পিচত লবহি বুলিও কৈ আহিছে তাই৷আনফালে বাৰিষা আহিল বুলি কলেই দেববালাহঁতৰ দুখে কোলাই পাচিয়ে নধৰা হয়৷ টিনৰ ফুটাবোৰ মামৰ লাগি আৰু ডাঙৰ হৈছে৷বৰষুণ বুলিলেই পানী পৰি গোটেই কোঠালিকেইটা পানীৰে বুৰ যায়৷মাকে ফুটা বোৰৰ তলত বাল্টি পাতি দিয়ে বৰষুণৰ পানী নপৰিবলৈ৷কেতিয়াবা হঠাৎ ৰাতি আহে বৰষুণ তেতিয়াই হাহাঁকাৰ লাগে তাহাঁতৰ৷কিমান আৰু এনেকৈ থাকিব৷টকা কেইটা পাব বুলি জনাৰ পৰা দেববালাৰ মনটো ভাল লাগি আছে৷পইচাটো পাবলৈ যিমান সহজ বুলি ভাবিছিল অফিচলৈ আহিহে বুজিলে কামটো সিমান সহজ নহয়৷তাই আশা কৰি থাকিল কেৰাণীজনে এটা সময়ত নিশ্চয় মূৰতুলি চাব৷নাই কেৰাণীজন অলৰঅচৰ৷উপায় নেদেখি আকৌ মাত দিলে তাই৷
-দাদা,কথা এটা সুধিব পাৰিম নেকি?
-উম!
তাই আৰম্ভ কৰিলে
-এৰিয়াৰ টকা দুটামান অহাৰ কথা শুনিছোঁ৷পাবলৈ কি কৰিব লাগিব?
-কি এৰিয়াৰৰ টকা?নাই একো এৰিয়াৰৰ টকা অহা নাই৷কোনে কৈছে এৰিয়াৰ টকা দিছে৷
আচৰিত হ'ল দেববালা৷তাই কি ভুল শুনিলে নেকি?নাই তাইৰ লগতে একেলগে সোমোৱা স্বৰ্ণৰ স্কুলৰ সকলোৱে পালে৷তাহাঁতৰ স্কুলৰ হেডমাষ্টৰে কথাটো গুৰুত্ব নিদিয়াৰ বাবে কামটো ৰৈ গ’ল৷তাই আকৌ ক’লে
-কিন্ত মহাত্মা গান্ধী হাইস্কুলৰ সকলোৱে টকা উঠালে৷
-তেনেহলে তালৈকে যাওঁক ৷ধমক দিয়াৰ সুৰত কলে৷
তাই হতবাক হ'ল৷কি কয় কেৰাণীজনে৷
তাই বুজিলে এইজনৰ ওচৰত তাইৰ কাম নিসিজিব৷লাহেলাহে তাই কাষতে বহি অলপ আগতে চাধা মলি থকা জনৰ ওচৰ পালেগৈ৷
-দাদা৷
তাইৰ মাতষাৰ শুনাৰ লগেলগে তেওঁ মূৰ তুলি চাই ইচাৰাৰে সন্মুখৰ চকীখনত বহিবলৈ ইংগিত দিলে৷তাই কিছু সময় চকীতে বহি ৰ'ল৷মানুহজনে কাগজত ড্ৰাফট বনাই আছে একে ধ্যানে৷তাইৰ শ্ৰদ্ধা উপজিল মানুহজনলৈ৷এতিয়ালৈকে যিমান কেইজন অফিচৰ মানুহ পালে তাৰ ভিতৰত এইজনকে বৰ ভাল যেন লাগিল৷মানুহজনে কাগজখনলৈ তাইক বহিবলৈ ইচাৰা কৰি অফিচাৰৰ কোঠালিৰ ফালে খোজ ললে৷অলপ পাচতেই পুনৰ ঘুৰি আহি দেববালাৰ সন্মুখৰ চকীখনত বহিল ৷
-অ কওক এতিয়া৷
-মানে দাদা যোৱা বছৰৰ এৰিয়াৰৰ টকা বিশ হাজাৰ আহিছে বুলি শুনিলোঁ৷সকলোবোৰ স্কুলে পালে বুলিও গম পালোঁ৷তাৰে অৰ্ডাৰ কপিটো লাগিছিল৷
-সেইটো গুৱাহাটীৰ পৰা আনিব লাগিব৷ইয়াত ক’ত পাব?
-তেনেহলে কি কৰিব লাগিব ?
-পোৱাৰ আশা ক্ষীণ৷আপোনাৰ অৰ্ডাৰটো কাৰোবাৰ হতুৱাই সোনকালে অনালে পাব নহলে বাজেট ইয়েৰ পাৰ হৈ গ’লে নাপাব৷
-কিন্তু কাক পঠিয়াম?মোৰটো কোনো তেনেকুৱা নাই দাদা৷
-অৰ্ডাৰটো আনিবলৈ অলপ পইচা খৰছ কৰিব লাগিব৷
-মানে?
-গুৱাহাটীলৈ অহাযোৱা,হোটেলত থকা,খোৱা বহুত খৰছ আছে৷
তাইৰ মূৰত সৰগ ভাগি পৰিল৷
-কিন্তু পইছা ?
আৰু একো কবলৈ শক্তি নহল তাইৰ ৷চকীখনৰ পৰা উঠি থিয় হ'ল তাই৷এখোজদুখোজকৈ তাৰ পৰা আঁতৰি আহিল৷এইবাৰ তাই অফিচাৰৰ কোঠালিটোৰ ওচৰ পাই পৰ্দাৰ ফাকেৰে ভিতৰলৈ জুমি চালে৷অফিচাৰ তেতিয়া অকলশৰে কোঠালিটোত ফাইল কিছুমানত চহী কৰি আছে৷তাই সন্মোহনৰ দৰে এখোজদুখোজকৈ কোঠালিটোলৈ সোমাই গ’ল৷
আচৰিত হ’ল অফিচাৰ জন৷তাতোকৈ তাই আচৰিত হ’ল অফিচাৰজনে যেতিয়া ক’লে
-কি লাগে?
কব নেকি তাই ন্যায় লাগে বুলি৷তেনেকৈ ক’লে জানো বুজিব?কেনেকৈ আৰম্ভ কৰিব৷অফিচাৰৰ সন্মুখৰ চকীখনলৈ চালে৷তাইৰ ভৰি হাতবোৰ কপি উঠিছে৷চকীখনত বহিবলৈ পালেই যেন ৰক্ষা পৰে৷কিন্ত সৌজন্যতাবোধৰ বাবে উপযাচি তেখেতে নোকোৱাকৈ বহিবলৈ তাইৰ সংকোচ হ’ল৷তাই টেবুলৰ চুক এটাত ধৰি থিয়হৈ ৰ'ল৷
অফিচাৰৰ চকুলৈ চালে৷এতিয়াও তেওঁ প্ৰশ্নবোধক চাৱনিৰে চাই আছে তাইলৈ৷
-মানে চাৰ মোৰ নাম দেববালা ৷দেববালা শইকীয়া৷মই টেঙাজান এম ই স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী৷এৰিয়াৰৰ টকা বিশ হেজাৰ পাম বুলিছিল হেডে৷মানে বীৰেন বৰা চাৰে৷তাকে চাৰ অৰ্ডাৰ কপিটো লাগিছিল৷
-ক্লাছ ক্ষতি কৰি পইচা বিচাৰি ঘুৰি ফুৰিছে যে৷ক্লাছবোৰ কোনে কৰিব?আপোনালোকে ছাত্ৰছাত্ৰীৰ ভৱিষ্যততকৈ কিমান পইচা পাব তাকে হিচাব কৰি থাকে হবলা৷সেইকাৰণে আজি কালি শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্টৰ এই দশা৷
-নাই নাই চাৰ৷মই মোৰ ক্লাছ কেইটা কৰি ওলাই আহিছোঁ৷চাৰক কৈ আহিছোঁ ঘুৰি গৈ মোৰ ভাগৰ ক্লাছ কেইটা কৰিমগৈ ৷
তাৰ পিছতো বহুত কিবা কৈছিল অফিচাৰে ৷তাইৰ কাণ মূৰ ৰঙা পৰি আহিছিল৷কাণখন তাল মাৰি ধৰি একো নুশুনা হৈ পৰিছিল৷চকু ফাটি যেন পানী বাগৰি আহিব৷নিজৰ ওপৰত খং উঠিল তাইৰ কিহৰ মৰখঁক লাগিছিল এৰিয়াৰৰ টকা কেইটালৈ ৷কিয় লোভ কৰিব লাগে৷টকা কেইটাৰ বিনিময়ত কিমান লাঞ্ছনা গঞ্জনা ভোগিব লগা হৈছে৷তাহাঁতৰ দৰে মানুহে এৰিয়াৰৰ টকাৰ সপোন দেখিবই নাপাই৷এইবোৰ ভাবি তলমূৰ কৰি থিয় হৈ থাকোঁতেই বেলটো বাজি উঠিল৷তাই চক খাই উঠিল৷মুখেৰে একো নামাতি যাবলৈ উদ্যত হওঁতেই আগতে ফাইললৈ অহাযোৱা কৰা কেৰাণীজন সোমাই আহিল৷
-চাৰ মাতিছিল৷
-এখেতৰ এৰিয়াৰৰ টকা অলপ আহিছে৷আপুনি অৰ্ডাৰৰ কপি এটা উলিয়াই দি দিয়ক৷
-চাৰ ক’ত বা আছে কপিটো চাব লাগিব৷
-এসপ্তাহৰ আগত অহা কপিটো বিচাৰিব লগা হৈছে কি কথা কয় হে বৰদলৈ৷
-পাই যাম চাৰ৷ৰব চাৰ৷মই দি দিম চাৰ৷
তাইলৈ চায় অফিচাৰে ক’লে
-যাওঁক তেখেতে দি দিব৷
অফিচাৰক উদ্দেশ্যি তাই নমস্কাৰ এটা কৰি কেৰাণীজনৰ পিচেপিচে কোঠালিটোৰ পৰা ওলাই আহিল৷
কেৰাণীজন এটা কোঠালিত সোমালগৈ৷তাইও সোমাই গ’ল কোঠালিটোলৈ৷মানুহজনে চকীখনত বহি ফাইল কেইটামান ওলিয়াই আনি ৰচী খুলি খুলি চাই গ’ল৷তাৰ পিচত কাগজ এখন ওলিয়াই আনিলে৷
-কি নাম কলে?
-দেববালা শইকীয়া৷
-নাই৷ নাই অহা আপোনাৰ অৰ্ডাৰ৷ইয়াৰ পিছত আৰু এটা লট আহিব৷সেইটো লটত আহিলে আহিলে৷নহলে নাই৷
-কিন্তু আমি একেলগে সোমোৱা বাকী কেইগৰাকীৰ হৈ গ’ল৷মইহে থাকিলোঁ৷
-সেইটো ডিৰেক্টৰ অফিচে হে জানিব কিয় নাইদিয়া৷মই কব নোৱাৰিম সেইবোৰ কথা৷
-পিচৰটো লট কেতিয়া মানে আহিব দাদা?
-সেইটো মই কেনেকৈ জানিম?আহিলে পাই যাব৷মাজেমাজে খবৰ কৰি থাকিব৷
তাই বুজিলে কেৰাণীজনে নকৰিলে আন কোনোৱেই তাইৰ কাম কৰি নিদিয়ে৷ তাইৰ কামটোৰ বাবে আকৌ আহিব লাগিব অফিচলৈ৷
তেতিয়াৰ পৰা অহাযোৱা কৰি আছে দেববালাই৷ম্লান হবলৈ দিয়া নাই দেববালাৰ মামৰে ধৰা টিনপাত খিনি বদলোৱাৰ সপোনটো৷ আগৰ অফিচাৰ বদলি হয়৷নতুন জন আহি পুনৰ তাইক আশ্বাস দিয়ে৷সেই আশ্বাসৰ আলমত পুনৰ সপোনবোৰে নতুন ৰূপলৈ তাইৰ মনত দোলা দি যায়৷আহি থকা দেখি দুই এজনে সহমৰ্মিতা দেখুৱাই৷বুদ্ধি দিয়ে টকা দুটামান ধালিলে সকলোবোৰ কাম হৈ যাব বুলি৷কিয় জানো তাইৰ বিবেকে নকয় প্ৰাপ্য খিনি পাবলৈ টকা ধালিবলৈ৷দেববালাৰ বয়স ৰৈ থকা নাই৷বাচ ঘাট কৰি ঠেকেচনি খাই ককালৰ বিষ এটাই লগ লৈছে৷তথাপি দেববালা হাৰি নাযায়৷তাই সংগ্ৰাম কৰি যাব অনিৰ্দিষ্ট কাললৈকে৷
(এনেকৈয়ে ক’ত দেববালাৰ সপোন ভুলুণ্ঠিত হৈছে একোটা ফাইলৰ মেৰপেছত৷যেতিয়ালৈকে মানুহে মানুহৰ বাবে অকনো নাভাবে,অকণি সহানুভূতি হৃদয়ত সৃষ্টি নহয় তেনে দেববালা অফিচলৈ দুটামান টকাৰ বাবে সদায় তাঁতবাতি কৰি থাকিব৷আৰু দেববালাৰ দৰে সহস্ৰ দেববালাই এদিন এৰিয়াৰ টকা কেইটাৰ সপোন দেখি দেখিয়ে মৃত্যুক সাৱটি লব)
No comments:
Post a Comment