নীলাভ ৰাতি
অনুবাদ গল্প সুব্ৰত নিয়োগী
তেতিয়া ৰাতি প্ৰায় আঠটা৷হাউসিং কম্প্লেক্সৰ সৰু সৰু ফ্লেটবোৰৰ খিৰিকীৰ জালনাৰে পোহৰবোৰ সিচৰিত হৈ পৰিছে৷বাহিৰত প্ৰচণ্ডভাৱে বৰষুণ আৰম্ভ হৈছে লগতে বতাহৰ দুৰন্ত বেগ৷বৰষুণৰ বেগ লাহেলাহে বাঢ়িব ধৰিছে৷খিৰিকীৰ আইনাত সশব্দে বৰষুণৰ টোপালৰ এছাৰকণি পৰিছেহি৷
  মেঘা এতিয়া ৰান্ধনীঘৰত পমফ্ৰেট মাছকেইটাৰ ছুৰীখনলৈ নাড়ীভুৰবোৰ উলিয়াই চাফা কৰি আছে৷গেচৰ ওপৰত নন স্টিক পেনত পাতি থোৱা পানীখিনি বকবকাই উতলি আছে৷যিমান পাৰি কম সময়ত তাই খোৱা বনাই শেষ কৰিব লাগিব৷ ড্ৰইংৰুমত চল্লিশ উৰ্দ্ধৰ এজন পুৰুষ কোচত এটা ল্যাপটপ লৈ চোফাখনত বহি আছে৷বগা মুখখনত দুই তিনি দিনৰ নুখুৰুৱাকৈ ৰখা ডাড়িখিনিৰে বেচ ম্যানলি লাগিছে৷লেপটপৰ কি বৰ্ডত আঙুলি বুলাই থাকিয়েই চিঞৰি ক’লে
-এক চেকেণ্ড মেঘা৷মই অকমান ইনবক্সটো চেক কৰি লওঁ ৰবা৷
পিচফালে নোচোৱাকৈয়ে মেঘাই ক’লে
-শল্য ,তুমি বৰ্তমান ক’ত আছা?
কি বৰ্ডৰ পৰা মুৰ নোতোলাকৈয়ে কৈ গ'ল
-কিয়,এতিয়া মোৰ কোনো দায় নাই দায়িত্ব নাই৷মই য’তেই মন যায় ত’তেই থাকিব পাৰোঁ৷কব পৰা বৰ্তমান মই সম্পূৰ্ণ ফ্ৰী৷
-ড্ৰিংকচ্ কমাইছা নে?
-ক’তনো পাৰিছোঁ৷
-তেনেহলে কিয় আহিছা ইমান দিনৰ পিচত?মই মাতিছোঁ বুলিয়েই নে?
-তেনেকুৱাই বুলি ভাবিব পাৰা৷আচলতে তোমাক এবাৰ দেখা পোৱাৰ লোভ এৰিব নোৱাৰি বুলিও ভাবিব পাৰা৷এগৰাকী ছোৱালীৰ সৈতে দুৰত্ব তৈয়াৰ হলেহে সম্পূৰ্ণকৈ তেওঁৰ বিষয়ে জানিব পাৰি৷মানে বিচ্ছেদ হ'লে। বিয়াৰ সময়তটো চিনি পোৱা মুঠেই সম্ভৱ নহয়৷সেই সময়ত প্ৰায়েই ভুল ধাৰণা এটাহে লৈ থকা হয়৷যাৰ বিনিময়ত গোটেই জীৱন মাচুল পৰিশোধ কৰি থাকিব লগা হয়৷তাৰ ওপৰিও আপ্তিকোটো বহুতদিনেই দেখা নাই৷মাত্ৰ তাই হোষ্টেলত থাকে বুলিহে জানো৷
-চোৱা
ঘুৰি চাই কিবা কবলৈ গৈ ৰৈ গ'ল মেঘা৷তেতিয়া হে দেখিলে তাই শল্য আহি তাইৰ ঠিক পিচফালে ৰৈ আছে৷
মেঘাৰ হাতত মাছৰ তেজৰে লুতুৰিপুতুৰি হৈ থকা চুকা ছুৰীখন৷
বৰষুণ ৰখি গৈছিল আৰু সেই সময়তে বাহিৰৰ কৰিডৰত জোটাৰ আৱাজ শুনা গ'ল৷তাৰ পিছত কাষৰ ফ্লেটৰ দুৱাৰ খোলাৰ শব্দ৷লগেলগে ভাহি আহিল হিন্দী চিনেমাৰ আইটেম সং৷কোনোবাই জোৰত মিউজিক চলাই দিছে ৷
কোনেও আৰু একো নকৈ, দুইজনেই চুপ হৈ থাকিল৷শল্যই কিছু সময় অভেনত উতলি থকা পানীখিনিলৈ চাই থাকি লাহেকৈ গেচৰ নবটো ঘুৰাই জুইখিনি বঢ়াই দিলে৷
-হাৰে কি কৰিছা !সেই একেই ধৰণে থাকি গলা নহয়৷
মেঘাই খৰ ধৰকৈ গেচটো নুমুৱাই দিলে৷
হাঁহি হাঁহি সুধিলে শল্যই
-কি ৰান্ধিছা?
-মাছ৷
-কি মাছ?নিশ্চয় পমফ্ৰেট মাছ নহয়?
-হয়,পমফ্ৰেটই৷
-কিমান দিন যে পমফ্ৰেট মাছ খোৱা নাই৷
মেঘাৰ বগা বুকুৰ মাজত উলমি আছিল এটা লকেট৷শল্যই একেথৰে লকেটটোলৈ চাই থাকিল৷
মেঘাই লাহেকৈ হাউস কোটৰ কলাৰেৰে নেকলাইন ডাল ধাকি দিলে৷ককালৰ আটি বন্ধা ফিটাডাল অলপ ধিলা কৰি দিলে তাই৷
মানুহজনে একেবাৰে সহজ ভাবে কলে
-তাৰপিচত ৷হাউজ লাইফ?
মেঘাই মিচিকিয়াই হাঁহি লে
-কেনে দেখিছা?
-চাইছো তাকে এই কেইবছৰত তুমি কিমান বদলি হ’লা৷
ৰাস্তাৰ পৰা অস্পষ্ট গাড়ীৰ শব্দ ভাহি আহিছে৷মাজেমাজে কোনোবা গাড়ীয়ে প্ৰচণ্ড বেগত পাৰহৈ যোৱা শব্দ ৷মানুহজন মেঘাৰ একেবাৰে কাষ চাপি আহিল৷মেঘা যেন কপি উঠিল৷এইযেন মানুহজনে তাইক ধৰি পেলাব৷
পৰিবেশটো সহজ কৰিবলৈ মেঘাই কলে
-এতিয়া ক’ত আছা ,শল্য?
-কিয় প্ৰথমৰ পৰাইটো পুণেত৷
অলপ সময় চুপ হৈ থাকি পুনৰ কলে
-বিয়া কৰিলা নিশ্চয়?
-ক’তনো বিয়া পতা হ'ল৷সেইবোৰ বহুত প্ৰবলেম বচ্৷
ঠিক সেই সময়তে ড্ৰেচিং টেবুলৰ ওপৰত থকা মেঘাৰ ফোনটো বাজি উঠিল৷ড্ৰেচিং টেবুলত বিভিন্ন ধৰনৰ কচমেটিকচ থৰেথৰে সজাই থোৱা আছে৷বিভিন্ন পাৰফিউম,হেয়াৰ ৰিমুভাৰ,স্প্যাচুলা,ন্যাপকিনৰ মুখ ফলা বাকচ৷কিচেনৰ পৰা খৰখেদাকৈ আহি ফোনটো ধৰিব বিচাৰিলে৷কিন্ত আহি পায় মানে ৰিং হৈ হৈ বন্ধ হৈ গ'ল৷
শল্যই এইবাৰ দেৱালৰ কেলেণ্ডাৰখনলৈ চাই কৈ উঠিল
-আৰে কেলেণ্ডাৰখনত কালিৰ  পৃষ্ঠাই ওলাই আছে যে?আজিটো এঘাৰ হ'ল৷এঘাৰ এপ্ৰিল৷মনত আছেটো ১৯৫৪ চনৰ ১১ এপ্ৰিল ইতিহাসৰ আটাইতকৈ বৰিং দিন৷গোটেই পৃথিৱীক কব পৰাকৈ সেইদিনা একোৱেই খবৰ নাছিল৷আনকি বি বি চি ৰেডিঅটোৱেও সেইদিনা একো খবৰ নাই বুলি ব্ৰডকাষ্ট কৰিছিল৷মেঘাই মিচিকিয়াই হাঁহে আৰু কেলেণ্ডাৰখনৰ সেইটো পৃষ্ঠা ফালি খিৰিকীৰে বৰষুণৰ পানীলৈ দলিয়াই পেলাই দিয়ে ৷
   মেঘাৰ মনত পৰে তাই  দোকানে দোকানে ঘুৰি শপিং কৰি ফুৰিবলৈ ভালপাইছিল৷আদ্দা মাৰিবলৈ আৰু ৰেডিঅত অনৰ্গল কথা কবলৈ৷আনহাতে শল্যই ৰেস্তোৰাই ৰেস্তোৰাই কন্টিনেন্টেল খাই ভাল পায়৷আনহাতে মেঘাই ঘৰতে নিজে ৰান্ধি খাবলৈ আৰু খুৱাবলৈ ভালপায়৷শল্যই ফুটবল খেল চাই ভাল পাইছিল৷ফিফা ৱৰ্ল্ড কাপৰ সময় আহিলে একমাহ কামৰ পৰা ছুটি লৈ টিভিৰ আগত বহি সময় কটাইছিল৷ৰাতি ৰাতি টোপনি ক্ষতি কৰি খেল চাই থকা শল্যলৈ খঙ উঠি আপ্তিকলৈ সল্ট লেকৰ দেউতাকৰ ঘৰলৈ গুচি গৈছিল মেঘা৷আৰু স্পেইন ফাইনেল জিকাৰ পিছত আকৌ ঘুৰি আহিছিল ৷
শল্যই কৈছিল
-ৱাৰ্ল্ড কাপৰ সময়ত তুমি আপ্তিকলৈ যেতিয়াই তোমাৰ মাৰ ওচৰলৈ গুচি গৈছিলা তেতিয়াই মই বুজি পাইছিলো তোমাৰ সৈতে গোটেই জীৱন কটোৱা অসম্ভৱ৷সম্পৰ্কবোৰ ফচলৰ দৰে তাক সদায় সাৰ পানী দি ৰক্ষা কৰাৰ দৰকাৰ৷
মেঘাৰ চেলফোন পুনৰ বাজি উঠিল৷এবাৰ চাই ফোনটো কাটি দিলে তাই৷
-প্ৰথমবাৰ তোমাৰ ঘৰলৈ মই তোমাৰ কাৰণেই গৈছিলো৷তোমাৰ দেউতাৰ ওচৰত ফিজিক্স শিকাটো এক বাহানা আছিল৷
-মায়ে তোমাক খুব পচণ্ড কৰিছিল৷
-অকল তোমাৰ মায়েই নে?তোমালোকৰ ঘৰৰ কুকুৰটো,কি যেন নাম আছিল?
-লাইকা
-হয় হয় লাইকা৷মোক দেখা পালেই শুঙি শুঙি অস্হিৰ হৈ পৰে আৰু কেতিয়াবা আনন্দৰ হুংকাৰ৷
-জানা লাইকা হেৰাই গ’ল৷এদিন ঘৰৰ পৰা ওলাই গৈ আৰু ঘৰলৈ ঘুৰি নাহিল৷
-হয় নেকি?ঠিকেইটো কুকুৰটো মানুহ নহয় যে হেৰাই গৈও আকৌ ঘুৰি আহিব৷
বিয়া ভাঙি যোৱাৰ পিচত শল্যই কোনো ধৰণৰ বাক বিতণ্ডা কৰা নাছিল আনকি আপ্তিৰ কাষ্টডিও বিচৰা নাছিল৷মেঘাই চাৰে তিনিবছৰীয়া আপ্তিক কাৰ্চিয়াঙৰ হোষ্টেললৈ পঠিয়াই দিছিল৷চাকৰি আৰু সন্তান দুইটাকে সম্ভালিবলৈ মেঘাৰ পক্ষে সম্ভৱ নাছিল৷
অহাৰ পৰা তেতিয়া লৈকে শল্যই এটাও চিগাৰেট নজ্বলোৱা দেখি আচৰিত হৈছিল মেঘাই
-কি কথা!চিগাৰেট খোৱা কি বন্ধ কৰি দিলা নেকি?
-হুম!এৰি দিলোঁ৷
মেঘাৰ মনত পৰিল তাহাঁতে যেতিয়া একেলগে আছিল তেতিয়া সদায়ে  এষ্ট্ৰেত চিগাৰেটৰ টুকুৰাৰে ভৰি আছিল৷আনকি চাহখোৱা কাপটোত চিগাৰেটৰ ছাঁই পেলাই শল্যই৷
শল্যই হঠাৎ কৈ উঠিল
-এদিন ৰেডিঅটোত এফ এম শুনি আছিলোঁ হঠাৎ তোমাৰ মাতটো শুনা যেন লাগিল৷প্ৰথমেটো ধৰিবই পৰা নাছিলো৷পিছত তোমাৰ নাম আৰু কথাকোৱাৰ ভংগীতে গম পালোঁ সেইয়া তুমিয়েই হয় মই চিওৰ৷
-মই আন ৰেডিঅ জকীৰ দৰে নহয়৷মেঘাই কলে৷
ইতিমধ্যে অভেনত পমফ্ৰেট মাছৰ ৰেচিপিটো বনাই শেষ হৈছিল৷শল্যৰ সন্মুখত বহি মেঘাই নখেৰে নেইলপলিছ এৰোৱাবলৈ ধৰিছিল৷
হঠাৎ মেঘাই সুধিছিল
-তুমিটো সন্ধ্যাই আহিম বুলি কৈছিলা৷দেৰি কৰিলা কিয়?
-নকবা আৰু,ৰেন্টেল কাৰৰ পৰা এখন চেন্ট্ৰ’ কাৰ ভাৰা কৰি নিজেই ড্ৰাইভ কৰি  তোমাৰ ওচৰলৈ আহিছিলোঁ৷হঠাৎ দেখিলোঁ,এজন পুলিচ সাৰ্জেন্ট মটৰচাইকেলেৰে ব্ৰিদালাইজাৰ টেস্ট কৰাৰ বাবে যন্ত্ৰলৈ মোৰ সন্মুখত হাজিৰ হ’লহি৷তেওঁৰ অভিযোগ মই মদ খাই গাড়ী চলাইছোঁ৷
মেঘা উদগ্ৰীৱ হৈ উঠিল
-তাৰ পিছত
শল্যই হাঁহি হাঁহি কলে
-বিশ্বাস কৰক অফিচাৰ,মই প্ৰায় আধাঘণ্টা ভিৰত ফচি আছিলোঁ৷সেই সময়ত কাষতে বিয়েৰ ভৰ্তি এখন প্ৰকাণ্ড ট্ৰাক ৰৈ আছিল ৷তাৰে গোন্ধ পাইছে চাগে আপুনি৷
মেঘাই শল্যৰ ৰসিকতাত ৰব নোৱাৰি হাঁহিবলৈ ধৰিলে ৷তাৰপাছত হঠাৎ গহীনহৈ মুৰটো তল কৰি  ক’লে
-মই যে এজনী হাৰ্টলেচ ওমেন সেই ভাব জগাই তুলিছিলা তুমি৷
-আৰু মই? এজন ইৰেচপণ্সিবেল হাজবেণ্ড৷
"এক হৃদয়হীন ডাইনী আৰু অবিবেচক ভুতৰ মাজত ভালপোৱা!"কৈ মেঘা হাঁহিত ফাটি পৰে৷
সেই সময়তে শল্যই আকৌ কয়
- তোমাৰ নতুন ফোন নম্বৰ মোৰ ওচৰত নাছিল৷আনহাতে তুমি আগৰ নম্বৰটোও এৰি দিছিলা৷সম্পৰ্ক নাথাকিলেও কেতিয়াবা মন গৈছিল তোমাক মেছেজ দিবলৈ৷ইন ফেক্ট পুৱাই  তোমাৰ ফোনটো পাই মই অবাকেই হৈছিলো৷প্ৰথমেটো ধৰিবই পৰা নাছিলো৷আগৰ তোমাৰ মাতৰ ঠাইত গহীন গম্ভীৰ মাতটো তোমাৰ বুলি বুজিবলৈ সময় লাগিছিল৷
-সেইবোৰ বাদ দিয়া ৷আচলতে কথাটো কি সেইয়া কোৱা৷হঠাৎ জৰুৰী তলব দিলা যে কথা কি কোৱা৷

মেঘাই একেধ্যানে শল্যলৈ চাই পঠিয়ালে ৷শল্যৰ খটৰ চুলিবোৰ লাহেলাহে পকিবলৈ ধৰিছে৷মেঘাৰ মনত পৰে "এইজন মানুহে এটা সময়ত পাৰ্টিত কি পিন্ধিব৷কোন ড্ৰেছৰ সৈতে কি অলংকাৰ পিন্ধিব বাচি দিছিল৷
  টেবুলত পৰি থকা আপ্তিৰ মিউজিকেল পুতলাটোলৈ তাঁৰবোৰত শল্যই আঙুলি বুলাই মন দি শুনি আছে৷কিছু সময় মৌন হৈ থাকি মেঘাই আৰম্ভ কৰিলে
-তোমাক এটা কথা কবলৈ ইমান দিনৰ বিৰতিৰ পিছত মাতি আনিছোঁ৷নাজানো তুমি কেনেদৰে লোৱা কথাবোৰ৷আপ্তিক বচাবলৈ হ'লে ইয়াৰ বাদে মোৰ কোনো উপায় নাই৷
-আপ্তি!আপ্তিৰ আক’ কি হ'ল?তাই কাৰ্চিয়াঙৰ হোষ্টেলত আছে নহয় জানো? অবাক হ'ল শল্য
-নহয়,আপ্তি এতিয়া কলকতাত৷মাৰ কাষত থৈ আহিছোঁ৷ট্ৰিটমেণ্ট চলি আছে৷এইবুলি কান্দোনত ভাগি পৰিল মেঘা৷
-কি হৈছে? হৈছে কি আপ্তিৰ?উদ্বিগ্ন হৈ পৰে শল্য৷৷বহুত দিনৰ পিচত সি মেঘাক স্পৰ্শ কৰিলে৷লাহেলাহে মেঘাৰ মুৰত হাত ফুৰাই দিলে৷
-কি কম তোমাক শল্য!আপ্তি চাগে আৰু নেবাচিব৷
-নেবাচে!কি কোৱা?
-হয় ৷বাচিবলৈ হ'লে তোমাৰ সাহায্য লাগিব৷একমাত্ৰ তুমিয়েই এই সহায় কৰিব পাৰা৷
-মোৰ সাহায্য!আৰ ইউ জকিং?
এইবাৰ মেঘাই চকু কেইটা ডাঙৰকৈ মেলি পৰম মমতাৰে চাই ৰয় শল্যলৈ৷
শল্য যিদিনা ঘৰ এৰি গুচি গৈছিল সেইদিনা মেঘাই চাউথ চিটি ম’লত গৈ অযথা কেইবা হাজাৰৰ ঘৰ সজোৱা বস্তু কিনি আনিছিল৷ধুনীয়া ধুনীয়া ৱাল হ্যেঙ্গিং ,ক্ৰিষ্টেল ফুলদানী আৰু অজস্ৰ ফুল৷সেইদিনা মেঘাই নতুন স্টাইলৰ ড্ৰেচ পিন্ধি গাত বিদেশী পাৰফিউম লগাই লৈছিল৷
শল্যই এইবাৰ লাহেকৈ ক’লে
-আপ্তিক খোব চাবলৈ মন গৈছে মেঘা৷
-আপ্তিক দেখিলে তুমি আচৰিত হবা শল্য৷হাঁহিলে হুবহু তুমি
-আপ্তিৰটো তিনি বছৰ হৈ গ'ল৷
-তিনি বছৰ সাত মাহ৷
-এইবাৰ কোৱা মই কি কৰি লাগিব?
প্ৰসঙ্গটো কেনেদৰে আৰম্ভ কৰিব শল্যৰ আগত মেঘাই কোনো ৱাহদিহ নাপায়৷কেনেকৈ চিধাকৈ কোনো ভুমিকা নোহোৱাকৈ কথাষাৰ কব৷
কিছু সময় দুয়ো মৌন হৈ থাকিল৷হঠাৎ মেঘা সোঁহাতৰ কব্জিত ধৰি পেলালে৷মেঘাৰ ফালে অলপ হাউলি পৰিল শল্য৷তাৰ পিছত সহজ ভংগীত সুধিলে
-কি হৈছে প্ৰাপ্তিৰ?
-কথা দিয়া তুমি সহায় কৰিবা?
-আগতে মই কি কৰিব লাগে তাকে কোৱা৷
মেঘাই কৰ পৰা আৰম্ভ কৰিব উৱাদিহ নাপাই নিজৰে বৰ অসহায় লাগে৷কোৱা উচিত হব নে শল্যক?
এইবাৰ শল্যই মেঘাৰ হাতখন এৰি টেবুলত ৰাখিলে৷টেবুলৰ ওপৰত নিৰবে পৰি থকা শল্যৰ হাতখনত তাই পিন্ধাই দিয়া আঙুঠিটো জিলিকি আছে৷ইমান সময়ে শল্যৰ হাতৰ পৰশত উমালহৈ থকা মেঘাৰ  হাতখন লাহেলাহে ঠাণ্ডা পৰি আহিছে৷হঠাৎ যেন উত্তাপ কমি গ'ল৷
মেঘাৰ অনুভৱ হ'ল শল্যৰ ওচৰত তাই তাগিদা দিবলৈ কোনো সমন্ধইটো বাচি থকা নাই৷ অথচ শল্যৰ বাদে এই দুৰাৱস্থাৰ পৰা কোনেও তাইক ৰক্ষা কৰিব নোৱাৰে৷
   স্মৃতিৰ ভীৰত মেঘা বিহ্বল হৈ পৰে৷শল্যৰ সৈতে সমন্ধ টিকাই ৰাখিবলৈ কিয়েই বা কৰা নাছিল তাই৷ আপ্তিৰ কাৰণেই কিমানদিন একেলগে থকাৰ আখৰা কৰিছে দুইটাই৷বিয়াখন বচাই ৰাখিবলৈ দুয়ো ম্যেৰেজ কাউণ্সিলাৰৰ ওচৰলৈও গৈছিল৷তথাপিও শেষ ৰক্ষা নহল৷নোৱাৰিলে তাহাঁতৰ বিয়াখন টিকাই ৰাখিব৷
 শল্যই কফি কাপত চুমুক দি লেপটপটোৰ স্ক্ৰীনত তীক্ষ্ণ চকুৰে কিবা নিৰিক্ষণ কৰি আছে৷হঠাৎ শল্য উঠি বাথৰুমৰ দিশত গ'ল৷অলপ পিচতে ফ্লাচটো টনাৰ শব্দ হ'ল৷মেঘাই দেখিলে শল্য বাথৰুমৰ পৰা ওলাই আহিছে ৷তিতি থকা চুলি কেইডালমান
 কপালৰ ওপৰত পৰি আছে৷
হঠাৎ নাটকীয় ভংগীত শল্যই কৈ উঠিল
-তুমি হয়তো শুনি সন্তুষ পাবা মেঘা ৷মই অলপ আগতেও কৈছোঁ৷আই এম ষ্টিল আনম্যাৰেড৷এইবাৰ কোৱা কি হৈছে আপ্তিৰ?
মেঘা আবেগত ভাগি পৰিল৷
-আপ্তিৰ লিউকোমিয়া ধৰা পৰিছে শল্য৷শ্বেতকণিকাৰ কেণ্সাৰ৷
-হুৱাট!চিঞৰি উঠে শল্যই
-হয় শল্য৷কোনো ঔষধৰে কাম নোহোৱা হৈ আহিছে৷মোম্বাইলৈও নিছিলোঁ৷তাৰ অনক’লজিষ্টে কৈছে একমাত্ৰ স্টেম চেল থেৰাপিতহে একমাত্ৰ আপ্তি সুস্থ হৈ উঠাৰ সম্ভাৱনা আছে৷ডাক্তৰে কৈছে  আপ্তিৰ দেহৰ আমবিলিকেল কৰ্ডৰ পৰা ব্লাড চেল প্ৰতিস্হাপনৰ দ্বাৰাহে তাইক বচাব পৰা যাব৷
-মানে? উৎকণ্ঠাৰে সৈতে শল্যই সুধিলে৷
 তেতিয়াই মেঘাৰ মনত পৰিল,তাহাঁতৰ বিচ্ছেদৰ আগতে যেতিয়া তাই মাকৰ ঘৰত থাকিবলৈ লৈছিল তেতিয়াই এদিন শল্যই তাইক ফোন কৰি মাতি পঠিয়াইছিল৷সদায় সুধাৰ দৰে সুধিছিল সি
-কেনে আছা মেঘা?
বৰ্ষণ মুখৰ এটা দিনত সিহঁতে নুৰপুৰৰ কাষেৰে যোৱা গঙ্গাৰ পাৰত লগ হৈছিল৷গাঁৱৰ চাহৰ দোকান এখনত গৈ দুইটাই গৈ বহিছিলগৈ৷বাঁহৰ দীঘলীয়া বেঞ্চত বহি ইলিছ মাছৰ ফ্ৰাইৰ সৈতে চাহ খাইছিল৷দুইটাই সেইদিনা মন পুৰাই তিতিছিল৷নাৱত উঠি বহুদুৰ গৈছিল৷সন্ধ্যা আকৌ নিজৰ নিজৰ বাসস্থানলৈ ঘুৰি গৈছিল দুইটাই৷গোটেই দিনটো একেলগে কটোৱাৰ পিচতো শল্যই এবাৰো মেঘাক কোৱা নাছিল "মেঘা ডিভৰ্চৰ কাগজখন ফালি পেলোৱা৷মেঘাইও বিচৰা নাছিল তাহাঁতে আকৌ একেলগে থকা আৰম্ভ কৰক৷
  ডিভৰ্চ নটিচ পোৱাৰ পিচতো কোনো দিনেই মেঘাই কাৰো আগতে শল্যৰ বিষয়ে বেয়াকৈ কোৱা নাই৷শল্যৰ সমন্ধে কোনো আজেবাজে কথা কোৱা নাই ৷মাথোঁ চেল ফোনৰ পৰা শল্যৰ সকলো মেছেজ আৰু ফটো মোহাৰি পেলাইছিল তাই৷অতীতক পাহৰিবলৈ কোনো সমন্ধতে তাই আকৌ নিজকে জড়িত নকৰিলে৷যোৱা কিছু মাহৰ পৰা  শল্যৰ ফোনটোও ৰিচিভ কৰিবলৈ এৰি দিছিল৷শেষত নিজৰ চিম কাৰ্ড সলাই পেলাইছিল মেঘাই৷
  এতিয়াও মেঘাই তাহাঁতৰ  ডিভৰ্চৰ সঠিক কাৰণনো কি ওলিয়াব নোৱাৰে৷শল্যই বিচাৰিছিল তাৰ জীৱনসঙ্গীয়ে তাৰ বাবে নিজকে সলাই পেলাওক৷বিচাৰিছিল তাহাঁতৰ সপোন আৰু লক্ষ্য একেটাই হওঁক৷আৱেগিক হৈ দুই এবছৰ মেঘাইও মানি লৈছিল একমাত্ৰ শল্যৰ খাতিৰত৷কিন্ত শেষ পৰ্যন্ত শেষ ৰক্ষা নহল৷নোৱাৰিলে তাহাঁতৰ সমন্ধ জীয়াই ৰাখিব৷তাহাঁতে শেষত ডিভৰ্চৰ নটিচ জমা দিছিল কৰ্টত৷
  যোৱা ডেৰ বছৰ শল্য মেঘাৰ কাষত নাই৷দুইজনেই মিউচুৱেল চেপাৰেচনত আছে৷
হঠাৎ শল্যই কৈ পেলাই
-ৱৰ্লড কাপৰ সময়ত তুমি যেতিয়া আপ্তিকলৈ তোমাৰ মাৰ ওচৰলৈ গুচি গৈছিলা সেইদিনাই বুজিছিলো ,তোমাৰ সৈতে বৰ বেছিদিন থকা নহব৷জীৱনটো তাৰ পিছতে বহুত তোলপাৰ হৈ গ'ল এই কেইমাহত৷
  এই মুহূৰ্তত কিয় জানো মেঘাৰ শল্যলৈ কাৰণ বিহীন ভাবে এক টান অনুভৱ কৰিলে৷কেনেকৈ  কব তাই এক বছৰৰ ভিতৰতে আপ্তিৰ এটা ভায়েক বা ভনীয়েক এটা লাগে৷নহলে যে আপ্তিক কোনো পধ্যেই বচাব পৰা নাযাব৷তাহাঁতৰ সন্তানক এই দুৰাৰোগ্য বেমাৰৰ পৰা বচাবলৈ শল্যৰযে অতি প্ৰয়োজন৷কিন্ত কেনেকৈ অশোভনীয় প্ৰস্তাৱ দিব শল্যক৷শল্য ৰাজি হবনে?যদি শল্যই প্ৰস্তাৱ মানি নলয় তেন্তে লাহেলাহে আপ্তি এদিন মৃত্যুৰ কোলাত শুই পৰিব৷
  মেঘাৰ আজি নিজৰে খুব দুখি অনুভৱ হৈছে অলপ যদি এৰাধৰা কৰিলেহেঁতেন তাহাঁতৰ সম্পৰ্ক অন্ততঃ জী থাকিল হেতেন৷স্বামী স্ত্ৰীৰ সম্পৰ্কবোৰ উঠা নমা খলাবমা থাকিবৈ তাকে সকলোবোৰ মানি আগুৱাই যোৱাটোহে বুদ্ধিমানৰ কাম৷মাথা ঠাণ্ডা কৰি সিদ্ধান্ত লোৱা হেতেন তাহাঁতৰ সম্পৰ্কই আজিৰ অৱস্থা নাপালে হেতেন৷বাক বিতণ্ডা আৰম্ভ হৈছিল শল্যৰ ফোনলৈ অহা মেইল আৰু এচ এম এচ পঢ়াক লৈ৷মেঘাইও ইমান দ কৈ নাভাবিয়েই শল্যৰ ফোনৰ মেইল আৰু এচ এম এচ পঢ়িছিল৷শল্যই সেইদিনা সেইবোৰ কথা চিৰিয়াছলি নলবওঁটো পাৰিলে হয়৷উদাসীন হৈ দেখুৱাব পাৰিলেহেঁতেন শল্যই বা ব্যক্তিগত মেছেজবোৰ তাইক সুধিও দিব পাৰিলে হয়৷কিন্ত সেইবোৰ একো নকৰি শল্যই কৈছিল
-বিয়া কৰালোঁ বুলি মোৰ কোনো প্ৰাইভেট স্পেচ নাথাকিব নেকি?সেই কথা শুনি মেঘাই তাক ভুল বুজিবলৈ আৰম্ভ কৰিছিল৷শল্যৰ তাইৰ আগত কিবা এটা লুকুৱাব বিচাৰিছে যেন লাগিল তাইৰ৷আজি আপ্তিৰ এই ভয়ংকৰ অসুখে শল্যৰ ওচৰত তাইক সেও কৰিলে৷হাৰি গ'ল তাই বেয়াকৈ শল্যৰ ওচৰত৷আজিও আপ্তিক বচাবলৈ সম্পূৰ্ণ ক্ৰেডিট শল্যই লব৷আপ্তিৰ কাষ্টডিৰ বাবেও কোনোদিনেই হুলস্থূল নকৰিলে শল্যই৷অথচ অফিচৰ পৰা এসময়ত আপ্তিক একোলা লবলৈকে দৌৰি আহি ঘৰ পাইছিলহি শল্য৷
  শল্যক কোনো দিন জ্বৰত পৰি থকা বা খুক খুককৈ কাঁহ মৰা কোনো দিনেই শুনা নাছিল তাই৷কোনো দিন শুনা নাই মুৰৰ বিষৰ কথা৷অথচ শল্যৰে জীয়েকৰে  লিউকোমিয়া৷
. মেঘাই মনেমনে সজাই পৰাই লৈছিল শল্যক কেনেকৈ কথাবোৰ কব৷তাইৰ জীৱন শূন্যতাৰে ভৰা সেই কথা জানো শল্যই বিশ্বাস কৰিব?মানি লব নে শল্যই৷ এইবুলি নাভাবেটো তাৰ সৈতে সান্নিধ্যলৈ আহিব বিচাৰিছে বুলি৷যি ভাবে ভাবক, আজি তাই কবই লাগিব শল্যক  আপ্তিৰ এজনী ভনীয়েক বা ভায়েক এটা লাগে বুলি৷নহলে যে আপ্তিক বচোৱা নাযাব৷শল্যৰ সহায়ৰ হাতৰ যে অতি প্ৰয়োজন এতিয়া৷শেষ পৰ্যন্ত শল্যই মানি লব নে?
 ভাবিভাবি শেষত লাহেকৈ কবলৈ আৰম্ভ কৰিলে মেঘাই
-আপ্তি নিশ্চয়কৈ ভাল হৈ উঠিব শল্য৷যদিহে তাইৰ নিজৰ ভাই বা ভনী এজনীৰ শৰীৰৰ পৰা বা সদ্যোজাত শিশুৰ মাতৃনাড়ীৰ পৰা ওম্বিলিকেল কোষ ৰ পৰা ট্ৰাণ্সপ্লাণ্ট কৰিব পাৰি তেতিয়া৷
উচাপ খাই উঠে শল্য
-কি কৈছা এইবোৰ মেঘা৷এইটো কেনেকৈ সম্ভৱ হব পাৰে?
মুৰটো তললৈ কৰি থাকিয়েই মেঘাই ক’লে
-ফৰগিভ মি শল্য৷নহলে যে আপ্তিক ঘুৰাই নাপাম৷
কান্দোনত ভাঙি পৰি মেঘাই পুনৰ কলে
-আপ্তি কেতিয়াও নেবাচিব শল্য৷তাই যে মৰি যাব৷কিবা এটা কৰা শল্য কিবা এটা কৰা৷
শল্যক বৰ বিহ্বল হোৱা যেন লাগিল৷কি কব সি?মেঘাই উৎকণ্ঠা, বিহ্বল,উদ্বিগ্ন শল্যক দেখি আবেগত উটি ভাহি গ'ল ৷
শল্য এতিয়াও চুপ৷
-কি ভাবিলা শল্য৷আমাৰ এতিয়াও বিবাহ বিচ্ছেদ হোৱা নাই চেপাৰেচনত হে আছোঁ৷কোনেও বুজি নাপাব৷তোমাৰ অলপ সহায় হলেই আপ্তি বাচি যাব৷তোমাৰ পৰা আপ্তিৰ প্ৰাণ ভিক্ষা বিচাৰিছো৷
মেঘাৰ এটা এটা ঘটনা মনলৈ আহিবলৈ ধৰিলে৷মনত পৰিল তাহাঁতে ইটোৱেসিটোৰ সৈতে নিবিড় হৈ পৰা মুহূৰ্তবোৰৰ কথা৷শল্যৰ ফেন্টাচীবোৰৰ কথা৷তাহাঁতৰ চেপাৰেচনৰ সময়ত শল্যই বিচাৰিছিল ডিভৰ্চৰ এপ্লাই মেঘাই কৰক,তাৰ চৰিত্ৰৰ নিৰ্দয়তাৰ বিষয়ে উত্থাপন কৰিলেই সহজে মেঘাই ডিভৰ্চ পাব৷মেঘাইও আশা কৰিছিল শল্যই তাইৰ বিৰুদ্ধে কিবা অভিযোগ কৰক৷কাৰণ যিহেতু তাই ৰেডিঅ জকী৷ৰাতি বিয়লি যেতিয়াই তেতিয়াই ঘৰৰ বাহিৰ হব লাগে৷গতিকে তাইৰ বিৰুদ্ধে কলেই জজচাহাবে সহজে মানিব৷
  মেঘাই মনত পেলাবলৈ যত্ন কৰিলে কি দৰে তাই শল্যৰ দৰে এলেহুৱা,আত্মতৃপ্তিত মগন,উদাসীন মানুহ এটাৰ লগত জীৱন কটাবলৈ গৈ বিৰক্ত হৈ পৰিছিল৷কেনেকৈ বেবী ফুড আনিবলৈ পঠিওৱা শল্যই ৰাতি এঘাৰ বজাত মস্ত টেডি বিয়েৰ এটা লৈ ঘৰ সোমাইছিলহি৷
 চুপ হৈ থকা শল্যলৈ চাই অস্থিৰহৈ পৰিছিল মেঘা৷কি আচৰিত মানুহ নিজৰ সন্তানৰ জীৱনৰ কথা ভাবিও মেঘাৰ অশোভনীয় প্ৰস্তাৱ মানি লব পৰা নাই৷মেঘাৰ এনে লাগিল তাই যেন কব "শল্য ,মাত্ৰ এটা ৰাতি মোক উপহাৰ দিয়া আপ্তিৰ কাৰণে মাথোঁ"
এইবাৰ লাহেলাহে শল্যই কবলৈ আৰম্ভ কৰিলে৷
-মইও আপ্তিক জীয়াই ৰাখিব বিচাৰোঁ মেঘা৷কিন্ত তোমাৰ প্ৰস্তাৱ মানি লোৱা যে মোৰ পক্ষে সম্ভৱ নহয়৷
-তেন্তে তুমি কেনেকৈ বচোৱাৰ কথা ভাবিছা আপ্তিক৷মেঘাৰ কণ্ঠস্বৰত উষ্মা ভৰা৷
শল্যই লেপটপটোৰ মনিটৰত তীক্ষ্ণ দৃষ্টি নিক্ষেপ কৰি থাকিয়েই কৈ গ'ল
-তুমি বা বিশ্বাস কৰিবা নে নাই নাজানো মেঘা,মোৰ কেণ্সাৰ হৈছে৷কেণ্সাৰ অফ দা টেষ্টিচ৷মোৰ পক্ষে যে একো কৰাই সম্ভৱ নহয়৷যোৱা মাহতে অপাৰেচন হৈ গ'ল৷কিবা এটা কৰিবলৈ কিছুদিন অপেক্ষা কৰিব লাগিব৷অন্তত সাত আাঠ মাহ৷অনক’লজিষ্টে সাৱধান কৰি দিছে৷
শল্যৰ কথা শুনি মেঘাৰ ভাব হ'ল এই যেন জজ চাহাবে চচমাৰ কাঁচ মোহাৰি মোহাৰি প্ৰাণদণ্ডৰ আদেশ দিলে৷আপ্তিৰ মুখখনলৈ মনত পৰিল৷সজোৰে যেন চেপি ৰখা কান্দোনটো ওলাই আহিব৷
  মেঘাক মিছা কথা কেইটা খুব সাৱধানে ক’লে৷টেষ্টিকেলৰ টিউমাৰ হৈছে শল্যৰ আৰু অপাৰেচন কৰি বাদ দিয়া হৈছে অণ্ডকোষ৷হীনমন্যতাত ভুগিছিল সি৷ তাইক তাৰ অপাৰগতাৰ কথা কেনেকৈ কব!কেনেকৈ কব তাৰ ইৰেক্টাইল প্ৰবলেমৰ কথা মেঘাক৷
মেঘাক খুব অসহায় দেখা গ'ল৷নখৰ পৰা নেইলপলিছ খুচৰি এৰোৱাই নিজৰ আৱেগখিনি ধাকিবলৈ যত্ন কৰিছে৷
-কিন্তু এটা উপায় আছে৷অপাৰেচনৰ আগত মোৰ স্পাৰ্মৰ চেম্পল হাস্পতালে কালেক্ট কৰি ৰাখিছিল৷সেই ফ্ৰজেন স্পাৰ্ম আৰ্টিফিচিয়্ল ইনচেমিনেচন কৰি তোমাৰ সন্তান জন্মাব পৰা যাব৷মুহূৰ্ততে তুমি প্ৰেগনেণ্ট হব পাৰিবা৷মোক আৰু প্ৰয়োজনেই নহব৷এই বিষয়ে মই তোমাক সহায় কৰিব পাৰোঁ৷হাস্পতালৰ সৈতে কথা হম মই৷ডন্ট ৱৰি৷
   এটা শনিবাৰে আপ্তিক দেখা কৰি ফ্লেটলৈ ঘুৰি আহিছিল মেঘা৷সেইটো সময়তে তাইৰ চেল ফোনটোত ৰিংটন বাজি উঠে৷শল্যৰ ফোন৷মেঘা উৎফুল্লিত হৈ উঠে৷
-হেল্ল কোৱা৷
ইংৰাজীতে কোৱা এগৰাকী মহিলাৰ কণ্ঠস্বৰ ভাহি আহিল৷
-আপুনি কি মেঘা মজুমদাৰে কৈছে?আপুনি মোক চিনি নাপাব৷মোৰ নাম সাৰিকা পাৰেশ৷আপোনাৰ এক্স হাজবেণ্ড শল্য মজুমদাৰ কালি ৰাতি এক গাড়ীৰ এক্সিডেণ্টত মৃত্যু হৈছে৷সেই গাড়ীত মইও আছিলো ৷তেখেতে মৃত্যুৰ আগতে আপোনাক এজন ডাক্তৰৰ সৈতে দেখা কৰিবলৈ কৈ গৈছে৷ডাক্তৰজনৰ নাম সুবিমল ৰায় চৌধুৰী৷
মহিলা গৰাকীয়ে চৰকাৰী হাস্পতালৰ নামটোও ক’লে৷মেঘাই কি উত্তৰ দিব ?কথাকোৱাৰ সকলো শক্তি যেন হেৰাই গ'ল তাইৰ৷চিঞৰি কান্দিবলৈ মন গ'ল তাইৰ৷এই মুহূৰ্তত যেন শল্যৰ কাৰণে বহুত দিনৰ পিছত মায়া সোমাল৷আপ্তিৰ বিপদো যেন শল্যৰ তুলনাত নগণ্য৷
 পিচদিনা ৰাতিপুৱাই মেঘাই ডাক্তৰ ৰায়চৌধুৰীলৈ ফোন লগালে৷ফোনটো বজাৰ লগেলগে সিফালৰ পৰা এটা গুৰু গম্ভীৰ মাত ভাহি আহিল৷মেঘাই এক চেকেণ্ডৰ পলম নকৰি ক’লে
-মই শল্য মজুমদাৰৰ স্ত্ৰী৷কিছুদিন আগতে যাৰ টেষ্টিচৰ অপাৰেচন হৈছিল৷তেখেতৰ যোৱা কালি এটা গাড়ী এক্সিডেণ্টত মৃত্যু হ'ল৷শুনিলো তেখেতৰ স্পাৰ্ম আপোনালোকে কালেক্ট কৰি ৰাখিছে৷মই তেখেতৰ সন্তানৰ মাক হব বিচাৰোঁ৷আপুনি মোক সহায় কৰিবনে?
সিফালৰ পৰা ডাক্তৰ চৌধুৰীয়ে কৈ উঠিল
-ইট ইজ এ বল্ড ডিচিচন৷বাট আই এম ৰিয়েলী চৰি মিচেছ মজুমদাৰ৷আদালতৰ আদেশ নহলে স্পাৰ্ম হস্তান্তৰ মুঠেই সম্ভৱ নহব৷আপুনি কৰ্টৰ পৰা ফাষ্ট ক্লাছ মেজিষ্ট্ৰেটৰ এটা অৰ্ডাৰ আনিব লাগিব৷
এক নিমিষতে মেঘাৰ চাৰিওপিনে সকলো শূন্য হৈ পৰিল৷মুৰটো ৰিমঝিম কৰিবলৈ ধৰিলে,এনে লাগিল এই যেন তাই লুটি খাই পৰিব৷ লাগিল যেন পৃথিৱী বুলি যেন কতো একোৱেই নাই৷





ফাগুন

অসমত এতিয়া ফাগুনৰ বা বলিছে৷অসম সোমোৱাৰ লগেলগে চাৰিওপিনে ধুলি আৰু ধুলি৷তথাপি শিলাদিত্যই ভাল পায় এই ফাগুন৷ফাগুনত ফুলা পলাশ শিমলুৰ ফুলবোৰে তাক আজিও আনমনা কৰে৷এনেকুৱা ফাগুনতে তাৰ ফাল্গুনীক হাস্পতালৰ নাৰ্চ গৰাকীয়ে তাৰ হাতত তুলি দিছিলহি৷দেউতাকহোৱা গৰ্বৰে গৰ্বিত হৈ তাৰ কেনে অনুভৱ হৈছিল সি কাকো বুজাব নোৱাৰে ৷সেই অনুভৱ আজিও তাৰ বুকুত আলফুলে জীয়াই ৰাখিছে৷উচুপি উচুপি কান্দি থকা ফাল্গুনীক আলফুলে তাৰ বুকুত সাৱটি লওঁতেই উচুপনি বন্ধ হৈছিল কণমানিৰ৷কণমানি হাত কেইখন চুই চাইছিল সি সাৱধানে ভয়েভয়ে৷কেনেবাকৈ তাৰ খহটা হাতখনৰ পৰা কণমানিয়ে কিজানি দুখ পায়৷কণমানি ভৰি কেইটাত চুমা আঁকি দিছিল মৰমতে৷প্ৰতি মাহৰ এটা দিনত সি অসমলৈ আহিবলৈ আচুতীয়াকৈ ৰাখে৷
  ড্ৰাইভাৰজনক বাহিৰতে ৰবলৈ দি ডাঙৰ গেটখন খুলি সি বাগিচাৰ মাজেৰে যোৱা দীঘলীয়া বাটেৰে খোজকাঢ়ি আগবাঢ়ি গ’ল৷ দুৱাৰখনৰ ওচৰত থকা কলিংবেলটো বজাই পুনৰ ঘুৰি আহি বাগিচাৰ মাজত পাতিথোৱা দীঘল লোহাৰ বেঞ্চখনত বহিল৷এইখন গেটৰ সন্মুখতে তাৰ সমগ্ৰ অহংকাৰ, গৰ্ব ,স্বাভিমান,পদমৰ্য্যাদা গৌণ হৈ পৰে৷একমাত্ৰ ফাল্গুনীৰ বাবে৷তাৰ এধানিমান ফাল্গুনীৰ বাবে৷তাইৰ বাবে গোটেই মাহটোত কামৰ ব্যস্ততাৰ মাজতো উৎসাহিত হৈ থাকে৷তাৰ মন প্ৰাণ সমগ্ৰ সত্বাক আৱৰি আছে একমাত্ৰ এটা নামে সেইটো হৈছে ফাল্গুনী৷
  বাহিৰৰ বেঞ্চখনত বহি সি উচপিচাই থাকি ঘড়ীটোলৈ চালে৷পোন্ধৰ মিনিট পাৰ হোৱাৰ পিচতো কোনো ওলাই নাহিল ভিতৰৰ পৰা৷কি কৰিব সি ?এবাৰত খপকৈ উঠি আগবাঢ়ি গৈ বেলটোত হাত দি উভতি আহিল৷মনতে ভাবিলে সি ভিতৰত থকা মানুহবোৰক বিৰক্ত কৰা উচিত নহব ৷ উভতিল সি পুনৰ বেঞ্চখনত বহিবলৈ৷ঠিক তেনেকুৱাতে তাক পিচফালৰ পৰা দুখন হাতেৰে সাৱটি ধৰিলে৷মাত্ৰ এক লহমাৰ বাবে সি চক খাই উঠিল৷অলপ বিব্ৰতবোধ কৰিলে লগতে আবেগিকো হ'ল৷
-দেতা চৰী চৰী৷মোৰ দেৰি হৈ গ’ল৷
সম্বিত ঘুৰি আহিল৷
-ইটচ অকে ডিয়েৰ৷
-মানে আজি মোৰ পেটটো অলপ গৰবৰ৷তুমি আহোঁতে মই যাষ্ট পটিত বহিছিলোঁ৷লাজকুৰীয়া হাঁহি এটা মাৰি শিলাদিত্যৰ গাত লাগি বেঞ্চখনত বহিল৷
সি অলপ উৎকণ্ঠিত হৈ কৈ উঠিল
-মেডিচিন লৈছা নাই৷মোক কিয় নকলা অথনি ফোন কৰোঁতে৷মই অ আৰ এচ লৈ আনিলোঁ হেতেন৷
-দেতা চিন্তা কিয় কৰা ৷মাই অলৰেডি দিছে নহয় মেডিচিন৷অ আৰ এচো খালোঁ৷আচলতে কি জানা মায়ে কালি চিলি চিকেন বনাইছিল ৷মাৰ গাতো দুখ নাছিল৷মাক আচলতে মইয়ে……
শিলাদিত্যই ফাল্গুনীক মাজতে ৰখাই দি সুধিলে
-তোমাৰ পৰীক্ষাৰ প্ৰিপাৰেচন কেনে চলিছে?অংকটোত প্ৰগ্ৰেছ কৰিব পাৰিছা নে?
ফাল্গুনীয়েও বুজি পাই মাকে যেনেকৈ দেউতাকৰ কথা ওলালে কামৰ অজুহাতত আঁতৰি যায়৷ঠিক তেনেকৈ দেউতাকে শুনিব নিবিচাৰে মাকৰ কথা৷দুখ দিব অস্বস্তিত পেলাবলৈ তাইও নিবিচাৰে কিন্ত কি কৰিব তাই৷মাক দেউতাকক লৈয়েইটো তাইৰ পৃথিৱী৷আইতাক তাহাঁতৰ লগতেই থাকে যদিও তাইৰ আইতাকৰ কেতিয়াবা কিছুমান কথা দুৰ্বোধ্য যেন লাগে৷তাই বুজা নুবুজাৰ পৰাই দেখি আহিছে দেউতাক এনেকৈয়ে মাহটোৰ এটা দিনত আহে ৷তাহাঁত থকা ঘৰটোৰ বাৰাণ্ডাৰ বেঞ্চখনত আহি বহে৷তাইৰ সৈতে এঘণ্টা কটায়৷হাতত লৈ অহা বস্তুবোৰ তাইৰ কাষতে থৈ তাইৰ হাতখন ধৰি এঘন্টাত অজস্ৰ কথা পাতে তাৰ পিছতে ঘড়ীটোত এঘন্টা পাৰ হোৱাৰ লগেলগে যাবলৈ থিয় হয়৷তাইও বুজে দেউতাকৰ মনটোৱে তাইক এৰি যাব নিবিচাৰে৷প্ৰতিদিনেই আবেগখিনিক ধাকি দেউতাক থিয় হয় আৰু তাইক আলফুলে সাৱটি কপালত এটি চুমা আঁকি দি পিচলৈ নোচোৱাকৈ এখুজ দুখুজিকৈ গেটখনৰ ফালে আগবাঢ়ে৷শিলাদিত্যইয়ো জানে পিচলৈ ঘুৰি চালে ফাল্গুনীৰ সন্মুখত ধৰা পৰি যাব৷কিন্ত শিলাদিত্যই যদি পিচলৈ ঘুৰি চালে হেতেন তেতিয়া নিশ্চয় দেখিলে হেতেন ফাল্গুনীৰ বেদনা ভৰা চকুহাল৷কি এক সন্ধিক্ষণত উলমি ৰ'ল দেউতাক আৰু জীয়েকৰ এই সমন্ধ৷যিখন হাতত ধৰি আজি  ফাল্গুনীয়ে নিৰাপদ অনুভৱ কৰিব লাগিছিল সেইখন হাতযে তাইৰ পৰা শত যোজন আঁতৰত৷যাৰ সৱল দুবাহুৰ নিৰাপত্তাৰ উমলৈ ফাল্গুনীয়ে ডাঙৰ হব লাগিছিল ,তেওঁ নিজৰ হৈয়ো সেই নিৰাপত্তা দিবলৈ কাষত নাই৷যাৰ সাফল্যতাত তাই পৃথিৱীৰ সন্মুখত গৰ্ব অনুভৱ কৰাৰ  অধিকাৰ আছিল সেই সময়ত তাই ঘৰৰ চাৰিবেৰৰ মাজত সোমাই মনেমনে গুগুল খুচৰি দেউতাকৰ সাফল্যত আনন্দত আত্মহাৰা হয়৷তাইৰ এই আনন্দৰ  ভাগ লবলৈ এই পৃথিৱীত যে কোনো নাই৷লগৰ বন্ধু বান্ধৱীৰ পৰা এইবিলাক কথা ওলাই বুলি এক দুৰত্ব বজাই ৰাখে তাই৷মাকৰ মুখলৈ চাই তাই বুজিবলৈ যত্ন কৰে মাকক৷কিন্ত মুখখন দেখিলে মনৰ ভিতৰত কি চলি আছে বুজাৰ সাধ্য নাই৷বুজিপোৱা হোৱাৰ পৰা প্ৰতিবাৰ দেউতাক আহোঁতে তাই মাকক মনেমনে অনুসৰণ কৰে৷মাকৰ মুখত দেউতাক অহা নহালৈ কোনো ধৰণৰ অভিব্যক্তি ফুটি নুঠে৷নিৰ্বিকাৰ মানৱী এজনী ফাল্গুনীৰ সন্মুখেৰে অহাযোৱা কৰি নিজৰ কৰ্তব্য
 কৰি যায়৷কেতিয়াবা তাইৰ জানিব মন যায়৷কবলৈ মন যায় মাকক
-তোমাক অন্তৰত দেউতাৰ বাবে তিলমানো অনুকম্পা জাগি নুঠে নে?কেনেকৈ দেউতাই ধপলিয়াই আহে তোমাৰ পদুলিলৈ অথচ এবাৰ ওলাই কেনে আছা বুলি সুধিবলৈ মন নাযায় নে?ইমান বাটকুৰি বাই অহা মানুহটোক এগিলাছ পিয়াহৰ পানী এটুপি দিবলৈ মন নাযায় নে?অচিনাকি এজনকোচোন ঘৰলৈ আহিলে কৰ পৰা আহিছে বুলি এষাৰ মাত দিয়া৷অথচ এইজন মানুহটো কেতিয়াবা তোমাৰ ভালপোৱা আছিল৷তেনে কি এনে অপৰাধ কৰিলে দেউতাই যে তোমাৰ অলপ দয়া সৰি নপৰে৷
  তাইক মাক দেউতাকৰ এই জটিল সমন্ধই কোনেও কব নোৱাৰাকৈয়ে তাইক বহুত ডাঙৰ কৰিলে৷যি সময়ত তাইৰ লগৰ ছোৱালীয়ে মাক দেউতাকৰ হাতত ধৰি ফুৰিবলৈ যায় পাৰ্ক বা চিৰিয়াখানাত৷সেই সময়ত মাকে তাইক চম্ভালি লৈ ফুৰে বজাৰ-হাট কৰি৷নহলে বা তাই কেলেণ্ডাৰখনত হিচাব কৰে দেউতাক কেতিয়া আহিব৷তাই কল্পনাৰ ৰাজ্যত বিচৰণ কৰে মাক দেউতাকৰ হাতত ধৰি পাৰ্কলৈ যোৱা৷তাইৰ দেউতাক আহি ঘুৰি যায় আৰু তাইৰ সপোনবোৰ সপোনহৈ ৰৈ যায়৷
  শিলাদিত্যৰ প্ৰতিবাৰেই গেটৰ বাহিৰহৈয়ে কৰবালৈ দৌৰি পলাই যাবলৈ মন যায়৷কৰবাত অকলশৰীয়াকৈ যেন চিঞৰি চিঞৰি কান্দিব৷নিজকে গালি পাৰিব যেন কিহৰ পৰা কি হৈ গ’ল৷আজিও কেনেকৈ মিতালী আৰু তাৰ সমন্ধই এনে ৰূপ ললে এক সাথঁৰৰ দৰেই লাগে৷বুজিবলৈ যত্ন কৰি কৰি সি বুজি উঠিব নোৱাৰে তাৰ ভুল ক’ত হ’ল৷নিজকে সুধে সি 'সি ইমানো নিষ্ঠুৰনে?' সি সকলো পাহৰি ফাল্গুনীৰ কাৰণে ,তাইৰ মুখলৈ চাইয়েইটো মিতালীক পুনৰ আকোঁৱালি লব পাৰে৷পাৰে সি কিয় নোৱাৰে!তাৰ চেকচনৰ ক’ত ডাঙৰ ডাঙৰ চলভ নোহোৱা প্ৰবলেম তাৰ হাতত সফলতাৰ মুখ দেখিছে৷সাধাৰণ এই ঘৰুৱা বাদানুবাদ সি শেষ কৰিব কিয় নোৱাৰিব৷কিন্ত সি জানো বিচাৰিলে হব৷মিতালীক কোনে বুজাব৷তাইচোন দিনৰ পিছত দিন এটা ডাঙৰ সাঁথৰহৈ গৈ আছে৷পাৰিব জানো আন্তৰিকতাহীন উত্তাপহীন এটা সমন্ধক আগুৱাই নিব?পাৰিবনে দুইটাই মৰমৰ উত্তাপেৰে ফাল্গুনীক নিৰাপত্তা দিব৷
শিলাদিত্যৰ আজি তাহাঁত তিনিওটাৰ মাজত যিডাল অদৃশ্য দুৰ্বল ৰচীৰে বান্ধি ৰাখিছে সেইডালেই যেন জটপকাই সকলোবোৰ সাঁথৰ কৰি পেলাইছে তেনে লাগিল৷অদৃষ্টক কোনোদিনেই বিশ্বাস নকৰা শিলাদিত্যই আজিৰ দিনটোত সকলোবোৰ অদৃষ্টৰ হাতত এৰি দিছে৷নিজৰ কথা বাদ দি মিতালী ফাল্গুনী দুইজনী  সুখী হোৱাৰ কামনা কৰিছে মনেপ্ৰাণে৷কাৰণ মাক সুখী হলেইটো ফাল্গুনী সুখী হব৷সি সুখী নহলেইবা৷নিজকে সম্ভালিবলৈ এই পৃথিৱীখনৰ ঘাত প্ৰতিঘাতবোৰে ইতিমধ্যে বহুত শিকাইছে তাক৷তাৰ বাবে আৰু কোনো অসুখী নহওক তাৰ কামনাৰে সি লক্ষ্যবিহীন ভাবে  জীৱনৰ বাটত আগুৱাই গৈ আছে আৰু গৈ থাকিব৷
বৰ্ণালী ফুকন
৮৬৩৮২৩৬২৩৭
  


হেৰাল মোৰ সপোন

"হেৰাল মোৰ সপোন" এটা নাম হব পাৰে নে ধৈ৷মনতে ভাবিলে ৰিপাই৷
ৰিপাব্লিকা নাৰ্জাৰী ৷লগৰবোৰে ইমান দীঘলীয়া নামটো মাতিবলৈ টান পাই কাটি বাচি ৰিপা থলে৷তাইও ৰিপাব্লিকা নামটো পাহৰিয়ে পেলাইছিল৷এম টেক কমপ্লিট কৰিব নোৱাৰিলে বেচেৰিয়ে৷এম টেকৰ দ্বিতীয় ষন্মাসিকৰ পৰীক্ষা  দি থাকোঁতেই দেউতাকৰ হঠাৎ  ষ্ট্ৰ’ক হোৱাৰ খবৰ পাই  পৰীক্ষালৈ যাবলৈ ওলোৱা ৰিপাই দৌৰাদৌৰিকৈ বাচ ষ্টেণ্ডলৈ ধাপলি মেলিছিল৷খুৰাকে খবৰ পঠিয়াইছিল তাইলৈ৷তাৰ পৰা চিধাই যোৰহাট অসামৰিক চিকিৎসালয়৷তাইলৈকে বাট চাই আছিল দেউতাক ৷পিয়াহ লাগিছে বুলি কলত চামুচখনতে পানী এচামুচ খোৱাই দিছিল৷পানীখিনি ডিঙি পাৰহৈ গৈ এটা অদ্ভুত শব্দ এটা হ'ল৷দেউতাকে চকুটো ধেলখুৱাই দিলে৷চিঞৰ বাখৰ লাগিল চাৰিওপিনে৷ডাক্তৰ নাৰ্ছ দৌৰি আহিল৷ঘৰৰ বাকী বোৰক কোৱা হৈছিলেই তৃতীয়টো এটেক আহিলে আৰু নাথাকিব৷তেওঁলোক সেইবাবেই সাজু আছিল৷এটা চেকেণ্ডৰ ভিতৰত দেউতাকক গোটেই মেচিনেৰ মাজত বান্ধি পেলোৱা হ'ল৷দেউতাকে সেই যে চকু মুদিলে মুদিলেই৷এসপ্তাহ তাই হাস্পতালৰ বাৰাণ্ডাত বহি থাকিল৷ৰাতিপুৱা মাত্ৰ প্ৰাতঃকৰ্ম্মখিনি কৰি গা ধুই ওচৰতে থকা কেন্টিন নামৰ চালি খনতে থিয়ৈ থিয়ৈ বন এটালৈ চাহ কাপেৰে গিলে৷তাৰ পিছত এবাৰ চকীত বহে এবাৰ থিয় হয় আকৌ গ্লাছেৰে ভিতৰলৈ উকিয়াই চাই৷কেতিয়াবা একেথৰে চাই উমান লব বিচাৰে দেউতাকে বাৰু লৰচৰ কৰিছে নেকি?দুপৰীয়া কেতিয়াবা ঘৰৰ পৰা পেহীয়েকে ৰুটি দি পঠিয়াই ৷অনিচ্ছাস্বত্বেও তাই তাকে খাই৷তাকো যেতিয়া পেহীয়েকে টিফিনটো পঠিয়াবলৈ হাস্পতাললৈ যোৱা মানুহ পায় সেইদিনা৷নহলে তাই আবেলিলৈকে চকীখনতে কলমটিয়াই কলমটিয়াই বহি থাকে৷গধুলীৰ আগে আগে ভোকত থাকিব নোৱাৰিলে আকৌ বন এটাই চাহকাপে খাইহি৷সেইকণ খাওঁতেও তাইৰ লৰালৰি কেনেবাকৈ তাই নাথাকোঁতে যদি দেউতাকৰ হুচ আহে৷এটেণ্ডেণ্ট নাথাকিলে হুৱাদুৱা লাগিব৷গতিকে এই কেইদিনমানহে দেউতাক ভাল হৈ গলেটো নেলাগেই কষ্ট কৰিব৷আৰু দেউতাকৰ কাৰণে তাই কিয়েইবা আজিলৈকে কৰিব পাৰিছে৷তাইক বিয়া দিয়াৰ আগতেই এম টেকটো কৰোৱাবলৈ মন আছিল দেউতাকৰ৷কিন্ত কি কৰিব তেওঁ৷সেইসময়তে ৰিপাৰ মাকৰ টান ৷ডাক্তৰে সময় বান্ধি দিছে আৰু মাত্ৰ কেইমাহমান৷কেণ্সাৰ বাঢ়ি গৈ হাওঁফাওঁত ধৰিছে৷তেওঁ নিজেও বুজি উঠিছিল কথাটো৷জীয়াই থাকোঁতে বিয়াখন চাই যাব বিচাৰিলে ছোৱালীজনীৰ৷দেউতাক সৈমান হোৱা নাছিল তাইক দিবলৈ৷তাই বুজাইছিল দেউতাকক ৷মাক তাৰ পিছত মাত্ৰ তিনিটা মাহ থাকিল৷আৰু ৰিপা স্বামীৰ ঘৰত ছয়মাহ৷স্বামীৰ যে আন কাৰোবাৰ সৈতে সমন্ধ আছে তাইক বিয়াৰ নিশাই কৈছিল৷তাই সমাজৰ ভয়ত,মাকৰ অসুখটোৰ ভয়ত ৰৈ গৈছিল দৰা বুলি কোৱা মানুহজনৰ ঘৰত৷তাৰ পিছতে মাক ধুকুৱাৰ আচিলালৈ তাইক থৈ যি গলহি তাইৰ দৰাজনে আৰু নিনিলে৷তাৰ পিছত কৰ্টলৈ নোযোৱাকৈয়ে মিউচুৱেলি চেপাৰেচনহৈ গৈছিল তাহাঁতৰ৷দেউতাকে মানি লোৱা নাছিল কথাটো৷তাই আকৌ বুজাইছিল দেউতাকক ৷অনাহুত হৈ কাৰোবাৰ জীৱনত ওলমি ৰোৱাৰ মানে নাই৷দেউতাক অৱশেষত মানি লৈ মৌন হৈ পৰিছিল৷এটা বছৰ লাগিল তাইৰ বিয়া নামৰ বিভিষিকাৰ পৰা ওলাই আহিবলৈ৷তাৰ পিছত চাকৰিৰ সন্ধান৷মনৰ পচণ্দৰ চাকৰি নাপাই দেউতাকৰ কথামতে এম টেকত এডমিচনটো লৈছিল৷
-আই চি ইউ বেড নং থ্ৰি এটেণ্ডেণ্টক ডাক্তৰে মাতিছে৷
হঠাৎ তাইৰ ভাবনাত যতি পৰে৷একেদৌৰে তাই আই চি ইউৰ দুৱাৰখনৰ কাষত থিয়হৈ ভিতৰলৈ উকিয়াই চালে৷দেউতাকৰ বিচনাখন খালীহৈ পৰি আছে৷অজান আশংকাত তাই কপি উঠিল৷পাহৰি তাই চেণ্ডেল নোখোলাকৈয়ে ভিতৰলৈ সোমাই গল৷বাহিৰৰ বিচনাখনতে কাৰোবাক শুৱাই থৈছে৷বগা বিচনা চাদৰেৰে মুৰৰ পৰা ভৰিলৈকে ধাকি ৰাখিছে৷এইবাৰ তাই দেউতাকৰ বিচনাৰ কাষলৈ খৰ খোজেৰে গৈ থিয় হ'ল৷কাষৰ ৰুগীজনৰ কিবা পৰীক্ষা কৰি আছে ডাক্তৰে৷
-মোক মাতিছিলে চাৰ
-হয়৷
তেওঁ তাৰ পৰা দুখুজ দুৱাৰৰ ফালে আগুৱাই গ’ল৷তাইয়ো লগেলগে গৈ থাকিল৷চকীখনত বহি সন্মুখৰ খনত তাইক বহিবলৈ দিলে৷
তাৰ পিচত শুনা নুশুনাকৈ ক’লে
-হি ইজ ন মৰ৷
তাইৰ বিকট চিঞৰ এটা মাৰি চকীৰপৰা পৰি যাবলৈ লওঁতেইই কাষতে থিয়হৈ থকা নাৰ্ছ গৰাকীয়ে ধৰি পেলালে৷লাহেলাহে তাই প্ৰকৃতস্হ হ'ল৷তাই দেউতাকৰ মুখখন চাবলৈ সাহস কৰিব পৰা নাই৷ধলংপলং খুজেৰে আই চি ইউৰ পৰা খুৰাকলৈ ফোন লগালে৷
-খুৰা নাই আৰু দেউতা৷সোনকালে আহক৷
ফোনৰ সিফালে খুৰাক মৌনহৈ যোৱা শুনি তাই ফোনটো লাহেকৈ কাটি দিলে৷
সেইদিনাৰ পৰা ৰিপাই সংগ্ৰাম কৰিছে৷দেউতাকৰ মুখাগ্নিয়ে তাইক ভিতৰি ভিতৰি টান হবলৈ শিকালে৷তাই ঘুৰি নগল এম টেক পঢ়িবলৈ৷তাৰ পিছত চাকৰিৰ অনুসন্ধানত তাই নামি পৰিল৷প্ৰথমে এটা কণ্ষ্ট্ৰাকচন কোম্পানীত এচিটেন্ট আৰ্কিটেক্ট ইঞ্জিনীয়াৰ হিচাবে৷লাহেলাহে ইটো কোম্পানীৰ পৰা সিটো কৰি কিছু কাম শিকি৷এতিয়া নিজৰ ববীয়াকৈ এখন কণ্ষ্ট্ৰাকচন ফাৰ্ম খুলি লৈছে তাই৷তাইৰ তলত এশ এম্প্লয়ীয়ে দিনে নিশাই কাম কৰি আছে৷নিজকে পাহৰি থাকিবলৈ  এনেকৈ কামত ব্যস্ত কৰি পেলাইছিল নিজক যে সময়বোৰ বছৰবোৰ কেনেকৈ বাগৰিছে গমেই নাপালে৷হঠাৎ লগৰ জয়িতাই তাইক বিচাৰি ওলিয়াইছিল৷তাইৰ সহযোগতে লগৰ বাকীবোৰক তাই আকৌ লগ পালে৷জয়িতাৰ পৰা শিকিলে কেনেকৈ ফেচবুক চলাব লাগে৷হুৱাটচ এপৰটো সৈতে নহলে নহয় বাবে তাই কামৰ সময়ত ব্যৱহাৰ কৰিছিল৷সেইবাবে ফেচবুকটো চলাবলৈ বিশেষ অসুবিধা নহল৷
দেউবাৰটোত একো কাম নাথাকে বাবে সেইটো দিন তাই নিজলৈ ৰাখে৷পুৱাই চাহ কাপলৈ বহিল তাই৷ডাটা খুলি দিয়াৰ লগেলগেই কিটিং কিটিংকৈ মেছেজ বক্সত মেছেজ সোমাব ধৰিলে৷ফেচবুকটো খোলাৰ পৰা তাইক এই মেছেজবোৰে বৰ আমনি দিয়ে৷আজি কিন্ত তাইৰ আমনি নালাগিল৷ফেচবুকটো খুলি কিয় জানো এটা বিশেষ নাম চাৰ্চ কৰি চাবলৈ মন গ’ল৷জয়িতাই শিকাইছিল কেনেকৈ চিনাকি মানুহবোৰক বিচাৰি চাব পাৰি ,কোনে কি কৰি আছে৷ওপৰৰ চাৰ্চ বাৰত মাৰিলে মুকুলানন্দ হাজৰিকা৷কেইবাজনো মুকুলানন্দ ওলাল৷হঠাৎ চকু ৰৈ গ’ল তাইৰ৷প্ৰফাইল ফটোখন দেখি ক্লিক কৰি অলপ দেৰি তভকমাৰি চাই ৰ'ল৷এগৰাকী মহিলাক বাউসীত ধৰি আছে৷বাকী ফটোবোৰ তাইৰ চাবলৈ মন নগল৷এতিয়াও কি মানুহটোলৈ টান থাকি গল নেকি? নিজকে সুধিলে তাই৷অথচ একোৱেইটো নাছিল তাহাঁতৰ মাজত৷অপমান কৰি খেদি দিয়াদি দিলে তাইক মানুহটোৱে৷অথচ বিয়াৰ আগতে তাইওটো সপোন দেখিছিল মানুহটোকলৈ৷তেওঁৰ বাৰু যি গৰাকীক ভাল পাওঁ বুলি কৈছিল তেওঁকেই বিয়া পাতিলে নেকি?তাইৰ কি ভুল আছিল৷আগতেই কথাষাৰ জনা হলে কেতিয়াও তাই বিয়াত নোসোমালেহেতেন৷
হেৰাল মোৰ সপোন বোলাটোৱে প্ৰথম দিনৰ পৰাই তাইক মুৰটো চোবাই আছে৷আজি এসপ্তাহে হাই হেল্লৰে ভৰাই থৈছে মেছেজ বক্স৷
তাই জয়িতাক কথাই কথাই কৈছিল কথাটো৷তাই খুব হাঁহিলে৷অ অ এনেকুৱা মক্কেল একোটা থাকেই এইবোৰত৷নিজকে আঁতৰাই  ৰাখিলেই হ'ল৷তাইও শলাগিছিল৷কিন্ত নামটোৱে আচৰিত কৰি ছিল তাইক৷হেৰাল মোৰ সপোন টাইপিং
আচৰিত ইমান দিনে ভাগৰি যে পৰা নাই৷কিটিং শব্দটোত তাই খুলি চালে মেছেজ বক্সটো
-ৰিপ্লাই কৰিবা কেতিয়াবা৷
কিবা এটা মায়া লাগিল তালৈ৷আয়ৌ দেহী বেচেৰা কি কাবৌ কৈ লিখিছে৷তাইও দিলে
-সুপ্ৰভাত
-হাই ৷কি কৰিছা ?লাণ্স কৰিলা৷
কথাখিনি দেখি খং এটা উঠি আহিল৷মনতে ভাবিলে অহ একেই পদুলিয়ে পদুলিয়ে ঘুৰি ফুৰা প্ৰজাতিৰ৷তথাপি নামটোৰ আকৰ্ষণতে ক’লে
-কওঁক৷
-ক’ত ঘৰ তোমাৰ?
-যোৰহাট
ভদ্ৰতাৰ খাটিৰত সুধিলে
-আপোনাৰ?
-গুৱাহাটী৷
গাৰ পৰা আঁতৰোৱাৰ উদ্দেশ্যে ক’লে
-আন্ধাৰৰ আৰালত নিজকে লুকুৱাই ৰাখে নেকি?
-ফেচবুকটো আঁৰ কাপোৰৰ মাজৰ হে৷সচাঁটো সকলোৱে লুকুৱাই থয়৷
-ভাৰ্চুৱেল জগতত সকলো অন্ধকাৰতে থাকে৷সকলো ছাঁয়াহে দেখিব৷আই এম ইউনিক৷
কি কব ভাবি নাপাই তাই অ বুলি কৈ থলে৷তাৰ পিচত লিখিলে
-সকলোৰে অন্ধকাৰ নহয়৷কিছুমানৰ খোলা কিতাপ ৷-কোৱা কথাহে খোলা কিতাপ৷বাস্তৱত নহয় কিন্ত৷তাৰ ভিতৰত মই অদ্বিতীয়
তাইৰ কিয়জানো জোকাবলৈ মন গল তাক
-অহ অদ্বিতীয়বোৰে মুখ লোকোৱাই ৰাখে?
-আমিহে ইউনিক৷আমি ৰিংকল নাধাকোঁ৷
-ধুনীয়া মানুহৰ কথাই সুকীয়া৷
-হয় নেকি?
-অসীমত যাৰ হেৰাল সীমাৰ ৰাইটাৰ কোন?
-মই বা আপুনি কোনো নহয়৷
খং উঠিবলৈ আৰম্ভ কৰিছিল ৰিপাৰ
-কাঞ্চন বৰুৱাৰ
-তেখেতৰ আচল নাম কি?
-এইটো বয়সত অলপ কথা পাহৰা হৈছোঁ৷
-মই এইবোৰ কিয় সুধিছোঁ জানে?
-নাজানোঁ
-ছদ্মনাম আক’৷নুবুজিলে?
-বুজিলোঁ
-এতিয়া কওঁক ৷প্ৰেমে সময় বুজে নে নুবুজে৷
-নুবুজে চাগে৷
-তেনে মই প্ৰেমত পৰিমেই চাগে৷মই বৰ প্ৰেমিক মানুহ৷
-কাৰ ?
-তোমাৰ আক’
-এই দুনিয়াত মানুহ বিচাৰি নাপালা?বাই ফৰ লাইফ৷
-ৰব না৷এনেকৈনো গুচি যায় নে কথা আধৰুৱা কৰি৷
-তুমি বয়সৰ সৈতে সংগতি ৰাখি কথা কোৱা নাই৷
-মই ভাল লাগিছে কাৰণেহে কৈছোঁ৷মইটো একো বেয়া ভাবিয়ে কোৱা নাই৷
তাৰপাছত তাই বাই বাই জনাই সেইদিনলৈ সামৰিলে৷তাই বিশেষ গুৰুত্ব নিদিয়া হ'ল৷কামৰ প্ৰেচাৰ কাঁহ জ্বৰ হৈ শৰীৰো গোলাঘটিয়া৷
   সেইদিনা গাটো ভাল তাইৰ৷হঠাৎ মেছেজ এটা ইনবক্সত সোমাল৷সেই একে সোপা মেছেজ প্ৰায় এশ জনে হাই,হেল্লো,কা কিক্ৰীছা দিছে৷
লাহে স্ক্ৰল কৰি তললৈ আহি থাকিল৷হেৰাল মোৰ সপোনৰ প্ৰায় ৬টা মান মেছেজ৷খুলিব নে  নুখুলিবকৈ ৰৈ গ’ল তাই৷নামটোৱেই বাৰেবাৰে বিচলিত কৰে তাইক৷তাইৰোটো একেই নাম হেৰাল মোৰ সপোন৷তাইৰোটো এতিয়া সপোন বুলিবলৈ একোৱেই নাই৷দেখা যাওক কি দিছে মনতে ভাবিলে তাই৷
-তোমাক নেপালে যে মই মৰি যাম৷
টিঙিচকৈ উঠিল৷বন্ধ কৰিবলৈ লৈ ৰৈ গ’ল তাই৷এটা হাঁহি চকুৰ পানী ওলিয়াব ধৰা ইমজি৷তাৰ পিছৰ শাৰী পঢ়ি গ’ল
-তেনেকৈ কম বুলি ভাবিছা যদি ভুল কৰিছা সোনজনী৷মই ইমান সহজে টেটুৰ পৰা সৰি পৰা মানুহ নহয় দেইবা৷বাৰু তুমি মোক প্ৰেম কৰিব নেলাগে নহয়৷মোকে কৰিব দিয়া৷ক’ত পাবা এনেকুৱা ফটুৱা মক্কেল কোৱা!
হাঁহি উঠিল এইবাৰ সচাই কি যে পগলা এটা ল’ৰা৷তাইও লিখি গ’ল
-৯৪৩৫৬৭২৩৪৫
আচৰিত হওক বুলিয়ে দিলে তাইৰ নম্বৰটো৷লুকাইচুৰকৈ থকাতকৈ কোন হয় দেখা যাওকচোন৷
লাহেকৈ তাই অফলাইন হৈ নিজৰ পেণ্ডি কাম খিনি ওলিয়াই ললে৷
   আজি কিছুদিনৰ পৰা তাই উত্তৰ গুৱাহাটীৰ প্ৰজেক্ট এটাৰ কামত আহি গুৱাহাটীতে বাহৰ পাতি আছেহি৷ইমান ডাঙৰ কম্পেনীয়ে তাইৰ দৰে সৰু কোম্পানীক কণ্সট্ৰাকচনৰ কাম দিছে গতিকে তাইৰ সম্পূৰ্ণ কামৰ অৰ্হতাখিনি জাহিৰ কৰা এইয়ে সোণালী সুযোগ৷মন প্ৰাণ লগাই কামত লাগিল ৰীপা৷কাম চলি থাকোঁতেই প্ৰজেক্ট হেডজনে এদিন পিলপিলীয়া ডেকা ইঞ্জিনীয়াৰ এজনক তাইৰ সৈতে চিনাকি কৰি দিলে
-পদ্মনাভ বৰুৱা৷এখেত আপোনাৰ সৈতে থাকিব৷মোৰ বন্ধুৰ ল’ৰা৷আপোনাৰ তলত থাকি অলপ কাম শিকিব৷
তাই পদ্মনাভলৈ চালে৷বয়স বৰ হোৱা নাই৷মুখত মিচিকিয়া হাঁহি এটা লাগি আছে৷সি ৰিপালৈ চাই কলে
-নমস্কাৰ৷
তাইও প্ৰতি নমস্কাৰ জনালে৷
তাইৰ কাষৰ চকীখনত তাক বহাৰ ব্যৱস্থা কৰি দিলে৷
কিছুদিনৰ পৰা তাই মন কৰিছে অফিচৰ কামত তলমুৰ কৰি থাকিলেই এহাল চকুৱে যেন তাইক অনুসৰণ কৰি থাকে অনবৰতে৷অস্বস্তিত তাই কামত মনোযোগ দিব নোৱাৰে৷তাই মুৰ তুলি ইফালেসিফালে চাই চকুহাল বিচাৰে৷সদায় তাইৰ চকুত পৰে পদ্মনাভে একেমনে পেঞ্চিলডাললৈ কিবাকিবি আঁকবাঁক কৰি আছে নহলে ফাইলত কিবা এটা বিচৰাত ব্যস্ত হৈ আছে৷তাহাঁত দুটাৰ বাদে কোঠালিটোত দ্বিতীয় ব্যক্তি বুলিবলৈ পিয়নজন নহলে কাষৰ কোঠালিটোৰ পৰা নৱনীতা নামৰ নতুনকৈ সোমোৱা ষ্টেন’ গৰাকী আহে৷তাই মন কৰিছে আজি কিছুদিনৰ পৰা নৱনীতা ঘনাই তাহাঁতৰ কোঠালিটোলৈ অহা হৈছে৷তাইও জানে নৱনীতাৰ আকৰ্ষণ ক’ত৷তাইও কথাটো নুবুজাৰ ভাও দিয়ে৷নৱনীতা কোঠালিটোলৈ সোমোৱাৰ লগেলগে তাই গম পাই৷এটা তীব্ৰ পাৰফিউমৰ গোন্ধ এটা নাকত লাগেহি৷এদিন ৰব নোৱাৰি সুধিয়েই পেলালে তাইক
-কি পাৰফিউম নৱনীতা?
-কেনেকুৱা লাগিল গোন্ধটো৷
-ভাল আক’৷কিন্ত মই আক’ মাইল্ড গোন্ধটোহে ভাল পাওঁ৷
-যেনে?
-ব’চ,কেলভিন ক্লেইন,ইটাৰনিটি৷
-বাহঃ !বা আপুনি বৰ চিলেক্টেড ভাল পাইটো৷
তাই মিচিকিয়াই হাঁহিছিল৷
দিনবোৰ পাৰ হৈছিল৷চকুহালৰ কথা পাহৰা কিন্ত নাছিল৷আজি এসপ্তাহ মান পদ্মনাভ অহা নাই অফিচলৈ৷ৰীপাই যেন অনুভৱ কৰিছে কৰ’বাত সেই তাইক অনুসৰণ কৰি থকা চকুহালো নাই যেন৷কেনেবাকৈ সেই চকুহাল পদ্মনাভৰ আছিল নেকি মনতে ভাবিলে ৰীপাই৷ধেইট তেৰি ! কি নো আবোলতাবোল সোপা ভাবি আছে৷সেই সৰু ল’ৰাটোৰ কথানো তেনেকৈ ভাবিব লাগে নে তাই৷কোনো খবৰ নিদিয়াকৈ হঠাৎ ল’ৰাটো ক’ত গলগৈ৷বৰ কৈ কথা নহলেও  ভালে আছা?প্ৰজেক্টৰ কাম কিমানদূৰ আগবাঢ়িছে ?ইত্যাদি দুই এটা কথাৰ বাহিৰে তাই তাক কথা কোৱাৰ সুবিধা কোনো দিন দিয়া নাই৷প্ৰায় সময়েই মৌনহৈ তলমুৰ কৰি নিজৰ কাম কৰি থাকে তাই৷তথাপি কিয় জানো কোঠালিটো বৰ খালী খালী লাগিছে৷
  আজিও ৰিপাই তলমুৰ কৰি টি স্কেল পাত আৰু ড্ৰাফটাৰ ডালেৰে বগা চাৰ্ট পেপাৰখনত কিবা এটা আঁকিবলৈ লৈ বাৰেবাৰে খেলি মেলি লাগিছে আজি৷হঠাৎ তেনেকুৱাতে তাইৰ নাকত কেলভিন ক্লেইনৰ গোন্ধ এটা লাগিলহি ৷সচকিত হৈ মুৰ তুলি চালে তাই৷সন্মুখত মিচিকিয়া হাঁহিৰে পদ্মনাভ৷কব নোৱাৰাকৈয়ে হাঁহি এটি বাগৰি আহিল উঁঠেৰে৷
অত’দিনে গহীনত থকা পদ্মনাভৰ মুখত দুষ্টালিভৰা হাঁহি৷আৰু ৰীপাৰ গালৰ ৰঙা আভাই বাৰেবাৰে তাইক তাৰ ওচৰত ধৰা পেলাই দিছে৷জোৰকৈ গহীন হবলৈ গৈ বাৰেবাৰে মুখৰ অভিব্যক্তি পৰিৱৰ্তন হৈছে তাইৰ৷পদ্মনাভে যেন পঢ়ি পেলাইছে তাইৰ মনটো৷
-মোক মিছ্ কৰিছিল ন?
তাই থতমত খালে
-না নাইটো ৷কোনে কোনে ক’লে?
-আপোনাৰ মিচিকিয়া হাঁহিটোৱে৷
ঠিকঠিক সিয়েই তেনেকৈ কয়৷তাই সন্দেহেৰে চালে তালৈ৷
-মই এনেকুৱা একেবাৰে এনেকুৱাকৈ কথা কোৱা মানুহ এজনক জানো৷মোৰ দৃঢ় বিশ্বাস সেইজন তুমিয়েই৷
-কোন মেম?কাৰ কথা কৈছে?
আচৰিত হৈ তাইৰ মুখলৈ চাই থকা পদ্মনাভৰ মুখখন দেখিলে কাৰো বুজাৰ সাধ্য নাই সি ঠিক মিছা মাতিছে নে সচাঁ৷
ৰিপাৰ লাগিল সি মিছা কোৱা নাই৷এইয়া তাইৰ ভ্ৰম৷
-চৰি চৰি৷কিবাহে কলোঁ৷
সি তাৰ হাতত অনা চাৰ্ট পেপাৰখন মেলি ধৰিলে তাইৰ সন্মুখত৷তাইৰ চকু কেইটা ডাঙৰ কৰি চালে৷খুটিয়াই খুটিয়াই পৰীক্ষা কৰি উঠি কব নোৱাৰাহৈ তাৰ হাতখন খপকৈ ধৰি কৈ উঠিল৷
-ঠেংকচ আ লট পদ্মনাভ৷আজি এক সপ্তাহ যুজি আছোঁ প্ৰজেক্টটো লৈ৷
পদ্মনাভৰ হাতখন তেতিয়াও তাইৰ হাতৰ মুঠিত৷আৰু পদ্মনাভৰ মুখত দুষ্টালিভৰা হাঁহি৷হঠাৎ তাৰ মুখৰ হাঁহি দেখি ৰীপাৰ যেন হুচ আহিল৷তড়িৎ বেগত তাৰ হাতখন এৰি দি সহজ হবলৈ তাই গলহেকাৰি এটা মাৰিলে৷
-মানে তুমিটো ছুটি লৈছিলা৷
-কামটোৰ কাৰণেই লৈছিলোঁ৷বাপৰে বহুত মাথা মাৰিব লগা হ'ল৷সেইদিনা ফোনত তুমি কাৰোবাক কোৱা শুনিছিলো তোমাৰ কাৰণে এইটো প্ৰজেক্ট এটা সপোন৷ সেইখিনি সময়ৰ পৰা তোমাৰ সপোন মোৰো  সপোন কৰি ললোঁ৷আৰু এইয়া তোমাৰ সন্মুখত ৷
সেইদিনাৰ পৰা পদ্মনাভে তাইক আপুনিৰ পৰা তুমি কবলৈ লৈছিল৷কেইবাবাৰো তাই তাক কবলৈ লৈ থমকি ৰৈছিল৷মোক আপুনিয়েই কবা ৷মই তোমাতকৈ বহুত ডাঙৰ হম৷কিয় জানো তাইৰ সেইষাৰ কথাকৈ তাৰ ওচৰত সৰু হবলৈ নিবিচাৰিলে৷লাহেলাহে বন্ধুৰ দৰে হৈ পৰিল পদ্মনাভ৷তথাপি কিন্ত ৰীপাই এটা ব্যৱধান ৰাখে তাহাঁতৰ মাজত৷আৰু দেউবৰীয়া দিনবোৰত তাই আগৰ দৰেই লেপটপটো লৈ কামৰ মাজেমাজে ফেচবুকটো উপভোগ কৰে৷বহুত দিনৰ পিচত কিয় জানো তাইৰ আজি "হেৰাল মোৰ সপোন"লৈ কিবা এটা লিখিবলৈ মন গ’ল৷
-কেনে আছা?বহুত দিন তোমাৰ কোনো খবৰ পোৱা নাই৷জানিম নেকি তুমি ক’ত কি কৰি আছা?
-আছোঁ দিয়া জীয়াই৷তুমিটো মই তোমাৰ প্ৰেমত পৰিছোঁ কলেই খং কৰা ৷কিয় মই কি তোমাক ভাল পাব নোৱাৰো নেকি কোনো দিনেই৷কি কৰিছোঁ সুধিছা?কিয় জানাইচোন কি কৰোঁ৷
আচৰিত হ'ল তাই৷
-মই জানো?কেনেকৈ?আচৰিত!
-কিয় ৰাতিপুৱাৰ পৰা তোমাৰ কাষতে থাকোঁতেও গম নাপালা!
-মানে?তুমি?পদ্মনাভ?
-হুৱাট!পদ্মনাভ?কোন?মই থাকোঁতে কোন সেইটো?
-ফাল্টু নবকিবা৷সচাঁ কোৱা৷তুমিয়েই পদ্মনাভ হয় নাই?
-তুমি মোক প্ৰেম কৰা নে পদ্মনাভক?
-মই যিটো কৈছোঁ তাৰ উত্তৰ দিয়া!
-ন ন ন ৱে৷মই তোমাৰ কোনো প্ৰেমিকক চিনি নাপাওঁ৷
-মোৰ কোনো প্ৰেমিক ফেমিক নাই৷মই মন কৰিছোঁ পদ্মনাভ আৰু ইউ য়েচ৷কি নাম কম তোমাক৷তোমাৰটো কোনো আচল নামেই নাই৷ছদ্মবেশী !একেই কথাকোৱাৰ ধৰণ কৰণ৷
-সেইয়া দেখিলা৷মই কৈছিলোঁ নাই৷তুমি মোৰ প্ৰেমত পৰিছাই৷সেইকাৰণে সকলোৰে মাজত মোক দেখা পোৱা৷
ৰিপাৰ এইবাৰ খং উঠি আহিল৷গম পালে ইয়াক কাবু কৰা সম্ভৱ নহব৷ই কোনো পধ্যেই স্বীকাৰ নকৰে সিয়েই পদ্মনাভ বুলি৷তাই ঘপকৈ অফলাইন হ'ল৷মনেমনে ভাবিলে পদ্মনাভক অলপ অনুসৰণ কৰিলেই কথাটো ওলাই পৰিব৷
 দিন বাগৰিল লাহেলাহে পদ্মনাভ আৰু সহজ হ'ল ৰিপাৰ লগত৷আগৰ দৰে ব্যৱধান নাই৷বন্ধুসুলভ ব্যৱহাৰ কৰে ৰীপাই৷তথাপিও মনৰ কোনোবা কোণত হেৰাল মোৰ সপোন ৰৈ গ’ল৷দেউবৰীয়া দিনটোত হেৰাল মোৰ সপোনৰ সৈতে দুই এটা গতানুগতিক কথা হয়৷তাইৰ মনৰ ভিতৰত চলি থকা প্ৰশ্নবোৰ জানিবলৈ নিদিয়াকৈ কথা হয় তাহাঁতৰ৷মাজেমাজে পদ্মনাভ আৰু হেৰাল মোৰ সপোন মিলি এটা মানুহ হৈ পৰে৷খেলিমেলি লাগি যায় তাইৰ৷আকৌ মনটো জোকাৰি পেলাই তাই৷হলেই যেনিবা একেটাই তাইৰ কি আহে যায়৷নিজলৈকে খং উঠি আহে অদৰকাৰী কথা কিছুমানত নিজকে জড়িত কৰি পেলোৱা কথাবোৰে৷লাহেলাহে তাই নিজকে গোটাই আনিলে সৰহ সময় নিজৰ প্ৰজেক্টৰ কামত লাগি থাকিল৷আনহাতে পদ্মনাভ সেই একে আগৰদৰেই ছাঁটোৰ দৰে তাইৰ ওচৰত তাৰ উপস্থিতিৰ সাব্যস্ত কৰি ইটো সিটো তাইৰ সন্মুখত যোগান ধৰি থাকিল৷কেতিয়াবা তাই খং কৰি উঠে পদ্মনাভক৷
-আমনি নেলাগে নে তোমাৰ৷মই তোমাক এভইদ কৰি আছোঁ অথচ তুমি বাৰেবাৰে তোমাৰ উপস্থিতি সাব্যস্ত কৰিছা৷তুমি নাভাবানে তুমি মোৰ জীৱনত অনধিকাৰ প্ৰবেশ কৰিছা৷
এইবাৰ যেন পদ্মনাভ কিছু আহত হ'ল৷থমকি ৰ'ল সি ৷তাই আৰু তালৈ বুলি অনা হাতৰ কফি দুকাপ কপি উঠিল৷অলপ মজিয়াত পৰিল৷অপ্ৰস্তুতবোধ কৰিলে সি৷কি কৰিব ঘুৰাই লৈ যাব নে কফি কাপ তাইৰ নে শেষবাৰৰ বাবে আগবঢ়াই দিব তাইলৈ৷সি লাহেলাহে আগবাঢ়ি গল৷তাইৰ কাষেৰে আগবাঢ়িগৈ ৱাচ বেচিনটোৰ কাষত থিয় হৈ দুইকাপ কফি বাকী দি টেপটো খুলি দিলে৷এইবাৰ মুখেৰে একো নকৈ এখুজ দুখুজকৈ তাইৰ কাষেৰে কোঠালিটোৰ পৰা ওলাই গ’ল৷সেইযে পদ্মনাভ গ’ল ওলাই তাৰ পিচত আৰু কোনেও নেদেখিলে অফিচলৈ অহা৷কোনেও নুবুজিলে পদ্মনাভৰ কি হ'ল৷ৰিপাক অসহায় কৰি এৰি গ’ল সি৷এবাৰ তাইক সুবিধা নিদিলে কিবা এটা কোৱাৰ৷আৰু ৰিপাই জানো তেনে কৰি সুখী হৈছিল৷কেতিয়াৰ পৰা যে পদ্মনাভ তাইৰ শয়নে সপোনে ঠাই লৈছিল তাই গম নোপোৱাকৈ তাই হিচাপ ৰখা নাছিল৷সি আঁতৰি গুচি গ’লত তাইৰ প্ৰতি মুহূৰ্তত তাৰ অভাৱ অনুভৱ হ'ল ৷অসহায় লাগিল তাইৰ ৷তাইটো কোনোদিনে কাৰো অন্তৰত দুখ দিব বিচৰা  নাছিল৷বিনাদোষত কিয় পদ্মনাভৰ দৰে লৰা এটাক তেনেকৈ কলে তাই৷সিটো তাইৰ পৰা কোনো দিনে একো আশা কৰা নাছিল৷মাত্ৰ ছাঁটোৰ দৰে থাকি তাইৰ কামত সহায় কৰাৰ বাদেটো কোনো দিন তাইক কোনো কথাত আমনি কৰা নাছিল৷কিয় তেনে কৰিলে তাই৷মানসিক অন্তদণ্ড হবলৈ ধৰিল ভিতৰত৷এসপ্তাহৰ পিছত তাই নিজেই ফোন লগালে পদ্মনাভলৈ
-দিছ নাম্বাৰ দাজ নত এক্জিষ্ট৷
আকৌ মাৰিলে তাই
-দিছ নাম্বাৰ দাজ নত এক্জিষ্ট৷
মানে পদ্মনাভক আৰু তাই কোনো দিনে লগ নাপাব৷কেতিয়াও তাক তাইৰ ব্যৱহাৰৰ বাবে দুঃখিত কথাষাৰ কি কোৱা নহব!তাই মনেমনে ঠিৰাং কৰিলে পদ্মনাভৰ নম্বৰ নিশ্চয় প্ৰজেক্ট হেডৰ লগত থাকিব৷তেখেতেই দেখোন তেওঁৰ বন্ধুৰ পুত্ৰ বুলি চিনাকি কৰি দিছিল৷তাই ফোন লগালে প্ৰজেক্ট হেড জনলৈ৷সিফালৰ পৰা সহাৰি পোৱাৰ লগেলগে একে উশাহে কৈ উঠিল তাই
-পদ্মনাভৰ কন্টেকত নাম্বাৰটো দিয়কচোন৷আগৰটো নাম্বাৰত কৰি কৰি পোৱা নাই তাক৷
-এনি প্ৰবলেম?
-নাই তেনেকুৱা একো বিশেষ নহয়৷প্ৰজেক্টটোৰ সমন্ধীয়া কিছু কথা৷
-সেইয়া দেখিলে মই সেইদিনা তাক কিমান বুজালো কামটো শেষ নোহোৱাকৈ ৰিজাইন নামাৰিবা৷সি ক’লে এইটো প্ৰজেক্টত আৰু তাৰ প্ৰয়োজন নহব৷সি দিব পৰাকৈ আৰু কেপাচিটি নাই বুলি কৈ ৰেজিগনেচন লেটাৰ দি গুচি গ’ল৷
-কিন্তু কলৈ?
-সেইটো মই সুধিবলৈ নহল মিছ ৰিপা৷
-তাক যোগাযোগ কৰাৰ কিবা উপায়?
-ফোন এটা কৰি চাব পাৰে৷
-কৰিছিলোঁ৷ফোনটো এৰি দিলি চাগে৷
-তেনেহলে যোগাযোগৰ আন উপায় দেখা নাই৷
-ঘৰৰ এড্ৰেছ?
-তাৰ দেউতাক আৰু মই একেখন গাঁৱৰ আছিলোঁ৷সেই সুত্ৰে মোক সি চিনাকি দিছিল বন্ধু পুত্ৰ হৈ৷দেউতাকহঁত গুৱাহাটীৰ মিৰ্জাৰ ফালে নিগাজীকৈ থাকিবলৈ লোৱাৰ কথা কৈছিল যদিও ব্যস্ততাত মোৰো সুধা নহল৷
-হব দিয়ক৷কেতিয়াবা লগ পালে জনাব৷
-হব বাৰু ৷
ফোনটো থৈ ৰিপাই শোকত ভাগি পৰিল৷ কব নোৱাৰে তাই কিহৰ বাবে  ইমান শোক অন্তৰত৷যদি তাৰ প্ৰতি কোনো দুৰ্বলতা নাছিল তেন্তে তাই তাক পুনৰ লগ পাবলৈ ইমান বিতত কিয় হৈছে৷অকল তাইৰ ব্যৱহাৰত দুখিঃত বুলি কবলৈয়ে নে?পগলাৰ দৰে তাই লেপটপটো মেলি ললে ৷চাৰ্চ বাৰডালত লিখি পেলালে "হেৰাল মোৰ সপোন"
পৰ্দাত জিলিকি উঠিল "দিজ কন্টেন্ট নট এভেইলেবল্"



লটিঘটি 
বৰ্ণালী ফুকন

মাৰ মুখেৰে বহুত দিনৰ পৰা শুনি অহা দুলীয়াজানলৈ বুলি সুখৰ যাত্ৰাৰ সংগী হোৱাৰ মোৰ আজি সৌভাগ্য ঘটিল । তিনিচুকীয়ালৈ অহাৰ পৰা শুনি আছো মাৰ মুখত,দুলীয়াজানলৈ ৰজাৰ গাড়ীৰে ভ্ৰমণ কৰিব পোৱাটো কিমানযে ৰোমাঞ্চকৰ আৰু আৰামদায়ক  একোৰে সৈতে তুলনা নহয় ।মনতে ভাব হ'ল কিজানি এই যাত্ৰা এৰোপ্লেনৰ যাত্ৰাতকৈও সুখকৰ।এই যাত্ৰাৰ সুখকনৰ লোভ সামৰিব নোৱাৰিয়েই মোৰ আজিৰ এই যাত্ৰা ।
    ঘৰৰ পৰা ওলাইয়ে ৰিক্সা এখন পাই চালকৰ সৈতে দৰ দাম কৰি ন-পুখুৰীলৈ বুলি যাত্ৰা আৰম্ভ কৰিলো ।বৰ্ডিং ফিল্ডৰ ৰাস্তা পাৰহৈ চেনাইৰামৰ দিশত ঘুৰিব লৈছো আৰু তিনিচুকী পুলিচ এজনাই লাঠিডাল জোকাৰি আমাক খেদি আহিল । চকু কেইটা ৰঙা কৰি লাঠি ডালেৰে আমাক ওলোটা দিশৰ ৰাস্তাটোলৈ টোৱাই দেখুৱালে । পুলিচ জনে আপোনালোকে একো নাজানে নেকি বুলি ধমক দিয়ে বুলি ,সেই দিশত আমাক কিয় যাবলৈ দিয়া নহল -সুধিবৰ মন আছিল যদিও নুশুধিলো।যি কি নহওক মনত আৰু দেহত দ সাচ বহি যোৱাকৈ ঠেকেচি ঠেকেচি নি ৰিক্সাই মোৰ বহু আকাংক্ষিত ৰজা গাড়ীৰ কাষ পোৱালেগৈ। ৰিক্সা চালকে যেনিবা কিঞ্চিৎ সন্তুষ্ট মনেৰে উচ্চবাচ্য নকৰাকৈ তাৰ মাননি গ্ৰহণ কৰিলে । কথাষাৰ কোৱাৰ কাৰণটো হৈছে ,মিনি বিহাৰ বুলি খ্যাতি লাভ কৰা তিনিচুকীয়াত ৰিক্সা চালকৰ পৰা ভাৰাৰ বিনিময়ত সন্তুষ্টিৰ হাঁহি পাবলৈ আপুনি বহুত পুণ্য কৰিব লাগিব । অৱশ্যে তাৰ বিপৰীতে দুই এক ব্যতিক্ৰমী চালকো নথকা নহয় । এইবাৰ মাৰ মুখলৈ প্ৰশ্নবোধক চাৱনিৰে চাই ৰজাৰ গাড়ীৰ অৱস্থানৰ বিষয়ে জানিব বিচাৰিলো । ইমান সময়ে মনত এখনি বিশেষ ছবি আকি লৈছো -এসময়ত মন্ত্ৰী ,ডা-ডাঙৰীয়া সকলে উঠি ফুৰা গাখীৰৰ দৰে বগা ৰজা গাড়ী বুলি খ্যাত এম্বেচেডৰ খন।
   হঠাৎ মায়ে আঙুলি টোৱাই যিখন গাড়ীলৈ দেখুৱালে মোৰ অন্তৰৰ ভিতৰৰ আত্মাই ভূমিকম্পৰ আগজাননী দিলে । গাড়ীখনৰ ৰঙটো এসময়ত সুধ বগাই আছিল। তাৰ প্ৰমাণ বহন কৰিছে অত তত লাগি থকা এচপৰা আধা চপৰা পুৰণি ৰঙে। 
     'ডিকি' নামেৰে খ্যাত বাকচটোলৈ চাই শিয়ৰী উঠিলো । ই কি!!! মুখখন দেখোন জলহস্তীৰ দৰে মেল খাই আছে । আৰু তাৰ পেটত প্ৰয়োজনতকৈ বেছি থাহি থাহি ভৰোৱা কিছু সংখ্যক শাক-পাচলি,ফলমুলৰ পাচি হাতৰ বেগটো ভৰাবলৈ লৈ ৰৈ গলো । ডিকিৰ ভিতৰত তিল ধাৰণ কৰিবলৈ ঠাই নাই । এটা অস্বস্তিকৰ পচা গোন্ধ এটা নাকত লাগিল । আমাক গাড়ীলৈ বুলি আমন্ত্ৰণ কৰা জনক সুধিলো -ইমান সুন্দৰ ফুৰফুৰিয়া গোন্ধ কিহৰ ?মানুহজনক ঘূনাক্ষৰে জানিব নিদিলো যে সেই অকটা গোন্ধত তৃপ্তিৰে পেটত ভৰাই অনা জলপান খিনি ওলাই আহিবলৈ তত্ নাইকীয়া কৰিছে ।মোৰ মুখত প্ৰিতিজিণ্টাৰ কোটি টকীয়া হাঁহি দেখি নিৰ্ভয় মনেৰে কৈ উঠিল - শুকান মাছ ,বাইদেউ ।মুখত শুকান মাছ নহৈ যেনিবা বিৰিয়ানীৰহে গোন্ধ ।
একো নকৈ বেগটো হাতত লৈ গাড়ীৰ সন্মুখ পালোগৈ । এইবাৰ প্ৰচণ্ড চক খোৱাৰ পাল,সন্মুখৰ বানেট খনত এডাল শুকান নাৰিকল ৰচিৰে আটি আটি বান্ধি থোৱা আছে, যেন এটা পেটোৱা এক্সট্ৰা লাৰ্জ পিন্ধিবলগীয়া মানুহক জোৰ-জুলোমকৈ এক্সট্ৰা স্মল চোলা পিন্ধাই দি যেন কোনোবা জনমৰ অপমানৰ পোটক লৈছে । 
 এইবাৰ মায়ে তিনিটা ছিট বুলি কৈ আগফালৰ ছিট কেইটা ৰিজাৰ্ভ কৰিলে ।মাৰ পিছে পিছে বহিবলৈ বুলি ভিতৰলৈ জুমি চালো ।ছিটত কভাৰ লগোৱা আছে ।এসময়ত তাৰ ৰঙ চাগে ৰঙা আছিল তাৰ প্ৰমাণ বহন কৰিছে কাষৰ ওলমি থকা ৰছী কেইডালে।এতিয়া কভাৰৰ ঠাইত মলিয়ন ফটাচিটা এটোকোৰা কাপোৰৰ অৱশিষ্ট আছেগৈ ।।মায়ে মোক ভিতৰলৈ ইমানকৈ চোৱা দেখি অলপ অস্বস্তি পাই ড্ৰাইভাৰক ক'লে-তোমালোকে ভাল  ছিট কভাৰ এটা লগাব নোৱাৰা নেকি ? 
ড্ৰাইভাৰেও হতি নিদি কলে-লগাইছিলো মানুহবোৰে নখ মাৰি ফালে । একো নামাতি আমি দুইজনী আগফালে বহি পৰিলো । কোনোবা এজনে দৰজাখন ৰচিৰে খোল খাই নপৰাকৈ বান্ধি দিলেহি । ভয়ংকৰ জোকাৰণি মাৰি গাড়ীখন চলিবলৈ ধৰিলে । গাড়ীখন এবাৰ সোঁফালে এবাৰ বাওঁফালে এঢলীয়াহৈ হালিজালি আগবাঢ়িবলৈ ধৰিলে । কিছু দুৰ গৈয়ে এটা স্তুপ আকৃতিৰ আধুনিক সভ্যতাৰ ধ্বংসাৱশেষ দুৰৈৰ পৰা দেখা পালো।দুৰৈৰ পৰা ইয়াৰ প্ৰাণটনা সুগন্ধই চুম্বকে লোহাক আকৰ্ষণ কৰাদি আমাৰ ঘ্ৰাণেন্দ্ৰীয়ক আকৰ্ষিত কৰিবলৈ ধৰিলে ।আহ!!!কি পৌৰসভা বাহ!!কি স্বচ্ছ অভিযান ।  বৰডুবি পাইছো কি নাপাইছো হঠাৎ ড্ৰাইভাৰৰ হাতত ষ্টেয়েৰিং ডোখৰি এৰি অহা যেন পালো। হায় ভগৱান বুলি মুখেৰে ওলাই আহিল । পিছ পাকত যেনিবা ষ্টেয়েৰিং আগৰ স্থানত লাগিল । ওখোৰ মোখোৰা পথে কেতিয়াবা মাক নি ড্ৰাইভাৰৰ কোঁচত বহোৱাৰ উপক্ৰম কৰিলে ।কেতিয়াবা গাড়ী একটিয়া হলে মাৰ সত্তৰ কেজিৰ হেচাত ড্ৰাইভাৰৰ প্ৰাণ বায়ু ওলাওঁ যেন হ'ল। আকৌ যেনিবা গাড়ীখন চিধা হলেহে ড্ৰাইভাৰে উশাহ ঘুৰাই পায়। এইদৰে শৰীৰটোক ৰামদেৱৰ বিভিন্ন কচৰৎ কৰাই গন্তব্য স্থান পোৱালেগৈ।এটা দীঘল উশাহলৈ নামিবলৈ লৈ দেখো মায়ে ৰামদেৱৰ আসনৰ ভংগিমা  কৰি চকু মুদি কৃষ্ণ কৃষ্ণ বুলি চিঞৰিবলৈ ধৰিছে ।মোৰ মাতত যেনিবা মাৰ ধ্যান ভাগিল। ভাড়াটো ড্ৰাইভাৰৰ হাতত গটাই দি ইফালে সিফালে ৰিক্সা বিচৰাত লাগিলো। আমাক দেখি ৰিক্সা চালক আগুৱাই আহি সুধিলে -ক'ত যাব ?তাক বুজাই দিলো বুদ্ধ মন্দিৰৰ পৰা অলপ আগুৱাই দিলেই হব।দুইজনী  ৰিক্সাত উঠি পৰিলো। অলপ দুৰ যোৱাৰ পাছত এটা বেলেগ ধৰণৰ গোন্ধ নাকত লাগিলহি দুইজনী য়ে ইজনীয়ে সিজনীলৈ চোৱাচুই কৰিলো । বুজিবলৈ বাকি নাথাকিল -পুৱাই তেখেতে হাড়ীয়াৰ সুৱাদলৈ আমালৈ বুলি সুবাস বিলাইছে। আমাৰ ওজন ইফালে হাৰিয়াৰ আমেজে  ৰিক্সাই বিদ্ৰোহ ঘোষণা কৰিলে আগুৱাই যাবলৈ ।তথাপি দেহটো একাবেকা কৰি এহাতেৰে মবাইলটো লৈ চালকে ৰিক্সা আগুৱাই নিলে ।কেতিয়াবা আকৌ মুৰটো আগুৱাই দি হেণ্ডেল ডালতে এনেদৰে শুই পৰাৰ ভংগি কৰে যে ৰিক্সা গৈ ডুলীয়াজানৰ চাহাব সকলৰ অট্যাধুনিক গাড়ীৰ আগত পৰো পৰো হয়। হৰ্ণৰ বিকট আৱাজত সি ৰিক্সাখন নিজৰ আয়ত্বলৈ ঘুৰাই অনাতহে যেনিবা আমাৰ জীৱ ঘুৰি আহে । অলপ পিছত সি মোবাইলটো এহাতে কাণতলৈ উচ্চ স্বৰে কাৰোবাক কবলৈ ধৰিলে -গৈ আছো দহ মিনিটত।আমি প্ৰমাদ গণিলো ই দহ মিনিটত এই গতিৰে কেনেকৈ বাইদেউৰ ঘৰ পোৱাবগৈ।কিছু দুৰগৈ ৰিক্সা ৰখাই আঙুলিয়াই দেখুৱাই ক'লে-সেইটো বুদ্ধ মন্দিৰ ।আপোনালোকক মই নিব নাই পাৰিম। মোৰ পুলিচ থানাত ভাৰা আছে । এতিয়াও গন্তব্য স্হান পাবলৈ এছোৱা বাট বাকী ।কাওঁবাওঁকৈ ধৰিলত সি আমাক বকি বকি কিছু দুৰ নি মোবাইলটো আকৌ উলিয়াই লৈ চিঞৰি উঠিল -চাৰ থানাত মই এতিয়া যাব নাই পাৰিম ।একটা লাফৰা ভাড়া পালি ।উতৰাই নাইখে । হেল্ল কি বলেলা ৰাস্তাতে এৰি দিম ।
তাৰ কথা শুনি মাৰ খঙে মুৰৰ চুলি আগ পালেগৈ ।মায়ে হাৰি নিদি ক'লে - তই আমাক পুলিচৰ ভয় দেখুৱাবলৈ আহিছ!!! আমি নানামো বৈ আগুৱাই নে।
চালকে এইবাৰ স্বিকাৰ কৰিলে -মই এটা মানুহহে নিব লাগিব বুলি ভাবিছিলো ।
মা-কিয় ইমান ডাঙৰ দুজনী মানুহক এজনী যেন দেখিলি ?তই কিবা খালি ?
চালক-হ!!!হাড়ীয়া খালি 
তাৰ পিছত সি ৰিক্সা খনৰ কণ্ট্ৰল হেৰুৱাই এবাৰ সোঁৱে এবাৰ বাওঁৱে নিব ধৰা দেখি তাৰ ৰিক্সাৰ পৰা নামি দিলো ।দিব লগা ভাড়াতকৈ বেছি ভাড়ালৈ সি গলগৈ। নিৰুপায়হৈ বাকি পথচোৱা দুলীয়াজানৰ লেতেৰা বোকা পানী ফালি গন্তব্য স্থান পালোগৈ ।তাৰ পিছত   এনে সুখ যাত্ৰা আৰু নকৰো বুলি কাণ ধৰিলোঁ ।

হাউচ নং-12
 1985 চনৰ নৱেম্বৰৰ গুৱাহাটীত লাহেলাহে ঠাণ্ডা পৰিবলৈ আৰম্ভ কৰিছে।গুৱহাটীৰ বৰঝাৰ বিমান বন্দৰত যেতিয়া ৰমনে ভৰি দিছিল তেতিয়া আবেলি তিনি বাজিবৰ হৈছিল।সৌৰভৰ কথামতে ৰমন নাম লিখি ফেস্তোন লৈ লন্সত দীপক ৰৈ আছিল এয়াৰপৰ্টতৰমনে বেল্টৰ পৰা লাগেজ্ লৈ আহি ইফালে সিফালে চাওঁতেই ফেস্টোনখনৰ সৈতে দীপকক চকু পৰিলত হাতখন ডাঙি সি দীপকক ৱেভ কৰি আগবাঢ়ি গ’ল।দীপকে লগত থকা ল’ৰাটোক কিবা এটা ক'লে ,লৰাটোৱেও আগবাঢ়ি গৈ ৰমনৰ বাকচটো লবলৈ হাত আগবঢ়াই দিলে।বাকচটো লৰাজনৰ হাতত দি ৰমন দীপকৰ ওচৰলৈ আগবাঢ়ি গল। দীপকে হাতখন আগবঢ়াই দি ৰমনক হেণ্ডচেক্ এটা দি গাড়ীলৈ বুলি আগবঢ়াই নিলে।
   কলিকতা নিবাসি ৰমন শ্ৰীবাস্তবে আকস্মিক ভাবে হাতলৈ অহা ট্ট্যুৰৰ অৰ্ডাৰটো পাই হাহাকাৰ কৰি উঠিছিলট্ট্যুৰ ঘনাই হব, কোম্পানীয়ে ডাঙৰ প্ৰেজেক্ট এটা পাইছেকোনোদিনে আজিলৈকে অসমলৈ গৈ নোপোৱা ৰমনৰ অসম সম্পৰ্কে বিশেষ ভাল ধাৰণা নাই।'অসমখন হাবিৰে পূৰ্ণ অটব্য অৰণ্য আৰু আলফা নামৰ উগ্ৰপন্থীৰ ঘাটি 'সেয়ে ধাৰণা লৈ আছে ইমান দিনে।লেটাৰখন লৈয়ে সৌৰভ কাকতিৰ ওচৰলৈ দৌৰ মাৰিছিল ৰমন,অসমখনৰ বিষয়ে জানিবলৈ আৰু তাত থকাৰ বাবে সুবিধা কৰি দিবলৈ।সৌৰভে ৰমনৰ সন্মুখতে তাৰ বন্ধু দীপকলৈ ফোন লগাই ৰমনৰ বিষয়ে চমুকৈ বুজাই দিছিল আৰু টানি অনুৰোধ কৰিছিল ৰমনৰ বাবে এটা গেষ্টহাউচৰ ব্যৱস্হা কৰি দিবলৈ।
   এয়াৰপৰ্টৰ পৰা ওলাই গাড়ী হাইৱেত উঠিল।তীব্ৰ বেগত গাড়ী গুৱাহাটীৰ দিশত ধাৱমান হ'ল।ৰমনে বাহিৰলৈ চাই আহিছে,কাৰো মুখত কথা নাই।বাহিৰৰ প্ৰকৃতিৰ অপূৰ্ব দৃশ্য,সেউজীয়া দলিচাৰে ঘাঁহনি এই সকলোবোৰৰ সমাহাৰে ৰমনৰ চকু কপালত তুলিলে।যলৈকে চকু গৈছে মাথো সেউজীয়া আৰু সেউজীয়া।ৰব নোৱাৰিলে ৰমন -মুখেৰে ওলাই আহিল-‘ভাৰি সুন্দৰ দীপক বাবু ,লাগছে যেমন স্বৰ্গপুৰীতে ঘুচে গেছিএৰকম প্ৰাকৃতিক সৌন্দোৰ্য্য কখনো দেখিনি আগে’দীপকে মিচিকিয়ালে মাথো।দীপকে ড্ৰাইভাৰক কিবা এটা নিৰ্দেশ দিয়াৰ লগে লগে গাড়ীয়ে অলপ দুৰ গৈয়ে হাইৱেৰ পৰা নামি বেলেগ এটা সৰু ৰাস্তাৰে আগুৱাই গল।প্ৰকৃতিৰ ৰেহ ৰূপত বিভুৰ ৰমনে মাথো বাহিৰলৈ চাই আহিছে চকু নপছৰুৱাকৈ।হঠাৎ চকুৰ সন্মুখত সেউজীয়া পাহাৰ দেখি হতবাক হৈ দীপকক সুধিয়ে পেলালে –“আমি সচাকৈয়ে চিটিতে আছো নে?কিমান ঘণ্টা লাগিব চিটি পাওঁতে?”দীপকে ৰমনৰ মনৰ অৱস্হা বুজি মিচিকিয়াই হাঁহিলে।“পামেই আৰু ৰমন বাবু আৰু কেইমিনিট মান।দীপৰ বিলৰ কাষে কাষে লাহে লাহে গাড়ী আগুৱাই গৈ থাকিল।শীতকালিৰ নতুন নতুন পৰিভ্ৰমী চৰাইবোৰে গোটেই বিলখন ছানি ধৰি আছে,পানী কাউৰী বোৰে মেল মৰাৰ দৰে জাক পাতি বহি লৈছে।বগলী কেইটাই দীঘল দীঘল ঠেং মেলি পানীৰ পৰা মাছ বিচাৰি খাইছে।“নীলা ৰঙৰ সৌ কেইটা কিং ফিছাৰ নেকি?”ৰমনে আবেগ ধৰি ৰাখিব নোৱাৰি চিঞৰি উঠিল।ৰেলৱে ক্ৰছিং পাৰহৈ পাহাৰৰ কাষে কাষে গাড়ী আগবাঢ়িল।এটা সময়ত সৰু ৰাস্তা এৰি গাড়ী আকৌ হাইৱেত উঠিল।দীপকে ৰমনলৈ চালে, গভিৰ প্ৰশান্তিত চকু মুদি আছে ৰমনে।সৌৰভৰ কথামতে গনেশগুৰিৰ হোটেল অম্বৰিশতে ৰমনৰ থকাৰ ব্যবস্হা কৰিছে দীপকে।গেষ্ট হাউচ এটাৰ ব্যৱস্হা কৰিব নোৱাৰালৈকে এই হোটেলতে থাকিব ৰমন।
   গুৱাহাটী পোৱা আজি এসপ্তাহে হ’ল ৰমনৰ।এসপ্তাহত প্ৰায় বিশ পচিশটা ঘৰ চাইছে যদিও মনপুত ঘৰ এটা পোৱা  নাই ৰমনে
ফ্লেট পাইছে যদিও ফ্লেটত থকাৰ বৰ মন নাই ৰমনৰ।অগত্যা কেইবাটাও ফ্লেটৰ খবৰ দীপকে কেন্সেল কৰিব লগা হৈছে ৰমনক বহুত সুধামেলা কৰাৰ পিছত দীপকে এটা সিদ্ধান্তলৈ আহিছে ৰমনৰ বাবে গেষ্টহাউচ হাউচ নাম্বাৰ-12ই পচণ্ডৰ হব।সেউজীয়া গছ গছনিৰে এটা পুৰণি আমোলৰ ঘৰ।ঘৰটো প্ৰথম দেখিয়ে দীপকৰ ভাল নালাগিল।বন্ধু এজনৰ আগত ৰমনে বিচৰা ঘৰৰ
বৰ্ণনা দিওঁতে সিয়ে ঘৰটোৰ এড্ৰেচ দিছিল।দীপকৰ কিবা হৰৰ চিনেমাৰ হাণ্টিং হাউচ যেন লাগিল।কিন্তু ৰমনে এই পুৰণি হাণ্টিং হাউচ যেন লগা ঘৰটোত কি দেখা পালে দীপকে বুজি নাপালে নে বঙালী মানুহ অলপ হিচাবি কাৰণে চাগে সস্তাতে পোৱা ঘৰটো বৰকৈ পচণ্ড হৈছে।দীপকৰ বাধাৰ পিছতো ৰমনে একপ্ৰকাৰৰ কথা দি পেলাইছিল কেয়াৰটেকাৰ জনক আৰু হাতত ধৰাই দিছিল পাঁচ হেজাৰ টকাৰ খমখমিয়া নোট।
     ঘৰটো পুৰণি আমোলৰ আছিল তাৰ স্মৃতি বহন কৰিছে গেটৰ কাষৰ ৰজা আমোলৰ নাদটোয়েঘৰৰ মালিকে ৰাণীৰ পৰা কিনি লৈছিল মাটি টোকোৰা।প্ৰথম অৱস্হাত এটা সৰুকৈ খেৰি ঘৰ আছিল তাত ।মালিক অহাৰ আগতেই তেওঁৰ প্ৰেয়সীয়ে দুচলিয়া খেৰি ঘৰটো বনাই আছিল তাত।শুনা মতে পত্নী থাকোতেই মালিকে মাটিটোকোৰা প্ৰেয়সীক কিনি দিছিল।খবৰ গৈ কেনেবাকৈ পত্নীৰ কাণত পৰিছিল আৰু আৰম্ভ হৈছিল সংঘাত।বুকুত অজস্ৰ বেদনা লৈ আতৰি গৈছিল পত্নী আৰু মালিকে লৰা-ছোৱালী বোৰৰ ওপৰত থকা অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ পত্নীৰ ওপৰত দিছিল চৰিত্ৰহীনাৰ কলংক।গাঁৱৰ মাটি আনক গতাই দি ঘৰৰ মালিক উঠিছিলহি দুচলীয়া ঘৰটোত।তেওঁ পত্নী মৰ্য্যদা দিলেওঁ তেওঁৰ একমাত্ৰ সন্তানৰ বাদে ছোৱালী দুজনীয়ে কোনো দিনেই দিব পৰা নাছিল দেউতাকৰ প্ৰেয়সীক মাকৰ মৰ্য্যদা।প্ৰেয়সী হৈ ৰৈছিল তাহাঁতৰ বাবে দুৰ্বোধ্য সাঁথৰ।এই সকলো কথা পিচত ৰমনে শুনিছিল ৰান্ধনিটোৰ পৰা।কথাবোৰ শুনি মনৰ উতকণ্ঠা বাঢ়ি গৈছিল তাৰ।
   যিদিনা তাৰ বহু আকাংশিত ঘৰটোত সোমাইছিল সেইদিনা আছিল দেওবাৰ, দিব লগিয়া সকলোখিনি চুকাই দি অম্বৰিশ এৰোতে প্ৰায় দুই বাজি দহ মিনিট হৈছিল।হোটেলৰ গাড়ীৰে নমাইথৈ গৈছিল ৰমনক হাউচ নাম্বাৰ -12ত।বাহিৰতে থিয়হৈ বহুপৰ চাই থাকিল ঘৰটোলৈ।দুই মহলীয়া প্ৰকাণ্ড এটা হাউলীৰ ওপৰটো আসাম টাইপ।টিনবোৰ সি ভালপোৱা গভীৰ নীলা ৰঙৰ,ৱালবোৰ ইটাৰ আকাৰত সুন্দৰভাবে কটা যেন প্ৰতিটো ইটাৰ চেপ জুখি জুখি বনাইছে কাৰিকৰে।বগা ইটাবোৰৰ কাষটো  নীলা হাইলাইট কৰা।টিনৰ ওপৰত জোঙা চিলিঙেৰে এটা সৰুকৈ ঘৰ।ব্ৰিটিছৰ আমোলৰ ঘৰৰ ছাপ গোটেই ঘৰটোত বিৰাজমান।গেটৰ মুখত সোমাইয়ে সোঁফালে এজোপা দেৱদাৰু।পৰ্চত এখন চেড্ তাত এখন পুৰণি বগা ৰঙৰ গাড়ী।বাৰাণ্ডাখন এখন গ্ৰীলেৰে বেৰাই ৰখা হৈছে।তাৰ কাষে কাষে থকা টাবত বিভিন্ন ৰঙৰ জেৰেনিয়াম,ইমপেচেণ্ট কৃচেনথিয়ামাম আদি চিজন্ ফ্লাৱাৰ।চান চেড খনত টাব ওলমাব পৰাকৈ কিছুমান লোহাৰ হোল্ডাৰ।তাৰ পৰাও ওলমাই থোৱা হৈছে বিভিন্ন ৰঙী পিটুনিয়া ফুলদুৱাৰ মুখত এজোপা নিম গছ।সৰু বাৰান্দাখনত এখন বৃটিছ আমোলৰ হেলান চকী,তাৰ কাষত দুখন সৰু চকী,ওচৰতে সজাই থোৱা আছে এটা ৰঙা হালধীয়া ৰঙ কৰা মাটিৰ কলহ।সোঁহাতৰ বাৰান্দা খনত এখন সত্তৰ দশকৰ বুলেট এনটিক পিচহৈ আছে।কলা ৰঙটো চিক মিকাই আছে যেন এইমাত্ৰ পলিচ কৰি থোৱা হৈছে।ইটাৰ চেপত কাটি থোৱাখিনিৰ বাদে গোটেই ঘৰটো সুধ বগা।ৰমনে কলিংবেল বজাবলৈ হাতখন মেলোতেই দৰজাখন এজন ল’ৰাই খুলি দিলেহি ।সম্ভাষন জনাই তাৰ লাগেজ বিচাৰি ইফালে সিফালে চালে-আপোনাৰ চমান্ চাব।তাৰ হাতৰ পৰা বাকচটোলৈ ল’ৰাজনে তাক ৰুমটোৰ ফালে আগবঢ়াই নিলে-আপোনাৰ বাবে মানস দাই ৰুম নং এক ঠিক কৰিব দিছে।চৌধ্য বাই বিশ ফুটৰ এটা ৰুম,আচবাব সমুহ পুৰণি বৃটিছ আমোলৰ যেন ব্যতিক্ৰম মাথো টিভি আৰু এ.চিটো।প্ৰতিটো কাঠৰ আচবাবেই সুন্দৰ ভাবে পলিচ্ কৰি থোৱা আছে।বিচনাৰ সন্মুখত সৰু ফায়াৰ প্লেচটো তাৰ কাষত দুফালে দুটা মাটিৰ কলহত সচাঁ যেন লগা বিভিন্ন ৰঙৰ ফুল।প্ৰথমে ৰমনে সচাঁ ফুল বুলিয়েই ভাবিছিল।হাত লাগিলতহে গম পালে সেয়া কৃত্ৰিমহে।ফায়াৰ প্লেচৰ সন্মুখত বহিবলৈ দুখন মজবুট কাঠৰ চোফা।চিংগল বিচনা দুখন একেলগ কৰি বগাৰ ওপৰত ৰঙা গোলাপৰ সৈতে বেডকভাৰ পাৰি থোৱাহৈ আছে।কাষত এটা প্ৰকাণ্ড ৱাড্ৰৱ।ফায়াৰ প্লেচৰ একাষে কিছু আতৰত এখন লাইফ চাইজৰ আইনাৰে সৈতে ড্ৰেচিং টেবুল।ল’ৰাজনে ৰমনৰ বাকচটো ৱাড্ৰৱটো খুলি সোমোৱাই দি ,ৰমনে এতিয়া চাহ খাব বিচাৰে নেকি সুধিলে।ৰমনৰ সন্মতি পাই আপুনি মুখ হাত ধুই লওঁক বুলি ৰুমটোৰ সৈতে সংলগ্ন বাথৰুমটোলৈ আঙুলিয়াই দেখুৱাই ৰুমৰ পৰা ল’ৰাজন ওলাই গ’ল।ৰমনে  বাথৰুমৰ দৰজাখনত লাহেকৈ চাপ দিয়াৰ লগে লগে খোল খাই গ’ল।ভিতৰখনলৈ চকু গ’লত ৰমন অবাক হ’ল।বাথৰুমটো থাকিবলৈ দিয়া ৰুমটোতকৈ অলপহে সৰু।বাৰ বাই চৈধ্য ফুটৰ এটা আহল বহল ৰুম।মালিক কিমান চৌখিন আছিল বাথৰুমটোৱে তাৰ প্ৰমান বহন কৰিছে।বহল আহল ৰুমটোৰ এফালে বাথটাবটো।তলতে দীঘল গুলাপি ৰঙৰ ফুট-মেট।ৱালত এণ্টিক পিচৰ দৰে ষ্টন টাইললচ লগোৱা।কম’ডৰ কাষতো ফুট-মেট লগোৱা আছে।ৱালত এখন প্ৰকাণ্ড আইনা এফালে বেচিন আৰু সৰু ৱাড্ৰৱ এটা।ৱাড্ৰৱটোৰ ওপৰত সৰু সৰু চিনামাটিৰে তৈয়াৰি মূৰ্ত্তি কেইটামান সজোৱা আছে।সুধ বগা টাৱেল এখন হেঙাৰত ওলমাই থোৱা আছে।ৰমনে ৱাড্ৰৱটো খুলি চালে।তাত চেম্পু,হেণ্ডৱাচ,বডি চেম্পু,ময়চাৰাইজাৰ থৰে থৰে সজোৱা আছে।লগতে লণ্ড্ৰী বেগ,হেঙাৰ কেইডালমান,এযোৰ চেণ্ডেল।ৰমনে বাথটাবত গৰম-ঠাণ্ডা পানীৰে পূৰ্ণ কৰিলৈ আস্বস্ত হ’ল।লৰালৰিকৈ গাটো ধুই ওলাই আহিল সিইতিমধ্যে অথনিৰল’ৰাটোৱে চাহ লৈ সোমাই আহিছিল।জাৰ্মান চিলভাৰৰ ট্ৰেত এযোৰ চকচকাই থকা ব’ন চায়নাৰ কাপ প্লেট,টি-কোজিৰে ধকা জাৰ্মান চিলভাৰৰ টি-পট।গাখীৰ আৰু চেনি দিছে বেলেগে চীনা মাটিৰ দুটা পাত্ৰত।এই সকলোবোৰ দেখিয়ে ৰমনৰ মনটো ভাল লাগি গ’ল।চাহকাপ খাই থাকোতেই ল’ৰাটোৱে ফায়াৰ-প্লেচত জুইকোৰা ঠিক কৰিথৈ গ’ল।চাহ কাপ খাই উঠি ৰমনে ডায়েৰীখন উলিয়াই ললে,ডায়েৰী লিখাটো তাৰ পুৰণি অভ্যাস।পুৱাৰ পৰা তেতিয়ালৈকে কি কি দেখিলে সি লিখি গ’ল।লিখি থাকোতে কেতিয়াযে সি টোপনি গ’ল গমেই নাপালে।হঠাত ল’ৰাটোৰ মাতত খক-মকাই সাৰ পাই উঠিল।“চাৰ খানা লগাম নে?টেবুলত দিম নে ৰুমত লগাই দিম ডিনাৰ।”ল’ৰাটোৱে সুধিলে।কেইটা বাজিল হাতৰ ঘড়ীটোলৈ চালে ।ইছ!দহ বাজিবৰ হল দেখুন।“বলা,গৈ আছো বুলি ৰমন বিচনাৰ পৰা উঠিলডাইনিং টেবুলৰ মাজত সজাই থোৱা আছে ফলমুলৰ এটা বাউৱেল।দীঘল মেটৰ ওপৰত থৰে থৰে বাচন সজাই ঢাকি থোৱা হৈছেচকীখন টানি বহাৰ লগে লগে ল’ৰাজনে আহি ব’ন চাইনাৰ এখন ডিচ্ আৰু এটা চুপ বাউৱেল লগাই দিলে আৰু এটা এটাকৈ ঢাকোন খুলি দি গল।ৰুমালি ৰুটি,টণ্ডুৰি চিকেন,বয়ল এগ,বেক কৰা মিক্সড চবজি,চিকেন চুপ আৰু এটা পৰ্চলিন বাটিত বিশুদ্ধ ক্ৰিম।খাই থাকোতে ৰান্ধনিজনে চিনাকি দি গ’ল,বৰুৱা চাটগয়াৰ মানুহ ।বাগানৰ বৃটিছ চাহাবৰ খানচামা আছিল,শুধ বগা ধুতি আৰু পাঞ্জাৱীৰে সৈতে দেখিলেই আপোন আপোন লগা এজন ব্যক্তি।বৰ সুন্দৰ ৰান্ধিছে বুলি ক’লত বৰুৱাৰ মুখত এক আত্মসন্তুষ্টিৰ হাঁহি ফুটি উঠিল।ৰমন যেতিয়া বিচনালৈ গৈছিল তেতিয়া প্ৰায় এঘাৰটা বাজিছিল।বৰুৱাই তাক দঢ়াই দঢ়াই কৈছিল ভয় নাখাবলৈ ,আৰু দৰকাৰ হলে মতিনক বা তেওঁক যাতে মাতি দিয়ে।বৰুৱাই ভয় নাখাবলৈ কোৱা কথাষাৰ ৰমনৰ অলপ অস্বাভাৱিক যেন লাগিল।বিচনাত উঠি বাৰে বাৰে বৰুৱাৰ ভয় নাখাবলৈ কোৱা কথাষাৰ মনলৈ আহিল।ৰমনে ভুত বিশ্বাস কৰা মানুহ নহয়,বহুত বাৰ আগতে বন্ধুৰ আগত ভুতৰ বাবেই চেলেঞ্জ দি থৈছে।কিমান শ্মশানত ৰাতি কটাইছে,ক’তা ৰাতি এটা বজাতো ভুত এটা পুৰি খাবলৈ নাপালেলাইটটো নুমুৱাই দি ৰমন শুই পৰিল।গভীৰ নিদ্ৰাত থকা ৰমন হঠাত মাজৰাতি টোপনিৰ পৰা সাৰ পাই উঠি বহিবলৈ লওঁতেই অনুভৱ কৰিলে কোনোবা যেন ৰুমটোত খোজ কাঢ়ি ঘুৰি  ফুৰিছে।গধুৰ ভৰিৰ আৱাজ লগতে হাড়কপোৱা কনকনীয়া এচাটি বতাহ।আচৰিত লাগিল তাৰ শুৱাৰ আগতে খিড়কীখনটো চাইছিল সি,তেন্তে?দুৱাৰখনো বৰুৱাৰ উতপাতত বন্ধ কৰি দিছিল।তেন্তে কোন সোমাল?কেঁট কুট নকৰাকৈ পৰি ৰল ৰমন।এনেদৰে পৰি থাকোতেই টোপনি গল সি।ৰাতিপুৱা টোপনিৰ পৰা সাৰ পায়ে বিচনাৰ পৰা জপিয়াই নামি খিড়িকীখন পৰীক্ষা কৰি চালে।নাই সকলো ঠিকেই আছে দুৱাৰখনৰো চিটকিনি লগোৱা হৈ আছে।ৰমনৰ নিজলৈকে হাঁহি উঠিল,সি তাৰমানে ভুতলৈ ভয় খোৱা নাই টো?সি নিজকে ক’লে-ভাগৰতে ভ্ৰম দেখিলো চাগে।দুৱাৰখন খুলি দি সি বাথৰুমত সোমাল মুৰটো বৰ গধুৰ লাগিছে,একেবাৰে গাটো ধুই ওলাই আহিল।ইতিমধ্যে মতিনে বিচনা পাৰি চিজিল কৰি থৈ গৈছে।সি বাথৰুমৰ পৰা ওলাই অহা গম পাই মতিনে চাহ খাবলৈ মাতি থৈ গ’ল।ৰাতি সিমান মন কৰা নাছিল ৰমনে,এতিয়াহে মন কৰিলে ডাইনিং ৰুমটো আহল বহল প্ৰকাণ্ড এটা হল ঘৰ কাষতে বাৰখন আটোমটোকাৰি সজোৱা আছে।কাচৰ গিলাচবোৰ ওপৰৰ পৰা হল্ডাৰ বোৰত ওলমাই সজাই ৰখা আছে।স্বকেচত নীলা সেউজীয়া ৰঙৰ  বেলভেডৰ ভডকা,টেংঙ্কুৱেৰে জিন্,বাকাৰ্ডি ৰাম,কাৰভয়জিয়েৰ কগনেকৰ বটল থৰে থৰে সজোৱা আছেতালৈ ভেবা লাগি চাই থকা দেখি বৰুৱাই মাত দিছিল-ডাঙৰ চাহাবে নাখাইছিল।সৰু চাহাবৰ বহুত চখ দেশী- বিদেশী পানীয়ৰে বাৰখন সজাই ৰখাটো।নিতৌ খাইছিল যদিও খালী হোৱা ঠাই বেলেগ বটলে পুনৰ পুৰ কৰি থৈছিল।কোনো দিনে বাৰখনৰ বটল খালী হৈ পৰি থকা দেখা নাছিল তাহাঁতে।বাৰখনক বুলিয়ে নহয় প্ৰতিটো বস্তুতে চকু আছিল সৰু চাহাবৰ।কোনো এটা বস্তু অলপ ইফাল সিফাল হবলৈ নিদিছিল।সিহঁতবোৰ সেইলৈ আজিও সচেতন।এটা স্বকেচ্ ত গল্ফৰ বলৰ সৈতে গল্ফৰ কিট্ সজাই থোৱা আছে লগতে বিভিন্ন ধৰনৰ ট্ৰফি আৰু কাপফটো এখনত কেইজনমান বৃটিছ চাহাবৰ সৈতে গল্ফ খেলি আছে।এখনত এটা ট্ৰফিলৈ ল’ৰা এজনে মিচিকিয়াই হাঁহি আছে।ওখ,স্বাস্হ্যবান,মিঠা বৰণৰ চফল ডেকা।বৰুৱাই ফটোখনলৈ আঙুলি দেখুৱাই কলে- এইয়া আমাৰ সৰু চাহাব।ৱালত লাইফ চাইজৰ এখন ফটো দেখি ৰমন ৰৈ গ’লফটোৰ মানুহজনৰ বয়স চল্লিছ বিৰাল্লিছ হব চাগে।ফটোখনলৈ একেথৰে চাই থাকি ৰমনৰ যোৱাকালিৰ ৰাতিটোলৈ মনত পৰি গ’ল।বৰুৱাক কিবা এটা সুধিম বুলি ৰৈ গ’ল।চাহাব ঢোকোৱা দুবছৰৰ আগতে তোলা ফটো-নিৰৱতা দুৰ কৰি বৰুৱাই কলেমনতে ভাবিলে আজি ৰাতিটো চোৱা যাওঁক।আহি এইবাৰ ৰমন  ডাইনিং টেবুলত বহিল।বৰুৱাই লৰালৰিকৈ টেবুলত বন চাইনাৰ সুধ বগা ডিচ্ সজাই দিলেহি।ডিচ্ খনত ব্ৰেডৰ চ্লাইচ চাৰিটা লগতে সৰু দুটা বাটিত মাখন আৰু জেম্।এখন সৰু পিৰিচ্ ত ডবল অমলেট।এখনত চচেজ অলপ।এটা বাটিত কেৰামেল কাষ্টাৰ্ড।চাৰ্ভ কৰি থাকোতে বৰুৱাই কৈ গ’ল এইবোৰ সকলো সৰু চাহাবৰ পচণ্ডৰ ডিচ্।ৰমনে কফি কাপ বাৰাণ্ডাতে দিবলৈ কৈ বাৰান্দাৰ হেলনীয়া চকীখন অলপ আগলৈ টানি আনি হেলান দিবলৈ লওঁতে মতিন দৌৰি আহিল “চাৰ আপুনি চকীখন ইয়াৰ পৰা লৰচৰ নকৰিব” কিয় বুলি সুধে মানে মতিন তাৰ পৰা আতৰি গৈছিলআজি অফিচ বন্ধ গতিকে ঘৰটোকে ঘুৰি চোৱা যাওঁক মনতে ভাবিলে।চাহ কাপ খাই বাৰাণ্ডাৰ পৰা নামি ল’ন খনত খোজ কাঢ়ি আগুৱাই গল।বিশাল বাৰীৰ কাষে কাষে উইপিং উইলৰ এটা শাৰী।লনখনৰ মাজতে বেঢ়াই থোৱা ফুলৰ বাগান।বিভিন্ন ৰঙৰ গোলাপেৰে জাতিষ্কাৰ হৈ আছে।চাৰিওফালে সৰু সৰু বাহৰ হেডজ্ ধুনীয়াকৈ সমানে কাটি ৰখা হৈছে।এঠাইত বহিব পৰাকৈ খেৰৰ চালিৰে এটা খোলামেলা ঘৰ ।বেটৰ মজবুট চোফাকাষে কাষে বিভিন্ন ৰঙী ফুলৰ টাব।ৰমনে তাতে বহু পৰ বহি বাংলোটোলৈ চাই ৰ’ল।তাৰ পৰা ওপৰলৈ যোৱা চিড়িটো ভালদৰে দেখা যায়।এপাকত বহাৰ পৰা উঠি ৰমন লাহে লাহে ওপৰলৈ উঠি গ’ল।ঘুৰখোৱা চিড়িৰ আনটো মুৰত দীঘল বাৰান্দা।তাত থৰে থৰে বিদেশৰ পৰা অনা এনটিক্ পিচৰ্ সমাহাৰ।ব্লেক মেটেলৰ ডাঙৰ সৰু কেইবাটাও ঊট।নিগ্ৰু মতা-মাইকীৰ সৈতে লৰা-ছোৱালী এহালৰ মুৰ্ত্তি।তাল গছেৰ দুটা টাব আৰু আছে বিভিন্ন অৰনামেন্টেল পাতেৰে কেইবাটাও টাব থৰে থৰে সজাই থোৱাভিতৰলৈ উকি মাৰি চাওঁতে দেখা পালে এটা আহল বহল আটক ধুনীয়া ড্ৰইংৰুম।ভিতৰলৈ সোমাবলৈ মন আছিল যদিওঁ মতিনে মাত দিয়াত তললৈ নামি আহিল।ঘড়ীটো চাই আচৰিত হ’ল ৰমন ঘুৰি ঘুৰি চাওতেই এটা বাজিল বুলি গমেই পোৱা নাছিল সি।তললৈ অহাৰ লগে লগে মতিনে কলে- “চাৰ ভাত লগাই দিব নেকি বৰুৱাই সুধিছে?”“হব লগাব দিয়া” এইবুলি কৈ ৰমন বাথৰুমত সোমাল।ৰমন বাথৰুমৰ পৰা আহি যেতিয়া টেবুলত বহিছিল তেতিয়া চাৰিওফালে খোৱা বস্তুৰ সুগন্ধি বিয়পি পৰিছিল।কণি জহা চাউলৰ তপত ভাতৰ লগত আছে পাতলকৈ বনোৱা মুৰ্গী মাংসৰ ঝুল।ঢেকীয়া শাকৰ ভাজি,মাছৰ চৰচৰি,মাছৰ মাথাৰ মুড়ী ঘন্ট,বিলাহী তিয়হৰ চালাড।আজি লান্সত ইমানেই বুলি অকৰাৰ দৰে বৰুৱাই হাঁহি দেখুৱালে।সকলো বিলাকৰ পৰাই অলপ অলপ তৰকাৰীৰ সুৱাদ ললে ৰমনে।খাই উঠাৰ লগে লগে তামুলৰ বটাটো আগবঢ়াই দি বৰুৱাই খাবলৈ কেনে পালে সুধিলে।সচাই বৰ সুস্বাদু আছিল আজিৰ আহাৰ ।ৰমনে পৰম তৃপ্তিৰে সৈতে যে খালে তাকে কলে বৰুৱাক।বৰুৱাক খুব উৎফুলিত হোৱা দেখা গ’ল।ৰমনে বৰুৱাই মুখৰ ভিতৰতে কোৱা শুনা পালে “চাহাবৰ ইজ্জতৰ কথা আছেসকলোবোৰ কিবা বৰ ৰহস্য ময়।এজন মানুহ ঢোকোৱা আজি দহ পোন্ধৰ বছৰ হৈ গ’ল অথচ আলহী অতিথিক আজিও তেওঁ ভাল পোৱা ডিচ্ খোৱাৰ নিয়ম।খাবলৈ ভাল হোৱা নোহোৱাটো এজন মৃতকৰ ইজ্জতৰ কথা থকা,বস্তু ইফাল সিফাল কৰিবলৈ নিদিয়া-অথচ চাহাবৰ আগলৈ পিচলৈ বুলি থকা ঘৈণীয়েকো ইয়াত নাথাকে।তেন্তে কাৰ বাবে ইমান নিয়ম।এই সকলোবোৰ মিলি ৰমনৰ কিবা আলৌকিক ৰহস্যময় যেন লাগিল।অকমান ৰেষ্ট লম বুলি ৰমন ৰুমত সোমাই বিচনাত পৰি ঘৰটোত কি কি দেখিলে,ৰহস্যময় বাবুৰ্চি,চাৰিওফালৰ পৰিবেশৰ কথা লিখি গ’ল তাৰ ডায়েৰীত।চকু টানি ধৰিছে তাৰ যোৱা ৰাতিও ভালদৰে টোপনি মাৰিব পৰা নাই,আজিও ৰাতি সাৰে থকাৰ কথা মনতে পাঙি থৈছে গতিকে অলপ টোপনি যাবলৈ চেষ্টা কৰিলে।টোপনি গৈ কেতিয়া যে গধুলি সাত বাজিল গমকে নাপালে।মতিনে আহি মাত নিদিয়া হলে চাগৈ কেতিয়া যে সাৰ পালেহেতেন।“চাহ দিম নেকি চাহাব?”
“দিবলৈ কোৱা মই গৈ আছো”বুলি ৰমন বাথৰুমত সোমাল।চাহ খাই খাই বৰুৱাৰ লগত সৰু চাহাবৰ বিষয়ে বহুত কথাই গম পালে।এবাৰত ৰমনে হঠাত বৰুৱাক সুধিলে-“মেমচাহাবৰ লগত চাহাবৰ সমন্ধ কেনে আছিল?”বৰুৱাই কৈ গ’ল-চাহাবে ফুৰি বহুত ভাল পাইছিল।শনিবাৰ দেওবাৰ হলেই ভকচ্-ৱেগনত মেমচাহাবক লৈ চিলং-চেৰাপুঞ্জি ফুৰিবলৈ ওলায়।খোব মিল আছিল দুয়োৰে,মেমচাহাবে হাঁহি বৰ ভাল পাইছিল আৰু চাহাবে হঁহোৱাই।মেমচাহাবকলৈ চাহাব বহুত সুখী আছিল যেন দেখা গৈছিল,আৰু মেমচাহাবৰ চাহাবক লৈয়ে পৃথিৱী ঘুৰিছিল।চাহাব আৰু মেমে কোনোদিন আমাক টানকৈ এষাৰ কথা কোৱা নাছিল,ভুল কৰিলে হাতত ধৰি শিকাই দিছিল চাহাবে
ইমান হাঁহি ফুৰ্তিৰ এখন ঘৰত কোন কুলক্ষণীৰ নজৰ লাগিল নাজানো।হঠাৎ এদিনৰ বেমাৰত চাহাবে আমাক সকলোকে এৰি গুচি গৈছিলতাৰ পিছত এটা বছৰ মাত্ৰ মেমচাহাব ইয়াত আছিল,হাঁহিব কান্দিবলৈ পাহৰি গৈছিল তেওঁ।মাজে মাজে চাহাবৰ কিবকিবি কথাকৈ চাহাবে তেখেতক যাওঁ বুলিয়ে এৰি গল বুলি অভিমান কৰিছিল।হঠাৎ এদিন ঘৰৰ সকলো চাবি কাঠি মানসদাৰ হাতত গতাই আমাক সকলো দায়িত্ব দি গুচি গৈছিল নিজৰ জন্ম হোৱা ঠাইলৈ।চাৰ চাহাবহঁতৰ বংশত কিবা শাও আছে, আগত চাহাবে মেমচাহাবক কোৱা শুনিছো।বংশৰ মতা মানুহবোৰ বেচি দিন জীয়াই নাথাকে।এইবোৰ কথা কলে মেমচাহাবে একো নামাতে খঙত উঠি গুচি গৈছিল।এদিন মেমচাহাবৰ আগত চাহাবে মই পঞ্চাশ বছৰ জীয়াই থাকিম কওঁতে বহুত কান্দিছিল।আচৰিত কথা ৰমন চাহাব-আমাৰ চাহাব পঞ্চাশ বছৰ বয়সতে মৰিছিল।চাহাব মৰি গল কিন্তু আমি নাভাবো চাহাব নাই আমি এতিয়াওঁ অনুভৱ কৰো চাহাব আছে আমাৰ লগতে।কিবা কথাত খেলিমেলি লাগিলেই তেওঁ যেন আমাক কাণে কাণে উপায় দি যায়।বহুত আশাৰে মেমচাহাবৰ বাবে বাংলোটো বনাইছিল চাহাবে আৰু মেমচাহাবক বাৰেবাৰে কৈছিল মই নাথাকিলেও এই ঘৰ এৰি নাযাবা বুলি।মেমচাহাব নথকাৰ কাৰণেই চাগে চাহাবৰ আত্মাই শান্তি নাইপোৱা।একে উশাহতে সকলোখিনি কৈ বৰুৱাই চকুলো মুছিলে।কৈ কৈ অলপ আবেগিকহৈ পৰিল বৰুৱা।চাৰ ভাত বনাওগৈ বুলি বৰুৱা আতৰি গ’ল।ৰমন উঠিগৈ বাৰান্দাত বহিলগৈ।মনটো কিবা গধুৰ গধুৰ লাগিল বৰুৱাৰ কথাবোৰ শুনি।হাঁহি ধেমালিৰে হুলস্হুল হৈ থকা এখন ঘৰ চকুৰ আগত ভাহি আহিল।ডাইনিং ৰুমৰ পৰা উঠি আহোতে বৰুৱাৰ সৰু চাহাবৰ ফটোখনলৈ চকু পৰি এনে লাগিছিল যেন ছবিৰ মানুহজনৰ মনটোও যেন আজি বিষন্ন।
    কালিৰ মিটিংৰ কাৰণে প্ৰজেক্ট প্ৰিপেয়াৰ কৰিব লাগে এনেকৈ থাকিলে নহব।আৰু মাত্ৰ চাৰিদিন আছে গুৱাহাটিত।তাৰ মাজতে কামাখ্যা দৰ্শনৰ আশাও মনত পুহি ৰাখিছে সি।লৰালৰিকৈ উঠি আহিল ৰমন বহাৰ পৰা।অফিচৰ ফাইলটো লৈ আওঁৰাই গ’ল সি।সকলো বোৰ আয়ত্বলৈ অহাৰ পিচত কিছু আশ্বস্ত হ’ল।কালি তাৰ প্ৰেজেনটেচনৰ ওপৰতে গোটেই কোম্পানিৰ লাভ লোকচান নিৰ্ভৰ কৰিব গতিকে সি প্ৰেজেনটেচনৰ ক্ষেত্ৰত অতি সাৱধান হোৱা জৰুৰি।ফাইল সামৰি সি বিচনাত দীঘল দিলে মনটো আকৌ উৰি গ’ল বৰুৱাই কোৱা সৰু চাহাবৰ কথা বোৰলৈ।ৰাতি ন বজাত বৰুৱাক ডিনাৰ দিবলৈ কৈছে সি কালি সোনকালে উঠিব লাগিব।পিচ ৰাতি পাৰিলে আজি সাৰ পাই থাকিব লাগিব।ডিনাৰ আজি সি লাইতকৈ দিব কৈছে সেইবাবে বৰুৱাই ক্লিয়েৰ চুপ,গ্ৰিলড বেকন,ৰাছিয়ান চালাড,মাৰ্মলেড,ব্ৰেড টুষ্ট দিছে।ডিনাৰ খাই ৰমন বিচনাত পৰিল।আজি শুৱাৰ আগতে খিড়িকীখন ভালকৈ বাৰে বাৰে পৰীক্ষা কৰিলৈছে সিদৰজাখনৰ হুকটো ভালদৰে লগাই লৈছে।বিচনাৰ কাষৰ কৰ্ণাৰ টেবুলখন বিচনাত উঠাৰ আগতে দৰজাৰ মুখত দি লব লাগিব।দেখা যাওঁক আজি সৰু চাহাবে কি নাটক কৰে।বাথৰুমত মুখ ধুই থাকোতে অন্যমনস্কৰ ফলত টেপৰ পানী আহি ফ্লৰত পৰিল।ৱাইপাৰ ডালেৰে শুকুৱাবলৈ চেষ্টা কৰি বিফল হৈ ভাবিলে কালি মতিনক কথাটো কব লাগিব।ৰমন আহি বিচনাত পৰিলহি।বিচনাতে চাটিফুটি কৰি এসময়ত সি টোপনি গ’ল।ৰাতি গভীৰ হৈ আহিল।মাজ ৰাতি বাথৰুমৰ ৱাইপাৰৰে কোনোবাই যেন ফ্লৰখন শুকোৱাবলৈ যত্ন কৰিছে।কাণ উনাই শুনিবলৈ যত্ন কৰোতেই আৱাজ নাইকীয়া হ’ল।লগে লগে এচাটি হাড় কপোৱা বতাহ ৰমনৰ কাণ চুই পাৰহৈ গ’ল।তাৰ পিছতে গধুৰ ভৰিৰ আৱাজ।এটা আবচা আবচা পোহৰত ওখ ছাঁয়া আহি তাৰ বিচনাৰ সন্মুখৰ চকীত বহি বৰুৱাই কোৱা কাহিনীয়ে বিষন্নতাৰে কলে ।তেওঁৰ পত্নীয়ে তেওঁক এৰি যোৱাৰ বাবে খুব কষ্ট পাই আছে।ছাঁহ পৰা যেন এটা মাত ভািহ আিহল –‘তেওঁক বুজাব কোনে?তেওঁৰ বাবেই অত আগ্ৰহেৰে ঘৰ বান্ধিলোনহলে মই আছিলো অঘৰী জীৱন ভালপোৱা মানুহ,সেই মানুহটোক তেওঁৱে প্ৰেমেৰে বান্ধিলে।তেওঁৰ অবিহনে বৰ কষ্ট পাইছো’ এইবুলি মানুহজন হঠাৎ অন্তৰ্ধ্যান হল।খকমককৈ সাৰ পাই ৰমনে নিজকে ৰুমৰ ফায়াৰপ্লেচৰ সন্মুখৰ চোফাখনত বহি থকা অৱস্হাত আৱিস্কাৰ কৰিলে।তাৰ চোফাখন আনখন চোফাৰৰ মুখা মুখি হৈ আছে।আৰু বিচনাৰ কাষৰ কৰ্ণাৰৰ টেবুলখন আগৰ স্হানতে আছে ।মনতে ভাবিলে সি কি কালি টেবুলখন দৰজাৰ মুখত দিবলৈ পাহৰিল নেকি?আৰু সি চোফাত কেনেকৈ?নিশ্চয় চোফাখনত বহি কিবাকিবি ভাবি থাকোতে চাগে তাতে টুপনি গল।কিবা এটা মনত পৰি বাথৰুম পালেগৈ।নাই ফ্লৰখন প্ৰথম দিনৰ দৰেই চকচকিয়া হৈ আছে পানীৰ কটোৱে দাগ এটা নাই।মনটো কিবা দুধুৰ মুধুৰ লাগিল।ব্ৰেকফাষ্ট কৰি থাকোতে বৰুৱাক তাৰ মেম চাহাবৰ ঠিকনাটো সুধি টুকি ললে।মনতে ভাবিলে যোৱাৰ আগতে এবাৰ তেওঁক মই লগ পোৱা উচিতলাগিলে কামাখ্যা দৰ্শন এই বাৰলৈ স্হগিত কৰিব।
     টেলিপেথি টেলিপেথি ৰমনে মনতে ভাবিলে সি যাক বিচাৰি হাবাথুৰি খাইছিল তেওঁ নিজে আহি উপস্হিত হৈছেহি।অফিচৰ পৰা অহাৰ লগে লগে হাঁহি খবৰ দিছিল বাবুৰ্চি বৰুৱাই।আজৰি হৈ আহি সৰু মেম চাহাবক তাৰ ৰুমলৈ মাতি আনিছিল।শুকোলা চুলিৰে সৈতে বগা মানুহগৰাকী।জুঙা নাকত এটা সৰু ফুলি,পাথৰটো জিলিকি আছে।মুখত বয়সৰ আচুৰ পৰিছেআগৰাতিৰ গোটেই ঘটনা অতিৰঞ্জিত নকৰাকৈ সি তেওঁৰ আগত কৈ গ’ল।মনে মনে সকলো শুনি গ’ল মাথো।মুখৰ অভিব্যক্তিৰ পৰা ৰমনে মেমচাহাবৰ মনৰ কথা একো অনুমান কৰিব নোৱাৰিলে।কিছু সময় বহি মেমচাহাব নিজৰ ৰুমলৈ গ’ল।পিচদিনা ৰাতিপুৱাই ৰমনক ওপৰত তেওঁৰ ৰুমলৈ মাতি পঠিয়াই জনালে তেওঁ আৰু ঘুৰি নাযায়।এই হাউচ নং-12তে জীৱনৰ বাকী থকা কালচোৱা  কটাবএটা বহুত ডাঙৰ প্ৰেজেক্ট সফল হ’ল যেন লাগিল ৰমনৰ।কামাখ্যা মাৰ সন্মুখত মুৰ দুৱাই জীৱনত প্ৰথম বাৰৰ বাবে পৰিয়ালৰ বাহিৰৰ কাৰোবাৰ বাবে সেৱা ভিক্ষা কৰিলে ৰমনে। অস্ফুট মাতেৰে দেৱী মাক কলে-সুখী কৰা হাউচ নং-12ৰ চাহাব-মেমক
      

মৃত্যুৰ সিপাৰে জীৱন
জীৱনৰ এটা দীঘলীয়া পৰিক্ৰমা অকলষৰীয়াকৈ অতিক্ৰম কৰাৰ পিচত মোৰ হৃদৰোগত কালি মৃত্যু হল।মৃত্যুৰ অৰ্থ কি বিচাৰি হাবাথুৰি খোৱা মইজনীৰ কায়িক মৃত্যু হল।মই ইমান দিনে প্ৰকৃত অৰ্থত জীয়াই আছিলো জানো।জীৱনৰ পঞ্চলিচটা বছৰ বয়সতে  সংগী হেৰুৱাইছিলো মাত্ৰ দহটা বছৰৰ বাবে আছিল মোৰ  সংসাৰৰ পৰিক্ৰমা।লৰাটোৰ নমাহতে এৰি থৈ যোৱা স্বামীয়ে মুখ ঘুৰাই লোৱাৰ পিচত মুনৰ সৈতে জীৱনৰ নটা বছৰ অতিক্ৰম কৰাৰ পিচত সংগী হেৰুৱাই মুক হৈ পৰিছিলো ভিতৰি ভিতৰিবিচাৰি ফুৰিছিল মনটোৱে মুনক তাৰ মৃত্যুৰ পিচৰ দিনাই ৰাতিৰ আন্ধাৰত।মুনক কিজানি এটিবাৰ দেখা পামবাহ লৈছিল কিছুমান প্ৰশ্নই –মানুহ মৃত্যুৰ পিচত কলৈ যায়।পাৰি নেকি মৃতকক পুনৰ ঘুৰাই আনিবলৈ এনেধৰনৰ আবোল তাবোল বহুত চিন্তা।তাৰ পিচৰ প্ৰতি মুহুৰ্ততে জীৱনটো পিচলৈ চালে হা হুতাশা হুমুনিয়াৰে আৱৰি ধৰে।আৰু আগলৈ চালে হেৰাই যোৱা জন কত হেৰাইগল তাৰ চিন্তাই  মন চটফট কৰে।কিবা এটা খালী খালী জীৱনটোত শূণ্যটাই বেৰিকুৰি ধৰে।ৰাতিপুৱা উঠাৰ লগে লগে অনুভৱ হয় জীৱনটোত আছে কি?মাথো হেৰুৱাৰ বেদনা।মোৰ জীৱনৰ সৈতে জড়িতহৈ হঠাত ঠিকনা বিহীন ভাবে হেৰাই যোৱা মানুহ বোৰলৈ মনত পৰি বুকুখন কেকুৰী উঠে।সচৰাচৰ তিনিখন মুখৰ কৰুণ চাৱনিয়ে  বৰকৈ আমনি দিয়ে।তাৰে এখন মোৰ দেউতাৰ,এখন মোৰ প্ৰাণতকৈয়ো ভালপোৱা মোৰ স্বামী আৰু জীৱনত যাক আদ বয়সতে হেৰুৱাই পেলোৱা বেদনাই দহি থকা বন্ধু ভিকি,যি কম বয়সতে সংসাৰৰ মায়া এৰি গুচি গৈছিল মোৰ প্ৰতি এবুকু অভিমান লৈ।আৰু  দি গৈছিল সহস্ৰ বেদনা বুকুত বান্ধি লৈ ফুৰিব পৰাকৈহেৰুৱা মানুহবোৰৰ স্মৃতি লাহে লাহে মোৰ সহচৰ হৈ পৰিছিলদিনে ৰাতিয়ে সেইবোৰে খেদি লৈ ফুৰেমোক।
   মৃত্যুৰ পিচতে কি কৰিম নকৰিম কৈ মোৰ শৰীৰটোৰ চাৰিওফালে একো বুজিব নোৱাৰি ঘুৰিব লাগিলোকত যাম কি কৰিম ভাবি আকৌ শৰীৰটোৰ ভিতৰত সোমাবলৈ চেষ্টা কৰি বিফল হলমানে ই মৰিলনেকি?এয়াই মৃত্যু নেকি।মই জীয়াই আছো নাই চাবলৈ নিজকে চিকুটি চালোনাই সেইবোৰ একো অনুভৱ নহল।
মানুহবোৰে মোৰ শৰীৰটোত বগা কাপোৰেৰে ঢাকি দিছে।কোনোবাই কপাহ দুটুকুৰা মোৰ নাকত গুজি দিব লওঁতে মই চিঞৰি উঠিলো
-কি কৰা কি কৰা উশাহ নাপাই মৰিমচোন।
মোৰ কথা সম্পূৰ্ণ অগ্ৰাহ্য কৰি মানুহজনে নাকত কপাহৰ বল দুটা ঠেচি ঠেচি সোমোৱাই দিলে।উফ কি কষ্ট।কোনোবাই কপাহেৰে মোৰ কোঁৱাৰিয়েদি বৈ যোৱা তেজৰ সুতাটো মোহাৰি দি গল।কোনোবা এজনে কোৱা শুনিলো মাহ-হালধি বটা হৈছে যদি এইফালে লৈ আহিব লাগে।
সৌৱা মোৰ লৰা খবৰ পাইয়ে দৌৰি আহিছে মোৰ কাষলৈ।বিষন্ন মনেৰে একেথৰে মোৰ দেহাটোলৈ চাই আছে।বেচেৰাৰ ভালে বেয়াই চিন্তা কৰিবলৈ কাষত মই মাক জনীয়ে আছিলো তাৰ জীৱনৰ সৈতে জড়িত হৈ ।আজিৰ পৰা মা বুলি কবলৈও নাইকিয়া হল।ঘাট মাউৰা হল বেচেৰা।দেউতাক ঢুকাওতেও তাক এনেদৰে মন মাৰি বহি থকা দেখা পাইছিলো।তেতিয়া তাৰ কাষত সাহস দিবলৈ মই আছিলো।অদৃষ্ট জনক স্মৰন কৰি কলো
-তোমাৰ লৰা প্ৰভু তুমি সম্ভালিবা।
তাৰ হাতত দিয়া মাহ-হালধিৰ বাটিটোৰ পৰা হাতত অলপ লৈ আলফুলে মোৰ গালত সানি দি মুখলৈ অপলক দৃষ্টিৰে চাই ৰল।।তাৰ চাৱনিটোত কিমান যে কৰুণা লোকাই আছে।বুকুখন মুছৰ খাই উঠিল।তাৰ কাষত বহি তাক বোজাবলৈ যত্ন কৰিলো
-জু মাইনা ,দুখ নকৰিবি মই আছো নহয়।তই যেতিয়াই বিচাৰিবি তেতিয়াই তোৰ কাষত থিয় হমহি।এতিয়াতো মই শৰীৰটো কঢ়িয়াই লৈ ফুৰিব নালাগে বাচ-ঘাট কৰি।
সি মোৰ কথাবোৰ শুনা যেন নালাগিল।হয়তু, সি কেনেকৈ শুনিব মোৰটো মৃত্যু হল।এতিয়া মই টেটু ফালি চিঞৰিলেও কোনেও নুশুনে।
-উফ!চকুত মাহ-হালধি সোমাব অলপ সাৱধানে নকৰে কিয়?পুহ মাহৰ ঠাণ্ডাত মোক ইমান উদঙকৈ কিয় ৰাখিব লাগে।নিউমুনিয়া হৈ মৰিম দেখোন।
হঠাত সম্বিত আহিল ধেততেৰি কি আবোল-তাবোল ভাবিছো।এতিয়াতো মোক কোনো অনুভৱে তলাব নোৱাৰে।মোক মাৰিলে কাটিলেও মানে দুখ নাপাওঁ তেনেহলে।কিন্তু মনটো?মনটোৰ আবেগ খিনিৰ কি হব?সেইবোৰ চাগে শৰীৰটো জ্বলাই দিয়াৰ লগে লগে জ্বলি ছাঁই হৈ যাব মনতে ভাবিলো।লাহেলাহে মোৰ শৰীৰটো এৰি বাহিৰ পালোগে।জু মইনাৰ লগৰ দুটামানে এডাল বাঁহ তিনি চেউ কৈ কাটি মোক উঠাই নিবলৈ চাঙী সাজিছে।ইমান চিৰিয়াচ হৈ থকাৰ মাজতে লগৰ এটাই কিবা এটা ধেমালী কৰিলত এটাই খুক খুককৈ হাঁহি দিলে।বিৰক্তিৰে তাত সমবেত বাকী মানুহবোৰে তালৈ চাই পঠিয়ালে।লগে লগে সি পৰিস্হিতি গোমা হৈ যোৱা যেন অনুভৱ কৰি পুনৰ মনুযোগেৰে চাঙিখন গুঠাত লাগিল।ভাল নালাগিল মোৰ কিয় মই মৰিলো বুলিয়ে ইমান দুখ কৰি থাকিব লাগে।আনন্দ মনেৰে বিদায় দিয়াতো বিচাৰিছিলো মনে প্ৰাণে।হাঁহ তহঁতি ,মই সদায় হাঁহি-হঁহোৱাই ভালপোৱা মানুহজনীৰ মৃত্যুত কিয় ইমান চকুলো।ইফালে সিফালে চাওঁতে আকালালৈ চকু গল।আকালা ইমচেন্ এসময়ত কমখন উপকাৰ কৰি থৈছে নে তাই।সেইবোৰৰ হিচাবৰ অন্ত নহব কৈ।তাইৰ কাষত বগা চুলিৰে ধকেধকি বগী জনী গোমা।দুইজনীয়ে ইজনী সিজনীক ধৰি চকুলো টুকিছেবিপদে আপদেদুইজনীয়ে অতদিনে মোক এৰা নাইহঠাত চকু গললাখুটিত ভৰ দি থিয় হৈ আছে বিজুবিষন্ন মনেৰে বিদায় দিবলৈ আহিছে মোক।মোক শেষৰটো ষ্টেচনত এৰিবলৈ আহিছে।তাৰ পৰা মোৰ হব অকলশৰীয়া অনন্ত যাত্ৰা।দুৰৈত সৌৱা অৰ্জুন এসময়ত মোৰ দুখৰ দিনৰ সহচৰ।মোৰ জীৱনৰ খলাবমা পথৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী।কোনো কোনো সময়ত মোৰ জীৱনৰ আৰ্থিক স্বচ্ছলতাৰ বাবে চিন্তিত হৈ মোক দিশ দেখোৱা এক অৰ্থত পথপ্ৰদৰ্শক।কুঁৱাটোৰ কাষত দেৱজিত বেংকৰ কাম কাজ বোৰত সহায় কৰোতে কৰোতে বন্ধু হৈ পৰিছিলো আমি।একে দৃষ্টিৰে চাঙীখনলৈ চাই আছে।বাবলু দা ,সংগীতাই শৱটো সোনকালে যাতে উলিয়াই দিব পাৰি তাৰ বাবে আগ ভাগ লৈছে।আৰু এজন আহিব বুলি আশা কৰি ইফালে সিফালে চালোনাই দেখোন। মোৰ শেষৰ দিনটোতো অভিমান নকমিল তাৰ।মন নাছিল এই পৃথিৱী এৰাৰ সময়তো কাৰোবাৰ মনত মোৰ প্ৰতি খং অভিমান দি যাবলৈ।যোৱাৰ আগতে সকলোৰে সৈতে ভালপোৱাৰ-খং-অভিমানৰ হিচাব –নিকাচ  কৰি যাব বিচাৰিছিলো।সেইবাবে লৰাটোৰ হাতত ডায়েৰীখন দি গৈছিলো।সকলোবোৰৰ নাম আৰু ঠিকনা –ফোন নম্বৰ সহ।যাতে তেওঁলোকক মোৰ মৃত্যুৰ লগেলগে খবৰ দিব পাৰে সি।সেইমতে খবৰ দিছিল সি।তেনেহলে বালি কিয় নাহিল?ভিতৰত কান্দোনৰ ৰোল উঠিছে।
-এই ভৰিটোৰ বিষটোৰ বাবে খৰকৈয়ে যাব নোৱাৰি নহয়।মনতে ভাবি ভিতৰলৈ যাবলৈ খোজ লব লৈছো আৰু ।কিন্তু ই কি মোৰ দেখোন ভৰিটোৰ বিষেই নাই খৰকৈ ভিতৰলৈ যাবলৈ লৈ ওপঙি শূণ্যতে ভাহি ভিতৰ পালোহি।তেতিয়াহে সম্বিত ঘুৰি আহিল অহ মোৰ মৃত্যু হল যোৱা কালি।
শৰীৰটোৰ কাষ চাপি গলোদেখা পালো কোনোবাই গেন্ডা ফুলৰ মালা আনি মোৰ ডিঙিত পিন্ধাই দিছেঠিক মুনক পিন্ধোৱাৰ দৰে।মই কাষলৈ আহি নিজৰ মুখখন চালোখুব প্ৰশান্তিৰে টোপনি যোৱা যেন লাগিছেশুই থকা মুখখন দেখিলে কাৰো বুজি পোৱাৰসাধ্য নাই মই অন্তৰত কিমান গভীৰ ঘাঁ এটোকোৰা কঢ়িয়াই লৈ ফুৰিছিলো।কোনোবাই কোনোবাই কোৱা শুনিলো
-মানুহজনীয়ে আজি ভব সাগৰৰ পৰা মুক্তি পালে।পৃথিৱীৰ দুখ কষ্টৰ অন্ত পৰিল।
-খৰ কৰিব লাগে।কালি দিনতে ঢুকাল মানুহজনী।ডেড বডিৰ পৰা গোন্ধ ওলালে মানুহবোৰৰ কষ্ট হব।
হয়তু,মৃত্যুৰ পিচত এই শৰীৰৰ কি কাম।অথচ এই দেহাটো লৈ কিমান সাজোন-কাচোন এসময়ত।আজিৰ পৰা এই শৰীৰৰ মায়া মই মৰাৰ লগে লগেই শেষ।মই এতিয়া আৱেগ-অনুভুতি হীন এটা মৰাশ।কালিলৈকে মা বুলি সাৱটি লোৱা মোৰ দেহটো আজি মোৰ লৰাৰ বাবেও এটা ডেড বডি হবলৈ বাধ্য।
পাটিৰ মাজত বান্ধি মোক  চাঙীৰ কাষলৈ নিয়া হল।মই অবাক হৈ চাই ৰলো।মানস মোৰ ভাই তই জু-মইনাক চাবি আজিৰ পৰা বুলি কৈ মানসৰ হাতখন ধৰিবলৈ যত্ন কৰিলো।তাৰ হাতত এথোপা ফুল।সি জানে মই ফুল বৰ ভাল পাওঁ।ফুল থোপা চাঙীখনৰ কাষত থৈ “দেই” বুলি হুক হুকাই কান্দি উঠিল।
-তই ভাগি পৰিলে জু মইনাক কোনে চাব মই চিঞৰি উঠিলো।
সি যেন কিবা এটা বুজি উঠিল।প্ৰকৃতস্হ হৈ জু মইনাক সহায় কৰি দিলে চাঙী খন ডাঙি লোৱাত।মোক উঠাব লওঁতে কোবা কোবিকৈ বুঢ়া তকলা মানুহ এজন হাতত এথোপা ৰঙা গোলাপ লৈ আগবাঢ়ি আহিল।
-ৰবা মোক শেষ বাৰৰ বাবে তাইৰ হেপাহৰ ফুল খিনি দিবলৈ দিয়া।মানুহজনে কলে।কাষলৈ গৈ জুপি চালো।
-তই আজিও অহাত পলম কৰিলি বালি,কাণৰ কাষত ফুচ ফুচাই কলো।
সি মোৰ মুখ খনলৈ অপলক দৃষ্টিৰে চাই বিৰবিৰাই কোৱা শুনিলো
-আমিও গৈ আছো ।ৰবি গৈ তাত।আমিও তোৰ পথৰে যাত্ৰী।বহুত কষ্ট পালি তই।পাৰিলে ক্ষমা কৰিবি।
দুৰৈৰ কৰবাত বাজিব ধৰিছে-“মই যেতিয়া এই জীৱনৰ মায়া এৰি গুচি যাম,আশা কৰো মোৰ চিতাৰ কাষত তোমাৰ সহাৰি পাম”
মোৰ দেহটো চাঙীখনৰ সৈতে ৰচিৰে বান্ধি স্বৰ্গ ৰথত উঠাই দিয়া হল।গাড়ীখনত মোৰ শটোৰ কাষত ময়ো থিয় হলো।গাড়ী আগবাঢ়িল।গৈ গৈ আমি নৱগ্ৰহ পালোগৈমানুহটোক ইয়াতে চিতাৰ জুইয়ে সামৰি লৈছিল আজি মইও সেই চিতাৰ জুইৰ পৰা ওলোৱা ধোঁৱাৰ সৈতে তাৰ কাষ পামগৈ।পৃথিৱীতে এৰি যাম মোৰ মায়া মুহ।লাহেলাহে জুইয়ে মোৰ শৰীৰটো আবৰি ধৰিলে।কিন্তু পালো জানো মুক্তি দুখ –কষ্টৰ পৰা।শৰীৰটো জুইৰ মাজত বিলীনহৈ যাওঁতেটো মনৰ সকলো আবেগ শেষ হব লাগিছিল।কতা মই দেখোন আবেগিক হৈয়ে আছো এতিয়াওঁ।শৰীৰটো পুৰি ছাই হৈ যোৱাৰ পিচত মানুহবোৰ ঘৰা ঘৰি গল।মই কি কৰো এতিয়া যাওঁ কলৈ?
 
   হঠাত বতাহ ধুলিৰে এটা চাকনৈয়া মোক ঘেৰি চাৰিওফালে ঘুৰিব লাগিল কি হৈছে ধৰিব পৰাৰ আগতেই মোক সেই চাকনৈয়াই মাজত লৈ টানি নিয়াদি উৰুৱাই নিবলৈ ধৰিলে।গৈ এখন নিৰ্জন ঠাইত মোক এৰি চাকনৈয়াটো হঠাত নাইকীয়া হৈ গল।ইফালে সিফালে চালো জনশূণ্য কৰবাত ওলমি আছোহিকাৰোবাক দেখো নেকি?মনলৈ  ভাহি আহিল হেৰাই যোৱা মুখ বোৰ।ইফালে সিফালে বিচৰাত লাগিলো দেউতাক।যাক পুনৰ লগ পাম বুলি অনন্ত আশা পুহি ৰাখিছিলো।দেউতাক হেৰুৱাৰ দিনৰ পৰা মই নিজক বুজাইছো।কেতিয়াবা বুকুৰ মাজত লোকোৱাই ৰখা শোকটোৱে বিশ্বাসঘাটক কৰি বুকুৰে উজাই আহিব বিচাৰে।তত মুহূৰ্তত মনলৈ আহে
-মই আক’ কিয় কান্দিছো।দেউতাটো সৌ আকাশৰ সিপাৰে মোলৈ বাট চাই আছে।
মই অলপো পলম নকৰি চিঞৰি উঠিলো
-দেতা ,অ তা ক’ত তই?
-মৰমৰ মানুহটো ঐ তইনো কত।তোক এটিবাৰ চাবলৈকে অতদুৰ বাট ...
মোৰ মাতটো কৰবাত ঠেকা খাই মোলৈকে ভাহি আহিল।সন্মুখলৈ তেতিয়াহে মন কৰিলো মই যত ৰৈ আছো তাৰ পৰা এটা আহল-বহল গছৰ মাজেৰে ৰাস্তা ।গছ বোৰত ৰঙা-নীলা-সুমথিৰা নাম নজনা কিছুমান ফুলৰ সমাহাৰ।চাই চাই বিভোৰ হলো।ফলমুলেৰে জাতিস্কাৰ হৈ আছে গছ বোৰ।অনুভৱ কৰিবলৈ যত্ন কৰিলো।মোৰ বাৰু ভোক লাগিছে নেকি?নাই খোৱাৰ কথাই ভাবিবলৈ মন নগল।গছবোৰত নাম নজনা অসংখ্য ৰঙ-বিৰঙৰ চৰাই।মোক দেখিও অকনো ভয় কৰা নাই মোৰ কাষে কাষে ঘুৰি ফুৰিছে।গছত লাগি থকা ফল-মুলবোৰ তাহাঁতকো খোৱা নেদেখি আচৰিত পালো।মানে তাহাঁতৰো ভোক নালাগে চাগেবাণ্দৰ-ভালুক-হাতী-হৰিনবোৰ ইফালে সিফালে ঘুৰি ফুৰা দেখিলো।মোলৈ তাহাঁতৰ ভ্ৰুক্ষেপেই নাই।মোৰ সন্মুখেত চৰাইবোৰে কিচিৰ-মিচিৰ কৰি যেন কিবা এটা কব বিচাৰিছে।ভালদৰে মন কৰিলত মই বুজি পালো।তাহাঁতে যেন মোক কৰবালৈ আগবঢ়াই নিব বিচাৰিছে।তাহাঁতৰ পিচে পিচে বাট বুলিলো।গৈ গৈ দুৰৈত এজন মানুহক পিচফালৰ পৰা শিল এচটাত বহি থকা দেখা পালো।অহাৰ পৰা সেয়া মই প্ৰথম মানুহ দেখা পালো।আনন্দত অধিৰ হৈ চিঞৰি উঠিলো।
-শুনকচোন মহাশয়?
মানুহজনে মোলৈ ঘুৰি চোৱাৰ লগে লগে মোৰ মুৰটো আচণ্দাই কৰা যেন লাগিল।মুখেৰে আপোনাআপুনি ওলাই আহিল
-ভিকি তুমি?ইয়াত?
-তুমি আহিবা বুলি গম পাই বাট চাই আছো।তুমি যাক মনে প্ৰাণে বিচাৰি আছা তেখেতেই পঠিয়াইছে তোমাক নিবলৈ।বলা দেউতাৰা বাট চাই আছে।
দেউতাৰ নাম শুনিয়ে সকলো পাহৰি তাৰ হাতঁত থাপ মাৰি ধৰি কলো।
-বলা তেনে দেউতাৰ ওচৰলৈ।
-যোৱাবাৰ তুমি মোক একো নজনুৱাকৈ এৰি গুচি গলা ।এইবাৰ কিন্তু যাব নোৱাৰা।এইবুলি জোৰত হাতখন খামুচি ধৰিলো।
-কিন্তু তোমাৰ স্বামী?যাৰ কথা ভাবিয়ে তুমি অত দুৰ পালাহি।তোমাক নিবলৈ নাহিল কিয় জানানে?
-তেওঁ মোৰ স্বামী।তেওঁ আৰু মোৰ ভালপোৱা এটা সমন্ধৰ চোলা আছিল।দুয়ো একেটা ভালপোৱাৰ চোলাৰে নিজকে আবৃত্ত কৰি ৰাখিছিলো।সেই ভালপোৱাত অলপ কিছু পৰিমানে হলেওঁ স্বাৰ্থ জড়িত হৈ আছিল।সেইবাবে চাগে বুলি মই ভিকিৰ মুখলৈ চালো।পিচত লগ কৰোৱাবা নহয়?
-নহয়।তেওঁৰ মোহ তাতে থৈ আহিছিল।তেওঁৰ প্ৰকৃত ভালপোৱা থৈ আধাতে গুচি আহিব লগা হৈছিল।তেওঁৰ কৰ্তব্য আধৰুৱা কৰি এৰি আহিছিলগতিকে তেওঁক কেতিয়াবাই পুনৰ জনম বলৈ পঠিয়াই দিয়া হৈছে।তুমি তেওঁক লগ নোপোৱা ।
সেইষাৰ কোৱাৰ লগে লগে ভিকিৰ হাত এৰি চিঞৰি কান্দি মই মূৰ্চ্ছা যোৱা যেন হলো।ভিকিয়ে মোলৈ চাই হাঁহি ৰৈ থাকি কলে।
-মোক এৰি নাযাবা বুলি কৈ তুমিয়ে দেখোন মোৰ হাত এৰি দিলা।এতিয়া বুজিলা মানুহবোৰ কেনেকুৱা,ওচৰত থকাটো বা পোৱাটোলৈ হেপাহ নাই কিন্তু যাক দেখা নাই তালৈ হেপাহ প্ৰচণ্ড।যেনেকৈ মানুহে আজিৰ দিনটোত জীয়াই থাকিব নাজানে কাৰন ভৱিষ্যতটোলৈ হেপাহ বেচি।সেইকাৰনে মানুহৰ মুক্তি নাই।এইবুলি ভিকিয়ে অট্টাহাস্য কৰি উঠিল।আৰু হঠাত মোক তাতে এৰি নাইকিয়া হল।বুজি পালো দেউতাকো দেখাৰ সৌভাগ্য নহব আৰু কেতিয়াও।মোৰ বুজিবলৈ বাকী নাথাকিল মৃত্যুৰ পিচতো মুক্তি নাই।মই আকৌ সেইখন পৃথিৱীলৈকে বাকী থকা দুখ-যাতনা বোৰ কঢ়িয়াবলৈ ঘুৰি যাম নতুন এটি জীৱনলৈ।মৃত্যুৰ পিচৰ পৃথিৱী তাৰমানে সেইখনে।
 
 
 
 
 
 

সংঘাত জীৱনৰ

সংঘাত জীৱনৰ আঁচ কেইডালত নপৰাকৈ মই লাহেকৈ হাতৰ চেপেটা শিলগুটিটো ঘৰটোৰ ভিতৰত পেলালোঁ৷কাষত ভাইটিৰ চিঞৰ -চুকাপা মাৰা যা! তাৰ চিঞৰ আওকাণ কৰি...